Class 10 Science chapter 4 question answer

Class 10 Science chapter 4 question answer

Class 10 Science Chapter 4 Question Answer, SEBA Class 10 Science Chapter 4

Class 10 Science Chapter 4 Question Answer

1. সহযোজী বান্ধনি কাক বোলে?

উত্তৰঃ দুটা পৰমাণুৰ মাজত ইলেক্ট্ৰন ভাগ-বাটোৱাৰা হৈ গঠন হোৱা বান্ধনিক সহযোজী বান্ধনি বোলে।

2. সহযোজী যৌগ কি?

উত্তৰঃ দুটা পৰমাণুৰ মাজত ইলেক্ট্রন ভাগ-বাটোৱাৰাৰ ফলত উৎপন্ন হোৱা যৌগক সহযোজী যৌগ বোলে।

3. সহযোজী যৌগৰ গলনাংক আৰু উলতাংক নিম্ন কিয়?

উত্তৰঃ কাৰণ, সহযোজী যৌগৰ অণুবিলাকৰ মাজৰ আন্তঃআণৱিক বল নিচেই কম। সেয়েহে কম পৰিমাণৰ তাপশক্তি প্রয়োগ কৰিয়েই অণুৰ মাজৰ এই বল অতিক্ৰম কৰিব পাৰি।

4. সহযোজী যৌগবোৰ বিদ্যুতৰ অপৰিবাহী কিয়?

উত্তৰঃ কাৰণ, সহযোজী যৌগসমূহ পৰমাণুৰ মাজত ইলেক্ট্রন ভাগ-বাটোৱাৰাৰ দ্বাৰা সৃষ্টি হয়। সেয়েহে এনে যৌগত আয়ন বা কোনো আহিত কণিকা নাথাকে যাৰ ফলত ইহঁত বিদ্যুতৰ অপৰিবাহী হয়।

5. কেটিনেচন কি?

উত্তৰঃ কার্বনে আন কাৰ্বন পরমাণুৰ লগত বান্ধনি গঠন কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধর্মটোক কেটিনেচন বোলে।

6. কার্বন যৌগবোৰ সুস্থিৰ কিয়?

উত্তৰঃ কার্বনে আন কার্বন পৰমাণু বা বেলেগ মৌলৰ পৰমাণুৰ লগত দৃঢ় বান্ধনি গঠন কৰে, যাৰ বাবে কাৰ্বনৰ যৌগবোৰ অতিকৈ সুস্থিৰ হয়। কার্বনে দৃঢ় বান্ধনি গঠন কৰাৰ এটা কাৰণ হ’ল— ইয়াৰ ক্ষুদ্ৰ আকাৰ যাৰ ফলত পৰমাণুগৰ্ভত থকা প্ৰট’নবিলাকে ভাগ-বাটোৱাৰা কৰা ইলেক্ট্ৰনৰ যোৰবোৰক আকৰ্ষণ কৰি ধৰি ৰাখিব পাৰে।

7. সংপৃক্ত কার্বন যৌগবোৰ কি?

উত্তৰঃ যিবিলাক কাৰ্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত কেৱল এক বান্ধনি থাকে, তেনে যৌগক সংপৃক্ত কার্বন যৌগ বোলে। যেনে— ইথেন, প্র’পেন।

8. অসংপৃক্ত কার্বন যৌগবোৰ কি?

উত্তৰঃ যিবিলাক কার্বন যৌগত কাৰ্বন পৰমাণুবোৰৰ মাজত অন্ততঃ এডাল দ্বি-বান্ধনি বা ত্রিবান্ধনি থাকে, তেনে যৌগক অসংপৃক্ত কার্বন যৌগ বোলে।

9. গঠন সমযোজী যৌগ কাক বোলে?

