Class 9 Social Geography ch 3 Assamese Medium
অতিৰিক্ত অতিচমু প্রশ্নোত্তৰ
১। ভাৰতবৰ্ষ পৃথিৱীৰ কোন গোলাৰ্ধত অৱস্থিত ?
উত্তৰঃ উত্তৰ গোলার্ধত।
২। আকাৰ হিচাপেত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত কিমান ?
উত্তৰঃ সপ্তম স্থানত।
৩। ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান ?
উত্তৰঃ ৩,২৮৭, ২৬৩ বর্গ কিলোমিটাৰ।
৪। ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ জুৰি আছে ?
উত্তৰঃ ২.৪ শতাংশ।
৫। ভাৰতবৰ্ষক কিয় উপমহাদেশ বুলি কোৱা হয় ?
উত্তৰঃ দেশখনৰ বিশাল আকাৰ আৰু বিস্তৃতিৰ বাবে ভাৰতবৰ্ষক উপমহাদেশ বুলি কোৱা হয়।
৬। ভাৰতবৰ্ষৰ বৰ্তমান ৰাজ্য কিমান ?
উত্তৰঃ ২৯ খন।
৭। ভাৰতবৰ্ষৰ বৰ্তমান কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন ?
উত্তৰঃ ৭ খন।
৮। ভূ-বিজ্ঞানীসকলৰ মতে হিমালয় পর্বতমালা কোন মুখ সৃষ্টি হৈছিল বুলি অনুমান কৰে ?
উত্তৰঃ টাৰচিয়েবি যুগত।
৯। উত্তৰৰ হিমালয় পার্বত্য অঞ্চলৰ মাটিকালি কিমান ?
উত্তৰঃ প্ৰায় ৫,০০,০০০ বর্গ কিলোমিটাৰ।
১০। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ মাটিকালি কিমান ?
উত্তৰঃ প্ৰায় ৭,০০,০০০ বর্গ কিলোমিটাৰ।
প্ৰশ্ন:- (১) ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থানৰ বিষয়ে লিখা ।
উত্তৰঃ- ভাৰতবৰ্ষ পৃথিৱীৰ উত্তৰ গোলাৰ্ধত অৱস্থিত। এই দেশখন এছিয়া মহাদেশৰ অন্তৰ্গত । ভাৰতবৰ্ষ এখন পৃথিৱীৰ বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ । ভাৰতবৰ্ষ ৮°৪/২৮//উত্তৰৰ পৰা ৩৭°১৭/৫৩// উত্তৰ অক্ষৰেখা আৰু ৬৮°৭/৩৩// পূবৰ পৰা ৯৭°২৪/৪৭// পূব দ্ৰাঘিমাৰেখাৰ মাজত অৱস্থিত ।
২৩°৩০/ উত্তৰ অক্ষৰেখা বা কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ সোমাজেদি গৈছে । এই ৰেখাডাল ভাৰতক উত্তৰ আৰু দক্ষিণ দুটা সমান ভাগত ভাগ কৰিছে ।ইয়াৰে দক্ষিণ ভাগটো পূবে বঙ্গোপসাগৰ আৰু পশ্চিমে আৰৱ সাগৰৰ মাজত অৱস্থিত । ভাৰতবৰ্ষ এখন বিশাল দেশৰ । আকাৰত ই পৃথিৱীৰ দেশ সমূহৰ ভিতৰত সপ্তম স্থানত আছে ।
এই দেশখন যুক্ত ৰাষ্ট্ৰতকৈ ১৩ গুণ আৰু জাপানতকৈ ৪গুণ ডাঙৰ । ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ । এই দেশে পৃথিৱীৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ জুৰি আছে । ইয়াৰ চাৰিসীমাটো হ’ল –
উত্তৰে – সু-উচ্চ হিমালয় পৰ্বতমালা আৰু চিন দেশ ।
দক্ষিণে – ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা ।
পূবে – বঙ্গোপসাগৰ আৰু ম্যানমাৰ ।
প্ৰশ্ন🙁২) ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈঘ্য কিমান ?
