Class 10 Social Political and Economices Chapter 1 Answers | Class 10 political and economics | SEBA Class 10 political ch 1 | kjv class 10 social
ভাৰতীয় গণতন্ত্ৰ
ৰাজনীতি আৰু অৰ্থনীতি
Multiple Choice Questions & Answers
1. ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে—
(a) ১৯৪৭ চনৰ ২৬ জানুৱাৰী।
(b) ১৯৪৭ চনৰ ১৫ আগষ্ট।
(c) ১৯৪৮ চনৰ ২৬ জানুৱাৰী।
(d) ১৯৫০ চনৰ ২৬ জানুৱাৰী।
উত্তৰঃ (b) ১৯৪৭ চনৰ ১৫ আগষ্ট।
2. ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে-
(a) আছে।
(b) নাই।
(c) ব্যৱস্থা হ’বহে।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) নাই।
3. ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো —
(a) শ্রমিক দল।
(b) ৰাজনৈতিক দল।
(c) কমিউনিষ্ট দল।
(d) বনুৱা দল।
উত্তৰঃ (a) শ্ৰমিক দল।
4. ভাৰতত সংবিধান সভা গঠন হৈছিল-
(a) মুছলিম লীগৰ তৎপৰতাত।
(b) কেবিনেট মিছনৰ তৎপৰতাত।
(c) জাতীয় কংগ্ৰেছৰ তৎপৰতাত।
(d) কমিউনিষ্ট দলৰ তৎপৰতাত।
উত্তৰঃ (b) কেবিনেট মিছনৰ তৎপৰতাত।
5. Foedus’ শব্দৰ অৰ্থ হ’ল-
(a) যুদ্ধ অথবা শান্তি।
(b) চুক্তি অথবা সন্ধি।
(c) ‘যুদ্ধ’ অথবা ‘সন্ধি’।
(d) ‘যুদ্ধ’অথবা ‘ধ্বংস’।
উত্তৰঃ (b) চুক্তি অথবা সন্ধি।
6. ইংৰাজী ‘Federation’ শব্দটো আহিছে—
(a) গ্ৰীক শব্দ ‘Foedus’ ৰ পৰা।
(b) গ্ৰীক শব্দ ‘Fo edos ৰ পৰা।
(c) লেটিন শব্দ ‘Foedus’ ৰ পৰা।
(d) লেটিন শব্দ ‘Fo edos ৰ পৰা।
উত্তৰঃ (c) লেটিন শব্দ’Foedus’ ৰ পৰা।
7. ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন হ’ল-
(a) ড° বি আৰ আম্বেদকাৰ।
(b) ড° ৰাজেন্দ্ৰ প্ৰসাদ।
(c) সৰ্বপল্লী ৰাধাকৃষ্ণণ।
(d) জৱাহৰলাল নেহৰু।
উত্তৰঃ (a) ড° বি আৰ আম্বেদকাৰ।
8. সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নির্বাচিত হৈছিল—
(a) ড⁰ বি আৰ আম্বেদকাৰ।
(b) ড⁰ ৰাজেন্দ্ৰ প্ৰসাদ।
(c) জৱাহৰলাল নেহৰু।
(d) গোপাল কৃষ্ণ আয়েঙ্গাৰ।
উত্তৰঃ (b) ড⁰ ৰাজেন্দ্ৰ প্ৰসাদ।
9. সংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল—
(a) ১৯৪৭ চনৰ ৯ ডিচেম্বৰত।
(b) ১৯৪৭ চনৰ ১০ ডিচেম্বৰত।
(c) ১৯৪৬ চনৰ ১ ডিচেম্বৰত।
(d) ১৯৪৫ চনৰ ৯ ডিচেম্বৰত।
উত্তৰঃ (c) ১৯৪৬ চনৰ ১ ডিচেম্বৰত।
10. সার্বভৌমত্ব মানে-
(a) ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।
(b) ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতা
(c) ব্যক্তিৰ অধিকাৰ।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।
11. ‘যুক্তৰাষ্ট্ৰ’ শব্দটো উল্লেখ নাই—
(a) ভাৰতৰ সংবিধানত।
(b) আমেৰিকাৰ সংবিধানত।
(c) ইংলেণ্ডৰ সংবিধানত।
(d) কানাডাৰ সংবিধানত।
উত্তৰঃ (a) ভাৰতৰ সংবিধানত।
12. পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক দেশ —
(a) চীনদেশ।
(b) ইংলেণ্ড।
(c) ভাৰতবৰ্ষ।
(d) কানাডা।
উত্তৰঃ (c) ভাৰতবৰ্ষ।
13. জনমত হ’ল—
(a) সংখ্যাগৰিষ্ঠতাৰ মত।
(b) জনসাধাৰণৰ মত।
(c) কল্যাণকামী মত।
(d) সকলোৰে মত।
উত্তৰঃ (c) কল্যাণকামী মত।
14. বৰ্তমান যুগৰ উত্তম চৰকাৰ —
(a) ৰাজতন্ত্র।
(b) প্রজাতন্ত্র।
(c) গণতন্ত্র।
(d) ধনতন্ত্র।
উত্তৰঃ (c) গণতন্ত্ৰ।
15. ভাৰতত বৰ্তমান প্রচলিত চৰকাৰ—
(a) ৰাষ্ট্ৰপতীয়।
(b) গণতান্ত্রিক।
(c) মৰ্চা।
(d) সংসদীয়।
উত্তৰঃ (d) সংসদীয়।
16. তলৰ কোন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল?
(a) এন. গোপালস্বামী আয়েংগাৰ।
(b) কে. এম. মুন্সি।
(c) জৱাহৰলাল নেহৰু।
(d) ডি. পি. খৈতান।
উত্তৰঃ (c) জৱাহৰলাল নেহৰু।
17. ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল?
