Class 9 Social Political Chapter 2

ADDITIONAL QUESTIONS ANSWERS

অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ

১। অৰ্থনীতিৰ মূল বিষয়বস্তু কি ?

উত্তৰঃ ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা।

২। ‘Oikonomia’ শব্দটোৰ অৰ্থ কি ?

উত্তৰঃ ‘Oikonomia’ শব্দটো গ্ৰীক শব্দ। ইয়াৰ ‘Oikos’ শব্দটোৰ অৰ্থ পৰিয়াল আৰু ‘monos’ শব্দৰ অৰ্থ হ’ল নিয়ম। গতিকে ‘Oikonomia’ শব্দৰ অৰ্থ হ’ল পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম।

৩। ৰবিন্সৰ সংজ্ঞাটোৰ আন এটা নাম কি ?

উত্তৰঃ দুষ্প্রাপ্যতা বা নাটনিৰ সংজ্ঞা।

৪। ভোগ মানে কি ?

উত্তৰঃ আমাৰ অভাৱ দূৰ কৰাৰ কাৰ্যকলাপেই হৈছে ভোগ।

৫। উৎপাদন মানে কি ?

উত্তৰঃ উপযোগী সামগ্ৰী অথবা সেৱাৰ সৃষ্টিয়েই হৈছে উৎপাদন।

৬। বিতৰণ মানে কি ?

উত্তৰঃ সামগ্ৰীৰ উৎপাদন কার্য সম্পাদন কৰাৰ পাছত ইয়াক উপভোক্তাৰ মাজত বিলাই দিয়া কাৰ্যই হৈছে বিতৰণ।

৭। মুদ্রা কি ?

উত্তৰঃ মুদ্রা বিনিময়ৰ মাধ্য আৰু মূল্যৰ মাপকাঠী।

৮। প্রত্যক্ষ বিনিময়ৰ এটা উৎকৃষ্ট উদাহৰণ দিয়া।

উত্তৰঃ অসমৰ মৰিগাঁও জিলাৰ জোনবিল মেলা।

৯। ৰাজস্ব বা ৰাজহুৱা বিত্ত বিজ্ঞান কাক বোলে ?

উত্তৰঃ চৰকাৰী আয়, চৰকাৰী ব্যয় আৰু চৰকাৰী ঋণৰ আলোচনাই হৈছে ৰাজহুৱা বিত্ত বিজ্ঞান।

১০। কল্যাণকামী অর্থনীতিক জনপ্রিয় কৰি তোলা চাৰিজন অর্থনীতিবিদৰ নাম লিখা।

উত্তৰঃ এ. চি. পিণ্ড আৰু ভিলফ্ৰেড’ পেটে, হিক্স, অমর্ত্য সেন।

অতি চমু উত্তৰৰ প্ৰশ্ন :

প্ৰশ্ন :- (১) চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক কোন ?

উত্তৰঃ- চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দাৰ্শনিক হ’ল – গ্ৰীক দাৰ্শনিক প্লেটো ।

প্রশ্ন (২) বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰ কোনবিধ ?

উত্তৰঃ- বৰ্তমান বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চৰকাৰটো হ’ল – গণতান্ত্ৰিক চৰকাৰ।

প্রশ্ন :- (৩) সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা ।

উত্তৰঃ- সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ’ল – ভাৰতবৰ্ষ ।

প্ৰশ্ন :- (৪) সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন ?

উত্তৰঃ- সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান হ’ল প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান হ’ল ৰাষ্ট্ৰপতি ।

প্রশ্ন:- (৫) ক্ষমতাৰ পৃথকীকৰণ নীতি কেনে প্ৰকাৰৰ চৰকাৰৰ থাকে ।

উত্তৰঃ – ৰাষ্ট্ৰপতীয় চৰকাৰৰ থাকে ।

প্ৰশ্ন :- (৬) ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰঃ – ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম হ’ল – আমেৰিকা যুক্তৰাষ্ট্ৰ ।

প্ৰশ্ন:- (৭) এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা ।

উত্তৰঃ – এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম হ’ল – জাপান ।

প্ৰশ্ন :- (৮) যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি ?

উত্তৰঃ- যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ হ’ল – ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ ।

প্ৰশ্ন :- (৯) ছুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে ।

উত্তৰঃ- ছুইজাৰলেণ্ডত যুক্তৰাষ্ট্রীয় চৰকাৰ পদ্ধতিৰ চৰকাৰ আছে ।

প্ৰশ্ন :- (১০) ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে ?

উত্তৰঃ- ভাৰতত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই ।

চমু উত্তৰৰ প্ৰশ্ন :

প্রশ্ন :- (১) বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি ?

