Class 9 Assamese Chapter 8 অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | অন্ধবিশ্বাস আৰু কু সংস্কাৰ | Chapter 8 | Class 9 Assamese Question & Answer 2024

অন্ধবিশ্বাস আৰু কু-সংস্কাৰ

চমু উত্তৰ দিয়াঃ

(ক) ‘অন্ধবিশ্বাস আৰু কু-সংস্কাৰ’ প্রৱন্ধটিৰ লেখক কোন?

উত্তৰঃ জয়ন্ত মাধৱ বৰা।

(খ) জয়ন্ত মাধৱ বৰাৰ এখনি উপন্যাসৰ নাম লিখা।

উত্তৰঃ মৰিয়া হোলা।

(গ) জয়ন্ত মাধৱ বৰাৰ এখনি গল্পপুথিৰ নাম লিখা।

উত্তৰঃ জাকৈয়া ছোৱালী।

(ঘ) কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘মৰিয়া হোলা’ নামৰ উপন্যাসৰ বাবে।

(ঙ) ‘গোলাঘাট জিলা সাহিত্য সভা’ৰ চৈয়দ আব্দুল মালিক বঁটা কোনে, কিমান চনত, কোনখন উপন্যাসৰ বাবে লাভ কৰিছিল?

উত্তৰঃ জয়ন্ত মাধৱ বৰাই ২০১৪ চনত ‘মৰিয়া হোলা’ নামৰ উপন্যাসৰ বাবে ‘গোলাঘাট জিলা সাহিত্য সভা’ৰ চৈয়দ আব্দুল মালিক বঁটা লাভ কৰিছিল।

(চ) ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ কোন?

উত্তৰঃ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।

(ছ) শদিয়ালৈ মিছনাৰী সকল কিয় আহিছিল?

উত্তৰঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ অর্থে।(জ) মিছনাৰীসকলে কলেৰাৰ পৰা উপশম পাবৰ বাৰে কলেৰাৰ বড়ি কাক খাবলৈ দিছিল?

উত্তৰঃ কলেৰাত আক্রান্ত স্থানীয় লোকক।

(ঝ) মিছনাৰীসকলে দিয়া কলেৰাৰ বড়ি স্থানীয় লোকে কিয় খোৱা নাছিল?

উত্তৰঃ জাত যোৱা আৰু এঘৰীয়া হোৱাৰা ভয়ত।

(ঞ) ফুটুকানিৰ মাজত কিহে হাঁহে বুলি কাহিনী শুনায়?

উত্তৰঃ যখিনীয়ে।

ভাব বিষয়ক :
প্রশ্ন ১। চমু উত্তৰ দিয়া ।

( ক ) উৰাবাতৰি মানে কি ?

উত্তৰঃ যিবােৰ সত্যৰ ওপৰত প্রতিষ্ঠিত নহয় , অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ কাৰণেই উদ্দেশ্য প্রণােদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য , বিবেকশূন্য কিছু লােকে সেই বাতৰিকে সত্য বুলি বিশ্বাস কৰে , – সেয়াই হৈছে উৰাবাতৰি ।

( খ ) কু – সংস্কাৰ বুলিলে কি বুজা ?

উত্তৰঃ যিবােৰ নীতি – নিয়ম , ব্যৱস্থা , পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী , সমাজৰ অগ্রগতিৰ গতিৰােধক হৈ থিয় দিয়ে , সেইবােৰেই কু – সংস্কা ।

( গ ) ‘অন্ধবিশ্বাস , কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা । ” — কথাষাৰ কোনে কৈছিল ?

উত্তৰঃ ‘অন্ধবিশ্বাস , কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা । ” — কথাষাৰ ড ° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল ।

( ঘ ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰটিছৰ অধীনলৈ যায় ?

অন্ধবিশ্বাস আৰু কু-সংস্কাৰ

উত্তৰঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰটিছৰ  অধীনলৈ যায় ।

( ঙ ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকল কেনে ধৰণৰ ৰােগত আক্রান্ত হৈছিল ?

উত্তৰঃ কলেৰা ৰােগত আক্ৰান্ত হৈছিল ।

প্রশ্ন ২। অন্ধবিশ্বাস মানে কি ? অন্ধবিশ্বাসে সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা ।

উত্তৰঃ যিবােৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্রতিষ্ঠিত নহয় , বিজ্ঞানে যিবােৰ বিশ্বাসক , ধাৰণাক , ঘটনাক অসত্য আৰু অমূলক বুলি প্রতিপন্ন কৰিছে , – সেইবােৰই অন্ধবিশ্বাস ।

অন্ধবিশ্বাস আৰু কুসংস্কাৰে প্ৰেম , মমতা , মানৱতা আদি মানৱীয় মূল্যসমূহক আঘাত কৰি মানৱ সমাজ এখনক কলুষিত কৰে । জন জীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপর্যস্ত কৰি সমাজক অশান্ত আৰু অস্থিৰ কৰি তােলে ।

প্রশ্ন ৩। কি কি কাৰণত অন্ধবিশ্বাস , কু-সংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয় ?

