আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
ৰাজনীতি আৰু অৰ্থনীতি
Multiple Choice Questions & Answers
1. প্রথম বিশ্বযুদ্ধ সংঘটিত হৈছিল—
(a) ১৯১৪ চনত।
(b) ১৯৪১ চনত।
(c) ১৯১৮ চনত।
(d) ১৯৮১ চনত।
উত্তৰঃ (a) ১৯১৪ চনত।
2. ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় অৱস্থিত—
(a) জেনেভা চহৰত।
(b) নিউয়র্ক চহৰত।
(c) পেৰিছ চহৰত।
(d) লণ্ডন চহৰত।
উত্তৰঃ (b) নিউয়র্ক চহৰত।
3. ৰাষ্ট্ৰসংঘ দিবস পালন কৰা হয়—
(a) ২২ অক্টোবৰত।
(b) ২৩ অক্টোবৰত।
(c) ২৪ অক্টোবৰত।
(d) 22 অক্টোবৰত।
উত্তৰঃ (c) ২৪ অক্টোবৰত।
4. ৰাষ্ট্ৰসংঘৰ চনদ বলৱৎ কৰা হয়—
(a) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ।
(b) ১৯২০ চনৰ ২৬ নৱেম্বৰ।
(c) ১৯৪৫ চনৰ ২৬ নৱেম্বৰ।
(d) ১৯৫০ চনৰ ২৬ নৱেম্বৰ।
উত্তৰঃ (c) ১৯৪৫ চনৰ ২৬ নৱেম্বৰ।
5. ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূর্ণ অংগটো হ’ল—
(a) সাধাৰণ সভা।
(b) নিৰাপত্তা পৰিষদ।
(c) ন্যাসৰক্ষী পৰিষদ।
(d) সামাজিক পৰিষদ।
উত্তৰঃ (b) নিৰাপত্তা পৰিষদ।
6. ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ—
(a) ৩ টা।
(b) ৫ টা।
(c) ৪ টা।
(d) ৬ টা।
উত্তৰঃ (d) ৬ টা।
7. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন হৈছিল—
(a) ১৯৪২ চনৰ ৬ ফেব্ৰুৱাৰী।
(b) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী।
(c) ১৯৪৪ চনৰ ২৬ ফেব্ৰুৱাৰী।
(d) ১৯৪৮ চনৰ ৬ ফেব্ৰুৱাৰী।
উত্তৰঃ (b) ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰী।
8. ১৯৫২ চনত ৰাষ্ট্ৰসংঘই গঠন কৰা আয়োগ—
(a) নিৰস্ত্ৰীকৰণ আয়োগ।
(b) নিৰাপত্তাৰ আয়োগ।
(c) মানৱ অধিকাৰ আয়োগ।
(d) নিটি আয়োগ।
উত্তৰঃ (a) নিৰস্ত্ৰীকৰণ আয়োগ।
9. বৰ্তমান ৰাষ্ট্ৰসংঘৰ প্ৰধান প্ৰশাসনীয় বিষয় হৈছে—
(a) সচিবালয়।
(b) ন্যাসৰক্ষী পৰিষদ।
(c) সাধাৰণ সভা।
(d) সচিব প্রধান।
উত্তৰঃ (d) সচিব প্রধান।
10. ভেট’ প্ৰয়োগৰ ক্ষমতা আছে—
(a) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ।
(b) সাধাৰণ সভাৰ।
(c) নিৰাপত্তা পৰিষদৰ।
(d) ন্যাসৰক্ষী পৰিষদৰ।
উত্তৰঃ (c) নিৰাপত্তা পৰিষদৰ।
11. প্ৰথমে ৰাষ্ট্ৰসংঘৰ চনদত চহী কৰা ৰাষ্ট্ৰৰ সংখ্যা—
(a) ৫২ খন।
(b) ৪৫ খন।
(c) ৫১ খন।
(d) ৫ খন।
উত্তৰঃ (d) ৫ খন।
12. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান—
(a) ব’ট্ৰছ ঘালি।
(b) বেন্ কি মুন।
(c) কফি আন্নান।
(d) এণ্টনিঅ’ গুটেৰেছ।
উত্তৰঃ (d) এণ্টনিঅ’ গুটেৰেছ।
13. বিশ্ব মানৱ অধিকাৰ দিৱস পালন কৰা হয়—
(a) ২৪ অক্টোবৰ।
(b) ২৮ ছেপ্তেম্বৰ।
(c) ১০ ডিচেম্বৰ।
(d) ৫ জুন।
উত্তৰঃ (c) ১০ ডিচেম্বৰ।
14. আন্তর্জাতিক শিশু কল্যাণ অনুষ্ঠানটো হ’ল—
(a) ILO.
