Class 10 Science Chapter 2 এছিড ক্ষাৰক আৰু লৱণ | mcq | seba class 10 science ch 2 question answers |

Class 10 Science Chapter 2 এছিড ক্ষাৰক আৰু লৱণ, দশম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 10 Science Question Answer

Multiple Choice Questions & Answers

1. তলৰ কোনটো pH মানৰ পৰিসৰত মানৱ শৰীৰে ভালদৰে কাৰ্য কৰে –

(a) 5.6 তকৈ কম।

(b) 5.5 তকৈ কম।

(c) 7.0 ৰ পৰা 7.8।

(d) 0 ৰ পৰা 14। 

উত্তৰঃ (c) 7.0 ৰ পৰা 7.8।

2. তলৰ কোনটো pH মানৰ পৰিসৰত আমাৰ দন্তক্ষয়ৰ সূচনা হয়-

(a) 7.0 তকৈ কম।

(b) 5.5 তকৈ কম।

(c) 5.6 তকৈ বেছি।

(d) 5.5 তকৈ বেছি।

উত্তৰঃ  (b) 5.5 তকৈ কম।

3. চোৰাত পাতৰ শুঙে বিন্ধিলে তলৰ কোনটো এচিড নিঃসৃত হয়-  

(a) এছেটিক এচিড।

(b) চাইট্রিক এচিড।

(c) লেক্‌টিক এচিড।

(d) মিথানয়িক এচিড।

উত্তৰঃ (d) মিথানয়িক এচিড।

4. ছডিয়াম ক্ল’ৰাইড তলৰ কোন প্ৰকৃতিৰ লৱণ—

(a) প্রশম।

(b) ক্ষাৰকীয়।

(c) আম্লিক।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) প্রশম।

5. এবিধ তীব্র এচিড আৰু এবিধ মৃদু ক্ষাৰকৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণৰ প্ৰকৃতি—

(a) ক্ষাৰকীয়।

(b) আম্লিক।

(c) প্রশম।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (b) আম্লিক।

6. এবিধ তীব্ৰ ক্ষাৰক আৰু এবিধ মৃদু এচিডৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি— 

(a) ক্ষাৰকীয়।

(b) প্রশম।

(c) আম্লিক।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) ক্ষাৰকীয়।

7. তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্রিয়াজাত লৱণবোৰৰ প্ৰকৃতি—

(a) প্রশম।

(b) আম্লিক।

(c) ক্ষাৰকীয়।

(d) ইয়াৰ এটাও নহয়।

উত্তৰঃ (a) প্রশম।

8. তলৰ কোনটো অধাতৱীয় অক্সাইডৰ প্ৰকৃতি প্রশম –

(a) CO₂ 

(b) SO₂ 

(c) H₂O 

(d) SO₃ 

উত্তৰঃ (c) H₂O 

9. তলৰ কোনবিধ ছ’ডিয়াম যৌগ অম্লনাশকবোৰৰ এটা উপাদান—

(a) ছ’ডিয়াম হাইড্রক্সাইড।

(b) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

(c) ছ’ডিয়াম কার্বনেট।

(d) ব্লিচিং পাউদাৰ।

উত্তৰঃ (b) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

10. তলৰ কোনবিধ যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়?

(a) কাপোৰ ধোৱা ছডা।

(b) বেকিং ছ’ডা।

(c) ছ’ডিয়াম হাইড্রক্সাইড।

(d) ব্লিচিং পাউদাৰ। 

উত্তৰঃ (a) কাপোৰ ধোৱা ছডা।

11. তলৰ কোনবিধ যৌগই ক্ল’ৰিণৰ সৈতে বিক্রিয়া কৰি ব্লিচিং পাউদাৰ উৎপন্ন কৰে?

(a) ছ’ডিয়াম হাইড্রক্সাইড।

(b) কেলছিয়াম হাইড্রক্সাইড।

(c) ছ’ডিয়াম কার্বনেট।

(d) পটেছিয়াম হাইড্রক্সাইড।

উত্তৰঃ (b) কেলছিয়াম হাইড্রক্সাইড।

12. প্লাষ্টাৰ অব পেৰিছে পানীৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ— 

(a) কপাৰ ছালফেট।

(b) ছ’ডিয়াম কার্বনেট।

(c) বেকিং ছডা। 

(d) জিপছাম।

উত্তৰঃ (d) জিপছাম।

13. এটা দ্রৱই নীলা লিটমাছ ৰঙা কৰে। ইয়াৰ সাম্ভাব্য pH মান হ’ব—  

(a) 1 

(b) 7

(c) 8

(d) 10

উত্তৰঃ (a) 1

14. তলৰ কোনবিধ যৌগ উত্তপ্ত কৰি ছ’ডিয়াম কার্বনেট পাব পাৰি — 

(a) শিথিলিত চূণ।

(b) বেকিং ছডা।

(c) জিপছাম।

(d) প্লাষ্টাৰ অব পেৰিছ।

উত্তৰঃ (b) বেকিং ছডা।

15. ক্ল’ৰ – এলকালি পদ্ধতিত উৎপন্ন হয় — 

(a) ছ’ডিয়াম হাইড্র’ক্সাইড।

(b) ক্ল’ৰিণ।

(c) হাইড্ৰ’জেন।

(d) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (d) ওপৰৰ আটাইকেইটা।

16. এচিড বৰষুণৰ pH মানৰ পৰিসৰ—

(a) 7.0 – 7.8

(b) 0

(c) 5.6 তকৈ কম।

(d) 5.6 তকৈ বেছি।

উত্তৰঃ (c) 5.6 তকৈ কম।

 

Class 10 Science Chapter 2 এছিড ক্ষাৰক আৰু লৱণ

17. এচিড আৰু ধাতুৰ মাজৰ বিক্ৰিয়াত উৎপন্ন হোৱা গেছটো— 

(a) কার্বন ডাইঅক্সাইড। 

(b) হাইড্ৰ’জেন।

(c) নাইট্ৰ’জেন।

(d) অক্সিজেন।

উত্তৰঃ (b) হাইড্ৰ’জেন।

18. এচিডে ধাতৱ কার্বনেট বা হাইড্ৰ’জেনকার্বনেটৰ লগত বিক্ৰিয়া কৰিলে উৎপন্ন হোৱা গেছটো–

(a) হাইড্ৰ’জেন।

(b) নাইট্ৰ’জেন।

(c) কার্বন ডাইঅক্সাইড।

(d) ছালফাৰ ডাই অক্সাইড।

উত্তৰঃ (c) কার্বন ডাইঅক্সাইড।

19. ছডা এচিড অগ্নি নির্বাপক যন্ত্ৰত ব্যৱহাৰ হোৱা ছ’ডিয়াম যৌগ–

(a) বেকিং ছড়া।

(b) ছ’ডিয়াম হাইড্রক্সাইড।

(c) কাপোৰ ধোৱা ছডা।

(d) পটাছিয়াম হাইড্রক্সাইড।

উত্তৰঃ (a) বেকিং ছড়া।

20. ব’ৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ হোৱা ছ’ডিয়াম যৌগবিধ–

(a) ছডিয়াম হাইড্রক্সাইড।

(b) কাপোৰ ধোৱা ছ’ডা। 

(c) বেকিং ছ’ডা।

(d) ছ’ডিয়াম ক্ল’ৰাইড।

উত্তৰঃ (b) কাপোৰ ধোৱা ছ’ডা। 

21. তলৰ কোনবিধ এবিধ প্রাকৃতিক সূচক নহয়? 

(a) লিটমাছ।

(b) হাইড্ৰে’নজিয়াৰ পাহি।

(c) মিথাইল অৰেঞ্জ।

(d) হালধী।

উত্তৰঃ (c) মিথাইল অৰেঞ্জ ।

22. প্রশম মাধ্যমত লিটমাছ দ্ৰবৰ বৰণ–

(a) বেগুনবুলীয়া।

(b) ৰঙা।

(c) নীলা।

(d) সেউজীয়া-নীলা।

উত্তৰঃ (a) বেগুনবুলীয়া।

23. তলৰ কোনটো এটা সাংশ্লেষিক সূচক? 

