Class 9 Social Science Geography Chapter 2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
ADDITIONAL QUESTIONS ANSWERS
অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ
১। বায়ুমণ্ডলনো কি ?
উত্তৰঃ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমুদ্ৰই হ’ল বায়ুমণ্ডল।
২। কিহৰ বাবে বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে ?
উত্তৰঃ পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ বাবেই বায়ুমণ্ডল পৃথিৱীৰ গাতে লাগি আছে।
৩। পৃথিবীপৃষ্ঠৰ পৰা কিমান কি.মি. উচ্চতালৈ বায়ুমণ্ডলৰ গেছীয় গঠন আৰু ৰাসায়নিক ক্রিয়াকার্য আদি উচ্চতা বৃদ্ধিৰ লগে লগে পৰিবৰ্তন হয় ?
উত্তৰঃ ১০,০০০ কি.মি.।
৪। উপস্ফিয়েৰৰ স্তৰটোৰ ঊৰ্ধ্বসীমাটোৰ নাম কি ?
উত্তৰঃ ট্ৰপ’পজ।
৫। ট্রিপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰৰ মাজৰ সীমাটোক কি বোলে ?
উত্তৰঃ ট্রপ’পজ।
৬। স্ট্রেট স্ফিয়েৰ উৰ্ধ্বসীমাটোৰ নাম কি ?
উত্তৰঃ ষ্ট্ৰেট’ পজ।
৭। স্ট্রেট স্ফিয়েৰ আৰু মেছ স্ফিয়েৰৰ মধ্যসীমাটোৰ নাম কি ?
উত্তৰঃ ষ্ট্ৰেট’ পজ।
৮। মেছ’স্ফিয়েৰৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য লিখা ?
উত্তৰঃ মেছ”স্ফিয়েৰৰ প্ৰধান বৈশিষ্ট্য হৈছে– ইয়াৰ উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্রাস পায়।
৯। মেছ স্ফিয়েৰৰ নিম্নসীমাৰ নাম কি ?
উত্তৰঃ মেছ’পজ।
১০। মেছ স্ফিয়েৰৰ নিম্নসীমাত বায়ুমণ্ডলৰ উত্তাপ কিমান ?
উত্তৰঃ ১০০ চেণ্টিগ্রেড।
প্ৰশ্ন:-(১) বায়ুমণ্ডল কাক বোলে ? তথ্যসহ ইয়াৰ গঠন সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ- পৃথিৱীৰ পৃষ্ঠৰ পৰা ওপৰলৈ প্ৰচাৰিত হৈ পৃথিৱীৰ চাৰিওফালে বায়ুৰ যি গেছীয় আৱৰণ আছে তাকে বায়ুমণ্ডল বোলে । অৰ্থাৎ পৃথিৱীৰ চাৰিওফালে থকা বায়ুৰ সমূদ্ৰই হ’ল বায়ুমণ্ডল ।বায়ুমণ্ডলৰ গঠন : বায়ুমণ্ডলত থকা বিভিন্ন গেছৰ ভিতৰত নাইট্ৰ’জেন আৰু অক্সিজেনৰ প্ৰাধান্য আটাইতকৈ বেছি। বায়ুমণ্ডলত থকা গেছৰ মুঠ আয়তনৰ ৭৮.০৮ শতাংশ নাইট্ৰ’জেন আৰু ২০.৯৪ শতাংশ অক্সিজেন অন্যান্য গেছবোৰৰ ভিতৰত আৰ্গন ( ০.৯৩) শতাংশ কাৰ্বন – ডাই – অক্সাইড ( ০.০৩৬ ) শতাংশ আৰু নিয়ন, হিলিয়াম, মিঠেন, ক্ৰিপ্টণ, হাইড্ৰ’জেন, অ’জন, জেনন ইত্যাদি উল্লেখযোগ্য (০.০১৪) শতাংশ ।