উত্তৰঃ যিবিলাক যৌগৰ আণৱিক সংকেত একে, কিন্তু গঠন সংকেত বেলেগ বেলেগ, তেনে যৌগক গঠন সমযোজী যৌগ বোলে।

10. চাইক্ল’হেক্সেনৰ আণবিক সংকেত লিখা আৰু ইয়াৰ গঠন আঁকা।

উত্তৰঃ C₂H₁₂

class 10 science chapter 4

Multiple Choice Questions & Answers

1. কার্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কোৱা হয়–

(a) প্রতিস্থাপন।

(b) এষ্টাৰিভৱন।

(c) কেটিনেচন।

(d) চেপনিফিকেচন।

উত্তৰঃ (c) কেটিনেচন।

2. তলৰ কোনটো ইথেনৰ আণৱিক সংকেত–

(a) CH₄

(b) C₂H₆

(c) C₃H₈

(d) C₄H₁₀

উত্তৰঃ (b) C₂H₆

3. বিউটেন (C₄H₁₀) ৰ গঠন সমযোজীৰ সংখ্যা –

(a) 2

(b) 3

(d) 1

(c) 0

উত্তৰঃ (a) 2

4. তলৰ কোনটো অসংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগ–

(a) চাইক্ল’হেক্সেন।

(b) চাইক্ল’বিউটেন।

(c) চাইক্লপেন্টেন।

(d) বেনজিন।

উত্তৰঃ (d) বেনজিন।

5. পেন্টেনৰ গঠন সমযোজীৰ সংখ্যা –

(a) 2

(b) 3

(c) 5

(d) 7

উত্তৰঃ (b) 3

6. এডাল হাইড্ৰ’কাৰ্বন শৃংখলত হাইড্ৰ’জেনৰ ঠাইত প্রতিস্থাপিত হোৱা অনাকার্বন মৌলটোক বোলা হয়–

(a) বিষম পৰমাণু।

(b) সমগণ।

(c) কাৰ্যকৰী মূলক।

(d) সমযোজী।

উত্তৰঃ (a) বিষম পৰমাণু।

7. সমগণীয় শ্রেণী এটাত আণৱিক ভৰৰ বৃদ্ধিৰ লগে লগে যৌগসমূহৰ গলনাংক আৰু উতলাংক ক্রমে –

(a) বৃদ্ধি পায়।

(b) হ্রাস পায়।

(c) একে থাকে।

(d) এটাও নহয়।

উত্তৰঃ (a) বৃদ্ধি পায়।

8. এটা সমগণীয় শ্ৰেণীত দুটা ওচৰা-উচৰিকৈ থকা যৌগৰ মাজত আণৱিক ভৰৰ পাৰ্থক্য হ’ল–

(a) 12u

(b) 1u

(c) 14u

(d) 2u

উত্তৰঃ (c)14u

9. পর্যাপ্ত বায়ুৰ উপস্থিতিত দহন কৰিলে সংপৃক্ত হাইড্ৰ’কাৰ্বনে কেনে ৰঙৰ শিখা উৎপন্ন কৰে?

(a) নীলা।

(b) হালধীয়া।

(c) ধোঁৱাযুক্ত।

(d) ৰঙা।

উত্তৰঃ (a) নীলা।

10. ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰ’মেটৰ লগত বিক্ৰিয়া কৰি এলকহ’ল কার্বক্সিলিক এচিডলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটো তলৰ কোন ধৰণৰ বিক্ৰিয়াৰ উদাহৰণ—

(a) প্রতিস্থাপন।

(b) যোগাত্মক।

(c) জাৰণ।

(d) বিজাৰণ।

উত্তৰঃ (c) জাৰণ।

11. নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদজাত তেলৰ পৰা বনস্পতি ঘি উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?

(a) এষ্টাৰিভৱন।

(b) চেপনিফিকেচন।

(c) প্রতিস্থাপন।

(d) হাইড্ৰ’জেনেচন।

উত্তৰঃ (d) হাইড্ৰ’জেনেচন।

12. ইথানলৰ লগত ছ’ডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা গেছটো হ’ল-

(a) CO₂ 

(b) H₂

(c) O₂ 

(d) C1₂

 
 

উত্তৰঃ (b) H₂

 
 

13. ইথানলৰ পৰা অসংপৃক্ত হাইড্ৰ’কাৰ্বন ইথিন প্রস্তুত কৰিবলৈ তলৰ কোনটো নিৰুদক পদার্থ হিচাপে ব্যবহৃত হয়-

(a) লঘু HCl 

(b) গাঢ় HCl 

(c) গাঢ় H₂SO₄ 

(d) লঘু H₂SO₄ 

উত্তৰঃ (c) গাঢ় H₂SO₄ 

14. তলৰ কোনটোক গ্লেচিয়েল এচেটিক এচিড বোলা হয়? 

