Class 10 Science Chapter 3 ধাতু আৰু অধাতু | question answers | kjv class 10 science lesson 3 |

Class 10 Science Chapter 3 ধাতু আৰু অধাতু | question answers | kjv class 10 science lesson 3 | class 10 science assamese medium ch 3 |

ধাতু আৰু অধাতু

Multiple Choice Questions & Answers

1. আটাইতকৈ নমনীয় ধাতুটো –

(a) সোণ।

(b) ৰূপ।

(c) তাম।

(d) এলুমিনিয়াম।

উত্তৰঃ (a) সোণ।

2. তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু –

(a) সোণ।

(b) ৰূপ।

(c) এলুমিনিয়াম।

(d) সীহ।

উত্তৰঃ (b) ৰূপ।

3. সাধাৰণ উষ্ণতাত জুলীয়া (তৰল) ধাতুটো– 

 

(a) গেলিয়াম।

 

(b) চিজিয়াম।

 

(c) সীহ।

 

(d) পাৰা।

 

উত্তৰঃ (d) পাৰা।

 

4. সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো– 

 

(a) আয়’ডিন।

 

(b) ক্ল’ৰিণ।

 

(c) ব্ৰ’মিন।

 

(d) ছালফাৰ।

 

উত্তৰঃ (c) ব্ৰ’মিন।

 

5. দ্যুতি থকা অধাতুটো –

 

(a) কার্বন।

 

(b) ছালফাৰ।

 

(c) ফ’ছফৰাছ।

 

(d) আয়’ডিন।

 

উত্তৰঃ (d) আয়’ডিন।

 

6. তলৰ কোনটো ধাতু কটাৰিৰে কাটিব পাৰি– 

 

(a) মেগনেছিয়াম।

 

(b) ছ’ডিয়াম।

 

(c) সীহ।

 

(d) গেলিয়াম।

 

উত্তৰঃ (b) ছ’ডিয়াম।

 

7. তলৰ কোনটো এটা উভধর্মী অক্সাইড –

 

 

(a) Na₂O 

 

(b) K₂O

 

(c) CuO

 

(d) Al₂O₃

 

উত্তৰঃ (d) Al₂O₃

 

8. তলৰ কোনটো ধাতৱ অক্সাইড পানীত দ্রবণীয় –

 

(a) Na₂O

 

(b) Fe₂O₃

 

(c) CuO

 

(d) PbO

 

উত্তৰঃ (a) Na₂O

 

9. Cu, Al, Na, F – এই ধাতুকেইটা অক্সিজেনৰ লগত হোৱা বিক্ৰিয়াবেগৰ নিম্নক্ৰমত সজালে হ’ব –

 

 

(a) Cu > Na > Fe > AI

 

(b) Na > AI > Cu > Fe

 

(c) Na > AI > Fe > Cu

 

(d) Al > Na > Fe > Cu

 

উত্তৰঃ (c) Na > AI > Fe > Cu

 

10. তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্রভাৱে বিক্ৰিয়া কৰে?

 

 

(a) Na

 

(b) Fe

 

(c) Cu

 

(d) Ag

 

উত্তৰঃ (a) Na

 

11. তলৰ কোনটো ধাতুৱে উচ্চ উষ্ণতাতো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে? 

 

(a) Cu 

 

(b) Fe 

 

(c) Ag 

 

(d) Al

 

 

উত্তৰঃ (c) Ag

 

12. তলৰ কোনটো ধাতুৰে ঠাণ্ডা পানীৰ লগত প্ৰৱল বেগে বিক্ৰিয়া কৰে?

 

(a) Al 

 

(b) Fe 

 

(c) Na

 

(d) Ca

 

উত্তৰঃ (c) Na

 

13. তলৰ কোনটো ধাতুৱে কেৱল গৰম পানীৰ লগতহে বিক্ৰিয়া কৰে? 

 

(a) K 

 

(b) Mg 

 

(c) Al 

 

(d) Ca

 

উত্তৰঃ (b) Mg 

 

14. তলৰ কোনটো ধাতুৱে কেৱল উতলা পানীৰ বাষ্পৰ সৈতেহে বিক্ৰিয়া কৰে? 

 

(a) Mg 

 

(b) Cu 

 

(c) Fe 

 

(d) Ca

 

উত্তৰঃ  (c) Fe

 

15. তলৰ কোনটো ধাতুৱে পানীৰ লগত মুঠেই বিক্ৰিয়া নকৰে? 

 

(a) Cu 

 

(b) Fe 

 

(c) Al 

 

(d) Mg

 

 

উত্তৰঃ  (a) Cu

 

16. তলৰ কোন দুটা ধাতুৱে অতি লঘু HNO₃ ৰ লগত বিক্ৰিয়া কৰি H₂ গেছ উৎপন্ন কৰে? 

 

(a) Cu, Co

 

(b) Mg, Mn

 

(c) Al, Fe

 

(d) Na, K

 

উত্তৰঃ (b) Mg, Mn

 

17. লঘু এচিডৰ লগত Fe, Al, Zn, Mg ৰ বিক্ৰিয়াবেগৰ নিম্নক্রমটো হ’ল–

 

(a) Al > Fe > Zn > Mg

 

(b) Zn > Al > Mg > Fe

 

(c) Fe > Al > Zn > Mg 

 

(d) Mg > Al > Zn > Fe

 

উত্তৰঃ (d) Mg > Al > Zn > Fe

Class 10 Science Chapter 3 ধাতু আৰু অধাতু

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

Q. 1. ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু―

(i) সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া। 

Ans. পাৰদ (Hg). 

(ii) কটাৰিৰে সহজে কাটিব পাৰি।

Ans. ছ’ডিয়াম আৰু পটেছিয়াম। 

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।

Ans. ছিলভাৰ আৰু কপাৰ। 

(iv) তাপৰ কম পৰিবাহী।

Ans. সীহ আৰু পাৰদ।

Q. 2. ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা। 

Ans. ঘাড় সহনীয়তা: এটা ধাতুক কোমল কোৱা হয়, যেতিয়া ইয়াক হাতুৰীৰে কোবোৱা হয়, তেতিয়া পাতল পাতত ৰূপান্তৰিত হয়। ইয়াক কোমলতা বা ধাতুৰ ঘাত সহনীয়তা বোলে। যেনে—ছিলভাৰ আৰু গ’ল্ড৷

• নমনীয়তা: যি ধাতু সাধাৰণ উষ্ণতাত কোমল, যাক ইচ্ছামতে আকাৰ দিব পাৰি আৰু ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিবৰ্তন কৰিব পাৰি। ধাতুৰ এই গুণক ধাতুৰ নমনীয়তা বোলে। যেনে―ৰূপ আৰু সোণ।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয়? 

Ans. ছডিয়াম (Na) অধিক সক্রিয় ধাতু। ই স্বাভাবিক উষ্ণতাত অক্সিজেনব লগত বিক্রিয়া কৰে আৰু বিক্ৰিয়াটো অধিক তাপবর্জী বা অধিক তাপোৎপাদক। ছডিয়াম কোচিনৰ লগত বিক্ৰিয়া নকৰে। সেইবাবে ইয়াক কেৰাচিনৰ মাজত ডুৱাই ৰখা হয়। ফলত ই বায়ুৰ সংস্পৰ্শত নাহে আৰু কোনো ৰাসায়নিক বিক্রিয়া নহয়।

Q. 2. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা― 

(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।

(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া। 

Ans. (i) লোহিত তপ্ত আইৰণৰ ওপৰেদি জলীয় বাষ্প যাবলৈ দিলে ফে’ৰেছ ফেৰিক অক্সাইড প্রস্তুত হয় আৰু H₂ গেছ উৎপন্ন হয়।

সমীকৰণ: 3 Fe (S) + 4H₂O(g) → Fe₃O₄ (S) + 4H₂ (g) 

(ii) কেলছিয়াম পানীৰ লগত বিক্রিয়া কৰি কেলছিয়াম হাইড্রক্সাইড আৰু হাইড্ৰ’জেন গেছ প্রস্তুত কৰে।

সমীকৰণ: Ca(S) + 2H₂O (l) Ca(OH)₂ (aq) + H₂(g) 

আকৌ, পটেছিয়াম পানীৰ লগত বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰজেন গেছ প্রস্তুত কৰে।