বায়ুমণ্ডলৰ গেছৰ মিশ্ৰণ আৰু পৰিমাণ –
diagram
প্ৰশ্ন🙁২) গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধানকৈ কি কি স্তৰত বিভক্ত কৰিব পাৰি ? লগতে এই স্তৰকেইটাৰ বৈশিষ্ট্য চমুকৈ লিখা ।
উত্তৰঃ- বায়ুমণ্ডলীয় গেছৰ ৰাসায়নিক গঠন অনুসৰি বায়ুমণ্ডলক প্ৰধান কৈ দুটা ভাগত ভগোৱা হৈছে । এটা হ’ল হম’স্ফিয়েৰ আৰু আনটো হ’লহেটৰ’স্ফিয়েৰ । হম’স্ফিয়েৰ :- ভূ – পৃষ্ঠৰ পৰা ৮.০ কি.মি. উচ্চতা পৰ্যন্ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন প্ৰায় একে বাবে এই স্তৰটোক হম’স্ফিয়েৰ বোলে ।
এই ষ্টাৰটোক উত্তাপ ভিত্তিত তিনিটা ভাগত ভগোৱা হৈছে । সেই ভাগ কেইটা হ’ল – ট্রপ’স্ফিয়েৰ, ষ্ট্ৰেট’স্ফিয়েৰ, মেছ’স্ফিয়েৰ, হম’স্ফিয়েৰ আৰু হেটৰ’স্ফিয়েৰৰ মাজৰ শিমটোক মেছ’পজ বোলে । হেটৰ’স্ফিয়েৰ :- মেছ’পজ হ’ল হেটৰ’স্ফিয়েৰৰ তলৰ সীমা । ইয়াৰ পৰা যিমানেই ওপৰলৈ যোৱা হয় উত্তাপৰ মাত্ৰা দ্ৰুত হাৰত বাঢ়িবলৈ ধৰে ।
ইয়াৰ ফলতে গেছৰ ৰাসায়নিক গঠন সলনি হয় । এই স্তৰত গেছবোৰে সিহঁতৰ আণৱিক ভৰ অনুসৰি অৱস্থান গ্ৰহণ কৰি কিছুমান তৰপৰ সৃষ্টি কৰে । এই তৰপবোৰ হ’ল – নাইট্ৰ’জেন তৰপ, অক্সিজেন তৰপ, হিলিয়ামৰ তৰপ আৰু হাইড্ৰ’জেনৰ তৰপ ।
নাইট্ৰেজেনৰ তৰপটো ৮০ কি. মি. পৰা ২০০ কি. মি. উচ্চতালৈ আছে , অক্সিজেনৰ তাৰপটো ১১২৫ কি. মি. আৰু হিলিয়ামৰ তৰপ ৩৫৪০ কি. মি. উচ্চতালৈ কে আছে । হাইড্ৰ’জেনৰ তাৰপটো প্রায় ১০০০০ কি. মি. পৰ্য্ন্ত বিয়পি আছে ।
প্ৰশ্ন🙁৩) উচ্চতা আৰু উত্তাপৰ হ্ৰাস– বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক কেইটা আৰু কি কি স্তৰত বিভক্ত কৰিব পাৰি চিত্রসহ লিখা আৰু প্ৰতিটো স্তৰৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা ।উত্তৰঃ- উচ্চতা আৰু উত্তাপৰ হ্ৰাস – বৃদ্ধিৰ ভিত্তিত বায়ুমণ্ডলক ৫ টা স্তৰত বিভক্ত কৰা হৈছে । এই স্তৰ কেইটা হৈছে-
(১) ট্রপ’স্ফিয়েৰ (২) ষ্ট্ৰেট’স্ফিয়েৰ (৩) মেছ’স্ফিয়েৰ (৪) থাৰ্ম’স্ফিয়েৰ আৰু (৫) এক্স’স্ফিয়েৰ ।(১)ট্রপ’স্ফিয়েৰ:
ভূ – পৃষ্ঠত লাগি থকা বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰটোৱেই হ’ল ষ্ট্ৰেট’স্ফিয়েৰ বা ট্রপ’মণ্ডল ।
