Class 10 Science Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয় | Class 10 Science ch 7 Question Answers | kjv Class 10 Science ch-7
নিয়ন্ত্ৰণ আৰু সমন্বয়
Multiple Choice Questions & Answers
1. তলত উল্লেখ কৰা নিউৰণৰ কোনটো অংশই পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰে—
(a) এক্সন।
(b) ডেনড্রাইট।
(c) মায়েলিন আৱৰণী।
(d) কোষদেহ।
উত্তৰঃ (b) ডেনড্রাইট।
2. এটা নিউৰণৰ পৰা তাৰ পৰৱৰ্তী নিউৰণলৈ কোনো বাৰ্তা তলৰ কোনটো উপায়ে সঞ্চালিত হয়–
(a) বৈদ্যুতিক প্ৰেৰণা।
(b) চুম্বকীয় প্ৰেৰণা।(c) তাপ।
(d) ৰাসায়নিক পদার্থ।
উত্তৰঃ (d) ৰাসায়নিক পদার্থ।
3. বৈদ্যুতিক প্ৰেৰণাই তলত উল্লেখ কৰা নিউৰণৰ কোনটো অংশত ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তিত হয়—
(a) এক্সন।
(b) কোষদেহ।
(c) ডেনড্রাইট।
(d) মায়েলিন আৱৰণী।
উত্তৰঃ (a) এক্সন।
4. পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্রিয়া হ’ল—
(a) ঐচ্ছিক ক্রিয়া।
(b) অনৈচ্ছিক ক্রিয়া।
(c) প্রতীপ ক্রিয়া।
(d) স্বতঃস্ফূর্ত ক্রিয়া।
উত্তৰঃ (c) প্রতীপ ক্রিয়া।
5. আমাৰ ভোক লাগিলে লালটি ক্ষৰণ হোৱা ক্ৰিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ —
(a) ঐচ্ছিক ক্রিয়া।
(b) প্রতীপ ক্রিয়া।
(c) অনৈচ্ছিক ক্রিয়া।
(d) হৃদ ক্রিয়া।
উত্তৰঃ (b) প্রতীপ ক্রিয়া।
6. তলৰ কোনটো অংশত প্রতীপ ধনু গঠন হয়–
(a) মস্তিষ্ক।
(b) স্নায়ু।
(c) স্নায়ুৰজ্জু।
(d) মেৰুদণ্ড।
উত্তৰঃ (c) স্নায়ুৰজ্জু।
7. আমাৰ হঠাতে হোৱা ক্ৰিয়াসমূহ সম্পাদন কৰাত সহায় কৰা স্নায়ুৰজ্জুত গঠন হোৱা অন্তৰ্বাহী আৰু বহির্বাহী স্নায়ুৰ মাজৰ সংযোগক তলৰ কোনটো নামেৰে জনা যায়—
(a) স্নায়ুতন্ত্র।
(b) প্রান্তীয় স্নায়ুতন্ত্র।
(c) প্রতীপ ক্রিয়া।
(d) প্রতীপ ধনু।
উত্তৰঃ (d) প্রতীপ ধনু।
8. তলৰ কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ—
(a) স্নায়ুৰজ্জু।
(b) মস্তিষ্ক।
(c) স্নায়ু ।
(d) নিউৰণ।
উত্তৰঃ (b) মস্তিষ্ক।
9. মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা তলৰ কোনটো তন্ত্ৰ গঠিত হয়—
(a) প্রান্তীয় স্নায়ুতন্ত্র।
(b) স্বয়ংক্রিয় স্নায়ুতন্ত্র।
(c) কেন্দ্রীয় স্নায়ুতন্ত্র।
(d) অন্তঃস্রাবী তন্ত্র।
উত্তৰঃ (c) কেন্দ্রীয় স্নায়ুতন্ত্র।
10. কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু শৰীৰৰ আন আন অংশৰ মাজত সংযোগ স্থাপন কৰা তন্ত্ৰবিধ হ’ল—
(a) প্রান্তীয় স্নায়ুতন্ত্র।
(b) অন্তঃস্রাবী তন্ত্র।
(c) স্বয়ংক্রিয় স্নায়ুতন্ত্র।
(d) ৰেচন তন্ত্ৰ।
উত্তৰঃ (a) প্রান্তীয় স্নায়ুতন্ত্র।
Class 10 Science Chapter 7 নিয়ন্ত্ৰণ আৰু সমন্বয়
অতিৰিক্ত প্ৰশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰ
1. জীৱদেহত নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যকতা কি?
উত্তৰঃ জীৱদেহত বিভিন্ন ধৰণৰ চলাচল সংঘটিত হ’বৰ বাবে নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ আৱশ্যক হয়।
2. প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰা দুবিধ কলা কি কি?
উত্তৰঃ প্ৰাণীৰ শৰীৰত নিয়ন্ত্ৰণ আৰু সমন্বয় সাধন কৰা দুবিধ কলা হ’ল স্নায়ু কলা আৰু পেশী কলা।
3. আমাৰ চাৰিওফালৰ পৰিৱেশৰ পৰা বিভিন্ন তথ্য আমি কেনেদৰে চিনাক্ত কৰো?
উত্তৰঃ আমি আমাৰ চাৰিওফালৰ পৰিৱেশৰ পৰা বিভিন্ন তথ্য আমাৰ স্নায়ুকোষ বা নিউৰণৰ ডেনড্ৰাইটৰ কিছুমান বিশেষত্বপূৰ্ণ অগ্ৰাংশৰ দ্বাৰা চিনাক্ত কৰো। এই ডেনড্ৰাইটৰ অগ্রাংশসমূহক গ্রাহক বোলে আৰু ইহঁতক আমাৰ জ্ঞানেন্দ্ৰিয়সমূহত পোৱা যায়।
4. গ্রাহক কি?
উত্তৰঃ গ্ৰাহকসমূহ হ’ল আমাৰ স্নায়ুকোষ বা নিউৰণৰ ডেনড্ৰাইটৰ কিছুমান বিশেষত্বপূর্ণ অগ্ৰাংশ, যাক আমাৰ শৰীৰৰ জ্ঞানেন্দ্ৰিয়সমূহত পোৱা যায়। গ্ৰাহকসমূহে পৰিৱেশৰ পৰা বিভিন্ন তথ্য চিনাক্ত কৰে।
5. সোৱাদ চিনাক্ত কৰা গ্ৰাহকবিধৰ নাম কি?
উত্তৰঃ আমাৰ শৰীৰৰ সোৱাদ চিনাক্ত কৰা গ্ৰাহকবিধৰ নাম হ’ল গাছটেট’ৰী (gustatory) গ্রাহক।
6. গোন্ধ চিনাক্ত কৰা গ্ৰাহকবিধৰ নাম কি?
উত্তৰঃ গোন্ধ চিনাক্ত কৰা আমাৰ শৰীৰৰ গ্ৰাহকবিধৰ নাম হ’ল অ’লফেক্টৰী গ্রাহক (olfactory receptor)।
7. স্নায়ুকোষৰ মাজেৰে কি উপায়ে বার্তা সঞ্চালিত হয়?
উত্তৰঃ স্নায়ুকোষৰ মাজেৰে বিভিন্ন বাৰ্তা বৈদ্যুতিক প্ৰেৰণা হিচাপে সঞ্চালিত হয়।
8. স্নায়ুকোষ এটাত কি উপায়ে বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰা হয়?
