Class 9 Social Geography   Chapter 4 ( অসমৰ ভূগোল )

Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.

ADDITIONAL QUESTIONS ANSWERS

১। অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ভূটান আৰু বাংলাদেশ।

২। ১৯৫১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান আছিল ?

উত্তৰঃ প্ৰায় ৮.০৩ নিযুত।

৩। অসমত ৫ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৮ খন অভয়াৰণ্যই মুঠতে কিমান ঠাঁই আগুৰি আছে ?

উত্তৰঃ প্ৰায় ৩,৫৯২.৯৪ বর্গ কিলোমিটাৰ ঠাই আগুৰি আছে।

৪। কিমান চনত লুচাই পাহাৰক অসমৰ লগত অন্তৰ্ভুক্ত কৰা হৈছিল ?

উত্তৰঃ ১৮৯৫ চনত।

৫। দেশ স্বাধীন হোৱাৰ সময়ত অসমত জিলা কেইখন আছিল ?

উত্তৰঃ ১১ খন।

৬। অসমৰ পুৰণি ৰাজধানী ক’ত আছিল ?

উত্তৰঃ শিলত।

৭। কোন চনত অসমৰ ৰাজধানী দিছপুৰ হয় ?

উত্তৰঃ ১৯৭৩ চনত।

৮। ছিলেট জিলা বৰ্তমান কোন দেশৰ অন্তৰ্গত ?

উত্তৰঃ বাংলাদেশৰ।

৯। বাংলাদেশৰ পুৰণি নাম কি ?

উত্তৰঃ পূব পাকিস্তান।

১০। উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কাক কোৱা হয় ?

উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত গুৱাহাটী মহানগৰীক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বা প্ৰৱেশদ্বাৰ বোলা হয়।

প্ৰশ্ন :- (১) অসমৰ বহু – প্ৰাকৃতিক ভাগকেইটা কি কি ?

উত্তৰ : – অসমৰ বহু – প্ৰাকৃতিক প্ৰধানকৈ চাৰিটা ভাগত ভাগ কৰিব পাৰি ।

ভাগকেইটা হ’ল –

(১) ব্ৰহ্মপুত্ৰ উপত্যকা ,

(২) বৰাক উপত্যকা ,

(৩) কাৰ্বি মালভূমি ,

(৪) বৰাইল আৰু দক্ষিণৰ পৰ্বতমালা ।

প্ৰশ্ন : – (২) ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূ – প্ৰাকৃতিক অঞ্চলকেইটা কি কি ?

উত্তৰ : – সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাটোক উত্তৰৰ পৰা দক্ষিণলৈ চাৰিটা ভূ – প্ৰাকৃতিক অঞ্চলত ভাগাব পাৰি ।

ভাগকেইটা হ’ল –


(১) উত্তৰৰ পাদদেশৰ অঞ্চল ,

(২) ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল ,


(৩) ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি আৰু চৰ – চাপৰি অঞ্চল ,

(৪) দক্ষিণৰ পাদদেশ অঞ্চল ।

প্ৰশ্ন : – (৩) ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ প্ৰত্যেকৰে চাৰিখনকৈ প্ৰধান উপনৈৰ নাম লিখা ।

উত্তৰ : – ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চাৰিখন উপনৈৰ নাম হ’ল –

(১) সোৱনশিৰী ,

(২) ডিক্ৰং ,

(৩) ৰঙানদী আৰু

(৪) বুৰৈ ।

ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ চাৰিখন উপনৈৰ নাম হ’ল –

(১) বুৰিদিহিং ,

(২) দিচাং ,

(৩) দিখৌ আৰু

(৪) জাঁজী ।

প্ৰশ্ন : – (৪) ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া ।

উত্তৰ : – ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিক বুজায় । উত্তৰ পাৰৰ সামভূমি অঞ্চলটো উত্তৰৰ পাদদেশৰ পৰা দক্ষিণে ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে ।

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ প্ৰধান উপনৈবোৰ হৈছে – সোৱনশিৰী , ডিক্ৰং , ৰঙানদী , বুৰৈ , বৰগাং , জিয়াভৰলী , গাভৰু , বেলশিৰি , ধনশিৰি , নোৱানদী , ন – নৈ , বৰনদী , পুঠিমাৰী , পাগলাদিয়া , মানাহ – আই – বেকী , চম্পাৱতী , গৌৰাংগ , টিপকাই আৰু গদাধৰ ।

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অঞ্চলটোৰ সমভূমি পলসুৱা মাটিৰে গঠিত আৰু খেতি – বাতিৰ বাবে উপযোগী হয় । ইয়াত জনবসতি ঘন আৰু যাতায়াতৰ সুচল ব্যৱস্থা আছে । উত্তৰ পাৰৰ সমভূমি অঞ্চলটো নামনি অংশত গড়ে প্ৰায় ৩০ কিলোমিটাৰ বহল আৰু উজনি অংশত গড়ে প্ৰায় ১০ কিলোমিটাৰ বহল ।