এই স্তৰটোৰ গড় উচ্চতা প্ৰায় ১২ কি. মি. । অৱশ্যে অক্ষঅংশ অনুসৰি এই স্তৰটোৰ উচ্চতা বেলেগ বেলেগ হয় । বিষ্ণুবীয় অঞ্চলত ইয়াৰ সৰ্বোচ্চ উচ্চতা ১৬ কি. মি. আৰু মেৰু অঞ্চলত ৮ কি. মি. হয় । বায়ুমণ্ডলৰ মুঠ গেছৰ প্ৰায় তিনি চতুৰ্থাংশ আৰু প্রায় সম্পূৰ্ণ জলীয় বাষ্প আৰু ধূলিকনা কেৱল এই ট্ৰপ’স্ফিয়েৰ স্তৰতে আছে ।
বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া- কাৰ্য ( যেনে- মেঘ, বৰষুণ, ঘূৰ্ণিবতাহ, ধুমুহা, বৃষ্টি, আদি) এই স্তৰতে সংঘটিত হয় । এই স্তৰটোৰ ঊধৰ্বসীমাটোক ট্ৰপ’পজ বোলা হয় । ই প্ৰায় ১.৫ কি. মি. ডাঠ ।
(২) ষ্ট্ৰেট’স্ফিয়েৰ:
ট্রপ’স্ফিয়েৰৰ ঠিক ওপৰৰ স্তৰটোৱেই হ’ল ষ্ট্ৰেট’স্ফিয়েৰ বা স্তৰমণ্ডল । ট্রপ’স্ফিয়েৰ আৰু ষ্ট্ৰেট’স্ফিয়েৰ স্তৰ দুটাৰ মাজৰ সীমাটোক ট্রপ’পজ বুলি কোৱা হয় । বায়ুমণ্ডলৰ এই স্তৰটোতে অ”জন গেছৰ এটা স্তৰ আছে ।
অ’জন গেছৰ অণুবোৰে সুৰ্যৰ পৰা অহা জীৱৰ বাবে ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে আৰু ইয়াৰ ফলত ষ্ট্ৰেট’স্ফিয়েৰত বায়ুৰ উষ্ণতা বৃদ্ধি পায় । ট্রপ’পজৰ পৰা ষ্ট্ৰেট’স্ফিয়েৰ স্তৰটো প্ৰায়৪০ কি. মি. ওপৰলৈ বিস্তৃত । ষ্ট্ৰেট’স্ফিয়েৰৰ ঊধৰ্বসীমাটোক ষ্ট্ৰেট’পজ বোলা হয় ।
(৩) মেছ’স্ফিয়েৰ:
ষ্ট্ৰেট’স্ফিয়েৰ বা ষ্ট্ৰেট’পজৰ ঠিক ওপৰৰ স্তৰটোকে মেছ’স্ফিয়েৰ বোলা হয় । এই স্তৰটো ষ্ট্ৰেট’পজৰ পৰা প্ৰায় ৩০ কি. মি. উচ্চতালৈ বিস্তৃত হৈ আছে । এই স্তৰটো প্ৰধান বৈশিষ্ট্য হৈছে উচ্চতা বৃদ্ধিৰ লগে লগে বায়ুৰ উষ্ণতা হ্ৰাস পায় । এইদৰে ওপৰলৈ ক্ৰমে উত্তাপ কমি গৈ যি সীমাত নিন্মতম হয় তাকে মেজ’পজ বোলা হয় ।
(৪) থাৰ্ম’স্ফিয়েৰ:
মেছ’স্ফিয়েৰ বা মেজ’পজৰ ঠিক ওপৰৰ স্তৰটোকে থাৰ্ম’স্ফিয়েৰ বা তাপমণ্ডল বোলে । বায়ুমণ্ডলৰ এই স্তৰটো প্ৰায় ৮০ কি. মি. উচ্চতাত থকা মেজ’পজৰ পৰা প্ৰায় ৪০০ কি. মি. উচ্চতালৈ বিস্তৃত। এই স্তৰত উত্তাপ প্রায় ১৬৫০° ছেন্টিগ্ৰেট পৰ্যন্ত বৃদ্ধি হয় আৰু ইয়াৰ বায়ুৰ ঘনত্ব নিচেই নগণ্য । এই স্তৰতে বৈদ্যুতিক আধাৰ সম্পন্ন আয়ন কণা আছে । সেয়েহে এই স্তৰটোক আয়ন’স্ফিয়েৰ বুলিও কোৱা হয় ।