উত্তৰঃ স্নায়ুকোষৰ ডেনড্ৰাইটৰ অগ্ৰাংশত আহৰণ কৰা পৰিৱেশৰ কোনো তথ্যই এক ৰাসায়নিক বিক্রিয়া সংঘটিত কৰায়, যিয়ে স্নায়ুকোষত এক বৈদ্যুতিক প্ৰেৰণাৰ সৃষ্টি কৰে।
9. দুটা স্নায়ুকোষৰ মাজৰ ফাকটোৰে কোনো বাৰ্তাই কেনেদৰে পাৰ হয়?
উত্তৰঃ স্নায়ুকোষৰ এক্সনৰ মূৰত, বৈদ্যুতিক প্ৰেৰণাই কিছুমান ৰাসায়নিক পদাৰ্থৰ সৃষ্টি কৰে। এই ৰাসায়নিক পদার্থসমূহে দুটা স্নায়ুকোষৰ মাজৰ ফাকটোৰে পাৰ হয়।
10. ছাইনেপ্ছ (Synapse) কি?
উত্তৰঃ দুটা আনুক্রমিক স্নায়ুকোষৰ মাজৰ ফাকটোক ছাইনেপ্ছ বোলে।
পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ
Q.1. প্রতীপ ক্রিয়া আৰু খোজ কঢ়াৰ মাজত পার্থক্য কি?
Ans. প্রতীপক্রিয়া (Reflex action) আৰু খোজকঢ়াৰ (Walking) মাজত থকা পার্থক্য:
প্রতীপ ক্রিয়া খোজকঢ়া
(i) ই এটা অনৈচ্ছিক ক্রিয়া। (i) ই এটা ঐচ্ছিক ক্রিয়া।
(ii) স্নায়ুৰজ্জুৱে ইয়াক নিয়ন্ত্ৰণ কৰে। (ii) মস্তিষ্কৰ চেৰিবেলামে ইয়াক নিয়ন্ত্ৰণ কৰে।
(iii) চিন্তা অবিহনে এই ক্রিয়া সম্পন্ন হয়। (iii) চিন্তা কৰাৰ পিছত এই ক্রিয়া সম্পন্ন হয়।
Q.2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপ্ছত কি ঘটে?
Ans. দুটা নিউবন বা এক্সন বা ডেনড্রাইট আৰু এক্সন, ইত্যাদিৰ মাজত থকা কার্যকৰী সংযোগস্থলী হ’ল ছাইনেপছ (Synapse)। দুটা স্নায়ুকোষৰ মধ্যবর্তী ছাইনেপছৰ মাজেদি স্নায়ুপ্রেৰণা এক ধৰণৰ ৰাসায়নিক পদাৰ্থৰ সহায়ত প্রবাহিত হয়।
Q.3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়?
Ans. মগজুৰ চেৰিবেলাম (Cerebellum) মানুহৰ শৰীৰৰ লৰচৰ কৰা। আৰু ভাৰসাম্যতা ৰক্ষা কৰে।
Q.4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ?
Ans. আমাৰ অগ্ৰমস্তিষ্কত সন্মুখভাগত থকা ঘ্রাণেন্দ্রিয়সংগ্রাহী অংগ থাকে। অংশ গুরুমস্তিষ্ক, থেলামাছ আৰু হাইপ’থেলামাছ অংশ লৈ গঠিত। নাকেৰে প্ৰৱিষ্ট হোৱা ধূপকাঠিৰ গোন্ধ আমি অগ্ৰমস্তিষ্কৰ এই ঘ্রাণেন্দ্রিয় সংগ্রাহী অংগ দ্বাৰা অনুভৱ কৰিব পাৰোঁ।
Q.5. প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি?
Ans. প্রতীপ ক্রিয়া হ’ল উদ্দীপনাৰ প্ৰতি কাৰ্য্যকৰী অংগসমূহ (পেশী গ্ৰন্থি)-ৰ স্বয়ংক্রিয় আৰু অনৈচ্ছিক প্রতিক্রিয়া। সুষুম্নাকাণ্ড (spinal cord) প্ৰতীপ ক্রিয়াৰ অধিকাংশ ভাগ নিয়ন্ত্রণ কৰে। মস্তিষ্কৰ পৰা গা লৈ আৰু গাৰ পৰা মস্তিষ্ক লৈ খবৰ অনা-নিয়া কৰায় সুষুম্নাকাণ্ডই। এই সুষুম্নাকাণ্ড আৰু মগজু কেন্দ্রীয় স্নায়ুতন্ত্র দ্বাৰা গঠিত হৈছে। সিহঁতে গোটেইখিনি খা-খবৰ সকলো অংগ-প্রত্যংগত প্ৰেৰণ কৰে আৰু সমন্বয় সাধন করে। সুতরাং মগজু প্রতীপ ক্রিয়ায় বিশেষ ভূমিকা পালন কৰে।
পাঠভিত্তিক প্রশ্নোত্তৰ
Q.1. উদ্ভিদৰ সঞ্জীৱনী পদার্থ (Plant Hormone) বিলাক কি কি?
Ans. উদ্ভিদদেহত উৎপন্ন হোৱা বৃদ্ধি আৰু বিকাশৰ লগত জড়িত ৰাসায়নিক পদার্থসমূহক উদ্ভিদ হৰম’ন বা সঞ্জীবনী পদার্থ বোলে। যেনে—অক্সিন, জিবাৰেলিন, ছাইট’কাইনিন আদি।
Q.2. নিলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পার্থক্য আছে?
Ans. নিলাজী বনৰ পাতৰ চলন (movement) হ’ল ন্যাস্টিক লন কারণ উদ্ভিদ অংগর বক্রচলন যেতিয়া উদ্দীপকৰ গতিপথ অনুযায়ী নহৈ উদ্দীপৰে তীব্রতা অনুযায়ী হয়, তেতিয়া তাক ন্যাস্টিক চলন বোলে কিন্তু উদ্ভিদৰ গজালি মেলা (shoot) হ’ল ট্রপিক বা দিকনির্ণীত চলন (Tropic movement)। কাৰণ উদ্ভিদৰ অংগৰ বক্ৰচলন বাহ্যিক উদ্দীপকৰ গতিপথৰ দ্বাৰা নিয়ন্ত্রিত হয়।
Q.3. উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱো এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।
Ans. অক্সিন (Auxin) নামৰ উদ্ভিদ সঞ্জীৱনী পদার্থ বা হৰম’ন বিলাক উদ্ভিদৰ দেহৰ বিশেষকৈ কান্ড আৰু মূলৰ অগ্ৰস্থ ভাজক কলাৰ কোষত সংশ্লেষিত বা সৃষ্টি হয় আৰু ই উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগায়।
Q.4. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে?
Ans. উদ্ভিদ বর্ধনশীল অংশত অক্সিন নামৰ হৰম’ন বা সঞ্জীবনী পদাৰ্থৰ ক্ষৰণ হয়। উদ্ভিদব আকর্ষৰ অগ্রভাগত অক্সিন নামক উদ্ভিদৰ সঞ্জীবনী পদার্থ বা হৰম’নৰ সংশ্লেষণ ঘটে আৰু আকর্ষ বিলাক অতি সোনকালে বৃদ্ধি পায়। এইবোৰ আকৰ্ষৰ দ্বাৰা ই আন গছত উঠি বগায়।
পাঠভিত্তিক প্রশ্নোত্তৰ
Q.1. প্রাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?
