Class 9 Social Political Chapter 1 ( ভাৰতৰ ৰাজনৈতিক দল )
ADDITIONAL QUESTIONS ANSWERS
অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ
১। ৰাজনৈতিক দল মানে কি ?
উত্তৰঃ সাধাৰণতে ৰাজনৈতিক দল হৈছে শাসক আৰু জনসাধাৰণৰ মাজৰ এক যোগসূত্র।
২। কেতিয়া ভাৰতবৰ্ষত ৰাজনৈতিক দলৰ আৰম্ভণি হৈছিল ?
উত্তৰঃ প্ৰায় ১৮৮৫ চনত।
৩। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কোন চনত হৈছিল ?
উত্তৰঃ ১৮৮৫ চনত।
৪। কাৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে জন্মলাভ কৰিছিল ?
উত্তৰঃ অৱসৰপ্ৰাপ্ত আই. চি. এছ বিষয়া এলেন অক্টোভিয়ান হিউমৰ নেতৃত্বত।
৫। ভাৰতৰ প্ৰথমটো ৰাজনৈতিক সংগঠনৰ নাম কি আৰু কোন চনত গঠন কৰা হৈছিল ?
উত্তৰঃ ভাৰতৰ প্ৰথমটো ৰাজনৈতিক সংগঠনৰ নাম হ’ল— “দি ইণ্ডিয়ান এছ’চিয়েচন”।
এই সংগঠনটো ১৮৭৬ চনত গঠন কৰা হৈছিল।
৬। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিবেশন ক’ত অনুষ্ঠিত হৈছিল ?
উত্তৰঃ বোম্বাই (বৰ্তমান মুম্বাই)।
৭। মুছলিম লীগৰ জন্ম কোন চনত হৈছিল ?
উত্তৰঃ ১৯০৬ চনত।
৮। ভাৰতৰ তৃতীয় ৰাজনৈতিক দলটোৰ নাম কি আৰুই কোন চনত গঠিত হৈছিল ?
উত্তৰঃ ভাৰতৰ তৃতীয় ৰাজনৈতিক দলটোৰ নাম হ’ল হিন্দু মহাসভা। এই দলটো ১৯১৬ চনত গঠিত হৈছিল।
৯। ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম কি আৰু ই কোন চনত গঠিত হৈছিল ?
উত্তৰঃ ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটোৰ নাম হ’ল স্বৰাজ পাৰ্টী। ই ১৯২২ চনত গঠিত হৈছিল।
১০। কাৰ কাৰ নেতৃত্বত ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দল স্বৰাজ পাৰ্টী গঠন কৰা হৈছিল ? পিছলৈ এই দলটোৱে কোনটো দলৰ লগত চামিল হয় ?
উত্তৰঃ চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰৰ নেতৃত্বত ভাৰতৰ চতুৰ্থ ৰাজনৈতিক দলটো গঠন কৰা হৈছিল। পিছলৈ এই দলটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত চামিল হয়।
অতি চমু উত্তৰৰ প্ৰশ্ন :
প্ৰশ্ন:- (১) একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা ।
উত্তৰঃ- একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ’ল চীন দেশ ।
প্ৰশ্ন :- (২) আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি ?
উত্তৰঃ- আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ’ল দ্বি – দলীয় ব্যৱস্থা ।
প্ৰশ্ন :- (৩) ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ- ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ’ল – (ক) সংগঠন , আৰু (খ) নীতি , আদৰ্শ আৰু আঁচনি ।
প্ৰশ্ন :- (৪) ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা ।
উত্তৰঃ-ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা হ’ল –
(১) জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা ।
প্ৰশ্ন:- (৫) অসমৰ এটা আঞ্চলিক দলটো কি ?
উত্তৰ:- অসমৰ এটা আঞ্চলিক দলটো হ’ল – শ
অসম গণ পৰিষদ ( A•G•P) ।
প্ৰশ্ন:- (৬) ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো কি ?
উত্তৰ:- ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ’ল – ঝাৰখণ্ড মর্চা ।
প্ৰশ্ন:- (৭) ইউ পি এ (U P A )ৰ সম্পূৰ্ণ অৰ্থ লিখা ।
উত্তৰঃ- ইউ পি এ (U P A )ৰ সম্পূৰ্ণ অৰ্থ হ’ল – সংযুক্ত প্ৰগতিশীল মৰ্চা (United progressive Alliance ) ।
প্ৰশ্ন(৮) ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো ?
