Class 9 Social Science History Chapter 4 Assamese medium | মানৰ অসম আক্ৰমণ

class 9 Social Science History chapter 4 Assamese medium মানৰ অসম আক্ৰমণ. This website is for students of Class 9. SEBA Class 9 Social Books Assamese Medium Question Answer, Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণআক্ৰমণ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Social Science History Chapter 4 মানৰ অসম আক্ৰমণ.

মানৰ অসম আক্ৰমণ

ADDITIONAL QUESTIONS ANSWERS

অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ

১। মানসকল কোন দেশৰ লোক ?

উত্তৰঃ ব্ৰহ্মদেশৰ।

২। আহোম ৰজা-গৌৰীনাথ সিংহৰ পিছত সিংহাসনত কোন বহিছিল ?

উত্তৰঃ কমলেশ্বৰ সিংহ।

৩। চিংফৌ নেতা বিচানাঙে কোন গাভৰুক কোন মান ৰজালৈ উপহাৰ হিচাপে আগবঢ়াইছিল?

উত্তৰঃ ৰঙ্গিলী নামেৰে এগৰাকী আহোম গাভৰুক।

৪। আহোম ৰজাই কাক প্রতাপবল্লভ উপাধি দিছিল ?

উত্তৰঃ বৰফুকন কলীয়া ভোমোৰাক।

৫। কিমান চনত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল ?

উত্তৰঃ ১৮১০ চনত।

৬। কমলেশ্বৰ সিংহৰ পিছত অসমৰ নতুন ৰজা কোন আছিল ?

উত্তৰঃ চন্দ্ৰকান্ত সিংহ।

৭। ৰজা চন্দ্ৰকান্ত সিংহই কাক চাৰিঙীয়া ফুকন খিতাপ দিছিল ?

উত্তৰঃ সৰামক।

৮। পূর্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক ওৰোনাথে কাক বিয়া কৰাইছিল ?

উত্তৰঃ বদন বৰফুকনৰ জীয়ৰী পিজৌ গাভৰুক।৯। বদন চন্দ্ৰৰ পেহীয়েক কোন আছিল ?

উত্তৰঃ মান ৰজাৰ অসমীয়া ৰাণী ৰঙ্গিলী আইদেউ।

১০। কোন যুদ্ধত পৰাজয়ৰ বাতৰি পায় পূৰ্ণানন্দ বুঢ়াগোহাঁই মৃত্যুমুখত পৰিছিল ?

উত্তৰঃ ঘিলাধাৰী যুদ্ধত।

অতি চমু উত্তৰৰ প্ৰশ্ন

(১) ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে কোনখন দেশ জয় কৰিছিল ?

উত্তৰঃ- ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকলে আৰাকান দেশ জয় কৰিছিল ।

(২) মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ শত্ৰুতা সৃষ্টি হৈছিল ?

উত্তৰঃ – মান আৰু ইংৰাজ দুয়ো পক্ষ একে আন্তঃৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হোৱাৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল ।

(৩) মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্ৰলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল ।

উত্তৰঃ- মানৰ উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্ৰলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম আছিল গোবিন্দ চন্দ্ৰ ।

(৪) কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল ?

উত্তৰঃ- ঘিলাধাৰী যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল ।

(৫) বৈশালী শুকুং কি ?

উত্তৰঃ- বৈশালী শুকুং হ’ল মান লিপিকাৰে লিখা মানৰ সামৰিক অভিযানৰ এটা টোকৰ নাম ।

(৬) বৈশালী মং – ডুন – চুন খাম কি ?

 

 

Class 9 Social Science History Chapter 4 Assamese medium

মানৰ অসম আক্ৰমণ

উত্তৰঃ- মানৰ সামৰিক অভিযান সম্পৰ্কে মান লিপিকাৰে লিখা অন্য এটা টোকৰ নাম হ’ল বৈশালী মং – ডুন – চুন খাম ।

(৭) বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল ।

উত্তৰঃ- বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোঁতে অসমৰ প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল ।

(৮) বদন চন্দ্ৰই কিমান সৈন্য লগত আনিছিল ?

উত্তৰঃ- বদন চন্দ্ৰই প্ৰায় ৬,০০০ মান সৈন্য লগত আনিছিল ।

(৯) বদন চন্দ্ৰই কিমান সৈন্য লগত আনিছিল ?

উত্তৰঃ – বদন চন্দ্ৰই প্ৰায় ৮,০০০ সৈন্য লগত আনিছিল ।

(১০) বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল ?

উত্তৰঃ – বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই মন্ত্ৰী বৰফুকন উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল ।

(১১) মানৰ আক্ৰমণ কোন কোন চনত হৈছিল ?

উত্তৰঃ – মানৰ আক্ৰমণ হৈছিল –

মানৰ প্ৰথম আক্ৰমণ ১৮১৭
মানৰ দ্বিতীয় আক্ৰমণ ১৮১৯
মানৰ তৃতীয় আক্ৰমণ ১৮২১
প্রশ্ন :- (১২) কোন চনত বাদনচন্দ্ৰক হত্যা কৰা হৈছিল ?

