class 10 science chapter 12 question answer | SEBA ASSAM
Class 10 Science chapter 12 Question Answer বিদ্যুৎ
অতিৰিক্ত প্ৰশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ
1. বিদ্যুৎ প্ৰৱাহ কি?
উত্তৰঃ কোনো পৰিবাহীৰ এটা প্ৰস্থচ্ছেদৰ মাজেৰে একক সময়ত পাৰ হৈ যোৱা আধানৰ পৰিমাণকে বিদ্যুৎ প্রবাহ বোলে৷
2. বিদ্যুৎ প্রবাহৰ গাণিতিক প্ৰকাশটো লিখা।
উত্তৰঃ I = Q / t, য’ত I = প্রবাহ, Q = আধান আৰু t = সময়।
3. আধানৰ SI একক কি?
উত্তৰঃ কুলম্ব (C)।
4. বিদ্যুৎ প্ৰৱাহৰ SI একক কি?
উত্তৰঃ এম্পিয়াৰ (A)।
5. 1 এম্পিয়াৰ প্ৰবাহৰ সংজ্ঞা দিয়া।
উত্তৰঃ এডাল পৰিবাহীৰ কোনো এক প্রস্থচ্ছেদৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ গ’লে প্রস্থচ্ছেদটোৰ মাজেৰে চালিত প্ৰবাহক 1 এম্পিয়াৰ বুলি কোৱা হয়।
1A = 1c / 1s।
6. 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা কিমান?
উত্তৰঃ 6.25 × 10¹⁸ টা।
7. বিদ্যুৎ প্রবাহৰ প্ৰচলিত দিশ কি?
উত্তৰঃ বৈদ্যুতিক বর্তনী এটাৰ বৈদ্যুতিক কোষ বা বেটাৰীৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ।
৪. বৈদ্যুতিক বর্তনী এটাত ইলেক্ট্ৰনৰ গতিৰ দিশ কি?
উত্তৰঃ বৈদ্যুতিক কোষ বা বেটাৰীৰ ঋণাত্মক মেৰু (কম বিভৱৰ অঞ্চল) ৰ পৰা ধনাত্মক মেৰু (বেছি বিভৱৰ অঞ্চল) লৈ।
9. পৰিবাহী এডালৰ মাজেৰে আধানৰ পৰিবহণৰ বাবে প্ৰয়োজনীয় চৰ্তটো কি?
উত্তৰঃ পৰিবাহীৰ দুয়ো মূৰৰ মাজত এক বিভৱভেদ স্থাপন।
10. এমিটাৰ কি?
উত্তৰঃ এমিটাৰ হ’ল বৈদ্যুতিক বর্তনী এটাত বৈদ্যুতিক প্ৰবাহৰ পৰিমাণ জোখা এবিধ সঁজুলি।

Multiple Choice Questions & Answers
1. বৈদ্যুতিক আধানৰ SI একক হ’ল –
(a) এম্পিয়াৰ।
(b) ভল্ট।
(c) কুলম্ব।
(d) ৱাট।
উত্তৰঃ (c) কুলম্ব।
2. 1 কুলম্ব আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা–
(a) 6.25 x 10¹⁹
(b) 6.25 x 10²⁰
(c) 6.25 x 10¹²
(d) 6.25 x 10¹⁸
উত্তৰঃ (d) 6.25 x10¹⁸
3. বৈদ্যুতিক প্ৰবাহৰ SI একক –
(a) ভল্ট।
(b) ৱাট।
(c) কুলম্ব।
(d) এম্পিয়াৰ।
উত্তৰঃ (d) এম্পিয়াৰ।
4. এটা ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ –
(a) 1.6 × 10 ⁻¹⁹C
(b) 1.6 × 10 ⁻¹⁸C
(c) 1.6 × 10⁻¹¹C
(d) 1.6 × 10⁻⁶C
উত্তৰঃ (a) 1.6 × 10 ⁻¹⁹C
5. বৈদ্যুতিক বর্তনী এটাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অসত্য–
(a) বৈদ্যুতিক প্ৰবাহৰ দিশ বৈদ্যুতিক কোষৰ ধনাত্মক প্ৰান্তৰ পৰা ঋণাত্মক প্ৰান্তলৈ।
(b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে।
(c) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ বিপৰীত।
(d) ধনাত্মক আধানৰ গতিৰ দিশকেই প্ৰবাহৰ দিশ হিচাপে বিবেচনা কৰা হয়।
উত্তৰঃ (b) ইলেক্ট্ৰনৰ গতিৰ দিশ প্ৰবাহৰ দিশৰ সৈতে একে।
6. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 এম্পিয়াৰক সূচায়।
(a) IC/ IV
(b) IV/ IC
(c) IC/ IS
(d) IJ/ IC
উত্তৰঃ (c) IC/ IS
7. বৈদ্যুতিক বর্তনী এটাত প্ৰবাহৰ মান জোখা সঁজুলিটো হ’ল–
(a) ভল্টমিটাৰ।
(b) এমিটাৰ।
(c) গেলভেন’মিটাৰ।
(d) পৰিৱৰ্তনশীল ৰোধ।
উত্তৰঃ (b) এমিটাৰ।
8. এটা বৈদ্যুতিক বাল্বৰ তাঁৰডালে 20 মিনিটত 0.5A প্রবাহ ল’লে, বৰ্তনীটোত চালিত হোৱা বৈদ্যুতিক আধানৰ পৰিমাণ হ’ব–
(a) 5C
(b) 50C
(c) 600C
(d) 300C
উত্তৰঃ (c) 600C
9. এক মাইক্ৰ’এম্পিয়াৰ বিদ্যুৎ প্রবাহ বৈ যোৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ইলেক্ট্রন চালিত হ’ব লাগিব?
