Class 10 Science Chapter 11 মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
Class 10 Science Chapter 11 Assamese Medium | SEBA Assam
মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী
পদাৰ্থ বিজ্ঞান
অতিৰিক্ত প্ৰশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ
1. চকুৰ ভিতৰত ক’ত প্ৰতিবিম্ব গঠন হয়?
উত্তৰঃ অক্ষিপট বা ৰেটিনাত।
2. চকুৰ যিটো অংশৰ মাজেৰে পোহৰ চকুত সোমায়, সেই অংশটোৰ নাম কি?
উত্তৰঃ কর্ণিয়া।
3. অক্ষিগোলকৰ ব্যাস কিমান?
উত্তৰঃ প্ৰায় 2.3 ছে.মি.।
4. চকুৰ স্ফটিকীয় লেন্ছখনৰ কাম কি?
উত্তৰঃ চকুৰ স্ফটিকীয় লেন্ছখনে বেলেগ বেলেগ দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিবিষ্ট কৰিবলৈ প্ৰয়োজন হোৱা ফ’কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন ঘটায়।
5. চকুৰ স্ফটিকীয় লেন্ছখনৰ প্ৰকৃতি কি?
উত্তৰঃ উত্তল।
6. চকুৰ মণিৰ আকাৰ কিহে নিয়ন্ত্ৰণ কৰে?
উত্তৰঃ চকুৰ পতা বা আইৰিছে।
7. চকুৰ মণি বা পিউপিলৰ কাম কি?
উত্তৰঃ চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।
8. চকুৰ লেন্ছে অক্ষিপটত গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি কি?
উত্তৰঃ সৎ আৰু ওলোটা।
9. অক্ষিপট কি?
উত্তৰঃ অক্ষিপট হৈছে অসংখ্য পোহৰ সংৰেদী কোষযুক্ত কোমল আৱৰণী এখন, যাৰ কোষবোৰত পোহৰ পৰিলে ইহঁত সক্ৰিয় হৈ উঠে আৰু বৈদ্যুতিক সংকেত উৎপন্ন কৰে। অক্ষিপট চকুৰ গোলকটোৰ পিছৰফালে থাকে, যত চকুৰ লেন্ছখনে প্রতিবিম্ব গঠন কৰে।
10. চকুৰ লেন্ছখনৰ বক্তৃতা কিহে নিয়ন্ত্রণ কৰে?
উত্তৰঃ চিলিয়াৰী পেশীয়ে।
Multiple Choice Questions & Answers
1. তলৰ কোনটো অংশই বিভিন্ন দূৰত্বত অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপটত নিবিষ্ট কৰিবলৈ প্রয়োজন হোৱা ফ’কাছ দৈৰ্ঘ্যৰ সূক্ষ্ম সমযোজন ঘটায়—
(a) কর্ণিয়া।
(b) চকুৰ পতা।
(c) স্ফটিকীয় লেন্ছ।
(d) চকুৰ মণি।
উত্তৰঃ (c) স্ফটিকীয় লেন্ছ।
2. তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে –
(a) চকুৰ মণি।
(b) কর্ণিয়া।
(c) লেন্ছ।
(d) চিলিয়াৰী পেশী।
উত্তৰঃ (a) চকুৰ মণি।
3. তলৰ কোনটো অংশই চকুৰ লেন্ছৰ বক্রতা সলনি কৰে?