উত্তৰঃ- ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈঘ্য হ’ল ৬,১০০ কিলোমিটাৰ ।
প্রশ্ন :- (৩) ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান ?
উত্তৰঃ- ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হ’ল ১৫,২০০ কিলোমিটাৰ ।
প্রশ্ন :- (৪) ভাৰতৰ ভূ – খণ্ড সম্পৰ্কে এটি চামুটোকা লিখা ।
উত্তৰঃ – এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশ । এই মহাদেশৰ দক্ষিণ অংশত ভাৰতবৰ্ষ অৱস্থিত । ভাৰতৰ উত্তৰা – দক্ষিণালৈ থকা ভূ – খণ্ড প্ৰায় ৩,২১৪ কি. মি. আৰু পুবা – পশ্চিমাকৈ প্ৰায় ২,৯৩৩ কিলোমিটাৰ বিস্তৃত । পূবে বঙ্গোপসাগৰ , পশ্চিমে আৰৱ সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰৰ সৈতে ভাৰতীয় ভূ – ভাগে প্ৰায় ৬,১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে ।
এই উপকূল অঞ্চলতে ভালেমান বন্দৰ গঢ়ি উঠিছে । ভাৰতৰ ভূ – খণ্ডই চুবুৰীয়া দেশসমূহৰ সৈতে স্থল – ভাগৰ সীমাৰেখাৰ সৃষ্টি কৰিছে । পশ্চিমে পাকিস্তান , উত্তৰে চীন , নেপাল আৰু ভূটান , পূবে চীন , দক্ষিণে – পূবত ম্যানমাৰ আৰু বাংলাদেশৰ লগত ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হৈছে ১৫,২০০ কিলোমিটাৰ ।
প্রশ্ন :- (৫) উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটা মূল পাৰ্থক্য লিখা ।
উত্তৰঃ – উত্তৰ ভাৰতৰ আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত কিছুমান পাৰ্থক্য দেখা যায় । তাৰে চাৰিটা পাৰ্থক্য তলত উল্লেখ কৰা হ’ল –
(১) উত্তৰ ভাৰতৰ নদীবোৰ বৰফেৰে আবৃত ওখ পৰ্বতৰ পৰা ওলাই অহাৰ বাবে এইবিলাকত গোটেই বছৰজুৰি পানীৰ সোঁত থাকে । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰ তুলনামূলকভাৱে চাপৰ পৰ্বত অথবা মালভূমিৰ পৰা বৈ অহাৰ কাৰণে এইবিলাক নদী খৰালি কালত প্ৰায়েই শুকাই যায় ।
(২) উত্তৰ ভাৰতৰ নদীবিলাকৰ উচ্চগতি , মধ্যগতি আৰু নিম্নগতি – এই তিনিটা গতি কিন্তু দক্ষিণ ভাৰতৰ নদী বিলাকত এই গতি স্পষ্ট নহয় ।
(৩) উত্তৰ ভাৰতৰ নদীবোৰৰ উপত্যকা বহল আৰু ইহঁতৰ গতি ধীৰ । কিন্তু দক্ষিণ ভাৰতৰ নদীবোৰৰ উপত্যকা কিছু ঠেক আৰু সাধাৰণতে খৰস্ৰোতা ।
(৪) দক্ষিণ ভাৰতৰ নদীবোৰ বহু যুগৰ আগতে সৃষ্টি হৈছিল আৰু সেইবোৰ দাক্ষিণাত্য মালভূমিৰ কঠিন শিলাৰ মাজেৰে নিৰ্দিষ্ট গতিপথেৰে বৈ আছে । আনহাতে উত্তৰ ভাৰতৰ নদীবোৰ সৃষ্টিৰ ফালৰ পৰা তুলনামূলকভাৱে নতুন আৰু এই নদীবোৰে সঘনে সুঁতি সলাই থাকে ।
প্ৰশ্ন :- (৬) ভাৰতৰ ভূ – প্ৰাকৃতিক ভাগকেইটা কি কি ?
