In this Post We have writen about “Assam Board Class 9 Geography Elective Chapter 5 সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ” , We have addes best answers for very questions related to Assam Board Class 9 Geography Elective Chapter 5 সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ, Question Answers Assamese Medium, class 9 geography elective assamese medium,class 9 geography elective
সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ
অধ্যায় – ৫
১। সম্পদ বুলিলে কি বুজা?
উত্তৰঃ প্ৰকৃতিৰ পৰা লাভ কৰা এই বস্তুবোৰ মানুহে নিজৰ শক্তি, বিদ্যা-বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে। এইদৰে ব্যৱহাৰৰ উপযোগী প্ৰাকৃতিক আৰু মানুহে নিজে তৈয়াৰ কৰা বস্তুবোৰকে সাধাৰণতে সম্পদ বোলা হয়।
২। প্রাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানব সমাজৰ কোনবোৰ বিষয়ে মুখ্য ভূমিকা পালন কৰে?
উত্তৰঃ প্রাকৃতিক উপাদানক সম্পদ হিচাবে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ তলত দিয়া কথাকেইটাই মুখ্য ভূমিকা পালন কৰে—
(ক) সাংস্কৃতিক প্রমূল্য: কোনবোৰ বস্তু সমাজৰ বাবে গ্রহণযোগ্য আৰু কোনবোৰ গ্রহণযোগ্য নহয়, সেই কথা সংশ্লিষ্ট সমাজখনৰ পৰম্পৰা, ৰীতি-নীতি, ধর্ম আদি সাংস্কৃতিক প্রমূল্যসমূহে নিৰূপণ কৰে।
(খ) প্রযুক্তিবিদ্যা: মানুহে প্রয়োজনীয় বস্তুবোৰ কি ধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব বা বস্তুবোৰক ব্যৱহাৰৰ উপযোগী কৰি তুলিব, সেয়া সমাজখনে জনা বা প্রয়োগ কৰা প্ৰযুক্তিৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে।
(গ) অর্থনৈতিক ব্যৱস্থা: প্রয়োজনীয় বস্তুবোৰ আহৰণ কৰাৰ ক্ষমতা আৰু সেইবোৰ ব্যৱহাৰ কৰিব পৰা বা নোৱাৰাটো সমাজখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সকলো ধৰণৰ বস্তু আহৰণ আৰু ব্যৱহাৰ কৰিবৰ বাবে আৱশ্যকীয় আর্থিক সামর্থ্য সকলো সমাজৰ সমানে নাথাকে।অর্থনীতি
৩। সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰা কাৰকবোৰ কি?
উত্তৰঃ সমাজ এখনৰ সাংস্কৃতিক প্রমূল্য, প্রযুক্তিবিদ্যা আৰু আৰ্থিক অৱস্থা সদায় একে হৈ নাথাকে। সময়ৰ গতিত সেইবোৰৰ পৰিৱৰ্তন ঘটে। ভৌগোলিক অৱস্থা ভেদেও সেইবোৰৰ মাজত প্রভেদ থাকে। এনে পৰিৱৰ্তন আৰু প্রভেদে সমাজত প্রচলিত সম্পদৰ ধাৰণাকো প্রভাৱান্বিত কৰে। আজি যিবোৰ বস্তুক মানুহে সম্পদ হিচাবে গ্রহণ কৰিছে, বহু বছৰ পূৰ্বে তাৰে বহুতকে মানুহে হয়তো অলাগতীয়াল বস্তু বুলিয়েই বিবেচনা কৰিছিল।
উদাহৰণস্বৰূপে আমাৰ অসমৰ চাহ গছৰ কথাকে ক’ব পাৰি। ইংৰাজসকল অসমলৈ অহাৰ আগতে ৰাজ্যখনত চাহ গছৰ বিশেষ ব্যৱহাৰিক মূল্য নাছিল। কোনোবা জনগোষ্ঠীয়ে ঘৰুৱাভাৱে ব্যৱহাৰ কৰিছিল যদিও অসমত চাহৰ ব্যাৱসায়িক প্ৰচলন প্রথমে ইংৰাজসকলেহে কৰে। সম্প্রতি চাহ শিল্প অসমৰ এটা প্রধান শিল্প। এই কথাই ইয়াকে প্রমাণ কৰে যে সময়ৰ সোঁতত ঘটা সামাজিক আৰু অর্থনৈতিক পৰিৱৰ্তনে একালৰ নগণ্য বস্তু এপদক অন্য সময়ত মহামূল্যৱান কৰি তুলিব পাৰে। ইয়াৰ পৰা বুজা যায় যে সমাজৰ পৰিৱৰ্তন ঘটাৰ লগে লগে ক্রমে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে।অর্থনীতি
৪। বর্ধিত জনসংখ্যাই সম্পদৰ ওপৰত কেনে ধৰণে প্রভাৱ পেলায় আলোচনা কৰা।
উত্তৰঃ জনসংখ্যাৰ বৃদ্ধিয়েও সম্পদৰ ওপৰত প্ৰভাৱ পেলায়। বর্ধিত জনসংখ্যাৰ চাহিদা পূৰাবলৈ কিছুমান সম্পদ বেছিকৈ ব্যৱহাৰ কৰিবলগীয়া হয়। পুনৰ সৃষ্টি কৰিব নোৱাৰিলে স্বাভাৱিকতে কালক্ৰমত তেনে সম্পদৰ নাটনি ঘটে। তেতিয়া তাৰ বিকল্প বিচাৰিবলৈ মানুহ বাধ্য হয়। কয়লা, খনিজ তেল আদি জীৱাশ্ম ইন্ধনৰ ভঁৰাল সংকুচিত হৈ অহাৰ বাবেই তাৰ বিকল্প হিচাবে জলবিদ্যুৎ আৰু পাৰমাণৱিক শক্তিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। আনহাতে, অৰণ্য হ্রাস পাই অহাৰ লগে লগে নিৰ্মাণ কাৰ্য্যত কাঠৰ সলনি লোহা বা তেনে কোনো ধাতর পদাৰ্থ ব্যৱহাৰ কৰিবলৈ মানুহ বাধ্য হৈছে।
৫। প্রাকৃতিক সম্পদ কাক বোলে?