(b) UNESCO.
(c) UNICEF.
(d) IFU.
উত্তৰঃ (c) UNICEF.
15. নিৰাপত্তা পৰিষদ হ’ল—
(a) আন্তর্জাতিক মুদ্ৰা নিধিৰ এটা গুৰুত্বপূৰ্ণ অংগ।
(b) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ।
(c) বিশ্ব বাণিজ্য সংস্থাৰ এটা গুৰুত্বপূৰ্ণ অংগ।
(d) আন্তর্জাতিক ন্যায়ালয়ৰ এটা গুৰুত্বপূৰ্ণ অংগ।
উত্তৰঃ (b) ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ।
16. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ সংখ্যা—
(a) ১৫০ খন।
(b) ১৭০ খন।
(c) ১৯৩ খন।
(d) ১৮৫খন।
উত্তৰঃ (c) ১৯৩ খন।
17. ৰাষ্ট্ৰসংঘৰ চনদত থকা অনুচ্ছেদৰ সংখ্যা—
(a) ১১১ টা।
(b) ১১৫ টা।
(c) ১১৪ টা।
(d) ১২০ টা।
উত্তৰঃ (a) ১১১ টা।
18. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ প্ৰত্যেক সদস্য ৰাষ্ট্ৰই পঠিওৱা সদস্যৰ সংখ্যা হ’ল—
(a) ৩ জন।
(b) ১০ জন।
(c) ১৫ জন।
(d) ৫ জন।
উত্তৰঃ (d) ৫ জন।
19. আন্তর্জাতিক ন্যায়ালয়ৰ সদস্যৰ সংখ্যা—
(a) ১০ জন।
(b) ১৫ জন।
(d) ১২ জন।
(c) ২০ জন।
উত্তৰঃ (b) ১৫ জন।
20. ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল
(a) ৬ বছৰ।
(b) ৩ বছৰ।
(c) ৫ বছৰ।
(d) ৮ বছৰ।
উত্তৰঃ (c) ৩ বছৰ।
21. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়—
(a) ২৩ অক্টোবৰ, ১৯২০ চন।
(b) ২৩ অক্টোবৰ, ১৯৯৩ চন।
(c) ১১ অক্টোবৰ, ১৯৯৫ চন।
(d) ১২ অক্টোবৰ, ১৯৯৬ চন।
উত্তৰঃ (b) ২৩ অক্টোবৰ, ১৯৯৩ চন।
Very Short & Short Type Questions and Answers
আন্তর্জাতিক সংস্থা – ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
1. প্রথম বিশ্বযুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ ১৯১৪ চনত।
2. দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ ১৯৩৯ চনত।
3. প্রথম বিশ্বযুদ্ধৰ পিছত বিশ্বশান্তিৰ অৰ্থে স্থাপন হোৱা আন্তর্জাতিক সংগঠনটো কি?
উত্তৰঃ জাতিসংঘ।
4. ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰঃ ১৯৪৫ চনৰ ২৪ অক্টোবৰত।
5. ৰাষ্ট্ৰসংঘৰ জন্মৰ সময়ত ইয়াৰ চনদত কিমানখন ৰাষ্ট্ৰই স্বাক্ষৰ প্ৰদান কৰিছিল?