(a) 1.6 × 10¹⁵
(b) 1.6 × 10¹⁹
(c) 1.6 × 10¹²
(d) 1.6 × 10⁶
উত্তৰঃ (c) 1.6 × 10¹²
10. তলৰ কোনটো প্ৰকাশৰাশিয়ে 1 ভল্ট সূচায় –
(a) 1JC⁻¹
(b) 1Cs⁻¹
(c) 1Js⁻¹
(d) 1VC⁻¹
উত্তৰঃ (a) 1JC⁻¹
পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ
Q. 1. এটা বৈদ্যুতিক বর্তনী বুলিলে কি বুজা?
Ans. বৈদ্যুতিক প্ৰৱাহৰ সোঁত বা বব পৰা বন্ধ পথক বৈদ্যুতিক বর্তনী বোলে।
Q. 2. প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া।
Ans. বিদ্যুৎ প্ৰৱাহৰ এছ. আই একক হ’ল এম্পিয়াৰ। কোনো এক পৰিবাহীৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্রবাহক এক এম্পিয়াৰ বুলি কোৱা হয়। যদিহে পৰিবাহীৰ কোনো অংশৰে এক ছেকেণ্ডত এক কুলম্ব আধান প্রবাহিত হয়।
গাণিতিকভাৱে,
Q. 3. এক কুলম্ব আধান হ’বলৈ প্ৰয়োজন হোৱা ইলেকট্রনৰ সংখ্যা গণনা কৰা ।
Ans . এটা ইলেকট্ৰনৰ আধান ( e ) = 1-6 × 10⁻¹⁹ কুলম্ব
মুঠ আধানৰ পৰিমাণ ( Q ) = 1 কুলম্ব
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. পৰিবাহীৰ দুটা প্ৰান্তৰ মাজত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা
Ans. এটা বেটাৰী বা বিদ্যুৎ কোষ।
Q.2. দুটা বিন্দুৰ মাজৰ বিভবভেদ l ভল্ট বুলি ক’লে কি বুজায়?
Ans. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভল্ট মানে হ’ল এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এক কুলম্ব আধান স্থানান্তৰ কৰোঁতে 1 জুল পৰিমাণৰ কাৰ্য্য কৰিব লগা হয়।
Q. 3. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়?
Ans. আধানৰ পৰিমাণ (Q) = 1C
বিভৱ পার্থক্য = 6V
বিদ্যুৎ শক্তি = ?
বিদ্যুৎ শক্তি = V x Q
= 6 × 1 = 6 জুল শক্তি দিয়া হয়।
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে?
Ans. এডাল পৰিবাহীৰ ৰোধ তলত দিয়া কাৰকবোৰৰ ওপৰত নিৰ্ভৰ কৰে—
[i] তাঁৰ ডালৰ দৈৰ্ঘ্য।
[ii] তাঁৰ ডালৰ প্রস্থচ্ছেদ।
[iii] তাঁৰৰ পদাৰ্থৰ গুণাগুণ।
[iv] উষ্ণতা।
Q. 2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ (পাতল) তাঁৰৰ কোনডালত বেছি সহজে প্রবাহ চালিত হয় ? আৰু কিয়?
Ans. বিদ্যুৎ প্ৰৱাহ (পাতল) তাঁৰতকৈ শকত তাঁৰৰ মাজেৰে সহজে প্রবাহিত হয়। কাৰণ শকত তাঁৰৰ ৰোধ, পাতল তাঁৰৰ ৰোধতকৈ কম। অর্থাৎ কম বোধ হলে বেছী প্ৰৱাহ পোৱা যায়। গতিকে শকত তাঁৰৰ মাজেৰে বিদ্যুৎ সহজে প্রবাহিত হ’ব।
Q. 3. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্ত্তন হ’ব?
Ans. বিভৱভেদৰ লগত প্ৰবাহৰ মান সমানুপাতিক [V∝ I] গতিকে প্রবাহিত বিদ্যুৎ-ৰ পৰিমাণ আধা হ’ব।
Q. 4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয়?
Ans. পাউকটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিত থকা কুণ্ডলীবোৰ (Coils) সংকর ধাতুৰে গঢ়া হয়। ইয়াৰ কাৰণবোৰ হ’ল–
[i] সংকৰ ধাতুৰ আপেক্ষিক ৰোধ, মৌলিক ধাতুতকৈ অধিক গতিকে সঁজুলিবিলাক সোনকালে অধিক গৰম হয়।
[ii] অত্যাধিক তাপত সংকৰ ধাতুৰ জাৰণ নহয়।
Q. 5. তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া—
(a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী?
(b) কোনটো পদার্থ আটাইতকৈ ভাল পৰিবাহী?
Ans. (a) লো আৰু পাৰাৰ ভিতৰত লো ভালপৰিবাহী [ আপেক্ষিক ৰোধ = 10.0 × 10⁻⁸ Ωm ]
(b) ছিলভাৰ আটাইতকৈ ভাল পৰিবাহী [ আপেক্ষিক ৰোধ = 1.60 × 10⁻⁸ Ωm ]
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. প্ৰতিটোৰে 2V কৈ তিনিটা কোষৰ এটা বেটেৰেী, এটা 5Ω ৰ ৰোধক, এটা 8Ω ৰ ৰোধক, এটা 12Ω ৰ ৰোধক আৰু এটা প্লাগ চাবি (ছুইচ) শ্রেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্ত্তনীৰ নক্সা অংকন কৰা।
Ans. বৈদ্যুতিক বর্তনী তলত দিয়া হ’ল—
P, Q, R যথাক্রমে তিনিটা ৰোধক 5Ω, 8Ω, 12Ω ক্ষমতাসম্পন্ন। C₁, C₂, C₃, তিনিটা 2V কোষৰ বেটেৰী আৰু K ছুইচ।
Q. 2. ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্ট ‘মিটাৰ সংযোগ কৰি 1 নং প্রশ্নত দিয়া বৰ্তনীটো পুনৰ অংকন কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ’ব?
মুঠ বিভৱ পার্থক্য (V) = 3 × 2 = 6 ভল্ট
মুঠ ৰোধ (R) = 5 + 8 +12 = 25Ω
এমিটাৰৰ পৰা পাঁও, I = V/R = 6/25 =0.24 A
ভ’ল্টমিটাৰৰ পাঁও, V = IR
= 0.24 × 12
= 2.88 V ভল্ট
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নির্ণয় কৰা।– (a) 1Ω আৰু 10⁶Ω, (b) 1Ω, 10³Ω আৰু 10⁶Ω.
Ans. যেতিয়া ৰোধবোৰ সমান্তৰালভাবে সজ্জিত কৰা হয়, তেতিয়া সমতুল্যবোধৰ মান সবাতোকৈ সৰু বোধতকৈ সৰু হয়।
Q. 2. 100Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220V উৎসৰ লগত সমান্তৰালভাবে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ’ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ’ব?