উত্তৰঃ – ভাৰতৰ ভূ – প্ৰাকৃতিক ভাগকেইটা হ’ল ক্ৰমে –
(১) উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল (২) উত্তৰ ভাৰতৰ সামভূমি অঞ্চল (৩) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু (৪) উপকূল অঞ্চল ।
প্ৰশ্ন :- (৭) উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ – উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বৈশিষ্ট্যসমূহ হ’ল – হিমালয় পৃথিৱীৰ সৰ্বোচ্চ পৰ্বত । এই পৰ্বতৰ বহুতো ঠাল – ঠেঙুন আছে । হিমালয় আৰু ইয়াৰ ঠাল – ঠেঙুলিবোৰ সামৰি একেলগে হিমালয় পৰ্বতমালা বুলি কোৱা হয় । এই পৰ্বতমালা ভাৰতৰ লগতে নেপাল , ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে ।
ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলটো ভাৰতৰ উত্তৰ সীমাৰ লগত সংলগ্ন হৈ আছে । ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্ৰদেশৰ পূব সীমা পৰ্যন্ত পূৱা – পশ্চিমাকৈ বিস্তৃত হৈ আছে । এই অঞ্চল প্ৰায় ২,৫০০ কিলোমিটাৰ দীঘল আৰু প্ৰায় ২৪০ কিলোমিটাৰ পৰা ৫০০ কিলোমিটাৰ পৰ্যন্ত বহল ।
এই পাৰ্বত্য অঞ্চলটোৰ মাটিকালি প্ৰায় ৫,০০,০০০ বৰ্গ কিলোমিটাৰ এই অঞ্চলৰ উচ্চতা সাগৰপৃষ্ঠৰ পৰা ৮,০০০ মিটাৰৰো অধিক ।
প্রশ্ন :- (৮)উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ- উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই উত্তৰ ভাৰতত সমভূমি অঞ্চল । এই সমভূমি অঞ্চলটো পূবে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমালৈকে প্ৰায় ২ , ৪০০ কি . মি . বিস্তৃত। ইয়াক প্ৰধানকৈ -সিন্ধু-গঙ্গা-ব্ৰহ্মপুত্ৰ সমভূমি বুলি জনা যায়।
সিন্ধু – গঙ্গা – সমভূমি অঞ্চলৰ প্ৰস্থ ২৪০ কিলোমিটাৰৰ পৰা ৩২০ কি.মি. পৰ্যন্ত হয় । কিন্তু ব্ৰহ্মপুত্ৰ সমভূমি অঞ্চলৰ প্ৰস্থ গড়ে ৮০ কি.মি. হয় । উত্তৰ ভাৰতৰ এই সমভূমি অঞ্চলটোৱে মুঠতে প্ৰায় ৭০,০০,০০০বৰ্গ কি.মি. আগুৰি আছে ।
বৈশিষ্ট্যসমূহ হ’ল –
(ক)পাঁচখন সৰু – বৰ সমভূমিৰ সমষ্টিয়েই হৈছে উত্তৰ ভাৰতৰ বিস্তৃত সমভূমি অঞ্চলটো । এই পাঁচখন সমভূমি হৈছে – পশ্চিম সমভূমি, পাঞ্জাব – হাৰিয়ানা সমভূমি , গংগা সমভূমি , উত্তৰ বংগ সমভূমি আৰু ব্ৰহ্মপুত্ৰ সমভূমি ।
(খ) হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্ৰধান নদী সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ আৰু ইহঁতৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে । সিন্ধু নদীৰ উপনৈ – শতদ্রু, বিপাশা আৰু ৰাবি নদীয়ে কঢ়িয়াই অনা পলসুৱা গেদ পঞ্জাব আৰু হাৰিয়ানাৰ পূব অংশত জমা হৈ সাৰুৱা সমতল ভূমি গঠিত হৈছে ।