উত্তৰঃ ছানফ্ৰান্সিস্কো সন্মিলনত সৰ্বমুঠ ৫১ খন ৰাষ্ট্ৰই।
6. বছৰটোৰ কোনটো তাৰিখে সমগ্ৰ বিশ্বত ‘ৰাষ্ট্ৰসংঘ দিৱস’ হিচাপে পালন কৰা হয়?
উত্তৰঃ ২৪ অক্টোবৰৰ দিনটোত।
7. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সংখ্যা কিমান?
উত্তৰঃ ১৯৩ খন।
8. ৰাষ্ট্ৰসংঘৰ মুখ্য কার্যালয় ক’ত?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্ক চহৰত।
9. ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে?
উত্তৰঃ ১১১ টা।
10. ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটোৰ নাম কি?
উত্তৰঃ সাধাৰণ সভা।
11. ৰাষ্ট্ৰসংঘৰ গুৰুত্বপূৰ্ণ অংগটোৰ নাম কি?
উত্তৰঃ নিৰাপত্তা পৰিষদ।
12. ৰাষ্ট্ৰসংঘৰ কোন অনুচ্ছেদত ন্যাসৰক্ষী পৰিষদৰ কথা উল্লেখ আছে?
উত্তৰঃ ৭৬ নং অনুচ্ছেদত।
13. ৰাষ্ট্ৰসংঘৰ ন্যায়িক অংগটোৰ নাম কি?
উত্তৰঃ আন্তর্জাতিক ন্যায়ালয়।
14. আন্তর্জাতিক ন্যায়ালয়ত মুঠ কেইজন ন্যায়াধীশ থাকে?
উত্তৰঃ ১৫ জন।
15. ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অংগটো কি?
উত্তৰঃ সচিবালয়।
16. সচিৰ প্ৰধানৰ কাৰ্যকাল কেইবছৰ?
উত্তৰঃ ৫ বছৰ।
17. বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানজনৰ নাম কি?
উত্তৰঃ এণ্টনিঅ’ গুটেৰেছ।
18. ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিৰ প্ৰধানজনৰ নাম কি?
উত্তৰঃ নৰ’ৱেৰ ট্ৰাইভহাণ্ডান লী।
19. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৪৬ চনৰ ১৬ ফেব্ৰুৱাৰীত।
20. মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ ১০ ডিচেম্বৰ দিনটোত।
21. ভাৰতবৰ্ষত কেতিয়া মানৱ অধিকাৰ আয়োগ গঠন হয় ?
উত্তৰঃ ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে।
22. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতিজন কোন হ’ব লাগে?
উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যয়াধীশ হ’ব লাগিব।
23. আন্তর্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্য কি?
উত্তৰঃ আন্তর্জাতিক আইন আৰু ন্যায়ৰ মাজেদি আন্তর্জাতিক বিবাদ নিষ্পত্তি কৰা।
24. নিৰাপত্তা পৰিষদৰ মুঠ সদস্য সংখ্যা কিমান?
উত্তৰঃ ৫ জন।
25. নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলৰ কাৰ্যকাল কিমান?
উত্তৰঃ ২ বছৰ।
26. ভেটো (Veto) প্রয়োগৰ ক্ষমতা কাৰ আছে?
উত্তৰঃ নিৰাপত্তা পৰিষদৰ।
27. ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ প্ৰধান কাৰ্যলয়ত ক’ত অৱস্থিত?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়র্কত অৱস্থিত।
28. ৰাষ্ট্ৰসংঘৰ সচিবালয়ক সহায় কৰিবলৈ কিমানজন উচ্চ পৰ্যায়ৰ বিষয়া আছে?
উত্তৰঃ ২৪ জন।
29. আন্তর্জাতিক ন্যায়ালয়ৰ প্ৰধান কাৰ্যালয় ক’ত অবস্থিত?