উত্তৰঃ অন্ধবিশ্বাস আৰু কু – সংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হােৱাৰ প্ৰধানকৈ সাতটা কাৰণ উল্লেখ কৰিছে । কাৰণকেইটা এনেধৰণৰ

প্রথম কাৰণ , মানুহৰ জ্ঞানৰ অভাৱ । শিক্ষাৰ অভাৱতকৈ জ্ঞানৰ অভাৱতহে মানুহ অন্ধবিশ্বাস , কু – সংস্কাৰৰ বশৱৰ্তী হয় । শিক্ষা লাভ কৰিলেও মানুহ অধ্যয়নশীল নহয় । বহুতে আবেগত অন্ধবিশ্বাস , কু – সংস্কাৰক বিশ্বাস কৰে । অধ্যয়নবিমুখিতাৰ কাৰণেই মানুহে আবেগক নিয়ন্ত্রণ কৰিব নােৱাৰে ।

দ্বিতীয় কাৰণটো হ’ল – যিকোনাে কথা বা ঘটনাৰ বাবে মানুহৰ ইতিবাচক দৃষ্টিভংগীৰ অভাৱ । প্ৰায়বােৰ মানুহে কথাবােৰ , সমুখত ঘটা ঘটনাবোৰ প্রায়ে নেতিবাচক দৃষ্টিভংগীৰে চায় কাৰণে অন্ধবিশ্বাস , কু – সংস্কাৰৰ বশবর্তী হয় ।

তৃতীয় কাৰণ হ’ল , – দায়িত্বশীল মানুহ কিছুমানেও ক্ষুদ্র ক্ষুদ্র স্বার্থ সিদ্ধিৰ কাৰণে কেতিয়াবা সমাজৰ বাবে নেতিবাচক কাম কৰে । এনে কার্য সমাজৰ বাবে কেতিয়াবা ভয়ংকৰ ক্ষতিকাৰক হৈ পৰে ।

চতুর্থ কাৰণ হ’ল — ভ্ৰমণৰ ফলত মনৰ পৰিধি বহল হয় , ভাব আৰু সাহিত্য – সংস্কৃতিৰ বিনিময় ঘটে । ইয়াৰ অভাৱৰ কাৰণেও মনৰ অন্ধবিশ্বাস , কু – সংস্কাৰ সমাজৰ পৰা আঁতৰ নহয় ।

পঞ্চমতে , – নিজ স্বার্থ পূৰণৰ কাৰণেও কিছু লােকে জানি – শুনিও অসৎভাব লৈ মানুহৰ মাজত অন্ধবিশ্বাস , কু – সংস্কাৰৰ কথা প্রচাৰ কৰাত সাধাৰণ লােকে সেইবােৰ বিশ্বাস কৰাত সমাজত কু প্রভাৱ পৰে ।

ষষ্ঠ কাৰণটো হ’ল— যত্ন নকৰাকৈ কিছুমান লােকে থাউকতে ধন – টকা – পইচা লাভ কৰিব বিচৰাৰ উপৰিও ৰোগ আদিও ভাল কৰিব বিচৰা মনােভাব হ’ল— অন্ধবিশ্বাস , কু সংস্কাৰৰ কু প্ৰভাৱ ।

সপ্তম কাৰণটো হ’ল— যুক্তিবাদী মন আৰু বিজ্ঞান মনষ্কতাৰ অভাৱতাে অন্ধবিশ্বাস , কু – সংস্কাৰে সমাজত বেয়া প্ৰভাৱ পেলায় ।

প্রশ্ন ৪। অন্ধবিশ্বাস , কুসংস্কাৰ আদি নিয়ন্ত্রণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্রহণ কৰিব পাৰি ?

উত্তৰঃ অন্ধবিশ্বাস , কু – সংস্কাৰ আদি নিয়ন্ত্রণ কৰিবলৈ সমাজত সজাগতা সৃষ্টি কৰাৰ প্রয়ােজন , – ঘাইকৈ বিদ্যালয়ৰ পাঠ্যপুথিত এই বিষয়টো অন্তর্ভুক্ত কৰি ছাত্ৰ – ছাত্ৰীৰ মাজত সজাগতা আনিব পাৰিলে সমাজতাে সজাগতা আহি এইবােৰ নিয়ন্ত্রিত হব ।

আনহাতে তথ্যচিত্র বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তেও এইবােৰৰ বিপক্ষে সমাজত সজাগতা আনিব পাৰি আৰু এইবােৰ নিয়ন্ত্রণ কৰিব পৰা যায় ।

প্রশ্ন ৫। ‘ডাইনী’, ‘সােপাধৰা ’ — এইবােৰ অন্ধবিশ্বাস । অন্ধবিশ্বাস বুলি জানিও কিছু লােকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহু লােকে বিশ্বাস কৰিও লয় । ইয়াৰ কাৰণ কি কি বুলি ভাবা ?

উত্তৰঃ ‘ডাইনী’ বা ‘সােপাধৰা’ৰ দৰে অন্ধবিশ্বাসৰ সুযােগ গ্রহণ কৰি এচাম স্বার্থপৰ মানুহে হত্যাৰ দৰে অসামজিক আৰু অমানৱীয় কার্য সমাধা কৰি আহিছে । সাধাৰণতে দেখা গৈছে সম্পত্তিৰ লােভত বা ওচৰ চুবুৰীয়া কাৰােবাৰ যদি উন্নতি হয় তেওঁৰ প্রতি ঈর্ষান্বিত হৈয়াে সেই বিশেষ মানুহঘৰৰ কাৰােবাক ‘ডাইনী’ বুলি অভিহিত কৰি অসৎ প্রবৃত্তিৰ মানুহে সামাজিক উৎপীড়ন চলায় ।

এনেদৰে স্বার্থসিদ্ধিৰ বাবেই ‘সােপাধৰা’ৰ অপপ্ৰচাৰ চলায় । কেতিয়াবা হত্যাৰ দৰে জঘন্য ঘটনাও সংঘটিত হয় ।