(a) কর্ণিয়া।
(b) চকুৰ পতা।
(c) চকুৰ মণি।
(d) চিলিয়াৰী পেশী।
উত্তৰঃ (d) চিলিয়াৰী পেশী।
4. সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা-
(a) অসীম।
(b) 25cm
(c) 2.5 cm
(d) 250m
উত্তৰঃ (b) 25cm
5. সুস্থ চকুৰ বাৰে চকুৰ দুৰ বিন্দু থাকে চকুৰ পৰা–
(a) 25 cm
(b) 100 cm
(c) অসীমত।
(d) 100km
উত্তৰঃ (c) অসীমত।
6. কোনো ব্যক্তিৰ চকুৰ দূৰ বিন্দু অসীমৰ পৰা আগবাঢ়ি চকুৰ পৰা ওচৰত অৱস্থিত হ’লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ’ব–
(a) মায়’পিয়া।
(b) হাইপাৰমেট্ৰ ‘পিয়া।
(c) প্ৰেছবায়’পিয়া।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (a) মায়’পিয়া।
7. কোনো ব্যক্তিৰ চকুৰ নিকট বিন্দু স্বাভাৱিক 25 cm তকৈ বেছি দূৰত্বত অৱস্থিত হ’লে, তেওঁ ভোগা দৃষ্টিৰ বিকাৰটো হ’ব–
(a) প্ৰেছবায়’পিয়া।
(b) মায়’পিয়া।
(c) হাইপাৰমেট্ৰ’পিয়া।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (c) হাইপাৰমেট্ৰ’পিয়া।
8. বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি যোৱাৰ ফলত সৃষ্টি হোৱা দৃষ্টিৰ বিকাৰটো হ’ল–
(a) মায়’পিয়া।
(b) প্ৰেছবায়’পিয়া।
(c) হাইপাৰমেট্ৰ’পিয়া।
(d) ওপৰৰ এটাও নহয়।
উত্তৰঃ (b) প্ৰেছবায়’পিয়া।
9. প্রিজমৰ নিৰ্গত ৰশ্মিয়ে আপতিত ৰশ্মিৰ দিশৰ লগত কৰা কোণক বোলা হয়–
(a) প্রিজমৰ কোণ।
(b) নির্গত কোণ।
(c) প্ৰতিসৰণ কোণ।
(d) বিচ্যুতি কোণ।
উত্তৰঃ (d) বিচ্যুতি কোণ।
10. প্রিজমৰ মাজেৰে পাৰ হৈ যাওঁতে সূৰ্যৰ বগা পোহৰত থকা কোনটো ৰঙৰ পোহৰ আপতিত ৰশ্মি সাপেক্ষে আটাইতকৈ কমকৈ বেঁকা হয়?
(a) নীলা।
(b) বেঙুনীয়া।
(c) ৰঙা।
(d) কমলা।
উত্তৰঃ (c) ৰঙা।
Class 10 Science Chapter 11 Assamese Medium
পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ
Q. 1. চকুৰ উপযোজন ক্ষমতা কি?
Ans. চকুৰ ফ’কাছ দৈৰ্ঘ্য নিয়ন্ত্ৰণৰ বাবে চকুৰ ক্ষমতাক উপযোজন ক্ষমতা বোলে। এই ক্ষমতা বয়স বৃদ্ধিৰ লগে লগে কমি আহে, তেতিয়া উপযুক্ত ক্ষমতাৰ উত্তল লেন্ছৰ সাহায্যে দৃষ্টিদোষ দূৰ কৰিব পাৰি।
Q. 2. মায় ‘পিয়াগ্রস্ত চকু থকা মানুহ এজনে 12 মিটাৰতকৈ বেছি দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্ছ ব্যৱহাৰ কৰিব লাগিব?
Ans. মায় পিয়াৰ প্ৰতিকাৰৰ বাবে উপযুক্ত ক্ষমতাৰ অৱতল লেন্ছ চছমা হিচাপে ব্যৱহাৰ কৰিব লাগিব। অৱতল লেন্ছ থকা চছমা ব্যৱহাৰ কৰিলে পোহৰ ৰশ্মি সামান্য পৰিমাণে অপসাহী হয় আৰু অক্ষিপটত প্রতিবিম্ব গঠিত হয়।
Q. 3. স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দূৰ-বিন্দু আৰু নিকটবিন্দু কি?
Ans. সুস্থ চকুৰ দুৰ-বিন্দু চকুৰ পৰা অসীম দূৰত্বত অৱস্থিত। আৰু সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ নিকট বিন্দুৰ ন্যূনতম দূৰত্ব 25 ছে.মি.।
Q. 4. ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব’ৰ্ডখন চোৱাত অসুবিধা পায়। ল’ৰাজনে ভোগা বিকাৰটো কি হ’ব পাৰে? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি?