উত্তৰঃ ইলেণ্ডৰ ডি-হেগ চহৰত অৱস্থিত।
30. আন্তর্জাতিক ন্যায়ালয়ৰ বিচাৰপতিৰ কাৰ্যকাল কিমান?
উত্তৰঃ ৯ বছৰ।
31. আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে?
উত্তৰঃ সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে।
32. আন্তৰ্জাতিক ন্যায়ালয়ত কিমানজন ন্যায়াধীশ থাকে?
উত্তৰঃ ১৫ জন।
33. ‘মানৱ অধিকাৰৰ আন্তৰ্জাতিক ঘোষণা পত্ৰখন কেতিয়া প্ৰকাশিত হৈছিল?
উত্তৰঃ ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে।
34. কেতিয়া ৰাষ্ট্ৰসংঘত মানৱ অধিকাৰ সম্পৰ্কে নতুনকৈ দুখন চুক্তি-পত্ৰ গ্ৰহণ কৰা হৈছিল?
উত্তৰঃ ১৯৬৬ চনৰ ১৬ ডিচেম্বৰ তাৰিখে।
35. কেতিয়া মানৱ অধিকাৰ সংৰক্ষণ আইনখনে সন্মতি লাভ কৰে?
উত্তৰঃ ১৯৯৩ চনৰ ৮ জানুৱাৰী তাৰিখে।
36. প্রথম বিশ্বযুদ্ধৰ পিছত কোনটো আন্তৰ্জাতিক সংস্থা গঠিত হৈছিল?
উত্তৰঃ জাতিসংঘ।
37. ৰাষ্ট্ৰসংঘৰ কোনটো অংগই ৰাষ্ট্ৰসংঘৰ চনদৰ সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে?
উত্তৰঃ সাধাৰণ পৰিষদে।
38. ৰাষ্ট্ৰসংঘৰ প্ৰথম অনুচ্ছেদত কেইটা উদ্দেশ্য সন্নিবিষ্ট হৈ আছে?
উত্তৰঃ চাৰিটা।
39. নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য সকল কোনে নিৰ্বাচিত কৰে?
উত্তৰঃ সাধাৰণ সভাই।
40. নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সকলে প্ৰয়োগ কৰিব পৰা ক্ষমতাটোক কি বুলি কয়?
উত্তৰঃ ‘ভেটো’।
41. ৰাষ্ট্ৰসংঘৰ চনদৰ ৭৬ নম্বৰ অনুচ্ছেদ মতে গঠিত হোৱা অংগটোৰ নাম কি?
উত্তৰঃ ন্যাসৰক্ষী পৰিষদ।
42. নিৰাপত্তা পৰিষদত কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কিমানজন সদস্যৰ সন্মতি লাগে?
উত্তৰঃ স্থায়ী পাঁচজন সদস্যসহ মুঠ ৯ জন সদস্যৰ।
43. ৰাষ্ট্ৰসংঘৰ কিমান নম্বৰ অনুচ্ছেদ মতে অৰ্থনৈতিক আৰু সামাজিক পৰিষদ গঠিত হৈছিল?
উত্তৰঃ ৫৫ নং অনুচ্ছেদ মতে।
44. ৰাষ্ট্ৰসংঘৰ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা কিমান আছিল?
উত্তৰঃ ছজন।
45. ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানক কোনে নিয়োগ কৰে?
উত্তৰঃ নিৰাপত্তা পৰিষদৰ অনুমোদন ক্রমে সাধাৰণ সভাই সচিব প্রধানক নিয়োগ কৰে।
46. WHO ৰ সম্পূৰ্ণ নামটো কি?
উত্তৰঃ World Health Organisation.
47. ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ আয়োগ কোন চনত গঠিত হৈছিল?
উত্তৰঃ ১৯৫২ চনৰ জানুৱাৰী মাহত।
48. ৰাষ্ট্ৰসংঘই ‘প্ৰতিৰোধমূলক কূটনীতি’ কোন চনত গ্ৰহণ কৰিছিল?