‘ডাইনী ’ অথবা ‘সােপাধ’ বিষয়টো সমাজৰ আবেগ – অনুভূতি আৰু ভুল বুজাবুজিৰ সাধাৰণ ঘটনা হিচাপে ৰেহাই দিয়াটো একেবাৰে উচিত নহয় । অন্ধ বিশ্বাস আৰু কু সংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বার্থন্বেষী মানুহক উৎসাহিত কৰে ।

প্রশ্ন ৬। তােমালােকৰ অঞ্চলত প্রচলিত অন্ধবিশ্বাস , কু – সংস্কাৰ আদি তােমাৰ চকুত পৰিছে নেকি ? সেইবােৰ নিৰাময়ৰ বাবে তােমাৰ ফালৰ পৰা কি কি ব্যৱস্থা লবা— এই বিষয়ে এটি টোকা লিখা ।

উত্তৰঃ আমাৰ অঞ্চলত শিক্ষা – দীক্ষা লাভ কৰা , আনকি উচ্চপদত অধিষ্ঠিত তথা বিভিন্ন চাকৰি কৰি থকা ভালেমান লােক আছে যদিও এই অঞ্চল অন্ধবিশ্বাস , কু – সংস্কাৰৰ পৰা সম্পূর্ণ মুক্ত হ’ব পৰা নাই ।

সাধাৰণ মানুহৰ মাজত জৰা – ফুকা কৰি , জাব – জৰি লৈ ৰােগ ভাল কৰিব পৰা , বিয়াৰ দৰা কইনা আৰু তেওঁলােকৰ নিকটাত্মীয়ই জাব – জৰি লৈ বিপদৰ পৰা ৰক্ষা পাবলৈ বিচৰা , গ্রহৰ কু – দৃষ্টিৰ পৰা ৰক্ষা পাবলৈ বা ব্যৱসায় – বাণিজ্য , ভাগ্যোন্নতিৰ উদ্দেশ্যে বিভিন্ন পাথৰ ধাৰণ কৰা আদি অন্ধবিশ্বাস সমাজৰ পৰা আজিৰ এই বিজ্ঞানৰ চৰম উৎকৰ্ষৰ দিনতো আঁতৰা নাই ।

আনহাতে এওঁ উচ্চ জাতৰ , এওঁ নীচ জাতৰ , উচ্চ জাতৰ মানুহে নীচ জাতৰ ছােৱালী বিয়া কৰাব বা বিয়া দিব নাপায় , সম্পর্ক স্থাপন কৰিব নাপায় , তেনে বৈবাহিক সম্পর্ক কৰিলে সমাজচ্যুত কৰা বা এঘৰীয়া কৰা , জুই – পানী আলগ কৰা আদি কু – সংস্কাৰৰ পৰা এতিয়াও অঞ্চলৰ মানুহ মুক্ত হ’ব পৰা নাই ।

সেই অন্ধবিশ্বাস , কু – সংস্কাৰবােৰ নিৰাময়ৰ বাবে অঞ্চলৰ ঠায়ে ঠায়ে সজাগতা সভা পাতি ৰাইজৰ মনত থকা তথা তেনেবােৰ কাৰ্য কৰা মনােভাৱ আঁতৰ কৰিবলৈ আলােচনা বিলােচনা , মত বিনিময় আদি কৰি সজাগতা আনিব পৰা যায় ।

অন্ধবিশ্বাস , কুসংস্কাৰৰ ফলত সততে ঘটি থকা ঘটনাবােৰ , কুফলবােৰ সবিস্তাৰে খবৰ কাগজ , ৰেডিঅ ’ , টি ভি আদিত প্ৰচাৰ হৈ থকা কথাবোৰ প্ৰতি অঞ্চলৰ মানুহ সকলৰ মনােযােগ আকর্ষণ কৰি তাৰ প্রতি সজাগ হ’বলৈ বুজাব পৰা যায় । আনহাতে এইবােৰৰ ওপৰত নাটক লিখি , অভিনয় কৰি চিত্র প্রদর্শন কৰিও মানুহক ইয়াৰ কুফলৰ জ্ঞান দিব পৰা যায় ।

এনেধৰণেৰে ব্যৱস্থা ল’লে মানুহে লাহে লাহে কু – সংস্কাৰ আৰু অন্ধবিশ্বাসৰ প্ৰতি থকা বিশ্বাসৰ ভাব আঁতৰি যাব । শিক্ষণৰ লগে লগে প্রকৃত জ্ঞান লাভ হ’ব যদি এনেদৰে ব্যৱস্থা লব পৰা যায় ।

প্রশ্ন ৭। ব্যাখ্যা কৰা—( ক ) অন্ধবিশ্বাস , কু-সংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বােজা ।

উত্তৰঃ উদ্ধৃত কথাফাকি প্রসিদ্ধ গল্পকাৰ , ঔপন্যাসিক জয়ন্ত মাধব বৰা ৰচিত “ অন্ধ । বিশ্বাস আৰু কুসংস্কাৰ ” প্ৰৱন্ধটিৰ অন্তর্গত ।

অন্ধবিশ্বাস , কু – সংস্কাৰে সমাজক কেনেদৰে প্ৰভাৱিত কৰি আহিছে— এই সম্পর্কে আলােচনা কৰিবলৈ গৈ প্ৰবন্ধৰ আৰম্ভণিতে ড ° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ এই উক্তিষাৰি উল্লেখ কৰিছে ।