সমীকৰণ: K(S) + 2H₂O (l) 2 KOH (aq) + H₂(g) 

Q. 4. লঘু হাইড্ৰ’ক্লৰিক এছিডত (HCI) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H₂SO₄ ৰ লগত কৰা বিক্ৰিয়াটোৰ সমীকৰণ লিখা। 

Ans. যেতিয়া এটা সক্রিয় ধাতু লঘু হাইড্ৰক্ল’ৰিক এছিডৰ লগত বিক্রিয়া কৰে, তেতিয়া হাইড্র’জেন গেছ উৎপন্ন হয়।

আইৰন আৰু পনীয়া ছালফিউৰিক এছিডৰ বিক্ৰিয়াৰ ফলত ফেৰাছ ছালফেট লৱণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন হয়। Fe (s) + H₂SO₄ (aq) → FeSO₄ (aq) + H₂(g)

Q. 5. আইন (II) ছালফেট দ্ৰৱণত জিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্রিয়াটো লিখা।

Ans. যিংক, আইৰনতকৈ বেছী সক্রিয়। সেইবাবে যিংক যেতিয়া আইৰন ছালফেট বা FeSO₄ (aq)-ৰ লগত বিক্রিয়া কৰে, তেতিয়া যিংকে, আইৰনক স্থানান্তৰ কৰে আৰু বৰণহীন যিংক ছালফেট (aq) উৎপন্ন হয়। মাটিয়া বৰণৰ আইৰনধাতু জমা হয়। 

Zn (S) + FeSO₄ (aq) → ZnSO₄ (aq) + Fe (S)

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।

(i) মণিক (mineral) 

(ii) আকৰ (ore) 

(iii) খনিজ মল (gangue)

Ans. (i) মণিক (Minerals): পৃথিৱীৰ খোলাটোত পোৱা ধাতু আৰু ইয়াৰ যৌথবোৰত থকা প্রাকৃতিক গোটা পদার্থ বোৰক মণিক বোলা হয়। উদাহৰণস্বৰূপে, প্রকৃতিত পোৱা CaCO₃, NaCl, Fe₂ S₃ আদি মণিক।

(ii) আকৰ (Ores): যিবোৰ খনিজ পদার্থৰ পৰা ধাতুবোৰ লাভজনক ভাবে আৰু কম খৰছত আহৰণ কৰিব পাৰি, তেনেবোৰ খনিজ পদার্থক আকৰ বোলা হয়। কিছুমান খনিজ পদার্থত বেছি পৰিমাণে ধাতু আৰু অতি কম পৰিমাণে অশুদ্ধি থাকে, আনহাতে কিছুমান খনিজ পদার্থত কম পৰিমাণে ধাতু আৰু বেছি পৰিমাণে অশুদ্ধি থাকে। সেইবাবে, ধাতু নিষ্কাশন কৰোঁতে সকলোবোৰ খনিজ পদার্থ ব্যৱহাৰ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে, বক্সাইট আৰু বোকা এলুমিনিয়ামৰ খনিজ পদার্থ। অৱশ্যে বক্সাইটৰ পৰাহে লাভজনকভাৱে আৰু কম খবছত এলুমিনিয়ামৰ নিষ্কাশন কৰা হয়। গতিকে, এলুমিনিয়ামৰ আকৰ বক্সাইটহে, বোকা নহয়।

(iii) খনিজ মল (Gangue): আকৰ এটা খনিৰ পৰা নিষ্কাশন কৰোঁতে ই মাটি, শিল আদি অশুদ্ধিৰ লগত মিহলি হৈ থাকে। এই অশুদ্ধিবোৰকে খনিজ মল বোলা হয়। এই অশুদ্ধি আম্লিক (যেনে— SiO₂, P₂O₅ ইত্যাদি) বা ক্ষাৰকীয় প্ৰকৃতিৰ (যেমন― CaO, MgCO₃, Feo ইত্যাদি) হব পাৰে। 

Q. 2. প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।

Ans. গোল্ড (সোণ), প্লাটিনাম আৰু ছিলভাৰ (ৰূপ)।

Q. 3. অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয়? 

Ans. Fe, Zn, Ni, Sn আদি অক্সাইডবোৰ অকল তাপ দিলে বিজাৰিত নহয়, ইয়াক বিজাৰিত কৰিবৰ কাৰণে এটা বিজাৰক আৱশ্যক : সাধাৰণতে কারণ-বিজাৰক হিচাপে ব্যৱহাৰ কৰা হয়। ধাতুবোৰৰ অক্সাইডক কাৰ্বনৰ সৈতে উত্তপ্ত কৰিলে ধাতুটো পোৱা যায়।

ZnO + C ––→ Zn + CO, 

CuO + C ––→ Cu + CO,

কার্বন অবিহনে, অতি সক্রিয় ধাতুবোৰ, যেনে ছ’ডিয়াম, কেলছিয়াম, এলুমিনিয়াম ইত্যাদি বিজাৰক পদার্থ হিচাপে ব্যৱহাৰ কৰি ধাতু নিষ্কাশন কৰা যায়। এই অতি সক্রিয় কম সক্রিয় ধাতুক স্থানান্তৰ কৰিব পাৰে। যেনে, Fe₂O₃(S) + 2AI (S) ––→ 2Fe (l) + AI₂O₃ (S) + তাপশক্তি।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. জিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ’ল।

ধাতু জিংক মেগনেসিয়াম কপাৰ

যিংক অক্সাইড

মেগনেছিয়াম অক্সাইড

কপাৰ অক্সাইড

কোনবিলাক ক্ষেত্রত প্রতিস্থাপন বিক্রিয়া ঘটিব?

Ans.

ধাতুৰ অক্সাইডধাতুসমূহ— প্রতিস্থাপন বিক্রিয়া

যিংক মেগনেছিয়াম কপাৰ

জিংক অক্সাইড নহয় হয় নহয়

মেগনেছিয়াম অক্সাইড নহয় নহয় নহয়

কপাৰ অক্সাইড নহয় হয় নহয়

Q.2. কোনবোৰ ধাতু সহজে ক্ষয় নহয়?

Ans. গোল্ড আৰু প্লেটিনাম। 

Q. 3. সংকৰ ধাতু কি?

Ans. সংকৰ ধাতু (Alloys) : দুটা বা ততোধিক ধাতু বা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্রণেই হৈছে সংকৰ ধাতু। সংকৰ ধাতুক গোটা দ্ৰৱ বুলিও কোৱা হয়। সংকৰ ধাতুৰ কেইটা উদাহৰণ হ’ল : আইৰন, নিকেল, ক্রমিয়াম আৰু কাৰ্বনৰ সংকৰ ধাতু হ’ল তীখা; কপাৰ আৰু যিংকৰ সংকৰ ধাতু হ’ল পিতল। ব্ৰঞ্জ হ’ল তাম আৰু টিনৰ সংকৰ ধাতু।

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰ

Q. 1. তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন বিক্রিয়া ঘটিব?

(a) NaCl- দ্ৰৱ আৰু কপাৰ ধাতু। 

(b) MgCI₂ -ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।

(c) FeSO₄ দ্ৰৱ আৰু ছিলভাৰ ধাতু।

(d) AgNo₃ ৰ দ্ৰৱ আৰু কপাৰ ধাতু। 

Ans. AgNO₃- দ্ৰৱ আৰু কপাৰ ধাতুৰক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব।

2 AgNO₃(aq) + Cu(S) → Cu(NO₃)₂ (aq) + 2Ag (s)

Q.2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব?

(a) গ্ৰীজ ব্যৱহাৰ কৰি। 

(b) ৰং ব্যৱহাৰ কৰি।

(c) যিংকৰ প্রলেপ দি।

(d) ওপৰৰ সকলোবোৰ।

Ans. (c) যিংকৰ প্ৰলেপ দি।

Q. 3. এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্রৱণীয়। সম্ভৱপৰ মৌলটো—

(a) কেলছিয়াম।

(b) কার্বন।

(c) ছিলিকন।

(d) আইৰন।

Ans. (a) কেলছিয়াম।

Q. 4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়; জিংকৰ নহয়। কিয়নো―

(a) টিনতকৈ জিংক দামী।

(b) জিংকৰ গলনাংক টিনতকৈ বেছি। 

(c) জিংক টিনতকৈ অধিক সক্রিয়। 

(d) জিংক টিনতকৈ কম সক্রিয়।

Ans. (c) জিংক টিনতকৈ অধিক সক্রিয়।

Q. 5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ’ল।

(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা? 