(a) C₂H₅OH

(b) CH₅COOH

(c) CH₃COOC₂H₅

(d) CH₃COONa

উত্তৰঃ (b) CH₅COOH

15. কার্বক্সিলিক এচিড আৰু এলক ‘হলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থবিধ হ’ল

(a) ছ’ডিয়াম ইথ’ক্সাইড।

(b) ছ’ডিয়াম ই থান’য়েট।

(c) এষ্টাৰ।

(d) ছডিয়াম কার্বনেট।

উত্তৰঃ (c) এষ্টাৰ।

Class 10 Science Chapter 4 Question Answer

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

Q. 1. কার্বন ডাই অক্সাইড (CO₂)-ৰ ইলেক্ট্রন বিন্দু গঠন বিন্যাস কি হব?

Ans. CO₂-ৰ ইলেক্ট্রনীয় ফুট চিত্র :

class 10 science ch 4

Q. 2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন কি হব? (ইঙ্গিত—আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।)

Ans.

seba class 10 ch 4

পাঠভিত্তিক প্ৰশ্নোত্তৰ

Q. 1. অপমার্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় কব পাৰিবানে?

Ans. নহয়। কাৰণ অপমাৰ্জক পদার্থ কঠিন পানী বা খৰপানী আৰু মৃদুপানীত সমভাবে প্রভাবী হয় অর্থাৎ দুটা ক্ষেত্ৰত ফেনৰ সৃষ্টি হয় বাবে পানী কঠিন হয় নে নহয় কব নোৱাৰি।

Q. 2. কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অবলম্বন কৰে। সাধাৰণতে চাবোন ঘাঁহ কাপোৰখন শিল এচলােত থুকুছে বা ভৰিৰে গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত (washing machine) ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে?

Ans. চাবোন পানীৰ পৃষ্ঠ বিস্তাৰণ হ্রাস কৰে। চাবোনত থকা অ-ইলেকট্রনীয় হাইড্ৰকাৰ্বনৰ দীঘল শৃংখল, অপৰিষ্কাৰ কাপোৰত থকা তেল বা গ্রীছ (grease) ৰ লগত লগলাগি কাপোৰৰ পৰা লেতেৰা বস্তুবোৰ ওলাই দিয়ে। কিন্তু কাপোৰবোৰ ভালদৰে নেজোকাৰিলে অপৰিষ্কাৰ বস্তুবোৰ বাহিৰলৈ নাহে। সেই কাৰণে অপৰিষ্কাৰ কাপোৰবোৰ ভালদৰে জোকাৰিব লাগে।

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নোত্তৰ

Q.1. ইথেন (C₂H₆) অণু এটাত–

(a) 6 টা সহযোজী বন্ধনি আছে।

(b) 7 টা সহযোজী বন্ধনি আছে।

(c) ৪ টা সহযোজী বন্ধনি আছে।

(d) 9 টা সহযোজী বন্ধনি আছে।

Ans. (b) 7 টা সহযোজী বন্ধনি আছে।

Q. 2. চাৰিটা কাৰ্বনৰ যৌগ বিউটান’নত থকা কাৰ্য্যকৰী মূলক হ’ল―

(a) কার্বক্সিলিক এচিদ।

(b) এলডিহাইড।

(c) কিট’ন।

(d) এলক’হ’ল।

Ans. (c) কিট’ন।

Q. 3. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে কিয়নো―

(a) খাদ্য ভালদৰে নিসিজিল।

(b) ইন্ধন সম্পূর্ণ ৰূপে দহন নহয়।

(c) ইন্ধনটো সিক্ত।

(d) ইন্ধনটো সম্পূর্ণকৈ দহন হয়।

Ans. (b) ইন্ধন সম্পূর্ণরূপে দহন নহয়।

Q. 4. CH₃CP উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ (nature) ব্যাখ্যা কৰা।

Ans. C₃H, CI-ৰ ৰাসায়নিক বন্ধন:

class 10 seba science ch 4

ইয়াত কার্বন পৰমাণু, তিনিটা হাইড্ৰ’জেন পৰমাণু আৰু এটা ক্ল’ৰিন পৰমাণুৰ লগত এযোৰ ইলেকট্রনৰ ভাগবতৰা হৈ এক বান্ধনি গঠন কৰি সহযোজী বান্ধনি সৃষ্টি কৰে।

