Class 9 Social Science History Chapter 5 Assamese Medium |অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি

class 9 social science assamese medium,class 9 social science assamese medium question answer,class 9 social science assamese medium question answer chapter 5,

অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি. kjv class 9 Social History Chapter 5, NCERT Solution Class 9

অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি

অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ

১। আহোমসকলে অসমত কোন সময়ছোৱাত ৰাজত্ব কৰিছিল ?

উত্তৰঃ তেৰ শতিকাৰ পৰা ঊনৈশ শতিকাৰ প্ৰথমছোৱালৈকে অসমত আহোমসকলে ৰাজত্ব কৰিছিল।

২। আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল ?

উত্তৰঃ চুকাফা।

৩। আহোমসকলে অসমত কিমান বছৰকাল ৰাজত্ব কৰিছিল ?

উত্তৰঃ ছশ বছৰ।

৪। ইয়াণ্ডাবু সন্ধি অনুসৰি মণিপুৰৰ ৰজা কোন হয় ?

উত্তৰঃ গম্ভীৰ সিও।

৫। কিমান খ্ৰীষ্টাব্দত ডেভিদ স্কটে ব্রহ্মপুত্ৰ উপত্যকা অঞ্চলৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল ?

উত্তৰঃ ১৮২০ খ্রীষ্টাব্দত।

৬। নামনি অসমৰ মাটিৰ জৰীপ কোন ইংৰাজ বিষয়াৰ শাসনকালত হৈছিল ?

উত্তৰঃ ডেভিদ স্কটৰ দিনত কেপ্তেইন মেথিউজৰ তত্ত্বাৱধানত।

৭। লম্বোদৰ বৰফুকন কোন আছিল ?

উত্তৰঃ উজনি অসমৰ দেৱান আছিল।

৮। ডেভিদ স্কট মৃত্যু কেতিয়া হৈছিল ?

উত্তৰঃ ১৮৩১ চনত।

৯। ৰবাৰ্টচনৰ পিছত অসমৰ কমিছনাৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল ?

উত্তৰঃ ১৮৩৪ চনত গৱৰ্ণৰ জেনেৰেল মেজৰ জেনকিন্সক।

১০। কোন ইংৰাজ বিষয়াৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপ জাহাজ প্রচলন হৈছিল ?

উত্তৰঃ মেজৰ জেনকিন্সৰ প্ৰচেষ্টাত।

শুদ্ধ উত্তৰ বাছি উলিওৱা

প্ৰশ্ন:- (১) ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ / গোবিন্দ চন্দ্ৰ / তিৰৎ সিঙক চিলেটলৈ নিৰ্বাচন দিছিল ।

উত্তৰ:- ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহক নিৰ্বাচন দিছিল ।

Class 9 Social Science History Chapter 5 Assamese medium

প্ৰশ্ন:- (২) অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ / কমলেশ্বৰ সিংহ / পুৰন্দৰ সিংহ / যোগেশ্বৰ সিংহ ।

উত্তৰঃ- অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ ।

প্ৰশ্ন🙁৩) তিৰৎ সিংহ খাচী / মণিপুৰী / জয়ন্তীয়া দেশপ্ৰেমিক আছিল ।

উত্তৰঃ- তিৰৎ সিংহ খাচী দেশপ্ৰেমিক আছিল ।

চমু উত্তৰৰ প্ৰশ্ন

প্ৰশ্ন:- (১) গোবিন্দচন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল?

উত্তৰ:- গোবিন্দচন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল।


প্ৰশ্ন :- (২) ডেভিদ স্কট কোন আছিল ?

উত্তৰঃ- ডেভিদ স্কট এজন বিচক্ষণ ইংৰাজ প্ৰশাসক আছিল ।


প্ৰশ্ন :- (৩) ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল ?

উত্তৰঃ- ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ আছিল ৰবাৰ্টচন ।

প্ৰশ্ন :- (৪) তিৰৎ সিং কোন ৰাজ্যৰ চিয়েম আছিল ?