(b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাংকন কৰা।

Ans. (a) ধাতুক হাতুৰীৰে কোবালে মিহিপাত প্ৰস্তুত হয় কিন্তু অধাতুক হাতুৰীৰে কোৱালে গুড়ি হয়। ইয়াৰ পৰা পাত প্রস্তুত কৰিব নোৱাৰি। এটা বৈদ্যুতিক বর্তনী ধাতুৰ তাঁৰেৰে তৈৰি কৰা হ’ল, য’ত এটা বেটাৰী, এটা বাল্ব, এটা ছুইচ আছে। যেতিয়া বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়, তেতিয়া বাহুটো জ্বলি উঠিব।

(b) হাতুৰীৰ দ্বাৰা আঘাত কৰা পদ্ধতিটো বিশ্বাসযোগ্য পদ্ধতি, কাৰণ ইয়াৰ দ্বাৰা ধাতু-অধাতুৰ পাৰ্থক্য ধৰিব পাৰি। কিন্তু গ্রেফাইট এটা অতি সুকীয়া অধাতু, যিটো বিদ্যুৎ পৰিবাহী। অর্থাৎ কিছু কিছু ক্ষেত্ৰত হাতুৰীৰে কোৱাই ধাতু আৰু অধাতুৰ পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰি।

Q. 6. উভধর্মী অক্সাইড কাক বোলে? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া। 

Ans, উভধর্মী অক্সাইড: কোনো কোনো অক্সাইডৰ মাজত ক্ষাৰকীয় আৰু আম্লিক উভয় অক্সাইডৰ ধৰ্ম বিদ্যমান থাকে। সিবোৰ এছিড আৰু ক্ষাৰক উভয়ৰ লগত বিক্ৰিয়া কৰে আৰু উভয় ক্ষেত্ৰত লৱণ আৰু পানী উৎপন্ন কৰে। এই কাৰণে সিবোৰক উভধর্মী অক্সাইড কোৱা হয়। যেনে– জিংক অক্সাইড, এলুমিনিয়াম অক্সাইড ইত্যাদি। 

আম্লিক ব্যৱহাৰ: ZnO + 2NaOH → Zn (ONa)₂ + H₂O

ক্ষাৰকীয় ব্যৱহাৰ: ZnO + H₂SO → ZnSO₄ + H₂O 

Q. 7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।

Ans. সক্রিয়তা শ্ৰেণীত যিবোৰ ধাতুৰ সক্রিয়তা হাইড্ৰ’জেনতকৈ ওপৰত, সেইবোৰ ধাতু লঘু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰিব পাৰে। উদাহৰণস্বৰূপে Zn, Al, Mg ধাতুবোৰ, লঘু এছিডৰ পৰা H₂ অপসাৰিত কৰে। অৰ্থাৎ এই ধাতুবোৰ, হাইড্ৰ’জেনতকৈ বেছী সক্ৰিয়। আকৌ, যিবোৰ ধাতু সক্রিয়তা শ্রেণীত, হাইড্ৰ’জেনৰ তলত, সেইবোৰ ধাতু লঘু এছিডৰ পৰা হাইড্ৰ’জেন স্থানান্তৰ কৰিব নোৱাৰে। উদাহৰণ স্বৰূপে, Cu, Ag, Au আদি লঘু এছিডৰ পৰা H₂ অপসাৰিত কৰিব নোৱাৰে।

Q. 8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এন’ড, কেথ’ড আৰু বিদ্যুৎবিশ্লেষ্য কি লব লাগিব?

Ans. ধাতু M-ৰ বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰে ধাতু শোধন :

অশুদ্ধ ধাতু – M এন’ডত জমা হ’ব।

বিশুদ্ধ ধাতু – M কেথ’ডত জমা হ’ব।

বিদ্যুত বিশ্লেষ্য: ধাতবীয় ছালফেট দ্ৰৱ। 

Q. 9. প্রত্যুষে সক চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো তেওঁ কাষৰ চিত্ৰত দেখুৱা ধৰণে এটা পৰীক্ষানলী ওলোটাকৈ ধৰি সংগ্ৰহ কৰিলে।

(a) (i) শুষ্ক লিটমাচ কাগজৰ লগত। 

(ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ’ব?

(b) ইয়াত বিক্ৰিয়াটোৰ সন্তুলিত সমীকৰণ লিখা।

Ans. (a) (i) শুষ্ক লিটমাছ কাগজৰ ওপৰত শুষ্ক গেছৰ কোনো প্রভাৱ নপৰিব। 

(ii) সিক্ত লিটমাছ কাগজৰ বৰ্ণ ৰঙা হব।

(b) (i) S + O₂ → SO₂ 

(ii) SO₂ +  H₂O → H₂SO₃ (ছালফিউৰাছ এছিড)।

Q. 10. লোভ মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা। 

Ans. লো মামৰে ধৰাৰ পৰা ৰক্ষা কৰা যায় তলত দিয়া দুটা উপায়েৰে― 

(i) লো দ্বাৰা নির্মিত বস্তুৰ ওপৰত ৰং-ৰ প্ৰলেপ দি মামৰে ধৰা ৰোধ কৰা যায়।

(ii) লোৰ ওপৰত জিংক ধাতুৰ প্ৰলেপদি মামৰে ধৰা বন্ধ কৰা যায়। 

Q. 11. অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে?

Ans. যেতিয়া অধাতু এটাৰ, অক্সিজেনৰ লগত ৰাসায়নিক বিক্রিয়া ঘটে, তেতিয়া আম্লিক অক্সাইড গঠন কৰে। উদাহৰণ স্বৰূপে, SO₂, CO₂, NO₂ আদি আম্লিক অক্সাইড। কোনো কোনো ক্ষেত্ৰত অধাতু প্রশম অক্সাইড গঠন কৰে। যেনে— H₂O, CO।

Q.12. কাৰণ দর্শোৱা―

(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।

(b) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

Ans. (a) প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ ধাতুবোৰত চিকমিকনি, কঠিন ঘাত সহনীয়তা, নমনীয়তা আদি ভৌতিক ধৰ্ম থকাৰ বাবে, গহনাপাতি তৈয়াৰ কৰাৰ কাৰণে এইবোৰ ব্যৱহাৰ কৰা হয়।

(b) ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ইত্যাদি ধাতুকেইটা অধিক সক্রিয়। স্বাভাৱিক উচ্চতাত এইবোৰ ধাতু বায়ুৰ অক্সিজেনৰ লগত বিক্রিয়া কৰে আৰু আদ্র বায়ুত জ্বলি উঠে। সেই কাৰণে এই ধাতুবোৰ তেলত (কেৰাচিন) ডুৱাই ৰখা হয়।

(c) এলুমিনিয়াম অধিক সক্রিয়। তথাপি এই ধাতু দ্বাৰা ৰন্ধনৰ বৰ্তনবোৰ তৈয়াৰ করা হয়। কাৰণ বৰ্তনবোৰৰ পৃষ্ঠতলত এলুমিনিয়াম অক্সাইডৰ (AL₂O₃) এটা আস্তৰণ পৰে, যি বৰ্তনবোধক ক্ষয়সাধনৰ পৰা ৰক্ষা কৰে।

(d) ধাতুৰ নিষ্কাশনৰ সময়ত ধাতুৰ অক্সাইডক বিজাৰিত কৰা হয়। কাৰণ এই পদ্ধতিৰ খৰচ কম আৰু কৰাটো অতি সহজ। সেই কাৰণে প্রথমতে, কার্বনেট আৰু ছালফাইড আকৰিকক ধাতুৰ অক্সাইডত ৰূপান্তৰ কৰা হয়, ইয়াৰ পিছত আকৌ ধাতুলৈ বিজাৰিত কৰা হয়। 

• তাপজাৰণ:

2ZnS(s) + 30₂(g) –তাপ→ 2 ZnO(s) + 2 SO₂(g)

• দগ্ধীকৰণ:

ZnCO₃ (s) –তাপ→ ZnO(S) + CO₂(g)