Q.5. তলত দিয়াবিলাকৰ ইলেক্ট্রন বিন্দু গঠন লিখা―

(a) ইথানয়িক এচিড

(b) H₂S

(c) প্রপান’ন

(d) F₂

Ans. ইলেকট্রন বিন্দু চিত্র (Electron dot picture) :

(a) ইথানয়িক এচিড (Ethanoic acid)– CH₃

COOH.

class 10 science ch 4 seba

Q. 6. সমগণীয় শ্রেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা।

Ans. একেবোৰ মৌলৰে গঠিত আৰু একে সাধাৰণ সূত্ৰৰে প্ৰকাশ কৰিব পৰা যৌগবোৰ ক্ৰমান্বয়ে কম আণৱিক ভৰৰ পৰা বেছি আণৱিক ভৰলৈ সজালে যৌগৰ যি শ্রেণী বা গণ পোৱা যায় তাক সমগণীয় শ্রেণী বোলে। সমগণীয় শ্ৰেণীৰ যৌগবোৰৰ আগৰটো আৰু পিছৰটো যৌগৰ মাজত– CH₂ মূলকৰ পাৰ্থক্য থাকে। সমগণীয় শ্ৰেণীৰ প্ৰতিটো যৌগক সমগণ বোলে। যেনে– মিথেন CH₄ ইথেন C₂H₆, প্রপেন C₃H₈ আদি। প্রত্যেকেই একোটা সমগণ।

Q. 7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পাৰ্থক্য লিখা।

Ans.ভৌতিক ধর্ম:

ইথানয়িক এছিড (Ethanoic acid)                             ইথানল (Ethanol)
1. উগ্ৰ গোন্ধ                                                                1. আৰামদায়ক গোন্ধ
2. গলনাংক 290K                                                     2. গলনাংক 156K
3. উতলাংক 391K                                                     3. উতলাংক 351K

■ ৰাসায়নিক ধর্ম:

ইথানয়িক এছিড                                                                                                                       ইথানল্
1. ইথান’য়িক এছিড + ছ’ডিয়াম বাই-কার্বনেট → CO₂ গেছ।                                   1. CO₂ গেছ উৎপন্ন নহয়।
2. ক্ষাৰকীয় KMnO₄ যোগ কৰিলে বৰ্ণৰ পৰিবৰ্তন নহয়।                                         2. ক্ষাৰকীয় KMnO₄ যোগ কৰিলে বর্ণ নাইকিয়া হয়।

Q. 8. পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে?

Ans. চাবোনৰ অণুৰ বিভিন্ন ধর্ম বিশিষ্ট দুটা মেৰু আছে। এটা মূৰ হ’ল হাইড্র’ফিলিক, যি পানীত দ্রৱীভূত হয় আৰু এটা মূৰত থকা হাইড্ৰ’ফ’ৱিক যি হাইড্রোকার্বনত দ্রবীভূত হয়। যেতিয়া চাবোন পানীত দ্রৱীভূত কৰা হয়, তেতিয়া কার্বন শৃংখল, অর্থাৎ হাইড্ৰ’ফ’ৱিক মূৰ তেল, গ্ৰীছ (grease) আৰু অপৰিষ্কাৰ বস্তু দ্বাৰা আকর্ষিত হয়। হাইড্র’ফিলিক মূৰ বাহিৰ হৈ আহি এটা ঘূর্ণনৰ সৃষ্টি কৰে।

Q. 9. প্রায় সকলো ক্ষেত্ৰতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?

Ans. কার্বন আৰু যৌগবোৰৰ দহনৰ ফলত তীব্র তাপৰ সৃষ্টি হয়। সেইকাৰণে কার্বনক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

Q. 10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (scheme) কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।

Ans. কঠিন পানী বা খৰপানীত কেলছিয়াম আৰু মেগনেছিয়ামৰ নিমখ থাকে। যেতিয়া চাবোনৰ অণু, কেলছিয়াম আৰু মেগনেছিয়ামৰ নিমখৰ লগত বিক্রিয়া কৰে, তেতিয়া, ই থপফপিয়া বগা অধঃক্ষেপৰ সৃষ্টি কৰে, তাক ফেন বোলে।