(a) লিটমাছ।

(b) জবা ফুলৰ পাহি। 

(c) হালধী।

(d) ফিন’ল ‘ফথেলিন।

উত্তৰঃ (d) ফিন’ল ‘ফথেলিন।

24. তলৰ কোনবিধ ঘ্রাণেন্দ্রিক সূচক?

(a) হালধী।

(b) লিটমাছ।

(c) পিয়াজ।

(d) মিথাইল অৰেঞ্জ।

উত্তৰঃ (c) পিয়াজ।

25. প্রশমন বিক্ৰিয়াত–

(i) এছিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰে।  

(ii) লৱণ আৰু পানী উৎপন্ন হয়।

(iii) এছিড আৰু ক্ষাৰক উভয়ে উভয়ৰ প্ৰভাৱ নোহোৱা কৰে। 

(iv) লৱণ আৰু H₂উৎপন্ন হয়।

শুদ্ধ উক্তি/উক্তিবোৰ হ’ল—

(a) (i) আৰু (ii)

(b) (ii) আৰু (iii)

(c) কেৱল (ii)

(d) (i) আৰু (iv)

উত্তৰঃ (b) (ii) আৰু (iii)

26. ক্ষাৰকে পানীত উৎপন্ন কৰা আয়নটো হ’ল। 

(a) H⁺ 

(b) H₂O⁺ 

(c) OH⁻ 

(d) H ⁻

উত্তৰঃ  (c) OH⁻ 

27. পানীত দ্রবীভূত ক্ষাৰকক কোৱা হয়।

(a) তীব্র ক্ষাৰক।

(b) মৃদু ক্ষাৰক।

(c) এলকালয়ড।

(d) ক্ষাৰ।

উত্তৰঃ (d) ক্ষাৰ।

28. যৌগ CaOCl₂ ৰ সাধাৰণ নাম–

(a) ব্লিচিং পাউদাৰ।

(b) বেকিং ছডা।

(c) বেকিং পাউদাৰ।

(d) কাপোৰ ধোৱা ছডা। 

উত্তৰঃ (a) ব্লিচিং পাউদাৰ।

29. বেকিং ছ’ডাৰ ৰাসায়নিক নাম–

(a) ছ’ডিয়াম হাইড্রক্সাইড।

(b) ছ’ডিয়াম কার্বনেট।

(c) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

(d) ছ’ডিয়াম অক্সাইড।

উত্তৰঃ (c) ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট।

30. ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেট উত্তপ্ত কৰিলে পোৱা যায়–

(i) ছ’ডিয়াম কার্বনেট। 

(ii) কার্বন ডাই অক্সাইড।

(iii) এছিডৰ ছ’ডিয়াম লৱণ। 

(iv) পানী।

শুদ্ধ বিকল্পটো হ’ল- 

(a) (i), (iii)

(b) (i), (iii)

(c) (ii), (iii), (iv)

(d) (i), (ii), (iv)

উত্তৰঃ (d) (i), (ii), (iv)

Class 10 Science Chapter 2 এছিড ক্ষাৰক আৰু লৱণ

                                                                                                          অতি চমু প্রশ্নোত্তৰ

1. এচিড কি?

উত্তৰঃ যিবোৰ পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ H’ আয়ন মুক্ত কৰে, সেইবিলাকক‌ এচিড বোলে।

2. তীব্র এচিড কি?

উত্তৰঃ যিবোৰ এচিডে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে H+ আয়ন মুক্ত কৰে, সেইবিলাকক তীব্র এচিড বোলে। যেনে HCI, H₂SO₄ HNO₃ আদি। 

3. মৃদু এচিড কি? 

উত্তৰঃ যিবোৰ এচিডে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত নহয় আৰু কম পৰিমাণে H আয়ন মুক্ত কৰে, সেই বিলাকক মৃদু এচিড বোলে৷ যেনে – H₂CO₃, CH₃COOH আদি। 

4. ক্ষাৰক কাক বোলে? 

উত্তৰঃ যিবিলাক পদাৰ্থই জলীয় দ্ৰৱত আয়নিত হৈ OH⁻ আয়ন মুক্ত কৰে, সেইবিলাকক ক্ষাৰক বোলে।

5. তীব্র ক্ষাৰকবোৰ কি?

উত্তৰঃ যিবিলাক ক্ষাৰকে জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নিত হৈ অধিক পৰিমাণে OH⁻ মুক্ত কৰে, সেইবিলাকক তীব্র ক্ষাৰক বোলে। যেনে— NaOH, KOH আদি। 

6. মৃদু ক্ষাৰবোৰ কি?

উত্তৰঃ যিবিলাক ক্ষাৰকে জলীয় দ্রৱত সম্পূৰ্ণৰূপে আয়নিত নহয় আৰু কম‌ পৰিমাণে আয়ন‌ OH⁻ মুক্ত কৰে, সেইবিলাকক  মৃদু ক্ষাৰক বোলে। যেনে–

Mg(OH)₂ , Al(OH)₃  আদি।

7. ক্ষাৰ বা এলকালি কি?

উত্তৰঃ পানীত দ্ৰৱণীয় ক্ষাৰকবোৰক ক্ষাৰ বা এলকাপি বোলে। যেনে — NaOH, KOH আদি।

8. সূচক কি?

উত্তৰঃ যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিবৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে, সিহঁতক অম্ল-ক্ষাৰক সূচক বা সূচক বোলে। 

9. দুবিধ প্রাকৃতিক সূচকৰ উদাহৰণ দিয়া। 

উত্তৰঃ লিটমাছ‚ হালধী।

10. দুবিধ সাংশ্লেষিক সূচকৰ নাম লিখা।

উত্তৰঃ মিথাইল অৰেঞ্জ ফিন’লফ্থেলিন।

Very Short & Short Type Questions and Answers

1. সূচক কি? 

উত্তৰঃ  যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ৰঙৰ পৰিৱৰ্তন কৰি এচিড আৰু ক্ষাৰকৰ চিনাক্তকৰণত সহায় কৰে, সিহঁতক অম্ল-ক্ষাৰক সুচক বা সূচক বোলে।

2. দুবিধ প্রাকৃতিক সূচকৰ উদাহৰণ দিয়া। 

উত্তৰঃ লিটমাছ, হালধী। 

3. দুবিধ সাংশ্লেষিক সূচকৰ নাম লিখা। 

উত্তৰঃ মিথাইল অৰেঞ্জ, ফিন’লথেলিন। 

4. ঘ্রাণেন্দ্রিক সূচক কি? 

উত্তৰঃ যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধ সলনি কৰি এচিড আৰু ক্ষাৰকক চিনাক্ত কৰাত সহায় কৰে, সেইবিলাকক ঘ্রাণেন্দ্রিক সূচক বোলে।

5. ঘ্রাণেন্দ্ৰিক সূচকৰ তিনিটা উদাহৰণ দিয়া ৷ 

উত্তৰঃ  পিয়াজ, লং, ভেনিলা। 

6. সার্বজনীন সূচক কি?

উত্তৰঃ সাৰ্বজনীন সূচক হ’ল বহুকেইটা সূচক এক মিশ্রণ, যিয়ে দ্ৰৱ এটাত হাইড্ৰ’জেন আয়নৰ ভিন ভিন গাঢ়তাত ভিন ভিন ৰং প্ৰদৰ্শন কৰে ।

7. এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে গেছ নির্গত হয়? 

উত্তৰঃ  হাইড্ৰ’জেন।

8. এচিডে ধাতৱ কার্বনেট বা হাইড্ৰ’জেন কার্বনেটৰ সৈতে বিক্ৰিয়া কৰিলে কোনটো গেছ নির্গত হয়? 

উত্তৰঃ কাৰ্বন ডাইঅক্সাইড।

9. এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়? 