অন্ধবিশ্বাস আৰু কু – সংস্কাৰ বৰ্তমান সময়ত সমাজৰ কাৰণে এটা ডাঙৰ অভিশাপৰ দৰে হৈ পৰিছে । অন্ধবিশ্বাস আৰু কু – সংস্কাৰে প্ৰেম – মমতা , মানৱতা আদি মানৱীয় গুণসমূহ নাইকিয়া কৰি পেলাই সভ্য সমাজ এখনক কলুষিত কৰে । জনজীৱনৰ সুস্থ আৰু শান্ত সহজ – সৰল জীৱনধাৰণ ব্যৱস্থাটোক বিপর্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ , জটিল কৰি তােলে ।

বর্তমান সময়ত ই ইমানেই বেছি হৈ পৰিছে যে ইয়াৰ ফলত পৃথিবীৰ প্রায়বােৰ ঠাইতে নানান অঘটন , হত্যাকাণ্ড , আত্মহত্যা আদি হ’ব লাগিছে । এই কাৰণে ড ° সর্বপল্লী ৰাধাকৃষ্ণণে এনেদৰে মন্তব্য কৰিছিল ।

( খ ) সংস্কাৰ এক জীৱন পদ্ধতি ।

উত্তৰঃ উদ্ধৃত কথাফাকি প্রসিদ্ধ গল্পকাৰ , ঔপন্যাসিক জয়ন্ত মাধব বৰা ৰচিত “ অন্ধ বিশ্বাস আৰু কু – সংস্কাৰ ” প্ৰৱন্ধটিৰ অন্তৰ্গত ।

অন্ধবিশ্বাস , আৰু কু – সংস্কাৰ মুক্ত জীৱনহে যে প্রকৃত জীৱন এই কথা প্রকাশ কৰিবলৈ যাওঁতে লেখকে এনেদৰে উল্লেখ কৰিছে ।

অন্ধবিশ্বাস আৰু কু – সংস্কাৰৰ কোনাে বৈজ্ঞানিক সত্যতা নাই । অন্ধবিশ্বাস কু – সংস্কাৰে আবৰা জীৱন কেতিয়াও বিপদমুক্ত , সুখী জীৱন নহয় । প্রতি মুহূর্ততে ধন – জন হানি হােৱাৰ উপৰিও অপমানিত হােৱাৰ ভয় থাকে । অন্ধবিশ্বাস আৰু কু – সংস্কাৰ নথকা জীৱন সংস্কাৰ জীৱন ।

সংস্কাৰে মানুহৰ সভ্যতা সংস্কৃতিক নতুন চিন্তাৰে উজ্জীৱিত কৰি সমাজক সময়ৰ লগত শান্তি , সুখৰ জীৱন । সংস্কাৰেই মানুহৰ জীৱন পদ্ধতিক উন্নত কৰে , মানুহ হিচাপে জীয়াই থাকিবলৈ শিকায় । সংস্কাৰে মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত কৰে ।

( গ ) মানুহ শিক্ষিত হৈছে , কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ ।

উত্তৰঃ উদ্ধৃত কথাফাকি প্রসিদ্ধ গল্পকাৰ , ঔপন্যাসিক জয়ন্ত মাধব বৰা ৰচিত “ অন্ধ বিশ্বাস আৰু কু – সংস্কাৰ ” প্ৰৱন্ধটিৰ অন্তৰ্গত ।


মানুহ শিক্ষিত হ’লেও অধ্যয়ন নহ’লে যে প্রকৃত জ্ঞান নহয় আৰু এই জ্ঞানৰ অভাৱতেই যে সমাজত অন্ধবিশ্বাস আৰু কু – সংস্কাৰে গা কৰি উঠিছে , এই কথা প্রকাশ কৰিবলৈকে লেখকে এনেদৰে উল্লেখ কৰিছে ।

মানুহ শিক্ষিত হৈছে , কিন্তু অধ্যয়নশীল নােহােৱাৰ কাৰণে বহুত কথা নজনাকৈ থাকি যায় , সেইবােৰৰ সম্পর্কে জ্ঞানৰ অভাৱ হয় । অধ্যয়নেহে মানুহক নজনা কথাৰ সম্ভেদ দিয়ে , জ্ঞান বঢ়ায় । মহাপুৰুষ শংকৰদেৱ আদিকে ধৰি কত জন মহান ব্যক্তিয়ে মানৱতাৰ মূল্যবােধ সম্পর্কে সৰলভাবে বুজাই অমূল্য গ্রন্থ ৰচনা কৰি থৈ গৈছে ।

সেইবােৰ অধ্যয়ন নকৰাৰ ফলতেই শিক্ষিত সমাজে মানবী মূল্যবােধ অনুভৱ কৰিব নােৱাৰে আৰু সমাজক অন্ধবিশ্বাস কু – সংস্কাৰে আবৰি ধৰি আছে , সমাজত বিশৃংখল পৰিবেশ সৃষ্টি হৈছে , অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু অমানৱীয় কার্যকলাপ সংঘটিত হৈছে ।