চাবোন + কঠিন পানী → ফেন।

Q. 11. নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?

Ans. চাবোন ক্ষাৰকীয় ধৰ্ম বিশিষ্ট। সেইকাৰণেই ই ৰঙা লিমাছ দ্ৰৱক নীলা কৰে।

Q. 12. হাইড্ৰ’জেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়োগ লিখা।

Ans. যিবোৰ বিক্ৰিয়াত অসংপৃক্ত হাইড্ৰ’কার্বন এটাই এটা বা ততোধিক বিক্ৰিয়কৰ সৈতে যোজিত হৈ কেৱলমাত্ৰ এটা বিক্রিয়াজাত পদার্থ উৎপন্ন কৰে তাকে যোগাত্মক বিক্রিয়া বা হাইড্ৰ’জেনেচন বোলে। যেনে–এলকিনে নিকেলৰ উপস্থিতিত হাইড্ৰ’জেনৰ সৈতে যোজিত হৈ সংপৃক্ত হাইড্রকার্বন উৎপন্ন কৰে।

                                                                                     পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

Q. 1 (a) জৈব যৌগবোৰ কি?

Ans. প্রাণী আৰু উদ্ভিদৰ পৰা পৃথক কৰা ৰাসায়নিক পদার্থক জৈব যৌগ বোলে। এই পদাৰ্থবোৰ জৈৱ পদাৰ্থৰ পৰা সংগ্ৰহ কৰা হয় বুলি এইবোৰক জৈব যৌগ বোলে।

Q. 2. জীৱবিজ্ঞানৰ লগত পৰিচিত তিনিটা জৈৱ যৌগৰ নাম লিখা।

Ans. কার্বহাইড্রেট, প্রটিন, ডি.এন.এ.।

Q. 3. ইথানলৰ (Ethanol) দুটা ব্যৱহাৰ আৰু এটা বেয়া প্রভাব উল্লেখ কৰা।

Ans. ব্যৱহাৰ:

(i) সু-স্ৰাৱক হোৱাৰ বাবে ইয়াক দৰৱ প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

(ii) পানীয় দ্ৰৱ্য্য প্রস্তুতৰ বাবে ব্যৱহাৰ হয়।

■ কুপ্রভাব:

ইথানল বেছি দিন ধৰি ব্যৱহাৰ কৰিলে শৰীৰৰ ওপৰত বেয়া প্ৰভাৱ পৰে।

Q. 4. কাৰ্বন পৰমাণু এটাই কেইডাল সহযোগী বান্ধনি গঠন কৰিব পাৰে।

Ans. চাৰিডাল।

Q. 5. জৈব যৌগবোৰত থকা বিভিন্ন প্ৰকাৰৰ বান্ধনিবোৰৰ নাম লিখা।

Ans. একবান্ধনি, দ্বিবান্ধনি আৰু ত্ৰিবান্ধনি।

Q. 6. চক্ৰীয় যৌগৰ দুটা উদাহৰণ দিয়া।

Ans. চাইক্ল’হেক্সেন আৰু বেনজিন।

Q. 7. হাইড্ৰ কাৰ্বনবোৰ কি?

Ans. কার্বন আৰু হাইড্ৰ’জেনেৰে গঠিত জৈব যৌগবোৰক হাইড্ৰ’কার্বন বোলে।

Q. 8. এলকেন, এলকিন আৰু এলকাইন শ্ৰেণীৰ প্ৰতিটোৰে তিনিটাকৈ যৌগৰ নাম লিখা।

Ans. এলকেনৰ উদাহৰণ– মিথেন, ইথেন, প্রপেন।

এলকিনৰ উদাহৰণ– ইথিন, প্রপিন, বিউটিন।

এলকাইনৰ উদাহৰণ– ইথাইন, প্রপাইন, বিউটাইন।

Q. 9. এলিফেটিক যৌগবোৰ কি?

Ans. মুক্ত শৃংখল কার্বন যৌগবোৰক এলিফেটিক যৌগ বোলে।

Q.10. এৰ’মেটিক যৌগবোৰ কি?