Ans. বৈদ্যুতিক বাল্বৰ ৰোধ, R₁ =100Ω
পাউৰুটি সেকা সঁজুলি এটাৰ ৰোধ R₂ = 50Ω
পানীৰ ফিল্টাৰৰ ৰোধ, R₃ = 500Ω
এই তিনিটা বৈদ্যুতিক সৰঞ্জাম সমান্তৰাল সজ্জাত সজ্জিত কৰিলে,
Q. 3. এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয়?
Ans. বৈদ্যুতিক সঁজুলিক সমান্তৰালভাৱে সজ্জিত কৰিলে যি সুবিধাবোৰ পোৱা যায় সেইবোৰ হ’ল
[i] প্ৰতিটো সঁজুলি সম্পূর্ণ বেটাৰীৰ সমান বিভব পার্থক্য পায়।
[ii] ৰোধ অনুযায়ী প্রতিটো সঁজুলি প্ৰৱাহ পায়।
[iii] যদি সঁজুলিৰ চুইছ জ্বলা আৰু বন্ধ কৰা হয়, বাকী সঁজুলিবোৰ চলি থাকে।
Q. 4. 2Ω, 3Ω আৰু 6Ω ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ
(a) 4Ω আৰু
(b) 1Ω পোৱা যাব?
Ans. (a) সমতূল্য ৰোধ 4Ω পাবলৈ 3Ω আৰু 6Ω ৰোধ দুটাক সমান্তৰাল আৰু 2Ω-ক শ্রেণীবদ্ধ সজ্জাত সজ্জিত কৰিব লাগিব।
(b) সমতুলা ৰোধ 1Ω পোৱাৰ বাবে 2Ω, 3Ω আৰু 6Ω ৰোধ তিনিটাক সমান্তৰাল ভাৱে সজ্জিত কৰিব লাগিব।
Q. 5Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা
(a) সর্বোচ্চ আৰু
(b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ’ব?
Ans. (a) সবাতোকৈ বেছী বোধ পোৱাৰ বাবে ৰোধবোৰ শ্রেণীবদ্ধভাৱে সজ্জিত কৰিব লাগিব।
∴ R = 4+ 8+ 12+ 24= 48Ω (উত্তৰ)
(b) সবাতোকৈ কম ৰোধ পোৱাৰ বাবে ৰোধবোৰ সমান্তৰালভাবে সজ্জিত কৰিব লাগিব।
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল (heating clement) দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে নহয়, কিয়?
Ans. এটা ইলেকট্রিক হিটাৰৰ তাঁৰটো গৰম নহয়, কিন্তু বাকী অংশবোৰ গৰম হয়। ইয়াৰ কাৰণ হ’ল— হিটাবৰ বাকী অংশবোৰ উচ্চৰোধৰ কাৰণে গৰম হয় (H = l²Rt) আৰু তাৰটো (Cord)ৰ ৰোধ কম হোৱাৰ বাবে গৰম কম হয়।
Q. 2.9600 কুলম্ব আধান 1 ঘণ্টাত 50 ভ’ল্ট বিভৱভেদৰ মাজেৰে সঞ্চালিত হলে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।
Ans. ইয়াত, Q = 96,000 C, t = 1 ঘণ্টা = 3600 ছেকেণ্ড, V = 50V উৎপাদিত তাপৰ পৰিমাণ (H) = VQ
= 50V x 96,000 C
= 48,00,000 জুল।
Q. 3. 20Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 5 এম্পিয়াৰ প্ৰবাহ লয়। 30 ছেকেণ্ডত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।
Ans. ইয়াত, R = 20Ω, l = 5A, t = 3 ছে.
∴ উৎপাদিত তাপৰ পৰিমাণ (H) = I²Rt
= (5)² x 20 × 30 জুল
= 25 × 600 জুল = 15,000 জুল (উত্তৰ।)
পাঠভিত্তিক প্রশ্নোত্তৰ
Q. 1. এটা বৈদ্যুতিক প্রবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে?
Ans. এটা বৈদ্যুতিক বর্তনীৰ ৰোধ প্ৰবাহে যোগান ধৰা বিদ্যুৎশক্তিৰ হাৰ নিৰূপণ কৰে।
Q. 2. এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5 এম্পিয়াৰ (A) প্রবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা
Ans. ইয়াত, I = 5A, V = 220V,
t = 2 ঘন্টা, r = 7200 ছে.
∴ ক্ষমতা (P) = VI = 220 × 5 = 1100 (W) ওয়াট
∴ বৈদ্যুতিক শক্তিৰ পৰিমাণ = P x t
= 1100 W x 7200 ছে.
= 79,20,000 জুল (উত্তৰ)
পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰ
Q.1. R ৰোধৰ এডাল তাঁৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ’ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হ’ল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R হয়, তেতিয়া R আৰু R-অৰ অনুপাত হ’ব–
(a) 1/25
(b) 1/5
(c) 5
(d) 25
Ans. (d) 25.
∴ R আৰু R-অৰ অনুপাত হ’ব 25,
Q.2. তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নির্দেশ নকৰে?
(a) l²R
(b) IR²
(c) VI
(d) V²/R
Ans. (b) IR².
Q.3. এটা বৈদ্যুতিক বাহুত 220V আৰু 100W চিহ্নিত কৰা আছে যেতিয়া 110V-ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ’ব–
(a) 100W
(b) 75W
(c) 50W
(d) 25W
Ans. (d) 25W.
Q. 4. একে পদাৰ্থৰ দুডাল একে দৈৰ্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্ৰথমে শ্ৰেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বৰ্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ’ল। শ্রেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত–
(a) 1:2
(b) 2:1
(c) 1:4
(d) 4:1
Ans. (c) 14.
[ R = ৰোধ (প্ৰতিটো তাঁৰৰ), শ্রেণীবদ্ধ সজ্জাত মুঠ ৰোধ = 2R
Q.5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বৰ্তনী এটাত ভল্ট’মিটাৰ কেনেকৈ সংযোগ কৰিবা?
Ans. এটা বৈদ্যুতিক বর্তনীৰ দুটা মেৰুৰ বিভৱ পাৰ্থক্য জোখাৰ বাবে ভ’ল্টমিটাৰ সমান্তৰালভাবে স্থাপন কৰা হয়।
Q. 6. এডাল তামৰ তাঁৰৰ ব্যাস 0.5 মি.মি. আৰু ৰোধকতা 1.6 x 10⁻⁸ Ω মি.মি. 10 Ω ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈর্ঘ্য কিমান হ’ব লাগিব ? যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ’ল, ৰোধৰ পৰিবৰ্তন কিমান হ’ব?