উত্তৰ:- ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ’ল – ভাৰতীয় জাতীয় কংগ্ৰেছ ।
প্ৰশ্ন:- (৯) কাৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ‘চিয়েচন‘ গঠন হৈছিল ?
উত্তৰ:- এছ এন বেনাৰ্জীৰ নেতৃত্বত ‘দি ইণ্ডিয়ান এছ’চিয়েচন’ গঠন হৈছিল ।
প্ৰশ্ন(১০) ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল ?
উত্তৰঃ- ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশচন্দ্ৰ বেনাৰ্জী আছিল ।
চমু উত্তৰৰ প্ৰশ্ন :
প্ৰশ্ন(১) ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি ?
উত্তৰ:- ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য হ’ল – ভাৰতবৰ্ষত বহুদলীয় শাসন ব্যৱস্থা বিৰাজমান য’ত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰে আৰু সংখ্যাগৰিষ্ঠ লাভ কৰা একাধিক দলে লগ লাগি সংযুক্ত চৰকাৰ গঠন কৰে আৰু চৰকাৰৰ বাহিৰত থকা দলসমূহে বিৰোধী দল হিচাপে কাম কৰে ।
প্ৰশ্ন :- (২) গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী ?
উত্তৰঃ- গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বি – দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী । এই দ্বি – দলীয় ব্যৱস্থা থকা গণতান্ত্ৰিক দেশ এখনৰ চৰকাৰ সুস্থিৰ আৰু সৱল হয় । এই ব্যৱস্থা থকা গণতন্ত্ৰত সহজে ৰাজনৈতিক সংকটত পৰা পৰিলক্ষিত নহয় ।
প্ৰশ্ন :- (৩) ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা ।
উত্তৰঃ – ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ’ল –
(ক) সংগঠন , (খ) নীতি-আদৰ্শ আৰু আঁচনি (গ) ক্ষমতা দখলৰ বাবে আকাংক্ষা (ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান ।
প্ৰশ্ন :- (৪) পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা ।
উত্তৰঃ- পাঁচটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ’ল –
(১) অসম গণ পৰিষদ (অসন) (২) আকলি দল (পাঞ্জাৱ) (৩) শিৱসেনা (মহাৰাষ্ট্ৰ) (৪) তেলেগু দেশম (অন্ধ্ৰপ্ৰদেশ) আৰু (৫) দ্ৰাবিড় মুনেট্টা কাজগাম (তামিলনাডু) ।
প্ৰশ্ন :- (৫) মৰ্চা চৰকাৰ বুলিলে কি বুজা ?
উত্তৰঃ- যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অসমৰ্থ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে । এনে চৰকাৰকে মৰ্চা চৰকাৰ বোলা হয় ।
দীঘল উত্তৰৰ প্ৰশ্ন
প্ৰশ্ন :- (১) সংযুক্ত চৰকাৰ বুলিলে কি বুজা ? সংযুক্ত চৰকাৰ কি পৰিস্থিতিত গঠিত হয় ?
উত্তৰঃ- যেতিয়া কোনো এখন গণতান্ত্ৰিক দেশত কোনো এটা বিশেষ দলে ৰাজনৈতিক একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ অপাৰগ হয় , তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে । এনেধৰণৰ চৰকাৰক মৰ্চা বা সংযুক্ত চৰকাৰ বোলে । মৰ্চা চৰকাৰ গঠনকাৰী দলবিলাকৰ আদৰ্শ ভিন্ন হ’লেও ক্ষমতা দখলৰ স্বাৰ্থত এনে দলবিলাকে নিজা স্বাৰ্থ আৰু আদৰ্শ মোকাবিলা কৰি আৰু উমৈহতীয়া লক্ষ্য বান্ধি চৰকাৰ গঠন কৰা দলবোৰে এক উমৈহতীয়া কাৰ্যসূচী গ্ৰহণ কৰে ।