Ans. কিছুমান বন্ধ বা চক্ৰীয় যৌগত ওচৰা-ওচৰি কাৰ্বন পৰমাণুৰ মাজত একান্তৰভাৱে একবান্ধনী আৰু দ্বিবান্ধনী থাকে। এনেবোৰ যৌগক এৰ’মেটিক যৌগ বোলে।

Q. 11. জৈৱ যৌগবোৰত কাৰ্বনৰ যোজ্যতা কিমান?

Ans. জৈৱ যৌগবোৰত কাৰ্বনৰ যোজ্যতা 1, 2, 3 আৰু 4 হব পাৰে।

Q. 12. দুটা এলকেনৰ নাম লিখা।

Ans. মিথেন, ইথেন।

Q.13. সমগণীয় শ্রেণী কাক কয়? দুটা উদাহৰণ দিয়া।

Ans. একেবোৰ মৌলেৰে গঠিত আৰু একে সাধাৰণ সূত্ৰেৰে প্ৰকাশ কৰিব পৰা যৌগবোৰ ক্ৰমান্বয়ে কম আণৱিক ভৰৰ পৰা বেছি আণবিক ভৰলৈ সজালে যৌগৰ যি শ্রেণী বা গণ পোৱা যায় তাক সমগণীয় শ্রেণী বোলে। সমগণীয় শ্ৰেণীৰ যৌগবোৰৰ আগৰটো আৰু পিছৰটো যৌগৰ মাজত — CH₂ মূলকৰ পার্থক্য থাকে।

Q.14. কাৰ্য্যকৰীমূলকবোৰ কি? দুটা উদাহৰণ দিয়া।Ans. কাৰ্য্যকৰী মূলক: এলকেনৰ পৰা হাইড্ৰজেন প্ৰতিষ্ঠাপন কৰি যিবোৰ একযোজী বা দ্বিযোজী পৰমাণুপুঞ্জই যৌগটোৰ ধৰ্ম নিৰ্ণয় কৰে সেইবোৰক জৈব যৌগৰ কাৰ্যকৰী মূলক বোলে।

উদাহৰণ:

কাৰ্যকৰী মূলকৰ নাম কাৰ্যকৰী মূলকৰ সংকেত
এলকহ’ল —OH
এলডিহাইড —CHO
কার্বক্সিলিক এছিড —COOH
Q. 15. এলক’হলীয় মূলক আৰু কিট মূলকৰ সংকেতকেইটা লিখা।

Ans. এলকহলীয় মূলক : –OH কিট মূলক : > C= 0

Q. 16. বিষম পৰমাণুবোৰ কি?

Ans. জৈৱ যৌগৰ কাৰ্বনৰ যৌগৰ সজ্জাত থকা কাৰ্বনৰ বাহিৰে অন্য পৰমাণুবোৰক বিষম পৰমাণু বোলে।

Q. 17. এলকেনৰ সাধাৰণ সংকেত লিখা।

Ans. এলকেনৰ সাধাৰণ সংকেত হ’ল –

Q. 23. দুটা মুক্ত শৃংখল যৌগৰ নাম লিখা।

Ans. দুটা মুক্ত শৃংখল যৌগ–বিউটেন আৰু 2-মিথাইল প্ৰপেন।

Q. 24. মিথাইল আৰু ইথাইল মূলক কেইটাৰ সংকেত লিখা।

Ans. মিথাইল মূলকৰ সংকেত– CH₃ আৰু ইথাইল মূলকৰ সংকেত– C₂H₅।

Q. 25. বেন্‌জিনক কিয় এৰ’মেটিক যৌগ বুলি কোৱা হয়?

Ans. বেন্‌জিনৰ হাইড্ৰ’কাৰ্বনত কাৰ্বনৰ শৃংখলডালৰ দুটা মূৰ লগ লাগি চক্রাকাৰে থাকে আৰু কাৰ্বন পৰমাণুবোৰৰ মাজত একান্তৰভাৱে এক বান্ধনি আৰু দ্বি-বান্ধনি থকাৰ বাবে বেন্‌জিনক এৰ’মেটিক হাইড্ৰকাৰ্বন বোলে।

Q.26. জৈব যৌগবোৰৰ দুটা ধৰ্ম উল্লেখ কৰা।

Ans, জৈৱ যৌগবোৰৰ ধৰ্ম—

[i] জৈৱ যৌগবোৰ অধ্রুবীয় দ্ৰাৱক যেনে, বেনজিন, কার্বন টেট্রাক্ল’ৰাইড আদিত দ্রবীভূত হয়, কিন্তু পানীত দ্রবীভূত নহয়।

