Class 9 Assamese Chapter 6| অন্যৰ প্ৰতি ব্যৱহাৰ | অসমীয়া Class 9 অন্যৰ প্ৰতি ব্যৱহাৰ | Question Answer Assam |Lesson 6 Class 9 Assamese | NCERT Solution Class 9

Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ | অসমীয়া Class 9 অন্যৰ প্ৰতি ব্যৱহাৰ | Lesson 6 Class 9 Assamese | Question and Answers | Chapter 6 class 9 Assamese | NCERT Solution Class 9 Assamese

অন্যৰ প্ৰতি ব্যৱহাৰ

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

(ক) ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটিৰ লিখক কোন?

উত্তৰঃ সত্যনাথ বৰা।

(খ) সত্যনাথ বৰাৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।

উত্তৰঃ জন্ম ১৮৬০ চন আৰু মৃত্যু ১৯২৫ চন।

(গ) সত্যনাথ বৰাৰ দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ‘বহল ব্যাকৰণ’ আৰু ‘সাৰথি’।

(ঘ) ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটি সত্যনাথ বৰাৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? এই পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘সাৰথি’ গ্ৰন্থৰ পৰা। গ্ৰন্থখন সত্যনাথ বৰাই ৰচনা কৰিছিল।

(ঙ) সত্যনাথ বৰাই সম্পাদনা কৰা আলোচনীখনৰ নাম লিখা।

উত্তৰঃ গুৱাহাটীৰ পৰা ওলোৱা সময়ত ‘জোনাকী’ আলোচনী খন।

(চ) ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক কি বুজাবলৈ চেষ্টা কৰা হৈছে?

উত্তৰঃ জীৱন-যুদ্ধৰ আঁতি-গুৰি আৰু জীয়াই থকাৰ কৌশলবোৰ। তাৰোপৰি আনৰ অন্তৰ জয় কৰিবলৈ কেনে ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

(ছ) অনেক চৰিত্ৰৱন্ত মানুহ ব্যৱহাৰৰ দোষত কি হয়?

উত্তৰঃ আনৰ হিংসা-গৰিহণাৰ ভাজন হয়।(জ) ব্যৱহাৰ প্ৰণালীৰ ঘাইমন্ত্ৰ কি?

উত্তৰঃ মিঠামাত।

(ঝ) সজ ব্যৱহাৰৰ মুখিয়াল উদ্দেশ্য কি?

উত্তৰঃ নিজলৈ আনৰ মনৰ ভক্তি জন্মোৱা।

(ঞ) ব্যৱহাৰৰ কলপ বা ৰহণৰ নিচিনা কি?

উত্তৰঃ মিঠা মাত।

১. অতি চমু প্রশ্নউত্তৰ:

(ক) ‘সাৰথি‘ পুথিখন কাৰ ৰচনা?

উত্তৰ: ‘সাৰথি’পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা ।

(খ) সজ ব্যৱহাৰ অনুমান কি?

উত্তৰ: সজ ব্যৱহাৰৰ অনুমান হল নম্ৰতা ।

(গ) ‘বহল ব্যাকৰণ‘পুথিখন কাৰ ৰচনা?

উত্তৰঃ ‘বহল ব্যাকৰণ’পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা ।

(ঘ) কোনটো শ্রেণীৰ মানুহৰ শত্ৰু সৰহ?

উত্তৰঃ যি শ্ৰেণীৰ মানুহে কেটেৰা মাতেৰে অইনক আমনি কৰে,সেই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ ।

(ঙ) সত্যনাথ বৰাৰ উল্লেখযোগ্য গ্ৰন্থ এখনৰ নাম লিখা?

উত্তৰঃ সত্যনাথ বৰাৰ উল্লেখযোগ্য গ্ৰন্থ এখনৰ নাম হল – ‘সাৰথি’।

(চ) কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায়?