(a) সার্বভৌম।
(b) গণতান্ত্রিক।
(c) গণৰাজ্য।
(d) সমাজবাদী।
উত্তৰঃ (d) সমাজবাদী।
18. ‘কেবিনেট মিছন ‘ভাৰতবৰ্ষলৈ আহিছিল—
(a) ১৯৪৬ চনৰ মাৰ্চ মাহত।
(b) ১৯৪৫ চনৰ জুলাই মাহত।
(c) ১৯৪৬ চনৰ আগষ্ট মাহত।
(d) ১৯৪৫ চনৰ মাৰ্চ মাহত।
উত্তৰঃ (a) ১৯৪৬ চনৰ মাৰ্চ মাহত।
19. সংবিধান সভাৰ প্ৰথমখন বৈঠকত সভাপতিত্ব কৰিছিল —
(a) ড° ৰাজেন্দ্ৰ প্ৰসাদে।
(b) ড° সচ্ছিদানন্দ সিনহাই।
(c) ড° বি.আৰ. আম্বেদকাৰ।
(d) চৰ্দাৰ বল্লভ ভাই পেটেলে।
উত্তৰঃ (b) ড⁰ সচ্ছিদানন্দ সিনহাই।
20. জৱাহৰলাল নেহৰুৱে উদ্দেশ্য সম্পর্কিত প্রস্তাৱ কেইটা কোন চনৰ কোন তাৰিখে উত্থাপন কৰিছিল?
(a) ১৯৪৬ চনৰ ১২ ডিচেম্বৰ।
(b) ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ।
(c) ১৯৪৫ চনৰ ১৩ ডিচেম্বৰ।
(d) ১৯৪৫ চনৰ ১২ ডিচেম্বৰ।
উত্তৰঃ (b) ১৯৪৬ চনৰ ১৩ ডিচেম্বৰ।
21. যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়—
(a) আমেৰিকা যুক্তৰাষ্ট্ৰক।
(b) ভাৰতবৰ্ষক।
(c) কানাডাক।
(d) ইংলেণ্ডক।
উত্তৰঃ (a) আমেৰিকা যুক্তৰাষ্ট্ৰক।
22. ভাৰতবৰ্ষক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা সংবিধানৰ অনুচ্ছেদটো হ’ল—
(a) ৩ নং।
(b) ১ নং।
(c) ৪ নং।
(d) ২ নং।
উত্তৰঃ (b)
Very Short & Short Type Questions and Answers
ভাৰতীয় গণতন্ত্ৰ
1. ‘কেবিনেট মিছন’ কি আছিল?
উত্তৰঃ ‘কেবিনেট মিছন’ আছিল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটি গোট।
2. সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল?
উত্তৰঃ ১৯৪৬ চনৰ ৯ ডিচেম্বৰ তাৰিখে।
3. ১৯৪৫ চনৰ জুলাই মাহত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কোনটো দল জয়ী হৈছিল?
উত্তৰঃ শ্রমিক দল।
4. কেবিনেট মিছনৰ তৎপৰতাত কি গঠিত হৈছিল?
উত্তৰঃ সংবিধান সভা।
5. সংবিধান সভাৰ প্ৰথমখন বৈঠকত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰঃ ড°সচ্ছিদানন্দ সিনহাই।
6. সংবিধান প্ৰস্তুত কৰাৰ সন্দৰ্ভত সংবিধান সভাৰ বৈঠক কিমানখন বহিছিল?
উত্তৰঃ মুঠ ১১ খন বৈঠক।
7. সংবিধান সভাই খচৰা কমিটি কেতিয়া গঠন কৰিছিল?
উত্তৰঃ ১৯৪৭ চনৰ ২৯ আগষ্টত।
8. খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল?
উত্তৰঃ ড° বি আৰ আম্বেদকাৰ।
9. সংবিধানৰ খচৰাখন ড° ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত কেতিয়া দাখিল কৰা হয়?
উত্তৰঃ ১৯৪৬ চনৰ ২৬ নৱেম্বৰত।
10. নতুন সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী।
11. প্রস্তাবনা কি?
উত্তৰঃ প্ৰস্তাৱনা হ’ল সংবিধানৰ পাতনি।
12. সার্বভৌমত্ব কি?
উত্তৰঃ সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।
13. Fedration শব্দটো ক’ৰ পৰা লোৱা হৈছে?
উত্তৰঃ লেটিন শব্দ ‘Foedus’ৰ পৰা।
14. Foedus ৰ প্ৰকৃত অর্থ কি?
উত্তৰঃ ‘চুক্তি’ বা ‘সন্ধি’।
15. যুক্তৰাষ্ট্ৰ কাক বোলে?
উত্তৰঃ যুক্তৰাষ্ট্ৰ হ’ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি।
16. যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ প্ৰথম ক’ত প্ৰৱৰ্তন হৈছিল?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।
17. যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোনখন ৰাষ্ট্ৰক কোৱা হয়?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক।
18. ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন দেশক অনুকৰণ কৰিছিল?
উত্তৰঃ কানাডা যুক্তৰাষ্ট্ৰ সংবিধানক।
19. চাৰকাৰিয়া আয়োগ কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৯৮৩ চনত।
20. ভাৰতবৰ্ষৰ সংসদত কেইখন সদন আছে?
উত্তৰঃ দুখন সদন আছে।
21. ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যবস্থা কোনখন আইন মতে চলিছিল?
উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন মতে।
22. সংবিধানৰ প্ৰস্তাৱনাত “ আমি ভৰতীয় জনসাধাৰণে” বুলি উল্লেখ কৰি সংবিধান প্রণেতা সকলে কি বুলি স্পষ্ট কৰিছে?
উত্তৰঃ সংবিধান প্রণেতা সকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।
23. সংবিধানৰ কিমান নম্বৰ সংশোধনী মতে সমাজবাদী শব্দাটো প্ৰস্তাৱনাত সংযোজন কৰা হৈছে?
উত্তৰঃ ৪২ নম্বৰ সংশোধনী আইনৰ জৰিয়তে।
24. ভাৰতবৰ্ষক কিয় এখন গণৰাজ্য বুলি কোৱা হয়?
উত্তৰঃ ভাৰতবৰ্ষ এখন গণৰাজ্য কাৰণ দেশৰ ৰাষ্ট্ৰ প্রধানজন (ৰাষ্ট্ৰপতি) জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ’ব।
25. ধৰ্মনিৰপেক্ষ শব্দটো সংবিধানৰ কিমান নম্বৰ সংশোধনী মতে প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছে?
উত্তৰঃ ৪২ নং সংশোধনী মতে।
26. দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰবৰ্তন কৰাৰ ক্ষেত্ৰত কোনখন দেশৰ সংবিধান বিশেষ ভাৱে অনুকৰণ কৰা হৈছিল?