Ans. প্ৰাণীদেহৰ শৰীৰৰ বিভিন্ন নলীবিহীন গ্ৰন্থিৰ পৰা ক্ষৰণ হোৱা বাবে হৰম’নসমূহে পোনে পোনে তেজৰ প্ৰৱাহৰ লগত মিহলি হৈ নির্দিষ্ট অংগলৈ বাহিত হয়। হৰম’নে ৰাসায়নিক বাহক হিচাপে কাম কৰে। নিৰ্দিষ্ট অংগৰ স্বাভাৱিক আৰু সুসংহত বৃদ্ধি, পৰিস্ফূৰণ, বিকাশ আৰু বিভিন্ন শাৰীৰিক ক্রিয়াসমূহৰ মাজত সমন্বয় সাধন আৰু নিয়ন্ত্ৰণ কৰে। অন্তঃস্ৰাৱী তন্ত্ৰই শৰীৰৰ দূৰবৰ্তী কলা আৰু অংগসমূহৰ সৈতে ৰক্ত পৰিবহণ তন্ত্ৰৰ দ্বাৰা যোগাযোগ স্থাপন কৰে। এই তন্ত্ৰই গোটেই শৰীৰতে হৰম’ন বিতৰণ কৰে কাৰণে হৰম’নক ৰাসায়নিক বাহক বোলা হয়।
Q.2. আয়’ডিন পুষ্ট লবণ খোৱাটো কিয় আৱশ্যক?
Ans. থাইৰক্সিনৰ অভাৱত গলগণ্ড ৰোগ হয়। এই হৰম’নে দেহৰ বৃদ্ধি আৰু বিপাক কাৰ্য্যত সহায় কৰে আৰু শৰীৰ বা দেহৰ বৰ্দ্ধন নিয়ন্ত্রণ কৰে। খাদ্যদ্রব্যত আয়’ডিনৰ অভাব হলে গলগণ্ড ৰোগ হয়। এই ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ আয়’ডিন যুক্ত খাদ্যবস্তু আৰু আয় ডিনযুক্ত লৱণ গ্ৰহণ কৰিব লাগে।
Q.3. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্রতিক্রিয়া হয়?
Ans. যেতিয়া এজন মানুহে ভয় পায় অথবা মানসিকভাবে বাধাগ্রস্ত হয়, তেতিয়া এড্রিনেলিন হৰম’নৰ নিঃসৰণ অধিক পৰিমাণে হয়। যেতিয়া এই হৰম’ন হৃদযন্ত্রত প্রৱেশ কৰে, তেতিয়া, হৃদয়ৰ স্পন্দন বৃদ্ধি পায়। ফলস্বৰূপে, পেশীকোষত অক্সিজেনৰ সৰবৰাহ বৃদ্ধি পায়। শ্বসনৰ হারও বৃদ্ধি পায়। ইয়াব ফলত ৰক্তচাপ আৰু ৰক্তত গ্লুক’জৰ পৰিমাণ বৃদ্ধি পায় আৰু আকস্মিক ঘটনা বা বিপদৰ পৰা ৰক্ষা পোৱাৰ বাবে শৰীৰক অধিক শক্তি প্রদান কৰে।
Q.4. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিন বেজী দিয়া হয় কিয়?
Ans. ইনচুলিন হৰম’নৰ অভাবত ডায়েবেটিছ (diabetes) ৰোগ হয়। এই ৰোগ থকা ব্যক্তিৰ তেজত চেনিৰ পৰিমাণ বৃদ্ধি পায়। ইনচুলিন বেজী প্রয়োগ কৰিলে, তেজত থকা অতিৰিক্ত চেনিক গ্লাইক’জেনত (glycogen) পরিণত কৰা হয়। সুতরাং ভায়েবেটিছ ৰোগীক ইনচুলিন বেজী দিলে, বক্তৰ চেনিৰ মাত্ৰা (sugar level) নিয়ন্ত্রিত হয়। কিন্তু তেজৰ চেনিৰ মাত্ৰা অধিক নহলে এই বেজী দিব নালাগে, দৰৱৰ সহায়ত ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ইয়াৰ বাবে কিছুমান ভায়েবেটিছ ৰোগীক ইনচুলিন বেজী দিয়া হয়।
Q.5. আমাৰ দেহব গ্রাহক অংগৰ কাম কি? গ্রাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ’ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ’ব পাৰে?
Ans. গ্রাহক অংগ এটা নির্দিষ্ট উদ্দীপনা ধৰা পেলাবলৈ সক্ষম আৰু ইহঁতে সংবেদী স্নায়ুৰে স্নায়ু প্ৰেৰণা প্ৰেৰণ কৰিব পাৰে। প্ৰাণীৰ দেহত পাঁচোটা গ্রাহক অথবা সংবেদী অংগ থাকে, যাৰ জৰিয়তে প্রাণীবোৰে উদ্দীপনা অথবা বহিঃতথ্য পাব পাৰে।
যেতিয়া সংগ্ৰাহী অংগসমূহ ঠিকমতে কাম নকৰে, তেতিয়া বিভিন্ন মাধ্যমৰ পৰা পোৱা উদ্দীপনা বা সংবেদন মস্তিষ্কত প্রবেশ নকৰিব ফলত মস্তিষ্কৰ পৰা সংকেত বা বার্তা বা তথ্য প্ৰাণীৰ অংগসমূহলৈ ঠিকমতে নেযাব। ফলস্বৰূপে প্ৰাণীৰ দেহৰ কাৰ্য্যসমূহৰ মাজত সমন্বয় সাধনত ব্যাঘাত ঘটিব।
Q.5. নিউৰনৰ গঠনৰ এটা চিত্র আঁকা। ইয়াৰ কাৰ্য বর্ণনা কৰা।
Ans. নিউৰণৰ কাৰ্য: স্নায়ুকোষ বা নিউৰণ প্ৰধানতঃ দুটা অংশের গঠিত—
(i) দেহকোষ।আৰু
(ii) স্নায়ু প্ৰৱৰ্দ্ধ।

স্নায়ুপ্রবৰ্দ্ধবোৰ দেহকোষৰ পৰা নিৰ্গত হোৱা চুটি প্ৰবৰ্দ্ধবোৰক ডেনড্ৰাইট আৰু দীঘল প্ৰবৰ্দ্ধবোৰক এক্সন বোলে।
এক্সন অন্তৰণ আৰু প্ৰতিৰক্ষাৰ কাম কৰে। আৰু ডেন্ড্ৰাইটবোৰ নিকটবর্তী স্নায়ুকোষৰপৰা উদ্দীপনা গ্ৰহণ কৰে।
বিভিন্ন প্ৰকাৰৰ স্নায়ুকোষবোৰ হ’ল:
(a) সংজ্ঞাবাহী স্নায়ুকোষ— এই বিধ স্নায়ুকোষ সংগ্ৰাহক অংগৰপৰা স্নায়ু উদ্দীপনা কেন্দ্রীয় স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ কৰে।
(b) আজ্ঞাবাহী স্নায়ুকোষ— এই বিধ স্নায়ুকোষ এটা আদর্শ স্নায়ুকোষ স্নায়ুপ্ৰেৰণা বা নির্দেশ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্যকৰী বা কাৰক অংগলৈ প্ৰেৰণ কৰে।
(c) পৰ্য্যায়ক বা অন্তঃবর্তী স্নায়ুকোষ—এই ধৰণৰ স্নায়ুকোষ কেন্দ্রীয় স্নায়ুতন্ত্ৰত পোৱা যায়। এই বিধ স্নায়ুকোষ সংজ্ঞাবাহী বা আজ্ঞাবাহী স্নায়ুকোষৰ মাজেদি পর্যায়ক্রমে স্নায়ুপ্রেৰণা প্ৰেৰণ কৰে।
Q.6. উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া কেনেকৈ সংঘটিত হয়?