পৃথিৱীৰ পৃষ্ঠৰ পৰা পঠোৱা ৰেডি’অ’ তৰংগও এই স্তৰৰ পৰা প্ৰতিফলিত হয় ।এই স্তৰত বায়ুৰ উষ্ণতা পুনৰ উচ্চতা বৃদ্ধিৰ লগে লগে ক্ৰমান্বয়ে বৃদ্ধি পায় । সেয়েহে এই স্তৰটোৰ নাম থাৰ্ম’স্ফিয়েৰ স্তৰ। থাৰ্ম’স্ফিয়েৰ হেটৰ’স্ফিয়েৰ স্তৰৰ অন্তৰ্গত । যিহেতু থাৰ্ম’স্ফিয়েৰৰ নিন্ম সীমা হৈছে মেছ’পজ, গতিকে এই মেছ’পজকে হেটৰ’স্ফিয়েৰৰো নিন্ম সীমা বুলি কোৱা হয় । সেয়েহে হম’স্ফিয়েৰ আৰু হেটৰ’স্ফিয়েৰৰ মাজৰ সীমাটোক মেছ’পজ বুলি কোৱা হয় ।
(৫) এক্স’স্ফিয়েৰ:
থাৰ্ম’স্ফিয়েৰৰ ওপৰত থকা বায়ুমণ্ডলৰ শীৰ্ষতম তৰপটোক এক্স’স্ফিয়েৰ বোলা হয় । এই তাৰপটো বায়ুমণ্ডলৰ ৪০০ কি.মি. উচ্চতৰ পৰা প্ৰায় ১০০০ কি.মি. উচ্চতালৈ বিস্তৃত । এনে উচ্চতাত বায়ুৰ অণু-পৰমাণুৰ ঘনত্ব অতি নিম্ন হয় । কেৱল হাইড্ৰজেন আৰু হিলিয়াম গেছৰ প্ৰাধান্যৰ বাবে এই স্তৰত বায়ু অতি পাতল হয় ।বায়ুমণ্ডলৰ এই পৰ্যায়ত বায়ুৰ উষ্ণতা প্ৰায় ৫৫৫০° চেন্টিগ্ৰডলৈ বৃদ্ধি পায় ।
diagram
প্ৰশ্ন:- (৪) বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কৰণবোৰ উদাহৰণসহ আলোচনা কৰা ।
উত্তৰঃ- বায়ুমণ্ডলৰ চাপ স্থানভেদে আৰু ঋতুভেদে ভিন্ ভিন্ হোৱা দেখা যায়। বিশেষকৈ বায়ুমণ্ডলৰ উত্তাপ আৰু ভূ-পৃষ্ঠৰ উচ্চতাৰ বাবে বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটে । বায়ুমণ্ডলৰ চাপৰ তাৰতম্য ঘটোৱা কাৰকবোৰৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হৈছে-
বায়ুৰ উষ্ণতা:- বায়ুমণ্ডলৰ চাপ উষ্ণতাৰ ওতঃপ্ৰোত সম্পৰ্ক আছে । পৃথিৱীপৃষ্ঠৰ তাপৰ বিতৰণ সকলো ঠাইতে সমান নহয় । এইটো প্ৰধানকৈ নিৰ্ভৰ কৰে সূৰ্যৰ ৰশ্মিৰ ওপৰত । আঞ্চলভেদে সূৰ্যৰ তাপৰ পৰিমাণ বেলেগ বেলেগ হয় । তাপ পালে বায়ু প্ৰসাৰিত হয়, আৰু বায়ু প্ৰসাৰিত হ’লে ইয়াৰ ঘনত্ব কমি হয় ।
ঘনত্ব কমি গলে বায়ু পাতল হৈ পৰে । গতিকে পাতল বায়ুৰ চাপো কম হয় । তাপৰ তাৰতম্যৰ বাবে বায়ুমণ্ডলৰ চাপৰো তাৰতম্য ঘটে বায়ুত জলীয় বাষ্প বৃদ্ধি হ’ল বায়ুৰ চাপ কমে । কাৰণ য’ত উত্তাপ বেছি হয় তাতে বায়ুৰ চাপ কম হয় ।
পৃথিৱীপৃষ্ঠৰ ডচ্চতা:- সমুদ্ৰপৃষ্ঠাৰ পৰা যিমান ওপৰলৈ উঠা যায় সিমানেই বায়ু মণ্ডলৰ গভীৰতা কমি যায় । বায়ুমণ্ডলৰ গভীৰতা কমি গ’লে ইয়াৰ ভৰ কম হয় আৰু ফলত চাপো কম হয়।
