Class 9 Assamese ch-5 Question & Answer 2024 | Class ix Assamese Question & Answer 2024 | মোৰ দেশ | Class 9 Assamese Chapter 5 মোৰ দেশ

Class 9 Assamese Question & Answer 2024 | Class 9 Assamese Chapter 5 মোৰ দেশ | অসমীয়া Class 9 মোৰ দেশ, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer.

Class 9 Assamese Chapter 5 মোৰ দেশ

ভাব- বিষয়কঃ

প্ৰশ্ন নং ১।

ক) হীৰেন ভট্টাচাৰ্যৰ ক’ত জন্ম হৈছিল?
উত্তৰ:- হীৰেণ ভট্টাচাৰ্যৰ ১৯৩২ চনত যোৰহাটত জন্ম হৈছিল।খ) হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা।
| অসমীয়া Class 9 মোৰ দেশ, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer

উত্তৰ:- হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ’ল – চিত্ৰবন আৰু মনন।গ) দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
উত্তৰ:- দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ।প্ৰশ্ন নং ২। ‘মোৰ দেশ’ কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰ:- ‘মোৰ দেশ’ কবিতাটোৰ মূলভাৱঃ

‘মোৰ দেশ’ কবিতাটোৰ কবি হীৰেণ ভট্টাচাৰ্য।
সুগন্ধি কবি হীৰেন ভট্টাচাৰ্য দেৱৰ ‘মোৰ দেশ’ নামৰ কবিতাটি এটি স্বদেশ প্ৰেম মূলক কবিতা। কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও, গানতকৈও আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰাই। পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে, বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে ; কিন্তু তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি কবি সদায় আকৃষ্ট, দায়ৱদ্ধ। এই দেশৰ প্ৰতিটো পুৱাই কবিক দিয়ে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই স্নিগ্ধ ফুলৰ সুবাস আৰু প্ৰতিটো ঋতুৱে যেন কবিক দিয়ে জীৱনৰ আশীৰ্বাদ। সেয়েহে কবিয়ে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজকে বিলীন কৰি দিছে। সকলোকে ঐক্যৱদ্ধ ভাৱে ৰখাৰ প্ৰয়াস কৰিছে। শত্ৰু- মিত্ৰ সকলোকে অন্তৰ জিনি পৰস্পৰৰ মাজত শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। দেশৰ প্ৰতি গভীৰ ভালপোৱা কবিতাটোৰ মাজেৰে প্ৰকাশ পাইছে।

প্ৰশ্ন নং ৩। বাখ্যা কৰা :

ক) অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত
সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ।
উত্তৰঃ
`অনৈক্যৰ মাজত………..
……….. হৈ মই আছোঁ।’
— উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘মোৰ দেশ’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবি হীৰেন ভট্টাচাৰ্য।
কবিতাফাঁকি মাজেৰে কবিয়ে দেশত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা কৈছে।

আমাৰ দেশ ভাৰতবৰ্ষখন বহুজাতিক আৰু বহুভাষিক দেশ। বিভিন্ন জাতি- ধৰ্মালম্বী লোকৰ বাসস্থান ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হ’ল অনৈক্য আৰু বিৰোধ। কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাক একত্ৰিত সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়োগ কৰিছিল। দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰীস্বৰূপ।খ) মোৰ জীৱনৰ আঁহে আঁহে
মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল।
উত্তৰ:-
‘মোৰ জীৱনৰ…………
………………. কলৰোল।’
– উক্ত কবিতাফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত কবিতা ‘মোৰ দেশ’ ৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে নিজৰ দেশখনক প্ৰাণধিক ভাল পায়। তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। তেওঁৰ জীৱন, যৌৱন দেশৰ বাবেই অৰ্পন কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোণ কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছে। কবিতাফাঁকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।

প্ৰশ্ন নং ৪। কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ- ‘মোৰ দেশ’ কবিতাটিত এটি স্বদেশপ্ৰেমমূলক কবিতা। কবি হীৰেন ভট্টাচাৰ্য।
কবিৰ বাবে নিজৰ দেশখন গানতকৈও, প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁ দেশৰ ৰণুৱা, বনুৱা, হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ ডোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে।

Class 9 Assamese Chapter 5 মোৰ দেশ

প্ৰশ্ন নং ৫। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?
উত্তৰঃ- প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে।

প্ৰশ্ন নং ৬। শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে কি দিছে?
উত্তৰ:- শান্তিৰ চৰাইজনীক আঁজলি ভৰাই কবিয়ে দিছে – ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান।

ভাষা- বিষয়কঃ
৭) সমাৰ্থক শব্দ লিখাঃ
দেশ – ৰাষ্ট্ৰ
কাম – কৰ্ম
কলৰোল – কলৰৱ
সাগৰ – সমুদ্ৰ
সপোণ – স্বপ্ন
বন্ধু – মিত্ৰ
শেষ – সমাপ্ত
সম্ভাৰ – সামগ্ৰী
শইচ – শস্য
বুকু – হৃদয়
তৰংগ – ঢৌ
কল্লোল – কলৰৱ