Ans. ছাত্ৰজনে মায় পিয়া দৃষ্টিদোষত ভুগিছে। এনে ধৰণৰ চকুৰ দোষ আঁতৰ কৰাৰ বাবে উপযুক্ত ক্ষমতাৰ অৱতল প্ৰকৃতিৰ লেন্ছৰ চছমা ব্যৱহাৰ কৰিব লাগিব।
পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ
Q.1. মানুহৰ চকুৱে চকুৰ লেন্ছৰ ফ’কাছ দৈর্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ’ল—
(a) প্ৰেছবায়’পিয়া।
(b) উপযোজন ক্ষমতা।
(c) নিকট দৃষ্টিগ্রস্ততা।
(d) দূৰ দৃষ্টিগ্রস্ততা।
Ans. (b) উপযোজন ক্ষমতা।
Q. 2. মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান
(a) কর্ণিয়া (Cornea).
(b) চকুৰ পতা (Iris).
(c) চকুৰ মণি (Pupil).
(d) অক্ষিপট (Retina).
Ans. (d) অক্ষিপট (Retina).
Q. 3. নিয়মীয় দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব–
(a) 25 মি।
(b) 2.5 ছেমি।
(c) 25 ছেমি.।
(d) 2.5 মি.।
Ans. (c) 25 ছেমি.।
Q. 4. চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্ছৰ ফ’কাছ দৈৰ্ঘ্যৰ পৰিবৰ্তন হয়?
(a) চকুৰ মণি।
(b) অক্ষিপট।
(c) চিলিয়াৰী।
(d) চকুৰ পতা।
Ans. (c) চিলিয়াৰী।
Q.5. এজন মানুহৰ দূৰ দৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে – 5.5 ডায়প্টাৰ ক্ষমতাৰ লেন্ছৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্ছৰ ক্ষমতা – 1.5 ডায়প্টাৰ হ’লে [i] দূৰ দৃষ্টিগ্ৰস্ততা [ii] নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্ছৰ ফ’কাছ দৈর্ঘ্য কিমান হব?

Q. 8. সাধাৰণ চকুৱে এটা 25 ছেমিতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কি?
Ans. চকুৰ ফ’কাছ দৈৰ্ঘ্য নিয়ন্ত্ৰণৰ বাবে চকুৰ ক্ষমতাক উপযোজন ক্ষমতা বোলে। এই দূৰত্ব অতি কম হ’লৈ চকুৰ উপযোজন ক্ষমতা কাৰ্য্যকৰী নহয়। চকুৰ অতি নিকটে ৰখা বস্তু স্পষ্টভাবে দেখা নাযায়। প্রাপ্ত বয়স্ক সুস্থ চকুৰ ক্ষেত্ৰত এই দূৰত্ব 25 ছেমি। গতিকে 25 ছেমিতকৈ ওচৰত ৰখা বস্তু স্পষ্টভাবে দেখা নাযায়।
Q. 9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়?
Ans. চকুত প্ৰতিবিম্বৰ দূৰত্ব একেই থাকিব। লক্ষ্য বস্তুৰ দূৰত্ব চকুৰ পৰা বৃদ্ধি কৰিলে, চকুৰ ফ’কাছ দূৰত্বৰ পৰিবৰ্তন হ’ব চকুৰ লেন্ছ সংলগ্ন পেশীৰ সংকোচনৰ বাবে আকৌ, এই পেশীসমূহ প্ৰসাৰিত হ’লে লেন্ছ সংকুচিত আৰু স্ফীত হয়। স্ফীত লেনছৰ ক’কাছ দৈৰ্ঘ্য কম হয়। এই প্ৰক্ৰিয়াৰ দ্বাৰা উপযোজন ক্ষমতাৰ সহায়ত চকুৰ লেন্ছ চকুৰ ৰেটিনাত বিভিন্ন দূৰত্বৰ বস্তুৰ স্পষ্ট প্রতিবিম্ব গঠনত সক্ষম হয়।