উত্তৰঃ ব্যৱহাৰ প্ৰণালী নজনৰ নিমিত্তে বহুত মানুহে নানাবিধ উপদ্ৰৱ ভুগিবলৈ পায় ।

(ছ) মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ‘লে মানুহক কি কৰা হয়?

উত্তৰঃ মনত অহংকাৰ ৰাখি মুখত নম্ৰ হ’লে মানুহক ছল কৰা হয় ।

(জ) ”এই শ্রেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল ।”ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?

উত্তৰঃ যিবিলাক মানুহে লগ লগৰীয়াক সঁহাবললৈ লোকৰ গুপ্ত কথা উলিয়াই লৈ সেই শ্রেণীৰ মানুহৰ কথা কোৱা হৈছে ।

(ঝ) কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয়?

উত্তৰঃ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্ৰশ্ৰয় দিয়া হয় ।

(ঞ)সুদিনত সৎকাৰ আৰু দুৰ্দিনত ইতিকিং কৰাটোক কিহৰ চিনাকি বুলি কোৱা হয়?

উত্তৰঃ সুদিনত সৎকাৰ আৰু দুৰ্দিনত ইতিকিং কৰাটোক সৰু মনৰ চিনাকি বুলি কোৱা হয় ।

দীঘল প্ৰশ্নোত্তৰ

২. উত্তৰ দিয়া

(ক) ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?

উত্তৰঃ মানুহ সমাজপ্রিয় জীৱ । সমাজ নহ’লে মানুহ জীয়াই থাকিব নোৱাৰে । সমাজ জীৱনত চলি থাকিবলৈ হলে,কাৰ লগত কেনেধৰণৰ ব্যৱহাৰ কৰিব লাগিব সেই কথা নিশিকিলে বহুত মানুহে জীৱনত নানা কষ্ট ভুগিবলগীয়া হয় । যদিও সজ ব্যৱহাৰ সজ চৰিত্ৰৰ গুণ – তথাপিও চৰিত্ৰ ভাল হ’লেই ভাল ব্যৱহাৰ নহ’বও পাৰে ।

আনকি অনেক চৰিত্ৰৱান মানুহ ব্যৱহাৰৰ দোষত অইনৰ অপাত্ৰ হয় । আকৌ অনেক বদ চৰিত্ৰৰ মানুহে ব্যৱহাৰৰ গুণত সকলোৰে মৰম বুটলিবলৈ সক্ষম হয় । গতিকে ব্যৱহাৰ মানৱ জীৱনৰ অতি গুৰুত্ত্বপূৰ্ণ দিশ; তাক আমান্য কৰিব নোৱাৰি ।

(গ)”নম্ৰতা সজ ব্যৱহাৰৰ অনুমান“- কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা ।

উত্তৰঃ মানৱ জীৱনৰ নম্ৰতা সজগুণ । সজ ব্যৱহাৰ আৰু নম্ৰতাই মানুহৰ জীৱনত বহুত সহায় কৰে । ভাল ব্যৱহাৰ আৰু নম্ৰতাৰে অইনৰ লগত কথা পাতিলে খঙাল আৰু শত্ৰুৰো হৃদয় জয় কৰিব পাৰি । নম্রজনক সকলোৱে আদৰ কৰে । চৰিত্ৰৱান,

সজ ব্যৱহাৰ আৰু নম্ৰ মানুহৰ সমাজত স্থান বহুত উচ্চ হয়, সকলোৰে আদৰ হৈ পৰে । নম্ৰতাৰ নিচিনা গুণ আহৰণ কৰিবলৈ তেওঁৰ পৰিয়ালৰ পৰিবেশৰ ওপৰত বহু নিৰ্ভৰ কৰে । ই এটি মহান গুণ­ । মনত নম্ৰতা ভাব থাকিলে অইনৰ অন্তৰ সহজভাৱে জয় কৰিব পাৰি ।

সেয়েহে সজ ব্যৱহাৰ হৃদয়স্পৰ্শী কৰিবলৈ নম্ৰতাক অনুপান ল’ব পাৰি । সেইবাবে নম্ৰতাক সজ ব্যৱহাৰৰ অনুপান বুলি কোৱা হয় ।

(গ) বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?

