Class 10 Elective Geography Chapter 1 ভূ – আকৃতিক প্রক্রিয়া, Elective Geography Class 10 SEBA Question Answer in Assamese. The answer to each chapter is provided in the list so that students can easily browse throughout different chapters. Assam Board SEBA Class 10 Geography Elective Chapter 1 ভূ – আকৃতিক প্রক্রিয়া

ভূ – আকৃতিক প্রক্রিয়া
পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ
প্রশ্ন ১। স্থলাকৃতি বুলিলে কি বুজা ?
উত্তৰ ১: পৃথিৱী পৃষ্ঠৰ ওপৰত থকা নানান ধৰণৰ ভূ–অৱয়ব যেনে পাহাৰ, পৰ্বত, মালভূমি, সমভূমি, নদী–উপত্যকাৰ লগতে সাগৰ-মহাসাগৰত তলত থকা ভিন্নাকৃতিৰ উমভূমি, নিম্নভূমি আদিক একেলগে স্থলাকৃতি (Landform) বুলি জনা যায়। অৰ্থাৎ স্থলাকৃতি হৈছে ভূ–পৃষ্ঠত থকা ভিন্ন প্ৰকাৰৰ ভূ–অৱয়বসমূহ।
প্রশ্ন ২। ভূ – আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া ।
উত্তৰ ২: ভূগোলৰ যিটো শাখাই ভূ–পৃষ্ঠৰ ভিন্ন অৱয়ব বা স্থলাকৃতিবোৰৰ উৎপত্তি, বিকাশ, আকাৰ–আকৃতি আৰু বিতৰণ সম্বন্ধে অধ্যয়ন কৰে, সেই শাখাটোক ভূ-আকৃতিক বিজ্ঞান (Geomorphology) বুলি কোৱা হয়।
প্রশ্ন ৩। ভূ – আকৃতিক প্রক্রিয়াৰ অৰ্থ লিখা ।
উত্তৰ ৩: ভূ–আকৃতিক প্রক্রিয়া হৈছে স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ সৈতে জড়িত প্রক্রিয়া। ভূপৃষ্ঠত থকা স্থলাকৃতিবোৰৰ সৃষ্টি বাহ্যিক আৰু আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ সৈতে জড়িত। এই প্ৰক্ৰিয়াবোৰ অহৰহ কাৰ্য কৰি ভূ–পৃষ্ঠৰ আকৃতি সলনি কৰে।
প্রশ্ন ৪। বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা ।
উত্তৰ ৪: বাহ্যিক প্ৰক্ৰিয়া বা কাৰকৰ ভিতৰত—বতাহ, বৰষুণ, নদ–নদী, সাগৰৰ ঢৌ, হিমবাহ আদি অন্তৰ্ভুক্ত।
প্রশ্ন ৫৷ অৱনমন বুলিলে কি বুজা ?
উত্তৰ ৫: বতাহে যি প্ৰক্ৰিয়াৰ জৰিয়তে ভূ–পৃষ্ঠৰ অংশৰ পৰা ধূলি–বালি উৰুৱাই লৈ সেই অংশ আপেক্ষিকভাৱে নিচু কৰি তোলে, সেই প্ৰক্ৰিয়াক অৱনমন (Deflation) বুলি কোৱা হয়। ফলত সেই স্থান ওখোৰা–মোখোৰা শিলাময় ঠাইলৈ পৰিণত হয়।
প্রশ্ন ৬। ইনছেলবার্গ কি ? ছবি আঁকি দেখুওৱা ।
উত্তৰ ৬: ইনছেলবার্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ। বতাহৰ অপঘর্ষণ প্ৰক্ৰিয়াৰ ফলত এই ধৰণৰ বিশেষ আকৃতিযুক্ত ভূ–অৱয়ব সৃষ্টি হয়।
প্রশ্ন ৭। মৰুদ্যান কাক বােলে ? ইয়াৰ তাৎপর্য কি ?
উত্তৰ ৭: অৱনমন প্ৰক্ৰিয়াৰ ফলত মৰুভূমিৰ কিছুমান অংশ নিচু হৈ ভূগর্ভস্থ জলপৃষ্ঠৰ ওচৰ পালেহে সেই অংশটো মৰুদ্যান (Oasis) ৰূপে পৰিগণিত হয়। মৰুদ্যানত কিছু গছ–গছনি থাকে আৰু খেতি–পাতি সম্ভৱ হয়।
প্রশ্ন ৮। বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেদৰে হয় লিখা ।
উত্তৰ ৮:
বতাহে উৰুৱাই নিয়া ধূলি–বালিবোৰ এক ঠাইত জমা হৈ পাহাৰ সদৃশ ৰূপ লয় আৰু এনেদৰে সৃষ্টি হোৱা বালিৰ পাহাৰক বালিয়াৰি বুলি কোৱা হয়। ই এক প্ৰকাৰ বতাহ-সৃষ্ট ভূ-অৱয়ব।
প্রশ্ন ৯। অপঘর্ষণ কি ? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয় ?