Q. 10. তৰাই তিৰ্বিৰাই কিয়?
Ans. তৰাৰ তিৰবিৰণিৰ অৰ্থাৎ তৰাবোৰ তিৰবিৰাই থকা যেন দেখাৰ দুটা কাৰণ —
[i] বায়ুমণ্ডলত পোহৰৰ অবিৰাম প্রতিসৰণ।
[ii] চকুত প্ৰৱেশ কৰা পোহৰৰ পৰিমাণৰ পৰিবৰ্তন।
বায়ুমণ্ডলৰ ঘনত্বৰ সঘন পৰিৱৰ্তন ঘটে। ফলত তৰাৰ পৰা অহা পোহৰ ৰশ্মিৰ বায়ুমণ্ডলত অবিৰাম প্ৰতিসৰণ ঘটে। যিহেতু তৰাবোৰ আমাৰ বাবে পোহৰৰ বিন্দু প্রভৱ (Point source) সদৃশ গতিকে সিহঁতৰ তাৎকালিক অৱস্থান আমাৰ চকুত ধৰা পৰে। ইয়াৰ বাবে তৰাবোৰ তিৰবিৰাই থকা যেন দেখি। বিভিন্ন কাৰণত চকুত প্ৰৱেশ কৰা তৰাৰ পোহৰৰ পৰিমাণৰ সলনি ঘটে– ফলত কেতিয়াবা তৰাটো উজ্জ্বল আৰু কেতিয়াবা ম্লান হোৱাটো দৃষ্টিগোচৰ হয়। ইয়াৰ ফলতো তৰা তিৰবিৱাই থকা যেন দেখি।
Q. 11. গ্রহই তিৰবিৰাই নাথাকে কিয়?
Ans. গ্রহসমূহ পোহৰৰ উৎস নহয়, পোহৰৰ প্ৰতিফলনৰ ফলত গ্রহসমূহ দৃষ্টিগোচৰ হয়। গ্রহসমূহ পৃথিবীৰ অতি নিকটে অৱস্থিত আৰু বর্ধিত উৎসৰ দৰে আচৰণ কৰে। যদি আমি এটা গ্রহক পোহৰৰ বহুতো বিন্দু উৎসব সমষ্টি বুলি বৰো তেন্তে সকলো বিন্দু উংনৰ পৰা পোহৰ আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিবৰ্তনৰ গড় মান শূন্য হব আৰু ইয়াৰ কাৰণে তিৰবিৰণিৰ প্ৰভাৱ বন্ধ হয় বাবে গ্রহবোৰক আমি তিৰবিৱাই থকা নেদেখোঁ।
Q. 12. ৰাতিপুৱা সূর্ধক ৰঙচুৱা দেখি কিয়?
Ans. ৰাতিপুৱা আৰু আবেলি সূৰ্যই দিগন্তৰ ওচৰত অৱস্থান লয়। এনে অৱস্থাত সূৰ্যৰ পৰা অহা পোহৰে বায়ুমণ্ডলৰ মাজেৰে অধিক দূৰত্ব অতিক্রম কৰিবলগীয়া হয় : এই যাত্রাকালতেই সূৰ্যৰ গোহৰৰ বেঙুনীয়া, ঘন নীলা, নীলা আদি ৰংবোৰ বিক্ষেপণৰ বাবে প্রায় শেষ হৈ যায়। আনহাতে বিক্ষেগণ খুব কমকৈ হোৱা বাবে সুমথিৰা, বঙা আদি ৰংবোৰহে আমাৰ চকুত প্ৰৱেশ কৰে। এইবাবে উদিয়মান আৰু অস্তগামী সূৰ্যৰ ৰং ৰঙা দেখি।