প্ৰশ্ন:- (২) সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ আলোচনা কৰা ।
উত্তৰঃ- সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ তলত আলোচনা কৰা হ’ল –
মৰ্চা বা সংযুক্ত চৰকাৰৰ দুটা গুণ –
(ক) জাতীয় ঐক্য সংহতি ৰক্ষা : মৰ্চা চৰকাৰে বিভিন্ন ৰাজনৈতিক দলক এখন মজিয়ালৈ অনাৰ ফলত দলবিলাকে নিজা নীতি – আদৰ্শত কঠোৰভাৱে লাগি নাথাকি বুজা পৰাৰ মাজেৰে দেশৰ প্ৰগতিৰ হকে কাম কৰে । ফলত জাতীয় ঐক্য – সংহতি বৃদ্ধি হয় ।
(খ) ৰাজহুৱা ধনৰ অপব্যৱহাৰ হ্ৰাস :- এটা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱাৰ পিছত চৰকাৰ গঠনত জটিলতা আহিলে দেশে আকৌ এটা নিৰ্বাচনৰ সন্মুখীন হ’ব লগা হয় । এনে পৰিস্থিতিত দেশৰ বৃহৎ নিৰ্বাচনী ব্যয় মৰ্চা চৰকাৰৰ গঠনে দেশক ৰক্ষা কৰে । এইদৰে মৰ্চা চৰকাৰ গঠনৰ প্ৰক্ৰিয়াই ৰাজহুৱা ধনৰ অপব্যয় হ্ৰাস কৰে ।
মৰ্চা বা সংযুক্ত চৰকাৰৰ দুটা দোষ :-
(ক) ক্ষনস্থায়ী অথবা অস্থিৰ :- মৰ্চা চৰকাৰৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে ইয়াৰ অস্থিৰতা । মৰ্চাত অংশ গ্রহন কৰা দলসমূহৰ নিজা স্বাৰ্থত আঘাত পৰিলে তেনে দলে যিকোনো সময়তে সমৰ্থন উঠাই লোৱাৰ সম্ভাৱনা থাকে । ফলত কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ আগতে এনে চৰকাৰৰ পতন ঘটে আৰু দেশে বৃহৎ নিৰ্বাচনী পুঁজি ব্যয় কৰিব লগা হয় ।
(খ) মৰ্চা চৰকাৰ :- মৰ্চা চৰকাৰ সাধাৰণতে দুৰ্বল হয় । কিয়নো চৰকাৰে অংশ গ্ৰহণকাৰী সকলো দলকে সন্তুষ্ট ৰাখিবলগীয়া হোৱাৰ বাবে এই চৰকাৰে কোনো বিষয়তে দৃঢ়তাৰে আগবাঢ়িব নোৱাৰে ।
Sl. No. Contents
HISTORY (ইতিহাস)
পাঠ-1 ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন
পাঠ-2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
পাঠ-3 মোৱামৰীয়া গণ বিদ্ৰোহ
পাঠ-4 মানৰ অসম আক্ৰমণ
পাঠ-5 অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
GEOGRAPHY (ভূগােল)
পাঠ-1 ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
পাঠ-2 বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
পাঠ-3 ভাৰতবৰ্ষৰ ভূগোল
পাঠ-4 অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1 ভাৰতৰ ৰাজনৈতিক দল
পাঠ-2 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
পাঠ-3 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
পাঠ-4 মূল অৰ্থনৈতিক সমস্যাসমূহ
প্ৰশ্ন :- (৩) গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা ।
উত্তৰঃ – গণতন্ত্ৰত বিৰোধী ৰাজনৈতিক দলৰ ভূমিকা তলত আলোচনা কৰা হ’ল –
(১) জনসাধাৰণৰ অভাৱ-অভিযোগ , আশা – আকাংক্ষাক সংসদৰ মজিয়াত দাঙি ধৰা বিৰোধী দলৰ এটা প্ৰধান কাম ।
(২) প্ৰয়োজন সাপেক্ষে বিকল্প চৰকাৰ গঠনৰ বাবে প্ৰস্তুত থকা।
(৩) জনমত গঠিত কৰা ।
(৪) জনমতৰ প্ৰতি চৰকাৰক সজাগ , দায়বদ্ধ আৰু জবাবদিহী কৰা।
(৫) চৰকাৰে যাতে স্বেচ্ছাৰীভাৱে শাসন চলাব নোৱাৰে সেইক্ষেত্ৰত বিৰোধী দলে চোকা দৃষ্টি ৰখা।