উত্তৰঃ ইংলেণ্ডৰ সংবিধান।
শুদ্ধ উত্তৰটো বাছি উলিওৱা
প্রশ্ন ১। ভাৰতবৰ্ষই কেতিয়া স্বাধীনতা লাভ কৰে—
(ক) ১৯৪৫ চনৰ ২৬ জানুৱাৰী।
(খ) ১৯৪৭ চনৰ ১৫ আগষ্ট।
(গ) ১৯৪৮ চনৰ ২৬ জানুৱাৰী।
(ঘ) ১৯৫০ চনৰ ২৬ জানুৱাৰী।
উত্তৰঃ (খ) ১৯৪৭ চনৰ ১৫ আগষ্ট।
প্রশ্ন ২। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে—
(ক) আছে।
(খ) নাই।
(গ) ব্যৱস্থা হ’বহে।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) নাই।
প্রশ্ন ৩। ১৯৪৫ চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটো-
(ক) শ্রমিক দল।
(খ) ৰাজনৈতিক দল।
(গ) কমিউনিষ্ট দল।
(ঘ) বনুৱা দল।
উত্তৰঃ (ক) শ্রমিক দল।
প্রশ্ন ৪। ভাৰতত সংবিধান সভা গঠন হৈছিল-
(ক) মুছলিম লীগৰ তৎপৰতাত।
(খ) কেবিনেট মিছনৰ তৎপৰতাত।
(গ) জাতীয় কংগ্ৰেছৰ তৎপৰতাত।
(ঘ) কমিউনিষ্ট দলৰ তৎপৰতাত।
উত্তৰঃ (খ) কেবিনেট মিছনৰ তৎপৰতাত।
প্রশ্ন ৫। ‘Fo edus’ শব্দৰ অৰ্থ হ’ল—
(ক) যুদ্ধ অথবা শান্তি।
(খ) চুক্তি অথবা সন্ধি।
(গ) ‘যুদ্ধ’ অথবা ‘সন্ধি’।
(ঘ) ‘যুদ্ধ’ অথবা ‘ধ্বংস’।
উত্তৰঃ (খ) চুক্তি অথবা সন্ধি।
প্রশ্ন ৬। ইংৰাজী ‘Federation’ শব্দটো আহিছে—
(ক) গ্রীক শব্দ ‘Foedus’ ৰ পৰা।
(খ) গ্রীক শব্দ ‘Fo edos’ ৰ পৰা।
(গ) লেটিন শব্দ ‘Foedus’ ৰ পৰা।
(ঘ) লেটিন শব্দ ‘Fo edos’ ৰ পৰা।
উত্তৰঃ (গ) লেটিন শব্দ ‘Foedus’ ৰ পৰা।
প্রশ্ন ৭। ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষজন, হ’ল—
(ক) ড° বি আৰ আম্বেদকাৰ।
(খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ।
(গ) সৰ্বপল্লী ৰাধাকৃষ্ণণ।
(ঘ) জৱাহৰলাল নেহৰু।
উত্তৰঃ (ক) ড° বি আৰ আম্বেদকাৰ।
প্রশ্ন ৮। সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নির্বাচিত হৈছিল-
(ক) ড° বি আৰ আম্বেদকাৰ।
(খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ।
(গ) জৱাহৰলাল নেহৰু।
(ঘ) গোপাল কৃষ্ণ আয়েঙ্গাৰ।
উত্তৰঃ (খ) ড° ৰাজেন্দ্ৰ প্ৰসাদ।
প্রশ্ন ৯। সংবিধান সভাৰ প্ৰথম বৈঠক বহিছিল-
(ক) ১৯৪৭ চনৰ ৯ ডিচেম্বৰত।
(খ) ১৯৪৭ চনৰ ১০ ডিচেম্বৰত।
(গ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত।
(ঘ) ১৯৪৫ চনৰ ৯ ডিচেম্বৰত।
উত্তৰঃ (গ) ১৯৪৬ চনৰ ৯ ডিচেম্বৰত
প্রশ্ন ১০। সার্বভৌমত্ব মানে-
(ক) ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।
(খ) ৰাজ্যৰ সৰ্বোচ্চ ক্ষমতা।
(গ) ব্যক্তিৰ অধিকাৰ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) ৰাষ্ট্ৰ সৰ্বোচ্চ ক্ষমতা।
প্রশ্ন ১১। ‘যুক্তৰাষ্ট্ৰ’ শব্দটো উল্লেখ নাই–
(ক) ভাৰতৰ সংবিধানত।
(খ) আমেৰিকাৰ সংবিধানত।
(গ) ইংলেণ্ডৰ সংবিধানত।
(ঘ) কানাডাৰ সংবিধানত।
উত্তৰঃ (ক) ভাৰতৰ সংবিধানত।
প্রশ্ন ১২। পৃথিৱীৰ বৃহত্তম গণতান্ত্রিক দেশ—
(ক) চীনদেশ।
(খ) ইংলেণ্ড।
(গ) ভাৰতবৰ্ষ।
(ঘ) কানাডা।
উত্তৰঃ (গ) ভাৰতবর্ষ।
প্রশ্ন ১৩। জনমত হ’ল—
(ক) সংখ্যাগৰিষ্ঠতাৰ মত।
(খ) কল্যাণকামী মত।
(গ) জনসাধাৰণৰ মত।
(ঘ) সকলোৰে মত।
উত্তৰঃ (খ) কল্যাণকামী মত।
প্রশ্ন ১৪। বর্তমান যুগৰ উত্তম চৰকাৰ—
(ক) ৰাজতন্ত্ৰ।
(খ) প্রজাতন্ত্র।
(গ) গণতন্ত্র।
(ঘ) ধনতন্ত্র।
উত্তৰঃ (গ) গণতন্ত্র।
প্রশ্ন ১৫। ভাৰতত বৰ্তমান প্রচলিত চৰকাৰ-
(ক) ৰাষ্ট্ৰপতীয়।
(খ) গণতান্ত্রিক।
(গ) মৰ্চা।
(ঘ) সংসদীয়।
উত্তৰঃ (ঘ) সংসদীয়।
প্রশ্ন ১৫। তলৰ কোন ব্যক্তি ভাৰতৰ সংবিধান খৰচা কমিটিৰ সদস্য নাছিল?
(ক) এন. গোপালস্বামী আয়েংগাৰ।
(খ) কে. এম. মুন্সি।
(ঘ) ডি. পি. খৈতান।
(গ) জৱাহৰলাল নেহৰু।
উত্তৰঃ (গ) জৱাহৰলাল নেহৰু।
প্রশ্ন ১৫। ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা ৪২ নং সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোজন কৰা হৈছিল?