ভাষা বিষয়ক :
প্রশ্ন ৮। উদাহৰণ চাই বাকী কেইটা কৰা ।

উত্তৰঃ

উদাহৰণ = মানৱীয় – অমানৱীয় ।


সজাগতা – অসজাগতা ।

সামাজিক – অসামাজিক ।

ৰাজনৈতিক – অৰাজনৈতিক ।

সাংবিধানিক – অসাংবিধানিক ।

প্ৰচাৰ – অপ্ৰচাৰ ।

প্রশ্ন ৯। বিপৰীতার্থক বুজোৱা শব্দ লিখা ।

উত্তৰঃ

ইতিবাচক – নেতিবাচক ।

সং – অসৎ ।

যোগাত্মক – বিয়ােগাত্মক ।


সক্ষম – অক্ষম ।

উচিত – অনুচিত ।

অভিশাপ – আশীৰ্বাদ ।

প্রশ্ন ১০। পাঠত উল্লেখ থকা পাঁচটা যুৰীয়া শব্দ বিচাৰি উলিওৱা ।

উত্তৰঃ কু – সংস্কাৰ , জীৱন – পদ্ধতি , জীৱন – ধাৰণ , জাত – কুল , ভূত – প্রেত ।

প্রশ্ন ১১। বাক্য ৰচনা কৰা :

মৌলিক অধিকাৰ , অমানৱীয় কার্য , প্ৰচাৰ মাধ্যম , সজাগতা সভা , স্বার্থন্বেষী লােক আদিম স্তৰ ।

উত্তৰঃ মৌলিক অধিকাৰ :- নির্বাচনত ভোট দিয়াটো আমাৰ মৌলিক অধিকাৰ ।

অমানৱীয় কার্য :- মানুহক হিংসা কৰাটো অমানৱীয় কার্য ।

প্রচাৰ মাধ্যম :- বাতৰি কাকত , ৰেডিঅ ’ , টি ভি আদি একোটা প্ৰচাৰ মাধ্যম ।

সজাগতা সভা :- সজাগতা সভাৰ জৰিয়তে যিকোনাে কথাৰ কাৰণে মানুহক সজাগ কৰিব পাৰি ।

স্বার্থন্বেষী লােক :- স্বার্থন্বেষী লােকে আনৰ উপকাৰৰ কথা চিন্তা কৰিব নােৱাৰে ।

আদিম স্তৰ :- আদিম স্তৰত মানুহবিলাক অসভ্য আছিল ।

শব্দার্থ আৰু টোকা

উত্তৰঃ অপদেৱত – অহিত বা অপকাৰ সধা দেৱতা ; ভূত – প্রেত ।

অবাঞ্ছিত – যিটো বাঞ্ছা কৰা নহয় ; বিচৰা নহয় ।

ইতিবাচক – সন্মতি সূচক ।

কলুষিত – কলংকিত ; কলংকযুক্ত ।

গতিৰােধক – গতিক বাধা দিয়া ব্যৱস্থা ।

গুজৰ – উৰাবাতৰি ।

দেহাবয়ব – দেহৰ গঠন ; দেহৰ অৱয়ব ।

নেতিবাচক – ইতিবাচকৰ বিপৰীত । অসন্মতি সূচক ।

প্রতিকূলতা – বাধা , বিপৰীত অৱস্থা ।

প্রমূল্য – মানদণ্ড ।


বন্দিত – যাক বন্দনা কৰা হয় ; পূজনীয় ।

বড়ি – ঔষধৰ সৰু – ঘূৰণীয়া গুটি ।

ভ্রান্ত বিশ্বাস – ভূল ধাৰণা ।

মনস্তাত্ত্বিক – মনৰ প্রকৃতি সম্পর্কীয় ।

অতিৰিক্ত প্রশ্ন আৰু উত্তৰঃ

চমু উত্তৰ দিয়া।

প্রশ্ন ১। “অন্ধবিশ্বাস আৰু কুসংস্কাৰ” পাঠটিৰ লেখক কোন?

উত্তৰঃ পাঠটিৰ লেখক জয়ন্ত মাধৱ বৰা।

প্রশ্ন ২। অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰোৱাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী আহিলা কি?

উত্তৰঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰোৱাৰ ক্ষেত্ৰত আটাইতকৈ শক্তিশালী আহিলা হল সজাগতা।

প্রশ্ন ৩। লেখক জয়ন্ত মাধৱ বৰাই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ “মৰিয়াহোলা” উপন্যাসৰ বাৱে জয়ন্ত মাধৱ বৰাই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

প্রশ্ন ৪। তেওঁ কোনখন গ্ৰন্থৰ বাবে সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰিছে?

উত্তৰঃ লেখকৰ গল্প-সংকলন “জাকৈয়া ছোৱালী”ৰ বাবে ২০১৩ চনত জয়ন্ত মাধৱ বৰা অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰে।

প্রশ্ন ৫। কোনখন গ্ৰন্থৰ বাবে তেওঁ অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰে?

উত্তৰঃ “অমৃত” উপন্যাসৰ বাবে ১৯৮৭ চনত তেওঁ অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বঁটা লাভ কৰে।

প্রশ্ন ৬। লেখক জয়ন্ত মাধৱ বৰাই কোন বিশ্ববিদ্যালয়ৰপৰা কি বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে?

উত্তৰঃ লেখক জয়ন্ত মাধৱ বৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা পদার্থবিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

প্রশ্ন ৭। পাঠটিৰ জৰিয়তে লেখকে কি বুজাবলৈ চেষ্টা কৰিছে?

উত্তৰঃ পাঠটিৰ জৰিয়তে লেখকে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ ভয়াবহতা সম্পৰ্কে বুজাবলৈ বিচাৰিছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে সেই কথা লিখকে ছাত্র-ছাত্রী সকলক বুজাব বিচাৰিছে। লগতে যি অঞ্চলত অন্ধবিশ্বাস, কুসংস্কাৰৰ ফলত অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় সেই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে প্রশাসনক কথাটো অৱগত কৰায় সেই সম্পর্কেও লিখকে আমাক সজাগ কৰি দিছে।

প্রশ্ন ৮। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই কেনে ধৰণৰ মানুহক উৎসাহিত কৰে?