Q. 13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয়?
Ans. সূৰ্যৰশ্মি বায়ুমণ্ডলত প্ৰৱেশ কৰি বায়ুৰ অণু আৰু ভাসমান ক্ষুদ্র পদার্থকণাৰ দ্বাৰা বিক্ষিপ্ত হয়। বিক্ষিপ্ত আলোকৰ সৰ্বপ্রধান উপাদান নীল বৰ্ণ আৰু বিক্ষিপ্ত এই নীলবৰ্ণৰ আলোক আমাৰ চকুত প্ৰৱেশ কৰে আৰু আমি আকাশর বর্ণ নীলা দেখো। মহাকাশৰ পৰা আমি আকাশখন কলা বা অন্ধকাৰ দেখোঁ, ইয়াৰ কাৰণ হ’ল যি উচ্চতাত মহাকাশযান স্থাপন কৰা হয় তাত বায়ুমণ্ডল নাই আৰু ফলত সূৰ্যৰ পোহৰৰ বিক্ষেপণ নহয়। আৰু পোহৰৰ বিক্ষেপণ নোহোৱা কাৰণে মহাকাশচাৰী এজনে আকাশৰ ৰং কলা দেখে।
পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ
Q.1. চিণ্ডেলৰ পৰিঘটনা কি?
Ans. পৃথিবীৰ বায়ুমণ্ডলত যথেষ্ট পৰিমাণে ধোঁৱা, ধূলিকণা, জলকণা ইত্যাদি ওগুন্তি থকাৰ বাবে এইবোৰত পোহৰৰ বিক্ষেপণ ঘটে আৰু পোহৰৰ গতিপথ দৃশ্যমান হয়। এই পৰিঘটনাক টিণ্ডেলৰ পৰিঘটনা বোলে।
Q.2. আকাশৰ ৰং কিয় নীলা?
Ans. বায়ুমণ্ডলৰ মাজেৰে সূৰ্যৰ পোহৰ পৃথিৱীলৈ আহোঁতে বায়ুৰ অণু আৰু তাত ওপঙি ফুৰা নানা ক্ষুদ্র কণিকাবোৰত পোহৰৰ বিক্ষেপণ ঘটে। সাধাৰণতে বায়ুত নীলা ৰঙৰ পোহৰৰ সৰ্বাধিক পৰিমাণে বিক্ষেপণ ঘটে। এই বিক্ষেপিত নীলা পোহৰেই আমাৰ চকুত পৰে। ফলত আমি আকাশৰ ৰং নীলা দেখোঁ।
Q. 3. সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব কিমান?
Ans. সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব 25 ছে: মি:।
Q. 4. সুস্থ চকুৰ দূৰ-বিন্দু চকুৰ পৰা কিমান দূৰত্বত অৱস্থিত?
Ans. সুস্থ চকুৰ দুৰ-বিন্দু চকুৰ পৰা অসীম দূৰত্বত অৱস্থিত।
Q. 5. এজন ব্যক্তিৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব 50 ছেমিঃ হ’লৈ তেওঁ ব্যৱহাৰ কৰা প্ৰতিকাৰী লেনছৰ প্ৰকৃতি কি হ’ব?
Ans. যিহেতু ব্যক্তিজনৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব 50 ছেমি: (অর্থাৎ 25, ছেমিতকৈ বেছি) সেয়ে তেওঁ হাইপাৰমেট্ৰ’পিয়া বা দূৰদৃষ্টিগ্রস্ত। গতিকে প্ৰতিকাৰী লেন্ছৰ প্ৰকৃতি উত্তল হ’ব।
Q. 6. এজন ব্যক্তিৰ দূৰ বিন্দুৰ অৱস্থান চকুৰ পৰা 5 মি: আঁতৰত অৱস্থিত হ’লে, তেওঁ ব্যৱহাৰ কৰা প্ৰতিকাৰী লেন্ছৰ প্ৰকৃতি কি হ’ব?