(ক) সার্বভৌম।
(খ) গণতান্ত্রিক।
(গ) গণৰাজ্য।
(ঘ) সমাজবাদী।
উত্তৰঃ (ঘ) সমাজবাদী।
অতি চমু প্রশ্নোত্তৰ
প্রশ্ন ১। কেবিনেট মিছন’ত কেইজন মন্ত্ৰী আছিল?
উত্তৰঃ তিনিজন।
প্রশ্ন ২। সংবিধান সভাৰ প্ৰথমখন বৈঠক কিমান চনত বহিছিল?
উত্তৰঃ ১৯৪৬ চনৰ ১ ডিচেম্বৰত।
প্রশ্ন ৩। সংবিধানখন প্ৰস্তুত কৰা সন্দৰ্ভত সংবিধান সভাৰ কেইখন বৈঠক বহিছিল?
উত্তৰঃ মুঠ ১১ খন।
প্রশ্ন ৪। সংবিধান সভাই কেতিয়া খচৰা কমিটি গঠন কৰিছিল?
উত্তৰঃ ১৯৪৭ চনৰ ২৯ আগষ্টত।
প্রশ্ন ৫। ভাৰতবৰ্ষৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা৷
প্রশ্ন ৬। ‘Foedus’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘চুক্তি’ অথবা ‘সন্ধি’।
প্রশ্ন ৭। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে?
উত্তৰঃ কানাডাৰ সংবিধানৰ পৰা।
প্রশ্ন ৮। সংবিধানৰ ১নং অনুচ্ছেদত ভাৰতক কি বুলি কোৱা হৈছে?
উত্তৰঃ ‘ৰাজ্যসমূহৰ সংঘ (Union of State)।
প্রশ্ন ৯। দ্বৈত নাগৰিকত্ব ব্যৱস্থা থকা এখন দেশৰ নাম লিখা।
উত্তৰঃ আমেৰিকা।
প্রশ্ন ১০। ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ মূল কাৰণটো কি?
উত্তৰঃ দেশৰ সাৰ্বভৌম আৰু অখণ্ডতাক সুৰক্ষিত কৰা।
প্রশ্ন ১১। ‘ছাৰকাৰিয়া আয়োগ’ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৮৩ চনত।
প্রশ্ন ১২। ভাৰতৰ সংসদৰ উচ্চ সদন কোনখন?
উত্তৰঃ ৰাজ্য সভা।
প্রশ্ন ১৩। ইংলেণ্ডৰ উচ্চ সদনখনৰ নাম কি?
উত্তৰঃ সংসদ।
প্রশ্ন ১৪। ভাৰতবৰ্ষৰ সংসদ কেইখন সদনেৰে গঠিত?
উত্তৰঃ দুখন (ৰাজ্যসভা আৰু লোকসভা)।
প্রশ্ন ১৫। কিমান চনত ভাৰতবৰ্ষত সংসদীয় পদ্ধতিৰ চৰকাৰ আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৩৫ চনত।
প্রশ্ন ১৬। কোনে গণতন্ত্ৰক ‘ৰাইজৰ দাবী’ আৰু ‘ৰাইজৰ বাবে’ গঠিত এক চৰকাৰ বুলি সংজ্ঞা প্ৰদান কৰিছিল?
উত্তৰঃ আব্রাহম লিংকনে।
প্রশ্ন ১৭। ‘Democracy’ শব্দৰ অৰ্থ লিখা।
উত্তৰঃ জনসাধাৰণৰ শাসন।
প্রশ্ন ১৮। ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে কিমান চনত ‘কেবিনেট মিছন’ক ভাৰতলৈ পঠিয়াইছিল?
উত্তৰঃ ১৯৪৬ চনৰ মাৰ্চ মাহত।
প্রশ্ন ১৯। ‘কেবিনেট মিছন’ মানে কি?
উত্তৰঃ ‘কেবিনেট মিছন’ মানে হ’ল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট।
প্রশ্ন ২০। কেবিনেট মিছনৰ তৎপৰতাত কি সভা গঠন হৈছিল?
উত্তৰঃ সংবিধান সভাৰ।
প্রশ্ন ২১। সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল?
উত্তৰঃ ড° সচ্ছিদানন্দ সিন্হাই।
প্রশ্ন ২২। খচৰা সমিতিখনৰ অধ্যক্ষজনৰ নাম কি?
উত্তৰঃ ড° বি আৰ আম্বেদকাৰ।
প্রশ্ন ২৩। সার্বভৌমত্ব মানে কি?
উত্তৰঃ ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।
প্রশ্ন ২৪। পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম কোনখন দেশত প্ৰৱৰ্তন হৈছিল?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত।
প্রশ্ন ২৫। গণতন্ত্র শব্দটো ইংৰাজী কোন শব্দৰ সমাৰ্থক?
উত্তৰঃ ‘ডেম’ক্ৰেচী’ শব্দৰ।
প্রশ্ন ২৬। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ এটা উদাহৰণ দিয়া?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰ।
প্রশ্ন ২৭। যুক্তৰাষ্ট্ৰীয় চৰকাৰখন কি সংবিধান?
উত্তৰঃ লিখিত।
প্রশ্ন ২৮। সংসদীয় পদ্ধতি চৰকাৰৰ জন্মস্থান ক’ত?
উত্তৰঃ ইংলেণ্ডত।
প্রশ্ন ২৯। ‘গণতন্ত্ৰ দিৱস’ কেতিয়া পালন কৰা হয়?
উত্তৰঃ ২৬ জানুৱাৰীত।
প্রশ্ন ৩০। ভাৰতীয় সংবিধানখন কোনে প্রস্তুত কৰিছিল?
উত্তৰঃ সংবিধান সভাই।
প্রশ্ন ৩১। সংবিধান সভাত খচৰা সমিতিৰ সদস্য সংখ্যা কিমানজন?
উত্তৰঃ ৭ জন।
প্রশ্ন ৩২। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ খচৰা কোনে কৰিছিল?
উত্তৰঃ খচৰা সমিতিয়ে।
প্রশ্ন ৩৩। সংবিধান সভাৰ অসমৰ সদস্য গৰাকীৰ নাম কি?
