Class 10 Elective Geography Chapter 6

Class 10 Elective Geography Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল, Elective Geography Class 10 SEBA Question Answer in Assamese.

Class 10 Elective Geography Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। ভাৰতবৰ্ষৰ এটি চমু পৰিচয় দাঙি ধৰা ।

উত্তৰঃ এচিয়া মহাদেশৰ অন্তৰ্গত আৰু পৃথিৱীৰ উত্তৰ গােলার্ধত অৱস্থিত ভাৰতবর্ষ এখন উল্লেখযােগ্য দেশ । ভাৰতবৰ্ষত ভিন্ন প্ৰকাৰৰ জলবায়ু , প্রাকৃতিক পৰিৱেশ আৰু আর্থ – সামাজিক ভিন্নতা দেখা যায় । দেশখনত বৰফেৰে আবৃত হিমালয় অঞ্চলত অতি শীতল জলবায়ু আৰু ৰাজস্থানৰ শুকান বালিময় মৰুভূমিত অতিপাত গৰম জলবায়ু পােৱা যায় । এই দেশখনত কোনাে কোনাে ঠাইত অতি বৃষ্টি হৈ বানপানীৰ সৃষ্টি কৰে আৰু অনাবৃষ্টিৰ ফলত খৰাং অৱস্থা হয় । দেশখনত ডাঙৰ ডাঙৰ গছ – গছনিৰে ভৰা অৰণ্য অঞ্চলৰ লগতে কাইটীয়া জোপােহা গছৰ অৰণ্যও আছে । ভাৰতবৰ্ষৰ ভূখণ্ড নানা পর্বত , পাহাৰ , মালভূমি , সমভূমি , প্লাৱনভূমি আদি বিভিন্ন ভূ – প্রকৃতিৰে বৈচিত্র্যপূর্ণ কৰি তুলিছে । ভাৰতবৰ্ষত প্রাচীন কালৰে পৰা চলি অহা সৰল সাংস্কৃতিক ভিত্তি , মৌচুমী জলবায়ুৱে গঢ় দিয়া সদৃশ প্রাকৃতিক অৱস্থাই ভাৰতীয় লােকসকলৰ মাজত ঐক্যৰ মনােভাৱৰ জন্ম দিছে ।

প্রশ্ন ২। ভাৰতবৰ্ষৰ অৱস্থিতি আৰু আকাৰ সম্পৰ্কীয় বৈশিষ্ট্যখিনি আলােচনা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষ দেশখন এচিয়া মহাদেশৰ দক্ষিণাংশত অৱস্থিত । দেশখনৰ উত্তৰে আছে সুউচ্চ হিমালয় পর্বতমালা আৰু চীন দেশ , দক্ষিণে আছে ভাৰত মহাসাগৰ আৰু শ্রীলংকা , পূর্ব দিশত , আছে বংগােপসাগৰ আৰু ম্যানমাৰ দেশ আৰু পশ্চিম দিশত আছে আৰৱ সাগৰ আৰু পাকিস্তান । ভাৰতবৰ্ষৰ ভূখণ্ড উত্তৰা – দক্ষিণাকৈ কাশ্মীৰৰ পৰা কুমাৰিকা লৈকে আৰু পূর্ব – পশ্চিমাকৈ অৰুণাচল প্রদেশৰ পূৱ প্ৰান্তৰ পৰা পাকিস্তান লৈকে বিস্তৃত । ভাৰতবর্ষ ৮° ৪’২৮” উত্তৰৰ পৰা ৩৭° ১৭৫৩” উত্তৰ অক্ষৰেখা আৰু ৬৮° ৭’৩৩” পূৱৰ পৰা ৯৭°২৪” ৪৭” পূর্ব দ্রাঘিমাৰেখাৰ মাজত অৱস্থিত । ভাৰতীয় ভূ – ভাগে প্রায় ৬,১০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ উপকূল সৃষ্টি কৰিছে আৰু তাত বহুতাে উল্লেখযােগ্য বন্দৰ গঢ়ি উঠিছে । ভাৰতবৰ্যৰ মূল স্থলসীমাৰ দৈর্ঘ্য ১৫,২০০ কিল’মিটাৰ ।

আকাৰৰ ফালৰ পৰা ভাৰতবৰ্ষ পৃথিৱীৰ দেশসমূহৰ ভিতৰত সপ্তম স্থান দখল কৰিছে । ভাৰতবৰ্ষৰ মুঠ মাটিকালি ৩,২৮৭,২৬৩ বর্গ কিল’মিটাৰ । ভাৰতবৰ্ষই পৃথিবীৰ মুঠ মাটিকালিৰ ২২ শতাংশ জুৰি আছে । দেশখনৰ আকাৰ বিশাল আৰু ইয়াত ২৮ খন ৰাজ্যৰ লগতে ৭ টা বৃহৎ কেন্দ্রীয় শাসিত অঞ্চল আছে ।

প্রশ্ন ৩। ভূ – প্রকৃতিৰ ভিত্তিত ভাৰতক কেইটা অঞ্চলত ভাগ কৰিব পাৰি ? চিত্ৰৰ সহায়ত বুজাই দিয়া ।