Ans. সুস্থ চকুৰ দূৰ-বিন্দুৰ অৱস্থান অসীমত। এইক্ষেত্ৰত যিহেতু ব্যক্তিজনৰ দুৰবিন্দু 5 মি: আঁতৰত, সেয়ে তেওঁ মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ত। গতিকে তেওঁৰ প্ৰতিকাৰী লেন্ছ অৱতল (অপসাৰী) প্ৰকৃতিৰ হব।
Q. 7. পোহৰৰ কি পৰিঘটনাৰ বাবে তৰাবোৰ তিৰবিৰাই থাকে?
Ans. পোহৰৰ প্ৰতিসৰণৰ বাবে তৰাবোৰ তিৰবিৰাই থকা যেন লাগে।
Q. 8. আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি?
Ans. আকাশৰ ৰং নীলা হোৱাৰ কাৰণ পোহৰৰ বিক্ষেপণ।
Q. 9. প্রিজমৰ মাজেৰে পাৰ হোৱা এডাল পোহৰ ৰশ্মিৰ গতিপথ নির্দেশ কৰাকৈ এটা ৰশ্মি চিত্র অংকন কৰা।

Class 10 Science Chapter 11 Assamese Medium, Class 10 Science Chapter 11 Assamese Medium Question Answer, SEBA Class 10 Science Question Answers, Assam Seba board Assamese Medium Question Answers.
Q. 11. পোহৰৰ বিচ্ছুৰণ মানে কি?
Ans. পোহৰৰ বিচ্ছুৰণৰ অৰ্থ হ’ল যে, বগা (সূৰ্যৰ)
পোহৰক তাৰ সাতোটা উপাদানমূলক ৰঙলৈ পৃথক কৰা।
বিচ্ছুৰণ: বগা পোহৰ তাৰ সাতোটা উপাদানমূলক ৰঙলৈ পৃথক হোৱাৰ পৰিঘটনাক বিচ্ছুৰণ বোলে।
Q. 12. চকুৰ উপযোজন ক্ষমতাই কি বুজাই লিখা।
Ans. বিভিন্ন দূৰত্বত অৱস্থিত বস্তুৰ প্ৰতিবিম্ব অক্ষিপটত গঠন কৰিবলৈ, চকুৱে মাংসপেশীৰ সংকোচন-প্ৰসাৰণ ঘটোৱাই চকুৰ লেন্ছৰ ফ’কাছ দূৰত্বৰ পৰিৱৰ্তন ঘটায়। লেন্ছৰ ফ’কাছ দূৰত্বৰ সাল-সলনি কৰাৰ ক্ষমতাক ‘চকুৰ উপযোজন ক্ষমতা’ বোলে।
Q. 13. মায় পিয়া কি? মায়’পিয়া প্ৰতিকাৰৰ বাবে কেনেধৰণৰ লেন্ছ ব্যৱহাৰ কৰা হয় আৰু কিয়?
Ans. চকুৰ যি বিকাৰৰ বাবে এজন ব্যক্তিয়ে ওচৰৰ বস্তু স্পষ্টকৈ দেখা পায়, কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপায়, তাক মায়’পিয়া বা নিকট দৃষ্টিগ্রস্ততা বোলে। মায়’পিয়াৰ প্ৰতিকাৰৰ বাবে অৱতল (অপসাৰী) লেন্ছ ব্যৱহাৰ কৰা হয়। মায় পিয়াৰ প্ৰতিকাৰৰ বাবে অৱতল লেন্ছ ব্যৱহাৰ কৰা হয় কাৰণ— মায় পিয়াগ্রস্ত ব্যক্তিৰ চকুৰ দূৰবিন্দু অসীমৰ পৰা চকুৰ ওচৰৰ এটা নতুন বিন্দুলৈ স্থানান্তৰিত হয় ৷ যাৰ বাবে দূৰৱৰ্তী লক্ষ্যবস্তু এটার প্রতিবিম্ব অক্ষিপটৰ কিছু সম্মুখতহে গঠিত হয়।
যদি উপযুক্ত ক্ষমতাৰ অৱতল লেন্ছ চছমা হিচাপে ব্যৱহাৰ কৰা হয়, তেতিয়াহ’লে পোহৰ ৰশ্মি সামান্য পৰিমাণে অপসাৰী হয় আৰু অক্ষিপটত প্রতিবিম্ব গঠিত হয়।