উত্তৰঃ ২০০৭ চনৰ জুন মাহত।
49. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ কিয় গঠিত হৈছিল?
উত্তৰঃ বিশ্বৰ মানৱ সমাজৰ অধিকাৰ সমূহক সুৰক্ষা দিবলৈ এই সংগঠনটোৰ জন্ম হৈছিল।
50. কোনখন আইন মতে ভাৰতবৰ্ষৰ ৰাজ্যসমূহত ৰাজ্যিক মানৱ অধিকাৰ আয়োগ গঠন হয়?
উত্তৰঃ ‘মানৱ অধিকাৰ সুৰক্ষা আইন ১৯৯৩ মতে।
51. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্য সকলক কোনে নিযুক্তি দিয়ে?
উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে।
52. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকলৰ কার্যকাল কিমান বছৰ?
উত্তৰঃ ৫ বছৰ।
53. জাতিসংঘ কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৯১৪ চনত।
54. ৰাষ্ট্ৰসংঘৰ চনদত ৫১ খন ৰাষ্ট্ৰই চহী কৰা সন্মিলনখনৰ নাম কি আছিল?
উত্তৰঃ ছানফ্রান্সিস্কো সম্মিলন।
55. ৰাষ্ট্ৰসংঘৰ নিৰাপত্ৰ পৰিষদৰ স্থায়ী সদস্যৰ সংখ্যা কিমান?
উত্তৰঃ ৫ জন।
56. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা কিমান?
উত্তৰঃ ১০ জন।
57. ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্যসকলক কোনে নিয়োগ কৰে?
উত্তৰঃ সাধাৰণ সভাই।
58. ৰাষ্ট্ৰসংঘ গঠিত হোৱাৰ সময়ত অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্যৰ সংখ্যা কিমান আছিল?
উত্তৰঃ ওঠৰ-জন আছিল।
59. ৰাষ্ট্ৰসংঘৰ চনদৰ ৫৫ নং অনুচ্ছেদ মতে কোনটো অংগ গঠিত হৈছিল?
উত্তৰঃ অৰ্থনৈতিক আৰু সমাজিক পৰিষদ।
60. অৰ্থনৈতিক আৰু সামজিক পৰিষদৰ কাৰ্য কি?
উত্তৰঃ এই পৰিষদে আন্তৰাষ্ট্ৰীয় অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শিক্ষা, স্বাস্থ্য আৰু আনুসংগিক এনে সমস্যা সমাধানৰ বাবে কাম কৰে।
61. ১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই গঠন কৰা অনুষ্ঠানটোৰ নাম কি আছিল।
উত্তৰঃ নিৰস্ত্ৰীকৰণ আয়োগ।
62. ২০০৭ চনৰ জুন মাহত ৰাষ্ট্ৰসংঘই কি গঠন কৰিছিল?
উত্তৰঃ প্ৰতিৰোধমূলক কূটনীতি।
63. গঠন হোৱাৰ সময়ত মানৱ অধিকাৰ আয়োগৰ সদস্যৰ সংখ্যা কিমান আছিল?
উত্তৰঃ ১৮ জন।
64. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্য সকলৰ কাৰ্যকাল কিমান?
উত্তৰঃ ৩ বছৰ।
65. ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ গঠন হোৱাৰ সময়ত ইয়াৰ সদস্যৰ সংখ্যা কিমান আছিল?
উত্তৰঃ ১৮ জন।
66. ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কেতিয়াৰ পৰা এখন আইন হিচাবে পৰিগণিত হয়?
উত্তৰঃ ১৯৯৪ চনৰ ৮ জানুৱাৰী তাৰিখৰ পৰা।
67. ৰাষ্ট্ৰসংঘৰ সচিবালয়ৰ অধিৱেশন বছৰত কেইবাৰ বহে?