সুতৰাং, যেতিয়া এটা তাঁৰৰ ব্যাস দ্বিগুণ কৰা হল, তেতিয়া মূলমানৰ 1/4 হয়। এতিয়া, ৰোধ = 10/2 = 2.5 Ω
ৰোধৰ পৰিবৰ্তন = 10.0 -2.5 =7.5Ω (Ans.)
Q. 7. এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্রবাহ l ৰ মান আৰু পাৰস্পৰিক বিভৱভেদ V ৰ মান তলত দিয়া হ’ল–
V আৰু l ৰ মাজৰ লেখ এটা অংকন কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।
Ans. V আৰু l-ৰ লেখ-চিত্ৰ তলত দিয়া হ’ল–
Q. 8. যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় ভাত 2.5 মি. এম্পিয়াৰ প্ৰবাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা।
Ans. ইয়াত, V = 12V, l = 2.5 mA = 2.5 x 10⁻³ A
Q. 9. এটা 9 V বেটাৰীৰ লগত 0.2Ω, 0.3Ω,0.4Ω , 0.5Ω, আৰু 12Ω, ৰোধক কেইটা শ্রেণীবদ্ধভাবে সংযোগ কৰা হৈছে। 12Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্রবাহ চালিত হৈছে?
Ans. মুঠ ৰোধৰ পৰিমাণ, R= 0.2+0.3 +0.4+0.5+12 = 13.4Ω
∴ বিভৱ পার্থক্য, V = 9V
∴ বর্তনীত প্রৱাহিত বিদ্যুতৰ পৰিমাণ
Q.10. 176Ω ৰ কিমানটা ৰোধক হ’লে 220V ৰ লাইন এটাত 5A প্রবাহ পোৱা যাব?
Ans. 176Ω বিশিষ্ট সংখ্যক ৰোধক সমান্তৰাল ভাৱে সংযোগ কৰা হৈছে।
Q. 11. প্ৰতিটো 6 Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে, সজ্জাটোৰ সমতুল্য ৰোধ
(i) 9 Ω, আৰু
(ii) 4 Ω হ’ব?
Ans. ইয়াত, R₁ = R₂ = R₃ = 6Ω
(a) R₁ -ক শ্রেণীবদ্ধ আৰু R₂, R₃ -ক সমান্তৰালভাৱে সজ্জিত কৰিলে, সমতুল্য
Q. 12. বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সর্বোচ্চ প্রবাহ 5A হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব ?
Q. 13. 220 V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্ৰত্যেকৰে ৰোধৰ মান 24 Ω, যিকেইটা পৃথকে পৃথকে শ্রেণীবদ্ধভাৱে আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্রত প্রবাহ কি হ’ব?
Ans. [i] যেতিয়া দুটা বর্তনী পৃথক ভাবে ব্যৱহাৰ কৰা হয়, তেতিয়া–
R= 24 Ω, V = 220 V
Q. 14. 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্রতে উলিওৱা
(i) 12 আৰু 2.2 ৰ দুটা ৰোধক 6V ৰ বেটেৰী এটাৰ লগত শ্রেণীবদ্ধভাৱে, আৰু
(ii) 1212 আৰু 22 ৰ ৰোধক এটা 4V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।
Ans. [i] বৈদ্যুতিক বর্তনীৰ চিত্ৰ তলত দিয়া হ’ল—
Q. 15 এটা 220V 100 W চিহ্নিত আৰু অন্যটো 220 V ত 60 W চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভব 220V হয়, কিমান প্রবাহ ই ল’ব।
Ans. মুঠ ক্ষমতা = (100+60) = 160 W.
বিভৱ, V = 220 V
কিন্তু ক্ষমতা = VI
Q. 16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 250W ৰ টেলিভিচন চেট 1 ঘণ্টা চলিলে বা এটা 1200 W ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে?
Ans. 250 W ক্ষমতা বিশিষ্ট টেলিভিছনৰ টেলিভিচন-ৰ দ্বাৰা 1 ঘণ্টাত ব্যৱহৃত বৈদ্যুতিক শক্তি = 250 ওয়াট × 1 ঘণ্টা
= 250 ওয়াট/ঘণ্টা
∴ 1200 W ক্ষমতা বিশিষ্ট পাউৰুটি সেকা সঁজুলি দ্বাৰা 10 মিনিটত ব্যৱহৃত বৈদ্যুতিক শক্তিৰ পৰিমাণ = 1200 W × 12 মি.
= 1200 W × 12/60 ঘণ্টা
= 240 ওয়াট/ঘণ্টা
∴ এটা পাউৰুটি সেকা সঁজুলিতকৈ এটা টেলিভিছন ছেট্ত বেছী বৈদ্যুতিক শক্তি খৰচ হয়।
Q. 17. 8 Ω ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘণ্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা।
Ans. ইয়াত, R = 8Ω, l = 15 এম্পিয়াৰ, t = 2 ঘণ্টা
∴ এটা বৈদ্যুতিক চুলাত প্রতি ঘণ্টাত সৃষ্টি হোৱা তাপৰ পৰিমাণ অর্থাৎ ক্ষমতা
(P) = I²R = (15)² × 8 = 1800 জুল/ছেকেণ্ড (উত্তৰ।)
Q. 18. ব্যাখ্যা কৰা :
(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয়?
(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ কাৰণে বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰ ধাতু কিয় ব্যৱহাৰ কৰা হয়?
(c) ঘৰুৱা বৰ্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা হয়?
(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবৰ্তন হয়?
(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?
