Class 10 Social Geography Chapter 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদ | SEBA Class 10 | Assamese Medium |

Solution for SEBA Class 10 Social Science | Class X Social Science Answer - Assamese Medium | Class 10 Social Geography Chapter 1|

Chapter 1 অর্থনৈতিক ভূগােল: বিষয়বস্তু আৰু সম্পদহ্য

                                                                             Multiple Choice Questions & Answers

1. তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ? 

(a) নদ-নদী।

(b) খনিজ তেল।

(c) জলসিঞ্চন নলা।

(d) অৰণ্য।

উত্তৰঃ (c) জলসিঞ্চন নলা।

2. তলৰ কোনটো অজীৱীয় সম্পদ? 

(a) বায়ু।

(b) উদ্ভিদ।

(c) জীৱ-জন্তু।  

(d) শস্য।

উত্তৰঃ (a) বায়ু।

3. তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? 

(a) বায়ু। 

(b) পানী। 

(c) শস্য। 

(d) কয়লা।

উত্তৰঃ (d) কয়লা।

4. তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী? 

(a) এশিঙিয়া গঁড়।

(b) নল গাহৰি।

(c) জিৰাফ।

(d) মিথুন।

উত্তৰঃ (b) নল গাহৰি।

5. IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তর্গত?

(a) UNESCO.

(b) UNO.

(c) WWF.

(d) UNEP.

উত্তৰঃ (a) UNESCO.

6. ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় সি হ’ল— 

(a) প্রাকৃতিক ভূগোল।

(b) মানৱ ভূগোল।

(c) অর্থনৈতিক ভূগোল।

(d) আঞ্চলিক ভূগোল।

উত্তৰঃ (c) অর্থনৈতিক ভূগোল।

7. শিল এবিধ—

(a) জীৱীয় সম্পদ।

(b) অজীৱীয় সম্পদ।

(c) মানৱ সৃষ্ট সম্পদ।

(d) মানৱ সম্পদ।

উত্তৰঃ (b) অজীৱীয় সম্পদ।

8. অসমৰ এবিধ বিলুপ্তপ্রায় জন্তু হ’ল— 

(a) ম’হ।

(b) মেকুৰী।

(c) শহাপহু।

(d) সোণালী বান্দৰ।

উত্তৰঃ (d) সোণালী বান্দৰ।

9. তলৰ কোনটো অ-নবীকৰণযোগ্য সম্পদ? 

(a) পানী।

(b) সূৰ্য্যৰ ৰশ্মি।

(c) গছ-গছনি।

(d) প্রাকৃতিক গেছ। 

উত্তৰঃ (d) প্রাকৃতিক গেছ।

10. অৰ্থনৈতিক ভূগোলৰ পিতৃ স্বৰূপ হ’ল— 

(a) কার্ল ৰিটাৰ।

(b) জর্জ ছিছ হম।

(c) ডার্কেনরাল্ড।

(d) ফেইট্রিফ বাটজেল।

উত্তৰঃ (b) জর্জ ছিছ হম।

11. তলৰ কোনটো প্ৰাথমিক বৃত্তি নহয়?

(a) কৃষি কার্য। 

(b) বেংক বা অন্য বিত্তীয় অনুষ্ঠান। 

(c) মাছ ধৰা। 

(d) বনজ সম্পদ আহৰণ। 

উত্তৰঃ (b) বেংক বা অন্য বিত্তীয় অনুষ্ঠান।

12. তলৰ কোনটো দ্বিতীয়ক বৃত্তি হয়— 

(a) শিল্পোৎপাদন প্রক্রিয়া।

(b) যাতায়াত আৰু পৰিবহণ কার্য।

(c) প্ৰচাৰ মাধ্যম।

(d) নির্মাণ কার্য।

উত্তৰঃ (a) শিল্পোৎপাদন প্রক্রিয়া।

13. তলৰ কোনটো তৃতীয়ক বৃত্তি হয়— 

(a) কৃষি কার্য। 

(b) চিকাৰ।

(c) বয়ন কার্য।

(d) বেপাৰ বাণিজ্য।

উত্তৰঃ (d) বেপাৰ বাণিজ্য।

14. তলৰ কোনটো চতুর্থক বৃত্তি হয়—  

(a) মিস্ত্রি। 

(b) শিক্ষক।

(c) কম্পিউটাৰ নিৰ্মাণকাৰী।

(d) ব্যৱসায়ী।

উত্তৰঃ (b) শিক্ষক।

15. তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয়— 

(a) প্রযুক্তি। 

(b) উদ্যোগ।

(c) সৌৰশক্তি। 

(d) কার্যালয়। 

উত্তৰঃ (c) সৌৰশক্তি।

16. তলৰ কোনটো ব্যক্তিগত সম্পদ নহয়— 

(a) ভাল চৰিত্ৰ। 

(b) কর্মদক্ষতা।

(c) শিক্ষা।

(d) চৰকাৰ।

উত্তৰঃ (d) চৰকাৰ।

17. তলৰ কোনটো জাতীয় সম্পদ— 

(a) বায়ুমণ্ডল।

(b) শিক্ষা।

(c) শিক্ষানুষ্ঠান।

(d) সাগৰ।

উত্তৰঃ (b) শিক্ষা।

18. তলৰ কোনটো স্থানিক সম্পদ নহয়— 

(a) কয়লা।

(b) শস্য।

(c) খনিজ পদার্থ।

(d) পানী।

উত্তৰঃ (d) পানী।

19. সোণ এবিধ— 

(a) কৃত্রিম সম্পদ।

(b) জৈৱিক সম্পদ।

(c) প্রাকৃতিক সম্পদ।

(d) মানৱ সম্পদ।

উত্তৰঃ (c) প্রাকৃতিক সম্পদ।

20. তলৰ কোনটো এটা অজীবীয় সম্পদ? 

(a) বায়ু।

(b) বেক্টেৰিয়া।

(c) ভেঁকুৰ।

(d) শস্য।

উত্তৰঃ (a) বায়ু।

                                                                                                 Long Answers

১। অর্থনৈতিক ভূগােল কাক বােলে ? ইয়াৰ মূল বিষয়বস্তু কি ? অর্থনৈতিক ভূগােলৰ প্ৰধান শাখাবােৰ উল্লেখ কৰা। 

উত্তৰঃ ভূগােলৰ যিটো শাখাত সম্পদৰ উৎপাদন , বিতৰণ , উপভােগ, বিনিময় আৰু ইয়াৰ  সৈতে জড়িত মানুহৰ কার্যকলাপসমূ্হ  স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকেই অর্থনৈতিক ভূগােল বােলে।  

অর্থনেতিক ভূগোলৰ মূল বিষয়বস্তুয়েই হ’ল সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত সকলোধৰণৰ কথা আলোচনা কৰা।  