উত্তৰঃ লৱণ আৰু পানী। 

10. হাইড্ৰ’নিয়াম বা অক্স’নিয়াম আয়ন কি? 

উত্তৰঃ  জলীয় দ্রৱত এচিডে উৎপন্ন কৰা H⁺ আয়নটোৱে লগে লগে পানীৰ লগত বিক্ৰিয়া কৰি H₃O⁺ আয়ন গঠন কৰে। ইয়াক হাইড্ৰ’নিয়াম বা অক্স ‘নিয়াম আয়ন বোলে।

11. এচিড আৰু ক্ষাৰকৰ লঘুকৰণে কি বুজায় ? 

উত্তৰঃ এচিড বা ক্ষাৰক পানীৰে সৈতে মিহলালে প্রতি একক আয়তনত H₃O⁺ বা OH⁻ আয়নৰ গাঢ়তা হ্রাস এই প্রক্রিয়াক এচিড আৰু ক্ষাৰকৰ লঘুকৰণ বোলে।

12. pH স্কেল কি? 

উত্তৰঃ প্ৰৱত হাইড্ৰ’জেন আয়নৰ গাঢ়তা জুখিবলৈ এবিধ স্কেল উদ্ভাৱন কৰা হৈছে। এই স্কেলক pH স্কেল বোলে। 

13. pH স্কেলৰ পৰিসৰ কি? 

উত্তৰঃ  0 ৰ পৰা 14

14. এচিড বৰষুণ কি? 

উত্তৰঃ  বৰষুণৰ পানীৰ pH মান 5.6 তকৈ কম হ’লে তাক এচিড বৰষুণ বোলা হয়৷

15. ক্ল’ৰ – এলকালি পদ্ধতি কি? 

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্রৱ (ব্রাইন)ৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে ই বিয়োজিত হৈ ছ’ডিয়াম হাইড্ৰ’ক্সাইড, ক্ল’ৰিণ আৰু হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। এই পদ্ধতিক ক্ল’ৰ-এলকালি পদ্ধতি বোলে।

16. ক্ল’ৰ এলকালি পদ্ধতিৰে উৎপন্ন কৰা ছ’ডিয়াম যৌগটো কি?  

উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’ক্সাইড। 

17. ব্রাইন কি? 

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইডৰ জলীয় দ্রৱক ব্রাইন বোলে। 

18. ব্লিচিং পাউদাৰৰ ৰাসায়নিক সংকেতটো লিখা ।  

উত্তৰঃ  CaOCl₂

19. বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি? 

উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’জেনকার্বনেট। 

20. বেকিং পাউদাৰ কি? 

উত্তৰঃ বেকিং পাউদাৰ হ’ল বেকিং ছ’ডা আৰু টাৰটাৰিক এচিডৰ দৰে ভক্ষণীয়, মৃদু এচিডৰ মিশ্রণ। 

21. কাপোৰ ধোৱা ছ’ডাৰ ৰাসায়নিক সংকেত লিখা। 

উত্তৰঃ Na₂CO₃. 10H₂O

22. কাপোৰ ধোৱা ছ’’ডাৰ ৰাসায়নিক নাম কি? 

উত্তৰঃ আৰ্দ্ৰ ছ’ডিয়াম কার্বনেট। 

23. স্ফটিকাবদ্ধ জল কি? 

উত্তৰঃ স্ফটিকাবদ্ধ জল হ’ল লৱণ এটাৰ সংকেত এককত থকা নির্দিষ্ট সংখ্যক পানীৰ অণু।

24. দুবিধ স্ফটিকাবদ্ধ জল থকা লৱণৰ উদাহৰণ দিয়া। 

উত্তৰঃ কপাৰ ছালফেট (CuSO₄.5H₂O), জিপছাম (CuSO₄.2H₂O)।

25. প্লাষ্টাৰ অব পেৰিছ কি? 

উত্তৰঃ প্লাষ্টাৰ অব পেৰিছ হ’ল এবিধ বগা পাউদাৰ যাক ৰাসায়নিকভাৱে কেলছিয়াম ছালফেট হেমিহাইড্রেট CaSO₄.1/2H₂O হিচাপে জনা যায়৷

26. প্লাষ্টাৰ অব পেৰিছৰ সংকেতত পানীৰ অণু এটাৰ আধাহে সংযোজিত হৈ থকা দেখুওৱা হয় কিয়? 

উত্তৰঃ কাৰণ, CaSO₄ ৰ দুটা সংকেত এককে পানীৰ এটা অণুক ধৰি ৰাখে। 

27. প্লাষ্টাৰ অব পেৰিছ কেনেদৰে উৎপন্ন কৰা হয়? 

উত্তৰঃ জিপছামক 373K উষ্ণতাত উত্তপ্ত কৰিলে ই পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্রেট বা প্লাষ্টাৰ অব পেৰিছত পৰিণত হয়। 

28. হাইড্ৰ’ক্লৰিক এচিড আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ বিক্ৰিয়াৰ ফলত উৎপন্ন থেৱা লৱণবিধ কি? বিক্ৰিয়াটো লিখা।

উত্তৰঃ ছ’ডিয়াম ক্ল’ৰাইড।

HCl + NaOH → NaCl + H₂O 

29. ছডিয়াম ক্ল’ৰাইড কি প্ৰকৃতিৰ লৱণ? ইয়াৰ pH মান কিমান? 

উত্তৰঃ প্ৰশম প্ৰকৃতিৰ। ইয়াৰ pH মান 71 

30. ব্লিচিং পাউডাৰ কি?

উত্তৰঃ ই এবিধ বগা পাউডাৰ যাক ৰাসায়নিকভাৱে কেলছিয়াম অক্সিক্ল’ৰাইড (CaOCl₂) হিচাপে জনা যায় ৷ 

31. বেকিং ছ’ডা কি? 

উত্তৰঃ : ই এবিধ মৃদু ক্ষাৰকীয় লৱণ যাক ৰাসায়নিকভাৱে ছ’ডিয়াম হাইড্ৰ’জেন কার্বনেট (NaHCO₃) হিচাপে জনা যায়। 

32. কাপোৰ ধোৱা ছ’ডা কি?

উত্তৰঃ ই এবিধ ক্ষাৰকীয় লৱণ যাক ৰাসায়নিকভাৱে আর্দ্র ছ’ডিয়াম কার্বনেট (Na₂CO₃.10H₂O) হিচাপে জনা যায়। 

33. প্রশমন বিক্রিয়া কি? 

উত্তৰঃ এছিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াৰ ফলত লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্রিয়াক প্রশমন বিক্রিয়া বোলে।

34. এটা প্ৰশমন বিক্ৰিয়াৰ উদাহৰণ দিয়া। 

উত্তৰঃ HCl + NaOH → NaCl + H₂O 

35. এটা দ্ৰৱত ফিন’লথেলিনৰ ৰং গুলপীয়া হয়। দ্রৱটোৰ প্ৰকৃতি আৰু pH কিমান হ’ব? 

উত্তৰঃ দ্ৰৱৰ প্ৰকৃতি : ক্ষাৰকীয়; pH মান : 7 তকৈ বেছি।

36. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়?

উত্তৰঃ লৱণ আৰু হাইড্ৰ’জেন গেছ। 

37. এছিড আৰু ধাতুৰ মাজৰ বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ  Zn + H₂SO₄ →ZnSO₄ + H₂।

38. এছিডে ধাতৱ কার্বনেট বা ধাতৱ হাইড্ৰ’জেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰিলে কি হয়? 

উত্তৰঃ লৱণ, কাৰ্বন ডাঅক্সাইড আৰু পানী উৎপন্ন হয়।

39. এছিড আৰু ধাতুৰ মাজৰ বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ 2HCl + Na₂CO₃ → 2NaCl + CO₂ + H₂O

40. এছিড আৰু ধাতৱ হাইড্ৰ’জেনকাৰ্বনেটৰ মাজৰ বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। 

উত্তৰঃ HCl + NaHCO₃ → 2NaCl + CO₂ + H₂O

পাঠভিত্তিক প্রশ্নোত্তৰ

Q.1. তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্রবসমূহ কিদৰে চিনাক্ত কৰিবা?