উত্তৰঃ ভূ – প্রকৃতিৰ ভিত্তিত ভাৰতক চাৰিটা অঞ্চলত ভাগ কৰিব পাৰি । সেইবােৰ হৈছে—

( ক ) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল ।

( খ ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল ।

( গ ) দাক্ষিণাত্য মালভূমি অঞ্চল । আৰু

( ঘ ) উপকূল অঞ্চল ।

তলত মানচিত্ৰত ভাৰতৰ ভূ-প্ৰকৃতিৰ অঞ্চলসমূহ দেখুৱা হ’ল-

ভাৰতৰ হিমালয় পার্বত্য অঞ্চলটো ইয়াৰ উত্তৰ সীমাৰ সৈতে সংলগ্ন হৈ আছে আৰু ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা পূৱা – পশ্চিমাকৈ অৰুণাচল প্রদেশৰ পূৱ সীমালৈকে বিস্তৃত হৈ আছে । এই পার্বত্য অঞ্চলটোৱে প্রায় ২৫০০ কিল’মিটাৰ দীঘল আৰু প্রায় ২৪০ কিল’মিটাৰৰ পৰা ৫০০ কিল’মিটাৰ পর্যন্ত প্রায় ৫,০০,০০০ বর্গকিল’মিটাৰ মাটিকালি আগুৰি আছে । সাগৰ পৃষ্ঠৰ পৰা এই পার্বত্য অঞ্চলৰ উচ্চতা ৮,০০০ মিটাৰৰ অধিক । পূর্ব – পশ্চিমাকৈ সমান্তৰালভাৱে হিমালয় পর্বতমালাক উচ্চ হিমালয় , নিম্ন হিমালয় আৰু বহিঃ হিমালয় হিচাপে তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি ।

উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো উত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজত অৱস্থিত । এই সমভূমি অঞ্চলটো পূৱে অসম প্ৰদেশৰ পৰা পশ্চিমে পাকিস্তান সীমালৈকে প্রায় ২৪,০০ কিল’মিটাৰ বিস্তৃত । উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটোৱে দেশখনৰ প্রায় ৭,০০,০০০ বর্গ কিল’মিটাৰ ঠাই আগুৰি আছে । এই অঞ্চলটোৰ অন্তর্গত পাঁচখন সমভূমি হৈছে —

( ক ) পশ্চিম সমভূমি ।

( খ ) পাঞ্জাব – হাৰিয়ানা সমভূমি ।

( গ ) গংগা সমভূমি ।

( ঘ ) উত্তৰ বংগ সমভূমি । আৰু

( ঙ ) ব্ৰহ্মপুত্র সমভূমি ।

হিমালয় অঞ্চলৰ পৰা প্ৰবাহিত হােৱা তিনিখন প্রধান , নদী — সিন্ধু , গংগা আৰু ব্ৰহ্মপুত্ৰৰ লগতে এই নদীবােৰৰ অসংখ্য উপনৈয়ে উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো গঠন কৰিছে ।

দাক্ষিণাত্য মালভূমি অঞ্চলটো উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণ দিশত অৱস্থিত আৰু ই পুৰণি কঠিন শিলাৰে গঠিত । এই মালভূমি অঞ্চলটো উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পর্বত আৰু উত্তৰ – পূৱ ছােটনাগপুৰ মালভূমিক সামূৰি লৈ গঠিত হৈছে । সমগ্র মালভূমি বিন্ধ্য , সাতপুৰা , মহাদেৱ আৰু মহাকাল পর্বতে উত্তৰ আৰু দক্ষিণ নামে দুটা অংশত ভাগ কৰিছে ।

ভাৰতবৰ্ষৰ উপকূল অঞ্চল দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূৱ আৰু পশ্চিম সীমাত বংগােপসাগৰ আৰু আৰৱ সাগৰৰ পাৰত অৱস্থিত । এই অঞ্চলটোৰ উচ্চতা সাগৰ পৃষ্ঠৰ পৰা ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত । উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক হােৱা বাবে ইয়াক পূৱ আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভাগ কৰিব পাৰি । পূৱ উপকূল অঞ্চলটো বংগােপসাগৰ আৰু পূর্বঘাট পর্বত শ্রেণীৰ মাজত অৱস্থিত আৰু ই দক্ষিণ ভাৰতৰ আটাইবিলাক প্রধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু ব – দ্বীপেৰে গঠিত । পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিমঘাট পর্বতৰ মাজত অৱস্থিত আৰু ই উত্তৰে কাম্বে উপসাগৰৰ পৰা দক্ষিণে কুমাৰিকালৈকে বিস্তৃত হৈ আছে । এই উপকূল অঞ্চলৰ দৈর্ঘ্য প্রায় ১৫০০ কিল’মিটাৰ আৰু প্রস্থ ১০ ৰপৰা ১৫ কিল’মিটাৰৰ ভিতৰত । ইয়াৰ উপৰিও ভাৰতীয় দ্বীপসমূহক এটা সুকীয়া প্রাকৃতিক বিভাগ হিচাপে গণ্য কৰিব পাৰি ।

প্রশ্ন ৪। ভাৰতৰ ভূ – প্রাকৃতিক অঞ্চলসমূহৰ চমু বর্ণনা দিয়া ।

উত্তৰঃ ভাৰতৰ ভূ – প্রাকৃতিক অঞ্চলসমূহ হৈছে—

( ক ) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল ।

( খ ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল ।

( গ ) দাক্ষিণাত্য মালভূমি অঞ্চল ।

( ঘ ) ভাৰতৰ উপকূল অঞ্চল ।

( ক ) উত্তৰৰ হিমালয় পার্বত্য অঞ্চল :- ভাৰতবৰ্ষৰ হিমালয় পার্বত্য অঞ্চলটো ইয়াৰ উত্তৰ সীমাৰ সৈতে জড়িত । ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্রদেশৰ পূৱ সীমালৈকে পূৱা – পশ্চিমাকৈ বিস্তৃত । এই পার্বত্য অঞ্চলটোৱে প্রায় ২৫০০ কিল’মিটাৰ দীঘল আৰু ২৪০ ৰ পৰা ৫০০ কিল’মিটাৰ পর্যন্ত বহল প্রায় ৫,০০,০০০ বর্গ কিল’মিটাৰ মাটিকালি আগুৰি আছে । হিমালয় পর্বতমালা এক সাগৰৰ পৰা সৃষ্টি হােৱা বুলি