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয়ৰ সৃষ্টি হৈছে ।

দক্ষিণ পাৰৰ সমভূমি অঞ্চলটো দক্ষিণৰ পাদদেশৰ পৰা উত্তৰৰ ব্ৰহ্মপুত্ৰ নদীলৈকে বিস্তৃত হৈ আছে । ব্ৰহ্মপুত্ৰৰ দক্ষিন পাৰৰ প্ৰধান উপনৈবোৰ হৈছে – বুৰিদিহিং , দিচাং , দিখৌ , জাঁজী , ভোগদৈ , ধনশ্ৰী , কপিলী , কুলশী , কৃষ্ণাই আৰু জিলাৰী । কিন্তু গুৱাহাটীৰ পূবৰ পৰা কপিলী সমভূমিলৈকে এই সামভূমিখন কিছু বহল ।

আনহাতে কাৰ্বি মালভূমি উত্তৰ দিশৰ বিস্তৃতিৰ বাবে ই নগাঁও আৰু গোলাঘাট জিলাৰ পশ্চিমাংশত ঠেক হৈ পৰিছে । কিন্তু গোলাঘাট জিলাৰ পূব অংশৰ লগতে যোৰহাট , শিৱসাগৰ , ডিব্ৰুগড় , আৰু তিনিচুকীয়া জিলাত এই সমভূমি বহল ।

উত্তৰ পাৰৰ দৰেই দক্ষিণ পাৰৰ সমভূমি অঞ্চলতো জনবসতি ঘন । সাৰুৱা ভূমিৰ বাবে ইয়াত খেতি – বাতি ভাল হয় আৰু যাতায়াত ব্যৱস্থাও উন্নত হৈছে ।

প্ৰশ্ন : – (৫) ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি অঞ্চলটোৰ চমু বৰ্ণনা দিয়া ।

উত্তৰ : – ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুত চৰ – চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায় । এই প্লাৱনভূমি সকলো ঠাইতে সমানে বহল নহয় । বৰ্মপুত্ৰৰ উত্তৰ পাৰৰ বিশেষকৈ ধেমাজি আৰু বৰপেটা জিলাৰ প্লাৱনভূমি অঞ্চলত অসংখ্য বিল আৰু জলাশয় সৃষ্টি হৈছে ।

আনহাতে দক্ষিণ পাৰৰ প্লাৱনভূমি তুলনামূলকভাৱে ঠেক । অৱশ্যে বুৰিদিহিং , দিচাং , ধনশ্ৰী , কলং – কপিলী আৰু কুলশী নৈৰ মোহনা অঞ্চলত কিছু বহল । ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিবোৰক সামৰি ইয়াৰ মাজত চৰ – চাপৰি অঞ্চলটোক সক্ৰিয় প্লাৱনভূমি বুলি কোৱা হয় ।

নদীখনৰ বিশালতা আৰু ইয়াৰ সক্ৰিয় খনন , পৰিবহন আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ বাবে এই নদীখন স্বাভাৱিকতে অস্থিৰ আৰু ইয়াৰ সুঁতিবোৰে সঘনে গতি সলাই থাকে । নদীখনৰ বুকুত প্ৰায় ৬০০ ৰো অধিক সৰু – বৰ আকাৰৰ বালিচৰ আছে ।


এই বালিচৰবোৰৰ কিছুমান স্থায়ী আৰু কিছুমান অস্থায়ী হয় । নদীৰ বুকুত চলি থকা খনন , পৰিবহন আৰু অৱক্ষেপন প্ৰক্ৰিয়াৰ উপৰিও বানপানীৰ প্ৰভাৱত এইবোৰৰ আকাৰ , আকৃতি আৰু অৱস্থাৰ সলনি হৈ থাকে ।

প্ৰশ্ন : – (৬) মাজুলীৰ ভৌগোলিক অৱস্থান আৰু সৃষ্টি সম্পৰ্কে লিখা ।

উত্তৰ : – ব্ৰহ্মপুত্ৰ নৈৰ উজনিৰ ভাগত যোৰহাট জিলাৰ উত্তৰাংশত মাজুলী নামৰ এটা নদী দ্বীপ আছে । ই পৃথিৱীৰ ভিতৰতে বৃহত্তম নদী – দ্বীপ । আগতে ইয়াৰ মাটিকালি প্ৰায় ১, ২০০ বৰ্গ কিলোমিটাৰ আছিল । ১৯৫০ চনৰ ভূমিকম্পৰ পাছৰ পৰা মাজুলীত গৰাখহনীয়া হব’লৈ ধৰিলে ।

এই গৰাখহনীয়াৰ বাবে ইয়াৰ মাটিৰ পৰিমাণ কমি প্ৰায় ৮০০ বৰ্গ কিলোমিটাৰ মানহে ৰৈছেগৈ । ব্ৰহ্মপুত্ৰ নদীৰ বুকুত চলি থকা খনন , পৰিবহণ আৰু অৱক্ষেপন প্ৰক্ৰিয়া আৰু বানপানীৰ প্ৰভাৱত ইয়াৰ ওচৰৰ অঞ্চলসমূহত থকা চৰবোৰৰ আকাৰ , আকৃতি অৱস্থানৰ সলনি হৈ থাকে ।