উত্তৰঃ কেটেৰা কথাই মানুহক অসন্তুষ্ট কৰে । কিছুমান মানুহে অবাবত কেটেৰা মাত মাতি মানুহক কষ্ট দিয়ে । এই শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ । তেওঁলোকে মনে জানি কাৰো আহিত নকৰিলেও,কেৱল কেটেৰা মাতৰ বাবেই আনৰ চকুৰ কটা যেন হৈ পৰে ।

তেওঁলোকৰ গাত লক্ষ গুণ থাকিলেও তিতা মতে সকলো ঢাকি পেলায় । তিতা মুখে মাতিলে সহস্ৰ উপকাৰ মানুহে একেতিলে পাহৰে,অৰবোত দানৰ ফল একে নিমিষতে লয় হয় । সেয়েহে জ্ঞানীসকলে দানত বিনয় বিধান কৰিছে ।

(ঘ) “মিঠা মাত ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ“- কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰা ।

উত্তৰঃ মিঠা মাত ব্যৱহাৰৰ প্ৰাথমিক উপাদান । স্বভাৱত বহুত দোষ থাকিলেও মিঠা মাতৰ গুণত মানুহক মানুহে ভাল পায়,সৰহবৰহী হয় ।আনৰ মৰম,ভক্তি আদায় কৰা সজ ব্যৱহাৰৰ মুখ্য উদেশ্য । ব্যৱহাৰত মিঠা মাতৰ নাটনি হ’লে সেই উদ্দেশ্যে সফল নহয় ।

মিঠা মাত ব্যৱহাৰৰ ৰহণ নলগালে শুৱনি নহয়,সেইদৰে সজ ব্যৱহাৰত মিঠা মাতৰ ৰহণ নলগালে সেই ব্যৱহাৰে আনক সন্তুষ্ট কৰিব নোৱাৰে । সেয়েহে মিঠা মাত ব্যৱহাৰৰ প্ৰণালীৰ ঘাই মন্ত্ৰ ।

৩. তাৎপৰ্য ব্যাখ্যা কৰা:

মূল্যাংক:৪/৫

(ক) নম্ৰতা সজ ব্যৱহাৰৰ অনুপান

উত্তৰঃ ঔষধৰ নিদিষ্ট অনুপান থাকে। উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে। সেইদৰে আমাৰ ব্যৱহাৰতো আমি নম্ৰতা প্ৰকাশ কৰিব লাগে । দম্ভালি কথা মানুহৰ কাণত কাঁড় ফুটা দিয়ে । সেয়েহে আনৰ লগত আলাপ আলোচনা কৰোঁতে দম্ভালি এৰি নম্ৰ হোৱা উচিত । নম্ৰতা ডাঙৰ আশয়ৰ চিন, তাৰপৰা আশয়ৰ উচ্চতাহে প্ৰকাশ পায় ।

সেয়েহে আমি নম্ৰতাক আমাৰ আলাপ- আলোচনাৰ মূল বুলি বিবেচনা কৰিব লাগে । নম্ৰতাই সজ ব্যৱহাৰ অধিক ফলপ্ৰসু কৰি তোলে । যিদৰে উচিত অনুপানেৰে ঔষধ খালে সি বেছি গুণ দিয়ে,সেইদৰে, সজ ব্যৱহাৰত নম্ৰতা মিহলালে তাৰো উপকাৰ সৰহ হয় ।

(খ) সোণৰ জেউতি অমান্য কৰিলে নকমে ।

উত্তৰঃ সোণ এবিধ উজ্জ্বল ধাতু । উজ্বলতাই সোণৰ বিশেষত্ব । উজ্বলতাৰ বাবেই সোণ বহুমূলীয়া । সেই উজ্জ্বল ৰত্ন সোণক কোনেও যদি গুৰুত্ব নিদি অনাদৰ কৰি পেলাই থয়, তথাপি তাৰ উজ্বলতা ম্লান পৰি নাযায় ।