উত্তৰঃ- তিৰৎ সিং খাচী ৰাজ্যৰ চিয়েম আছিল ।

প্ৰশ্ন:- (৫) মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল ?

উত্তৰঃ- মটক ৰাজ্যৰ ৰজাৰ উপাধিটো আছিল বৰসেনাপতি ।

প্ৰশ্ন :- (৬) জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে হিংহাসন হেৰুৱাইছিল ?

উত্তৰঃ- জেনকিন্সৰ পৰামৰ্শ অনুসৰি পুৰন্দৰ সিংহই হিংহাসন হেৰুৱাইছিল ।

প্ৰশ্ন :- (৭) জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল ?

উত্তৰঃ- জেনকিন্সে নামনি অসমক গোৱালপাৰা , দৰং আৰু কামৰূপ জিলাত ভাগ কৰিছিল ।

প্ৰশ্ন:- (৮) ব্ৰিটিছে কাক পাঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল ?

উত্তৰঃ – ব্ৰিটিছে গোবিন্দ চন্দ্ৰক পাঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল ।

ৰচনাধৰ্মী প্ৰশ্ন

প্ৰশ্ন :- (১) ডেভিদ স্কটৰ ৰাজহ নীতি কেনে আছিল ?

উত্তৰঃ- স্কটৰ প্ৰশাসন কালত নামনি আৰু উজনি অসমৰ ক্ষেত্ৰত সুকীয়া ৰাজহ ব্যৱস্থা কৰা হৈছিল । নামনি অসমৰ পৰগনাসমূহ তেওঁ উঠাই দিয়া নাছিল । নামনি অসমত আগৰদৰেই একোজন চৌধুৰীৰ পৰিচালনাৰ একেটা পৰগনা (ৰাজহ অঞ্চল ) ৰখা হ’ল । চিৰস্তদাৰ তহবিলদাৰ পাটোৱাৰী, ঠাকুৰীয়া আদি খাজনা সংগ্রহকাৰী কৰ্মচাৰীৰ নিয়োগ কৰা হয় ।

নগাঁও আৰু নহা অঞ্চলক সামৰি কৰা আদায়ৰ কাৰণে এটা বেলেগ গোট তৈয়াৰ কৰা হৈছিল। এই গোটটো গুৱাহাটীৰ অধীনত ৰখা হৈছিল । ডেভিড স্কটৰ দিনত নামনি অসমৰ মাটিৰ জৰীপ হৈছিল । কেপ্তেইন মেথিউজৰ তত্বাৱধানত এই কার্য সমাধান হৈছিল ।মাটিসমূহ বস্তী অঞ্চল, ৰুপিত তথা শালিখেতি অঞ্চল, ফৰিংতি তথা আহু ধান, সৰিয়হ খেতি প্ৰধান আদি অঞ্চলত ভাগ কৰা হৈছিল।

নতুন কৰৰ পদ্ধতি কাৰ্যত পৰিণতি হওঁতে কোনো ঠাইত বেছি আৰু কোনো ঠাইত কম সময় লাগিছিল । আফিং খেতি কৰা মাটিত অধিক পৰিমাণৰ কৰ ধাৰ্য কৰা হৈছিল। স্কটে কোম্পানীক জনাইছিল যে নামনি অসমত অধিক ৰাজহ সংগ্ৰহ আৰু ইয়াৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নামনি অসমত প্ৰতিজন পাইকক তিনি পুৰাকৈ খেতিৰ মাটি দিয়াৰ বাবদ তেওঁলোকৰ পৰা ২ টকাকৈ খাজনা আদায় কৰা হৈছিল।

এই মাটিখিনিক গা-মাটি আৰু খাজনাখিনিক গা-ধন বোলা হৈছিল।ইয়াৰ উপৰি প্ৰত্যেকজন মানুহে জনমুৰি কৰ দিব লগা হৈছিল। এই কৰ কামৰূপত ‘পাইক কৰে’ দৰঙত ‘জুহাল কৰে’বা ‘চৰু কৰ’ বোলা হৈছিল।

প্ৰশ্ন🙁২) ডেভিদ স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কোনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল?