ভূ-বিজ্ঞানীসকলে মত পােষণ কৰে । সাগৰৰ তলিত জমা হােৱা গেছবােৰে কঠিন শিলাকৃতি হৈ ওপৰলৈ উঠি আহি ঢৌৰ আকাৰলৈ ভঙ্গিল পর্বত শ্রেণীৰ সৃষ্টি কৰে ।

হিমালয় অঞ্চলৰ পৰা ওলােৱা নদনদীবােৰৰ পানীৰ প্রধান উৎস হৈছে পর্বতৰ শীৰ্য ভাগত থকা তুষাৰ নৈসমূহ । পূর্ব পশ্চিমাকৈ হিমালয় পর্বতমালাক উচ্চ হিমালয় , নিম্ন হিমালয় আৰু বহিঃ হিমালয় হিচাপে তিনিটা ভাগত ভগাব পাৰি । উচ্চ হিমালয় শ্রেণীটো উত্তৰ অংশত পূৱা – পশ্চিমাকৈ বিস্তৃত আৰু ইয়াৰ গড় উচ্চতা ৬০০০ মিটাৰ । দক্ষিণৰ পর্বত শ্রেণীটোক নিম্ন হিমালয়ৰূপে জনা যায় আৰু ইয়াৰ গড় উচ্চতা ৪০০০ মিটাৰ । বহিঃ হিমালয় পর্বতশ্রেণী তুলনামূলকভাবে চাপৰ আৰু ইয়াৰ গড় উচ্চতা প্রায় ১০০০ মিটাৰ ।

( খ ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল :- উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো উত্তৰৰ হিমালয় পার্বত্য অঞ্চল আৰু দক্ষিণৰ মালভূমি অঞ্চলৰ মাজত অৱস্থিত । এই অঞ্চলটো পূৱে অসমৰ পৰা পশ্চিমে পাকিস্তানৰ সীমান্তলৈকে প্রায় ২৪০০ কিলমিটাৰ বিস্তৃত আৰু অঞ্চলটোৱে প্রায় ৭,০০,০০০ বর্গ কিল’মিটাৰ ঠাই আগুৰি আছে । এই সমভূমি অঞ্চলটো প্রধানকৈ পাঁচখন সমভূমি যেনে — পশ্চিম সমভূমি , পাঞ্জাৱ,হাৰিয়ানা সমভূমি , গঙ্গা সমভূমি , উত্তৰবঙ্গ সমভূমি আৰু ব্ৰহ্মপুত্র সমভূমিকলৈ গঠিত ।

পশ্চিম সমভূমি অঞ্চল পাঞ্জাৱ আৰু হাৰিয়ানাৰ খৰাং অঞ্চলক সামৰি গঠিত হৈছে । আনহাতে পাঞ্জাৱ,হাৰিয়ানা সমভূমি শতদ্রু ( Sutlij ) , বিপাশা ( Beas ) আৰু ৰাবি ( Ravi ) নদীৰ সমভূমিকলৈ গঠিত হৈছে । আকৌ গংগা আৰু যমুনা নদীৰ সমতল ভূমিকলৈ গঠিত হৈছে গংগা সমভূমি । হিমালয়ৰ পৰা নামি অহা নদ – নদীয়ে উত্তৰবঙ্গ সমতল ভূমি গঠন কৰিছে আৰু ব্ৰহ্মপুত্ৰৰ লগতে তাৰ উপনৈসমূহে অসমৰ ব্ৰহ্মপুত্র সমতল ভূমি গঠন কৰিছে । অর্থাৎ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটো হিমালয় অঞ্চলৰ পৰা বৈ অহা গংগা , সিন্ধু , আৰু ব্ৰহ্মপুত্র নদী তথা তাৰ উপানৈসমূহৰ দ্বাৰা গঠিত হৈছে । এই সমভূমি অঞ্চলৰ কৃষিভূমি সাৰুৱা আৰু সেয়ে জনবসতি ঘন ।

( গ ) দাক্ষিণাত্য মালভূমি অঞ্চল :- দাক্ষিণাত্য মালভূমি উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণ দিশত অৱস্থিত আৰু এই মালভূমি অঞ্চলটো কঠিন শিলাৰে গঠিত । এই মালভূমি অঞ্চলটো উত্তৰৰ মালৱা মালভূমি আৰু বিন্ধ্য পর্বত আৰু ছােটনাগপুৰ মালভূমিক লৈ গঠিত হৈছে । সমগ্র মালভূমি অঞ্চলটোক বিন্ধ্য , সাতপুৰা , মহাদেৱ আৰু মহাকাল পর্বতে উত্তৰ আৰু দক্ষিণ ৰূপে দুটা ভাগত বিভক্ত কৰিছে । উত্তৰ অংশৰ ভিতৰত মালৱা আৰু ছােটনাগপুৰ মালভূমি অৱস্থিত । দক্ষিণৰ মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত পশ্চিমঘাট পর্বতশ্রেণী আৰু পূৱ সীমাত পূর্বঘাট পর্বতশ্রেণী আছে । পৰ্বতৰ ঢাল অনুসৰি দক্ষিণ ভাৰতৰ সৰহভাগ নদীয়ে পশ্চিমৰ পৰা পূৱলৈ প্রবাহিত হৈ বংগােপসাগৰত পৰিছে । এই অঞ্চলৰ পৰা নর্মদা আৰু তাপ্তী নৈ দুখন পশ্চিমলৈ প্রবাহিত হৈ কাম্বে উপসাগৰত মিলিত হৈছে ।