উত্তৰ ৯: অপঘর্ষণ হৈছে বতাহে সংঘটিত কৰা এক ক্ষয় কাৰ্য, য’ত বতাহে কঢ়িয়াই অনা ধূলি–বালিয়ে ভূ–পৃষ্ঠৰ ওপৰত ঘর্ষণ কৰি ক্ষয় সাধন কৰে। ইয়াৰ ফলত ইনছেলবার্গ, ইয়াৰদাং আদি সৃষ্টি হয়।
প্রশ্ন ১০। সংনিঘৰ্ষণৰ অৰ্থ লিখা
উত্তৰ ১০: সংনিঘর্ষণ হৈছে বতাহৰ দ্বাৰা পৰিবাহিত শিল–বালিৰ মাজত সংঘটিত ঘর্ষণ, য’ত শিলবোৰ টুকুৰা–টুকুৰ হৈ সৰু টুকুৰাত পৰিণত হয়।
প্রশ্ন ১১। হিমবাহ কাক বােলে ? ইয়াৰ গতি অতি ধীৰ হােৱাৰ কাৰণ কি ?
উত্তৰ ১১: হিমবাহ হৈছে অতি ধীৰ গতিত সৰকী অহা বৰফৰ স্থূপ। ইয়াৰ গতি ধীৰ হোৱাৰ কাৰণ হৈছে—হিমবাহৰ হেঁচা আৰু মধ্যাকর্ষণ শক্তিৰ প্ৰভাৱ।
প্রশ্ন ১২। হিমবাহ কেই প্ৰকাৰৰ ? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা ।
উত্তৰ ১২: হিমবাহ তিনি প্ৰকাৰৰ—
(i) মহাদেশীয় হিমবাহ: মেৰু অঞ্চলত বিস্তৃত।
(ii) পার্বত্য/উপত্যকা হিমবাহ: পাহাৰৰ মাজেৰে প্রবাহিত।
(iii) গিৰিপদ হিমবাহ: পৰ্বতৰ পাদদেশত সিঁচৰি পৰে।
প্রশ্ন ১৩। হিমবাহ উপত্যকাৰ আকৃতি ছবি আঁকি দেখুওৱা ।
উত্তৰ ১৩: হিমবাহ উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা U-আকৃতিৰ ক্ষয়জনিত উপত্যকা।
প্রশ্ন ১৪। ওলােমা উপত্যকা কি লিখা ।
উত্তৰ ১৪: ওলমা উপত্যকা হৈছে উপহিমবাহৰ সৃষ্টি কৰা উপত্যকা, যি মূল হিমবাহ উপত্যকাৰ সৈতে ওলমি থকা যেন দেখা যায়।
প্রশ্ন ১৫। গ্ৰাৱ কি ? ই কেই প্রকাৰৰ ? চিত্র আঁকি গ্ৰাৱৰ অৱস্থান দেখুওৱা ।
উত্তৰ ১৫: গ্ৰাৱ হৈছে হিমবাহে কঢ়িয়াই অনা পদাৰ্থ। ই চাৰি প্ৰকাৰৰ:
(i) পাৰ্শ্ব গ্ৰাৱ: উপত্যকাৰ দাঁতিতে।
(ii) ভূমি গ্ৰাৱ: উপত্যকাৰ তলত।
(iii) মধ্য গ্ৰাৱ: হিমবাহৰ মাজত।
(iv) প্ৰান্ত গ্ৰাৱ: হিমবাহৰ শেষত।
প্রশ্ন ১৬। গােলকীয় উত্তাপ বৃদ্ধিয়ে হিমবাহৰ ওপৰত কি ধৰণৰ প্রভাৱ পেলায় সাধাৰণ জ্ঞানৰ ভিত্তিত তাৰ এটি আভাস দিয়া ।
উত্তৰ ১৬: গ্লোবেল তাপবৃদ্ধিৰ ফলত হিমবাহ দ্রুত গলি সমতল ভূমিত পানী নামি আহিব। ই বানপানী সৃষ্টি কৰি কৃষি, বাসস্থান আৰু জীৱ–জন্তুৰ ক্ষতি সাধন কৰিব পাৰে। সাগৰৰ পানীৰ স্তৰো বাঢ়িব।