উত্তৰ:- ডেভিট স্কট ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা বিৰাট অঞ্চলৰ প্ৰশাসনিক দায়িত্বত আছিল । স্কটৰ শাসনকালত স্থানীয় লোকেৰে গঠিত কেতবোৰ পঞ্চায়ত গঠন কৰা হৈছিল। এই পঞ্চায়তে দেৱানী আৰু ফৌজদাৰী গোচৰবোৰ নিষ্পত্তি কৰিছিল। গুৰুতৰ অপৰাধসমূহ কমিছনাৰৰ সহকাৰী বিষয়াসকলে পাঞ্চায়তৰ সহায়ত বিচাৰ কৰিছিল ।

পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নোহোৱাসকলে এই বিষয়াসকলৰ ওপৰত আপীল কৰিব পাৰিছিল । ইয়াৰ পিছত সন্তুষ্ট নহ’লে কমিছনাৰক আপীল কৰিব পাৰিছিল আৰু কমিছনাৰে আপীল শুনি ৰায়দান কৰিছিল । স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমত লম্বোদৰ বৰফুকনক দেৱানী বিচাৰৰ ভাৰ দিছিল । ফৌজদাৰী গোচৰ সুধিছিল ব্ৰিটিছ বিষয়াই । নামনি অসমত দেৱানী গোচৰৰ বাবে এখন আদালত আছিল ।

পুলিচ বিভাগৰ ব্যৱস্থাও তেওঁ কটকটীয়া কৰিছিল । স্কটৰ প্ৰশাসন কালত চিংফৌ মুৱামৰীয়া আৰু খামতিসকলৰ সৈতে সদ্ভাৱ স্থাপন কৰা হৈছিল । সকলো কাম ডেভিড স্কটে নিজে তদাৰক কৰিছিল । ভগ্ন স্বাস্থ্যৰ বাবে অত্যাধিক প্ৰৰিশ্ৰম কৰি ১৮৩১ চনত ডেভিড স্কটৰ মৃত্যু হৈছিল । এজন অতি বিচক্ষণ প্ৰশাসক হিচাপে ডেভিড স্কটে সমসাময়িক অসমত এক সন্মানজনক স্থান লাভ কৰিছিল ।

প্রশ্ন:- (৩) ৰবাৰ্টচন কোন আছিল ? ৰবাৰ্টচনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনে ধৰণৰ আছিল ।

উত্তৰঃ- ১৮৩২ ৰ পৰা ১৮৩৪ খ্ৰীষ্টাব্দত অসমত কমিছনাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্ৰিটিছ বিষয়া ৰবাৰ্টচন এজন কৰ্মপুটু আৰু দূৰদৰ্শী বিষয়া আছিল ।

ৰবাৰ্টচনে খাজনা সংগ্ৰহৰ শোষণ বন্ধ কৰিবলৈ মাটিৰ প্ৰকাৰ , পৰিমাণ , কৃষকৰ নাম – ঠিকনা আদি তথ্য লিপিবদ্ধ কৰাৰ প্ৰথা প্ৰচলন হৈছিল । এই তথ্যৰ ভিত্তিত কৃষকৰ মাটি আৰু শোধাব লগা খাজনাৰ পৰিমাণ তেওঁৰ নাম সন্নিৱিষ্ট কৰি এখন নথি বা পট্ৰা দিয়াৰ নিয়ম কৰিছিল । কোৰ-কৰ , ঘৰ – কৰ বা নাঙল কৰ জোনমুৰি একেই ৰখা হৈছিল । এই সংস্কাৰ আৰু কৰ-কাটলৰ হাৰ বৃদ্ধিৰ ফলত ৰাজকোষত জমা হোৱা বনৰ পৰিমাণ বাঢ়িছিল ।