ধাতুৰ অক্সাইডক আকৌ বিজাৰিত কৰাৰ পিছত

ZnO(s) + C(s) → Zn(s) + Co(g)

Q. 13. চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে? 

Ans. কপাৰৰ পাত্ৰত আৰ্দ্ৰবায়ুৰ প্ৰভাৱত কপাৰ কাৰ্বনেটৰ এটা সেউজীয়া আস্তৰণ পৰে, ইয়াক চেকা ধৰা বুলি কোৱা হয় আৰু এই আস্তৰণ পাত্ৰটোৰ ক্ষয় সাধন কৰে। এই আস্তৰণ আঁতৰ কৰাৰ বাবে আমি নেমুটেঙা বা তেতেলীৰ ৰস ব্যৱহাৰ কৰোঁ। এই ৰসত থকা এছিড, কপাৰ কাৰ্বনেটৰ আস্তৰণ দ্ৰৱীভূত কৰি কপাৰৰ পাত্ৰটোক পৰিষ্কাৰ কৰে।

Q. 14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা? 

Ans. ধাতু আৰু অধাতুৰ পাৰ্থক্য:

ধাতু অধাতু

(i) ধাতুবোৰ বিদ্যুত ধনাত্মক মৌল। (i) অধাতুবোৰ বিদ্যুত ঋনাত্মক মৌল।

(ii) ধাতুবোৰ ক্ষাৰকীয় অক্সাইড গঠন কৰে। (ii) অধাতুবোৰ আম্লিক অক্সাইড বা নিৰপেক্ষ অক্সাইড গঠন কৰে।

(iii) ধাতু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰে। (iii) অধাতু এছিডৰ পৰা হাইড্ৰ’জেন অপসাৰিত কৰিব নোৱাৰে।

Q. 15. এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল। তেওঁ ম্লান পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযোৰ এটা বিশেষ স্নাৱকত ডুবাই ধৰিছিল। খাকযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল৷ পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অগ্ৰস্তুত হৈ পৰিছিল আৰু অনর্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা প্ৰাৱকটো কি আছিলে অনুমান কৰি কৰ পাৰিবা নে?

Ans. স্বর্ণকাৰ একুৱাৰিজিৱাৰ দ্ৰৱ ব্যৱহাৰ কৰিছিল। এই দ্ৰৱত 1 ভাগ গাঢ় HNO₃ আৰু 3 ভাগ গাঢ় HCI থাকে। যি এছিডে সোণৰ পমি যোৱাত সহায় কৰে। 

Q. 16. গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়। কিন্তু ষ্টিল (আইৰণৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয়? 

Ans. তীখা বা ষ্টিলতকৈ কপাৰ তাপৰ বেছী সুপৰিবাহী। কপাৰ গৰম পানীৰ লগত বিক্রিয়া নকৰে কিন্তু লোৰে নিৰ্মিত ষ্টিল চেঁচা পানীৰ লগত বিক্রিয়া নকৰিলেও গৰম পানীৰ লগত বিক্রিয়া কৰি ধাতৱ অক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। 3Fe + H₂O → Fe₃O₄ + 4H₂ ইয়াৰ কাৰণে গৰম পানীৰ জলাধাৰ কপাৰেৰে বনোৱা হয়।

Q. 2. ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতুৰ সংজ্ঞা লিখা। 

 

Ans. ভৌতিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ধাতুক চিক্‌মিকনি থকা, কঠিন, ঘাত সহনীয়, নমনীয়, তাপ আৰু বিদ্যুতৰ সুপৰিবাহী, উচ্চ গলনাংক আৰু উতলাংক বিশিষ্ট আৰু হাতুৰীৰে কোবালে শব্দ সৃষ্টি কৰা মৌল হিচাপে সংজ্ঞাবদ্ধ কৰিব পাৰি।

 

Q. 3. তৰল অৱস্থাত থকা এটা ধাতু আৰু এটা অধাতুৰ নাম লিখা। 

 

Ans. তৰল ধাতু: মার্কাৰী (Hg)

 

তৰল অধাতু: ব্ৰমিন (Br). 

 

Q. 4. দুটা ধাতুকল্পৰ নাম লিখা।

 

Ans. ছিলিকন (Si) আৰু জার্মেনিয়াম (Ge)।

 

Q. 5. বিদ্যুতৰ কুপৰিবাহী এটা ধাতু আৰু বিদ্যুতৰ সুপৰিবাহী এটা অধাতুৰ নাম লিখা। 

 

Ans. বিদ্যুতৰ কুপৰিবাহী এটা ধাতু হ’ল বিছমাথ (Bi)। বিদ্যুতৰ সুপৰিবাহী এটা অধাতু হ’ল গ্রেফাইট।

 

Q. 6. ধাতুবোৰ কিয় বিদ্যুত ধনাত্মক ধর্মৰ?

 

Ans. ৰাসায়নিক বিক্ৰিয়াত ধাতুবোৰে সিহঁতৰ যোজক কক্ষৰ পৰা সহজে ইলেক্ট্রন হেৰুৱাই ধনাত্মক আধানযুক্ত আয়ন (কেটায়ন)ত পৰিণত হয় বাবে ধাতুবোৰ বিদ্যুত ধনাত্মক ধৰ্মৰ। উদাহৰণস্বৰূপে, ৰাসায়নিক বিক্রিয়াত পটেছিয়াম (K) ইয়াৰ যোজক ইলেক্ট্রন e⁻ হেৰুৱাই পটেছিয়াম আয়ন, K⁺ হয়।

 

‘K → K⁺ +e⁻

 

Q.7. ধাতুবোৰ কিয় বিজাৰক পদার্থ?

 

Ans. ৰাসায়নিক বিক্রিয়াবোৰত ধাতুৰ পৰমাণুবোৰে সিহঁতৰ যোজক কক্ষৰ পৰা সহজে ইলেক্ট্রন হেৰুৱায় আৰু ধনাত্মক আধানযুক্ত আয়ন (কেটায়ন) লৈ জাৰিত হয়। গতিকে, ধাতুৰ বিক্ৰিয়াবোৰক ৰিডক্স বিক্রিয়া বোলা হয়। ৰিডক্স বিক্ৰিয়াবোৰত জাৰিত হোৱা পৰমাণুটোক বিজাৰক দ্ৰব্য বোলা হয়। গতিকে, ধাতুবোৰ বিজাৰক পদার্থ।

 

Q. 8. সোণক প্ৰকৃতিত কিয় মুক্ত অৱস্থাত পোৱা যায়?

 

Ans. সোণ এবিধ কম পৰিমাণে সক্রিয় ধাতু। ই বায়ুমণ্ডলত থকা জলীয় বাষ্প, অক্সিজেন আৰু কার্বন-ডাই-অক্সাইডৰ সৈতে সহজে বিক্রিয়া নকৰে। সেইবাবে, সোণক প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা যায়।

 

Q. 9. কণাৰে পনীয়া আৰু জাৰক গুণ নথকা এছিডৰ পৰা হাইড্ৰ’জেন মুক্ত কৰিব নোৱাৰে কিয়?

 

Ans. কপাৰে পনীয়া আৰু জাৰক গুণ নথকা এছিডৰ সৈতে বিক্রিয়া নকৰে। বিদ্যুত বাসায়নিক শ্রেণী বা সক্রিয়তা শ্ৰেণীত হাইড্ৰ’জেনৰ তলত কপাৰ অৱস্থিত। এছিড়ত থকা হাইড্ৰ ‘জৈন আয়নবোৰ বিজ্ঞাৰণৰ বাবে প্রয়োজন হোৱা ইলেক্ট্ৰ’ন ই এৰি নিদিয়ে। গতিকে, কপাৰে পনীয়া আৰু জাৰক গুণ নথকা এছিডৰ পৰা হাইড্ৰজেন মুক্ত কৰিব নোৱাৰে।

 

Q. 10. ছ’ডিয়ামক বিদ্যুত বিজ্ঞাৰণ পদ্ধতিৰে নিষ্কাশন কৰোঁতে বিদ্যুত কোষটোত কেলছিয়াম ক্ল’ৰাইড কিয় যোগ দিয়া হয়?

 