সেয়েহে উচ্চতা বাঢ়িলে বায়ুমণ্ডলৰ চাপ হ্ৰাস হয় আৰু যি ঠাইৰ উচ্চতা বেছি হয় , সেই ঠাইত বায়ুৰ চাপ কম হয় আৰু যি ঠাইৰ উচ্চতা তুলনামূলকভাৱে কম তাত বায়ুমণ্ডলৰ চাপ বেছি হয় । ঠাইৰ উচ্চতা ভেদে উত্তাপৰ তাৰতম্য ঘটে । উত্তাপৰ তাৰতম্য বাবে বায়ুমণ্ডলৰ চাপৰো হ্রাস বৃদ্ধি হয় ।
প্ৰশ্ন🙁৫) চিত্ৰৰ সহায়ত পৃথিৱীৰ প্ৰধান চাপবলয় কেইটাৰ বৈশিষ্ট্য আলোচনা কৰা ।
উত্তৰঃ- পৃথিৱীৰ বিভিন্ন অঞ্চলত বা ঠাইত সাধাৰণতে দুই প্ৰকাৰৰ বায়ুৰ চাপ পোৱা যায় – (১) উচ্চচাপ আৰু (২) নিম্নচাপ ।
মুলত: ঠাইৰ উচ্চতা আৰু উষ্ণতাৰ পাৰ্থক্যৰ বাবে বায়ুৰ চাপ তাৰতম্য ঘটি বায়ুমণ্ডলত উচ্চচাপ আৰু নিম্নচাপৰ সৃষ্টি হয় । বায়ুমণ্ডলত চাপৰ তুলনামূলক তাৰতম্য অনুসৰি পৃথিৱী পৃষ্ঠতপ্ৰধানকৈ চাৰিটা চাপবলয় চিনাক্ত কৰা হৈছে ।
(ক) নিৰক্ষীয় নিম্নচাপ বলয় ।
(খ) উপ-ক্ৰান্তীয় ডচ্চ চাপ বলয় ।
(গ) উপমেৰুদেশীয় নিম্নচাপ বলয় আৰু
(ঘ ) মেৰুদেশীয় উচ্চচাপ বলয় ।
diagram
(ক) নিৰক্ষীয় নিন্মচাপ বলয়: এই বলয়টো নিৰক্ষৰেখাৰ পৰা ১০° উত্তৰ আৰু ১০° দক্ষিণ অক্ষৰেখাৰ মাজত অৱস্থিত । এই অঞ্চলত সূৰ্যৰ ৰশ্মি সদায় লম্বভাৱে পৰে কাৰণে উত্তাপ বেছি । গতিকে এই অঞ্চলৰ বায়ু পাতল হয় আৰু ঘনত্ব হ্রাস হৈ নিন্ম চাপৰ সৃষ্টি কৰে। এই অঞ্চলৰ বায়ুত অধিক জলীয় বাষ্প থাকে আৰু সেয়েহে বায়ুৰ চাপ হ্ৰাস পায় ।
এই অঞ্চলৰ বায়ু গৰম হৈ উৰ্ধগামী হয় । ইয়াত বতাহ ভূ- পৃষ্ঠৰ সমান্তৰাল ভাৱে নবলে । ইয়াত বতাহ সদায় শান্ত অৱস্থাত থাকে বাবে ইয়াক নিৰক্ষীয় শান্ত বলয়ো বোলে ।
(খ) উপ–ক্ৰান্তীয় উচ্চচাপ বলয় : এই বলয়টো দুটা ভাগত বিভক্ত । ইয়াৰে এটা উত্তৰ গোলাৰ্ধত ২৫°-৩৫° উত্তৰ অক্ষৰেখাৰ মাজত আৰু আনটো দক্ষিণ গোলাৰ্ধত ২৫°-৩৫° দক্ষিণ অক্ষৰেখাৰ মাজত আছে । এই দুই উপক্ৰান্তীয় অঞ্চলত ঠাণ্ডা আৰু গধুৰ বায়ু তললৈ নামি আহি অৱস্থান কৰে । অঞ্চলত বতাহৰ গতি নথকাৰ ফলত মধ্যযুগত ইউৰোপীয় নাবিকসকলে
জাহাজৰ ওজন কমাবলৈ জাহাজত অনা ঘোঁৰাবিলাককে সাগৰত পেলাই দিব লগা হৈছিল । সেই কাৰণে এই উচ্চচাপ বলয়টোক অশ্ব অক্ষাঙশও বোলে । এই উপক্ৰান্তীয় উচ্চচাপ বলয়টো ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু কেতিয়াবা কিছু দক্ষিণ লৈ প্ৰসাৰিত হয় ।