উত্তৰঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে উদাসীনতাই স্বার্থান্বেষী মানুহক উৎসাহিত কৰে।

প্রশ্ন ৯। কেনে সংস্কাৰ আমাৰ সামাজিক ক্ষেত্ৰত আদৰণীয়?

উত্তৰঃ যি সংস্কাৰে মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীবিত কৰে, মানুহৰ চিন্তাৰ দিগন্তক প্ৰসাৰিত কৰে তেনে সংস্কাৰেই আমাৰ সামাজিক ক্ষেত্ৰত আদৰণীয়।

প্রশ্ন ১০। অসমত খ্রীষ্টান ধর্ম কোনে প্ৰচাৰ কৰিছিল?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম বৃটিছৰ অধীনলৈ যায়। সেই সময়তে অসমৰ শদিয়ালৈ আহি মিছনেৰী সকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰে।


প্রশ্ন ১১। কলেৰা নিৰ্মূলৰ বাবে মিছনেৰী সকলে আগবঢ়োৱা বড়ি খাবলৈ অসমীয়া সকলে কিয় অস্বীকাৰ কৰিছিল?

উত্তৰঃ অন্ধবিশ্বাসত ডুব গৈ থকা অসমীয়া সকলে ভাবিছিল কোনোবা অপদেৱতাৰ কুপ্ৰভাৱৰ বাবেহে তেওঁলোক কলেৰাত আক্ৰান্ত হৈছিল। সেয়েহে বড়ি খোৱাৰ পৰিবৰ্তে অসমীয়া সকলে পূজা-পাতল, তন্ত্র-মন্ত্ৰ তথা বেজৰ সহায়হে লৈছিল। তাৰোপৰি বেলেগ ধৰ্মৰ মানুহৰ হাতৰপৰা কিবা খালে ধৰ্ম জাত-কুল যাব এনে ধৰণৰ মানসিকতাই তেওঁলোকৰ মনত সেই সময়ত বিৰাজ কৰিছিল।

প্রশ্ন ১২। অতি চমুকৈ উত্তৰ দিয়া।

(ক) লেখক জয়ন্ত মাধৱ বৰাৰ জন্মস্থান কত?

উত্তৰঃ অসমৰ দেৰগাঁৱত লেখক জয়ন্ত মাধৱ বৰা জন্মগ্রহণ কৰে।

(খ) তেওঁ কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ “মৰিয়াহোলা”।

(গ) অসমত শিক্ষাৰ হাৰ কিমান?

উত্তৰঃ ৭৩.১৮ শতাংশ।

(ঘ) অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান?

উত্তৰঃ ৬৭.২৭ শতাংশ।

(ঙ) জয়ন্ত মাধৱ বৰাৰ পাঁচখন গল্পপুথিৰ নাম লিখা।

উত্তৰঃ (ক) ‘যুদ্ধভূমি’।

(খ) ‘অনুৰণন’,।

(গ) ‘জাকৈয়া ছোৱালী’।

(ঘ) ‘দেওলগা সময়’,।

(ঙ) ‘বৰ ভয় লাগিছে।

(চ) জয়ন্ত মাধৱ বৰাৰ পাঁচখন উপন্যাসৰ নাম লিখা।

উত্তৰঃ (ক) ‘মৰিয়াহোলা’,।

(খ) ‘অমৃত’,।

(গ) ‘আজান ফকিৰ’,।

(ঘ) ‘মায়ংযাদুৰ দেশৰ গোপন গাঁথা’,।

(ঙ) ‘নামত মাজুলী কহয় সবে।

NCERT Class 9 Assamese Ch-8

ভাব-বিষয়কঃ

১) চমু উত্তৰ দিয়াঃ

ক) উৰাবাতৰি মানে কি?
উত্তৰ:- যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, অথচ অজ্ঞতাৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য, বিবেকশূন্য কিছুলোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে সেয়াই উৰাবাতৰি।

খ) কুসংস্কাৰ বুলিলে কি বুজা?
উত্তৰ:- যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ।

গ) ‘অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা’। – কথাষাৰ কোনে কৈছিল?

উত্তৰ:- ‘অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বুজা’ – কথাষাৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।
বা
ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল।

ঘ) কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম বৃটিছৰ অধীনলৈ যায়?
উত্তৰ:- ১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসম বৃটিছৰ অধীনলৈ যায়।
বা
১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছত।

ঙ) অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কেনে ধৰণৰ ৰোগত আক্ৰান্ত হৈছিল?
উত্তৰ:- অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনেৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল।
বা
কলেৰা ৰোগত আক্ৰান্ত হৈছিল।

প্ৰশ্ন নং ২। অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাসে সমাজত কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।
উত্তৰ :- যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক, ধাৰণাক, ঘটনাক অসত্য আৰু অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস।
অন্ধবিশ্বাসে প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্য কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেয়েহে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল- “অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।”