উত্তৰঃ চৈয়দ মহম্মদ চাদুল্লা।
প্রশ্ন ৩৪। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো কোনটো বাক্যৰে আৰম্ভ কৰা হৈছিল?
উত্তৰঃ ‘আমি ভাৰতীয় জনসাধাৰণে’ নামৰ বাক্যৰে।
প্রশ্ন ৩৫। সংবিধান সভাৰ কাৰ্যাৱলী কেতিয়াৰ পৰা আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৪৬ চনৰ ৭ ডিচেম্বৰৰ পৰা৷
প্রশ্ন ৩৬। ভাৰতীয় সংবিধানখনত কিমানটা অনুচ্ছেদ আছে?
উত্তৰঃ ৩১৫ টা।
প্রশ্ন ৩৭। সংবিধানে ভাৰতবৰ্ষক কি বুলি ঘোষণা কৰিছে?
উত্তৰঃ ভাৰতবৰ্ষ এখন সার্বভৌম গণতান্ত্রিক গণৰাজ্য হিচাপে।
প্রশ্ন ৩৮৷ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধানজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হয়নে?
উত্তৰঃ হয়।
প্রশ্ন ৩৯। প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা কি কি?
উত্তৰঃ সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্র।
প্রশ্ন ৪০। যুক্তৰাষ্ট্ৰ মানে কি?
উত্তৰঃ যুক্তৰাষ্ট্ৰ হ’ল পাৰস্পৰিক সন্ধি অযথা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি।
প্রশ্ন ৪১। আমেৰিকাক কিয় ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ বুলি কোৱা হয়?
উত্তৰঃ পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। সেইবাবেই আমেৰিকাক ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’ (Homland of Federation) বুলি কোৱা হয়।
প্রশ্ন ৪২। ভাৰতবৰ্ষত কিয় ‘ছাৰকাৰিয়া আয়োগ’ গঠন কৰা হৈছিল?
উত্তৰঃ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত সংশোধন আনি অংগৰাজ্যসমূহক স্বতন্ত্রতা প্ৰদানৰ দাবী সময়ে সময়ে উত্থাপিত হৈ আহিছে। এনে দাবীৰ বাবেই ১৯৮৩ চনত ‘ছাৰকাৰিয়া আয়োগ’ গঠন কৰা হৈছিল।
প্রশ্ন ৪৩। সংসদীয় গণতন্ত্র মানে কি?
উত্তৰঃ সংসদীয় গণতন্ত্র হ’ল এবিধ শাসন ব্যৱস্থা য’ত জনপ্রতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়।
প্রশ্ন ৪৪। প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ কি বুলি অভিহিত কৰে?
উত্তৰঃ আত্মা (Soul), বিবেক (conscience), দুৱাৰডলি (thereshold), আৰু ছাবি-কাঠী (Key)।
প্রশ্ন ৪৫। প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্রণেতাসকলে কি স্পষ্ট কৰিছে?
উত্তৰঃ সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণহে সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।
প্রশ্ন ৪৬। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত কোনকেইটা শব্দ নাছিল?
উত্তৰঃ ‘সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’ আৰু ‘ঐক্য’ এই শব্দকেইটা।
প্রশ্ন ৪৭। যুক্তৰাষ্ট্ৰ মানে কি?
উত্তৰঃ প্ৰকৃতাৰ্থত যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্রতিশব্দ ‘Federation’-টো লেটিনৰ ‘Foedus’ শব্দৰ পৰা আহিছে। যাৰ অৰ্থ হৈছে ‘চুক্তি’ অথবা ‘সন্ধি’। সেয়ে যুক্তৰাষ্ট্ৰ হ’ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি।
প্রশ্ন ৪৮। গণতন্ত্ৰৰ ভাগ দুটা কি কি?
উত্তৰঃ প্রত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্র।
প্রশ্ন ৪৯। আব্রাহাম লিংকনৰ মতে গণতন্ত্ৰৰ সংজ্ঞাটো কি?
উত্তৰঃ আব্রাহাম লিংকনৰ মতে গণতন্ত্ৰ হৈছে – ‘ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ চৰকাৰ।’
প্রশ্ন ৫০। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ অংগ তিনিটা কি কি?
উত্তৰঃ কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা।
প্রশ্ন ৫১। যুক্তৰাষ্ট্ৰীয় চৰকাৰত কেইধৰণৰ চৰকাৰ থাকে?
উত্তৰঃ দুই ধৰণৰ –
(ক) কেন্দ্ৰীয় চৰকাৰ। আৰু
(খ) ৰাজ্য চৰকাৰ৷
প্রশ্ন ৫২। যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা কেইখনমান দেশৰ নাম লিখা।
উত্তৰঃ আমেৰিকা, আফ্রিকা, অষ্ট্রেলিয়া, চুইজাৰলেণ্ড আৰু ভাৰতবৰ্ষ।
প্রশ্ন৫৩ ৷ বৰ্তমান পৃথিৱীত জনপ্ৰিয় হোৱা গণতান্ত্রিক চৰকাৰ কেইবিধ আৰু কি কি?
উত্তৰঃ চাৰি প্ৰকাৰৰ।
(ক) এককেন্দ্ৰীয় চৰকাৰ।
(খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ।
(গ) সংসদীয় চৰকাৰ।
(ঘ) ৰাষ্ট্ৰপতীয় চৰকাৰ।
প্রশ্ন ৫৪। সংসদীয় পদ্ধতিৰ চৰকাৰ কাক বোলে?
উত্তৰঃ কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি চলা চৰকাৰক সংসদীয় পদ্ধতিৰ চৰকাৰ বোলে৷
প্রশ্ন ৫৫। সংসদীয় পদ্ধতি চৰকাৰৰ মুৰব্বী দুজনৰ নাম কি কি?
উত্তৰঃ প্রকৃত কাৰ্যপালিকা আৰু নামমাত্ৰ কাৰ্য পালিকা।
প্রশ্ন ৫৬। যুক্তৰাষ্ট্ৰীয় চৰকাৰ কাক বোলে?
উত্তৰঃ যি পদ্ধতিৰ চৰকাৰত সকলো ক্ষমতা একমাত্ৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্রীভূত হৈ নাথাকে তেনে চৰকাৰক যুক্তৰাষ্ট্ৰীয় চৰকাৰ বোলে। যেনে – আমেৰিকা যুক্তৰাষ্ট্র।
প্রশ্ন ৫৭। ভাৰতীয় সংবিধানখন আন কোন কোন দেশৰ সংবিধানৰ পৰা গ্ৰহণ কৰা হৈছে?