Ans. যেতিয়া উদ্ভিদৰ বিটপ অংশ (shoot part) ৰ চলন পোহৰৰ উৎসৰ গতিপথ অনুসাৰে হয় তেতিয়া তাক ফ ট ট্রপিজম বলে। উদ্ভিদৰ কাণ্ড, শাখা প্রশাখা পোহৰৰ উৎসৰ দিশত অগ্ৰসৰ হয়, সেই কাৰণে কান্ডক আলোক অনুকূলৱৰ্তী অংগ বোলে। আনফালে, মূল অংশ পোহৰৰ উৎসৰ বিপৰীত দিশত অগ্ৰসৰ হয়। সেই কাৰণে মূলক আলোক প্রতিকূলৱৰ্তী অংগ বোলে।
পৰীক্ষা: এটা টাৱত লগোৱা সৰু গছ এটা এন্ধাৰ ঘৰত ৰাখি ঘৰৰ খিড়িকীৰ সম্মুখে, খিড়িকীটো খুলি ৰখা হ’ল। কিছুদিনৰ পিছত দেখা যাব যে গছজোপাৰ শাখা-প্রশাখাবোৰ খিড়িকীৰ ফালে বেঁকা হৈ বাহিৰৰ ফালে ওলাই আহিছে। অর্থাৎ পোহৰৰ দিশত গছৰ বিটপ অংশ বাহিৰ হৈ আহিছে। এই পৰীক্ষাৰ পৰা আমি এই মন্তব্য কৰিব পাৰোঁ যে গছৰ বিটপ অংশ পোহৰৰ দিশত গতি কৰে। ইয়াকেই উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া বোলে।
Q.7. স্নায়ুৰজ্জুত আঘাট হলে কেনে বার্তাত ব্যাঘাট ঘটে?
Ans. স্নায়ুজ্জুত যেতিয়া আঘাট দিয়া হয় তেতিয়া—
(i) প্রতীপ ক্ৰিয়াৰ ব্যাঘাত ঘটে।
(ii) গ্ৰাহক অংগৰ পৰা কেন্দ্রীয় স্নায়ুতন্ত্ৰলৈ স্নায়ু প্ৰেৰণা নেযায়।
(iii) কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্য্যকৰী অংগলৈ স্নায়ুপ্ৰেৰণা প্ৰেৰণ নহয়।
Q.8. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়?
Ans. উদ্ভিদ হৰম’ন উদ্ভিদৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে। ইহঁতক উদ্ভিদৰ বৃদ্ধি হৰম’ন বুলিও কোৱা হয়। উদ্ভিদে প্রাকৃতিকভাৱে এই পদাৰ্থবোৰ উৎপন্ন কৰে। উদ্ভিদৰ ভিন্ন ভিন্ন প্রক্রিয়া যেনে স্থানান্তরণ, চলন, বৃদ্ধি আদি এই হৰম’নবোৰে নিয়ন্ত্ৰণ কৰে আৰু এই প্ৰক্ৰিয়াসমূহৰ মাজত সমন্বয় সাধন কৰে। উদ্ভিদ জগতত পাঁচ শ্ৰেণীৰ হৰম’ন পোৱা যায়। সেইবোৰ হ’ল : অক্সিন, জিব্বাৰেলিন, ছাইট’কাইনিন, ইথিলিন আৰু এব্ছিচিক এছিড। অক্সিনে কোষবৃদ্ধি, জিবাৰেলিনে কান্ডৰ বৃদ্ধি, ছাইট’ঝাইনিনে কোষ বিভাজন, এব্স্থিচিক এছিতে মুকুল আৰু ফুল, সৰি পৰা, পত্ৰবন্ধু বন্ধ কৰা আদি কাৰ্য্য সম্পন্ন হোৱাৰ ক্ষেত্ৰত ই সহায় কৰে।
Q.9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্রয়োজন?
Ans. জীবদেহত বিভিন্ন অংগৰ পাৰস্পৰিক সম্পৰ্ক ৰাখিবলৈ বিশেষ কোষেৰে গঠিত স্নায়ুকোষ বা নিউবনৰ দ্বারা গঠিত স্নায়ুতন্ত্র আছে। নিউবনবোৰে দেহৰ এটা অংগৰ পৰা আন এটা অংগলৈ প্ৰেৰণা দ্রুততাবে কঢ়িয়ায়। স্নায়ুতন্ত্রৰ এই সমন্বয়ক স্নায়বিক সমন্বয় বোলে।
নিউৰনবোৰে বাহিৰৰ পৰা সংজ্ঞা গ্ৰহণ কৰি সংবেদনশীল স্নায়ুৰে কেন্দ্রীয় স্নায়ুতন্ত্রলৈ পঠায়। কেন্দ্রীয় স্নায়ুতন্ত্রই ইয়াক গ্ৰহণ কৰি বিভিন্ন অংগলৈ প্রতিক্রিয়া প্ৰকাশ কৰি নিৰ্দেশ দিয়ে। কেন্দ্রীয় স্নায়ুতন্ত্রই হৰম’নৰ সহায়ত বিভিন্ন কার্য সমাধা কৰে।
Q.10. ঐচ্ছিক ক্রিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা?
Ans. ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতীপ ক্ৰিয়াৰ পাৰ্থক্য:
ঐচ্ছিক ক্রিয়া প্রতীপ ক্রিয়া
(i) যি ক্রিয়া নিজৰ ইচ্ছানুযায়ী কৰা হয় তাক ঐচ্ছিক ক্রিয়া বোলে। (i) ই হ’ল নির্দিষ্ট উদ্দীপক সংগ্রাহী অংগই সংশ্লিষ্ট প্ৰাণীৰ অজ্ঞাত সাৰে উৎপন্ন কৰা এটা স্বতঃস্ফূর্ত, অনৈচ্ছিক স্নায়ুজড়িত ক্রিয়া।
(ii) ই মস্তিষ্ক দ্বাৰা নিয়ন্ত্রিত হয়। (ii) ই স্নায়ুৰজ্জু দ্বাৰা নিয়ন্ত্রিত হয়।
(iii) ইয়াক ইচ্ছা অনুযায়ী সমাধা কৰা যায়। (iii)নিজৰ ইচ্ছাৰে ইয়াক নিয়ন্ত্রণ কৰা নাযায়।
Q.11. প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰম’নৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা।
Ans. নিজৰ ইচ্ছা অনুযায়ী কৰা কৰ্মকে প্রাণী নিয়ন্ত্ৰণ কৰিব পাৰে।
স্নায়ুতন্ত্র উদ্দীপনা গ্রহণ কৰে আৰু দেহৰ বিভিন্ন অংগলৈ ইয়াক প্ৰেৰণ কৰে। কেন্দ্ৰীয় স্নায়ুতন্ত্র প্রান্তীয় স্নায়ুতন্ত্র আৰু স্বয়ংক্রিয় স্নায়ুতন্ত্র লৈ স্নায়ুতন্ত্র গঠিত। দেহৰ বিভিন্ন অংগৰ ক্ৰিয়াসমূহ ইহঁতে নিয়ন্ত্রণ আৰু সংযোগ কৰে আৰু এই ক্ৰিয়াসমূহৰ মাজত সমন্বয় সাধন কৰে। আজ্ঞাবাহী স্নায়ুকোষে কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্য্যকৰী অংগলৈ স্নায়ুপ্ৰেৰণা প্রেৰণ কৰে। আনহাতে সংজ্ঞাবাহী স্নায়ুকোষে গ্রাহক অংগৰ পৰা কেন্দ্রীয় স্নায়ুতন্ত্রলৈ স্নায়ু উদ্দীপনা প্ৰেৰণ কৰে। আনহাতে, হৰম’নসমূহ নির্দিষ্ট কলা বা অংগত ক্রিয়া কৰে। এনে কলা বা অংগক ‘লক্ষ্য অংগ’ বোলা হয়। আকৌ, হৰম’নসমূহ দেহৰ কাৰ্য্যসমূহৰ মাজত সমন্বয় সাধন কৰে আৰু দেহৰ বৃদ্ধিৰ ক্ষেত্ৰতো আবিহা যোগায়।
Q.12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পার্থক্য কি?