ইয়াৰ অন্তৰ্গত তলত দিয়া কেইটা সাঙুৰি লােৱা হৈছেঃ 

(ক) সম্পদৰ উৎপাদন।  

(খ) সম্পদৰ বিতৰণ।  

(গ) সম্পদৰ উপভােগ।  

(ঘ) সম্পদৰ বিনিময়। 

অর্থনৈতিক ভূগােল প্রধান শাখাবােৰ হ’ল:  

(ক) কৃষি ভূগােল।  

(খ) ঔদ্যোগিক ভূগােল।  

(গ) সম্পদ ভূগে।   

(ঘ) পৰিবহণ ভূগােল। 

(ঙ) বজাৰ ভূগােল।   

(চ) পর্যটন ভূগােল। 

(ছ) পৰিকল্পনা আৰু উন্নয়ন ভূগোল।

২। অর্থনৈতিক ভূগােলৰ পৰিসৰ সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ অৰ্থনেতিক ভূগোলৰ পৰিসৰ অতি বিস্তৃত। অর্থনৈতিক ভূগােলত প্ৰধানকৈ সম্পদসমূহ আৰু ইয়াৰ সৈতে জড়িত মানুহৰ বিভিন্ন অর্থনৈতিক কার্যকলাপসমূহ অধ্যয়ন কৰা হয়। 

অর্থনৈতিক ভূগােলৰ পৰিসৰ প্ৰধানকৈ দুটা বৃহৎ শাখাৰ অধীনত পাঁচটা বিশেষ প্রশ্নৰ ওপৰত প্রতিষ্ঠিত সেইবোৰ হ’ল-

(i) অর্থনৈতিক কার্যটো ক’ত অৱস্থিত ?  

(ii) অর্থনৈতিক কার্যটোৰ বৈশিষ্ট্যসমূহ কি কি ?  

(iii) অর্থনৈতিক কার্যটো আন কি কি পৰিঘটনাৰ সৈতে জড়িত ?  

(iv) অর্থনৈতিক কার্যটো য’ত অৱস্থিত হৈছে তাতে কিয় হৈছে ?  

(v) অর্থনৈতিক কার্যটো য’ত অৱস্থিত তাৰ পৰিৱর্তে আন ঠাইত হলে বেছি ভাল হ’লহেঁতেন নে? 

৩। মানুহৰ অর্থনৈতিক বৃত্তি বুলিলে কি বুজা ? এনে অর্থনৈতিক বৃত্তিবােৰ কি কি ? 

উত্তৰঃ যি অৰ্থনৈতিক কাৰ্যকলাপৰ ফলত মানুহে শ্রমদান কৰি উৎপাদনমুখী হৈ এক নিৰ্দিষ্ট পৰিসৰত উপাৰ্জন কৰিব পাৰে তাকেই অর্থনৈতিক বৃত্তি বোলা হয়। 

মানুহৰ অর্থনৈতিক বৃত্তি চাৰি প্ৰকাৰৰ সেইবোৰ  হৈছে:   

(i) প্রাথমিক বৃত্তি: যেনেঃ কৃষি কার্য , অৰণ্যৰ পৰা খাদ্য সামগ্ৰীৰ আহৰণ , খনিজ সম্পদ আহৰণ , মাছমৰা কাৰ্য আদি।  

(ii) দ্বিতীয় বৃত্তি: যেনে: শিল্পোৎপাদন , নির্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য আদি।  

(iii) তৃতীয় বৃত্তি: যেনে: পৰিবহণ , যােগাযােগ , বজাৰ , পাইকাৰী বা খুচুৰা বিক্রী , পর্যটন কার্য আদি।  

(iv) চতুর্থক বৃত্তি: যেনে: বেংক বা অনা বিত্তীয় প্রতিষ্ঠান , প্রচাৰ মাধ্যম , প্রশাসন ,  শিক্ষা তথা গৱেষণা প্রতিষ্ঠান আদি।  

৪। অর্থনৈতিক ভূগােল প্রধান শাখাসমূহৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ অর্থনৈতিক ভূগােল প্রধান শাখাসমূহৰ বিষয়বস্তু সমূহ হল:  

(i) কৃষি ভূগােল: কৃষি আৰু কৃষিকার্যৰ লগত জড়িত কাৰকসমূহ, কৃষিকার্যৰ বিতৰণ আৰু পদ্ধতি, শস্য উৎপাদন আদি বোৰ হ’ল কৃষি ভুগোলৰ মূল বিষয়বস্তু।  

(ii) ঔদ্যোগিক ভূগােল: ঔদ্যোগিক ভূগােলত উদ্যোগ স্থাপনৰ কাৰকসমূহৰ লগতে উদ্যোগৰ প্ৰকাৰ , ভৌগােলিক বিতৰণ , উৎপাদন , উদ্যোগসমূহৰ অৱস্থানৰ সৈতে জড়িত তত্ত্ব বা অঞ্চলভুক্তীকৰণ , শ্ৰমিক, বজাৰ তথা আমদানি-ৰপ্তানি আদিৰ দৰে বিষয়সমূহ অধ্যয়ন কৰা হয়। 

(iii) সম্পদ ভূগােল: সম্পদ ভূগােলত সম্পদৰ প্ৰকাৰ , সম্পদসমূহৰ আঞ্চলিক বিতৰণ , উদ্ঘাটন তথা উৎপাদনৰ লগতে সম্পদ আৰু উন্নয়নৰ মাজৰ সম্পর্ক , সম্পদৰ সংৰক্ষণ তথা ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। 

(iv) পৰিবহণ ভূগােল: পৰিবহণ ভূগােলত প্ৰধানকৈ পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ সৈতে জড়িত কাৰকসমূহৰ লগতে সম্পদৰ বিতৰণৰ ক্ষেত্ৰত পৰিবহণৰ ভূমিকা , মানুহৰ অর্থনৈতিক কার্যকলাপ তথা যাতায়ত পৰিবহণৰ ভূমিকা আৰুঔদ্যোগিক উন্নয়ন , কৃষি উন্নয়ন আদিৰ দৰে অর্থনৈতিক উন্নয়নসমূহৰ বিষয়ে অধ্যয়ন কৰা হয়। 

(v) বজাৰ ভূগােল: বজাৰ ভূগােলত বজাৰ স্থাপনৰ সৈতে জড়িত কাৰকসমূহৰ লগতে বজাৰসমূহৰ বিতৰণৰ ধৰণ আৰু ইয়াৰ সৈতে জড়িত তত্ত্বসমূহৰ অধ্যয়নক সামৰি লােৱা হয়।

(vi) পৰিকল্পনা আৰু উন্নয়ন ভূগােল: পৰিকল্পনা আৰু উন্নয়ন ভূগােলত অর্থনৈতিক উন্নয়নৰ সৈতে জড়িত কাৰকসমূহৰ লগতে  পৰিকল্পনা কৌশল , বহনক্ষম উন্নয়ন , আঞ্চলিক তথা সম্পদভিত্তিক উন্নয়ন প্রক্রিয়া আদিৰ বিষয়ে অধ্যয়ন কৰা হয়। 

(vii) পর্যটন ভূগােল: পর্যটন ভূগােলত পর্যটনৰ সৈতে জড়িত কাৰকসমূহৰ লগতে পর্যটনৰ প্ৰকাৰ , পর্যটন ব্যৱস্থাৰ বিকাশ আৰু পৰিকল্পনা প্রক্রিয়া আদিৰ বিষয়ে অধ্যয়ন কৰা হয়।

 

৫। সম্পদ ভূগােলক কিয় অর্থনৈতিক ভূগােল এটি গুৰুত্বপূৰ্ণ শাখা বােলা হয় ? 