ৰাজত্ব কৰ্মচাৰীসকলৰ দুৰ্নীতি ৰোধ কৰিবলৈ ৰবাৰ্টচনে ভূমি , ঘৰ-বাৰী , বনাঞ্চল আদিৰ বিৱৰণী সংগ্ৰহ কৰি তাৰ কৰ নিৰ্ধাৰণ কৰিছিল । তদুপৰি ৰায়তক পট্টা আৰু ৰাজহদানৰ ৰচিত দিয়া হৈছিল । ৰাজহৰ কৰ্মচাৰীসকলে সৰু-সুৰা গোচৰ সুধিলেও তেওঁলোকে কালেক্টৰক নাজনোৱাকৈ জৰিমনা বা শাস্তি বিহীৰ নোৱাৰিছিল । ৰবাৰ্টচনৰ এনেবোৰ সংস্কাৰে ৰায়তৰ উপকাৰ সাধিচিল ।

প্ৰশ্ন :- (৪) মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল ।

উত্তৰঃ – মেজৰ ফ্ৰেঞ্চিচ জেনকিন্সে , অসমৰ বিকাশৰ বাবে বহুতো জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল । এই আঁচনিসমূহ হ’ল –

ফ্ৰেঞ্চিচ জেনকিন্সে তেওঁৰ প্ৰশাসনিক কার্যকাল ৰবাৰ্টচনৰ দ্বাৰা গতিঠ জিলাসমূহ পুনৰ গঠন কৰিছিল ।সেয়ে জেনকিন্সৰ আমোলত ১৮৩৮ চনৰ শেষৰ পিনে অসমত জিলাৰ সংখ্যা ৬খন হৈছিলগৈ।

জেনকিন্সে বিচাৰ বিভাগটোত কিছুমান নতুন পদবীৰ সৃষ্টি কৰিছিল । ইয়াৰ ভিতৰত ১৮৩৯ চনত সদৰ আমিন আৰু মুঞ্চিফ পাদবীৰ সৃষ্টি কৰিছিল।

জেনকিন্সৰ আমোলত পুলিচ প্ৰশাসনৰ ক্ষেত্ৰতো ভালেমান পৰিৱৰ্তন সাধন কৰিছিল। এজন দাৰোগা, এজন জামাদাৰ, এজন বা ততোধিক মহৰী বা কেৰাণী আৰু কেইজনমান চিপাহী বা বৰকান্দাজক লৈ পুলিচ প্ৰশাসনৰ থানা নামে নিন্মতম গোটটো গঠন কৰিছিল।

ভূমি বন্দোৱস্তি আৰু ৰাজহ সংগ্ৰহ আৰু সংস্কাৰৰ ক্ষেত্ৰতো জেনকিন্সে যথেষ্ট ভূমিকা লৈছিল। ইয়াৰ জৰিয়তে ক্ৰমান্বয়ে ভূমি সম্পত্তিৰ ৰাজহ পৰিমাণ ব্যাপক হাৰত বৃদ্ধি পাইছিল।

ইয়াৰ উপৰি ৰাজ্যৰ চাহপাত, কয়লা, তেল উদ্যোগৰ বিকাশৰ সৈতে জেনকিন্সৰ নাম সম্পূৰ্ণ ৰূপে জড়িত আছিল। অসমৰ সৈতে বঙ্গৰ পোনপটীয়া ব্যৱসায়ৰ ক্ষেত্ৰত সীমান্ত চকীসমূহে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে বুলি কান্দাহাৰ চকী উঠাই দিছিল। কিন্তু পিছত জেনকিন্সে অন্যান্য চকী সমূহো উঠাই দিছিল।

জেনকিন্সৰ প্ৰচেষ্টাতেই ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপৰ জাহাজৰ প্ৰচলন হৈছিল । বাট -পথৰ উন্নতিৰ বাবেও তেওঁ যথেষ্ট মনোযোগ দিছিল। শিক্ষাৰ ক্ষেত্ৰত অতিশয় আগ্ৰহী এই বিষয়াজনৰ প্রচেষ্টাত

গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় হৈছিল।

প্ৰশ্ন🙁৫) জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল ?