Ans. নিলাজী বনৰ পাতৰ চলন আৰু আমাৰ ভৰিৰ চলনৰ পাৰ্থক্য :
নিলাজী বনৰ পাতৰ চলন আমাৰ ভৰিৰ চলন
(i) উদ্দীপকৰ প্ৰভাৱত সঁহাৰী দিয়ে অথবা স্বতঃস্ফূর্তভাবে অঙ্গপ্রত্যঙ্গ চালনা কৰে কিন্তু স্থান পৰিবৰ্তন নকৰে। (i) উদ্দীপকৰ প্ৰভাৱত সামগ্ৰিকভাৱে স্থান পৰিৱৰ্তন কৰে।
(ii) স্নায়ুৰ প্ৰভাৱ নাই। (ii) স্নায়ুৰ প্ৰভাৱ আছে।
(iii) অঙ্গ-প্রত্যঙ্গৰ চালনাৰ বাবে বিশেষ প্ৰ’টিনৰ প্ৰয়োজন নাই। (iii) অঙ্গ-প্রত্যঙ্গ চালনাৰ বাবে বিশেষ প্ৰ’টিনৰ প্ৰয়োজন।
অতিৰিক্ত প্রশ্নোত্তৰ:
Q.1. উদ্ভিদৰ বিভিন্ন ধৰণৰ চলনৰ বিষয়ে লিখা।
Ans. উদ্ভিদত থকা বিভিন্ন প্ৰকাৰ চলন হ’ল:
(i) জিওট্রপিজম (Geotropism): উদ্ভিদ-অংগৰ চলন যেতিয়া অভিকৰ্ষৰ গতিপথ অনুসাৰে হয় তেতিয়া তাক জিওট্রপিজম বোলে। উদ্ভিদ মূল অভিকৰ্ষৰ ফালে আৰু বিটপ অভিকৰ্ষৰ বিপৰীত ফালে অগ্ৰসৰ হয়। সেইকাৰণে মূলক অভিকর্ষ-অনুকূলবর্তী আৰু বিটপক অভিকর্ষ-প্রতিকূলবর্তী কোৱা হয়।
(ii) ফ’ট’ট্রপিজম (Phototropism): উদ্ভিদ-অংগৰ চলন পোহৰৰ উৎসৰ গতিপথ অনুযায়ী হয়, ইয়াক ফ’ট’ট্রপিজম বা আলোক-বৃত্তিজনিত চলন বোলে। উদ্ভিদৰ কাণ্ড, শাখা-প্রশাখা পোহৰৰ উৎসৰ ফালে অগ্রসর হয়। সেইকাৰণে, কাল্ডক আলোক অনুকূলৱৰ্তী অংগ বোলে। আনফালে, মূল পোহৰৰ উৎসৰ বিপৰীত ফালে অগ্ৰসৰ হয়। সেই কাৰণে, মূলক আলোক-প্রতিকূলৱর্তী কোৱা হয়।
(iii) ন্যাস্টিক চলন (Nastic): উদ্ভিদ-অংগৰ বক্ৰচলন যেতিয়া উদ্দীপকৰ গতিপথ অনুসাৰে নহয় কিন্তু উদ্দীপকৰ তীব্রতা অনুসাৰে হয় তেতিয়া তেনে ধৰণৰ চলনক ন্যাস্টিক চলন বুলি কোৱা হয়।
(iv) হাইড্র’ট্রপিজম (Hydrotropism): উদ্ভিদ-অংগৰ চলন যেতিয়া পানীৰ গতিপথ অনুযায়ী হয় তেতিয়া তাক হাইড্র ট্রপিজম বোলে।
(v) থার্মোন্যাস্টিক চলন (Thermonastic): তাপমাত্রাৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদ-অংগৰ বক্ৰচলনকে থার্মোন্যাস্টিক চলন বোলে।
(vi) কেম’ন্যাস্টিক চলন (Chemonastic): ৰাসায়নিক পদাৰ্থৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদ-অংগৰ চলনক কেম’ন্যাস্টিক চলন বোলে।
Q.2. সম্মুখ মগজু কি কি ভাগত বিভক্ত?
Ans. সন্মুখ মগজু তিনিটা অংশদ্বাৰা গঠিত।
(i) ঘ্রাণেন্দ্রিয় খলপ: ইয়াৰ দ্বাৰা কোনো বস্তুৰ গোন্ধ পোৱা যায়।
(ii) গুৰুমস্তিষ্ক: গুৰুমস্তিষ্কৰ লগত জ্ঞান, বুদ্ধি আৰু বিবেচনাৰ এটা ঘনিষ্ঠ সম্বন্ধ আছে।
(iii) ভাৱেনচেপ্হাল’ন: ইয়ে মানুহৰ শৰীৰৰ পানীৰ সমতা ৰক্ষা কৰে। কাৰ্বহাইড্রেট আৰু স্নেহ পদাৰ্থৰ ৰাসায়নিক পৰিবৰ্তন ঘটায়। খং, আনন্দ-ফূর্তি, ভয় আৰু ক্ষুধা আদি কাৰ্য নিয়ন্ত্ৰণ কৰে।
Q.3. সংজ্ঞাবাহী স্নায়ু আৰু আজ্ঞাবাহী স্নায়ুৰ মাজৰ প্রভেদ কি কি?
Ans.
সংজ্ঞাবাহী স্নায়ু আজ্ঞাবাহী স্নায়ু
(i) সংগ্ৰাহী অংগৰ পৰা কেন্দ্ৰীয় স্নায়ুতন্ত্রলৈ স্নায়ু প্ৰেৰণা বহন কৰে। (i) কেন্দ্রীয় স্নায়ুতন্ত্রৰ পৰা কাৰ্য্যকৰী অংগসমূহলৈ স্নায়ুপ্রেৰণা বহন কৰে।
(ii) এক্সনে অন্য স্নায়ুকোষৰ ডেট্রাইটৰ লগত সংযুক্ত হয়। (ii) পেশীত এক্সনৰ পৰিসমাপিপ্ত ঘটে।
Q.4. স্নায়ুতন্ত্র কাক বোলে?
Ans. পৰিবহণ কলাৰে গঠিত এই তন্ত্ৰটোৱে উদ্দীপনা গ্রহণ কৰে আৰু দেহৰ বিভিন্ন অংশলৈ ইয়াক প্ৰেৰণ কৰে। ইহঁতে দেহত এখন জালিয়ৰ সৃষ্টি কৰে। নিউৰণ, স্নায়ু আৰু স্নায়ু অংগৰ দ্বাৰা স্নায়ুতন্ত্র গঠিত। দেহৰ বিভিন্ন অংগৰ ক্ৰিয়াসমূহ ইহঁতে নিয়ন্ত্রণ আৰু সংযোগ কৰে আৰু এই ক্রিয়াসমূহৰ মাজত সমন্বয় সাধন কৰে। স্তন্যপায়ী প্রাণীৰ স্নায়ুতন্ত্র তিনিটা ভাগত বিভক্ত। এই ভাগকেইটা হ’ল—
(ক) কেন্দ্রীয় স্নায়ুতন্ত্র।
(খ) প্রান্তীয় স্নায়ুতন্ত্র।
(গ) স্বয়ংক্রিয় স্নায়ুতন্ত্র।
Q.5. স্নায়ুতন্ত্ৰৰ কাৰ্য্যসমূহ বর্ণনা কৰা।
Ans. স্নায়ুতন্ত্ৰৰ কাৰ্যসমূহ তলত দিয়া ধৰণৰ:
(i) স্নায়ুতন্ত্র ঐচ্ছিক কাৰ্য্যসমূহ নিয়ন্ত্রণ কৰে।
(ii) স্নায়ুতন্ত্র বিভিন্ন ঐচ্ছিক পেশীসমূহ নিয়ন্ত্রণ কৰে আৰু ইহঁতৰ মাজত সমন্বয় সাধন কৰে।
(iii) ইয়াৰ দ্বাৰা আমি কথা ভাবিব পাৰোঁ, যুক্তি দৰ্শাব পাৰোঁ আৰু মনত ৰাখিব পাৰোঁ।
(iv) বাহ্যিক পৰিবেশৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত আমি সক্ষম হওঁ।
(v) আমাৰ দেহৰ প্রতীপ বা স্বতুল্য ক্রিয়া নিয়ন্ত্রিত কৰি আমাক সম্ভাব্য আঘাতৰ পৰা ৰক্ষা কৰে।
Q.6. স্নায়ুকোষ বা নিউৰণৰ প্ৰকাৰ বিলাক কি কি?