উত্তৰঃ – ১৮১৭ চনত বাদনচন্দ্ৰক হত্যা কৰা হৈছিল ।

শুদ্ধ উত্তৰটো বাছি উলিওৱা

(১) ১৮১৬ / ১৮১৭ / ১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল ।

উত্তৰঃ -১৮১৭ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল ।

(২) জগন্নাথ ঢেকিয়াল ফুকন / বদন চন্দ্ৰ বৰফুকন / চন্দ্ৰকান্ত বুঢ়াগোহাঁই ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল ।

উত্তৰঃ- জগন্নাথ ঢেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগোহাঁইৰ ভাতৃ আছিল ।

(৩) বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬ / ১৮১৭ / ১৮১৮ চানৰ আগষ্ট মাহত ।

উত্তৰঃ – বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৭ চানৰ আগষ্ট মাহত ।

(৪) ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহ / পূৰ্ণানন্দ বুঢ়াগোহাঁই / ব্ৰজনাথ গোহাঁইৰ মাতৃ আছিল ।

উত্তৰঃ- ৰাজমাও নুমলী চন্দ্ৰকান্ত সিংহৰ মাতৃ আছিল ।

(৫) ইয়াণ্ডাবু সন্ধি ১৮১৪ / ১৮২৬ / ১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল ।

উত্তৰঃ – ইয়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল ।

ৰচনা ধৰ্মী প্ৰশ্ন

(১) মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পৰ্কে চমু কৈ উল্লেখ কৰা ।

উত্তৰঃ – মানসকলৰ অসম আক্ৰমণ ইতিহাসৰ অতি উল্লেখযোগ্য ঘটনা । তেওঁলোকে ৰাজ্য বিস্তাৰৰ হাবিয়াসেৰে অসম আক্ৰমণ কৰাৰ লগে লগে মণিপুৰ আৰু আৰাকানৰ ওপৰতো হস্তক্ষেপ আৰম্ভ কৰিছিল ।

ছিংবুছিম নামে মান বজাৰ আমূলত ১৭৬৫ চনত মান সেনাই মণিপুৰ আক্ৰমণ কৰি কেইবাহাজাৰো মণিপুৰী লোকক ব্ৰহ্মদেশলৈ লৈ গৈ মণিপুৰৰ ৰজা জয় সিংহক দেশান্তৰীত কৰিছিল । এই ঘটনাৰ পিছৰে পৰা মান সেনাই বাৰম্বাৰ মণিপুৰ আক্ৰমণ কৰি দেশএখনক জুৰুলা কৰি তুলিছিল ।এনেদৰে মান সেনাই এৰা ধৰা কৈ ১৭৮২ চনলৈ মণিপুৰৰ ওপৰত আক্ৰমণ চলাই আছিল । ১৭৯৮ চনৰ পৰাহে মণিপুৰে শান্তিত থাকিব পাৰিছিল ।

আনহাতে ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ অমূলত মান সেনাই আৰাকান জয় কৰি দখল কৰে । আৰাকান দখল কৰাৰ লগে লগে মান সেনাই মাৰদণ্ডই দ্বীপপূজৰ পৰা চট্টগ্রাম হিমন্তৰ লগতে চট্টগ্রাম বন্দৰলৈ বিস্তৃত সমগ্ৰ বঙ্গোপসাগৰীয় উপকূল ৰখাত প্ৰধান ৰাজনৈতিক শক্তিত পৰিণত হয় ।

আৰাকানত থিতাপি লৈ মান ৰজা বিশেষকৈ বদৌপায়া আৰু তেওঁৰ নাতি বাগিদাওৰ ৰাজত্ব কালত তেওঁলোকৰ ৰাজ্য বিস্তাৰৰ নীতি মণিপুৰ আৰু অসমৰ পিনে সম্প্রশাৰীত কৰাত চেষ্টা কৰে ।

(২) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল আলোচনা কৰা ।

উত্তৰঃ- মুৱামৰীয়া বিদ্ৰোহৰ সময়ত স্বৰ্গদেউ গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলায়ন কৰাৰ বাবে আহোম সাম্ৰাজ্যৰ বাঘজৰীডাল সম্পূৰ্ণৰূপে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হস্তগত হৈছিল । পূৰ্ণানন্দৰ স্বেচ্ছাচাৰী , দাম্ভিক স্বাভাৰ বাবে তেওঁ জনসাধাৰণৰ মাজত অপ্ৰিয় আছিল ।

ক্ষমতা লাভৰ এবছৰৰ ভিতৰতে স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল । পূৰ্ণানন্দই স্বৰ্গদেউৰ মৃত্যুৰ সংবাদটো গোপনে ৰাখিছিল আৰু কৌশলেৰে কম বয়সীয়া কমলেশ্বৰ সিংহক অসমৰ নতুন ৰজা হিচাপে নিযুক্তি দিয়ে । কোমল বয়সীয়া ৰজাজনে বুঢ়াগোহাঁইৰ হাতৰ পুতলা হিচাপেহে কাম কৰিছিল ।

১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দই চন্দ্ৰকান্ত সিংহ নামৰ কণমানি ল’ৰা এজনক আহোম ৰাজপাটত বহুৱাই । এইদৰে পূৰ্ণানন্দৰ স্বেচ্ছাচাৰীতাত একাংশ বিষয়া আৰু জনসাধাৰণ তেওঁৰ বিৰোধী হৈ উঠিছিল । দেশৰ ভালেমান মুখিয়াল লোক আৰু ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত এই বিদ্ৰোহৰ নেতৃত্ব দিছিল ।

পমুৱা নামৰ এজন লোকে এই বিদ্ৰোহৰ নেতৃত্ব দিয়াৰ বাবে এই বিদ্রোহক পমুয়া বিদ্ৰোহ হিচাপে জনা যায় ।

পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাছৰীতা , দাম্ভিকতা আৰু কমবয়সীয়া ল’ৰাক ৰজা পাতি তেওঁ নিজে চলোৱা কু – শাসনে প্ৰজাক অতিষ্ঠ কৰি তুলিছিল । আৰু এইদৰেই দেশত ৰাজনৈতিক ষড়যন্ত্ৰৰ জন্ম দিছিল ।

karaiuni jatiya vidyalaya logo
Enamul Hoque Kamal Assam
× Ask Any question