৮। বিপৰীতাৰ্থক শব্দ লিখা:
সপোন – দিঠক
দেশ – বিদেশ
জীৱন – মৰণ
পাহাৰ- ভৈয়াম
ঐক্য – অনৈক্য
সংহতি – বিৰোধ
শয়ন – জাগৰণ
বিশ্বাস – অবিশ্বাস
শত্ৰু – মিত্ৰ।

Short Types Questions Answer

অতি চমু উত্তৰ দিয়াঃ

(ক) কবি হীৰেন ভট্টাচাৰ্যৰ জন্ম আৰু মৃত্যুৰ চন দুটা উল্লেখ কৰা।

উত্তৰঃ জন্ম- ১৯৩২ চন, আৰু মৃত্যু – ২০১২ চন।

(খ) কবি হীৰেন ভট্টাচার্যই কোনখন কবিতাপুথিৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল?

উত্তৰঃ ‘সুগন্ধি পখিলা’ কবিতা পুথিখনিৰ বাবে।

(গ) কৰি হীৰেন ভট্টাচাৰ্যৰ কবিতা পুথি দুখনিৰ নাম লিখা।

উত্তৰঃ ‘সুগন্ধি পখিলা’ আৰু ‘শ‍ইচৰ পথাৰ মানুহ’।

(ঘ) কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাত কি কবিতাৰ প্ৰতিধ্বনি শুনা যায়?

উত্তৰঃ জাপানী হাইকু কবিতাৰ।

(ঙ) ‘মোৰ দেশ’ কবিতাটিৰ কৰি কোন?

উত্তৰঃ হীৰেন ভট্টাচার্য।

(চ) ‘মোৰ দেশ’ কবিতাটিত কবিৰ কি ভাব ফুটি ওলাইছে?

উত্তৰঃ গভীৰ স্বদেশানুৰাগ।

(ছ) ‘চিত্রবন’ কাকতখনি কোনে সম্পাদনা কৰিছিল?

উত্তৰঃ কবি হীৰেন ভট্টাচাৰ্যই।

(জ) “মোৰ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ, মোৰ দেশ।” — কথাষাৰ কোনে কৈছে?


উত্তৰঃ কবি হীৰেন ভট্টাচার্যই।

(ঝ) কবিয়ে কাৰ লগত “প্ৰাণৰ কথা পাতিছোঁ” বুলি কৈছে?

উত্তৰঃ বন্ধুৰ লগত।

(ঞ) “তাৰ পিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্রা।” – কবিৰ এই যাত্ৰা ক’লৈ?

উত্তৰঃ বিভিন্ন দেশলৈ।

১/ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।


মূল্যাংক:- ১

(ক) হীৰেন ভট্টাচাৰ্যৰ জন্ম ক‘ত হৈছিল?

উত্তৰঃ হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছিল যোৰহাটত ।

(খ) ‘মোৰ দেশ‘ কবিতাটিত কবিৰ কি ফুটি ওলাইছে?

উত্তৰঃ ‘মোৰ দেশ’ কবিতাটিত কবিৰ স্বদেশ প্ৰেমৰ ভাব ফুটি ওলাইছে ।

(গ) কবিৰ শেষ যাত্ৰা কি?

উত্তৰঃ কবিৰ শেষ যাত্ৰা হ’ল- নিজৰ দেশ ।

(ঘ) “এনে বহু যাত্ৰা শেষ মোৰ দেশ“- কাৰ আৰু ক‘ত বহু যাত্ৰাৰ শেষ হৈছে ?উত্তৰঃ “এনে বহু যাত্ৰা শেষ মোৰ দেশ”- কবি হীৰেন ভট্টাচাৰ্যৰ ‘মোৰ দেশ’ত যাত্ৰাৰ শেষ হৈছে ।

(ঙ) ‘সুগন্ধি পখিলা‘ৰ কবি কোন?উত্তৰঃ ‘সুগন্ধি পখিলা’ৰ কবি হ’ল- হীৰেন ভট্টাচাৰ্যৰ ।

২/ চমু প্ৰশ্নৰ উত্তৰ দিয়া ।

(ক) কবি হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা ।

উত্তৰঃ কবি হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ’ল- ‘চিত্ৰবন’, আৰু ‘মনন, ।

(খ) ‘মোৰ দেশ‘ কবিতাটোৰ মাজেৰে কবিৰ কি ভাৱ প্ৰকাশ হৈছে ? প্ৰতিটো পুৱাই কবিলৈ কি লুকাই এনে ?