উত্তৰঃ- বৰ্তমান সময়ত প্ৰচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰসমূহ হ’ল –

(১) এককেন্দ্ৰীয় চৰকাৰ ,

(২) যুক্তৰাষ্ট্ৰীয় চৰকাৰ ,

(৩) সংসদীয় চৰকাৰ আৰু

(৪) ৰাষ্ট্ৰপতীয় চৰকাৰ ।

প্ৰশ্ন :- (২) সংসদীয় পদ্ধতিৰ চৰকাৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ- সংসদীয় পদ্ধতিৰ চৰকাৰ দুটা বৈশিষ্ট্য হ’ল –

(১) কাৰ্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য আৰু

(২) বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ ।

প্ৰশ্ন :- (৩) সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা ।

উত্তৰঃ – সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ হ’ল –

(১) সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পৰ্ক আৰু সহযোগিতা থাকে ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি ।

(২) এই চৰকাৰ বিধানমণ্ডলৰ ওপৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে।

সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ হ’ল –

(১) সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলেও বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে , তেতিয়া মৰ্চা চৰকাৰ গঠিত হয় ।

(২) এই চৰকাৰত থকা মন্ত্ৰীসকল বিভাগীয় কাম-কাজত প্ৰায়েই অনভিজ্ঞ হোৱাৰ বাবে বহু ক্ষেত্ৰত আমোলাসকলৰ প্ৰভাৱ বেছি হয় আৰু চৰকাৰখন আমোলতান্ত্ৰিক হৈ পৰে।

প্রশ্ন :- (৪) ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি ?

উত্তৰঃ- ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় । দুয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন । সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্যক্ৰমণিকাত অংশ ল’ব নোৱাৰে ।

প্ৰশ্ন:- (৫) ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ- ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল –

(১)ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানৰ মাজত পাৰ্থক্য নাই : সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধান বুলি দুজন ব্যক্তি নাথাকে । ইয়াত ৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰপ্ৰধান লগতে চৰকাৰ প্ৰধানো ।

(২)ক্ষমতাৰ পৃথকীকৰণ নীতি : ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় । দুয়োৰে স্থিতি সম্পূৰ্ণ স্বাধীন । সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্যক্ৰমণিকাত অংশ ল’ব নোৱাৰে ।

প্ৰশ্ন :- (৬) এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা ।

উত্তৰঃ- এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ হ’ল –

(১) এককেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে একেধৰণৰ প্ৰশাসন ব্যৱস্থা প্ৰয়োগ আৰু কাৰ্যকৰী কৰিব পাৰে । ইয়াত জটিলতা নাথাকে ।

(২) যিহেতু কেন্দ্ৰীয় চৰকাৰেই সমগ্ৰ দেশৰ শাসন চলায় সেইবাবে যিকোনো ভুলৰ বাবে কেন্দ্ৰীয় চৰকাৰ দায়ী হয় ।

এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ হ’ল –

(১) এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয় ।

(২) এককেন্দ্ৰীয় চৰকাৰত জনসাধাৰণে সক্ৰিয়ভাৱে দেশৰ শাসন কাৰ্যত অংশ ল’ব নোৱাৰে । ফলত জনসাধাৰণৰ ৰাজনৈতিক সক্ৰিয়তা হ্ৰাস পায় ।

       Sl. No. Contents
HISTORY (ইতিহাস)
পাঠ-1 ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন
পাঠ-2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
পাঠ-3 মোৱামৰীয়া গণ বিদ্ৰোহ
পাঠ-4 মানৰ অসম আক্ৰমণ
পাঠ-5 অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
GEOGRAPHY (ভূগােল)
পাঠ-1 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
পাঠ-2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
পাঠ-3 ভাৰতবৰ্ষৰ ভূগোল
পাঠ-4 অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1 ভাৰতৰ ৰাজনৈতিক দল
পাঠ-2 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
পাঠ-3 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
পাঠ-4 মূল অৰ্থনৈতিক সমস্যাসমূহ

               দীঘল উত্তৰৰ প্ৰশ্ন :

প্ৰশ্ন :- (১) ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণ আৰু দোষসমূহ লিখা ।

উত্তৰঃ- ৰাষ্ট্ৰপতীয় চৰকাৰৰ গুণসমূহ হ’ল –

(১) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা বাবে চৰকাৰখন স্থায়ী হয় । ইয়াত বিধানমণ্ডলৰো নিৰ্দিষ্ট কাৰ্যকাল থাকে ।

(২) ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাৱে কাম কৰাৰ সুযোগ পায় । উল্লেখযোগ্য যে এই চৰকাৰত ‘ অৱৰোধন আৰু সন্তুলন ‘ নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্ছাছৰী হ’ব নোৱাৰে ।

(৩) এই চৰকাৰৰ প্ৰকৃত ক্ষমতা ৰাষ্ট্ৰপতিজনৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনো সিদ্ধান্ত ক্ষিপ্ৰভাৱে এই চৰকাৰে ল’ব পাৰে ।

(৪) কাৰ্যপালিকা অধিক শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা পৰে ।

(৫) ৰাষ্ট্ৰপতীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত । ৰাষ্ট্ৰপতিজনে কাৰ্য সম্পাদন কৰা ক্ষেত্ৰত সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰি চলিব নালাগে ।

ৰাষ্ট্ৰপতীয় চৰকাৰৰ দোষসমূহ হ’ল –

(১) ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন বিধানমণ্ডলৰ নিয়ন্ত্ৰণৰ বাহিৰত সেয়ে এই চৰকাৰ স্বেচ্ছাছৰী হোৱাৰ অৱকাশ থাকে।