Ans. (i) আজ্ঞাবাহী স্নায়ুকোষ: কেন্দ্রীয় স্নায়ুতন্ত্রৰ পৰা কাৰ্যকৰী অংগলৈ মায় প্ৰেৰণা প্ৰেৰণ কৰে।
(ii) সংজ্ঞাবাহী স্নায়ুকোষ: গ্রাহক অংগৰ পৰা কেন্দ্রীয় স্নায়ুতহলৈ স্নায়ু প্ৰেৰণা প্ৰেৰণ কৰে।
(iii) পৰ্য্যায়ক বা অন্তঃবর্তী স্নায়ুকোষ: এই স্নায়ুকোষবোৰ কেন্দ্রীয় স্নায়ুতন্ত্রত থাকে। আন স্নায়ুকোষ বা সংজ্ঞাবাহী আৰু আজ্ঞাবাহী স্নায়ুকোষৰ মাজত ইহঁতে পর্যায়ক্রমে স্নায়ুপ্রেৰণা প্ৰেৰণ কৰে।
Q.10. স্বয়ংক্রিয় স্নায়ুতন্ত্ৰৰ কাৰ্য লিখা।
Ans. স্বয়ংক্রিয় স্নায়ুতন্ত্রই শৰীৰৰ আভ্যন্তৰীণ অংগসমূহৰ ক্রিয়াকলাপ নিয়ন্ত্ৰণ কৰে অৰ্থাৎ শৰীৰত থকা অনৈচ্ছিক পেশীসমূহৰ কাৰ্য নিয়ন্ত্ৰণ কৰে। স্বয়ংক্রিয় স্নায়ুতন্ত্ৰ শৰীৰৰ কিছুমান বিশেষ স্নায়ুজালিকাৰ দ্বাৰা গঠিত আৰু ই শ্বাস-প্রশ্বাস, হৃদস্পন্দন, পাচন, ঘাম নিঃসরণ ইত্যাদি প্রক্রিয়া নিয়ন্ত্ৰণ কৰে।
Q.11. প্রতীপ ক্রিয়া কি? প্রতীপ ক্ৰিয়াৰ দুটা উদাহৰণ দিয়া।
Ans. স্নায়ুতন্ত্ৰৰ এটা অতি সৰল প্ৰতিক্ৰিয়াকে প্রতীপ ক্রিয়া বোলে। ই মস্তিষ্কৰ নিৰ্দেশ বা নিয়ন্ত্রণ অবিহনে সম্পন্ন হয়। অর্থাৎ যি সকল ক্রিয়া বা কাৰ্য্য আমাৰ অজ্ঞাতসাৰে স্বতঃস্ফূর্তভাবে সম্পন্ন হয়, সেই সকল ক্রিয়াকে প্রতীপ ক্রিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে, কোনো গৰম বস্তু এটাত হাত পৰিলে তৎক্ষণাৎ হাত আঁতৰাই অনা, কোনো খাদ্যৰ গোন্ধত মুখত লালটি ক্ষৰণ হোৱা ইত্যাদি।
Q.12. এটা স্নায়ুকোষৰ প্ৰধান অংশ কেইটাৰ নাম লিখা।
Ans. এটা স্নায়ুকোষ বা নিউৰণ প্রধানত দুটা অংশদ্বাৰা গঠিত। যেনে–
(i) দেহকোষ।আৰু
(ii) স্নায়ু প্রবন্ধ।
Q.13. এক্সন আৰু ডেনড্রাইটৰ কার্যপ্রণালী বর্ণনা কৰা।
Ans. স্নায়ু প্রবন্ধবোৰৰ দেহকোষৰ পৰা ওলোৱা কিছুমান নীল আকা মিহি তত্ত্ব। এই প্ৰবৰ্দ্ধবোৰৰ ভিতৰত যি বোৰ চুটি তাক ডেন্ড্রাইট আৰু যিবোৰ দীঘল তাকে এক্সন বোলে।
এক্সন মায়েলিন নামৰ চৰ্বি আৰু প্ৰ’টিনেৰে তৈয়াৰী এখন আৱৰণ দ্বারা আবৃত। এক্সন অন্তৰণ আৰু প্ৰতিৰক্ষাৰ কামবোৰ কৰে। ডেন্ড্ৰাইটবোৰ ওচৰত থকা স্নায়ুকোষৰপৰা স্নায়ু বার্তা বা উদ্দীপনা গ্রহণ কৰে। দেহকোষৰ পৰা এই স্নায়ু আবেগ এক্সন দ্বাৰা আন স্নায়ুকোষলৈ প্ৰেৰণ কৰি দিয়ে। এখন আৰু ডেন্ডাইটৰ মাজৰ সংযোগী পথক ছাইনেছ বোলে।
Q.14. স্নায়ুকোষবোৰৰ বিভিন্ন প্ৰকাৰ আৰু ইয়াৰ কাৰ্য্য উল্লেখ কৰা।
Ans. স্নায়ুকোষবোৰক প্ৰধানতঃ তিনিটা ভাগত ভগোৱা হৈছে। যেনে—
(i) সংজ্ঞাবাহী স্নায়ুকোষ— এইবোৰ স্নায়ুকোষ সংগ্ৰাহক অংগৰ পৰা স্নায়ু উদ্দীপনা কেন্দ্রীয় স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ কৰি থাকে।
(ii) আজ্ঞাবাহী স্নায়ুকোষ— এইবোৰ স্নায়ুকোষ স্নায়ু প্ৰেৰণক বা নিৰ্দেশ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ পৰা কাৰ্য্যকৰী অংগলৈ প্ৰেৰণ কৰে। আৰু
(iii) পৰ্যায়ক বা অন্তঃবর্তী স্নায়ুকোষ— এইবোৰ স্নায়ুকোষ কেন্দ্রীয় স্নায়ুতন্ত্ৰত পোৱা যায়। ইবোৰ আন স্নায়ু কোষ বা সংজ্ঞাবাহী আৰু আজ্ঞাবাহী স্নায়ুকোষৰ মাজত পর্যায়ক্রমে স্নায়ুপ্ৰেৰণা প্ৰেৰণ কৰি থাকে।
Q.15. মানুহৰ স্নায়ুতন্ত্ৰৰ প্ৰধান ভাগকেইটাৰ নাম লিখা।
Ans. মানুহৰ স্নায়ুতন্ত্ৰ তিনিটা প্রধান ভাগত বিভক্ত। যেনে–
(i) কেন্দ্রীয় স্নায়ুতন্ত্র।
(ii) প্রান্তীয় স্নায়ুতন্ত্র।
(iii) স্বয়ংক্রিয় স্নায়ুতন্ত্র।
Q.16. স্নায়বিক সমন্বয় বুলিলে কি বুজা?