উত্তৰ:- ব্ৰিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকাখনক চাৰিখন জিলাত বিভক্ত কৰা হৈছিল। সেই কেইখন হ’ল – (১)গোৱালপাৰা (২) কামৰূপ (৩) দৰং আৰু (৪) নগাঁও । পুৰণি নথি পত্ৰত নগাঁও জিলাক খাগৰিজন বুলিহে উল্লেখ আছে । সেই সময়ত এই জিলাখন পূবে ধনশিৰি নৈলৈকে বিস্তৃত আছিল । খাগৰিজানৰ সদৰ ঠাই আছিল নগাঁও । ১৮৩৪ চনত এই সদৰ ঠাই ৰঙাগড়ালৈ নিয়া হৈছিল , তাৰ পিছত পূৰণিগুদাম সদৰ হয় । কিছুদিনৰ মূৰত আকৌ পুনৰ নগাঁও চহৰক সদৰ ঠাই বুলি শোষণা কৰা হয় ।

পশ্চিমে মানাহ আৰু পূবে বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঠিত কামৰূপ জিলাৰ সদৰ ঠাই আছিল গুৱাহাটী । গুৱাহাটীত অসমৰ কমিছনাৰৰ সদৰ কাৰ্যালয় আছিল ।

আগেয়ে দৰং ৰজাৰ অধীনত থকা পশ্চিম অঞ্চলটোকে ধৰি সেই অঞ্চলত নতুনকৈ গঠিত জিলাখনক দৰং জিলা বোলা হৈছিল । ইয়াৰ সদৰ ঠাই প্ৰথমতে মঙলদৈত আছিল । কিন্তু এই ঠাইখন অস্বাস্থ্যকৰ বুলি বিবেচিত হৈছিল । ই প্ৰায়ে বানপানীত বুৰ গৈছিল । সেয়েহে ১৮৩৬ চনত মঙলদৈৰ পৰা তেজপুৰলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হয় ।

গাৰো পাহাৰকে ধৰি গোৱালপাৰা আগতে ৰংপুৰ শাসিত হৈছিল । বাৰ্মা যুদ্ধৰ পিছত ডেভিড স্কটৰ দিনত গোৱালপাৰা তেওঁৰ শাসনাধীন হ’ল । গোৱালপাৰাক ৰংপুৰৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰা হ’ল । পিছলৈ গাৰো পাহাৰক গোৱালপাৰাৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰিলে । আকৌ নিয়মীয়াকৈ ভাপ জাহাজ চলিবলৈ লোৱাত গোৱালপাৰাৰ পৰা ধুবুৰিলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হ’ল । সেই সময়ত ধুবুৰী জাহাজবোৰৰ শেষ ঘাটি আছিল ।


কাছাৰ দখল কৰাৰ পাছত ব্ৰিটিছে ইয়াক এখন জিলাত পৰিণত কৰে । ইয়াৰ সদৰ ঠাই হ’ল শিলচৰ । ১৮৩৬ চনৰ কাছাৰক ঢাকা ডিভিজনক অধীনস্থ কৰা হ’ল আৰু জিলাৰ ভাৰপ্ৰাপ্ত বিষয়জনৰ ডেপুটি কমিছনাৰ আখ্যা দিয়া হ’ল । অসমত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সকে ৰবাৰ্টচনে আহোম ৰজা পুৰন্দৰ সিংহৰ লগত এখন চুক্তিত স্বাক্ষৰ কৰিছিল ।