Ans. বিগলিত ছডিয়াম ক্ল’ৰাইডৰ গলনাংক খুব বেছি, প্রায় 800°C। এই উষ্ণতাত ইয়াক বিগলিত অৱস্থাত ৰখাটো অতি কঠিন। বিগলিত ছ’ডিয়াম ক্ল’ৰাইডৰ লগত কেলছিয়াম ক্ল’ৰাইড যোগ কৰিলে, গলনাংক 600°C লৈ নামি আহে। এই কাৰণে, ছডিয়ামক বিদ্যুত বিজারণ পদ্ধতিবে নিষ্কাশন কৰোঁতে বিদ্যুত কোষটোত কেলছিয়াম ক্ল’ৰাইড যোগ দিয়া হয়।

 

Q. 11. ধাতু মল কি?

 

Ans. খনিৰ পৰা আহৰণ কৰাৰ পিছত, অশুদ্ধিৰ ৰূপত মাটি বা শিলজাতীয় পদার্থ। আদি মণিকৰ সৈতে মিহলি হৈ থাকে। এই অশুদ্ধিবোৰক খনিজ মল বোলা হয়। বিগালক নামৰ এবিধ পদার্থ আকৰব লগত যোগ কৰি খনিজ মল আঁতৰোৱা হয়। বিগালকে খনিজ মলৰ সৈতে বিক্ৰিয়া কৰি গলিত দ্ৰৱ উৎপন্ন কৰে। এই দ্ৰৱটো পাতল হোৱা বাবে, গলিত ধাতুৰ ওপৰত ওপত্তি থাকে আৰু ইয়াক তাৰ পৰা আঁতৰোৱা হয়। এই গলিত দ্ৰৱটোক খাতুমল বোলা হয়। আকৰত থকা খনিজ মল আম্লিক বা ক্ষাৰৰ্কীয় হ’ব পাৰে। খনিজ মলখিনি আম্লিক প্ৰকৃতিৰ হ’লে, ক্ষাৰৰ্কীয় বিগালক ব্যৱহাৰ কৰা হয়। আনহাতে, খনিজ মল মিনি ক্ষাৰকীয় প্ৰকৃতিৰ হ’লে, আম্লিক বিগালক ব্যৱহাৰ কৰা হয়।

 

খনিজমল              বিগালক                ধাতুমল     

 

SiO₂                +        CaO        →      CaSiO₃ 

 

(আম্লিক)                    (ক্ষাৰকীয়)

 

MnO                  +        SiO₂      →        MnSiO₃

 

(ক্ষাৰকীয়)           (আম্লিক)

 

Q. 12. ধাতু আৰু অধাতুৰ পাৰ্থক্য দেখুৱাবলৈ দুটাকৈ ভৌতিক আৰু দুটাকৈ ৰাসায়নিক ধর্ম উল্লেখ কৰা।

 

Ans. ভৌতিক ধর্ম:

 

                                           ধাতু                                                                                                        অধাতু

(a) ধাতুবোৰ নমনীয় অর্থাৎ ধাতুবোৰক টানি তাঁৰ প্ৰস্তুত কৰিব পৰা যায়।               (a) অধাতুবোৰ নমনীয় নহয়।

(b) ধাতুবোৰ বিদ্যুতৰ সুপৰিবাহী। ব্যতিক্রম বিছমাথ (Bi)                                       (b) অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী। ব্যতিক্রম : গ্রেফাইট।

 

■ ৰাসায়নিক ধর্ম:

 

                                         ধাতু                                                                                                                অধাতু

(a) ধাতুবোৰ বিদ্যুত ধনাত্মক মৌল।                                                                        (a) অধাতুবোৰ বিদ্যুত ঋণাত্মক মৌল।

(b) ধাতুবোৰে ক্ষাৰকীয় অক্সাইড গঠন কৰে।                                                   (b) অধাতুবোৰে আম্লিক অক্সাইড বা নিৰপেক্ষ অক্সাইড গঠন করে।

Q. 13. ধাতুকল্পবোৰ কি? মুঠ কেইটা ধাতৃকল্প আছে? এই কেইটাৰ নাম লিখা। 

 

Ans. কিছুমান মৌলই ধাতু আৰু অধাতু দুয়োবিধবে ধর্ম দেখুৱায়। এনেকুৱা মৌলবোৰক ধাতুকল্প বোলা হয়। মুঠতে দুটা ধাতুকল্প আছে। এইবোৰ হ’ল বৰণ (B), ছিলিকন (Si), জার্মেনিয়াম (Ge), আর্জেনিক (As), এন্টিমনি (Sb) আৰু টেলুৰিয়াম (Te)।

 

Q. 14. পার্থক্য দেখুওৱা :

 

(i) খনিজ পদার্থ আৰু আকৰ : 

 

(ii) দগ্ধীকৰণ আৰু তাপজাৰণ।

 

Ans. (i) খনিজ পদার্থ আৰু আকৰ: পৃথিৱীৰ খোলাটোত পোৱা, ধাতু আৰু ইয়াৰ যৌগবোৰত থকা প্রাকৃতিক গোটা পদার্থ বোৰক খনিজ পদার্থ বোলা হয়। উদাহৰণস্বৰূপে, প্রকৃতিত পোৱা CaCO₃ NaCl, Fe₂S₃ আদি খনিজ পদার্থ। যিবোৰ খনিজ পদার্থৰ পৰা ধাতৃবোধ লাভজনক ভাৱে আৰু কম খৰছত আহৰণ কৰিব পাৰি, তেনেবোৰ খনিজ পদার্থক আকৰ বোলা হয়। কিছুমান খনিজ পদাৰ্থত বেছি পৰিমাণে ধাতু আৰু অতি কম পৰিমাণে অশুদ্ধি থাকে, আনহাতে কিছুমান খনিজ পদাৰ্থত কম পৰিমাণে ধাতু আৰু বেছি পৰিমাণে অশুদ্ধি থাকে। সেইবাবে, ধাতু নিষ্কাশন কৰোঁতে | সকলোবোৰ খনিজ পদার্থ ব্যৱহাৰ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে, বক্সাইট আৰু | বোকা এলুমিনিয়ামৰ খনিজ পদার্থ। অৱশ্যে বক্সাইটৰ পৰাহে লাভজনকভাৱে আৰু কম খৰছত এলুমিনিয়ামৰ নিষ্কাশন কৰা হয়। গতিকে এলুমিনিয়ামৰ আকৰ বক্সাইটহে বোকা নহয়।

 

(a) সকলোবোৰ আকৰ খনিজ পদার্থ, কিন্তু সকলোবোৰ খনিজ পদার্থই আকৰ নহয়। 

 

(b) আকৰত বেছি পৰিমাণে ধাতু আৰু কম পৰিমাণে অশুদ্ধি থাকে। 

 

(ii) দগ্ধীকৰণ আৰু তাপজাৰণ:

 

দগ্ধীকৰণ তাপজাৰণ

(i) বায়ুৰ অনুপস্থিতিত গলনাংকৰ তলত আকবক প্রচণ্ডভাবে উত্তপ্ত কৰা প্রক্রিয়াটোৱেই হ’ল দগ্ধীকৰণ। (i) আকৰ এটাক বায়ুৰ উপস্থিতিত, গলনাংকৰ তলত, জাৰণ হ’ব পৰাকৈ প্ৰচণ্ডভাৱে উত্তপ্ত কৰা প্ৰক্ৰিয়াটোৱেই হ’ল তাপজাৰণ।

(ii) অক্সাইড বা কার্বনেট আকৰৰ ক্ষেত্ৰত দন্ধীকৰণ ব্যৱহাৰ কৰা হয়। (ii) ছালফাইড আকৰৰ ক্ষেত্ৰত তাপজাৰণ প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰা হয়।

Q. 15. সংকৰ ধাতুবোৰৰ বিষয়ে এটি চমুকৈ টোকা লিখা। 

 

Ans. সংকৰ ধাতু দুটা বা ততোধিক ধাতু, বা ধাতু আৰু অধাতুৰ সমসত্ত্ব মিশ্রণেই হৈছে সংকৰ ধাতু। সংকৰ ধাতুক গোটা দ্ৰৱ বুলিও কোৱা হয়। সংকৰ ধাতুবোৰক বহুল ভাবে দুটা শ্ৰেণীত ভাগ কৰিব পাৰি :

 