এনেদৰে গুণৱান লোকসকলৰ পৰিচয় তেওঁলোকৰ গুণত ফুটি উঠে । মাইন্যবন্ত লোকসকলৰ পৰিচয় মনত প্রকাশিত হয় । কোনোবাই যদি তেনে গুণী- মানি ব্যক্তিক অমান্য কৰে, তথাপি তেওঁলোক সদায় সমাজত উজ্বলি থাকে । গুনৱন্ত বা মাইন্যবন্তক অমান্য কৰি তেওঁলোকৰ মূল্য কমাব নোৱাৰি ।

Class 9 Assamese Chapter 6

৫. বাক্য ৰচনা কৰা:

(ক) চকুৰ কুটা,

(খ) পেটত কথা ৰাখ

উত্তৰঃ

চকুৰ কুটা: ছোৱালীজনী ৰূপে -গুণে জিলিকি পৰাত মাহীমাকৰ চকুৰ কুটা হৈ পৰিল । উত্তৰঃ

পেটত কথা ৰাখ: পেটত কথা ৰাখিব নোৱাৰা মানুহে আনৰ গোপন কথা শুনিবই নালাগে ।

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। সত্যনাথ বৰাদেৱৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ গুৱাহাটী মহানগৰৰ ভৰলুমুখত ১৮৬০ চনত সত্যনাথ বৰাৰ জন্ম হৈছিল।

২। সত্যনাথ বৰাদেৱৰ দুটা গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ‘সাৰথি’ আৰু ‘বহল ব্যাকৰণ’।

৩। সত্যনাথ বৰাদেৱে কোন কলেজত অধ্যাপনা কৰিছিল?

উত্তৰঃ সত্যনাথ বৰাদেৱে কটন কলেজত অসমীয়া বিভাগত অধ্যাপনা কৰিছিল আৰু আৰ্ল ল’ কলেজত আইনৰ প্ৰবক্তা আছিল।

৪। তেওঁ কোনখন মাহেকীয়া কাকতৰ সম্পাদনা কৰিছিল?

উত্তৰঃ ‘জোনাকী’ নামৰ মাহেকীয়া কাকতৰ তেওঁ সম্পাদক আছিল।

৫। ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটি কোনখন পুথিৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘সাৰথি’ নামৰ পুথিখনৰ পৰা লোৱা হৈছে।

৬। এই পাঠটোৰ জৰিয়তে লেখকে ছাত্ৰ-ছাত্ৰী সকলক কি বুজাই দিবলৈ চেষ্টা কৰিছে?

উত্তৰঃ লেখকে ছাত্র-ছাত্রী সকলক জীৱন যুদ্ধৰ আঁতিগুৰি আৰু জীয়াই থকাৰ কৌশলবোৰ বুজাই দিবলৈ চেষ্টা কৰিছে।

৭। লেখকে ‘অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটিত কিহৰ ওপৰত অধিক গুৰুত্ব দিছে?

উত্তৰঃ মানুহক সজ হোৱাৰ বাহিৰেও আনৰ অন্তৰ জয় কৰিবলৈ কেনে ব্যৱহাৰ কৰিব লাগিব সেই বিষয়ৰ ওপৰত লেখকে অধিক গুৰুত্ব দিছে।

৮। ‘অসমীয়া সাহিত্যৰ বেকন’ বুলি কাক কোৱা হয়?

উত্তৰঃ সত্যনাথ বৰাদেৱক ‘অসমীয়া সাহিত্যৰ বেকন’ বুলি কোৱা হয়।

class 9 assamese, class 9 assamese question answer

class 9 assamese medium

class 9 assamese chapter 9 question answer

class 9 assamese lesson 6 question answer

kjv class 9 Assamese

NCERT Solution Class 9

Enamul Hoque Kamal Assam
karaiuni jatiya vidyalaya logo
× Ask Any question