১৮৩২ চনত মটক আৰু শদিয়াৰ বাহিৰে সমগ্ৰ উজনি অসমত পুৰন্দৰ সিংহক ৰজা পাতি ৫০,০০০ হাজাৰ টকাকৈ কৰ দিবলৈ কোৱা হৈছিল । তেওঁ কৰ দিব নোৱাৰাত তেওঁৰ ৰাজ্য ব্ৰিটিছৰ পোনপটীয়া প্ৰশাসনৰ অধীনলৈ গৈছিল । তেওঁৰ ৰাজ্যখন দুখন জিলাত পৰিণত কৰিলে , সেই দুখন হ’ল শিৱসাগৰ আৰু লখিমপুৰ । এই জিলা দুখনৰ সদৰ ঠাই আছিল যোৰহাট আৰু লখিমপুৰ ।

প্রশ্ন:- (৬) তিৰৎ সিং কোন আছিল ? তেওঁ কিয় ব্ৰিটিছৰ বিৰোধী হৈছিল ?

উত্তৰঃ- তিৰৎ সিং খাচী ৰাজ্যৰ চিয়েম আছিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তিৰৎ সিঙক ব্ৰিটিছে সহায় নকৰিলে, বৰঞ্চ ৰাণীৰ ৰাজকহে সহায় কৰিবলৈ তেওঁলোক প্ৰস্তুত হ’ল। সেয়েহে ১৮২৯ খ্ৰীষ্টাব্দত তিৰৎ সিঙে খাচি সৈন্য – সামন্ত লৈ কোম্পানীৰ লোকৰ ওপৰত আক্ৰমণ চলাই ।

চামুটোকা লিখা

(১) গোমধৰ কোঁৱৰ


উত্তৰঃ- গোন্ধৰ কোঁৱৰ :- গোন্ধৰ কোঁৱৰে অসমত পোন প্ৰথম ব্ৰিটিছ প্ৰশাসনৰ বিৰোধীতা কৰিছিল । তেওঁ অহোম ৰাজ পৰিয়ালৰ আছিল । গোন্ধৰ কোঁৱৰক সমৰ্থন কৰিছিল ধনঞ্জয় আৰু তেওঁৰ পুত্ৰ হৰনাথ , জীউৰাম দুলীয়া বৰুৱা আদিয়ে ইংৰাজে উজনি অসমৰ সামৰিক শাসনৰ অন্ত পেলাই তাৰ পৰা ব্ৰিটিছ সৈন্য অপহৰণ কৰিছিল ।

সেই অৱস্থাৰ সুযোগ লৈ গোন্ধৰ কোঁৱৰে নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰিছিল । গোন্ধৰে ভবাৰ দৰে ব্ৰিটিছসকল ইমান দুৰ্বল নাছিল, তেওঁলোকে তৎক্ষণাত বিদ্ৰোহ দমন কৰে । গোমধৰকে আদি কৰি ব্ৰিটিছ বিৰোধী ষড়যন্ত্ৰকাৰী সকলক বন্ধি কৰে । সেই সময়ত ব্ৰিটিছ কমিছনাৰ ডেভিড স্কটে গোমধৰ কোঁৱৰ প্ৰমুখ্যে বিদ্রোহীক সাত বছলৈকে বঙ্গদেশৰ ৰংপুৰ কাৰাগাৰত কাৰাবাস দিয়ে ।

হৰনাথে বিচাৰত খালাছ পাইছিল আৰু কিছুদিনৰ মূৰত তেওঁ সংগীসকলক ফাটেকৰ পৰা পলুৱাই নিবলৈ সক্ষম হৈছিল । গোমধৰেও ফাটেকৰ পৰা নগা পাহাৰলৈ পলাই গৈছিল যদিও ধৰা পৰি পুনৰ ৰংপুৰ ফাটেকত সাত বছৰলৈ কাৰাবাস খাটিবলগীয়া হয় । পৰৱৰ্তী পৰ্যায়ত ৰংপুৰ ফাটেকৰ পৰা গোমধৰ কোঁৱৰ কলৈ গ’ল সেই বিষয়ে জনা নাযায় ।