এই সমভূমি দক্ষিণলৈ ঢাল খোৱা আৰু ইয়াৰ মাটি সাৰুৱা বাবে ইয়াত জনবসতি ঘন । এই সমভূমি অঞ্চলটোৱে ১.৭৫ লাখ বৰ্গ কি. মি. আগুৰি আছে ।
(গ) হিমালয়ৰ পৰা উৎপত্তি হোৱা গংগা নদী আৰু ইয়াৰ উপনৈসমূহে এক বৃহৎ সমভূমিৰ সৃষ্টি কৰিছে । গংগা নদী উচ্চ হিমালয়ৰ গাঙ্গোত্ৰী নামৰ হিমবাহ বা বৰফৰ নৈৰ পৰা ওলাই আহিছে ।
(ঘ) হিমালয় পাৰ্বত্য অঞ্চল এৰি গংগাই উত্তৰ প্ৰদেশ , বিহাৰ আৰু পশ্চিমবংগৰ সমভূমিয়েদি বৈ আহোঁতে যমুনা , গণ্ডক , সোণ , কুশী আদি উপনৈসমূহ ইয়াৰ লগ লাগিছে । গংগা আৰু ইয়াৰ অসংখ্য উপনৈয়ে হিমালয় অঞ্চলৰ পৰা কঢ়িয়াই অনা বালি-বোকা জমা কৰি গংগা সমভূমিৰ সৃষ্টি কৰিছে ।
এই সমভূমিতে মুঠ ৩,৫৭,০০০ বৰ্গ কি. মি. ঠাই আগুৰি আছে । সাৰুৱা মাটি আৰু সুচল যাতায়াতৰ ব্যৱস্থাৰ বাবে এই সমভূমি ঘন বসতিপূৰ্ণ আৰু কৃষিৰ ক্ষেত্ৰত আগবঢ়া ।
(ঙ) উত্তৰ ভাৰতৰ পলসুৱা সিন্ধু-গংগা ব্ৰহ্মপুত্ৰ সমভূমিৰ পশ্চিম অংশত ৰাজস্থানৰ শুকান সমভূমি অঞ্চলটো অৱস্থিত । এই অঞ্চলটো থৰ মৰুভূমিৰ অংশ । ইয়াৰ অধিকাংশ ঠাই শুকান আৰু বালিময় ।
প্ৰশ্ন :- (৯) দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা ।
উত্তৰঃ- দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্যসমূহ হ’ল –
(১) উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পৰ্বত আৰু উত্তৰ – পূবৰ ছোটানাগপুৰ মালভূমিক সামৰি লৈ এই বিস্তৃত মালভূমি অঞ্চলটো গঠিত হৈছে ।
(২) বিন্ধ্য , সাতপুৰা , মহাদেশ আৰু মহাকাল পূৰ্বতে সমগ্ৰ মালভূমি অঞ্চলটোক উত্তৰ আৰু দক্ষিণ এই দুটা অংশত ভাগ কৰিছে । ইয়াৰ উত্তৰ অংশটোৰ বিস্তৃতি কম আৰু ইয়াৰ মালৱা মালভূমি আৰু ছোটানাগপুৰ মালভূমি অৱস্থিত । আনহাতে দক্ষিণৰ অংশটো যথেষ্ট ডাঙৰ আৰু এই অংশটো সাতপুৰা , মহাদেৱ আৰু মহাকাল পৰ্বতৰ পৰা দক্ষিণলৈ কুমাৰিকা পৰ্যন্ত বিস্তৃত ।
(৩) দাক্ষিণাত্য মালভূমি পশ্চিমঘাট পৰ্বতৰ ফালে ওখ আৰু পূৰ্বঘাট পৰ্বতৰ ফালে চাপৰ আৰু এঢলিয়া । এই ঢাল অনুসৰি দক্ষিণ ভাৰতৰ প্ৰায়বোৰ নদী পশ্চিমৰ পৰা পূবলৈ বৈ গৈ বঙ্গোপসাগৰত পৰিছে । এই নদীবিলাকৰ ভিতৰত মহানদী , গোদাবৰী , কৃষ্ণা , পেনাৰ আৰু কাবেৰীয়েই প্ৰধান ।
(৪) বিন্ধ্য আৰু সাতপুৰা পৰ্বতৰ মাজৰ অঞ্চলটো পূবৰ পৰা পশ্চিমলৈ বৈ গৈ আৰু দুয়োখন নদীয়েই কিম্বে উপসাগৰত পৰিছে ।