উত্তৰঃ অর্থনৈতিক ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা হ’ল সম্পদ ভূগোল। দেশ এখনত উপলব্ধ সম্পদৰ গুণাগুণ , সম্পদৰ পৰিমাণ আৰু সঠিক ব্যৱহাৰৰ সৈতে দেশখনৰ অর্থনৈতিক উন্নয়ন জড়িত হৈ থাকে। আনহাতে , অর্থনৈতিক ভূগােল আৰু ইয়াৰ বিভিন্ন শাখা আৰু উপশাখাবােৰৰ অধ্যয়ন সম্পদ ভূগােলৰ সৈতে পােনপটীয়াকৈ জড়িত। যিমানেই অর্থনেতিক উন্নয়ন হৈছে সিমানেই সম্পদৰ গুৰুত্ব বাঢ়িছে আৰু ক’ব নোৱাৰাকৈয়েই মানুহৰ অৰ্থনৈতিক ভূগোল চৰ্চা হৈছে আৰু ইয়াৰ জ্ঞান লাভ হৈছে।

 

৬। সম্পদ বুলিলে কি বুজায় ? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

 

উত্তৰঃ পৃথিৱীৰ বুকুত থকা বায়ু, পানী, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ সকলোবোৰকে সম্পদ বুলি কোৱা হয়। অন্যাৰ্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তুবােৰকে সম্পদ বােলে। এই সম্পদবােৰক দেশ এখনৰ উমৈহতীয়া অৱলম্বন হিচাপে সংজ্ঞাবদ্ধ কৰা হয়।

 

সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছেঃ 

 

(ক) উপকাৰিতা।

(খ) উপযোগিতা।

(গ) হস্তান্তৰ যোগ্যতা।

(ঘ) কাৰ্য্যকাৰিতা। 

৭। “ সম্পদ পৰিৱৰ্তনশীল ” – ব্যাখ্যা কৰা।

 

উত্তৰঃ পৰিবেশ আৰু পৰিস্থিতিৰ মাধ্যমত সম্পদ পৰিবৰ্তনশীল হয়। সম্পদৰ এটা বৈশিষ্ট্য হ’ল ইয়াৰ পৰিৱর্তনশীল দিশটো প্রকৃতিত পােৱা কোনাে এটা সামগ্রী বর্তমান মানুহৰ দ্বাৰা ব্যৱহৃত নহ’লেও ভবিষ্যতে উপকাৰী সামগ্রী হিচাবে পৰিণত হবও পাৰে আৰু সম্পদলৈ পৰিৱৰ্তন হ’ব পাৰে। এনেধৰণৰ বস্তুক নিষ্ক্রিয় সামগ্রী বােলা হয়। উদাহৰণস্বৰুপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ জনা নাছিল তেতিয়ালৈকে সেইবোৰ কেৱল নিৰপেক্ষ সামগ্ৰীহে আছিল। 

খনিজ তেল বর্তমানে অত্যধিক ব্যৱহৃত হােৱা সম্পদ আৰু ইয়াৰ অবিহনে দেশ এখনৰ অর্থনৈতিক উন্নয়ন অসম্ভৱ। কিন্তু অদূৰ ভৱিষ্যতে কম খৰচী আৰু সহজলভ্য বিকল্প দ্রব্যৰ উদ্ভাৱনে ইয়াক অব্যৱহৃত সামগ্রীলৈ পৰিৱৰ্তন কৰিব পাৰে। গতিকে , সম্পদৰ উপকাৰিতা সাময়িক , ইয়াৰ সময় সাপেক্ষে পৰিৱৰ্তন হ’ব পাৰে। 

মানুহৰ বাবে হানিকাৰক বা অপকাৰী দ্রব্যক প্রতিৰোধক বােলে। উদাহৰণস্বৰূপে , দামােদৰ নদীৰ বানপানীয়ে মানুহৰ জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন কৰিছিল। কিন্তু যেতিয়া এই পানীবান্ধ দি বাধা দিয়া হয় , তেতিয়া ই অতি উপকাৰী হৈ। পৰে আৰু মানুহৰ বসতি আৰু কৃষিত সহায়ক হয়। এনেদৰে এবিধ প্রতিৰোধক সম্পদলৈ পৰিৱৰ্তন হ’ব পাৰে।

৮। সম্পদৰ প্ৰয়ােজনীয়তা সম্পর্কে উদাহৰণসহ চমুকৈ আলােচনা কৰা। 

উত্তৰঃ সম্পদে মানুহক বিভিন্ন ধৰণে সহায় কৰে। 

 

সম্পদৰ কিছুমান প্রয়ােজনীয়তা তলত উল্লেখ কৰা হলঃ

(ক) জীৱন ধাৰণৰ অৱস্থাৰ উন্নয়ন: সম্পদৰ প্রাচুর্যতাই মানুহৰ মৌলিক প্রয়ােজন অন্ন , বস্ত্ৰ আৰু বাসস্থানৰ প্রয়ােজন পূৰণ কৰাৰ উপৰিও ই জীৱন – ধাৰণৰ মানদণ্ডৰ উন্নয়ন কৰে।

(খ) আর্থ – সামাজিক উন্নয়ন: প্রয়ােজনীয় সম্পদ অবিহনে কোনাে এখন দেশেই উন্নতি কৰিব নােৱাৰে। উদ্যোগ , কৃষি, বেপাৰ – বাণিজ্যৰ বাবে খনিজ সম্পদ , কৃষিদ্রব্য , বনজ দ্রব্য , মানৱ সম্পদ আদিৰ প্রয়ােজন। কোনো এখন দেশ বা এটা জাতি যি অর্থনৈতিক দিশত উন্নত হয় সেইটো কেৱল সম্ভৱ হয় সম্পদৰ সদ্‌ ব্যৱহাৰৰ বাবে 

(গ) মানব কল্যাণ: মানৱ সমাজৰ বিকাশ সম্পদ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ ওপৰত পােনপটীয়াকৈ নির্ভৰশীল । সম্পদে মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়ােজনীয় অভাৱবােৰ পূৰণ কৰে।