[ii] জৈৱ যৌগবোবৰ গলনাংক আৰু উতলাংক অতি কম।

Q. 27. জৈৱ যৌগবোৰৰ গলনাংক আৰু উতলাংক কিয় কম হয়?

Ans. জৈৱ যৌগবোৰৰ অণুবোধ ভান ডাৱাল বল নামে অতি দুর্বল আন্তঃআণবিক বলৰদ্বাৰা বাদ্ধ খাই থাকে। সেই কাৰণে অতি কম তাপ শক্তি প্রয়োগ কৰি অণুবোৰক পৰস্পৰৰ পৰা পৃথক কৰিব পাৰি, এই কাৰণে জৈৱ যৌগবোৰৰ গলনাংক আৰু উতলাংক অতি কম৷

Q. 28. এলকেন শ্রেণীৰ প্রথম চাৰিটা সমগণৰ নাম আৰু আণবিক সংকেত লিখা।

Ans. এলকেন শ্ৰেণীৰ প্ৰথম চাৰিটা সমগণ আৰু আণৱিক সংকেত – মিথেন আণৱিক সংকেত CH₄ ইথেন আণৱিক সংকেত C₂H₆ প্রপেন আণবিক সংকেত C₃H₈ বিউটেন আণবিক সংকেত C₄H₁₀

Q.29. কার্বনৰ বাহিৰে কেটিনেছন্ ধর্ম থকা তিনিটা মৌলৰ নাম লিখা।

Ans. কেটিনেছন্ ধর্ম থকা মৌলবোৰ হ’ল–ছিলিকন, ফছফৰাছ আৰু ছালফাৰ।

Q. 30. এক বান্ধনি, দ্বি-বান্ধনি আৰু ত্রি-বান্ধনি কাক বোলে, উদাহৰণ দিয়া।

Ans. এক বান্ধনি: দুটা কাৰ্বন পৰমাণুৱে নিজৰ মাজত এযোৰ ইলেকট্রন সমভাগ কবি যৌগ গঠন কৰি এক সহযোজী বান্ধনিৰ সৃষ্টি হয়।


দ্বি-বান্ধনি: দুটা কাৰ্বন পৰমাণুৱে নিজৰ মাজত দুযোৰ ইলেকট্রন সমভাগ কৰি দ্বি-বান্ধনিব সৃষ্টি কৰে।


ত্ৰি-বান্ধনি: দুটা কাৰ্বন পৰমাণুৱে নিজৰ মাজত তিনিযোৰ ইলেকট্রন সমভাগ কৰি ত্ৰি-বান্ধনিৰ সৃষ্টি কৰে।

উদাহৰণ – ইথাইন, C₂H₂ H- C= C- H

Q. 31. আবদ্ধ শৃংখল বা চক্ৰীয় যৌগ কাক বোলে? উদাহৰণ দিয়া।

Ans. কেতিয়াবা কাৰ্বনৰ শিকলি এডালৰ দুই মূৰৰ কাৰ্বন-পৰমাণু দুটা লগ লাগি চক্ৰীয় আকৃতি গঠন কৰে। এনে যৌগবোৰক আৱদ্ধ শৃংখল বা চক্রীয় যৌগ বোলে।

উদাহৰণ— বেনজিন C₆H₆

Q. 32. তলত দিয়া হাইড্ৰ’কাৰ্বন সমূহৰ এলকেন, এলকিন আৰু এলকাইনবোৰ বাছি উলিওৱা:

CH₄, C₂H₂, C₃H₆, C₃H₈, C₄H₁₀

Ans. [i] সূত্ৰেৰে প্ৰকাশ কৰিব পৰা হাইড্ৰ’কার্বন সমূহ— CH₄, C₃H₆ আৰু C₄H₁₀; গতিকে CH₄, C₃H₈ আৰু C₄H₁₀— এলকেন।

[ii] সূত্ৰেৰে প্ৰকাশ কৰিব পৰা হাইড্ৰ’কার্বন— C₃H₆ ; গতিকে C₃H₆ এটা এলকাইন।

[iii] সূত্ৰেৰে প্ৰকাশ কৰিব পৰা হাইড্ৰ’কার্বনক এলকাইন বোলে। গতিকে C₂H₂ এটা এলকাইন।

Q. 33. কাৰ্বনৰ ইলেক্ট্রনীয় বিন্যাসটো লিখা।

Ans. কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6। ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাসটো হৈছে 2, 4।

Q. 34. CH, CH, OH-যৌগটোৰ নাম লিখা আৰু ইয়াৰ কাৰ্য্যকৰী মূলক চিনাক্ত কৰা।

Ans. CH₃ CH₂ OH– ইথানল। কাৰ্যক্ৰীমূলক– OH, এলক’ই’ল।

Q. 35. এটা এছিড অনুঘটকৰ উপস্থিতিত, এটা জৈব এছিড আৰু এলক’ই’লৰ ৰাসায়নিক বিক্রিয়াৰ ফলত কি উৎপন্ন হয়? এই ৰাসায়নিক বিক্ৰিয়াটোৰ নাম কি?