উত্তৰঃ বছৰত এবাৰ।
খালী ঠাঁই পূৰ কৰা—
1. _________সন্মিলনত সৰ্বমুঠ ৫১ খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ চনদত চহী কৰিছিল।
উত্তৰঃ ছানফ্রান্সিস্কো।
2. ৰাষ্ট্ৰসংঘৰ এটা উদ্দেশ্য হৈছে আন্তৰাষ্ট্ৰীয় শান্তি আৰু_________বজাই ৰখা।
উত্তৰঃ নিৰাপত্তা।
3. সকলো সদস্য ৰাষ্ট্ৰৰ সমান________নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব।
উত্তৰঃ সার্বভৌমত্ব।
4. ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদ অনুযায়ী নিৰাপত্তা পৰিষদৰ সদস্যৰ সংখ্যা________জনলৈ বৃদ্ধি কৰা হয়।
উত্তৰঃ ১০
5. ৰাষ্ট্ৰসংঘৰ চনদত__________টা অনুচ্ছেদ আছে।
উত্তৰঃ ১১১ টা।
Class 10 Social Political and Economics Ch 2
অতি চমু উত্তৰৰ প্রশ্ন :
১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল ?
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসলীলাক ৰোধ কৰাৰ অৰ্থে বিশ্ব শান্তিৰ বাবে ৰাষ্ট্ৰসংঘ নামৰ আন্তৰ্জাতিক সংস্থা গঠন কৰা হৈছিল।
২। বাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হৈছেঃ
(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত প্ৰত্যেক দেশৰ লগত বন্ধুত্বপূর্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা।
৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ ছটা প্রধান অংগ হৈছেঃ
( ক ) সাধাৰণ সভা।
( খ ) নিৰাপত্তা পৰিষদ।
( গ ) অর্থনৈতিক আৰু সামাজিক পৰিষদ।
( ঘ ) ন্যাসৰক্ষী পৰিষদ।
( ঙ ) আন্তর্জাতিক ন্যায়ালয়। আৰু
( চ ) সচিবালয়।
৪। ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা অভিকৰণ বা এজেন্সিৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা অভিকৰণ হৈছে:
( ক ) আন্তর্জাতিক শ্রমিক সংঘ ( ILO )
( খ ) বিশ্ব স্বাস্থ্য সংস্থা ( WHO )
৫। নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হােৱা দুখন চুক্তিৰ নাম লিখা।
উত্তৰঃ নিৰস্ত্রীকৰণৰ সম্পৰ্কত সম্পাদিত হােৱা দুখন চুক্তি হৈছেঃ
( ক ) আংশিক আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি (CTBT)।
( খ ) পাৰমাণৱিক অস্ত্র – সংকোচন চুক্তি (NPT)।
৬। মানৱ অধিকাৰ মানে কি বুজা ?
উত্তৰঃ বিশ্বৰ প্ৰত্যেকজন ব্যক্তিকে এটা মর্যাদাপূর্ণ জীৱন যাপনৰ বাবে প্রয়ােজন হােৱা অধিকাৰৰ সমষ্টিকেই মানৱ অধিকাৰ বুলি কোৱা হয়।
দীঘল উত্তৰৰ প্ৰশ্ন:
১। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলােচনা কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য কেইটা হৈছেঃ
( ক ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
( খ ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত বিশ্বৰ দেশসমূহৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তােলা।
( গ ) আন্তঃৰাষ্ট্ৰীয় সহযােগিতাৰ ভিত্তিত অর্থনৈতিক , সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰতিজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভােগ কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা।