Ans. মানুহৰ শৰীৰত বিভিন্ন অংগসমূহৰ মাজত সমন্বয় সাধন আৰু নিয়ন্ত্রণ স্নায়ুতন্ত্ৰ আৰু অন্তঃস্রাবীতন্ত্ৰবোৰৰ সহায়তাত শৰীৰৰ কিছুমান কাৰ্য্য সম্পন্ন হয়। স্নায়ুতন্ত্র দ্বাৰা সমন্বয় সাধন কৰা প্ৰক্ৰিয়াটোক স্নায়বিক সমন্বয় বুলি কোৱা হয়।
স্নায়ুতন্ত্র স্নায়ুপ্ৰেৰণাৰ সহায়তাত বাহ্যিক অথবা আভ্যন্তৰীক উদ্দীপনা গ্রহণ আৰু প্ৰেৰণৰ জৰিয়তে শৰীৰৰ বিভিন্ন কাৰ্য্য নিয়ন্ত্রণ কৰে আৰু বিভিন্ন অংগ সমূহৰ মাজত সমন্বয় সাধন কৰি পৰিৱেশৰ লগত সম্পৰ্ক ৰক্ষা কৰে। স্নায়ুতন্ত্র জ্ঞানেন্দ্রিয় মাধ্যমত বহিঃপৰিবেশৰ পৰা উদ্দীপনা গ্রহণ কৰে আৰু এই অনুভূতি বা স্নায়ু আবেগ কেন্দ্রীয় স্নায়ুতন্ত্ৰলৈ প্ৰেৰণ কৰে। কেন্দ্রীয় স্নায়ুতন্ত্র ইয়াক বিশ্লেষণ কৰি নিৰ্দিষ্ট অংগত প্রতিক্রিয়া সৃষ্টি কৰাৰ বাবে নির্দেশ প্ৰেৰণ কৰে। স্নায়ু আবেগ ক্ষণস্থায়ী হোৱা বাবে প্ৰেৰণ অবিৰামভাৱে চলিব নোৱাৰিলে এইখন বন্ধ হৈ যায়। সেয়েহে বিভিন্ন অংগ প্রত্যংগবোৰৰ কাৰ্য্যৰ মাজত সংযোগ আক সমন্বয় বখাৰ বাবে স্নায়ুতন্ত্র এক বিশেষ ভূমিকা লয়। স্নায়ুতন্ত্র পেশীৰ সংকোচন, গ্রন্থিবোৰৰ ক্ষৰণ আৰু বিভিন্ন বিপাকীয় ক্রিয়া নিয়ন্ত্ৰণ কৰে। হৰমনৰ সহায়ত বিভিন্ন বিপাক কাৰ্য্য সমূহ স্নায়ুতন্ত্ররে নিয়ন্ত্রণ কৰে।
Q.17. স্বয়ংক্রিয় স্নায়ুতন্ত্র বুলিলে কি বুজা? এই তন্ত্ৰই প্ৰাণীৰ আভ্যন্তৰীণ অংগসমূহৰ কাৰ্য্য কি দৰে নিয়ন্ত্ৰণ কৰে উদাহৰণেৰে সৈতে বর্ণনা কৰা।
Ans. যিবোৰ স্নায়ুতন্ত্ৰ শৰীৰ আভ্যন্তৰীণ অংগসমূহৰ ক্রিয়াকলাপ নিয়ন্ত্রণ কৰে অৰ্থাৎ শৰীৰৰ অনৈচ্ছিক পেশীসমূহৰ কাম-কাজ নিয়ন্ত্ৰণ কৰে, সে প্রক্রিয়াটোকেই স্বয়ংক্রিয় স্নায়ুতন্ত্র বোলা হয়। ই শ্বাস-প্রশ্বাস, হৃদস্পন্দন, ঘাম নিঃসৰণ, পাচন আদি প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। ই আকৌ শৰীৰৰ আভ্যন্তৰীণ অংগ যেনে— মূৰ, হৃদপিণ্ড, বৃত্ত, হাওঁফাও, মূত্রথলী, ছাল আদি অনৈচ্ছিক পেশীসমূহৰ লগত সংযোজিত— যাৰ ফলত আভ্যন্তৰীণ অংগসমূহৰ কাৰ্য্যকলাপ স্বয়ংক্রিয়ভাবে পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে।
স্বয়ংক্রিয় স্নায়ুতন্ত্র সম্পূর্ণ ইচ্ছাৰ অধীনত নহয়। ই আকৌ দুটা ভাগত বিভক্ত। যেনে—
(১) ছিমপেথেটিক স্নায়ুতন্ত্র আক (২) পেৰাছিমপেথিটিক স্নায়ুতন্ত্র। এই স্নায়ুতন্ত্ৰ দুটাৰ কাৰ্য্য সম্পূর্ণভাৱে পৰস্পৰ বিৰোধী। এটা তন্ত্র কোনো অংগত উদ্দীপকৰূপে কাম কৰিলে আনটো তন্ত্র অবদমিতরূপে কাম কৰে। যেনে, ছিমপেথেটিক স্নায়ুতন্ত্ৰ চকুৰ মণিৰ প্ৰসাৰিত কৰে। আনহাতে, পেৰাছিমপেথেটিক স্নায়ুতন্ত্রে এই কাৰ্য্যৰ বিৰোধী হোৱাত চকুৰ মণিক সংকুচিত কৰে। আকৌ, প্ৰাণীৰ শৰীৰৰ ভিতৰত জৰুৰী অৱস্থাৰ ফলত হঠাতে কোনো ধৰণৰ পৰিবৰ্তন ঘটিলে যেনে হৃদস্পন্দনৰ হাৰ বা ৰক্তচাপ বৃদ্ধি হ’লে ছিমপেথেটিক স্নায়ুতন্ত্র সক্ৰিয়হৈ পৰে আৰু প্ৰাণীটোক জৰুৰী অৱস্থাত সম্মুখীন `হোৱাৰ বাবে সজাগ কৰি তোলে। পক্ষান্তৰে, পেৰাছিমপেথেটিক স্নায়ুতন্ত্রই আকৌ প্ৰাণীটোক আগৰ অৰ্থাৎ স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে সহায় কৰে।
Q.18. পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰা দুবিধ হৰম’নৰ নাম আৰু কার্য বর্ণনা কৰা।
Ans. পিটুইটাৰী গ্ৰন্থি লঘু মস্তিষ্কৰ অংকীয় দিশত থাকে। ই হ’ল আটাইতকৈ সৰু গ্ৰন্থি।
একাধিক হৰমোন এই গ্ৰন্থিৰপৰা নিঃসৰণ হয়। পিটুইটাৰী গ্ৰন্থিৰপৰা নিঃসৰণ হোৱা হৰমোন হ’ল ছ’মাট ট্ৰফিক হৰম’ন বা বৃদ্ধি হৰম’ন। এই হৰমোনে প্ৰাণীৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰে। আৰু থাইৰইড উদ্দীপক হৰম’নে সাধাৰণ ভাবে বিপাক আৰু বৰ্দ্ধন নিয়ন্ত্ৰণ কৰে। অৰ্থাৎ ছ’মাট ট্ৰফিক হৰম’নে প্ৰাণীৰ বৃদ্ধি আৰু থাইৰইড উদ্দীপক হৰম’নে থাইৰইড গ্ৰন্থিৰ ক্ষৰণ নিয়ন্ত্ৰণ কৰে।
Q.19. হৰম’নক কিয় ৰাসায়নিক বাহক বোলা হয়?