Q. 14. হাইপাৰমেট্ৰ’পিয়া কি? হাইপাৰমেট্ৰ’পিয়াৰ প্ৰতিকাৰৰ বাবে কেনে ধৰণৰ লেনছ ব্যৱহাৰ কৰা হয় আৰু কিয়?
Ans. চকুৰ যি বিকাৰৰ বাবে এজন ব্যক্তিয়ে দূৰৱৰ্তী বস্তু স্পষ্টকৈ দেখা পায়, কিন্তু নিকটৱৰ্তী বস্তু স্পষ্টকৈ দেখা নাপায়, তাকে হাইপাৰমেট্ৰ’পিয়া বা দূৰদৃষ্টিগ্ৰস্ততা বোলে। হাইপাৰমেট্ৰ’পিয়াৰ প্ৰতিকাৰৰ বাবে উপযুক্ত ক্ষমতাৰ উত্তল (অভিসাৰী) প্ৰকৃতিৰ লেন্ছ ব্যৱহাৰ কৰা হয়।
হাইপাৰমেট্ৰ’পিয়াৰ প্ৰতিকাৰৰ বাবে উত্তল লেন্ছ ব্যৱহাৰ কৰা হয়, কাৰণ এই বিকাৰগ্ৰস্ত ব্যক্তিৰ চকুৰ নিকট বিন্দু স্বাভাৱিক দূৰত্ব (25 ছে.মি.)- তকৈ অধিক দূৰত্বত অৱস্থিত হয়। ইয়াৰ ফলত নিকটৱৰ্তী বস্তুৰ প্ৰতিবিম্ব অক্ষিপটৰ পৰিৱর্তে তাৰ পিচফালেহে গঠিত হয়। যদি উপযুক্ত ক্ষমতাৰ উত্তল লেন্ছ চছমা হিচাপে ব্যৱহাৰ কৰা হয়, তেতিয়াহ’লে পোহৰ ৰশ্মি সামান্য পৰিমাণে অভিসাৰী হয় আৰু অক্ষিপটত প্ৰতিবিম্ব গঠিত হয়।
Q.16. চকুৰ প্ৰধান বিকাৰ কেইটা আৰু কি কি?
Ans. চকুৰ প্ৰধান বিকাৰ দুবিধ–
[i] নিকট দৃষ্টি প্রস্ততা।আৰু
[ii] সুদূৰ দৃষ্টি প্রস্ততা।
Q. 17. নিকট দৃষ্টি দোষ আৰু সুদূৰ দৃষ্টি দোষ আঁতৰ কৰাৰ উপায় কি?
Ans. উপযুক্ত ফ’কাছ দৈর্ঘ্যযুক্ত অৱতল বা অপসাৰী লেন্ছ ব্যৱহাৰ কৰি মায়’পিয়া বা নিকট দৃষ্টি দোষ আঁতৰাব পাৰি আৰু উপযুক্ত ফ’কাছ দৈর্ঘ্য সম্পন্ন উত্তল বা অভিসাৰী লেন্ছ ব্যৱহাৰ কৰি হাইপাৰ মেট্ৰ’পিয়া বা সুদূৰ দৃষ্টি দোষ আঁতৰাব পাৰি।
Q.18. বর্ণালী কাক বোলে?