৯। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। 

উত্তৰঃ সম্পদ আৰু মানুহৰ মাজত এটা নিবিড় আৰু ওতঃপ্ৰোত সম্পৰ্ক আছে। এটাৰ অবিহনে আনটো বৰ্তি থাকিব নােৱাৰে। 

সম্পদৰ সৈতে মানুহ তিনি ধৰণে জড়িত: 

(ক) সম্পদৰ উৎপাদক হিচাপে: মানুহেই সম্পদৰ অন্তিম উৎপাদক। মানুহৰ বাবে প্রয়ােজনীয় অধিক সংখ্যক সম্পদ প্ৰকৃতিত পােৱা যায় যদিও তাৰে বেছিভাগ কেঁচা সামগ্ৰীৰ ৰূপত বা ব্যৱহাৰ অনুপযোগী অৱস্থাত পােৱা যায়। এনেবােৰ সম্পদ মানুহে প্রয়ােজন অনুসৰি ব্যৱহাৰোপযােগী কৰি লয়।

খনিজ সম্পদ বনজ সম্পদ , জলজ সম্পদ , কৃষি সম্পদ আদি মানুহৰ সক্রিয় ভূমিকাৰ অবিহনে বিকশিত কৰা সম্ভৱ নহয়। গতিকে মানুহ হৈছে সকলাে সম্পদৰ প্রধান ৰূপান্তৰক। উদাহৰণস্বৰূপে , মানুহৰ দ্বাৰা উৎপাদিত সম্পদবােৰ হ’ল প্রযুক্তিবিদ্যা , ঘৰ , ৰাস্তা , উদ্যোগ , বিদ্যালয় , কার্যালয় , যান-বাহন আদি। 

(খ) সম্পদ উপভােগকাৰী হিচাপে: মানুহ সম্পদৰ উপভােক্তা। মানুহে খাদ্যশস্য , কাপােৰ , খনিজ তেল আৰু বিভিন্ন ধৰণৰ মানৱ – সৃষ্ট সামগ্রীবােৰ উপভােগ বা ব্যৱহাৰ কৰে। পানী , বায়ু , খাদ্য , বস্ত্র , বাসস্থান আদি প্রয়ােজনীয়  সম্পদৰ অবিহনে মানুহে স্বাভাৱিক জীৱন – যাপন কৰিব নােৱাৰে। পৃথিৱীত জীৱৰ জীৱন – ধাৰণত সম্পদে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

প্রাকৃতিক সম্পদ আৰু মানৱ – সৃষ্ট সম্পদবােৰ কেনেদৰে ব্যৱহাৰ বা বিকাশ হ’ব সেয়া নিৰ্ভৰ কৰে মানুহৰ ওপৰত। মানৱ জ্ঞান আৰু ইয়াৰ প্ৰসাৰৰ ওপৰত সম্পদ উন্নয়ন স্তৰ নিৰ্ভৰশীল। তদুপৰি মানুহৰ চাহিদা আৰু নতুন প্রযুক্তিৰ বিকাশৰ ওপৰত সম্পদৰ পৰিৱৰ্তনশীল প্রকৃতি নির্ভৰ কৰে। 

১০। সম্পদ আৰু  বিজ্ঞান – প্রযুক্তিৰ মাজত থকা সম্পর্ক চমুকৈ আলােচনা কৰা।

উত্তৰঃ সম্পদ আৰু  বিজ্ঞান – প্রযুক্তিৰ মাজত পাৰস্পৰিক সম্পর্ক আছে। সম্পদৰ উত্তৰণত বিজ্ঞান প্ৰযুক্তিৰ যথেষ্ট অৰিহণা আছে। অর্থাৎ সম্পদ উৎঘাটন আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োজন হয়। এই দুয়ােটাৰ মাজৰ পাৰস্পৰিক সম্পৰ্কক তলত উল্লেখ কৰা 

তথ্যৰ পৰা অনুধাৱন কৰিব পাৰি:

(ক) সম্পদৰ আৱিষ্কাৰ: সম্পদৰ আৱিষ্কাৰৰ মূলতে হল বিজ্ঞান। প্রায় সকলােবােৰ সম্পদৰ আৱিষ্কাৰৰ ক্ষেত্ৰত  বিজ্ঞানে আমাক সক্ষম কৰি তুলিছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিহনে বেছিভাগ সম্পদেই লুপ্ত আৰু অজ্ঞাত হৈ থাকিলহেঁতেন। আধুনিক বিজ্ঞান – প্রযুক্তিৰ ব্যৱহাৰ অবিহনে বর্তমান আমি ব্যৱহাৰ কৰি থকা বহুতাে খনিজ সম্পদ ভূ – গর্ভত লুপ্ত অৱস্থাত থাকিলহেঁতেন। 

(খ) নিষ্ক্রিয় সামগ্ৰীৰ ৰূপান্তৰ:  বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নয়নৰ বাবে মানুহৰ কৌশল আৰু শ্রম ব্যৱহাৰ কৰি পৃথিৱীৰ বহুতো নিষ্ক্রিয় সামগ্রী আৰু প্ৰতিৰােধকক সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰিছে। মানুহৰ জ্ঞানৰ প্ৰসাৰ,  বিজ্ঞান প্রযুক্তি উন্নয়নৰ ফলত সকলোধৰণৰ নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক একোটা মূল্যবান সম্পদলৈ ৰূপান্তৰ হৈছে।

(গ) সম্পদৰ উচিত ব্যৱহাৰ: বিজ্ঞান আৰু প্রযুক্তিয়ে সম্পদৰ সঠিক ব্যৱহাৰত সহায় কৰিছে। বিজ্ঞানী আৰু গৱেষকসকলে পূর্বস্থিত সম্পদবােৰৰ ভালেমান নতুন ব্যৱহাৰ উদ্ভাৱন কৰি এই সম্পদসমূহ অধিক উপযােগীকৰি তুলিছে। উদাহৰণস্বৰূপে বাঁহ এবিধ বনজ সম্পদ। প্রাচীন কালত ইয়াক ব্যৱহাৰ কৰা হৈছিল ঘৰ বাৰী সজোৱা কামত, কৃষি,সজুঁলি তৈয়াৰ কৰাৰ কামত। দৈনন্দিন জীবন-যাত্ৰাত এই বাঁহ জাতীয় উদ্ভিদে মানুহৰ প্ৰয়োজন পূৰণ কৰিছিল। কিন্তু এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে এই বাঁহৰ পৰা কাগজ তৈয়াৰ হয়, ঠিক তেনেদৰে কপাহৰ পৰা কাপোৰ, মাপাটৰ পৰা কাৰ্পেট, বস্তা, ৰচী ইত্যাদি। 