(a) লৌহ সংকৰ ধাতু: যিবোৰ সংকৰ ধাতুৰ এটা উপাদান আইৰণ, তেনেবোৰক লৌহ সংকৰ ধাতু বোলা হয়। উদাহৰণস্বৰূপে—আইৰণ আৰু কাৰ্বনৰ সংকৰ ধাতু হ’ল তীখা। আকৌ আইন, নিকেল আৰু ক্ৰমিয়ামৰ সংকৰ ধাতু হ’ল নিষ্কলংক তীখা। 

 

(b) অলৌহ সংকৰ ধাতু: আইৰণ উপাদান হিচাপে নথকা সংকৰ ধাতুক অলৌহ সংকৰ ধাতু বোলা হয়। উদাহৰণস্বৰূপে, মেগনেলিয়াম হ’ল এলুমিনিয়াম আৰু মেগনেছিয়ামৰ সংকৰ ধাতু ব্ৰঞ্জ হ’ল তাম আৰু টিনৰ সংকৰ ধাতু।

 

Q. 16. নিষ্কলংক তীখাৰ সংযুতি কি? এই সংকৰ ধাতুৰ দুটা ব্যৱহাৰ উল্লেখ কৰা।

 

Ans. নিষ্কলংক তীখাৰ সংযুতি―

 

আইৰণ (Fe)            70%

ক্রমিয়াম (Cr)            19%

নিকেল (Ni)              9%

কপাৰ (Cu)              1%

মেংগানিজ (Mn)    0.8%

কার্বন (C)           0.2%

বাচন-বৰ্তন, কটাৰী আৰু অস্ত্রোপচাৰৰ যন্ত্ৰ-পাতি নির্মাণত নিম্নলংক তীখা ব্যৱহাৰ কৰা হয়।

 

Q. 17. এলুমিনিয়ামৰ এটা সংকৰ ধাতুৰ নাম আৰু ইয়াৰ সংযুতি লিখা। 

 

Ans. এলুমিনিয়ামৰ এটা সংকৰ ধাতু হ’ল ডুৰালুমিন।

 

ডুৰালুমিনৰ শতকৰা সংযুতি— 

 

এলুমিনিয়াম (AI)                 95%

কপাৰ (Cu)                           4%

মেগনেছিয়াম (Mg)         0.5%

মেংগানিজ (Mn)                 0.5%

Q. 18. কি হ’ব যেতিয়া? সমীকৰণ লিখিবা―

 

(i) ছ’ডিয়ামৰ টুকুৰা এটা পানীত দিলে।

 

Ans. ছ’ডিয়াম (Na) ধাতুৱে পানীৰ লগত সাধাৰণ উষ্ণতাতে প্রচণ্ডভাৱে বিক্রিয়া কৰে আৰু পানীক বিয়োজিত কৰি ছ’ডিয়াম হাইড্ৰ’ক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। বিক্ৰিয়াটো ইমানেই বিস্ফ’ৰক যে বিক্ৰিয়াৰ সময়ছোৱাত উৎপন্ন হোৱা হাইড্ৰজেন গেছ তৎক্ষণাত জ্বলি শেষ হৈ যায়।

 

2Na (s) + 2H₂ (l) → 2NaOH (aq) + H₂ (g)

 

ছ’ডিয়াম  ঠাণ্ডাপানী      ছ’ডিয়াম   হাইড্ৰ’জেন হাইড্রক্সাইড

 

(ii) মেগানেছিয়াম বায়ুৰ পৰিৱেশত জ্বলালে।

 

Ans. মেগানেছিয়াম ঘৰৰ উষ্ণতাত বায়ুৰ লগত বিক্ৰিয়া নকৰে। কিন্তু তাপ প্রয়োগ কৰিলে, বায়ুৰ সংস্পৰ্শত উজ্জ্বলিত শিখাৰে জ্বলে আৰু মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে ৷

 

2Mg (s) + O₂ (g) –তাপ→ 2MgO

 

মেগনেছিয়াম বায়ুৰ অক্সিজেন মেগনেছিয়াম অক্সাইড

 

(iii) লোহিত তন্তু আইৰণৰ ওপৰেদি উতলা পানীৰ ভাপ যাবলৈ দিলে। 

 

Ans. আইৰণে ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া নকৰে। লোহিত তপ্ত আইৰণৰ ওপৰেদি পানীৰ ভাপ যাবলৈ দিওঁতে, পানীৰ ভাগৰ লগত ই বিক্ৰিয়া কৰি ফেৰ’ছ’ফেবিক অক্সাইড, Fe₃O₄ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

 

3Fe (s) + 4H₂O → Fe₃O₄(s) + 4H₂(g)

 

আইৰণ   পানীৰ ভাপ  ফেৰ’ছ’ ফেৰিক অক্সাইড হাইড্ৰ’জেন

 

(iv) পানীত মেগনেছিয়াম এটুকুৰা দিলে। 

 

Ans. মেগনেছিয়াম ঠাণ্ডা পানীৰ সৈতে বিক্ৰিয়া নকৰে। উতলা পানীৰ সৈতে ই বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।

 

Mg (s) + H₂O (l) → MgO (s) + H₂(g) 

 

মেগনেছিয়াম  উতলা পানী মেগনেছিয়াম অক্সাইড হাইড্ৰ’জেন 

 

(v) কপাৰ ছালফেটৰ দ্ৰৱত যিংকৰ দণ্ড এডাল ডুবালে।

 

Ans. বেছি সক্রিয় ধাতু এটাই ইয়াৰ লৱণৰ ভ্ৰৱৰ পৰা কম সক্রিয় ধাতু এটাকে অপসাৰিত কৰিব পাৰে। কপাৰ ছালফেটৰ দ্ৰৱ এটাত যিংকৰ দণ্ড এডাল ডুবাই ৰাখিলে, বৰণহীন যিংক ছালফেট দ্ৰৱ উৎপন্ন হোৱা বাবে কপাৰ ছালফেট দ্ৰৱটোৰ নীলা ৰঙটো লাহে লাহে নোহোৱা হৈ যায় আৰু যিংকৰ দণ্ডডালত ধাতবীয় কপাৰ জমা হয়।

 

Zn (s) + CuSO₄ (aq) → ZnSO₄ (aq) + Cu(s) 

 

যিংক  কপাৰ ছালফেট জিংক ছালফেট কপাৰ (বৰণহীন দ্ৰৱ)

 

যিংক কপাৰতকৈ বেছি বিদ্যুত ধনাত্মক। সেইবাবে, ই 2টা ইলেক্ট্রন ত্যাগ কৰে আৰু অৱটোত Zn²⁺ আয়ন গঠন কৰে। প্ৰৱটোত থকা কিউপ্রিক আয়নে (Cu²⁺) এই ইলেক্ট্ৰ’নবোৰে গ্ৰহণ কৰে আৰু কপাৰ পৰমাণুলৈ বিজাৰিত হৈ যিংকৰ দণ্ডডালত জমা হ’বলৈ ধৰে।

 

Zn → Zn²⁺ 2e⁻

 

যিংক  যিংক আয়ন ইলেক্ট্র’ন

 

Cu²⁺ + 2e⁻ → Cu

 

কিউগ্রিক আয়ন ইলেক্ট্রন কপাৰ

 

গোটেই বিক্রিয়াটো তলত দিয়াৰ দৰে উপস্থাপন কৰিব পাৰি 

 

Zn + Cu²⁺ Zn²⁺ + Cu

 

(vi) কেলছিয়াম কার্বনেট অতিকৈ উত্তপ্ত কৰিলে।

 

Ans. বায়ুৰ অনুপস্থিতিত কেলছিয়াম কার্বনেটক গলনাংকৰ তলৰ এটা উষ্ণতাত অতিকৈ উত্তপ্ত কৰিলে, (দগ্ধীকৰণ), ই বিয়োজিত হৈ কেলছিয়াম অক্সাইড আৰু কার্বন-ডাই-অক্সাইড গেছ উৎপন্ন কৰে আৰু উদ্বায়ী অশুদ্ধিবোৰ আঁতৰি যায়।

 

CaCO₃ (s) –দগ্ধীকৰণ→ CaO(s) + CO₂ (g)

 

কেলছিয়াম কার্বনেট কেলছিয়াম অক্সাইড কার্বন-ডাই-অক্সাইড

 