Ans. তিনিটা পৰীক্ষা নলীত পাতিত পানী, এছিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ দিয়া আছে। এটা ৰঙা লিটমাছ কাজ ব্যৱহাৰ কৰি দ্ৰৱবোৰ চিনাক্ত কৰিব লাগে। প্ৰথমতে, পৰীক্ষা নলীবোৰত থকা দ্ৰৱণত ৰঙা লিটমাছ কাগজ যোগ কৰা হ’ল। যি পৰীক্ষা নলীত থকা দ্ৰৱৰ বাবে ৰঙা লিটমাছটো নীলা হ’ব, সেই দ্ৰৱটো হ’ব ক্ষাৰকীয়। এতিয়া বাকী দুটা নলীত আকৌ এই নীলা লিটমাছটো যোগ কৰিলে যদি লিটমাছ কাগজটো ৰঙা হয়, তেতিয়া সেই নলীৰ দ্ৰৱটো এছিড দ্ৰৱ আৰু বাকীটো নলীৰ দ্ৰৱত লিটমাছ কাগজৰ বৰণৰ কোনো পৰিবৰ্তন নহয়। অর্থাৎ তৃতীয় নলীত আছে পানী।

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয়? 

Ans. দৈ আৰু টেঙা খাদ্যবস্তুত এছিড থাকে। এই বস্তুবোৰ পিতল আৰু তামৰ পাত্ৰত ৰাখিলে, পাত্ৰৰ লগত ৰাসায়নিক বিক্রিয়া ঘটে আৰু বিষাক্ত যৌগ গঠন কৰে। সেই কাৰণে পিতল আৰু তামৰ পাত্ৰত দৈ আৰু টেঙা খাদ্যবস্তু ৰাখিব নেলাগে। 

Q. 2. এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত হয়? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা? 

Ans. ধাতুবোৰে এছিডৰ সৈতে বিক্ৰিয়া কৰি সাধাৰণতে হাইড্ৰ’জেন গেছ উৎপন্ন কৰে। যেনে, Zn(s) + 2HCl (aq) → ZnCl₂ (aq) + H₂ (g)

হাইড্ৰ’জেন গেছৰ উপস্থিতিৰ পৰীক্ষা: এটা জ্বলন্ত কাঠব শলা হাইড্ৰ’জেনপূর্ণ এডাল পৰীক্ষা নলীৰ মুখত ধৰিলে যদি কাঠিডাল নির্বাপিত হয় কিন্তু নলীত থকা গেছ জ্বলি থাকে তেন্তে উৎপন্ন হোৱা গেছাটো হাইড্ৰ’জেন গেছ।

Q. 3. এটা ধাতব যৌগ A লঘু হাইড্ৰ’ক্ল’ৰিক এছিডৰে সৈতে বিক্ৰিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোবে এডাল জ্বলি থকা ম’ম নুমুৱায়। বিক্ৰিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্ল’ৰাইড হ’লে বিক্ৰিয়াটোৰ বাবে সম্বলিত সমীকৰণটো লিখা।

Ans. ধাতুৰ যৌগ (A) হ’ব CaCO₃ – (কেলছিয়াম কার্বনেট)

নিৰ্গত হোৱা গেছ হ’ল : CO₂ – (কার্বন ডাই-অক্সাইড) 

সন্তুলিত ৰাসায়নিক সমীকৰণ হ’ল : CaCO₃(s) + 2HCl (aq) → > CaCl₂ (aq) + CO₂ (g) + H₂O (l)

পাঠভিত্তিক প্রশ্নোত্তৰ

Q. 1. জলীয় দ্রবত HCI, HNO₃ ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্তু এলক’হল আৰু গ্লুক’জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায় ? 

Ans. HCI, HNO₃, আদি, এছিডবোৰৰ জলীয় দ্ৰৱত H⁺ আয়ন থাকে কিন্তু এলক’হল আৰু গ্লুক’জৰ দ্ৰৱত কোনো H⁺ আয়ন নেথাকে। সেইবাবে এছিড সমূহ আম্লিক ধর্ম দেখুৱায় কিন্তু এলক’হল, গ্লুক’জ আদিৰ জলীয় দ্ৰব আম্লিক ধৰ্ম নেদেখুৱায়।

Q. 2. এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহণ কৰে?

Ans. যেতিয়া পানীত এছিড মিশ্রিত কৰা হয়, তেতিয়া দ্ৰৱটো আয়নিত হয় আৰু এই মুক্ত আয়ন থকাৰ বাবে প্ৰৱণৰ মাজেৰে বিদ্যুৎ প্রবাহিত হয়।

Q. 3. শুকান HCI গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিবৰ্তন নঘটায়? 

Ans. অকল জলীয় মাধ্যমত HCI এছিড দ্ৰৱ H⁺ আৰু CI⁻ আয়ন সৃষ্টি কৰিব পাৰে, কিন্তু শুদ্ধ মাধ্যমত নোৱাৰে। সেইবাবে শুকান HCI লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিবৰ্তন নঘটায়।

Q. 4. এছিড এটা লঘু কৰোঁতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়? 

Ans. যেতিয়া এছিড আৰু পানী মিশ্ৰিত কৰা হয়, তেতিয়া বিক্রিয়াটো অধিকভাৱে উত্তপ্ত হয় আৰু ফলত বিস্ফ’ৰণ ঘটিব পাৰে। সেইবাবে এছিডক পানীত লাহে লাহে। যোগ কৰা হয়, যাতে উৎপন্ন তাপ পানীয়ে শোষণ কৰিব পাৰে আৰু দুর্ঘটনা ঘটাৰ আশংকা কম হয়। কিন্তু পানী এছিডত যোগ করিলে অধিক উত্তাপ সৃষ্টি হৈ বিশ্ব’ৰণ ঘটিব পাৰে বাবে পানী এছিডত যোগ কৰা নহয়।

Q. 5. এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্ৰ’নিয়াম আয়ন (H₃O⁺) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হয়? 

Ans. যেতিয়া এছিডৰ দ্ৰৱক পানী মিশ্রিত কৰি পাতল কৰা হয়, তেতিয়া এছিডৰ পৰা H⁺ আয়ন বৰ্জিত হয় আৰু H₂O আৰু H₃O⁺-ৰ লগত লগ লাগি আয়নৰ পৰিমাণ বৃদ্ধি কৰে।

Q. 6. ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্রবীভূত কৰিলে হাইড্ৰ’ক্সাইড আয়ন (OH⁻) ৰ গাঢ়তা কিদৰে পৰিবৰ্তিত হ’ব? 

Ans. যেতিয়া ছডিয়াম হাইড্ৰ’ক্সাইড ক্ষাৰক পানীৰ লগত দ্ৰৱীভূত কৰা হয়, তেতিয়া একক আয়তনত OH⁻ আয়নৰ গাঢ়তা হ্রাস পায়।

Class 10 Science Chapter 2 এছিড ক্ষাৰক আৰু লৱণ

Q. 5. সংঘটিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া—

(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে। 

(b) লঘু হাইড্ৰ’ক্ল’ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্রিয়া কৰে।

(c) লঘু ছালফিউৰিক এছিড়ে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্রিয়া কৰে।

(d) লঘু হাইড্রক্ল’ৰিক এছিড়ে লোৰ গুড়িৰে সৈতে বিক্রিয়া কৰে। 

Ans. (a) ধাপ – I: যিংকৰ গুড়ি (granule) + লঘু ছালফিউৰিক এচিড → যিংক ছালফেট + হাইড্ৰজেন গেছ। 

ধাপ – II: Zn (s) + H₂ SO₄ (aq) → ZnSO₄ (aq) + H₂ (g) 

ধাপ – III: 2Zn (s) + 2H₂ SO₄ (aq) → 2ZnSO₄ (aq) + 2H₂(g)