১২। প্রাকৃতিক সম্পদ বুলিলে কি বুজায় ? উদাহৰণসহ চমুকৈ লিখা। 

উত্তৰঃ প্ৰকৃতিৰ পৰা পোৱা যিবোৰ বস্তু প্রত্যক্ষ বা পৰোক্ষভাৱে মানুহৰ উপকাৰত আহে সেই সকলোবোৰ বস্তুকেই প্রাকৃতিক সম্পদ বুলি কোৱা হয়। ই গােটা , জুলীয়া বা গেছীয় আৰু অধাত্মীয় বা ধাত্রীয় অৱস্থাত থাকিব পাৰে। প্রাকৃতিক সম্পদসমূহৰ বহুবােৰেই প্ৰকৃতিত উপলব্ধ হােৱাৰ দৰেই ব্যৱহাৰ কৰাৰ বিপৰীতে অন্য কিছুমানক বিভিন্ন উদ্যোগত কেঁচা সামগ্রী হিচাপে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কাঠৰ পৰা প্লাইউড, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা মম, বং ভেচলিন, প্লাষ্টিক ইত্যাদি।

বায়ু , পানী , সূৰ্যৰ ৰশ্মি , ভূমি , খনিজ পদার্থ , প্রাকৃতিক গেছ , উদ্ভিদ , জীৱ – জন্তু , নদ – নদী , সাগৰ মহাসাগৰ আদি হৈছে প্রাকৃতিক সম্পদৰ উদাহৰণ।

 

১৩। মানৱ সৃষ্টসম্পদ কি ? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ মানুহৰ কাৰ্যদক্ষতা,  শিক্ষা, প্রযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। মানুহে  বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি নিজ প্রচেষ্টাৰে প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদবােৰেই হৈছে মানৱ সৃষ্ট সম্পদ। উদাহৰণস্বৰূপে:- বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ , কপাহৰ পৰা তৈয়াৰ কৰা কাপােৰ , খাদ্য সামগ্রী , ঔষধ , কাঠৰ আচবাব , – দুৱাৰ , আকৰিকৰ পৰা সাংশ্লেষিত ধাতু আদি হৈছে মানৱ সৃষ্টি সম্পদৰ উদাহৰণ।

১৫। “ সম্পদ সংৰক্ষণ ” বুলিলে কি বুজায় ? ইয়াৰ প্ৰয়ােজনীয়তা কি ? 

উত্তৰঃ কিছুমান প্রাকৃতিক সম্পদ অনবীকৰণযোগ্য, ক্ষয়শীল বা সীমিত। কিন্তু এইবোৰ মানুহৰ দৈনন্দিন জীৱনত অতিকৈ প্ৰয়োজনীয়। সম্পদৰ অপচয়মূলক ব্যৱহাৰ আৰু অপব্যৱহাৰ ৰােধ কৰি সৰ্বাধিক উপযােগিতা আহৰণৰ উদ্দেশ্যে সম্পদৰ সঞ্চয় আৰু বিচক্ষণ ব্যৱহাৰৰ প্রক্রিয়াকে সম্পদৰ সংৰক্ষণ বুলি জনা যায়। 

সম্পদ সংৰক্ষণৰ প্রয়ােজনীয়তাৰ কাৰক কেইটা তলত উল্লেখ কৰা হ’ল: 

 

(ক) সীমিত সম্পদ: প্রকৃতিয়ে যােগান ধৰা সম্পদৰ বিতৰণ অসমান আৰু ইয়াৰ যােগান সীমিত। পৃথিৱীৰ কোনাে দেশতেই সকলাে সম্পদ উপলব্ধ নহয়। সেয়ে দেশখনত উপলব্ধ সম্পদখিনিক সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে। মানুহে বর্তমান ব্যৱহাৰ কৰি থকা অধিক সংখ্যক সম্পদেই ক্ষয়শীল বা অনৱীকৰণযােগ্য। সেয়ে সীমিত সম্পদবােৰ দীর্ঘ দিন ধৰি ব্যৱহাৰােপযােগী কৰি ৰাখিবলৈ হ’লে সেইবােৰ সংৰক্ষিত ভাৱে ব্যৱহাৰ কৰিব লাগিব।

(খ) বর্ধিত জনসংখ্যা: জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়ােজনীয়তাও বাঢ়িছে লগতে ইয়াৰ ব্যৱহাৰ বৃদ্ধি পাইছে। গতিকে সম্পদৰ বহুল ব্যৱহাৰে যিহেতু উন্নয়ন সূচায় সেইবাবে ভবিষ্যত প্ৰজন্মৰ উন্নয়নৰ বাবে সম্পদ সংৰক্ষণ প্রয়োজনীয়৷ 

(গ) বিপন্ন প্রজাতিৰ সংৰক্ষণ: বিভিন্ন সম্পদৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে আৰু পৰিৱেশ প্ৰদূষণৰ বাবে বহুতাে উদ্ভিদ আৰু প্ৰাণীৰ প্রজাতি বিপন্ন আৰু বিলুপ্ত হৈ পৰিছে। পাৰিৱেশিক নিম্নীকৰণ আৰু বাসস্থান ধ্বংসৰ বাবে বহুত জীৱ জন্তুৰ  সংখ্যা দ্রুতগতিত হ্রাস পাইছে। জৈৱ-বৈচিত্ৰ্যৰ ভাৰসাম্য ৰাখিবলৈ সম্পদ সংৰক্ষণ প্রয়োজনীয়।

(ঘ) প্ৰদূষণ নিয়ন্ত্রণ: সম্পদৰ নিষ্কাশন আৰু সংসাধনৰ ফলত পৰিৱেশ যথেষ্ট পৰিমাণে প্ৰদূষিত হয়। কিছুক্ষেত্ৰত প্ৰদূষণ ৰোধ কৰাৰ উপায় হ’ব পাৰে সম্পদ সংৰক্ষণ।

 

১৬ ৷ সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবােৰৰ ভূমিকা সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ দ্রুতজনসংখ্যা বৃদ্ধি , বর্তমান মজুত থকা সম্পদসমূহৰ অত্যধিক ব্যৱহাৰ , সম্পদসমূহৰ অবৈজ্ঞানিক ধৰণে কৰা ব্যৱহাৰৰ ফলত হােৱা বর্ধিত পাৰিপাৰ্শ্বিক সমস্যা আদিৰ পৰিণামস্বৰূপে বিশ্বৰ বহুতাে গুৰুত্বপূর্ণ সম্পদ নিঃশেষ হ’বলৈ ধৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে বিভিন্ন পর্যায়ত প্রাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

সেয়েহে , মজুত সম্পদসমূহৰ সংৰক্ষণ কৰাৰ লগতে সম্পদসমূহৰ ব্যৱহাৰৰ ফলত সৃষ্টি হােৱা পৰিৱেশ প্ৰদূষণ হ্রাস কৰাৰ  উদ্দেশ্যেৰে বহুতাে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্রতিষ্ঠা হৈছে। 