(গ) উপমেৰুদেশীয় নিন্মচাপ মণ্ডল : এই বলয়টো উত্তৰ গোলাৰ্ধৰ ৬০° – ৭০° উত্তৰ অক্ষাঙশ আৰু দক্ষিণ গোলাৰ্ধত ৬০° – ৭০° দক্ষিণ অক্ষাঙশত অৱস্থিত । দুই উপমেৰু অঞ্চলত পৃথিৱীৰ আৱৰ্তনিক গতিৰ কাৰণে বায়ু উপ-ক্ৰান্তীয় অঞ্চলৰ দিশে বিক্ষিপ্ত হয় । ফলত দুই উপমেৰু অঞ্চলত বায়ুৰ পৰিমাণ কমি নিম্ন চাপৰ সৃষ্টি হয় । এই চাপ মণ্ডলটো অৱশ্যে ঋতুভেদে কেতিয়াবা কিছু উত্তৰলৈ আৰু দক্ষিণলৈ গতি কৰে ।
(ঘ) মেৰু দেশীয় উচ্চচাপ মণ্ডল : মেৰু অঞ্চল বৰফেৰে আবৃত আৰু অতিপাত ঠাণ্ডা । ইয়াৰ বায়ু অতিশয় শীতল । অতিপাত ঠাণ্ডাৰ বাবে এই অঞ্চলত পানী বৰফৰ ৰূপত জমা হৈ থাকে । সেয়েহে এই অঞ্চলৰ বায়ুত জলীয় বাষ্প প্রায় নাথাকেই । ফলত মেৰু অঞ্চল দুটাত স্থায়ীভাৱে বায়ুৰ উচ্চচাপ থাকে । সেয়েহে এই অঞ্চলত মেৰুদেশীয় উচ্চচাপ বলয় বা মণ্ডল বোলা হয় ।
প্ৰশ্ন🙁৬) পৃথিৱীৰ অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ু মণ্ডলৰ গুৰুত্ব সম্পৰ্কে লিখা ।
উত্তৰঃ- পৃথিৱীত অনুকূল প্ৰাকৃতিক পৰিৱেশ সৃষ্টিত বায়ুমণ্ডলৰ যথেষ্ট গুৰুত্ব আছে । কাৰণ – বায়ুমণ্ডল পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান । মাটি আৰু পানী বা অশ্মমণ্ডল আৰু জলমণ্ডলৰ লগতে বায়ুমণ্ডলে পৃথিৱীত জীৱৰ সৃষ্টি, বিকাশ আৰু বসবাসৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে । ইয়াক জীৱজগত বা জীৱমণ্ডল বোলা হয় ।
জীৱজগতত থকা মানুহ আৰু উদ্ভিদ প্ৰাণীৰ বাবে প্ৰয়োজনীয় গেছসমূহ যোগান ধৰাৰ উপৰি বায়ুমণ্ডলে পৃথিৱীৰ উপৰিভাগত তাপ আৰু জলীয় বাষ্পৰ বিতৰণ আৰু সঞ্চালনত সহায় কৰে । পৃথিৱীৰ বায়ুমণ্ডলত থকা গেছ সমুহ এক সঠিক অনুপাতত আছে বাবেই ভূ-পৃষ্ঠত মানুহ আৰু অন্যান্য জীৱৰ অনুকূল এক পৰিৱেশ বিৰাজ কৰে ।
বায়ু গতিশীল হোৱা বাবে বহু ঠাই অতিপাত ঠাণ্ডা আৰু গৰমৰ প্ৰকোপৰ পৰা কিছু হ’লেও ৰক্ষা পায় ।
বায়ুমণ্ডলে জীৱৰ বাবে অতি মাৰাত্মক সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীৰ লৈ অহাৰ বাধা প্ৰদান কৰে । বতৰ আৰু জলবায়ুৰ সৃষ্টি আৰু পৰিৱৰ্তন বায়ুমণ্ডলৰ ভিতৰতে সংঘটিত হয় । বায়ুমণ্ডলৰ বাবেই পৃথিৱীত বৰষুণ হয় আৰু উদ্ভিদ – প্ৰাণী আদি জীয়াই থাকে ।মুঠতে বায়ুমণ্ডল অবিহনে পৃথিৱীত অস্তিত্বৰ কথা ভাবিবই নোৱাৰি ।