Ans. এটা এছিড অনুঘটকৰ উপস্থিতিত, এটা জৈব এছিড আৰু এলকইলৈৰ ৰাসায়নিক বিক্ৰিয়াৰ ফলত ইষ্টাৰ (Ester) উৎপন্ন হয়। এই ৰাসায়নিক বিক্ৰিয়াটোৰ নাম ইষ্টাৰীফিকেছন (Esterification)।

Q. 36. এটা ৰাসায়নিক পৰীক্ষা দিয়া যিটোৰ দ্বাৰা সংপৃক্ত হাইড্ৰ’কার্বন আৰু অসংপৃক্ত হাইড্ৰ’কার্বনৰ পাৰ্থক্য নির্ণয় কৰিব পাৰি।

Ans. অসংম্পৃক্ত হাইড্ৰ’কাৰ্বনত ব্ৰ’মিনৰ দ্ৰৱ মিশ্রিত কৰিলে ব্ৰমিন দ্ৰৱৰ বৰণ নাইকিয়া হয়। কিন্তু সংপৃক্ত হাইড্ৰ’কার্বনত ব্ৰ’মিন দ্ৰৱ যোগ কৰিলে দ্ৰৱটোৰ ৰং-ৰ কোনো পৰিবর্তন নহয়।

Q.37. ইথানল বায়ু দহন কৰিলে কি উৎপন্ন হয়?

Ans. ইথানল বায়ুত দহন কৰিলে CO₂ আৰু H₂O উৎপন্ন হয়। C₂H₅ OH+ 30₂→ 3 O₂ + 3H₂O + তাপশক্তি

Q. 38. প্রতিস্থাপন বিক্রিয়াত কিয় মিথেন আৰু ক্ল’ৰিন লোৱা হয়?

Ans. যেতিয়া মিথেন, ক্ল’ৰিনৰ লগত বিক্রিয়া কৰে, তেতিয়া মিথেনৰ H₂, Cl₂ দ্বাৰা ধাপে ধাপে প্রতিস্থাপিত হয় আৰু এই বিক্রিয়াটোই হ’ল প্রতিস্থাপন বিক্রিয়া।

CH₄ + Cl₂→ CH₃ CI+ HCI

Q.39. ভিনিগাৰ কি?

Ans. এছিটিক্ এছিডৰ 5% – 10% জুলীয়া দ্ৰৱক ভিনিগাৰ (vinegar) বোলে।

Q. 40. কি ঘটিব, যেতিয়া ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেট, ইথানয়িক এছিডৰ লগত বিক্রিয়া কৰে?

Ans. CH₃ COOH+ NaHCO₃→ CH₃COONa+ H₂O + CO₂ ইথানয়িক এছিডৰ লগত ছ’ডিয়াম বাই কার্বনেটৰ ৰাসায়নিক বিক্রিয়া ঘটি CO₂ গেছ আৰু ছ’ডিয়াম এছিটেট্‌ উৎপন্ন হয়।

Q. 41. প্ৰকৃতিত পোৱা কাৰ্বনৰ বিভিন্ন ৰূপবোৰ কি কি?

Ans. গ্রাফাইট আৰু হীৰা।

Q. 42. ‘IUPAC’- সম্পূর্ণ নাম কি?

Ans. ‘IUPAC’→ International Union of Pure and Applied Chemistry.

Q. 43. আয়নীয় যৌগবোৰৰ চাৰিটা ধৰ্ম উল্লেখ কৰা।

Ans. [i] আয়নীয় যৌগবোৰৰ গলনাংক আৰু উতলাংক বেছি।

[ii] আয়নীয় যৌগসমূহৰ ঘনত্ব বেছি।

[iii] আয়নীয় যৌগসমূহ আয়নেৰে গঠিত।

[iv] এইবোৰ যৌগ কঠিন আৰু ভগ্ন হয়।

 

class 10 science chapter 4 question answer, class 10 science chapter 4 Assamese medium, SEBA Class 10 Ch 4 solutions