উত্তৰঃ মোৰ দেশ’ কবিতাটোৰ মাজেৰে কবিৰ দেশৰ প্ৰতি ভাল পুৱা । প্ৰতিটো পুৱাই কবিলৈ ঐশ্বৰিক বিপুল সম্ভাৰ লুকাই এনে ।

(গ) হীৰেন ভট্টাচাৰ্যৰ কবি পৰিচয় দাঙি ধৰা ।

উত্তৰঃ অসমীয়া কাব্য জগতত ‘সুগন্ধি পখিলাৰ কবি’ হিচাপে সমাদৃত হীৰেন ভট্টাচাৰ্যদেৱৰ জন্ম হৈছিল যোৰহাটত । অসমীয়া আধুনিক কবিতাত সাৱলীনতাৰ সুৰ বোৱাই কবিগৰাকীয়ে চপাশালৰ কাম,শিক্ষকতাৰ লগতে ‘চিত্ৰবন’ নামৰ প্ৰেচৰ গৰাকী হিচাপে কৰ্মজীৱন অতিবাহিত কৰিছিল ।

তেখেতে ‘চিত্ৰবন’, ‘মনন’ আৰু ‘আন্তৰিক’ নামৰ কাকতৰ সম্পাদনা কৰিছিল । কবি হিচাপে ভট্টাচাৰ্যদেৱ আছিল অন্যতম জনপ্ৰিয় । তেখেতৰ কবিতাৰ সংকল্প হ’ল – ‘ৰৈদ্ৰ কামনা’, ‘তোমাৰ বাঁহী’, ‘সুগন্ধি পখিলা’, বিভিন্ন দিনৰ কবিতা’, ‘শইচ পথাৰ মানুহ’ ইত্যাদি । কবিগৰাকীৰ কবিতাত জাপানী হাইকু কবিতাৰ প্ৰতিধ্বনি শুনা যায় ।

অতিৰিক্ত প্রশ্নোত্তৰঃ

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া।

(ক) কবিয়ে মোৰ দেশ বুলি কোনখন দেশৰ কথা কৈছে?

উত্তৰঃ কবিয়ে মোৰ দেশ ভাৰতবৰ্ষৰ কথা কৈছে।

(খ) কবিৰ চিন্তাই কেনে সপোন ৰচনা কৰে?

উত্তৰঃ ভৱিষ্যতৰ সোনোৱালী সপোন অর্থাৎ শস্য পথাৰ যেনেকৈ সোনালী ৰঙেৰে ভৰি পৰে সেইদৰে ভবিষ্যত পৰম সুখৰ বুলি কবিয়ে আশা কৰিছে।(গ) কবিয়ে ভৱিষ্যতৰ সুখ কেনেকৈ লাভ কৰাৰ আশা কৰিছে?

উত্তৰঃ দেশৰ উন্নয়নমূলক কামৰ যোগেদি।

(ঘ) ‘দেশে দেশে দেশ আছে’ -বুলি কবিয়ে কি কৈছে?

উত্তৰঃ পৃথিৱীত বহুতো দেশ আছে; মহাদেশবোৰৰ ভিতৰত বহুতো দেশ আছে বুলি কৈছে। অর্থাৎ আন লোকৰ দেশ আছে আৰু সেইবোৰে কবিক আনন্দ দিব নোৱাৰে।

(ঙ) কবিয়ে অৰঙে দৰঙে ফুৰা বুলি কোৱাৰ অৰ্থ কি?

উত্তৰঃ কবিয়ে নিজৰ দেশৰ বাদেও অন্যান্য বহুদেশতেই ভ্ৰমণ কৰিছে। কিন্তু স্বদেশৰদৰে কবিক কোনো এখন দেশেই আকৰ্ষণ কৰিব পৰা নাই আৰু কবি নিজেও সেই দেশবোৰৰ বাবে কোনো দিন কোনো চিন্তা কৰা নাই, কোনো আশা কৰা নাই।

(চ) কবিৰ যাত্ৰাৰ শেষ ক’ত হোৱা বুলি কৈছে?

উত্তৰঃ নিজৰ দেশত। অর্থাৎ বিদেশবোৰ ভ্ৰমণ কৰি কবি যেতিয়া স্বদেশলৈ উভতি আহিল, তেতিয়া সেই দেশবোৰলৈ পুনৰাই কবিৰ যোৱাৰ ইচ্ছা নহল।

(ছ) কবিক স্বদেশে কি কি দিছে?

উত্তৰঃ বুকুৰ উম, ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অর্থ।

(জ) ঋতুবিলাকে কবিকে কি দিয়ে?

উত্তৰঃ জীৱনৰ আশীৰ্বাদ। অর্থাৎ ঋতু পৰিবৰ্তনে কবিৰ মনৰ আনন্দৰো পৰিবৰ্তন আনে।

(ঝ) কবিয়ে কিয় জীয়াই আছে?

উত্তৰঃ স্বদেশৰ উন্নতিৰ বাবে।

(ঞ) কবিয়ে নিজক ক’ত থকা বুলি ভাবে?

উত্তৰঃ ৰণুৱা, বনুৱা, হালোৱাৰ মাজত অর্থাৎ দেশৰ কৰ্মীসকলৰ মাজত।

karaiuni jatiya vidyalaya logo
Enamul Hoque Kamal Assam
× Ask Any question