এই পৰিৱৰ্তনৰ ফলতে যোৰহাট জিলাৰ অন্তৰ্গত বৰ্মপুত্ৰৰ বুকুত মাজুলী নদী – দ্বীপৰ সৃষ্টি হৈছে । ২০১১ চনৰ লোকপিয়ল মতে মাজুলীৰ জনসংখ্যা ১.৬৮ লাখ আৰু ই প্ৰায় ৪২২ মি . । মাজুলী যোৰহাট জিলাৰ এটা মহকুমা ।

বানপানী আৰু গৰখহনীয়াৰ সমস্যাৰই মাজুলীৰ জনজীৱন বিপদৰ সন্মুখীন কৰি পেলাইছে । গৰখহনীযাৰ ফলত দিনক দিনে মাজুলীৰ মাটিকালিৰ পৰিমাণ কমি গৈ আছে ।

প্ৰশ্ন :- (৭) বৰাক উপত্যকাৰ চাৰিসীমা আৰু বৈশিষ্ট্য চমুকৈ বৰ্ণনা কৰা ।

উত্তৰ :- বৰাক উপত্যকাৰ চাৰিসীমাটো হ’ল – উত্তৰে – মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি ।

পূবে – মণিপুৰৰ পাহাৰীয়া অঞ্চল ।

দক্ষিণে – মিজো পৰ্বত ।

পশ্চিমে – বাংলাদেশৰ সুৰমা উপত্যকা ।

বৰাক উপত্যকাৰ বৈশিষ্ট্যসমূহ: –

(ক) বৰাক উপত্যকাটো বৰাক সমভূমি আৰু ইয়াৰ সংলগ্ন উত্তৰ আৰু দক্ষিণৰ পাদদেশ অঞ্চলৰ দ্বাৰা গঠিত হৈছে ।

(খ) বৰাক নদীখন অসমত পূবৰ পৰা পশ্চিমলৈ কাছাৰ জিলাৰ মাজেৰে আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ সীমায়েদি প্ৰায় ২২৫ কিলোমিটাৰ দূৰত্ব বৈ গৈছে ।

(গ) বৰাক আৰু ইয়াৰ উপনৈবোৰ উত্তৰ আৰু দক্ষিণ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলাস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে । এই সমভূমিক কছাৰ সমভূমি বুলিও জনা যায় ।

(ঘ) বৰাক উপত্যকাৰ উত্তৰ , দক্ষিণ আৰু পূব দিশত পৰ্বত – পাহাৰে আগুৰি আছে । উত্তৰফালে মেঘালয় মালভূমি আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰাইল পৰ্বতৰাশি আছে । পূবফালে মণিপুৰৰ পাহাৰীয়া অঞ্চল আৰু দক্ষিণফালে মিজো পৰ্বত অৱস্থিত ।

প্ৰশ্ন :- (৮) কাৰ্বি মালভূমিৰ চাৰিসীমা আৰু বৈশিষ্ট্য বৰ্ণনা চমুকৈ কৰা ।

উত্তৰঃ- কাৰ্বি মালভূমিৰ চাৰিসীমাটো হ’ল – উত্তৰে – ব্ৰহ্মপুত্ৰ সমতল ।

দক্ষিণে – বৰাক সমতল ।

পূবে – নাগালেণ্ড আৰু

পশ্চিমে – মেঘালয় ।

কাৰ্বি মালভূমিৰ বৈশিষ্ট্যসমূহ : –

(ক) উৎপত্তি আৰু ভূ – তাত্ত্বিক গঠনৰ ফালৰ পৰা কাৰ্বি মালভূমি মেঘালয় মালভূমিৰ অংশ বুলি ক’ব পাৰি ।

(খ) কাৰ্বি মালভূমিক কপিলী উপত্যকাই পূব আৰু পশ্চিম – দুটা খণ্ডত বিভক্ত কৰিছে ।

(গ) পূবৰ খণ্ডটোৱে ৰেংমা পাহাৰক সামৰি লৈ কাৰ্বি আংলং জিলাৰ ডিফু আৰু বোকাজন মহকুমাত বিস্তৃত হৈ আছে । এই খণ্ডটো পশ্চিমৰ খণ্ডটোতকৈ আকাৰত প্ৰায় দুগুণে ডাঙৰ ।

(ঘ) পশ্চিমৰ খণ্ডটোৱে কাৰ্বি আংলং জিলাখনৰ হামৰেণ মহকুমাটো সামৰি লৈছে । দক্ষিণ – পশ্চিমৰ পৰা উত্তৰ – পূবলৈ ঢাল খোৱা এই খণ্ডটোৰ গড় উচ্চতা হৈছে ৯০০ মিটাৰ । আকৃতি গঢ় লৈ উঠিছে ।

Enamul Hoque Kamal Assam
kjv logo
× Ask Any question