উত্তৰঃ যিবোৰ পদাৰ্থ জীৱৰ জীৱন তথা জীৱনধাৰণৰ বাবে আৱশ্যক। মাটি,পানী,বায়ু,খনিজ পদাৰ্থ,উদ্ভিদ তথা প্ৰাণী আদি সকলো প্ৰাকৃতিক সম্পদৰ বোলে।
৬। মানৱসৃষ্ট সম্পদৰ দুটামান উদাহৰণ দিয়া।
উত্তৰঃ মানৱসৃষ্ট দুটামান উদাহৰণ হৈছে— ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি, গাড়ী-মটৰ।
৭। মানৱ সম্পদ কাক বোলে লিখা।
উত্তৰঃ নিজৰ লগতে আনৰো প্ৰয়োজন পূৰাবলৈ মানুহৰ যি যোগ্যতা বা দক্ষতা থাকে তাকে মানৱ সম্পদ বোলা হয়। শিক্ষা, প্ৰশিক্ষণ, উদ্ভাৱনী শক্তি, অভিজ্ঞতা আদিৰ যোগেদি মানুহ এজন যিমানেই কাৰ্য্যক্ষম হয়, মানৱ সম্পদ হিচাবে তেঁওক সিমানেই চহকী বুলি বিবেচনা কৰা হয়।
৮। পুনঃসৃষ্টিক্ষম সম্পদ বুলিলে কি বুজা? ইয়াৰ দুটামান উদাহৰণ দিয়া।
উত্তৰঃ যিবিলাক সম্পদ ব্যৱহাৰ কৰিলে কমি যায় কিন্তু পুনৰ সৃষ্টি হৈ কম হোৱা অংশ পূৰণ হয়, তেনে সম্পদক পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয়।
ইয়াৰ দুটামান উদাহৰণ হ’ল— বায়ু, পানী, উদ্ভিদ, জীৱজন্তু।
৯। দুবিধমান পুনঃসৃষ্টিহীন সম্পদৰ নাম লিখা।
উত্তৰঃ দুবিধমান পুনঃসৃষ্টিহীন সম্পদৰ নাম হ’ল— সোন, ৰূপ, কয়লা, পেট্ৰ’লিয়াম।
১০। সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে।
উত্তৰঃ জনসংখ্যাৰ বৃদ্ধি আৰু সম্পদৰ বাঢ়ি অহা চাহিদা অনুপাতে সম্পদৰ পৰিমাণ নাবাঢ়ে। কিছুমান প্রাকৃতিক সম্পদ আকৌ পৰিমাণত তেনেই সীমিত। সেইবোৰৰ বহুতৰে পুনৰ সৃষ্টিও সহজে নহয়। সেয়েহে সম্পদৰ অপচয় ৰোধ কৰাৰ লগতে যথোপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰাটো দৰকাৰ। মুঠতে সম্পদৰ আহৰণ, ব্যৱহাৰ আৰু ব্যৱহাৰৰ পাছৰ বৰ্জিত পদার্থই যাতে পৰিৱেশ বিনষ্ট নকৰে, তাৰ প্ৰতি সকলোৱে লক্ষ্য ৰখা উচিত।
১১। সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশ কেনেকৈ বিনষ্ট কৰিব পাৰে নিজে চিন্তা কৰি লিখা।
উত্তৰঃ সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায়। অধিক মাত্রাত সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশ প্রদূষিত কৰে আৰু ই মানুহ তথা জীৱ-জন্তুৰ ওপৰত বিৰূপ প্রভাৱ পেলায়। উদাহৰণস্বৰূপে কৃষিক্ষেত্ৰত অধিক উৎপাদনৰ আশাত অতিমাত্ৰা পৰিমাণৰ ৰাসায়নিক সাৰ তথা কীটনাশক ঔষধ ব্যৱহাৰ কৰাৰ ফলত কৃষি ভূমিৰ লগতে দাঁতিকাষৰীয়া পানীভাগ প্রদূষিত হয় আৰু ইয়ে পৰিৱেশ বিনষ্ট কৰে। আকৌ বর্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ অত্যাধিক পৰিমাণে খনিজ সম্পদসমূহ ব্যৱহাৰ কৰাৰ ফলত ভূগর্ভ উদং হৈ পৰিছে আৰু ইয়ে ভৱিষ্যত প্ৰজন্মৰ বাবে এক অশুভ সংকেত দিছে। মানুহৰ প্ৰয়োজন পূৰাবলৈ অধিক হাৰত বনজ সম্পদ ব্যৱহাৰৰ ফলত অৰণ্যৰ পৰিমাণ কমি গৈছে আৰু ই প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাত বিফল হৈছে। অৰণ্য ধ্বংসৰ ফলস্বৰূপে বৰষুণৰ পৰিমাণ কমিছে আৰু ইয়ে প্ৰত্যক্ষভাৱে জলবায়ুৰ ওপৰত প্ৰভাৱ পেলাই পৰিৱেশ বিনষ্ট কৰিছে।