(২) তুলাৰাম সেনাপতি

উত্তৰঃ- তুলাৰাম সেনাপতি :- তেওঁ কাছাৰ ৰাজ্যৰ সেনাপতি আছিল। তেওঁৰ স্বদেশ প্ৰেম আছিল অতুলনীয়। ইংৰাজ সকলে গোবিন্দচন্দ্ৰক আশ্ৰিত ৰজা হিচাপে কাছাৰ ৰাজ্যত ৰজা পাতিছিল । ১৮৩০ খ্ৰীষ্টাব্দত গোবিন্দচন্দ্ৰ মৃত্যু হয় । তেওঁ নিসন্তান আছিল বাবে তেওঁৰ অবিহনে সেনাপতি তুলাৰামে সমগ্ৰ কাছাৰ অঞ্চল ব্ৰিটিছৰ পৰা দাবী কৰিছিল।

কিন্তু ইংৰাজ সকলে তুলাৰামক উত্তৰ কাছাৰৰ কৰতলীয়া শাসক হিচাপেহে স্বিকৃতি দিছিল ।তুলাৰাম সেনাপতিৰ মৃত্যু হোৱাত দুই পুত্র ৰাম বৰ্মন আৰু ব্ৰজনাথ বৰ্মনে পিতৃ ৰাজ্য শাসন কৰিছিল । দুয়ো ভাতৃৰ মাজত মিল নথকাৰ উপৰি পিছলৈ চুবুৰীয়া নগাৰ লগতো বিবাদ ঘটিছিল । সুযোগ বুজি ব্ৰিটিছে এইবাৰ কাছাৰৰ শাসন নিজৰ অধিকাৰলৈ আনে ।

(৩) ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল

উত্তৰঃ- ব্ৰিটিছৰ জয়ন্তীয়া ৰাজ্য দখল :- জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহই ব্ৰিটিছৰ লগত যুক্তি কৰি ৰাজনৈতিক সুসম্পৰ্ক স্থাপন কৰিছিল । মানৰ আক্ৰমণৰ পৰবৰ্তী কালত সৃষ্টি হোৱা অশান্ত বাতাবৰণৰ কালচোৱাত ব্ৰিটিছক আশা কৰা মতে সহায় কৰা নাছিল । জয়ন্তীয়াসকলে জয়ন্তীয়া পৰগণা সীমাই দি ব্ৰিটিছ অধিকৃত অঞ্চলত উপদ্ৰৱ কৰাৰ অভিযোগত ব্ৰিটিছে তেওঁলোকক ভাবুকি দিবলগীয়া হৈছিল ।

১৮৩৫ চনত কেপ্তেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে । এজন পলিটিকেল এজেন্টে ব্ৰিটিছৰ হৈ জয়ন্তীয়া ৰাজ্যৰ প্ৰশাসনৰ তদাৰক কৰিছিল । জয়ন্তীয়া ৰজা ৰাজেন্দ্ৰ সিংহক চিলেটলৌ নিৰ্বাসন দিয়া হৈছিল ।

(৪) ব্ৰিটিছ চিংফৌ ৰাজ্য দখল


উত্তৰঃ- ব্ৰিটিছ চিংফৌ ৰাজ্য দখল :- মটক ৰাজ্যৰ পূবত থকা নদিহিং আৰু টেঙাপানী নৈৰ মাজৰ সমভূমি চিংফৌসকল আছিল । চিংফৌৰ মুখীয়ালজনক গাম বোলা হৈছিল। গামসকলে ইংৰাজৰ বশ্যতা স্বীকাৰ কৰি চুক্তি – পত্ৰত চহী কৰাত সেই অঞ্চলটো ইংৰাজৰ তললৈ গ’ল ।