Ans. (a) বৈদ্যুতিক চাকিত টাংস্টেন (tungsten) তাঁর বহুলভাৱে ব্যৱহাৰ কৰা হয় কাৰণ মিহি টাংষ্টেনৰ ৰোধ আৰু গলনাংক অতি বেছী। গলনাংক হ’ল 3410°C যেতিয়া ইয়াৰ মাধ্যমে বিদ্যুৎ প্রৱাহিত হয়, তেতিয়া এই মিহি তাঁৰ গৰম হয় আৰু আলোক বিক্ষেপণ কৰে।
(b) বৈদ্যুতিক সঁজুলি যেনে, পাউকটি সেকা সঁজুলি, বৈদ্যুতিক ইস্ত্রিত সংকৰ ধাতু ব্যৱহাৰ কৰা হয়। কাৰণ [i] বিশুদ্ধ ধাতুকৈ সংকৰ ধাতুৰ আপেক্ষিক ৰোধ বেছী। যেতিয়া সংকৰ ধাতুৰে বনোৱা বস্তুৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়, তেতিয়া অত্যাধিক তাপৰ সৃষ্টি হয়। [ii] উষ্ণতা অত্যাধিক বৃদ্ধি পালেও ইয়াৰ ৰোধত্বেৰ পৰিৱৰ্তন নহয়। সুতৰাং অত্যাধিক উষ্ণতাত ই জাৰিত নহয়।
(c) স্থিৰ বিভৱ ভেদৰ কাৰণে প্ৰৱাহ ৰোধৰ ব্যাস্তানুপাতিক। আনহাতে শ্রেণীবদ্ধ সজ্জাত মুঠ বোধ বাঢ়ি যায়। সেয়ে কেইবাবিধো বৈদ্যুতিক সরঞ্জাম শ্রেণীবদ্ধ সজ্জাত সংযোজিত কৰিলে সৰঞ্জামবোৰৰ কাৰ্যদক্ষতা হ্রাস পায়। তদুপৰি যিকোনো এটা সৰঞ্জামৰ অনুপস্থিতিয়ে আন সকলোবোৰক অকামিলা কৰি পেলায়। ইয়াৰ কাৰণে ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা হয়।
(d) ইলেকট্রনবোৰ মিহি তাঁৰতকৈ মোটা তাঁৰৰ মাজেৰে ভালদৰে প্রবাহিত হ’ব পাৰে। অৰ্থাৎ মোটা পৰিৱাহীৰ মাধ্যমে ভালদৰে ইলেক্ট্ৰ’ন গতি কৰিব পাৰে। সুতৰাং এটা তাঁৰৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ ব্যাস্তানুপাতিক।
(e) তাম আৰু এলুমিনিয়ামৰ আপেক্ষিক ৰোধ অতি কম। ফলস্বৰূপে, যেতিয়া তাম আৰু এলুমিনিয়ামৰ তাঁৰৰ মাজেৰে বিদ্যুৎ প্রৱাহিত হয় তেতিয়া তাপৰ আকাৰে হ্রাসপ্রাপ্ত ক্ষমতাৰ পৰিমাণ কম হয়।
পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ
Q. 1. বৈদ্যুতিক আধানৰ এছ. আই. একক কি?
Ans. বৈদ্যুতিক আধানৰ (S.I.) এছ. আই. একক কুলম্ব (C)।
Q. 2. বিদ্যুৎ ক্ষেত্ৰৰ কোনো এক বিন্দুত বৈদ্যুতিক প্ৰাৱল্যৰ সংজ্ঞা দিয়া।
Ans. বিদ্যুৎ ক্ষেত্ৰৰ যিকোনো বিন্দুত স্থাপিত একক ধনাত্মক আধানৰ ওপৰত ক্রিয়া কৰা বলকে সেই বিন্দুত ক্ষেত্ৰখনৰ বৈদ্যুতিক প্রাবল্য বোলা হয়। বৈদ্যুতিক প্ৰাৱল্য এটা ভেক্টৰ ৰাশি আৰু ইয়াৰ এছ. আই. একক নিউটন/কুলম্ব (N/C)
Q.3. বিদ্যুৎ ক্ষেত্ৰৰ কোনো বিন্দুত বৈদ্যুতিক বিভৱ মানে কি বুজা?
Ans. বিদ্যুৎ ক্ষেত্ৰৰ কোনো বিন্দুলৈ একক ধনাত্মক আধান অসীম দূৰত্বৰ পৰা (য’ত ক্ষেত্ৰ প্ৰাৱল্য শূন্য) আনোতে কৰিবলগীয়া কাৰ্য্যৰ পৰিমাণক সেই বিন্দুটোৰ বৈদ্যুতিক বিভৱ বোলে। বৈদ্যুতিক বিভব এটা স্কেলাৰ বাশি আৰু ইয়াৰ এছ. আই একক ভল্ট (V)।
Q.4. দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ । ভল্ট বুলিলে কি বুজা?
Ans. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1 ভল্ট মানে হ’ল এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এক কুলম্ব আধান স্থানান্তৰ কৰোঁতে 1 জুল পৰিমাণৰ কাৰ্য্য কৰিব লগা হয়।
Q. 5. আমাৰ ঘৰবোৰত 220 ভল্টত বিজুলী যোগান ধৰা হয়। এই বাক্যটোৰ অর্থ কি?
Ans. ইয়াৰ অৰ্থ হ’ল যেতিয়া কোনো এটা বৈদ্যুতিক সৰঞ্জাম 220 ভল্টৰ মূল পৰিবাহীৰ লগত সংযোগ কৰা হয়, তেতিয়া ধন মেৰুৰ পৰা, ঋণমেৰুলৈ 1 কুলম্ব আধান প্রবাহিত হওঁতে 220 জুল পৰিমাণৰ কাৰ্য্য কৰিব লগা হয়।
Q. 6. 40 ভল্ট বিভন্ন বিশিষ্ট এটা বিন্দুত 2 কুলম্বৰ আধান এটা ৰাখিলে আধানটোৰ শক্তি কিমান হ’ব?
Ans. ইয়াত, আধান, q = 2 কুলুম্ব
বিভৱ, V = 40 ভল্ট
q আধানৰ ওপৰত শক্তি U = ?
আমি জানো যে,
U = qV = 2 কুলম্ব × 40 ভল্ট = 80 জুল
Q.7. বৈদ্যুতিক ক্ষেত্ৰত এটা ধনাত্মক আধান আৰু এটা ঋণাত্মক আধানে কোন দিশত গতি কৰিব?
Ans. বৈদ্যুতিক ক্ষেত্ৰত এটা ধনাত্মক আধান ৰাখিলে ই উচ্চ বিভৱৰ পৰা নিম্ন বিভৱৰফালে গতি কৰে, ঋণাত্মক আধানে নিম্ন বিভৱৰ পৰা উচ্চ বিভৱৰ ফালে গতি কৰে।
Q. 8. বিদ্যুৎ প্রবাহৰ এছ. আই. এককটো কি?
Ans. বিদ্যুৎ প্রবাহৰ এছ আই. একক হ’ল এম্পিয়াৰ।
Q. 9. এডাল তাঁৰৰ এটা বিন্দুৰ মাজেৰে 0.5 ছেকেণ্ডৰ 0.2 কুলম্ব আধান পাৰ হৈ গ’লে তাঁৰডালত প্ৰবাহৰ মান কিমান?
Ans. ইয়াত, আধান Q = 0.2 কুলম্ব
সময় t = 0.5 ছেকেণ্ড
প্রবাহ l = ?