( ঘ ) বিভিন্ন দেশসমূহৰ মাজত সু – সম্পর্ক গঢ়ি তুলিবলৈ প্রধান কেন্দ্র হিচাপে কাৰ্য সম্পাদনা কৰা।
ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ হ’ল:
( ক ) সকলােবােৰ সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব।
( খ ) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলোবােৰ সদস্য ৰাষ্ট্ৰই নিজ নিজ দায়িত্ব পালন কৰিব লাগিব।
( গ ) আন্তঃৰাষ্ট্ৰীয় শান্তি , নিৰাপত্তা আৰু ন্যায়ত সমস্যা নােহােৱাকৈ সকলাে সদস্য ৰাষ্ট্ৰই সকলাে ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।
( ঘ ) আন্তর্জাতিক সম্পর্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনাে সদস্য ৰাষ্ট্ৰই ভাবুকি বা শক্তি প্রয়ােগ কৰিব নােৱাৰিব।
( ঙ ) প্রয়ােজন সাপেক্ষে সকলোবােৰ সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায়ৰ হাত আগবঢ়াব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰৰ প্রতি সহায় আগবঢ়াব নােৱাৰিব।
২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটোৱেই হ’ল নিৰাপত্তা পৰিষদ। ৰাষ্ট্ৰসংঘৰ গঠনৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ৫ খন আৰু অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিল ৬ খন। ইয়াৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হৈছে – আমেৰিকা যুক্তৰাষ্ট্র , গ্রেট ব্রিটেইন , ফ্রান্স , ৰাছিয়া আৰু চীন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদ সংশােধনীৰ দ্বাৰা ইয়াৰ অস্থায়ী সদস্য ৰাষ্ট্ৰৰ সংখ্যা ৬ খনৰ পৰা ১০ জনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নির্বাচিত কৰে। স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্ৰয়োগৰ ক্ষমতা আছে। ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন হােৱা যিকোনাে গুৰুত্বপূর্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ স্থায়ী পাঁচখন সদস্য ৰাষ্ট্রসহ মুঠ ৯ খন সদস্য ৰাষ্ট্ৰৰ সন্মতি থাকিব লাগিব।
৩। বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লােৱা পদক্ষেপসমূহ আলােচনা কৰা।
উত্তৰঃ বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰা পদক্ষেপসমূহ হলঃ
( ক ) নিৰস্ত্রীকৰণ আয়ােগ :- নিৰস্ত্ৰীকৰণৰ জৰিয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিবেশ নাইকীয়া কৰাৰ অৰ্থে ৰাষ্ট্ৰসংঘই ১৯৫২ চনত নিৰস্ত্রীকৰণ আয়ােগৰ প্রতিষ্ঠা কৰিছিল।
( খ ) চুক্তি তথা সন্ধি :- ৰাষ্ট্ৰসংঘই সম্পাদন কৰা চুক্তিসমূহ হৈছে আংশিক ভাৱে পাৰমাণৱিক পৰীক্ষণ নিষিদ্ধকৰণ চুক্তি ( ১৯৬৩ ) , বহিঃমহাকাশ চুক্তি ( ১৯৬৭ ) , পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি ( ১৯৬৮ ) , সমুদ্ৰতলি নিয়ন্ত্রণ চুক্তি ( ১৯৭১ ) , ছল্ট -১ ( ১৯৭২ ) , ছল্ট -২ ( ১৯৭৯ ) , পাৰমাণৱিক অস্ত্র নিয়ন্ত্রণ চুক্তি ( ১৯৯৩ ) , ৰণকৌশলমূলক অস্ত্র সংকোচন চুক্তি -১ ( START – 1, ১৯৯১ ) , ৰণকৌশলমূলক অস্ত্র সংকোচন চুক্তি -২ ( START – 2 , ১৯৯৩ ) আৰু পাৰমাণৱিক অস্ত্র পৰীক্ষা নিষিদ্ধকৰণ চুক্তি ( ১৯৯৬ )।