প্ৰশ্ন নং ৩। কি কি কাৰণত অন্ধবিশ্বাস, কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হয়?
উত্তৰ:- অন্ধবিশ্বাস, কুসংস্কাৰ দ্বাৰা জনসাধাৰণ প্ৰভাৱিত হোৱাৰ কাৰণসমূহ হ’ল –
১) জ্ঞানৰ অভাৱৰ বাবেই মানুহ কুসংস্কাৰ, অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়।
২) মানুহৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে আৰু ভোগসৰ্বস্ব, অধ্যয়নবিমুখ চৰিত্ৰৰ বাবেও অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়।
৩)নেতৃত্বস্থানীয় লোকে স্বাৰ্থ সিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈও কুন্ঠাবোধ নকৰাৰ ফলতো এচাম লোকে বিভিন্ন অন্ধবিশ্বাস, কুসংস্কাৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে।
৪) ভ্ৰমণে মনৰ পৰিধি বহল কৰে। ভিতৰুৱা যোগাযোগ ব্যৱস্থাৰ সুবিধা নথকা অঞ্চলৰ বহু লোকে মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। বিনিময় যদি নহয়েই, মনৰ দিগন্ত প্ৰসাৰিত হব কেনেকৈ? জনসাধাৰণৰ অন্ধবিশ্বাসী হোৱাৰ, কু-সংস্কাৰ সাৱটি থকাৰ ইও এটা কাৰণ।
৫) সহজতে সকলো পোৱাৰ মনোবৃত্তিৰ বাবেও মানুহ অন্ধবিশ্বাসী হয়। কষ্ট নকৰাকৈ কম আয়াসতে মানুহক সকলো লাগে।
৬) বিজ্ঞান সন্মত মানসিকতাৰ অভাৱৰ বাবেও মানুহ অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়।

প্ৰশ্ন নং ৪। অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনে ধৰণৰ আঁচনি গ্ৰহণ কৰিব পাৰি?
উত্তৰ:- অন্ধবিশ্বাস আৰু কুসংস্কাৰ আঁতৰ কৰাৰ ক্ষেত্ৰত সজাগতা হ’ল এটা শক্তিশালী আহিলা। অন্ধবিশ্বাস, কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে, একৈশ শতিকাৰ সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যায় সেইটো বুজি পাব লাগিব। সেয়েহে বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টি অন্তৰ্ভুক্ত কৰিব লাগিব যাতে ছাত্ৰ- ছাত্ৰীয়ে অন্ধবিশ্বাস, কুসংস্কাৰৰ ভয়াবহতা সৰুৰে পৰা বুজি পায়। বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্ৰতিযোগিতা বা তেনে ধৰণৰ অন্যান্য প্ৰতিযোগিতাৰে ছাত্ৰ ছাত্ৰীক জড়িত কৰিও সজাগতা আনিব পৰা যায়। তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাটো খুব জৰুৰী। জনসাধাৰণৰ মনৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিৰ্মূল কৰাৰ বাবে বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠাটো অত্যন্ত প্ৰয়োজন।

প্ৰশ্ন নং ৫। ‘ডাইনী’, `সোপাধৰা’ – এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহুলোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ কি কি বুলি ভাবা?
উত্তৰ:- ‘ডাইনী’, ‘সোপাধৰা’ – এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছুলোকে এই বিষয় দুটাক লৈ উৰাবাতৰি প্ৰচাৰ কৰে আৰু বহুলোকে বিশ্বাস কৰিও লয় – ইয়াৰ কাৰণ হ’ল –
কিছু অসৎ প্ৰবৃত্তিৰ লোকৰ ন্যস্তস্বাৰ্থ সিদ্ধি কৰা। তেওঁলোকে ইমাণ চতুৰালিৰে অন্ধবিশ্বাসবোৰ প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথা বাদেই শিক্ষিত সমাজেও সেইবোৰ বিশ্বাস কৰি লয়। তাৰ দ্বাৰা সেই অসৎ প্ৰবৃত্তিৰ লোকজনৰ কিবা এটা স্বাৰ্থ সিদ্ধি হয়। কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে সমাজক ভীতিগ্ৰস্ত আৰু অস্থিৰ কৰি তুলিবলৈও উৰাবাতৰি প্ৰচাৰ কৰে।

প্ৰশ্ন নং ৬। তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি কি ব্যৱস্থা ল’বা – এই বিষয়ে এটি টোকা প্ৰস্তুত কৰা।
উত্তৰ:- বৰ্তমান এই একৈশ শতিকাৰ অত্যাধুনিক সমাজখনতো অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ প্ৰচলন দেখা পোৱা যায়, যি আমাৰ সমাজখনক পশ্চাদপদ কৰি ৰাখে। দেখা গৈছে যে ‘ডাইনী’ বুলি উৰাবাতৰি প্ৰচাৰৰ ফলস্বৰূপে যি বৰ্বৰ ঘটনা সংঘটিত হয়, সেই অমানৱীয় ঘটনাত শতকৰা নব্বৈ ভাগৰো অধিক ক্ষেত্ৰত মহিলাসকলেই আক্ৰান্ত হয়। ‘সোপাধৰা’ বুলি উৰাবাতৰি প্ৰচাৰৰ ফলস্বৰূপে অচিনাকি আৰু প্ৰায় ক্ষেত্ৰতে বিশেষভাৱে সক্ষম লোকেই আক্ৰান্ত হোৱা দেখা গৈছে। সেয়েহে এনেবোৰ অন্ধবিশ্বাস, কুসংস্কাৰ আমাৰ মাজৰ পৰা আঁতৰাবলৈ হ’লে সমাজত, ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। মানুহৰ মনবোৰ যাতে সকলো কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে তাৰ বাবে উপযুক্তভাৱে শিক্ষিত কৰি তুলিব লাগিব। অন্যান্য সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ লগতে জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্ত্বিক জাগৰণৰো সৃষ্টি কৰা উচিত।