এইক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য অনুষ্ঠানসমূহ হৈছেঃ

(ক) IUCN: IUCN – ৰ সম্পূৰ্ণ নামটো হৈছে – International Union for Conservation of Nature ( আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা )। ১৯৪৮ চনতে UNESCO ৰ প্ৰথম সঞ্চালক প্রধান জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্রতিষ্ঠিত হৈছিল। UNESCO অর্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক ,  বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্রথম সঞ্চালক প্রধান জুলিয়ান হাক্সলে ( ব্রিটিছ জীৱবিজ্ঞানী ) -এ ইয়াৰ প্রতিষ্ঠা কৰিছিল । এই সংস্থাটোৰ প্রধান লক্ষ্য হ’ল গােলকীয় প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে জৈৱ – বৈচিত্র্য সম্পর্কে অধ্যয়ন তথা গৱেষণা চলাই যােৱা আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা। ই ৰাষ্ট্ৰসংঘৰ নির্দেশনা অনুসৰি কার্য সম্পাদন কৰে। IUCN- এ প্রতিষ্ঠা কৰা আন্তর্জাতিক সংগঠন দুটা হৈছে বিশ্বব্যাপ্ত প্রকৃতি নিধি ( WWF for Nature ) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র। 

(খ) পৰিৱেশ , বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়: ভাৰতবৰ্ষত চৰকাৰী ভাবে পৰিবেশ বন আৰু জলবায়ু পৰিবৰ্তন নামেৰে এটি মন্ত্ৰালয় গঠন কৰা হৈছে। ইয়ে ভাৰতত প্রাকৃতিক সম্পদসমূহৰ সংৰক্ষণৰ কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰিবলৈ পৰিৱেশ , বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্রণালয় প্রতিষ্ঠাকৰা হৈছিল। প্রাকৃতিক সম্পদসমূহৰ সংৰক্ষণ তথা পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত আইনসমূহৰ বাবে এই মন্ত্রণালয়টো দায়ৱদ্ধ। এই মন্ত্রণালয়ৰ অংশ হিচাপে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু  শিক্ষা সংস্থা নামে এটা স্বতন্ত্র প্রতিষ্ঠান স্থাপন কৰা হয়। 

(গ) বেচৰকাৰী প্রতিষ্ঠানসমূহ: ভাৰতত পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা কিছুমান বেচৰকাৰী অনুষ্ঠান হ’ল  বিজ্ঞান আৰু পৰিৱেশ কেন্দ্র ( চি এছ ই ) , গ্রীনপিচ ইণ্ডিয়া , ৱাইল্ড লাইফ ষ্ট্ৰাষ্ট অৱ ইণ্ডিয়া আদি। তদুপৰি , অসমতাে অসম  বিজ্ঞান সমিতি , আৰণ্যক আদিৰ দৰে কেইটামান বেচৰকাৰী সংস্থাই পৰিৱেশ সংৰক্ষণ , জৈৱ – বৈচিত্র্য সংৰক্ষণ আদিৰ বাবে কাম কৰি আছে। 

১৭ ৷ সম্পদ সংৰক্ষণ পদ্ধতি সম্পর্কে চমুকৈ লিখা। 

উত্তৰঃ সম্পদ সংৰক্ষণৰ বিভিন্ন পদ্ধতি তলত আলোচনা কৰা হ’লঃ 

(ক) বিকল্প সম্পদৰ সন্ধান: সম্পদৰ বহুল ব্যৱহাৰ হ্রাস কৰাৰ এটা উপায় হ’ল উৎপাদন চলি থকা অৱস্থাতেই বিকল্প সম্পদৰ উদ্ঘাটন। ইয়াৰ বাবে গভীৰ অধ্যয়ন আৰু গৱেষণাৰ প্রয়ােজন। বর্তমান বহুতাে বাণিজ্যিক সামগ্ৰীৰ ভাল বিকল্প সামগ্রী আছে। যেনেঃ কয়লা , তেল , খনিজ সম্পদ আদিৰ অত্যধিক ব্যৱহাৰ কমাবৰ বাবে আমি সৌৰশক্তি , জলবিদ্যুত , জৈৱ গেছ আদিব্যৱহাৰ কৰিব পাৰোঁ। 

(খ) পুনৰাৱর্তন: পুনৰাৱৰ্তন প্রক্রিয়াৰ জৰিয়তে বর্জিত দ্রব্যক পুনৰ ব্যৱহাৰযােগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্রাস কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি প্লাষ্টিক বটলৰ পৰা পুনৰ প্লাষ্টিক বটল তৈয়াৰ কৰা। 

 

(গ) অভিযােজন: প্রয়ােজনীয় অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে উপলব্ধ সম্পদবােৰৰ উন্নত আৰু সাৰ্থক ব্যৱহাৰৰ বাবে বহুতাে অভিযােজন প্রক্রিয়া প্রয়ােগ কৰিব পাৰি। ই কেঁচা সামগ্ৰীৰ অপব্যৱহাৰ হ্রাস কৰে আৰু সম্পদৰ উৎপাদন বঢ়ায়। উদাহৰণস্বৰূপে , ৰাসায়নিক সাৰৰ পৰিৱর্তে জৈৱ সাৰ তৈয়াৰ কৰা। 

(ঘ) বর্জিত দ্রব্যৰ পৰিমাণ নিয়ন্ত্রণ: বর্জিত দ্রব্যবােৰ সঠিকভাৱে সংগ্রহ কৰিলে আৰু বৈজ্ঞানিকভাৱে ব্যৱহাৰ কৰিলে ইয়াৰ পৰা বহুতাে নতুন সামগ্রী পাব পাৰি। উদাহৰণস্বৰূপে: কাৰখানা আৰু নগৰৰ নলা – নর্দমাৰ বৰ্জিত পানীক নির্দিষ্ট  বৈজ্ঞানিক পদ্ধতিৰে পুনৰ বিশুদ্ধ কৰিব পাৰি।

(ঙ) সংৰক্ষণ সম্পর্কীয় জ্ঞানৰ সম্প্ৰসাৰণ: জন জাগৰণ , কর্মশালা , সম্পদ সংৰক্ষণ ব্যৱস্থাপনা আদিৰ জৰিয়তে দেশ এখনৰ জনসাধাৰণক সম্পদৰ সংৰক্ষণৰ প্ৰয়ােজনীয়তাৰ বিষয়ে সচেতন কৰিব লাগে। 

(চ) সংৰক্ষণ সম্পর্কীয় আইনৰ কাৰ্যকৰীকৰণ: সম্পদৰ সঠিক সংৰক্ষণৰ বাবে , ইয়াৰ অপব্যৱহাৰ ৰােধ কৰা উচিত। চৰকাৰে এই আইনৰ সঠিক কার্যকৰীকৰণ হােৱাটো নিশ্চিত কৰিব লাগিব আৰু আইনৰ ব্যৱস্থা কটকটীয়া কৰিব লাগে। 