( গ ) প্রতিবােধমূলক কূটনীতি :- আলােচনাৰ মাধ্যমেৰে সমস্যা সমাধানৰ জৰিয়তে বিশ্বশান্তি উত্তৰণ কৰিবলৈ ৰাষ্ট্ৰসংঘই ২০০৭ চনৰ জুন মাহত প্ৰতিৰােধমূলক কূটনীতি অৱলম্বন কৰিছিল।
৪। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়ােগ সম্পর্কত এটা টোকা লিখা।
উত্তৰঃ ভাৰতবৰ্ষত ১৯৯৩ চনৰ ২৮ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এখন অধ্যাদেশ জাৰি কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰিছিল। ১৯৯৪ চনৰ ৮ জানুৱাৰীত ১৯৯৩ চনৰ মানৱ অধিকাৰ সুৰক্ষা আইনখন কার্যকৰী হয় । এই আইনমতে ৰাজ্যবিলাকতো ৰাজ্যিক মানৱ অধিকাৰ আয়ােগ গঠন কৰা হয়।
আয়ােগৰ সদস্যসকলৰ ভিতৰত –
( ক ) সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ হ’ব লাগিব।
( খ ) এজন সদস্য উচ্চতম ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশ অথবা প্রাক্তন ন্যায়াধীশ হ’ব লাগিব।
( গ ) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা সম্পন্ন ব্যক্তি হ’ব লাগিব ৷
( ঘ ) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কীয় জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি হ’ব লাগিব ৷
( ঙ ) ৰাষ্ট্ৰীয় সংখ্যালঘু আয়ােগৰ সভাপতি , অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়ােগৰ সভাপতি আৰু ৰাষ্ট্ৰীয় মহিলা আয়ােগৰ অধ্যক্ষও আয়ােগৰ সদস্য পদত থাকিব।
আয়ােগৰ সকলো সদস্যকে পাঁচ বছৰ কার্যকালৰ বাবে ভাৰতৰ ৰাষ্ট্রপতিয়ে নিযুক্তি দিয়ে। আয়ােগে ভাৰতৰ মানৱ অধিকাৰ উলংঘনৰ লগত জড়িত সকলােবােৰ বিষয়ৰ মূল্যায়ন কৰি বিহিত ব্যৱস্থাৰ বাবে চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰিব লাগে।
৫। মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই লােৱা পদক্ষেপ আলােচনা কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযােগিতা তথা শান্তিপূর্ণ পৰিৱেশ ৰক্ষা কৰাৰ লগতে মানৱ অধিকাৰসমূহক সুৰক্ষা দিয়াৰ ক্ষেত্ৰতাে যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে। সেয়েহে , বিশ্বৰ প্রত্যেকজন ব্যক্তিকে মর্যাদাপূর্ণ জীৱন যাপনৰ বাবে প্রয়ােজন হােৱা অধিকাৰসমূহক সুৰক্ষা দিয়াৰ অৰ্থে ৰাষ্ট্ৰসংঘই ৪৮ খন সদস্য ৰাষ্ট্রৰ সমৰ্থনত ১৯৪৮ চনৰ ১০ ডিচেম্বৰত মানৱ অধিকাৰ ঘােষণাপত্র গ্রহণ কৰে। সেইবাবে ১০ ডিচেম্বৰৰ দিনটো মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।
মানৱ অধিকাৰ ঘােষণাপত্ৰৰ উদ্দেশ্যসমূহ হল :-
( ক ) বিশ্বৰ জনগণৰ প্ৰয়ােজনীয় অধিকাৰসমূহ ঘােষণাপত্রত সন্নিৱিষ্ট কৰা।
( খ ) ঘােষণাপত্ৰত সন্নিৱিষ্ট অধিকাৰসমূহৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহৰ স্বীকৃতি আদায় কৰা।
এইদৰে ৰাষ্ট্ৰসংঘই প্রতিজন ব্যক্তিৰে মর্যাদাপূর্ণ জীৱনক সুৰক্ষিত কৰিবলৈ ইতিবাচক পদক্ষেপ গ্রহণ কৰিছে আৰু এইটো স্পষ্ট কৰি দিছে যে কোনাে ৰাষ্ট্ৰয়েই দেশৰ নাগৰিকক মানৱ অধিকাৰৰ পৰা বঞ্চিত কৰি আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰিব নােৱাৰে।