উত্তৰঃ (ক) ব্ৰিটিছ সংবিধান।
(খ) আমেৰিকা সংবিধান।
(গ) কানাডাৰ সংবিধান।
(ঘ) আয়াৰলেণ্ডৰ সংবিধান।
প্রশ্ন ৫৮। সংবিধান সভাৰ দুগৰাকী মহিলা সদস্যাৰ লিখা।
উত্তৰঃ সৰোজনী নাইডু আৰু বিজয়লক্ষ্মী পণ্ডিত।
প্রশ্ন ৫৯। ভাৰতবৰ্ষক কিয় গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়?
উত্তৰঃ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। কাৰণ দেশৰ শাসনৰ ব্যৱস্থা জনসাধাৰণৰ প্রতিনিধিৰ দ্বাৰা পৰিচালিত হয়।
প্রশ্ন ৬০। ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলিও কিয় কোৱা হয়?
উত্তৰঃ ভাৰতবৰ্ষক এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলিও কোৱা হয়। কাৰণ ইয়াত কোনো চৰকাৰী ৰাষ্ট্ৰধৰ্ম নাই । চৰকাৰৰ দৃষ্টিত সকলো ধর্ম সমান।
প্রশ্ন ৬১। কেবিনেট মিছন কেইজন সদস্যৰ দ্বাৰা গঠিত আৰু কি কি?
উত্তৰঃ তিনিজন সদস্যৰ দ্বাৰা-গঠিত—
(ক) লৰ্ড পেথিক লৰেঞ্চ।
(খ) ছাৰ ষ্টেফোর্ড ক্রীপছ। আৰু
(গ) এ. ভি. আলেকজেণ্ডাৰ ৷
অতি চমু উত্তৰৰ প্রশ্ন :
১। ১৯৪৫ চনত অনুষ্ঠিত হােৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল ?
উত্তৰঃ ১৯৪৫ চনত অনুষ্ঠিত হােৱা নিৰ্বাচনত ইংলেণ্ডত শ্রমিক দল জয়ী হৈছিল।
২। “ কেবিনেট মিছন ” ভাৰতলৈ কেতিয়া আহিছিল ?
উত্তৰঃ “ কেবিনেট মিছন ” ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰতলৈ আহিছিল।
৩। সংবিধান সভাৰ প্রথম সভাপতি কোন আছিল ?
উত্তৰঃ সংবিধান সভাৰ প্রথম সভাপতি ড ° সচ্চিদানন্দ সিনহা আছিল।
৪। খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি ?
উত্তৰঃ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ’ল- ড ° বি. আৰ. আম্বেদকাৰ।
৫। “ সমাজবাদী আৰু “ ধর্মনিৰপেক্ষ ” শব্দ দুটা সংবিধানৰ কিমান সংশােধনী মতে প্রস্তাৱনাত সন্নিৱিষ্ট হৈছিল ?
উত্তৰঃ সংবিধানৰ ৪২ নং সংশােধনী আইনৰ জৰিয়তে “ সমাজবাদী ” আৰু “ ধর্মনিৰপেক্ষ ” শব্দ দুটা সংবিধানৰ প্ৰস্তাৱনাত সন্নিবিষ্ট কৰা হৈছিল।
৬। ইংৰাজী “ Federation ” শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে ?
উত্তৰঃ ইংৰাজী “ Federation ” শব্দটো লেটিন শব্দ “ Foedus ” ৰ পৰা আহিছে।
৭। “ যুক্তৰাষ্ট্ৰৰ গৃহভূমি ” বুলি কাক কোৱা হয়।
উত্তৰঃ “ যুক্তৰাষ্ট্ৰৰ গৃহভূমি ” বুলি আমেৰিকা যুক্তৰাষ্ট্রক কোৱা হয়।
৮। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?
উত্তৰঃ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই।
৯। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে ?
উত্তৰঃ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ ধাৰণাটো ইংলেণ্ড দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে।
ভাৰতীয় গণতন্ত্ৰ (INDIAN DEMOCRACY)
চমু উত্তৰৰ প্রশ্ন:
১। ব্রিটিছ চৰকাৰে “ কেবিনেট মিছনক কিয় ভাৰতলৈ পঠিয়াইছিল ?
উত্তৰঃ ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিবেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত ‘কেবিনেট মিছন ‘ক ভাৰতলৈ পঠাইছিল।
২। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্রস্তুত কৰিছিল ?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন অনুসৰি পৰিচালিত হৈছিল আৰু আইনখন ব্ৰিটিছ সংসদে প্রস্তুত কৰিছিল।
৩। প্রস্তাৱনাত “ আমি ভাৰতীয় জনসাধাৰণে ” বুলি কিয় উল্লেখ কৰা হৈছে ?
উত্তৰঃ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা “ আমি ভাৰতীয় জনসাধাৰণে ” বুলি কোৱা বাক্যাংশটোৰে ইয়াকে বুজাইছে যে ভাৰতীয় সংবিধানখন ভাৰতীয় নাগৰিকসকলৰ হাততহে ন্যস্ত আছে আৰু এইখন কেৱল তেওঁলােকৰ বাবে । ভাৰতীয় জনসাধাৰণেই হ’ল ভাৰতৰ সংবিধানখনৰ ৰচনাৰ আঁৰত থকা বৃহৎ শক্তি।
৪। “ সার্বভৌম ” মানে কি বুজা ?
উত্তৰঃ ‘ ‘সার্বভৌম’ মানে হ’ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।
৫। কোন চনৰ কিমান সংখ্যক সংশােধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত “ সমাজবাদী ” আৰু “ ধর্মনিৰপেক্ষ ” শব্দ দুটা সন্নিবিষ্ট কৰা হৈছে ?
উত্তৰঃ ১৯৭৬ চনৰ ১৮ ডিচেম্বৰত হােৱা সংবিধানৰ ৪২ তম সংশােধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত “ সমাজবাদী ” আৰু “ ধর্মনিৰপেক্ষ ” শব্দ দুটা সন্নিৱিষ্ট কৰা হৈছিল।
৬। “ অর্ধযুক্তৰাষ্ট্র ” কাক বােলে ?