(b) ধাপ – I: মেগনেছিয়াম + হাইড্ৰ’ক্লৰিক এছিড →

মেগনেছিয়াম ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ।

ধাপ – II: Mg (S) + HCl (aq) → MgCI₂ (aq) + H₂ (g)

ধাপ – III: Mg (S) + 2HCl (aq) → MgCI₂ (aq) + H₂ (g)

(c) ধাপ – I: এলুমিনিয়াম + ছালফিউৰিক এছিড (aq) 

এলুমিনিয়াম ছালফেট্ + হাইড্ৰ’জেন গেছ।

ধাপ – II: AI (S) + H₂SO₄ (aq) → AI₂ (SO₄)₂ (aq) + H₂(g)

ধাপ – III: 2AI (S) + 3H₂ SO₄ (aq) → Al₂ (SO₄)₂ (aq) + 3H₂ (g)

(d) ধাপ – I: লো + হাইড্ৰ’ক্ল’ৰিক এছিড (aq) → আইৰণ ক্ল’ৰাইড + হাইড্ৰ’জেন গেছ।

ধাপ—II: Fe (S) + HCl (aq) → FeCl₂ (aq) + H₂ (g) 

ধাপ – III: Fe (S) + 2HCl (aq) → FeCl₂ (aq) + H₂ (g)

Q. 7. পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়? 

Ans. পাতিত পানী হ’ল বিশুদ্ধ পানী। ই আয়ন গঠন নকবে। কিন্তু বৰষুণৰ পানীত এছিড় আৰু নানা ধৰণৰ অশুদ্ধি থাকে, যি আয়ন মুক্ত কৰে আৰু এই আয়নে বিদ্যুৎ পরিবাহী। সুতৰাং আয়ন মুক্ত নকৰাৰ কাৰণে পাতিত পানী বিদ্যুৎ প্রবাহিত নকৰে কিন্তু বৰষুণৰ পানীৰ মাজেৰে বিদ্যুৎ প্রৱাহিত হয়। 

Q. ৪. পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্ৰদৰ্শন নকৰে কিয়?

Ans. পানীত দ্ৰৱীভূত কৰিলে এছিডে H⁺ আয়ন মুক্ত কৰে কিন্তু পানীত দ্ৰৱীভূত নকৰা এছিডে H+ আয়ন এৰি নিদিয়ে; কিন্তু এছিডৰ জলীয় দ্রৱ H+ আয়ন মুক্ত কৰে। ফলস্বৰূপে, পানী মিশ্ৰিত এছিডৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হয়। অর্থাৎ ই এছিডৰ ধৰ্ম প্ৰদৰ্শন কৰে।

Q. 9. পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সাৰ্ব্বজনীন সূচকেৰে পৰীক্ষা কৰাত pᴴ ৰ মান ক্ৰমে 4, 1, 11, 7 আৰু 9 দেখুৱাইছিল। কোনটো দ্রৱ—

(a) প্রশম।

(b) তীব্র ক্ষাৰকীয়।

(c) তীব্র আম্লিক।

(d) মৃদু আম্লিক।

(c) মৃদু ক্ষাৰৰ্কীয় হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ বৰ্ষিত ক্ৰমত pᴴ মানবোৰ সজোৱা ।

Ans. (a) প্রশম = D – 7,

(b) তীব্র ক্ষাৰকীয় = C – 11

(c) তীব্র আম্লিক = B – 1

(d) মৃদু আম্লিক = A – 4 

(e) মৃদু ক্ষাৰকীয় = E – 9

হাইড্ৰ’জেন আয়নৰ গাঢ়তাৰ ক্ৰমিক বৃদ্ধিৰ ওপৰত ভিত্তি কৰি pᴴ- ৰ মান হ’ব : 11 <9 <7 <4 <1.

Q. 10. পৰীক্ষানল A আৰু Bত সমান সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ’ল। পৰীক্ষানল এত হাইড্ৰ’ক্ল’ৰিক এছিড (HCI) আৰু পৰীক্ষানল Bত এচেটিক এছিড যোগ কৰা হ’ল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয়?

Ans. HCI এছিড থকা পৰীক্ষা নলী – A-ত ফোঁচ ফোঁচ শব্দ কৰি বুৰবুৰণি ওলাব। কাৰণ হাইড্ৰ’ক্ল’ৰিক এছিড, এছিটিক এছিডতকৈ অধিক তীব্র আৰু মেগনেছিয়াম ফিটা আৰু HCI এছিডৰ ৰাসায়নিক বিক্রিয়া, মেগনেছিয়াম ফিটা আৰু এছিটিক এছিডৰ বিক্ৰিয়াতকৈ বেছী দ্রুত গতিত ঘটে।

Q. 11. কেঁচা গাখীৰৰ pᴴ ৰ মান 6। ই দৈত পৰিণত হ’লে pᴴ সলনি হ’বনে? ব্যাখ্যা কৰা।

Ans. যেতিয়া গাখীৰ দৈ লৈ ৰূপান্তৰিত হয়, তেতিয়া pᴴ লেক্‌টিক এছিড সৃষ্টি কৰে আৰু pᴴ-অৰ মান 6-ৰ তললৈ নামি যায়।

Q.12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছ’ডা যোগ কৰিলে। (a) কিয় তেওঁ কেঁচা গাখীৰৰ pᴴ ৰ মান 6 ৰ পৰা সামান্যভাবে ক্ষাৰকীয় কৰি ল’লে? (b) এই গাখীৰখিনি দৈত পৰিণত হ’বলৈ বেছি সময় লাগে কিয়? 

Ans. (a) এজন গোৱালে গাখীৰত অলপ পৰিমাণে বেকিং ছ’ডা দিয়ে আৰু ইয়াৰ ফলত গাখীৰ তাজা আৰু ক্ষাৰকীয় হয়। সুতৰাং গাখীৰ বহুসময়ৰ বাবে ঠিক থাকে। 

(b) এই গাখীৰ দৈ-লৈ ৰূপান্তৰ হোৱাৰ বাবে বেছী সময় লাগে। কাৰণ গাখীৰক ক্ষাৰকীয় কৰাৰ বাবে বেকিং ছাডা দিয়া হয় আৰু বিক্ৰিয়াৰ ফলত লেক্‌টিক এছিড তৈৰী হয়। এই এছিড, ক্ষাৰ দ্বাৰা প্রশমিত হয় আৰু ইয়াৰ পিছত লাহে লাহে আম্লিকহৈ গাখীৰ, দৈ-ত ৰূপান্তৰিত হয় বুলি বেছী সময় লাগে।

Q. 13. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে। কিয়? ব্যাখ্যা কৰা।

Ans. প্লাষ্টাৰ অৱ পেৰিছ বায়ুৰোধক বন্ধ পাত্ৰত ৰখা হয়। ইয়াৰ কাৰণ হ’ল সেমেকা বতৰত বা জলীয় বাষ্পৰ উপস্থিতিত ৰাসায়নিক পৰিবৰ্তন হৈ ই জীপছামলৈ ৰূপান্তৰিত হয় আৰু ফলস্বৰূপে প্লাষ্টাৰ অৱ পেৰিছ ইয়াৰ ধৰ্ম হেৰুওৱায়।

Q. 14. প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া কাপোৰ ধোৱা ছ’ডা আৰু বেকিং ছ’ডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা।

Ans. প্রশমন বিক্রিয়া: যি বিক্রিয়াত এছিড আৰু ক্ষাৰ থাকে আৰু পৰস্পৰে পৰস্পৰক প্রশমিত কৰে তাকে প্রশমন বিক্রিয়া বোলে।

উদাহৰণ: (i) Na₂OH(aq) + HCl (aq) → NaCl (aq) + H₂O(l) 

(ii) 2 NaOH (aq) + H₂SO₄ (aq) → Na₂SO₄(ag) + 2H₂O (l)

বেকিং ছ’ডা (Baking Soda) ৰ ব্যৱহাৰ :