আমি জানো যে,
Q. 10. তাঁৰ এডালৰ মাজেৰে বিদ্যুৎ প্রবাহ চালিত কৰিবলৈ হ’লে তুমি কি কৰিবা?
Ans. কোনো এভাল ধাতুৰ তাঁৰৰ এটা মূৰ বেটাৰীৰ ধন মেৰুৰ লগত আৰু আনটো মূৰ ঋণ মেৰুৰ লগত সংযোগ কৰিলে বিদ্যুৎ উৎপাদন হ’ব। ধন মেৰুৰ লগত সংযোগী তাঁৰৰ মূৰটোত উচ্চ বিভৱ আৰু ঋণ মেৰুৰ লগত সংযোগী তাৰৰ মূৰটোত নিম্ন বিভৱ উৎপন্ন হ’ব। বিভৱ অন্তৰৰ এনে ধৰণৰ পাৰ্থক্যৰ বাবে নিম্ন বিভৱ অংশৰ পৰা উচ্চ বিভব অংশলৈ বৈদ্যুতিক পৰমাণু (ইলেক্ট্রন) প্রবাহিত হয়। ইলেক্ট্ৰ’নৰ এনে ধৰণৰ প্ৰবাহে অর্থাৎ ঋণাত্মক আধানৰ প্ৰবাহে তাৰডালত বিদ্যুৎ প্রবাহ চালিত কৰিব।
Q. 11. দুটা সমান আধানে ইটোৱে সিটোৱে F নিউটন বলেৰে বিকর্ষণ কৰে। আধান দুটাৰ মাজৰ দূৰত্ব যদি দুগুণ কৰা হয়, তেতিয়াহ’লে সিহঁতৰ মাজৰ নতুন বল কিমান হ’ব?
Ans. যিহেতু আধান দুটাই ইটোৱে সিটোক বিকর্ষণ কৰে, সেয়ে আধান দুটা একে ধৰ্মী।
ধৰা হ’ল প্ৰতিটো আধানব মান ৭ কুলম্ব আৰু আধানৰ মাজৰ দূৰত্ব r মিটাৰ। এতিয়া কুলম্বৰ সূত্ৰ অনুসৰি, দুটা বিন্দু প্রমাণ আধানৰ মাজৰ ক্ৰিয়া কৰা বলত তলত দিয়া ধৰণে দেখুৱাব পাৰি—
গতিকে, যদি দুটা সমান পৰিমাণৰ আধানৰ মাজৰ দূৰত্ব দ্বিগুণ বঢ়াই দিয়া হয়, তেতিয়া আধান দুটাৰ মাজৰ বিকৰ্ষণৰ বল মূল বলতকৈ চাৰিভাগ কমি যাব।
Q. 12. বৈদ্যুতিক আধানৰ এছ. আই. একক কি? ইয়াৰ প্ৰাথমিক একক কি?
Ans. এছ, আই পদ্ধতিত বৈদ্যুতিক আধানৰ একক কুলম্ব (C) ইয়াৰ প্ৰাথমিক একক হ’ল এম্পিয়াৰ। এম্পিয়াৰৰ সহায়ত কুলম্ব এককৰ সংজ্ঞা নিৰূপিত হয়।
Q. 13. বিদ্যুৎ ক্ষেত্ৰৰ কোনো এক বিন্দত বৈদ্যুতিক প্ৰাৱলাৰ সংজ্ঞা দিয়া। ইয়াৰ এছ যাই, একক কি?
Ans. কোনো বিদ্যুত ক্ষেত্ৰৰ যি কোনো এটা বিন্দুত স্থাপিত একক ধনাত্মক আধানৰ ওপৰত যিমান বল ক্ৰিয়া কৰে সেই বলকেই সেই বিন্দুৰ বিদ্যুত ক্ষেত্ৰ প্ৰাৱল্য বোলে।
ইয়াৰ এছ. আই. একক হ’ল নিউটন/কুলম্ব বা (N/C)
Q. 14. বিদ্যুত ক্ষেত্ৰৰ কোনো বিন্দত বৈদ্যুতিক বিভৱ মানে কি? ইয়াৰ এছ. আই. একক কি?
Ans. বিদ্যুৎ ক্ষেত্ৰৰ কোনো বিন্দুত স্থাপিত এক একক ধনাত্মক আধানৰ বিদ্যুত স্থিতিশক্তিক সেই বিন্দুৰ বৈদ্যুতিক বিভৱ বোলে। ইয়াৰ এছ. আই. একক হ’ল ভল্ট (V)।
Q. 15. দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট বুলিলে কি বুজা?
Ans. দুটা বিন্দুৰ মাজত বিভৱ ভেদ 1 ভল্ট বুলিলে ইয়াক বুজায়, কোনো এটা বিন্দুৰ পৰা আনটো বিন্দুলৈ এক কুলম্ব ধনাত্মক বিদ্যুত পঠোৱাবলৈ এক জুল কাৰ্য্য সম্পাদন কৰিবলগা হয়।
[ অর্থাৎ 1 C আধানক এক বিন্দুৰ পৰা আনটো বিন্দুলৈ স্থানান্তৰৰ বাবে যদি 1 J কাৰ্য্য সম্পাদন কৰিবলগা হয়, তেন্তে বিন্দু দুটাৰ বিভৱ ভেদ হ’ব 1 VI
∴ 1V = 1J/1C
Q. 16. আমাৰ ঘৰবোৰত 220 ভল্টত বিজুলী গান ধৰা হয়— এই বাক্যটোৰ অর্থ কি?
Ans. ইয়াৰ অৰ্থ হ’ল, বৈদ্যুতিক মেইনচুইচৰ লগত যুক্ত যি কোনো বৈদ্যুতিক যন্ত্ৰৰ ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুৰ মাজেৰে কুলম্ব আধান প্ৰৱাহৰ বাবে 220 J (জুল) কাৰ্য্য সম্পাদন কৰিব লাগে।
Q.17. 40 ভল্ট বিভৱ বিশিষ্ট এটা বিন্দু 2 কুলম্বৰ আধান এটা ৰাখিলে আধানটোৰ শক্তি কিমান হ’ব?