উত্তৰঃ এখন ৰাষ্ট্ৰৰ শাসন ব্যৱস্থাত যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্রিক চৰকাৰ উভয়ৰে বৈশিষ্ট্য সন্নিবিষ্ট থাকিলে তাক “ অর্ধযুক্তৰাষ্ট্র ” বুলি কোৱা হয়।
৭। কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি প্রৱর্তন কৰিছিল ?
উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।
দীঘল উত্তৰৰ প্রশ্ন:
১। ভাৰতবৰ্ষত সংবিধানৰপ্ৰস্তাৱনাত সংবিধানৰ আদর্শ কেনেদৰে প্ৰকাশ পাইছে আলােচনা কৰা।
উত্তৰঃ প্ৰস্তাৱনা হ’ল সংবিধানৰ পাতনি যিয়ে সংবিধানখনৰ লক্ষ্য , উদ্দেশ্য , আদর্শ আৰু দর্শন সম্পর্কে সংবিধানখনৰ আৰম্ভণিতে চমুকৈ পৰিচয় কৰি দিছে আৰু আইনগতভাৱে এইবােৰ সাধন কৰিব বিচৰাৰ বিষয়ে ব্যাখ্যা কৰিছে। সেয়েহে , ইয়াক ভাৰতীয় সংবিধানৰ আত্মা , বিবেক, দুৱাৰডলি আৰু চাবিকাঠী হিচাপে গণ্য কৰা হয়।ই সংবিধানখনৰ আভ্যন্তৰীণ উদ্যমক প্রতিফলিত কৰে। প্ৰস্তাৱনাটোৰ প্ৰতিটো শব্দই সংবিধানখনৰ আদর্শ , দর্শন তথা উদ্দেশ্যসমূহক বহন কৰিছে। প্রস্তাৱনাটোৰ একেবাৰে আৰম্ভণিৰ “ আমি ভাৰতীয় জনসাধাৰণে ” বােলা বাক্যাংশটোৱে এইটো আদর্শক প্রতিফলিত কৰিছে যে সংবিধানখনৰ প্রকৃত কর্তৃত্ব ভাৰতীয় নাগৰিকসকলৰ ওপৰত ন্যস্ত আছে আৰু তেওঁলােকেই হৈছে সংবিধান ৰচনাৰ আঁৰত থকা প্রধান শক্তি। প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দ যেনে- সার্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্র, আটাইকেইটাৰ মাজতে সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈছে। এই প্রতিটো শব্দই সংবিধানখনৰ আদৰ্শসমূহ প্রতিফলিত কৰিছে । প্রস্তাটোত এইটোও উল্লেখ কৰা হৈছে যে ভাৰতত ন্যায় , স্বাধীনতা , সমতা আৰু ভ্রাতৃত্ববােধ স্থাপন কৰা হ’ব। এই শব্দকেইটাৰ জৰিয়তেও সংবিধানখনৰ আদৰ্শ আৰু উদ্দেশ্যসমূহৰ ওপৰত জোৰ দিছে। এইদৰে প্ৰস্তাৱনাটোৰ প্ৰতিটো শব্দত ভাৰতীয় সংবিধানখনৰ আদৰ্শসমূহ স্পষ্টভাৱে প্ৰকাশ পাইছে।
২। “সার্বভৌম”, “সমাজবাদী”, “ধর্মনিৰপেক্ষ”, “গণতান্ত্রিক ” আৰু “ গণৰাজ্য ” বুলিলে কি বুজা বহলাই লিখা।
উত্তৰঃ উল্লেখিত শব্দ কেইটাক তলত দিয়া ধৰণে বর্ণনা কৰিব পাৰি:
( ক ) সার্বভৌম :- সার্বভৌম শব্দৰ অৰ্থ হৈছে সর্বোচ্চ ক্ষমতাৰ অধিকাৰী। অর্থাৎ সার্বভৌম ৰাষ্ট্র এখনে ৰাষ্ট্ৰখনৰ আভ্যন্তৰীণ বিষয়ৰ লগতে বৈদেশিক ক্ষেত্ৰতাে স্বাধীনভাৱে সকলাে সিদ্ধান্ত গ্রহণ কৰিব পাৰে। ই কোনাে বিদেশী শক্তিৰ অধীন নহয় ই হ’ল ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা।
( খ ) সমাজবাদী :- ভাৰতবর্ষ এখন সমাজবাদী ৰাষ্ট্র। ১৯৭৬ চনৰ ৪২ তম সংশােধনীৰ দ্বাৰা প্ৰস্তাৱনাত এই শব্দটো সংযােজন কৰা হৈছে। ই দেশৰ নাগৰিকসকলৰ মাজত দেশৰ সম্পদসমূহ সমানভাৱে বিতৰণ কৰাৰ ধাৰণাটো ব্যক্ত কৰিছে। সমাজবাদী শব্দটোৰ জৰিয়তে ভাৰতবৰ্ষৰ মানুহৰ মাজত আয়, মর্যাদা আৰু জীৱনধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নথকা বুজায়।
( গ ) ধর্মনিৰপেক্ষ :- ভাৰতবর্ষ এখন ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ। ১৯৭৬ চনৰ ৪২ তম সংশােধনীৰ দ্বাৰা সংবিধানৰ প্ৰস্তাৱনাত এই শব্দটো সংযােজন কৰা হৈছিল। ইয়াত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলো ধৰ্ম সমান
আৰু ধৰ্মৰ নামত কোনো বৈষম্য নথকাটো বুজায়। দেশৰ নাগৰিকসকলৰ নিজৰ ইচ্ছা অনুসৰি যিকোনাে ধর্ম গ্রহণ , অনুশীলন তথা প্ৰচাৰ কৰাৰ অধিকাৰ আছে।
( ঘ ) গণতান্ত্রিক :- ভাৰতবর্ষ এখন গণতান্ত্রিক দেশ। গণতান্ত্রিক শব্দটোৰ জৰিয়তে দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হোৱা বুজায়। গণতান্ত্রিক দেশ হিচাপে ইয়াৰ প্ৰতিজন নাগৰিকৰে নির্বাচন প্রক্রিয়াত অংশগ্রহণ কৰাৰ আৰু ভােটদান কৰাৰ অধিকাৰ আছে।
( ঙ ) গণৰাজ্য :- ভাৰতবর্য এখন গণৰাজ্য। ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নির্বাচিত হলে তাক গণৰাজ্য হিচাপে জনা যায়। জনগণৰ দ্বাৰা নির্বাচিত প্রতিনিধিসকলৰ দ্বাৰা ৫ বছৰ কাৰ্যকালৰ বাবে ভাৰতৰ ৰাষ্ট্রপতিজনক নির্বাচিত কৰা হয়।