প্ৰশ্ন নং ৭। ব্যাখ্যা কৰা ঃ

ক) অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।
উত্তৰ:- ‘অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা’- উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ নামৰ প্ৰৱন্ধটিৰ পৰা তুলি দিয়া হৈছে। লিখক জয়ন্ত মাধৱ বৰা।
দূষিত বায়ু, অবাঞ্চিত বিশৃংখল শব্দ, মাটি, পানী এইবোৰৰ প্ৰদূষণে আমাৰ চৌপাশৰ পৰিৱেশ যেনেদৰে প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন ধাৰণ প্ৰণালীত প্ৰতিকূলতাৰ সৃষ্টি কৰে, ঠিক সেইদৰে অন্ধবিশ্বাস আৰু কু-সংস্কাৰেও প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্য সমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন- ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যস্ত কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। অথচ এই অন্ধবিশ্বাস, কুসংস্কাৰ, উৰাবাতৰিৰ অপপ্ৰচাৰ মানুহেই সৃষ্টি কৰে।মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেই অৰ্থত অন্ধবিশ্বাস, কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা।

খ) সংস্কাৰ এক জীৱন পদ্ধতি।
উত্তৰ:- ‘সংস্কাৰ এক জীৱন পদ্ধতি’- উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ নামৰ প্ৰৱন্ধটিৰ পৰা তুলি দিয়া হৈছে। লিখক জয়ন্ত মাধৱ বৰা।
যিবোৰ নীতি-নিয়ম, ব্যৱস্থা, পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেই বোৰেই কুসংস্কাৰ। সংস্কাৰ এক জীৱন পদ্ধতি। কিন্তু সেই সংস্কাৰে যদি মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱীত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিতাৱস্থাক বাহাল ৰাখে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়। কুসংস্কাৰে মানুহৰ চিন্তাক দিগন্তক প্ৰসাৰিত নকৰে।

গ) মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।
উত্তৰ:- ‘মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ’। – উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ ৰচিত প্ৰৱন্ধ ‘অন্ধবিশ্বাস আৰু কুসংস্কাৰ’ৰ পৰা তুলি দিয়া হৈছে।
বৰ্তমান যুগৰ উন্মত্ত ভোগবাদে শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ পৰিৱৰ্তে এটা চাকৰি লাভ কৰাৰ অনিবাৰ্য পথ হিচাপেহে পৰিণত কৰাইছে। কৃচ্ছ সাধনাই হ’ল জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাধনা। অথচ এই কৃচ্ছ সাধনাৰ পৰা আজিৰ মানুহক বহু দূৰলৈ আঁতৰাই নিছে ভোগ – বিলাস আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই। সমাজত বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ, অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাৰ, অমানৱীয় কাৰ্যকলাপ সংঘটিত হোৱাৰ এটা অন্যতম কাৰণ হৈছে বৰ্তমান সময়ৰ মানুহৰ অনিয়ন্ত্ৰিত আবেগ। আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ এটা মূল কাৰণ হৈছে অধ্যয়নবিমুখিতা। মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে অধ্যয়নবিমুখ।

ভাষা- বিষয়কঃ
৮) উদাহৰণটো চাই বাকীকেইটা কৰা :
উদাহৰণ:
মানৱীয় – অমানবীয়
সজাগতা – অসজাগতা
সামাজিক – অসামাজিক
ৰাজনৈতিক – অৰাজনৈতিক
সাংবিধানিক – অসাংবিধানিক
প্ৰচাৰ – অপপ্ৰচাৰ।

৯) তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ লিখাঃ
ইতিবাচক – নেতিবাচক
সৎ – অসৎ
যোগাত্মক – বিয়োগাত্মক
সক্ষম – অক্ষম
উচিত – অনুচিত
অভিশাপ – আশীৰ্বাদ।

১০) পাঠত উল্লেখ থকা পাঁচোটা যুৰীয়া শব্দ বিচাৰি উলিওৱা।

উত্তৰঃ

১১) বাক্য ৰচনা কৰাঃ

মৌলিক অধিকাৰ : ভাৰতীয় সংবিধানে নাগৰিক সকলক কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছে।
অমানৱীয় কাৰ্য : অন্ধবিশ্বাসৰ কবলত পৰি কিছুমান মানুহে অমানৱীয় কাৰ্যও সংঘটিত কৰে।
প্ৰচাৰ মাধ্যম:- সমাজত সজাগতাৰ সৃষ্টিত প্ৰচাৰ মাধ্যমৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে।
সজাগতা সভা : সজাগতা সভা আয়োজন কৰি সমাজৰ মানুহবোৰ অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰা কিছু পৰিমাণে হ’লেও বচাব পাৰি।
স্বাৰ্থান্বেষী লোক :- প্ৰত্যেক সমাজতেই স্বাৰ্থান্বেষী লোক থাকেই।
আদিম স্তৰ : অন্ধবিশ্বাস, কুসংস্কাৰ আদিয়ে সমাজ এখনক পশ্চাদপদ কৰি আদিম স্তৰলৈ অৱনমিত কৰে।

class 9 assamese

class 9 assamese question answer

class 9 assamese medium

class 9 assamese lesson 8 question answer

class 9 assamese chapter 8 question answer

NCERT Solution Class 9 Assamese 

karaiuni jatiya vidyalaya logo
Enamul Hoque Kamal Assam
× Ask Any question