পূবৰ পৰা কোনো শত্ৰু অহাৰ গম পালে তেওঁলোকে ইংৰাজ চৰকাৰক জনাবলৈ মান্তি হৈছিল । ইয়াৰ পিছতো আহোম সম্প্ৰদায়ৰ ডা – ডাঙৰীয়া কিছুমানৰ উচটনিত চিংফৌসকলৰ ষড়যন্ত্ৰভাৱে বিদ্ৰোহী কাৰ্যত লিপ্ত হৈছিল। এই বতৰা পাই নিউভিলে পুণৰ চিংফৌ সকলক দমন কৰিবলগীয়া হৈছিল।

 

(৫) পুৰন্দৰ সিংহ

উত্তৰঃ- গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেন্টিংকৰ শাসনকালত ব্ৰিটিছ ভাৰত চৰকাৰে ১৮৩২ চনৰ অক্টোবৰ মাহত উজনি অসমত আহোম ৰাজকুমাৰ এজনক শাসনভাৰ দিয়াৰ সিদ্ধান্ত কৰে । এই সিদ্ধান্ত মতে মটক আৰু শদিয়া ৰাজ্যৰ বাহিৰে বছৰি ৫০,০০০টকাৰ কৰৰ বিনিময়ত ১৮৩৩ চনৰ এপ্ৰিল মাহত পুৰন্দৰ সিংহ উজনি অসমৰ ৰজা হয়। তেওঁৰ ৰাজ্যৰ ৰাজধানী যোৰহাট হয় ।

আনহাতে ব্ৰিটিছ চৰকাৰে যোৰহাটৰ ওচৰত ৪ বৰ্গ মাইল এলেকা এটি পুৰন্দৰ সিংহৰ কতৃত্বৰ বাহিৰত আৰু ব্ৰিটিছৰ অধীনত এটা ব্ৰিটিছ সামৰিক ছাউনী পাতিছিল। তাৰোপৰি পুৰন্দৰ সিঙে চুক্তি মতে উজনি অসমৰ ৰাজনৈতিক বিষয়া আৰু গৱৰ্ণৰ জেনেৰেল এজেন্টে দিয়া উপদেশ মানি চলিব লাগিছিল।

পুৰন্দৰ সিংহই উক্ত বাৰ্ষিক কৰ ৫,০০০ টকা সময় মতে উচল কৰি দিব নোৱৰাৰ বাবদ ব্ৰিটিছ-ভাৰতৰ চৰকাৰে ১৮৩৮ চনত তেঁওকসিংহাসনৰ পৰা আঁতৰাই দিয়ে।ৰাজ্যাধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবদ তেওঁক ব্ৰিটিছ চৰকাৰে বছৰি ১০০০টকাতকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰে।

(৬) তিৰৎ সিং

উত্তৰঃ- তিৰৎ সিং খাচী ৰাজ্যৰ চিয়েম আছিল। ব্ৰিটিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ দখল লাভ কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে সুৰমা উপত্যকাৰ সৈতে এটা যোগাযোগ স্থাপন কৰিব বিচাৰিছিল। ৰাণীৰ পৰা নংখেৰ মাজেৰে এই পথ সাজিবলৈ খাচী চিয়েম তিৰৎ সিঙে অনুমতি দিছিল। কিন্তু পিছত পথ নিৰ্মাণ হ’লে তেঁওলোকৰ স্বাধীনতা হেৰুৱাব বুলি সন্দেহ কৰে ।

সেইবাবে খাচীৰ মুখিয়াল সকলে ইয়াৰ বিৰোধীতা কৰিছিল । ফলস্বৰূপে ১৮২৯ চনৰ এপ্ৰিল মাহত খাচী লোকসকলে তিৰৎ সিঙৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিৰোধ সংগ্ৰামত মিলিত হৈ পৰিছিল। এই সংগ্ৰামৰ পিছৰ পৰাই তিৰৎ সিঙ আৰু ইংৰাজৰ মাজত সম্পর্কৰ অৱনতি ঘটিছিল ।

karaiuni jatiya vidyalaya logo
Enamul Hoque Kamal Assam
× Ask Any question