(i) বেকাৰীত ব্যৱহাৰ কৰা হয়।

(ii) ছ’ডা-এছিড অগ্নি-নির্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়।

কাপোৰ ধোৱা ছ’ডা (Washing Soda)-ৰ ব্যৱহাৰ :

(i) গ্লাচ্, চাবোন আৰু কাগজ তৈৰিৰ বাবে ব্যৱহাৰ হয়। 

(ii) পানীয় স্থায়ী খৰতা আঁতৰোৱাৰ বাবে ব্যৱহাৰ হয়।

অতিৰিক্ত প্রশ্নোত্তৰ

A. Q.1. অম্ল আৰু ক্ষাৰকৰ দুটাকৈ ধৰ্ম উল্লেখ কৰা।

Ans. অম্লৰ ধৰ্ম :

(i) নীলা লিটমাছ কাগজ ৰঙা কৰে।

(ii) অম্লৰ সোৱাদ টেঙা।

● ক্ষাৰকৰ ধৰ্ম :

(i) ক্ষাৰকৰ সোৱাদ তিতা আৰু চুলে চাবোনৰ দৰে লাগে। 

(ii) ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে।

Q. 2. সূচক কাক বোলে? চাৰিটা অম্ল-ক্ষাৰক সূচকৰ নাম উল্লেখ কৰি সিহঁতৰ বৰণৰ পৰিৱৰ্তন কেনেকুৱা হয় লিখা।

Ans. সূচক: যিবোৰ পদাৰ্থই অম্ল আৰু ক্ষাৰকৰ উপস্থিতিত নিজৰ বৰণ সলনি কৰিব পাৰে সেই পদাৰ্থবোৰক সূচক বোলে। চাৰিটা অম্ল-ক্ষাৰক সূচক হ’ল–

(i) মিথাইল অৰেঞ্জ: এছিডৰ প্ৰৱত মিথাইল অ’ৰেঞ্জৰ বৰণ গুলাপীয়া আৰু ক্ষাৰকৰ দ্ৰবত হালধীয়া হয়। 

(ii) ফেনফ্থেলিন: এছিডৰ দ্ৰৱত বৰণহীন আৰু ক্ষাৰকীয় মাধ্যমত ইয়াৰ বৰণ গুলাপীয়া হয়।

(iii) লিটমাছ: আম্লিক মাধ্যমত ৰঙা আৰু ক্ষাৰকীয় মাধ্যমত নীলা বৰণ হয়। 

(iv) ব্ৰ’ম’থাইম’ল ব্লু : ক্ষাৰকীয় মাধ্যমত নীলা আৰু আম্লিক মাধ্যমত হালধীয়া বৰণ হয়।

Q. 3. অম্লনাশক (Antacid) কি?

Ans. অম্লনাশক হ’ল অতিৰিক্ত অম্লৰ প্ৰভাৱ নাইকিয়া কৰা দ্রব্য। যেনে, মেগনেছিয়া দুগ্ধ (Milk of magnesia) এটা অম্লনাশক। বিভিন্ন অম্লনাশক দ্ৰৱ্য্য দৰৱ হিচাপে আমি ঘাঁও। 

Q. 5. ঘ্রাণেন্দ্রিয় (Olfactory) সূচক কাক বোলে?

Ans. ঘ্রাণেন্দ্ৰিয় সূচক হ’ল যিবোৰ দ্ৰৱৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত বেলেগ বেলেগ গন্ধ পোৱা যায়। যেনে, আম্লিক মাধ্যমত ভেনিলাৰ গন্ধ অতি তৃপ্তিদায়ক কিন্তু ক্ষাৰকীয় মাধ্যমত কোনো গন্ধ পোৱা নেযায়।

Q. 6. সংকেত সহ চাৰিটা এছিড আৰু চাৰিটা ক্ষাৰকৰ নাম উল্লেখ কৰা। 

Ans. সংকেত সহ চাৰিটা এছিড হ’ল:

(i) হাইড্ৰ’ক্ল’ৰিক এছিড– HCI. 

(ii) ছালফিউৰিক এছিড–H₂SO₄

(iii) নাইট্রিক এছিড— HNO₃ 

(iv) এছিটিক্ এছিড– CH₃COOH.

সংকেত সহ চাৰিটা ক্ষাৰক হ’ল:

(i) ছ’ডিয়াম হাইড্র’অক্সাইড– NaOH. 

(ii) কেলছিয়াম হাইড্র’ক্সাইড– Ca(OH)₂

(iii) এম নিয়াম হাইড্রক্সাইড– NH₄OH. 

(iv) মেগনেছিয়াম হাইড্রক্সাইড– Mg(OH)₂

Q. 7. ধর্মসহ তিনি প্রকাৰ অক্সাইডৰ নাম উল্লেখ কৰা। 

Ans. তিনি প্রকাৰ অক্সাইড হ’ল:

(i) আম্লিক অক্সাইড (Acidic Oxide)। যেনে– CO₂,SO₂ ইত্যাদি। 

(ii) ক্ষাৰকীয় অক্সাইড (Basic Oxide)। যেনে– Na₂O₃, MgO ইত্যাদি। 

(ii) উভধর্মী অক্সাইড (Amphoteric Oxide)। যেনে– Al₂O₃, SiO₂, ইত্যাদি।

আম্লিক অক্সাইডৰ ধৰ্ম: ই নীলা লিটমাছক ৰঙা কৰে। 

ক্ষাৰকীয় অক্সাইডৰ ধৰ্ম: ই ৰঙা লিটমাছক নীলা কৰে।

উভধর্মী অক্সাইডৰ ধৰ্ম: আম্লিক অক্সাইড আৰু ক্ষাৰৰ্কীয় অক্সাইডৰ ধর্ম উভধর্মী অক্সাইডত বিদ্যমান। 

Q. 8. যি কোনো বস্তুত এছিডৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা? 

Ans. (i) লিটমাছ কাগজৰ দ্বাৰা: প্রথমত: বস্তুৰ জলীয় দ্ৰৱ লিটমাছ কাগজৰ ওপৰত কয়েক টোপাল পেলাই দিয়া হ’ল। যদি লিটমাছ কাগজৰ বৰণ ৰঙা হয়, তেতিয়া বস্তুটো হ’ব আম্লিক বা এছিডিক।

(ii) বিদ্যুৎ বিশ্লেষণ দ্বাৰা: এছিডৰ জলীয় দ্ৰৱত দুটা লোৰ গজাল সোমাই দি গজাল দুটাৰ দুয়ে প্ৰাত্তত পৰিবাহী তাঁৰ, বেটাৰী আৰু বৈদ্যুতিক বাল্ব লগালে বাল্বটো জ্বলি উঠিব কাৰণ এছিডে বিদ্যুৎ পৰিবাহী।

Q.9. HCI-ৰ জলীয় দ্ৰৱৰ লগত জিংক, মেগনেছিয়াম আৰু ছ’ডিয়ামৰ ৰাসায়নিক বিক্ৰিয়াৰ সমতুল সমীকৰণ লিখা।

Ans. (i) Zn +   2 HCI →  ZnCl₂ + H₂

(যিংক) (হাইড্ৰ’ক্ল’ৰিক এছিড) (যিংক ক্ল’ৰাড)

(ii) Mg +  2HCI → MgCl₂ + H₂

(মেগনেছিয়াম)   (মেগনেছিয়াম ক্ল’ৰাইড) 

(iii) 2Na + 2HCI → 2 NaCl + H₂

(ছ’ডিয়াম)  (ছ’ডিয়াম ক্ল’ৰাইড)

Q. 10. দুটা অক্সাইডৰ নাম উল্লেখ কৰা যি দুটা অক্সাইড পানীৰ লগত বিক্রিয়া কৰি যথাক্রমে এছিড আৰু ক্ষাৰক উৎপন্ন কৰে। 

Ans. (a) ছালফাৰ ডাই-অক্সাইড (SO₂) আৰু কার্বন-ডাই-অক্সাইড (CO₂) পানীৰ লগত বিক্ৰিয়া কৰি এছিড উৎপন্ন কৰে।