( ঘ ) ভাৰতৰ উপকূল অঞ্চল :- ভাৰতৰ উপকূল অঞ্চল দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূৱ আৰু পশ্চিম সীমাত বংগােপসাগৰ আৰু আৰৱ সাগৰৰ পাৰত অৱস্থিত । সাগৰ পৃষ্ঠৰপৰা উপকূল অঞ্চলৰ উচ্চতা ৩০ ৰ পৰা ৫০ মিটাৰ । ভাৰতৰ পূৱ উপকূল অঞ্চলটো বংগােপসাগৰ আৰু পূর্বঘাট পর্বতশ্রেণীৰ মাজত অৱস্থিত আৰু ই গংগা নদীৰ মােহনাৰ পৰা কুমাৰিকালৈকে বিস্তৃত । এই উপকূল অঞ্চলটো প্রায় ১১০০ কিল’মিটাৰ দীঘল আৰু গড়ে ১২০ কিল’মিটাৰ বহল । ভাৰতৰ সকলােবিলাক প্রধান নদীয়ে সৃষ্টি কৰা সমভূমি আৰু ব – দ্বীপৰ দ্বাৰা এই উপকূল অঞ্চল গঠিত । পশ্চিম উপকূল অঞ্চলটো আৰৱ সাগৰ আৰু পশ্চিমঘাট পর্বতৰ মাজত অৱস্থিত আৰু ই কাম্বে উপসাগৰৰ পৰা কুমাৰিকালৈকে বিস্তৃত । এই উপকূল অঞ্চলৰ দৈর্ঘ্য প্রায় ১৫০০ কিল’মিটাৰ আৰু প্রস্থ ১০ ৰপৰা ১৫ কিল’মিটাৰৰ ভিতৰত ।

ইয়াৰ উপৰিও ভাৰতীয় দ্বীপসমূহক এটা পৃথক ভূ – প্রাকৃতিক ভাগ বুলি ধৰিব পাৰি । ভাৰতীয় দ্বীপসমূহৰ প্ৰধান গােট দুটা হৈছে লাক্ষা দ্বীপপুঞ্জ আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জ ।

প্রশ্ন ৫। ভাৰতৰ জলবায়ুবােৰৰ বৈশিষ্ট্যবােৰ চমুকৈ লিখা ।

উত্তৰঃ ভাৰতবৰ্ষৰ ভিন্ন অঞ্চলত ভিন্ন প্ৰকাৰৰ জলবায়ু অনুভূত হয় । জলবায়ুৰ প্রধান উপাদানসমূহ যেনে — উত্তাপ , বায়ুৰ চাপ , বতাহ আৰু আর্দ্রতা আদি ঠাই ভেদে বেলেগ বেলেগ । তাৰােপৰি ভাৰতৰ জলবায়ুৰ ভিন্নতা নির্ভৰ কৰে — দেশখনৰ বিশালতা , বিভিন্ন ভূ – প্রকৃতি , উচ্চতাৰ পার্থক্য , সাগৰৰ পৰা দূৰত্ব , বিষুৱৰ পৰা দূৰত্ব আৰু মৌচুমী বায়ুৰ ওপৰত ।

ভাৰতৰ প্রায় সােমাজেদি পাৰ হােৱা কর্কটক্রান্তি ৰেখাই দেশখনক উত্তৰ আৰু দক্ষিণ অংশত ভাগ কৰিছে আৰু ইয়াৰ উত্তৰ অংশটো পৰিছে । সমমণ্ডলত আৰু দক্ষিণ অংশটো গ্রীষ্ম মণ্ডলত পৰিছে । সেই বাবে দক্ষিণ ভাৰতত অধিক গৰম অনুভূত হয় । তাৰােপৰি ভাৰতৰ ভিন্ন ভূ – প্রকৃতিয়ে ঠাইবােৰৰ মাজত উচ্চতাৰ তাৰতম্য আনিছে আৰু ইয়ে জলবায়ুত প্ৰভাৱ পেলাইছে । একে অক্ষাংশত অৱস্থিত যদিও উচ্চতাৰ তাৰতম্যৰ বাবে ঠাইবােৰত উত্তাপ , বায়ুৰ চাপ , বৰষুণৰ পৰিমাণ , আর্দ্রতাৰ পৰিমাণ কম বেছি হয় আৰু সেইবাবে জলবায়ুও ভিন্ন হয় । অর্থাৎ ভাৰতত জলবায়ু ভিন্ন বৈশিষ্ট্যপূর্ণ ।

প্রশ্ন ৬। মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ ওপৰত কিদৰে প্ৰভাৱ পেলায় ব্যাখ্যা কৰা ।