Ans. মানুহৰ শৰীৰৰ বিভিন্ন নলিবিহীন গ্রন্থিৰপৰা ক্ষৰণ হোৱা বাবে হৰম’নসমূহে পোনে পোনে ৰক্তস্রোতৰ লগত মিহলি হৈ নিৰ্দিষ্ট অংগলৈ বাহিত হয়। হৰম’নে ৰাসায়নিক বাহক হিচাপে কাম কৰে। নির্দিষ্ট অংগৰ স্বাভাৱিক *আৰু সুসংহত বৃদ্ধি, পৰিস্ফুরণ, বিকাশ আৰু বিভিন্ন শাৰীৰিক ক্রিয়াসমূহৰ মাজত সমন্বয় সাধন আৰু নিয়ন্ত্রণ কৰে। অন্তঃস্রাবী তন্ত্রই শৰীৰৰ দূৰৱৰ্তী কলা আৰু অংগসমূহৰ সৈতে ৰক্ত পৰিবহণ তন্ত্ৰৰ দ্বাৰা যোগাযোগ স্থাপন কৰে। এই তন্ত্ৰই গোটেই শৰীৰতে হৰম’ন বিতৰণ কৰে কাৰণে হৰম’নক ৰাসায়নিক বাহক বোলা হয়।।
Q.20. মানুহৰ দেহত থকা পাঁচটা অন্তঃস্রাবী গ্রন্থিৰ নাম লিখা।
Ans. পিটুইটাৰী, থাইৰইড, এড্রিনেল, অগ্নাশয় আৰু থাইমাহ যছি।
Q.21. সৰল গলগণ্ড আৰু ডায়েবেটিছ ৰোগ কি হৰম’নৰ অভাৱত হয়?
Ans. থাইৰক্লিনৰ অভাৱত গলগণ্ড আৰু ইনসুলিনর অভাৱত ডায়েবেটিছ৷
Q.22. ডায়েবেটিছ ৰোগ কোনবিধ হৰম’নৰ অভাৱত হয়?
Ans. ইনভুলিন হৰম’নৰ অভাৱত।
Q.23. অতি চমু উত্তৰ দিয়া :
(ক) উদ্ভিদৰ সঞ্জীৱনী পদার্থ বা হৰম’ন বিলাক উদ্ভিদ দেহত বিশেষকৈ কোন ঠাইত আৰু কি কলাৰ কোষত সংশ্লেষিত বা সৃষ্টি হয়?
Ans. অক্সিন নামৰ উদ্ভিদৰ সঞ্জীৱনী পদার্থ বা হৰম’ন বিলাক উদ্ভিদৰ দেহৰ বিশেষকৈ উদ্ভিদৰ কাণ্ড আৰু মূলৰ অগ্ৰস্থ ভাজক কলাৰ কোষত সংশ্লেষিত বা সৃষ্টি হয়।
(খ) কোনবিধ সঞ্জীৱনী পদার্থই উদ্ভিদৰ ফুল ফুলাৰ বাবে উদ্দীপনা যোগায়?
Ans. জিবাৰেলিন সঞ্জীৱনী পদার্থই উদ্ভিদৰ সূক্ষ্ম অৱস্থাত পুষ্প মুকুল বা আংশিক মুকুলক প্রস্ফুটিত কৰে।
Q.24. বর্ণনামূলক উত্তৰ লিখা :
উদ্ভিদ দেহৰ সঞ্জীৱনী পদার্থ বুলিলে কি বুজা? উদ্ভিদ দেহত প্রাকৃতিকভাৱে সংশ্লেষিত হোৱা সঞ্জীৱনী পদার্থ বা হৰম’নসমূহৰ বিষয়ে আলোচনা কৰা।
Ans. উদ্ভিদ দেহত উৎপন্ন হোৱা বৃদ্ধি আৰু বিকাশৰ লগত জড়িত বাসায়নিক পদাৰ্থবোৰক উদ্ভিদৰ সঞ্জীৱনী পদার্থ বা হৰম’ন বোলে। এই সঞ্জীবনী পদাৰ্থবোৰ উদ্ভিদৰ বাহ্যিক উদ্দীপনাৰ প্ৰতি সঁহাৰি জনায়। অর্থাৎ সঞ্জীবনী পদাৰ্থবোৰে উদ্ভিদৰ লগত এটা সমন্বয় ৰক্ষা কৰি চলি থাকে। গতিকে এই দুয়োটাৰ মাজত হোৱা সম্পৰ্কটোক সমন্বয় বুলি কব পাৰি।
উদ্ভিদৰ দেহৰ হৰম’নৰ সঞ্জীৱনী পদার্থ পাঁচ প্রকাৰৰ।
তাৰ ভিতৰত 4 বিধ হ’ল প্রাকৃতিকভাবে সংশ্লেষিত হোৱা সঞ্জীৱনী পদার্থ। সঞ্জীৱনী পদাৰ্থবোৰ হ’ল—
(১) অহিন।
(২) জিবাৰেলিন।
(৩) ছাইট ‘কাইনিন।
(৪) এবছিছিক এচিদ।আৰু
(৫) ইথিলিন।
(১) অক্সিন: ই ৰাসায়নিক পদাৰ্থৰ সমষ্টিগত নাম। ৰাসায়নিক অর্থৎ এবিধ অক্সিন হ’ল ইণ্ড’ল-3-এছেটিক এছিদ। ইবোৰ উদ্ভিদৰ কাণ্ড আৰু মূলৰ অগ্ৰস্থ ভাজক কলাৰ কোষত সংশ্লেষিত হৈ উদ্ভিদৰ অন্যান্য অংশলৈ ব্যাপন প্রক্রিয়াৰে প্রবাহিত হয়।
কাৰ্য্য: কোষ বৃদ্ধি কৰাত, কোবৰ আকাৰ বৃদ্ধিত শিল্পা গঠনত, পাত, ফল, ফুল সৰা আদি নিয়ন্ত্ৰণ কৰে।
(২) জিবাৰেলিন: ই এক শ্রেণীৰ ৰাসায়নিক পদাৰ্থৰ সমষ্টিগত নাম।।
কাৰ্য্য: বীজৰ অংকুৰণ, কোষৰ আকাৰ বৃদ্ধিত, মুকুল, ফল প্রস্ফুটিত হোৱা, জিনৰ সক্ৰিয় কৰণত, উৎসেচকৰ সংশ্লেষণত গুরুত্বপূর্ণ ভূমিকা লয়।
(৩) ছাইট ‘কাইনিন: এইবোৰ উদ্ভিদৰ শিপাত সংশ্লেষিত হৈ প্ৰয়োজন অনুসাৰে ফ্ল’ৱেম কলাৰ যোগেদি উদ্ভিদ দেহৰ বিভিন্ন অংশলৈ প্রবাহিত হয়। কাৰ্য্যঃ ই কোষৰ আকাৰ আৰু বিভাজন বঢ়ায়, কোষত প্রটিন সংশ্লেষণৰ মাত্রা বঢ়ায়, জীর্ণতাপ্রাপ্তি পলম কৰে, বীজৰ সুপ্ত অৱস্থা ভংগ কৰে।
(৪) এবছিছিক এচিদ: ইবোৰ উদ্ভিদৰ পাতত সংশ্লেষিত হৈ ফ্ল’ৱেম কলাৰ যোগেদি উদ্ভিদ দেহৰ বিভিন্ন অংগলৈ প্ৰবাহিত হয়।
কাৰ্য্য: পাত, ফল, ফুল সৰাত সহায় কৰে, প্রস্বেদনত বাধা দিয়ে, কোষৰ বুদ্ধি আৰু বিভাজনত বাধা দিয়ে, বীজৰ অংকুৰণ, কাণ্ড, মুকুল, পুষ্প গঠন কৰে।