(৬) প্ৰয়োজন সাপেক্ষে উচিত দিহা পৰামৰ্শ আৰু গঠনমূলক সমালোচনাৰে চৰকাৰৰ কাম-কাজক গতিশীলতা প্ৰদান কৰা ।
(৭) জনগণৰ ৰাজনৈতিক শিক্ষা প্ৰদানেৰে ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা।
(৮) জনসাধাৰণৰ আৰু দেশৰ স্বাৰ্থক সুৰক্ষা দিয়াত আৰু সংবিধানৰ প্ৰৱিত্ৰতা ৰক্ষা কৰাত বিৰোধী দলে অতন্ত্ৰ প্রহৰীৰ দৰে কাম কৰা।
(৯) শাসনত থকা দলটোৱে যাতে জাতীয় স্বাৰ্থৰ বিপৰীতে গৈ কোনো কাৰ্য কৰিব নোৱাৰে তাৰ প্ৰতি বিৰোধী দলে দৃষ্টি ৰখা।
প্ৰশ্ন:- (৪) আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা।
উত্তৰঃ- আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণসমূহ তলত আলোচনা কৰা হ’ল –
(১) দেশখনৰ বিভিন্ন ভাষিক আৰু ধৰ্মীয় গোষ্ঠীৰ মাজত থকা ভিন্নতা।
(২) ৰাষ্ট্ৰীয় দলৰ বা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক নেতাৰ প্ৰতি থকা দুৰ্বলতা আদি ।
(৩) সংখ্যালঘুসকলৰ মাজত থকা নিৰাপত্তাহীনতাৰ ভাৱ ।
(৪) সকলো ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ সমদৃষ্টিৰ অভাৱ ।
(৫) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি ।
(৬) কেন্দ্ৰীয় চৰকাৰৰ অধিক কেন্দ্ৰীয়কৰণৰ প্ৰৱণতা আৰু ৰাজ্যিক সম্পদসমূহৰ ওপৰত অধিক কৰ্তৃত্ব লাভৰ প্ৰচেষ্টা ।
প্ৰশ্ন:- (৫) গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা।
উত্তৰঃ- গণতান্ত্ৰিক ৰাষ্ট্ৰত ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলত আলোচনা কৰা হ’ল-
প্ৰাকৃতাৰ্থত ৰাজনৈতিক দলৰ ধাৰণাই গুৰুত্ব লাভ কৰে গণতান্ত্ৰিক ধ্যান-ধাৰণাৰ জন্মৰ লগে লগে । ৰাষ্ট্ৰ পৰিচালনাত সমগ্ৰ বিশ্বতে ৰাজতন্ত্ৰ ক্ৰমাৎ বিলোপ হোৱাত তাৰ পৰিৱৰ্তে গণতন্ত্ৰৰ ধাৰণাই বিশেষ গুৰুত্ব লাভ কৰিলে। বৰ্তমান সময়ত গণতন্ত্ৰ আৰু ৰাজনৈতিক দল দুয়োটাই এটা আনটোৰ পৰিপূৰক। ই সর্বসাধাৰণক প্ৰশাসনৰ ওচৰ চপাই আন । চমু অৰ্থত এখন গণতান্ত্ৰিক চৰকাৰৰ প্ৰধান আহিলাই হৈছে ৰাজনৈতিক দল ।
ৰাজনৈতিক দল অবিহনে বৰ্তমান গণতন্ত্ৰৰ ধাৰণা অমূলক । এই ৰাজনৈতিক দলৰ কাৰ্যকলাপ ওপৰতেই দেশখনৰ আইন শৃংখলাৰ পৰা উন্নয়নৰ সকলো দিশ নিৰ্ভৰ কৰে । গণতান্ত্ৰিক দেশ এখনত চৰকাৰ গঠন কৰা দল বা দলসমূহৰ দৰে বিৰোধী দলৰ ভূমিকাও উল্লেখনীয় ।
প্ৰশ্ন:- (৬) ৰাজনৈতিক দলৰ বৈশিষ্ট্য আৰু কাৰ্যাৱলী উল্লেখ কৰা ।
উত্তৰঃ- ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ’ল –
(ক) সংগঠন ,
(খ) নীতি-আদৰ্শ আৰু আঁচনি
(গ) ক্ষমতা দখলৰ বাবে আকাংক্ষা
(ঘ) জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান ।
ৰাজনৈতিক দলৰ কাৰ্যাৱলী সমূহ হ’ল –
(ক) জনগণক ৰাজনৈতিক শিক্ষা প্ৰদানেৰে শিক্ষিত কৰা ,
(খ) জনগণৰ মনত ৰাজনৈতিক সজাগতা বৃদ্ধি কৰা ,
(গ) মনমত গঠন কৰা ,
(ঘ) জনমত সূসংগটিত ৰূপ দিয়া ।
ইয়াৰ উপৰিও গণতন্ত্ৰত জনগণে চৰকাৰ গঠন প্ৰক্ৰিয়াত অংশ লোৱাৰ পৰিৱেশ সৃষ্টি কৰাটোও ৰাজনৈতিক দলৰ আন এক দায়িত্ব ।