Ans. আমি জানো, বিদ্যুত ক্ষেত্ৰৰ কোনো এটা বিন্দু বিভৱ (V) হলে সেইটো বিন্দুত আধান (Q)-ৰ স্থিতিশক্তিৰ পৰিমাণ U = Q x V
ইয়াত V = 40 V, Q = 2C, U = ?
∴ স্থিতিশক্তিৰ পৰিমাণ (U) = (40 x 2) জুল = 80 জুল।
Q. 18. বৈদ্যুতিক ক্ষেত্ৰত এটা ধনাত্মক আধান আৰু এটা ঋণাত্মক আধানে কোন দিশত গতি কৰিব?
Ans. মুক্ত বা মুকলি ধনাত্মক আধান সদায় উচ্চ-বিভৱৰ পৰা নিম্ন বিভৱৰ দিশলৈ গতি কৰে। আৰু এটা মুক্ত ঋনাত্মক আধান সদায় নিম্নবিভৱৰ পৰা উচ্চ বিভৱৰ দিশলৈ গতি কৰে। অর্থাৎ বৈদ্যুতিক ক্ষেত্ৰত ধনাত্মক আধান আৰু ঋণাত্মক আধান সদায় বিপৰীত দিশলৈ গতি কৰিব।
Q. 19. বিদ্যুত প্রবাহৰ এছ আই. একক কি?
Ans. বিদ্যুত প্ৰবাহৰ এছ আই. একক হ’ল এম্পিয়াৰ।
Q. 20. এডাল তাঁৰৰ এটা বিন্দুৰ মাজেৰে 0.5 ছেকেণ্ডত 0.2 কুলম্ব আধান পাৰ হৈ গ’লে তাঁৰডালত প্ৰৱাহৰ মান কিমান হ’ব?
Ans. আমি জানো, প্ৰৱাহৰ পৰিমাণ = l আধান = Q
Q. 21. তাঁৰ এডালৰ মাজেৰে বিদ্যুত প্রবাহ চালিত কৰিবলৈ হ’লে তুমি কি কৰিবা?
Ans. ধাতুৰ পৰিমাণৰ বহিঃকক্ষত কিছু সংখ্যক ইলেকট্রন ইমান ঢিলা ভাৱে যুক্ত থাকে “সিহঁতে পৰমাণুৰ পৰা বিচ্ছিন্ন হ’ব পাৰে আৰু মুক্তভাৱে ধাতুৰ ভিতৰত বিচৰণ কৰিব পাৰে।
তিয়া এনেধৰণৰ ধাতব পৰিবাহীৰ এটামুৰ বিদ্যুত কোষৰ ধনমেৰুৰ লগত আৰু আনটো মূৰ ঋণমেকৰ লগত যুক্ত কৰা হয়, তেতিয়া পৰিবাহীৰ দু’মুৰত অবিরাম বিভৱ-ভেদ চলি থাকে। ধনমেৰুৰ লগত যুক্ত পৰিবাহীটোৰ মুৰটো উচ্চতৰ বিভরযুক্ত হয় আৰু ঋণমেৰুৰ লগত যুক্ত মূৰটো নিম্নতৰ বিভৱ যুক্ত হয়। বিভব কাৰ্য্যৰ প্ৰভাৱৰ ফলত পৰিবাহীৰ যুক্ত ইলেকট্রন সমূহ নিম্নবিভব যুক্ত মূৰৰ পৰা উচ্চ-বিভৱ যুক্ত মূৰৰ দিশলৈ গতি কৰে। পৰিবাহীৰ বাওঁমূৰৰ পৰা যিমান সংখ্যক ইলেকট্রন বিদ্যুত কোষৰ ধনমেৰলৈ সোমায় থিক সিমান সংখ্যক ইলেকট্রন বিদ্যুত কোষৰ ঋণমেৰুৰ পৰা পৰিবাহীৰ সোঁমুৰলৈ সোমাব ধৰে যাতে পৰিবাহী সদায় বৈদ্যুতিক ভাবে উদাসীন থাকে। ইলেকট্রনৰ এই প্ৰৱাহ পৰিবাহীত বিদ্যুত প্ৰৱাহৰ সৃষ্টি কৰে। যদি পৰিবাহীৰ দু মূৰৰ বিভৱ ভেদ নিৰৱিচ্ছিন্নভাবে ৰখা যায়, তেন্তে নিৰৱিচ্ছিন্ন বিদ্যুত প্রবাহ ঘটে।
অর্থাৎ পৰিবাহী তাঁৰ এডালৰ দুইমূৰত বিভৱ ভেদ থাকিলে পৰিবাহীৰ এ মূৰৰ পৰা আন মূৰলৈ বিদ্যুত প্ৰৱাহ হয়। এনেদৰে ধাতুৰ তাঁৰ এডালৰ মাজত মুক্ত ইলেকট্রনৰ গতিৰ বাবে বিদ্যুত প্রবাহ হয়।
Q. 22. “দুটা অধানযুক্ত কণাৰ মাজত পাৰস্পৰিক স্থিতিশক্তি”ৰ সংজ্ঞা লিখা।
Ans. প্রাৰম্ভিক অসীম দূৰত্বৰ পৰা দুটা আধানক বৰ্তমান অৱস্থানলৈ অনাৰ বাবে বৈদ্যুতিক বিকৰণ বলৰ বিৰুদ্ধে পৰিমাণ কাৰ্য্য সম্পাদিত হয় তাৰ ফলস্বৰূপ স্থিতিশক্তিৰ উদ্ভৱ হয় তাকেই দুটা আধানযুক্ত কণাৰ মাজত পাৰস্পৰিক স্থিতিশক্তি বোলে।
আমি জানো, বিদ্যুতক্ষেত্ৰত কোনো বিন্দুত বিভৱ V হ’লে সেই বিন্দুত আধান q-ৰ স্থিতি শক্তিৰ মান U = qv………(i)
আকৌ যদি এই বিভৱ V কোনো বিন্দু প্রমাণ আধানৰ হয়, তেন্তে Q আধানৰ পৰা r দূৰত্বত বিভৱ (V)-ৰ মান হ’ব, V = K. Q/r
এতিয়া (i) ত (ii) ৰ মান বহুৱাই পাওঁ, U = K.Q.q/r
উপৰুক্ত সম্বন্ধটোই হ’ল এটা আধান q-ৰ বিদ্যুত ক্ষেত্ৰত আধান Q-ৰ স্থিতিশক্তিৰ মান।
Q. 23. ধাতৱীয় পৰিবাহীৰ মাজেৰে বিদ্যুত প্রবাহিত হলে কেনেকুৱা ধৰণৰ আধানে ভাগ লয়?
Ans. কোনো ধাতবীয় পৰিবাহীৰ মাজেৰে বিদ্যুত প্রবাহিত হ’লে ঋণ আধানে (ইলেকট্রন) ভাগ লয়।
Q. 24. পৰিবৰ্তী প্রৱাহ (AC) বুলিলে কি বুজা? এটা পৰিবৰ্তী প্ৰৱাহৰ কম্পনাংক হ’ল 60 হার্জ। এই প্রবাহে এক ছেকেণ্ডত কিমানবাৰ দিশ সলনি কৰিব?