(ছ) সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন: যিকোনাে দেশৰ উন্নয়নৰ বাবে সম্পদৰ সঠিক মূল্যায়ন প্রয়ােজন। যেতিয়া সংশ্লিষ্ট কতৃপক্ষই উপলব্ধ সম্পদৰ পৰিমাণৰ বিষয়ে জ্ঞাত হ’ব , তেতিয়াহে তেনে সম্পদৰ সঠিক ব্যৱহাৰৰ ক্ষেত্ৰত আঁচনি গ্ৰহণ কৰিব পাৰিব। 

(জ) সম্পদসমূহৰ ভৱিষ্যত প্রয়ােজন নির্ধাৰণ: বৰ্তমানৰ জনসংখ্যাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো সম্পদ ভবিষ্যতৰ প্রয়োজনীয়তা নির্ণয় কৰাটো অতি জৰুৰী।

১৮। চমুটোকা লিখা: 

(ক) সম্পদ: 

উত্তৰঃ পৃথিৱীত থকা সকলোবোৰ বস্তু যেনে – ৰ’দ, বতাহ, বায়ু, মাটি, গছ-গছনি, জন্তু, পানী, ইত্যাদিয়েই একে একোটা সম্পদ। সকলাে জীৱ আৰু পৰিস্থিতিতন্ত্রৰ কার্যাৱলী সম্পন্ন কৰিবলৈ প্রয়ােজনীয় সম্পত্তিৰ উৎস , ৰাজহ , যােগান বা সহায়ক সম্পদ বােলে। অন্যাৰ্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তুবােৰকে সম্পদ বােলে। সম্পদক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয় সেইবোৰ হ’ল-  প্ৰাকৃতিক সম্পদ আৰু মানৱ সৃষ্টি সম্পদ।

প্রাকৃতিক সম্পদ: প্রাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থকা সম্পদবােৰকে প্রাকৃতিক সম্পদ বােলে। যেনে :- পানী , বায়ু , সূৰ্যৰ ৰশ্মি , মাটি , খনিজ সম্পদ , গছ – গছনি , প্রাণী , নদী ইত্যাদি। 

মানব সৃষ্টসম্পদ: মানুহে  বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰাকৃতিক সম্পদৰ পৰা উৎপাদন কৰা বিভিন্ন সম্পদক মানবসৃষ্ট সম্পদ বােলে ৷ যেনে: বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ , কপাহৰ পৰা তৈয়াৰী কাপােৰ , সাংশ্লেষিক বস্ত্র , সাংশ্লেষিক ৰবৰ , ঔষধ , ৰাসায়নিক সাৰ ইত্যাদি। 

(খ) মানৱ সম্পদ:

উত্তৰঃ যিকোনো বস্তু এটা সম্পদ হ’বলৈ তাৰ কিছুমান গুণ থকা প্রয়োজন। আচলতে মানুহৰ ক্ষেত্ৰতো এনে কিছুমান গুণ থকা নিতান্তই দৰকাৰ। অৱশ্যে মানুহে সেই গুণবোৰ আহৰণ কৰিব পাৰে কিছুমান নিৰ্দিষ্ট লক্ষণৰ ওপৰত। মানৱ সম্পদ মানে হ’ল  শিক্ষা , প্রশিক্ষণ , অভিজ্ঞতা আদিৰ জৰিয়তে দেশ এখনৰ অন্যান্য সম্পদসমূহ যথােপযুক্তভাৱে ব্যৱহাৰৰ বাবে সক্ষম হৈ উঠা দেশৰ জনসমষ্টি। এখন দেশৰ আটাইতকৈ গুৰুত্বপূর্ণ সম্পদ হ’ল মানৱ সম্পদ।

ইউৰােপ আৰু আমেৰিকাৰ অধিক সংখ্যক দেশ উন্নত হােৱাৰ প্ৰধান কাৰণ হ’ল ইয়াত হােৱা মানৱ সম্পদৰ উন্নয়ন। সুশিক্ষা আৰু প্ৰশিক্ষণৰ বাবে এইবােৰ দেশত মানৱ সম্পদ উন্নত। মানুহেই অন্যান্য সম্পদৰ প্রধান চালক। মানুহৰ অবিহনে কোনাে ধৰণৰ সম্পদ বিকশিত নহয়।

জাপান , ছুইজাৰলেণ্ড , ছিংগাপুৰ , টাইৱান আদি দেশত উদ্যোগৰ বাবে প্রয়ােজনীয় প্রাকৃতিক সম্পদ আৰু কেঁচা সামগ্ৰীৰ অভাৱ হােৱা সত্ত্বেও মানৱ সম্পদত উন্নত হােৱা বাবে এই দেশবােৰে অর্থনৈতিক জীৱনৰ প্রত্যেক দিশত যথেষ্ট উন্নতি সাধন কৰিছে।

(গ) সম্পত্তি:

উত্তৰঃ সম্পত্তি হ’ল মানুহৰ কষ্টৰে উপৰ্জিত একো একোটা ফল। মানুহৰ প্ৰয়ােজন পূৰাব পৰা আৰু বিনিময় মূল্য থকা সকলােবােৰ অর্থনৈতিক দ্রব্যই হৈছে  সম্পত্তি। সকলাে সম্পত্তিয়ে সম্পদ কিন্তু সকলাে সম্পদ সম্পত্তি নহ’বও পাৰে। 

সম্পত্তিৰ কেইটামান বৈশিষ্ট্য হ’ল- 

 

(i) মানুহৰ প্রয়ােজন পূৰণৰ ক্ষমতা থকা বাবে সম্পদৰ উপকাৰিতা আছে। 

(ii) সম্পত্তিৰ যােগান সীমিত। 

(iii) মূল্যৰ জৰিয়তে সম্পত্তি এজনৰ পৰা আন এজনলৈ হস্তান্তৰ কৰিব পাৰি। সকলাে সম্পত্তিয়েই সম্পদ। কিন্তু সকলাে সম্পদেই সম্পত্তি নহয়। উদাহৰণস্বৰূপে , ভূমি, ঘৰ , যন্ত্রপাতি আদি সম্পত্তিৰ বজাৰ মূল্য থকা বাবে এইবােৰক সম্পদ বুলি কোৱা হয়।

আনহাতে বায়ু , পানী ,  শিক্ষা , সামাজিক প্রতিষ্ঠান , জনস্বাস্থ্য আদি সম্পত্তি নহয় ; কাৰণ এইবােৰৰ কিছুমান প্রকৃতিত প্ৰচুৰ পৰিমাণে পােৱা যায় , কিছুমানক বিনিময় কৰিব নােৱাৰি আৰু কিছুমানৰ বজাৰ মূল্য নাই। আকৌ সম্পদ মানৱ কল্যাণৰ বাবেহে ব্যৱহাৰ হয় ; কিন্তু সম্পত্তি উপকাৰী বা অপকাৰী দুই ধৰণৰ হ’ব পাৰে। 