উত্তৰঃ মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰে । ভাৰতৰ বছৰৰ ভিন্ন ঋতুত প্ৰধানকৈ গ্রীষ্ম আৰু শীতকালত মৌচুমী বায়ু প্রবাহিত হয় । গ্রীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী বতাহ বলে আক শীতকালত উত্তৰ – পূৱ মৌচুমী বতাহ বলে দক্ষিণ – পশ্চিম মৌচুমী বতাহে আৰৱ সাগৰৰ পৰা যথেষ্ট পৰিমাণে জলীয় বাষ্প কঢ়িয়াই আনে আৰু ই পশ্চিম ঘাট পর্বত বাধাপ্রাপ্ত হয় । তেতিয়া এই বায়ু ওপৰলৈ উঠি শীতল হয় আৰু বৰষুণ আকাৰে মাটিত পৰে । আকৌ এই বায়ুৰে মান এটি অংশ পশ্চিমঘাট পর্বতৰ ওপৰেদি প্ৰৱাহিত হৈ বংগােপসাগৰৰ পিনে আগবাঢ়ে । বংগােপসাগৰৰ ওপৰেদি প্রবাহিত হওতে পুনৰ অধিক জলীয় ভাপ আহৰণ কৰি এই বায়ু অসমৰ লগতে উত্তৰ – পূর্বাঞ্চলত সােমায় । এই বতাহে মেঘালয় মালভূমিত বাধাপ্রাপ্ত হৈ প্ৰচুৰ পৰিমাণে বৰষুণ দিয়ে । আকৌ উত্তৰ – পূৱ মৌচুমী বতাহ শীতকালত প্রবাহিত হয় । উত্তৰত অৱস্থিত হিমালয় পর্বতে এই চেঁচা বতাহ প্রবাহিত হােৱাত বাধা প্রদান কৰে আৰু ইয়াৰ ফলত ভাৰত প্রচণ্ড শীতৰ পৰা ৰক্ষা পৰে । এই বতাহৰ একাংশ হিমালয় পর্বত পাৰ হৈ ভাৰতত সোমায় যদিও স্থলভাগৰ পৰা প্ৰবাহিত হােৱা বাবে এই বতাহ শুকান হয় আৰু ইয়াৰ ফলত বৰষুণ নহয় । কিন্তু এই বতাহ বংগােপসাগৰৰ ওপৰেদি আগবাঢ়োতে কিছু পৰিমাণে জলীয় বাষ্প আহৰণ কৰে আৰু এই বতাহ পূর্বঘাট পর্বতত খুন্দা খােৱাৰ ফলত ভাৰতৰ পূৱ উপকূলত কিছু পৰিমাণে বৰষুণ হয় । এনেদৰে মৌচুমী বায়ুৱে ভাৰতৰ জলবায়ুক প্ৰভাৱান্বিত কৰে ।

প্রশ্ন ৭। কি কি প্ৰকাৰৰ উদ্ভিদ ভাৰতবৰ্ষত পােৱা যায় ? চিত্র আঁকি উল্লেখ কৰা ।

উত্তৰঃ ভাৰতবৰ্ষত প্ৰধানকৈ ছয় প্রকাৰৰ উদ্ভিদ পােৱা যায় ৷ সেইবােৰ হৈছে—

( ক ) চিৰসেউজীয়া উদ্ভিদ ।

( খ ) মৌচুমীয় উদ্ভিদ ।

( গ ) কাঁইটীয়া মৰু উদ্ভিদ ।

( ঘ ) তৃণজাতীয় উদ্ভিদ ।

( ঙ ) ব – দ্বীপীয় উদ্ভিদ ( মেনগ্ৰ’ভ ) । আৰু

( চ ) পার্বত্য উদ্ভিদ ।

তলৰ চিত্ৰত ভাৰতৰ বিভিন্ন প্ৰকাৰৰ উদ্ভিদ দেখুওৱা হ’ল—

প্রশ্ন ৮। ভাৰতত পােৱা উদ্ভিদৰ প্ৰকাৰবােৰ আলােচনা কৰা ।

উত্তৰঃ ভাৰতবৰ্ষত -পােৱা ভিন্ন প্ৰকাৰৰ উদ্ভিদৰ বিষয়ে তলত আলােচনা কৰা হ’ল ।

( ক ) চিৰসেউজীয়া উদ্ভিদ :- চিৰসেউজীয়া উদ্ভিদ

দেখা পােৱা অঞ্চলবােৰৰ বার্ষিক বৰষুণৰ পৰিমাণ ২০০ ছেণ্টিমিটাৰতকৈ অধিক হয় আৰু গড় উত্তাপ ২৫° ছেলচিয়াচৰ পৰা ২৭° ছেলচিয়াচৰ ভিতৰত থাকে । চিৰসেউজীয়া উদ্ভিদবােৰ সাধাৰণতে ওখ প্ৰকৃতিৰ হয় আৰু এই গছবােৰ ৪৫ মিটাৰ পর্যন্ত ওখ হয় । বছৰৰ কোনাে ঋতুতে এই উদ্ভিদৰ পাত নসৰে । পশ্চিমঘাট পর্বতৰ পশ্চিম ঢাল, অৰুণাচল হিমালয়ৰ নামনি ভাগ , উজনি অসম আদি অঞ্চলত চিৰসেউজীয়া উদ্ভিদ পৰিলক্ষিত হয় ।