(vii) কপাৰ অক্সাইড আৰু ক’কৰ মিশ্ৰণ উত্তপ্ত কৰিলে।

 

Ans. সক্রিয়তা শ্ৰেণীৰ মাজৰ অংশৰ ধাতুবোৰ (যেনে – যিংক, আইৰণ, কপাৰ, নিকেল আদি)-ৰ অক্সাইডবোৰ উত্তপ্ত কৰিলে ধাতুবোৰক মুক্ত অৱস্থাত পাব নোৱাৰি। সিহঁতক এটা বিজাৰকৰ সৈতে উত্তপ্ত কৰাটো প্ৰয়োজনীয়। কপাৰ অক্সাইড আৰু ক’ক (কাৰ্বন)ৰ মিশ্ৰণ এটা উত্তপ্ত কৰিলে শক্তিশালী বিজাৰক হিচাপে ক’কে কপাৰ অক্সাইডক মুক্ত কপাৰ ধাতুলৈ পৰিৱৰ্তন কৰে।

 

CuO (s) + C (s) → Cu (s) + CO (g)

 

কপাৰ অক্সাইড ক’ক কপাৰ ধাতু ‘কার্বন মন’ক্সাইড 

 

(viii) বিগলিত ছ’ডিয়াম ক্ল’ৰাইডৰ বিদ্যুত বিশ্লেষণ কৰিলে।

 

Ans. বিগলিত ছ’ডিয়াম ক্ল’ৰাইডৰ বিদ্যুত বিশ্লেষণ : বিগলিত NaCl ৰ মাজেৰে বিদ্যুত প্রবাহ চালিত কৰিলে কেথ’ডত ধাতবীয় ছ’ডিয়াম

 

নির্গত হয়।

 

NaCl ⇔Na⁺ + CI⁻ (ই এটা উভমুখী বিক্রিয়া)

 

কেথ’ডত, Na⁺ + e⁻ → Na (বিজাৰণ) 

 

এন’ডত, Cl⁻ → CI (জাৰণ)

 

CI + CI → Cl₂ 

   

Q. 30. বর্গ এটাত মৌলবোৰৰ ধাতবীয় ধৰ্মৰ কেনেদৰে পৰিৱৰ্তন হয়? 

 

Ans. বৰ্গ এটাৰ যিমানেই তললৈ আমি নামি যাওঁ ধাতবীয় ধর্ম বা বিদ্যুত্ ধনাত্মক ধর্ম সিমানেই বাঢ়ি যায়। বৰ্গ এটাৰ আটাইতকৈ তলৰ মৌলটোৰ ধাতবীয় ধর্ম আটাইতকৈ বেছি।

 

Q. 31. আটাইতকৈ বেছি ঘনত্বৰ ধাতু এটাৰ নাম লিখা। 

 

Ans. ইৰিডিয়াম (Ir) ধাতুৰ ঘনত্ব আটাইতকৈ বেছি।

 

Q. 32. ধাতুবোৰৰ কিয় ডিক্স বিক্রিয়া হয়?

 

Ans. ৰাসায়নিক বিক্ৰিয়াবোৰত, ধাতুৰ পৰমাণুবোৰে সিহঁতৰ যোজক কক্ষৰ পৰা অতি সহজে ইলেক্ট্র’ন ত্যাগ কৰে আৰু ধনাত্মক আধানযুক্ত আয়ন (কেটায়ন) লৈ জাৰিত হয়। সেইকাৰণে, ধাতুবোৰে ডিক্স বিক্রিয়া কৰে।

 

Q. 33. ধাতুবোৰে কি প্ৰকাৰৰ অক্সাইড গঠন কৰে? 

 

Ans. ধাতুবোৰে সাধাৰণতে ক্ষাৰকীয় অক্সাইড গঠন কৰে।

 

4Na +O₂ → Na₂O

 

 ছ’ডিয়াম অক্সাইড

 

Q. 34. ব্ৰঞ্জৰ সংযুতি কি?

 

Ans. ব্ৰঞ্জৰ সংযুতি : কপাৰ (CU) : 90% ; টিন (Sn) : 10%

 

Q. 35. অধাতুৰ কেইটামান ভৌতিক আৰু ৰাসায়নিক ধর্ম উল্লেখ কৰা।

 

Ans. ভৌতিক ধর্ম:

 

(i) ভৌতিক অবস্থা: সাধাৰণ উষ্ণতাত অধাতুবোৰ গোটা বা গেছীয় অৱস্থাত থাকে। ব্যতিক্রম : ব্র’মিন (Br₂) ; এই অধাতুটো সাধাৰণ উষ্ণতাত তৰল পদার্থ হিচাপে থাকে।

 

(ii) ঘাত সহনীয়তা: অধাতুবোৰ ঘাত সহনীয় নহয় অর্থাৎ ইহঁতক পিটি পাতল পাত তৈয়াৰ কৰিব নোৱাৰি। 

 

(iii) নমনীয়তা: অধাতুবোৰ নমনীয় নহয় অর্থাৎ ইহঁতৰ পৰা মিহি তাঁৰ প্ৰস্তুত কৰিব নোৱাৰি। 

 

(iv) চিক্‌মিকনি: অধাতুবোৰ চিক্‌মিকাই নাথাকে।

 

ব্যতিক্রম : আয়ডিন আৰু প্ৰেফাইটৰ ধাতৱীয় চিক্‌মিকনি থাকে।

 

(v) বিদ্যুত পৰিবাহীতা: সাধাৰণতে অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী। ব্যতিক্রম : অধাতু যদিও গ্রেফাইট, কিন্তু ই বিদ্যুতৰ সু-পৰিবাহী।

 

■ ৰাসায়নিক ধর্ম:

 

(i) বিদ্যুত ঋণতা: অধাতুবোৰ সাধাৰণতে বিদ্যুত ঋণাত্মক মৌল। ৰাসায়নিক বিক্ৰিয়াত ধাতুৰ পৰমাণুবোৰৰ ত্যাগ কৰা ইলেক্ট্ৰ’ন ইহঁতে গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰে। 

 

ব্যতিক্রম : হাইড্ৰ’জেন (এটা অধাতু) বিদ্যুত ধনাত্মক।

 

(ii) হাইড্ৰ’জেনৰ সৈতে বিক্রিয়া: অধাতুবোৰে হাইড্ৰ’জেনৰ সৈতে মিলিত হৈ সুস্থিৰ হাইড্রাইড উৎপন্ন কৰে।

 

N₂                 +       3H₃             → 2NH₃

 

নাইট্ৰ’জেন             হাইড্ৰ’জেন             এমনিয়া 

 

অধাতুৰ আটাইবোৰ হাইড্রাইড সহযোজী।

 

(iii) এছিডৰ সৈতে বিক্রিয়া: অধাতুবোৰে সাধাৰণতে লঘু এছিডৰ সৈতে বিক্রিয়া নকৰে।

 

(iv) পানীৰে বিক্রিয়া: অধাতুবোৰে পানীৰ সৈতে বিক্ৰিয়া নকৰে। 

 

(v) জাৰক পদার্থ: অধাতুবোৰ জাৰক পদার্থ। এই ক্ষেত্ৰত বতিক্রম হ’ল কার্বন। ই এটা বিজাৰক পদার্থ।

 

Q.36. পনীয়া HCI এছিডৰ লগত কপাৰ অক্সাইডৰ ৰাসায়নিক বিক্রিয়া ঘটি নীলা-সেউজীয়া বৰণৰ দ্ৰৱৰ সৃষ্টি হয়। সৃষ্টি হোৱা যৌগটো কি কি? নীলা- সেউজীয়া বৰণৰ দ্ৰৱ সৃষ্টিকাৰী ৰাসায়নিক বিক্ৰিয়াটো লিখা। 

 

Ans. সৃষ্টি হোৱা যৌগটো হ’ল: CuCI₂ এই যৌগটোৰ কাৰণে দ্ৰৱটোৰ ৰং নীলা- সেউজীয়া হয়।

 

CuO + 2HCl → CuCl₂ + H₂O 

 

Q. 37. তলত দিয়া অক্সাইডবোৰৰ পৰা উভধৰ্মী অক্সাইড বাছি উলিওৱা ৷

 

Na₂ O, ZnO, Al₂O₃, CO₂, H₂O

 

Ans. উভধর্মী অক্সাইড : Al₂O₃, ZnO.