(২) ক্ষমতাৰ পৃথকীকৰণ নীতিয়ে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নোহোৱা কৰে বাবে ই দেশৰ প্ৰশাসনত বিৰূপ প্ৰভাৱ পেলায় ।

(৩) ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান ।

(৪) ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হলে ৰাজনৈতিক সংকট সৃষ্টি হ’ব পাৰে।

(৫) এই চৰকাৰত মন্ত্ৰীত্ব লাভৰ ক্ষেত্ৰত অনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা থাকে আৰু ই দেশৰ উন্নয়নত প্ৰতিবন্ধক হব পাৰে।

প্ৰশ্ন(২) সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা ।

উত্তৰঃ- সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহ হ’ল –

(১) দুজন মুৰব্বী: এই চৰকাৰৰ দুজন মুৰব্বী ব্যৱস্থা আছে ।এজন কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা ।প্ৰধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হ’ল প্রকৃত কাৰ্যপালিকা আৰু ৰাষ্ট্ৰ প্ৰধানজন নামমাত্ৰ কাৰ্যপালিকাহে ।

(২)এই চৰকাৰত কাৰ্যপালিকা অৰ্থাৎ মন্ত্ৰী পৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য ।

(৩) সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকা সম্পৰ্ক নিবিড় ।

(৪) সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে । বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰী পৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়।

(৫) এই চাৰকাৰত মন্ত্ৰী পৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয় । মন্ত্ৰী পৰিষদৰ এজন সদস্যৰ ব্যর্থতাৰ বাবে সকলো সদস্য দায়বদ্ধ হয় ।

প্ৰশ্ন:-(৩) যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ বৰ্তমান কিয় জনপ্ৰিয় হৈছে , উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ- যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্যই এই চৰকাৰক জনপ্ৰিয় কৰিছে –

(১) কেন্দ্ৰীয় চৰকাৰ আৰু অংগ ৰাজ্যবিলাক চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ – বিতৰণ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য ।

(২) যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰৰ তিনিটা অংগ – কাৰ্যপালিকা, বিধানমণ্ডল, আৰু ন্যায়পালিকা নিজৰ নিজৰ কর্ম ক্ষেত্ৰত স্বাধীন । এটা আনটোৰ পৰিপূৰক নহয় ।

(৩) যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধান খন হ’ল লিখিত সংবিধান । এই সংবিধান খন অনমনীয় অথবা দৃঢ় । এই সংবিধান খন সংশোধন কৰা পদ্ধতিও অতি জটিল।

(৪) যুক্তৰাষ্ট্ৰীয় চাৰকাৰত দুই ধৰণৰ চৰকাৰ থাকে । এবিধ কেন্দ্ৰীয় চৰকাৰ আৰু আনবিধ ৰাজ্য চৰকাৰ। দুয়োবিধ চৰকাৰৰ নিজা নিজা সংবিধান থাকে ।

(৫) যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰত জনসাধাৰনে দুবিধ নাগৰিকত্ব উপভোগ কৰিব পাৰে । সমগ্ৰ ৰাষ্ট্ৰখনৰ নাগৰিক হোৱাৰ লগতে ইয়াৰ নাগৰিসকলে বাস কৰা ৰাজ্যখনৰ নাগৰিক হিচাপেও সুকীয়া মৰ্যাদা লাভ কৰে ।

(৬) যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত এখন স্বাধীন আৰু নিৰপেক্ষ আদালতৰ ব্যবস্থা থাকে , যিয়ে সংবিধানৰ চৰম কাৰ্যকৰ্তা আৰু অভিভাৱক হিচাপে দায়িত্ব পালন কৰে।

প্ৰশ্ন(৪) এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য সমূহ লিখা ।

উত্তৰঃ- এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্য সমূহ হ’ল –

(১) এনে চৰকাৰত সংবিধানৰ সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ন্যস্ত থাকে । ফলত ইয়াত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী ।

(২) এককেন্দ্ৰীয় চৰকাৰত সংবিধান খন লিখিত বা অলিখিত হ’ব পাৰে ।

(৩) একক নাগৰিকত্ব এককেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য । ইয়াত যুক্তৰাষ্ট্ৰ থকাৰ দৰে দ্বি – নাগৰিকত্বৰ ব্যৱস্থা নাই ।

(৪) এককেন্দ্ৰীয় চৰকাৰত আইন সভাৰ প্ৰাধান্য পৰিলক্ষিত হয়। আইন সভাই প্ৰস্তুত কৰা সমগ্ৰ দেশৰ বাবে প্ৰয়োজ্য হয় আৰু তেনে আইনৰ ওপৰত ন্যায়িক পুনৰীক্ষাৰ ব্যৱস্থা নাথাকে । আইন সভাই প্ৰণয়ন কৰা আইনক ন্যায় পালিকাই অসাংবিধানীক বুলি ঘোষণা কৰিব নোৱাৰে।

kjv logo
Enamul Hoque Kamal Assam
× Ask Any question