( খ ) মৌচুমীয় উদ্ভিদ :- মৌচুমীয় উদ্ভিদ পােৱা অঞ্চলবােৰৰ বার্ষিক বৰষুণৰ পৰিমাণ ১০০ পৰা ২০০ ছেণ্টিমিটাৰ ভিতৰত থাকে আৰু গড় উত্তাপ ২৭° ছেলছিয়াচ হয় । মৌচুমীয় উদ্ভিদ মৌচুমী ঋতুত হােৱা বৰষুণৰ ওপৰত নিৰ্ভৰশীল । শীতকালত এই গছবিলাকৰ পাত সৰে । মৌচুমী অৰণ্যৰ প্রধান উদ্ভিদ হৈছে — শাল , চেওন , চিৰিচ , শিশু , চন্দন , অর্জুন আদিৰ লগতে ভিন্ন প্রজাতিৰ বাঁহ আদি । মৌচুমীয় উদ্ভিদ পােৱা কেইটামান অঞ্চল হৈছে অসম , পশ্চিমবংগ , বিহাৰ , উত্তৰপ্ৰদেশ, তামিলনাড়ু আদিৰ লগতে পূর্বঘাট পর্বত , পশ্চিমঘাট পর্বত আৰু দাক্ষিণাত্য মালভূমিৰ পূৱ অংশ ।

( গ ) কাইটীয়া মৰু উদ্ভিদ :- কাইটীয়া মৰু উদ্ভিদ

পােৱা অঞ্চলবােৰত বছৰি বৰষুণৰ পৰিমাণ ৫০ ছেণ্টিমিটাৰতকৈ কম হয় । মৰু অঞ্চলত উত্তাপ অধিক আৰু পানীৰ অভাৱৰ বাবে গছৰ পাতবিলাক বহল নহৈ গোটা আৰু কাইটীয়া হয় । মৰু অঞ্চলৰ প্ৰধান উদ্ভিদ হৈছে — একাচিয়া , বিভিন্ন প্রকাৰ কেকটাছ , খেজুৰ , বগৰী আদি । এই উদ্ভিদ প্রধানকৈ ৰাজস্থানৰ পশ্চিমাংশৰ থৰ মৰুভূমি , পঞ্জাৰ দক্ষিণ – পশ্চিম অঞ্চলত দেখা যায় ।

( ঘ ) তৃণজাতীয় উদ্ভিদ পােৱা অঞ্চলৰবাৰত বার্ষিক বৰষুণৰ পৰিমাণ ৫০ পৰা ১০০ ছেণ্টিমিটাৰৰ ভিতৰত থাকে । তৃণজাতীয় উদ্ভিদৰ ভিতৰত প্রধান হৈছে চাপৰ জোপােহা গছ , ঘাঁহ , সৰু কাঁইটীয়া গছ আদি । এই উদ্ভিদ প্রধানকৈ উত্তৰ ভাৰতৰ পঞ্জাৱ, অন্ধ্রপ্রদেশ , কটক , মহাৰাষ্ট্ৰৰ কিছু অংশত দেখা যায় । এই জাতীয় উদ্ভিদৰ অন্তৰ্গত হৈছে — ঘাঁহ , নল , খাগৰি , ইকৰা আদি ।

( ঙ ) ব – দ্বীপীয় উদ্ভিদ :- ব – দ্বীপীয় উদ্ভিদ প্রধানকে সাগৰৰ পাৰৰ ব – দ্বীপ অঞ্চলত দেখা যায় । এই উদ্ভিদৰ ভিতৰত প্ৰধান হৈছে সুন্দৰী , তাল , নাৰিকল । ব – দ্বীপীয় উদ্ভিদ প্রধানকৈ কচ্ছ উপসাগৰৰ উপকূল অঞ্চল , গংগা – ব্রহ্মপুত্ৰৰ ব – দ্বীপ , মহানদী , গােদাবৰী , কৃষা , কাবেৰী আদি নৈৰ ব – দ্বীপ অঞ্চলত পােৱা যায় । সাগৰৰ জোৱাৰৰ ফলত হােৱা গেছৰ লগতে নদীয়ে জমা কৰা পলসুৱা মাটিত এই উদ্ভিদ জন্মে ।

( ঙ ) পার্বত্য উদ্ভিদ :- পার্বত্য অঞ্চলৰ ভিন ভিন উচ্চতাত ভিন্ন প্রজাতিৰ উদ্ভিদ পােৱা যায় । উচ্চতা আৰু পর্বত – পাহাৰৰ ঢল অনুসৰি বৰষুণ , উত্তাপ আৰু মাটিৰ গুণাগুণৰ প্ৰভেদ হয় । এইবােৰ কাৰণতে পার্বত্য তাঞ্চলৰ উচ্চতাৰ তাৰতম্য অনুসৰি উদ্ভিদৰ প্ৰকাৰ ভিন্ন হয় ।

প্রশ্ন ৯। ভাৰত জনসংখ্যা বৃদ্ধিৰ বিষয়ে এটি টোকা লিখা ।

উত্তৰঃ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে দ্বিতীয় জনবহুল দেশ । ভাৰতবৰ্ষৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে । ১৯০১ চনৰ এক তথ্যমতে ভাৰতৰ জনসংখ্যা আছিল ২৩৮৪ কোটি । কিন্তু ২০০১ চনৰ লােকপিয়ল মতে ভাৰতবৰ্ষৰ জনসংখ্যা হৈছে ১০২.৭০ কোটি । সম্প্রতি ভাৰতৰ মুঠ জনসংখ্যা পৃথিৱীৰ জনসংখ্যাৰ ১৬ শতাংশ । ১৯০১ চনৰ পৰা ২০০১ চনৰ ভিতৰত ভাৰতৰ জনসংখ্যা প্রায় চাৰিগুণতকৈও অধিক বৃদ্ধি পাইছে । ভাবতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে উচ্চ জন্মৰ হাৰ , মৃত্যুৰ নিম্ন হাৰ আৰু প্ৰব্ৰজন । জন্মৰ হাৰ মৃত্যুৰ হাৰতকৈ অধিক হােৱা বাবে ভাৰতবৰ্ষৰ জনসংখ্যা দ্রুত গতিত বৃদ্ধি পাইছে ।

জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হােৱা বাবে ভাৰতবৰ্ষত সাম্প্রতিক সময়ত খাদ্য সমস্যা , বাসগৃহৰ সমস্যা , কৃষি ভূমিৰ সমস্যা , শিক্ষাৰ সমস্যা , কর্মসংস্থাপন তথা নিবনুৱা সমস্যাৰ দৰে কিছুমান ভয়াবহ সমস্যাৰ সৃষ্টি হৈছে । বর্ধিত জনসংখ্যাৰ বাবে আজি ভাৰতৰ অর্থনৈতিক প্রগতি বাধাগ্রস্ত হৈছে । তলৰ তালিকাত যােৱা ১০০ বছৰৰ অর্থাৎ ( ১৯০১ ৰ পৰা ২০০১ ) লৈকে ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি ধাৰা দেখুওৱা হ’ল । প্ৰতিটো দশকতে জনসংখ্যা বৃদ্ধিৰ পৰিমাণ ক্রমান্বয়ে উর্ধ্বগামী হােৱা দেখা গৈছে । ভাৰতৰ জনসংখ্যা বৃদ্ধি ( ১৯০১–২০০১ )

প্রশ্ন ১০। জনসংখ্যাৰ বিতৰণ ভাৰতৰ সকলাে ঠাইতে কিয় সমান নহয় — ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰতৰ জনসংখ্যাৰ বিতৰণ দেশখনৰ সকলাে ঠাইতে সমান নহয় । ইয়াৰ বহুতাে কাৰণ আছে । সাধাৰণতে যিবােৰ ঠাইৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয় অথবা অর্থনৈতিক আৰু যাতায়ত – যােগাযােগ তথা পৰিবহণ ব্যৱস্থা উন্নত নহয় সেইবােৰ অঞ্চলত সাধাৰণতে জনবসতি পাতল হয় । আনহাতে যিবােৰ ঠাইৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল , যােগাযােগ ব্যৱস্থা উন্নত , অর্থনৈতিক দিশত আগবঢ়া , ব্যৱসায় বাণিজ্যৰ উপযুক্ত সুবিধা আছে , কৃষিভূমি সাৰুৱা , উদ্যোগ প্রতিষ্ঠানৰ সা – সুবিধা আছে তেনেবােৰ ঠাইৰ জনবসতি ঘন হয় । তাৰােপৰি পার্বত্য অঞ্চলৰ জলবায়ুৰ ভিন্নতা , বাটপথ , শিক্ষানুষ্ঠান , চিকিৎসালয় আদিৰ বিশেষ সুবিধা নাথাকে তেনেবােৰ ঠাইৰ জনবসতি সেৰেঙা হয় । সাধাৰণতে সমতল ভূমি অঞ্চল , নদ – নদী উপকূল তথা উপত্যকা অঞ্চল আদিত অধিক পৰিমাণে মানুহ বসবাস কৰে । সেয়ে আমি ক’ব পাৰাে জনসংখ্যাৰ বিতৰণৰ ঠাই বিশেষে তাৰতম্য ঘটে । দেশখনৰ নগৰ – চহৰ অঞ্চলত অধিক পৰিমাণে জনসংখ্যা বসবাস কৰে আৰু গ্ৰাম্য অঞ্চলত চহৰৰ তুলনাত কম পৰিমাণৰ লােকে বসবাস কৰে । যাতায়ত , শিল্প উদ্যোগ , ব্যৱসায় বাণিজ্যৰ সুবিধা থকা অঞ্চলবােৰত জনবসতি বেছি , আনহাতে কোনাে বিশেষ সা – সুবিধা নথকা অঞ্চলৰ জনবসতি সেৰেঙা হয় ।

প্রশ্ন ১১। ভাৰতৰ জনসংখ্যা ঘনত্ব কিদৰে ভিন ভিন হৈছে আলােচনা কৰা ।

উত্তৰঃ ভাৰতৰ জনসংখ্যা ঘনত্ব সকলাে ঠাইতে সমান নহয় । ঘন জনবসতিপূর্ণ ঠাই বা অঞ্চলবােৰত জনসংখ্যা ঘনত্ব অধিক । আনহাতে পাতল বা সেৰেঙা জনবসতি থকা অঞ্চলত জনসংখ্যা ঘনত্ব কম হয় । কোনাে এখন দেশৰ জনসংখ্যা ঘনত্ব অঞ্চলভেদে ভিন্ন হয় । জনসংখ্যাৰ ঘনত্ব ভিন্ন হােৱাৰ বহুতাে কাৰক আছে , তাৰ ভিতৰত উল্লেখযােগ্য । হৈছে — প্রাকৃতিক পৰিৱেশ , ভূ – প্রকৃতি , জলবায়ু , কর্ম সংস্থাপনৰ সুবিধা , শিক্ষা , স্বাস্থ্য আৰু অন্যান্য সা – সুবিধাৰ লগতে অর্থনৈতিক বিকাশ অন্যতম ।