উদাহৰণস্বৰূপে ৰাসায়নিক কীটনাশক , এলক’হল আদি সম্পত্তি যদিও এইবােৰৰ ব্যৱহাৰ মানুহৰ বাবে হানিকাৰক। গতিকে এনেধৰণৰ দ্ৰব্যক সম্পদ বুলিব নােৱাৰি। 

(ঘ) নৱীকৰণযােগ্য সম্পদ:

উত্তৰঃ ব্যৱহাৰৰ ভিত্তিত সম্পদবোৰ দুই ধৰণে ভাগ কৰা হয়। নবীকৰণ আৰু অনবীকৰণযোগ্য সম্পদ। যিবােৰ সম্পদ ব্যৱহাৰ কৰি থাকিলে একেবাৰে নিঃশেষ হৈ নাযায় আৰু এইবােৰ পুনঃপুর্ণীকৃত প্রক্রিয়াৰে বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা যায় তেনে সম্পদক নৱীকৰণযােগ্য সম্পদ বােলে। যেনে: সূর্যৰ ৰশ্মি , পানী , মাটি ইত্যাদি। 

(ঙ) ব্যক্তিগত সম্পদ:

উত্তৰঃ মালিকীস্বত্বৰ ভিত্তিত পৃথিৱীৰ সম্পদ সমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। যিবােৰ বস্তু এজন লােকৰ ব্যক্তিগত দখলত থাকে , তাকে ব্যক্তিগত সম্পদ বােলে। যেনেঃ- মাটি , ঘৰুৱা সা – সম্পত্তি , ব্যক্তিগত  গুণাৱলী যেনেঃ- ভাল চৰিত্র ,  শিক্ষা , বিভিন্ন দক্ষতা আদি।

(চ) জাতীয় সম্পদ:

উত্তৰঃ যিবােৰ সম্পদ ৰাষ্ট্রৰ দায়িত্বত বা অধীনত থাকে তেনে সম্পদক ৰাষ্ট্ৰীয় সম্পদ বােলে। যেনে: পৰিবহণ ব্যৱস্থা , ভূমি , নদী , খনিজ সম্পদ , অৰণ্যৰ জীৱ – জন্তু , কৃষি – শস্য, বিভিন্ন উৎপাদিত সামগ্রী , জনসংখ্যা আদি।

(ছ) জীৱীয় সম্পদ:

উত্তৰঃ সম্পদসমূহৰ মাজত জীৱ থকা আৰু নথকাৰ কেন্দ্ৰ কৰি সম্পদবোৰক দুই ভাগত ভগোৱা হয়। যিবোৰ সম্পদৰ জীৱ থাকে সেই সম্পদবােৰক জীৱীয় সম্পদ বােলে। যেনে: গছ – গছনি , প্রাণী , মাছ , শস্য ইত্যাদি। 

(জ) সম্পদ সংৰক্ষণ:

উত্তৰঃ সম্পদ সংৰক্ষণ অতি দৰকাৰী বিষয়।  প্রাকৃতিক সম্পদৰ গুণগত মানদণ্ড , মূল্য আৰু বিচিত্ৰতাৰ স্থিতাৱস্থা বাহালকৰণেৰে আৰু বর্ধিত কৰণেৰে এইবােৰৰ বিচক্ষণ ব্যৱহাৰৰ বাবে আৰু নিৰৱচ্ছিন্ন যােগানৰ নিশ্চয়তাৰ বাবে গ্ৰহণ কৰা পৰিকল্পনা আৰু ব্যৱস্থাপনাকে সম্পদৰ সংৰক্ষণ বুলি কোৱা হয়।

সম্পদ সংৰক্ষণৰ প্রধান উদ্দেশ্য হ’ল প্রকৃতিৰ পৰা প্রয়ােজনীয় সম্পদবােৰ এনেধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলােৱে বহু সময় ধৰি উপকৃত হওঁ। বহুত খনিজ সম্পদ , উদ্ভিদ আৰু প্রাণী.দ্রুত হাৰত নিঃশেষ হ’ব ধৰিছে। পৃথিৱীত যিমানেই অর্থনৈতিক উন্নয়ন হৈছে সিমানেই সম্পদৰ ব্যৱহাৰ বাঢ়িছে। যিহেতু পৃথিৱীৰ বেছিভাগ সম্পদেই অনৱীকৰণ যোগ্য সেয়ে সম্ভৱপৰ উপায় অৱলম্বন কৰি সম্পদসমূহ সংৰক্ষণ কৰাৰ অতীৱ প্রয়ােজন। আমি এই সম্পদবােৰৰ বিকল্প দ্রব্য সন্ধান কৰি , পুনঃপুর্ণীকৃত প্রক্রিয়া ব্যৱহাৰ কৰি , পুনৰাৱর্তন , অভিযােজন আদি পদ্ধতি অৱলম্বন কৰি , অপচয় নিয়ন্ত্রণ সংক্রান্ত আইনসমূহ ৰূপায়িত কৰি এইবােৰৰ সংৰক্ষণ কৰিব পাৰোঁ।

(ঝ) সম্পদৰ  পুনৰাৱর্তন:

উত্তৰঃ সম্পদৰ পুনৰাৱৰ্তন প্রক্রিয়াৰ জৰিয়তে বর্জিত দ্রব্যক পুনৰ ব্যৱহাৰযােগ্য কৰি কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্রাস কৰিব পাৰি। উদাহৰণস্বৰূপে ব্যৱহৃত পানী বা কাগজৰ পুনৰাৱর্তন। পুৰণি পলিথিন বেগ, প্লাষ্টিকৰ বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাবৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ’লেও সংৰক্ষণ কৰিব পাৰি।

(ঞ ) IUCN: 

উত্তৰঃ IUCN – ৰ সম্পূৰ্ণ নামটো হৈছে – International Union for Conservation of Nature ( আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা )। ১৯৪৮ চনত UNESCO অর্থাৎ বায়ুসংঘৰ শৈক্ষিক  বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্রধান জুলিয়ান হাক্সলের (ব্রিটিছ জীববিজ্ঞানী) প্রচেষ্টাত শত প্রতিষ্ঠিত হৈছিল।

এই সংস্থাটোৰ প্রধান লক্ষ্য হ’ল গােলকীয় প্রাকৃতিক পৰিৱেশ আৰু প্রাকৃতিক সম্পদৰ সংৰক্ষণৰ লগতে জৈৱ – বৈচিত্র্য সম্পর্কে অধ্যয়ন তথা গৱেষণা চলাই যােৱা আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা।

ই ৰাষ্ট্ৰসংঘৰ নির্দেশনা অনুসৰি কার্য সম্পাদন কৰে। IUCN ৰ নেতৃত্বতে WWF for nature (World Wide fund for nature) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র ( Wold conservation Monitoring Centre) স্থাপিত হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

× Ask Any question