CO₂+ H₂O → H₂CO₃  (কার্বনিক এছিড) 

SO₂ + H₂O → H₂SO₃  (ছালফিউবাছ এছিড)

(b) মেগনেছিয়াম অক্সাইড আৰু কেলছিয়াম অক্সাইড পানীৰ লগত বিক্ৰিয়া কৰি ক্ষাৰক উৎপন্ন কৰে।

MgO + H₂O → Mg (OH)₂ (মেগনেছিয়াম হাইড্ৰ’ক্সাইড)

CaO + H₂O → Ca (OH)₂  (কেলছিয়াম হাইড্ৰ’ক্সাইড)

Q. 11. আম্লিক দ্ৰৱ বিদ্যুৎ প্রবাহিত কৰিব পাৰে নে?

Ans. হয়। সকলো প্ৰকাৰ এছিডৰ জলীয় দ্ৰৱ বিদ্যুৎ প্রবাহিত কৰিব পাৰে।

Q. 12. তলত উল্লেখ কৰা কোন বোৰৰ মাজেৰে বিদ্যুৎ প্রবাহিত হ’ব পাৰে? হাইড্ৰ’ক্ল’ৰিক এছিড, গ্লুক’জ, এছিটিক এছিড, ছালফিউৰিক এছিড আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইড।

Ans. হাইড্ৰ’ক্ল’ৰিক এছিড, এছিটিক এছিড, ছালফিউৰিক এছিড আৰু ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ মাজেৰে বিদ্যুৎ প্ৰৱাহিত হ’ব পাৰে। 

Q.13. তলৰ কোনবোৰ দ্ৰৱ্য আম্লিক প্ৰকৃতিৰ নহয়? চেনী, ইউৰিয়া, এলক’হল, এছিটিক এছিড, নাইট্রিক এছিড আৰু কাৰ্বন ডাই-অক্সাইড।

Ans. চেনী, ইউৰিয়া আৰু এলকহল পানীত আম্লিক ধর্ম প্রদর্শন নকৰে। এইবোৰ দ্ৰৱ্য পানীত H⁺ আয়ন এৰি নিদিয়ে।

Q. 15. লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা। এই দ্ৰৱৰ ব্যৱহাৰ কি? 

 

Ans. লিটমাছ দ্ৰৱৰ উৎস হ’ল ছত্রাক-শৈবাল লাইকেন। কোন এটা দ্ৰৱ অম্ল, ক্ষাৰক নে লৱণ পৰীক্ষাৰ কাৰণে লিটমাছ দ্ৰৱসূচক হিচাপে ব্যৱহাৰ কৰা হয়। 

 

Q.16. পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্রশম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা? 

 

Ans. পাতিত পানীত বঙা আৰু নীলা লিটমাছ কাগজৰ ৰঙৰ কোনো পৰিবর্তন নহয়। ইয়াৰ পৰা প্ৰমাণ হয় যে পাতিত পানী প্রশম (Neutral). 

 

Q. 17. এটা উদাহৰণসহ প্রশমন বিক্রিয়া বর্ণনা কৰা।

 

Ans. এছিড আৰু ক্ষাৰকৰ ৰাসায়নিক বিক্ৰিয়াক প্রশমন বিক্রিয়া (Neutralisation) বোলে। এই বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় আৰু লগতে তাপ উৎপন্ন হয়। আমাৰ পাকস্থলীত অম্লব পরিমাণ অতি বেছি হ’লে বদহজম হয়। বদহজম কেতিয়াবা কষ্টকৰ হ’ব পাৰে। এই বদহজমৰপৰা সকাহ পাবলৈ আমি মেগনেছিয়াম দুগ্ধ (Milk of magnesia)-ৰ নিচিনা অম্লনাশক (Antacid) গ্ৰহণ কৰোঁ, য’ত মেগনেছিয়াম হাইড্ৰ’ক্সাইড থাকে। ই অতিৰিক্ত অম্লব প্রভাব নাইকিয়া কৰে অৰ্থাৎ এছিডৰ প্ৰশমন ঘটায়।

 

Q. 18, এটা ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে। কিন্তু দুর্ভাগ্যবশত: এইবোৰত লেবেল নাই। এই পানীয়বিলাক গ্ৰাহকৰ চাহিদা অনুযায়ী যোগান ধৰিব লাগে। একজন গ্রাহকক আম্লিক, আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক প্রশম পানীয় লাগে। কোনজনক, কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিবা? 

 

Ans. কোনজন গ্রাহকক কোনটো পানীয় দিব লাগিব, তলত দিয়া উপায়ে থিৰাং কৰিব পাৰোঁ:

 

(i) যি পানীয় বস্তু ৰঙা লিটমাছ নীলা কৰিব, সেই পানীয় হ’ব ক্ষাৰকীয়। 

 

(ii) যি পানীয় নীলা লিটমাছ ৰঙা কৰিব, সেই পানীয় হ’ব আম্লিক। 

 

(iii) যি পানীয় ৰঙা লিটমাছ বা নীল লিটমাছৰ ৰং সলনি নকবে, সেই পানীয় হ’ব প্রশমিত।

 

Q. 19. কাৰণ ব্যাখ্যা কৰা: 

 

(ক) এছিডিটিত ভূগিলে তুমি অম্লনাশক টেবলেট খোৱা।

 

(খ) পৰুৱাই কামুৰিলে ছালত কেলামাইন দ্রব ঘঁহা হয়। 

 

(গ) কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্রশমিত কৰা হয়।

 

Ans. (ক) এছিডিটিত ভুগিলে আমি অম্লনাশক টেবলেট গ্রহণ কৰোঁ, কাৰণ ই অতিৰিক্ত অম্লৰ প্রভাব প্রশম কৰি নাইকিয়া কৰে আৰু আমি কষ্টৰপৰা ৰক্ষা পাওঁ। 

 

(খ) পৰুৱাৰ শুঙত ফর্মিক এছিড থাকে। পৰুৱাই যেতিয়া কামোৰে তেতিয়া ছালৰ ভিতৰলৈ এই অম্ল সুমুৱাই দিয়ে। কামোৰৰ এছিডৰ প্ৰভাৱটো কেলামাইন দ্রব (Calamine Solution) য’ত জিংক কার্বনেট ক্ষাৰক থাকে, ঘঁহি নাশ কৰিব পাৰি। 

 

(গ) বহুতো কাৰখানাৰ আৱৰ্জনাত অম্ল থাকে। যদি এই আৱৰ্জনাসমূহ জলাশয়লৈ বৈ যাবলৈ দিয়া হয়, তেনেহ’লৈ এই অম্লই পানীত থকা মাছ আৰু অন্য জীব ধ্বংস কৰিব। সেয়েহে, কাৰখানাৰ আৱৰ্জনাসমূহ জলাশয়ত পেলোৱাৰ আগতে প্রশমিত কৰা হয়।

 

Q. 20. তোমাক তিনিটা জুলীয়া পদার্থ দিয়া হৈছে। এটা হাইড্ৰ’ক্লৰিক এছিড, আনটো ছ’ডিয়াম হাইড্ৰ’ক্লাইড আৰু তৃতীয়টা হ’ল চেনীৰ দ্ৰব্য। তুমি এইবোৰক কেনেকৈ চিনাক্ত কৰিবা? তোমাৰ কেৱল হালধিৰ সূচকহে আছে। 

 

Ans. তিনিটা পাত্ৰত তিনি ধৰণৰ জুলীয়া পদার্থ দিয়া আছে— এটা হাইড্ৰক্ল’ৰিক এছিড, আনটো ছ’ডিয়াম হাইড্রক্সাইড আৰু তৃতীয়টো হ’ল চেনীৰ দ্ৰৱ। সূচক হিচাপে হালধিৰ গুড়া দিয়া আছে। এতিয়া প্রথম পাত্ৰটোত হালধিৰ গুড়াৰ দ্ৰৱ দিয়াত হালধীয়া ৰং নীলা বৰ্ণলৈ পৰিৱৰ্তন হ’ল। অতএব পাত্ৰটোত জুলীয়া পদাৰ্থ হ’ল হাইড্ৰ’ক্ল’ৰিক এছিড ।