৩। নেহৰুৰ উদ্দেশ্য সম্পর্কিত প্রস্তাৱকেইটা আলােচনা কৰা ৷
উত্তৰঃ ভাৰতীয় সংবিধানখন প্ৰণয়নৰ ক্ষেত্ৰত পণ্ডিত জৱাহৰলাল নেহৰুৱে আগবঢ়োৱা উদ্দেশ্য সম্পর্কিত প্রস্তাৱকেইটা তলত উল্লেখ কৰা হলঃ
( ক ) গণ পৰিষদে ভাৰতবৰ্ষক এখন স্বাধীন , সার্বভৌম , প্রজাতন্ত্র হিচাপে ঘােষণা কৰিবলৈ সংবিধান সভা দৃঢ় প্রতিজ্ঞ হ’ব ( পিছলৈ “ স্বাধীন ” শব্দটো বাদ দিয়া হয় )।
( খ ) ব্রিটিছ শাসিত ভাৰতীয় ভূখণ্ড আৰু ভাৰতীয় ৰাজ্যক্ষেত্ৰৰ অন্তর্ভুক্ত হ’ব বিচৰা দেশীয় ৰাজ্যসমূহক লৈ এখন সংঘ গঠিত হ’ব।
( গ ) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক , অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায় , সমতা , ধর্মীয় স্বাধীনতা ৰক্ষা , চিন্তা আৰু মতামত পকাশৰ সাধীনতাক স্বীকৃত প্রদান কৰা হব।
( ঘ ) অনুসূচিত জাতি , জনজাতি , অনুন্নত সম্প্রদায় আৰু সংখ্যালঘু জনগণৰ সুৰক্ষাৰ বাবে সঠিক ব্যৱস্থা থাকিব।
( ঙ ) দেশৰ স্বাধীনতা , সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰা হ’ব।
( চ ) আন্তর্জাতিক সম্পর্ক , বিশ্ব শান্তি আৰু জনগণৰ কল্যাণৰ বাবে ভাৰতবৰ্ষই সম্পূর্ণ সহযােগিতা আগবঢ়াব।
( ছ ) ভাৰতীয় জনগণই সকলো ক্ষমতাৰ উৎস হ’ব বুলি নিশ্চয়তা প্রদান কৰা।
( জ ) ভাৰতীয় সংঘত যোগ দিয়া দেশীয় ৰাজ্যসমূহক অৱশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাধ্যমেৰে অংগৰাজ্যৰ মর্যাদা লাভ কৰিব।
৪। ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা ৷
উত্তৰঃ ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হ’ল –
( ক ) ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো হৈছে এক “ অর্ধ – যুক্তৰাষ্ট্ৰীয় ” ব্যৱস্থা। ই যুক্তৰাষ্ট্ৰীয় আৰু এককেন্দ্রিক উভয়ৰে বৈশিষ্ট্যৰে গঠিত।
( খ ) ভাৰতবৰ্ষত সমগ্ৰ ৰাজ্যসমূহৰ বাবে এখন সংবিধানৰ ব্যৱস্থা আছে। অর্থাৎ আমাৰ অংগৰাজ্যসমূহত সুকীয়া সংবিধানৰ ব্যৱস্থা নাই।
( গ ) ভাৰতীয় সংঘৰ অংগৰাজ্যসমূহৰ সংঘৰ পৰা আঁতৰি যােৱাৰ অধিকাৰ – নাই।
( ঘ ) ইয়াত ৰাজ্যিক চৰকাৰতকৈ কেন্দ্রীয় চৰকাৰ অধিক শক্তিশালী কিয়নাে সংবিধানে সকলােবােৰ গুৰুত্বপূৰ্ণ ক্ষমতা কেন্দ্রীয় চৰকাৰক প্ৰদান কৰিছে।
( ঙ ) ইয়াত ৰাজ্যপালসকলে কেন্দ্রীয় চৰকাৰৰ প্রতিনিধি হিচাপে কাম কৰে। ৰাজ্যপালসকলৰ নিযুক্তি প্রক্রিয়াই ভাৰতবৰ্ষক যুক্তৰাষ্ট্ৰীয় চৰিত্র প্রদান কৰা নাই।
( চ ) ইয়াত দেশখনৰ সার্বভৌমত্ব আৰু অখণ্ডতাক সুৰক্ষিত কৰাৰ উদ্দেশ্যে দেশৰ জনসাধাৰণক একক নাগৰিকত্ব প্ৰৱৰ্তন কৰা হৈছে।
( ছ ) ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কেন্দ্ৰৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে ইয়াক “সহযােগিতামূলক যুক্তৰাষ্ট্র ” বুলি কোৱা হয়।
৫। ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযােগ্য বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ ভাৰতীয় সংবিধান প্রণেতাসকলে ভাৰতবৰ্ষৰ পৰিৱেশ তথা পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভাৰতক বিশ্বৰ ভিতৰত এখন সুকীয়া সংসদীয় গণতান্ত্রিক দেশ হিচাপে প্রতিষ্ঠা কৰিবলৈ ভাৰতত সংসদীয় পদ্ধতিৰ চৰকাৰৰ ব্যৱস্থা কৰিছিল। ভাৰতৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ উল্লেখযােগ্য বৈশিষ্ট্যসমূহ হৈছেঃ
( ক ) ভাৰতৰ সংসদীয় ব্যৱস্থাটো বা সংসদ দুখন সদনেৰে গঠিত।এই সদন দুখন হৈছে লােকসভা আৰু ৰাজ্যসভা।
( খ ) ভাৰতৰ ৰাষ্ট্রপতিজন ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ।
( গ ) ভাৰতীয় সংসদীয় পদ্ধতিৰ চৰকাৰ জন প্ৰতিনিধিৰ দ্বাৰা গঠিত আৰু ই জনগণৰ ওচৰত দায়বদ্ধ।
( ঘ ) ৰাষ্ট্ৰৰ মুৰব্বীজন হৈছে ইয়াত জনগণৰ দ্বাৰা নির্বাচিত প্রতিনিধি।