Ans. নির্দিষ্ট সময়ৰ ব্যৱধানত কোনো বর্তনীত বিদ্যুত প্ৰৱাহৰ দিশ বাৰংবাৰ সলনি হ’লে তাকে পৰিবর্তী বিদ্যুত প্রৱাহ (Alternating Current or A.C.) বোলে। [ বিদ্যুত প্ৰৱাহ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত বিপৰীতমুখী হয় এই বিদ্যুত প্রৱাহত। ] বিদ্যুত প্ৰৱাহৰ কম্পনাকে 60 হার্জ হ’লে বিদ্যুত প্রৱাহ এক ছেকেণ্ডত 120 বাৰ দিশ সলনি কৰিব।
Q.25. দূৰণিবটীয়া ঠাইলৈ প্ৰেৰণ কৰোতে আমি বিদ্যুত শক্তিক কিয় পৰিবর্তী প্ৰৱাহ ৰূপে প্ৰেৰণ কৰোঁ?
Ans. বহু দূৰৈত বিদ্যুত শক্তিক পৰিবর্তী বিদ্যুত প্রবাহ ৰূপে প্ৰেৰণ কৰা হয় কাৰণ পৰিবর্তী বিদ্যুত প্রবাহৰ ফলত ভল্টেজ ইচ্ছামতে বৃদ্ধি বা হ্রাস কৰা যায়। বিদ্যুত শক্তি দুৰণিবঢ়ীয়া ঠাইলৈ প্ৰেৰণ কৰাৰ সময়ত উৎপাদক কেন্দ্ৰৰপৰা অতি -উচ্চ ভল্টেজযুক্ত পৰিবৰ্তী বিদ্যুত গ্রাহক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ ফলত গান ধৰাত তাঁৰ ডালত কম তাপশক্তি উৎপন্ন হৈ বিদ্যুত শক্তিৰ অপচয় বহুত পৰিমাণে হ্রাস পায়।
Q. 26. একমুখী বা প্রত্যক্ষ প্ৰবাহৰ (DC) তুলনাত পৰিবৰ্তী প্ৰবাহৰ (AC) দুটা সুবিধাজনক দিশৰ কথা উল্লেখ কৰা।
Ans. একমুখী বিদ্যুত প্রবাহ (Direct current or D.C.) তকৈ পৰিবর্তী বিদ্যুত প্ৰৱাহৰ (Alternating current or A.C.) সুবিধা বহুত পৰিমাণে বেছি।
(i) সবাতকৈ উল্লেখযোগ্য সুবিধা পৰিবৰ্তী বিদ্যুত প্রবাহৰ ভল্টেজ ইচ্ছামতে বৃদ্ধি বা হ্ৰাস কৰা যায়। বিদ্যুত শক্তি অতি দূৰলৈ যোগান দিয়াৰ সময়ত উৎপাদক কেন্দ্ৰৰ পৰা অতি উচ্চ ভল্টেজযুক্ত পৰিবর্তী বিদ্যুত গ্রাহক কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ ফলত গিনি ধৰা তাৰ ডালত কম তাপশক্তি উৎপন্ন হৈ বিদ্যুত শক্তিৰ অপচয় হ্রাস পায়। আকৌ, ঘৰৰ বিজুলি ‘গান ধৰাৰ সময়ত ভ’ণ্টেজ হ্ৰাস কৰা হয়। যাৰ ফলত বিদ্যুত ব্যৱহাৰৰ সময়ত বিপদৰ আশঙ্কা কমি যায়।
(ii) আৰু এটা সুবিধা হ’ল প্ৰয়োজন অনুসৰি আমি পৰিবর্তী বিদ্যুত প্রৱাহক একমুখী প্রবাহলৈ সলনি কৰিব পাৰোঁ। কিন্তু একমুখী বিদ্যুত প্রবাহক পৰিবর্তী বিদ্যুত প্ৰৱাহলৈ সলনি কৰা নাযায়। দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰা অধিকাংশ বৈদ্যুতিক সাঁ সঁজুলিতে পৰিবৰ্তী বিদ্যুত প্ৰৱাহ ব্যবহাৰ কৰা হয়। আকৌ টি. ভি. বা ৰেডিঅ’ৰ ভিতৰত এনে যান্ত্ৰিক ব্যৱস্থা থাকে। যাৰ দ্বাৰা গৃহবৰ্তনীৰ বিদ্যুত প্রবাহকে একমুখী প্ৰৱাহত সলনি কৰা হয়। কাৰণ বহু ক্ষেত্ৰত একমুখী বিদ্যুত প্রবাহৰ প্রয়োজন হয়।
Q. 27. পৰিবাহীৰ আপেক্ষিক ৰোধৰ সংজ্ঞা দিয়া। এছ. আই. পদ্ধতিত ইয়াৰ একক কি?
Ans. 1 মিটাৰ দৈৰ্ঘ্য আৰু 1 বর্গমিটাৰ লম্বচ্ছেদ বিশিষ্ট কোনো পদাৰ্থৰ পৰিবাহীৰ ঘনকৰ দুটা বিপৰীত তলৰ মাজৰ বোধক সেই পদাৰ্থৰ বা পৰিবাহী তাঁবৰ আপেক্ষিক ৰোধ বোলে। ইয়াৰ এছ আই. একক হ’ল ওম. মিটাৰ (Ω .m) [ আনভাবে কোৱা যায়, 1 মিটাৰ বাহুযুক্ত কোনো ঘনকৰ দুটা বিপৰীত পৃষ্ঠৰ মাজৰ বোধক আপেক্ষিক ৰোধ বোলে। অর্থাৎ 1 মি. বাহুযুক্ত আৰু 1 মি. লম্বচ্ছেদৰ কালি বা ক্ষেত্রফল বিশিষ্ট পৰিবাহী তাঁৰডালৰ ৰোধ।]