 

দ্বিতীয় পাত্ৰত থকা জুলীয়া পদাৰ্থত সূচক হিচাপে হালধিৰ দ্ৰৱ দিয়াত জুলীয়া পদাৰ্থৰ ৰং ৰঙা হ’ল। অতএব দ্বিতীয় পাত্ৰত ছ’ডিয়াম হাইড্রক্সাইড আছে।

 

তৃতীয় পাত্ৰত থকা জুলীয়া পদাৰ্থত হালধিৰ দ্ৰব দিয়া হ’ল আৰু দেখা গ’ল যে জুলীয়া পদাৰ্থৰ ৰঙৰ কোনো পৰিৱৰ্তন হোৱা নাই। তৃতীয় পাত্ৰটোত থকা জুলীয়া দ্ৰৱটো হ’ল চেনীৰ দ্ৰৱ। 

 

Q. 21. প্রশম দ্ৰৱ্য কাক বোলে?

 

Ans. যিবোৰ দ্ৰৱ্যই আম্লিক নহয় বা ক্ষাৰকীয়ও নহয় তাকে প্রশম দ্ৰৱ্য বোলে। 

 

Q.22. মেগনেছিয়া দুগ্ধ (Milk of magnesia) কি?

 

Ans. ই এটা অম্লনাশক (antacid)। ই অতিৰিক্ত অম্লব প্রভাব নাইকিয়া কৰে।

 

Q. 23. ডি অক্সিৰিব’ নিউক্লিক এছিড আৰু এমিন’ এছিডৰ কাম উল্লেখ কৰা। 

 

Ans. আমাৰ দেহৰ প্ৰতিটো কোষতে ডিঅক্সিৰিব’ নিউক্লিক এছিড বা ডি-এন-এ নামৰ এবিধ অম্ল থাকে। আমাৰ গঠন, চকুৰ ৰং, আমাৰ উচ্চতা আদি প্ৰতিটো বৈশিষ্ট্যক ইনিয়ন্ত্ৰণ কৰে। আমাৰ কোষবোৰৰ কিয়দংশ গঠন কৰা প্ৰটিনখিনি এমিন’ এছিডেৰে গঠিত।

 

Q. 24. আমাৰ শৰীৰৰ চৰীসমূহত কি এছিড থাকে? 

 

Ans. আমাৰ শৰীৰৰ চর্বিসমূহত ফেটি এছিড থাকে।

 

Q. 25. এবিধ প্রাকৃতিক ৰঞ্জকৰ নাম লিখা। ই ক’ত পোৱা যায়? 

 

Ans. সাধাৰণতে ব্যৱহাৰ হোৱা এবিধ প্রাকৃতিক বন্ধক বা সূচক হ’ল লিটমাছ। ইয়াক ছত্রাক-শৈবাল লাইকেনৰপৰা আহৰণ কৰা হয়।

 

Q.26. নেমু টেঙাত কি এছিড থাকে লিখা। 

 

Ans. নেমু টেঙাত ছাইট্রিক এছিড থাকে।

 

Q. 27. খাদ্য সংৰক্ষণৰ বাবে কি কি এছিড ব্যৱহাৰ কৰা হয় লিখা।

 

Ans, খাদ্য সংৰক্ষণৰ বাবে এছিটিক এছিড, ছাইট্রিক এছিড আদি ব্যৱহাৰ কৰা হয়।

 

Q. 28, লৱণ কেনেকৈ উৎপন্ন হয়? কেইটামান সাধাৰণ লৱণৰ নাম লিখা।

 

Ans. অম্ল (এছিড) আৰু ক্ষাৰৰ প্ৰশমন বিক্ৰিয়াৰ ফলত লৱণ উৎপন্ন হয়।

 

কেইটামান সাধাৰণ লৱণ হ’ল–

 

(i) কপাৰ ছালফেট (CuSO₄)

 

(ii) পটেছিয়াম নাইট্রেট (KNO₃) 

 

(iii) ছ’ডিয়াম ক্ল’ৰাইড (NaCl)

 

(iv) মেগনেছিয়াম ছালফেট (MgSO₄)

 

(v) ছ’ডিয়াম কার্বনেট (Na₂CO₃)

 

Q. 29. ক্ষাৰ আৰু লৱণৰ তিনিটাকৈ ব্যৱহাৰ লিখা।

 

Ans. ক্ষাৰৰ তিনিটা ব্যৱহাৰ: 

 

(a) পেট্ৰ’লিয়াম, কাগজ, বনস্পতি তেল আদিৰ শোধনত ক্ষাৰ ব্যৱহাৰ কৰা হয়।

 

(b) পৰিষ্কাৰক, যেনে– চাবোন, ডিটাৰজেন্ট পাউদাৰ আদি প্ৰস্তুত কৰিবলৈ ক্ষাৰ ব্যৱহাৰ কৰা হয়।

 

(c) পানী শোধনত, ব্লিচিং পাউদাৰ উৎপাদনত ক্ষাৰ ব্যৱহাৰ কৰা হয়।

 

• লৱণৰ তিনিটা ব্যৱহাৰ:

 

(i) কীটনাশক, চাবোন আৰু ক্ল’ৰিণ উৎপাদনত বিভিন্ন ধৰণৰ লৱণ ব্যৱহাৰ কৰা হয়।

 

(ii) বাৰুদ আৰু কাঁচ উৎপাদনত পটাছিয়াম নাইট্রেট জাতীয় লৱণ ব্যৱহাৰ কৰা হয়। 

 

(iii) খোৱা নিমখ হিচাপে, মাছ-মাংস সংৰক্ষক হিচাপে ছ’ডিয়ান ক্ল’ৰাইড লৱণ ব্যৱহাৰ কৰা হয়। 

 

Q.30. ক্ষাৰৰ দুটা উদাহৰণ দিয়া:

 

Ans. ক্ষাৰৰ দুটা উদাৰণ–

 

(a) ছ’ডিয়াম হাইড্রক্সাইড (NaOH)।

 

(b) পটেছিয়াম হাইড্ৰ’ক্সাইড (KOH)। 

 

Q. 31. তলত দিয়া যৌগ কেইটাৰ ভিতৰত অম্ল, ক্ষাৰ আৰু লৱণ বাছি উলিওৱা: 

 

CuSO₄, H₂SO₄, KOH, HCI, Na₂CO₃, Ca(OH)₂

 

Ans. (i) CuSO₄ আৰু Na₂CO₃ এইবোৰ লৱণ। 

 

(ii) KOH, Ca(OH)₂ এইবোৰ ক্ষাৰ।আৰু

 

(iii) HCI, H₂SO₄ অম্ল।

 

Q. 32. ক্ষাৰৰ ঘৰুৱা ব্যৱহাৰ সম্পৰ্কে লিখা।

 

Ans. আমি কাপোৰ-কানি, বাচন-বৰ্তন ধুৱলৈ চাবোন ব্যৱহাৰ কৰোঁ। পুৰণিকালত আৰু বর্তমানেও বহুতো লোকে এইবোৰ ধুৱলৈ নিজে প্ৰস্তুত কৰা কলা খাৰ ব্যৱহাৰ কৰে। ক্ষাৰব ব্যঞ্জন ৰান্ধিবৰ বাবে কলা খাব ব্যৱহাৰ কৰা হয়।

 

Q. 33. এছিড ব্যৱহাৰৰ ক্ষেত্ৰত কিয় সতর্ক হ’ব লাগে? 

 

Ans. কিছুমান এছিড ক্ষয়কাৰক। এইবোৰ গাত পৰিলে গাৰ চাল চিগে আৰু ঘাঁৰ সৃষ্টি কৰে। সেয়ে এছিড ব্যৱহাৰৰ ক্ষেত্ৰত সতর্ক হ’ব লাগে। 

Leave a Comment

Your email address will not be published. Required fields are marked *

× Ask Any question