 

Q. 38. দুটা ধাতুৰ নাম উল্লেখ কৰা যি ধাতু দুটা চেঁচা পানীৰ লগত তীব্রভাবে বিক্রিয়া কৰে। বিক্রিয়া ঘটাৰ সময়তে তোমালোকে কি কি ঘটনা লক্ষ্য কৰিলা? উদ্ভৰ হোৱা গেছটো চিনাক্ত কৰা।

 

Ans. চেঁচা পানীৰ লগত ছ’ডিয়াম আৰু পটেছিয়াম তীব্রভাবে বিক্রিয়া কৰে। এই বিক্রিয়া ঘটাৰ সময়ত হাইড্ৰজেন গেছ বুৰবুৰণি আকাৰে নিৰ্গত হয়। তীব্র তাপৰ সৃষ্টি হয়। পৰীক্ষা নলীটোৰ মুখত এটা জ্বলন্ত কাঠি ৰাখিলে গেছটো চট্‌চট্ শব্দ কৰি জ্বলি থাকে।

 

Q.39. মেংগানিজ ডাই-অক্সাইডৰ পৰা মেংগানিজ নিষ্কাশন কৰাৰ সময়তে ব্যৱহৃত বিজাৰকটোৰ নাম উল্লেখ কৰা।

 

Ans. এলুমিনিয়াম।

 

B. I. সত্য নে অসত্য উল্লেখ কৰা:

 

(1) কপাৰে পনীয়া আৰু জাৰক গুণ নথকা দ্ৰৱ্যৰ সৈতে বিক্রিয়া নকৰে।

 

Ans. সত্য।

 

(2) সকলোবোৰ অধাতু বিদ্যুতৰ কুপৰিবাহী।

 

Ans, অসত্য। 

 

(3) দন্ধীকৰণ বায়ুৰ উপস্থিতিত কৰা হয়।

 

Ans. অসত্য।

 

(4) ব্রঞ্জ এবিধ অলৌহ সংকৰ ধাতু। 

 

Ans. সত্য।

 

(5) ঠাণ্ডা পানীৰ সৈতে ছ’ডিয়াম ধাতুৰ বিক্ৰিয়াটো অতি বিস্ফোৰক।

 

Ans. সত্য।

 

(6) কম সক্রিয় কোনো ধাতুৱে, বেছি সক্রিয় ধাতুক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰণ কৰে।

 

Ans. অসত্য। 

 

(7) টিনৰ মুখ্য আকৰ টিনষ্ট’ন।

 

Ans. সত্য।

 

(8) ক’ক এটা বৰ শক্তিশালী জাৰক দ্রব্য।

 

Ans. অসত্য।

 

(9) ধাতুৰ সক্রিয়তা শ্ৰেণীত, মেগনেছিয়াম আইৰণৰ তলত থাকে। 

 

Ans. অসত্য।

 

(10) থিয় ৰিটৰ্ট পদ্ধতিটো, যিংক ব্লেণ্ডৰ পৰা যিংক নিষ্কাশনৰ লগত জড়িত।

 

Ans. সত্য।

 

II. তলত দিয়া উক্তিবোৰৰ পৰা শুদ্ধ উত্তৰবোৰ বাছি উলিওৱা ভুল উক্তিবোৰ শুধৰাই লিখিবা:

 

(1) ধাতুবোৰৰ ভিতৰত ছিলভাৰ বিদ্যুতৰ আটাইতকৈ সুপৰিবাহী। 

 

Ans. শুদ্ধ উক্তি।

 

(2) ধাতুবোৰ পৰ্য্যাবৃত্ত তালিকাৰ সোঁফালে থাকে। 

 

Ans. শুদ্ধ উক্তি।

 

(3) এলকালি ধাতুবোৰৰ ধাতবীয় গুণ লিথিয়ামৰ পৰা ফ্রেঞ্চিয়ামলৈ ক্রমান্বয়ে বাঢ়ি যায়।

 

Ans. শুদ্ধ উক্তি।

 

(4) পিতল হৈছে কপাৰ আৰু টিনৰ সংকৰ ধাতু।

 

Ans. ভুল উক্তি। শুদ্ধ উক্তি : পিতল হৈছে কপাৰ আৰু জিংকৰ সংকৰ ধাতু। [

 

(5) কাৰ্বন বিজাৰণ পদ্ধতিৰে ছ’ডিয়ামৰ নিষ্কাশন কৰা হয়।

 

Ans. ভুল উক্তি।

 

শুদ্ধ উক্তি : বিদ্যুত বিজাৰণ পদ্ধতিৰে ছ’ডিয়ামৰ নিষ্কাশন কৰা হয়।

 

C. শুদ্ধ উত্তৰটো বাছি উলিওৱা:

 

(1) পৃথিৱীৰ খোলাটোত আটাইতকৈ বেছি পৰিমাণে পোৱা ধাতুটো হৈছে―

 

(a) আইৰণ

 

(b) এলুমিনিয়াম

 

(c) কপাৰ

 

(d) যিংক

 

Ans. (b) এলুমিনিয়াম। 

 

(2) তলত দিয়াবোৰৰ ভিতৰত কোনটো ধাতুকল্প নহয়?

 

(a) জার্মেনিয়াম 

 

(b) ছিলিকন

 

(c) এন্টিমনি

 

(d) বিছমাথ

 

Ans. (d) বিছমাথ।

 

(3) তলত দিয়া ধাতুবোৰৰ ভিতৰত কোনটো তাপৰ আটাইতকৈ কম পৰিবাহী?

 

(a) লেভ 

 

(b) যিংক

 

(c) আইৰণ

 

(d) কপাৰ

 

Ans. (a) লেড।

 

(4) তলত দিয়া কোনটো ধাতুৱে পানীৰ সৈতে কোনো উষ্ণতাতে বিক্রিয়া নকৰে?

 

(a) পটেছিয়াম 

 

(b) কেলছিয়াম

 

(c) কপাৰ

 

(d) আইৰণ

 

Ans. (c) কপাৰ। 

 

(5) অক্সিজেনৰ সৈতে Na, Zn, Cu, Mg ৰ সক্ৰিয়তাৰ ক্ৰমটো―

 

(a) Na> Mg> Zn> Cu 

 

(b) Mg> Na> Zn> Cu

 

(c) Na> Zn> Mg > Cu 

 

(d) Na> Cu> Mg> Zn

 

Ans. (a) Na> Mg> Zn > Cul 

 

(6) ধাতুৰ সক্রিয়তা শ্ৰেণীৰ হাইড্ৰ’জেনৰ তলত, তলৰ কোনটো ধাতু আছে?

 

(a) ছ’ডিয়াম

 

(b) এলুমিনিয়াম

 

(c) টিন

 

(d) কপাৰ

 

Ans. (d) কপাৰ।

 

(7) ধাতুৰ সক্রিয়তা শ্ৰেণীৰ আটাইতকৈ নিষ্ক্রিয় ধাতুটো—

 

(a) ছিলভাৰ

 

(b) প্লেটিনাম

 

(c) গোল্ড

 

(d) যিংক

 

Ans. (b) প্লেটিনাম।

 

(8) মুক্ত অৱস্থাত পোৱা ধাতুটো—

 

(a) এলুমিনিয়াম

 

(b) আইৰণ

 

(c) গোল্ড

 

(d) যিংক

 

Ans. (c) গোল্ড।

 

(9) ফেন ওপঙন পদ্ধতিৰে গাঢ় কৰা আক―

 

(a) ছালফাইড আকৰ 

 

(b) অক্সাইড আকৰ

 

(c) কার্বনেট আকৰ

 

(d) সকলো প্ৰকাৰৰ আকৰ

 

Ans. (a) ছালফাইড আকৰ।

 

(10) তলৰ কোনটো সংকৰ ধাতুত কপাৰ উপাদান হিচাপে নাথাকে?

 

(a) পিতল

 

(b) ব্রঞ্জ

 

(c) জার্মান ছিলভাৰ

 

(d) নিকেল তীখা

 

Ans. (d) নিকেল তীথা।

 

Leave a Comment

Your email address will not be published. Required fields are marked *

× Ask Any question