Ans. প্রিজম আদিৰ সহায়ত সাধাৰণ বগা পোহৰক সাতোটা ৰঙৰ পোহৰলৈ ভাগ কৰিব পাৰি। এনে ৰঙৰ সমষ্টিকে বর্ণালী বোলে।
Q. 19. প্রধান ৰং কেইটা আৰু কি কি?
Ans. প্ৰকৃতিত যদিও বিভিন্ন বং আছে, তথাপি মূল বং তিনিটা— ৰঙা, নীলা আৰু সেউজীয়া। এই ৰঙকেইটাক প্রাথমিক ৰং বুলি কোৱা হয়।
Q. 20. অস্বচ্ছ বস্তুৰ ৰং বুলিলে কি বুজায়?
Ans. অস্বচ্ছ বস্তুৱে বগা পোহৰত থকা নিজা ৰঙটো প্রতিফলিত কৰে, বাকী ৰঙবোৰ শুহি লয়। এনেকৈ যিটো ৰং প্রতিফলিত কৰে সেইটোৱেই বস্তুটোৰ ৰং হয়।
Q. 21. স্বচ্ছ বস্তুৰ ৰং বুলিলে কি বুজায়?
Ans. স্বচ্ছ বস্তুৱে বগা পোহৰত থকা নিজা ৰঙৰ পোহৰ পাৰ হৈ যাবলৈ দিয়ে বা প্রতিসাৰিত কৰে। বাকী ৰঙবোৰ শুহি লহ। এনেকৈ যিটো ৰং প্রতিসাৰিত কৰে সেইটোৱেই বস্তুটোৰ ৰং হয়।
Q. 22. স্বচ্ছ মাধ্যমৰ বিশেষত্ব কি?
Ans. স্বচ্ছ মাধ্যমে পোহৰক সহজেই তাৰ মাজেৰে অতিক্ৰম কৰিবলৈ দিয়ে।
Q. 23. পৰিষ্কাৰ বতৰত এৰ’প্লেনেৰে ওপৰলৈ উঠিলে এৰ’প্লেনৰ ভিতৰত প্ৰচুৰ পোহৰ পোৱা যাব নে? বিশ্লেষণ কৰা।
Ans. নাই, পোহৰ পোৱা নাযাব। নির্মল আকাশত ধূলিকণা বা জলীয়া বাষ্প কম থাকে। সেইবাবে বিমানখনৰ ভিতৰত প্ৰচুৰ পৰিমাণে পোহৰ পোৱা নাযায়। আধা অন্ধকাৰ যেন হ’ব।
Q. 24. প্রিজম্ ৰ দ্বাৰা প্রতিবিম্ব সৃষ্টি কৰা সম্ভৱ নে?
Ans. সম্ভৱ।
Q.25. পোহৰৰ বিচ্ছুৰণ হ’বৰ বাবে প্ৰয়োজনীয় চৰ্তবোৰ কি কি?
Ans. পোহৰ বিচ্ছুৰণ হ’বলৈ হ’লে প্ৰয়োজনীয় চৰ্তবোৰ হৈছে–
(১) পোহৰৰ ৰশ্মিবোৰ প্ৰিজন্মৰ মাজেৰে যাব লাগিব।
(২) ৰশ্মিবোৰ সাতবৰণীয়া অৰ্থাৎ বগা পোহৰৰ হ’ব লাগিব।
Q. 26. ঘৰৰ ভিতৰত সূৰ্যৰ পোহৰ প্ৰত্যক্ষভাৱে নপৰিলেও ভিতৰৰ প্ৰায়বোৰ বস্তুৱে দৃশ্যমান হয়। ইয়াৰ কাৰণ কি?
Ans. সূৰ্যৰ পোহৰৰ বিক্ষিপ্ত প্রতিফলনৰ বাবেই আমি ঘৰৰ ভিতৰৰ প্ৰায়বোৰ বস্তুকেই দেখিবলৈ পাওঁ।
Class 10 Science Chapter 11 Assamese Medium, Class 10 Science Chapter 11 Assamese Medium Question Answer, SEBA Class 10 Science Question Answers, Assam Seba board Assamese Medium