সাধাৰণতে যিবােৰ অঞ্চলত কৃষিকাৰ্যৰ পর্যাপ্ত সুবিধা আছে , বাটপথ – যােগাযােগ আৰু পৰিবহণ ব্যৱস্থা উন্নত , শিল্প উদ্যোগ প্রতিষ্ঠান স্থাপনৰ সা – সুবিধা আছে তেনেবােৰ অঞ্চলত জনসংখ্যা ঘনত্ব অধিক । আনহাতে যিবােৰ অঞ্চলত বুনিয়াদী সা – সুবিধাৰ অভাৱ , বাটপথ আৰু পৰিবহণ ব্যৱস্থা অনুন্নত , জলবায়ু বসবাসৰ অনুপযােগী , তেনেবােৰ ঠাইত জনসংখ্যাৰ ঘনত্ব পাতল হয় । নদী – উপত্যকা অঞ্চলৰ ভূমিভাগ সাৰুৱা , অধিকাংশ লােক কৃষিকার্যত নিয়ােজিত আৰু জীৱন নির্বাহ সুবিধাজনক , তেনেবােৰ অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব অধিক । এনেদৰে বিভিন্ন কাৰণত ভাৰতৰ জনসংখ্যা ঘনত্বৰ ঠাই বিশেষে তাৰতম্য হােৱা দেখা যায় ।

Sl. No. সূচী-পত্ৰ
প্রথম খণ্ড প্রাকৃতিক ভূগােল
Chapter 1 ভূ – প্রাকৃতিক প্রক্রিয়া
দ্বিতীয় খণ্ড পাৰিৱেশিক ভূগােল
Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা
তৃতীয় খণ্ড আঞ্চলিক ভূগােল
Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা
Chapter 4 আমেৰিকা যুক্তৰাষ্ট্রৰ আঞ্চলিক ভূগােল
Chapter 5 জাপানৰ আঞ্চলিক ভূগােল
Chapter 6 ভাৰতবৰ্ষৰ আঞ্চলিক ভূগােল
চতুর্থ খণ্ড প্রাকৃতিক ভূগােল
Chapter 7 ভূগােলৰ ব্যৱহাৰিক কার্যাৱলী

প্রশ্ন ১২। ভাৰতৰ নগৰীয়া জনসংখ্যাৰ এটি চমু আভাষ দিয়া আৰু লগতে কেইখনমান প্রধান চহৰৰ নগৰীয়া জনসংখ্যা বৃদ্ধিৰ তথ্য দাঙি ধৰা ।

উত্তৰঃ ভাৰতৰ নগৰ অঞ্চলবােৰত জনবসতি অধিক হােৱা দেখা যায় । নগৰ – চহৰ অঞ্চলত সুচল যাতায়ত ব্যৱস্থা , উদ্যোগিক উন্নয়ন আৰু নগৰীকৰণৰ ফলত জনসাধাৰণে অধিক সুবিধা লাভ কৰিব পাৰে , সেইবাবে নগৰ অঞ্চলত জনবসতি অতি ঘন হয় । ১৯৯১ চনত ভাৰতৰ নগৰীয়া জনসংখ্যা আছিল মুঠ জনসংখ্যাৰ ২৫.৭ শতাংশ । ভাৰতৰ নগৰীয়া জনসংখ্যাৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত বহুতাে নগৰ অঞ্চলৰ সৃষ্টি হৈছে । যােৱা ১৯৮১ চনত ভাৰতৰ নগৰ চহৰৰ সংখ্যা আছিল ৩২৪৪ খন আৰু ই বৃদ্ধি পাই ১৯৯১ চনত ৩৭৬৮ খন হয় । অর্থাৎ দহ বছৰৰ ভিতৰত ভাৰতত প্রায় পাঁচশখন নতুন নগৰ সৃষ্টি হৈছে । এই নতুন নগৰসমূহৰ সৃষ্টিৰ প্ৰধান কাৰণ হৈছে — উদ্যোগিক বিকাশ তথা কর্ম সংস্থাপনৰ স – সুবিধা , চহৰ অঞ্চলত থকা শিক্ষা তথা স্বাস্থ্যৰ সা – সুবিধাৰ লগতে গ্রাম অঞ্চলত থকা বিভিন্ন অসুবিধাসমূহ । গ্রাম্য অঞ্চলত জীৱন নির্বাহ পদ্ধতি অতি কষ্টকৰ হােৱা হেতুকে অধিক হাৰত জনসংখ্যা চহৰ নগৰলৈ প্ৰব্ৰজন হৈছে । ভাৰতবৰ্ষৰ এক নিযুত বা তাতকৈ অধিক জনসংখ্যা থকা চহৰৰ সংখ্যা হৈছে ২৩ খন । ভাৰতবৰ্ষৰ অতি জনবহুল মহানগৰীকেইখন হৈছে মুম্বাই, কলিকতা , দিল্লী আৰু চেন্নাই । তলৰ তালিকাত জনসংখ্যাৰ হিচাপত ভাৰতৰ প্ৰথম দহখন মহানগৰীৰ নাম আৰু সেইবােৰত থকা জনসংখ্যাৰ পৰিমাণ উল্লেখ কৰা হ’ল—

জনসংখ্যাৰ ভিত্তিত ভাৰতৰ ভিতৰত সৰ্ববৃহৎ চহৰ হৈছে মুম্বাই । মুম্বাইৰ পাছতে স্থান লাভ কৰিছে কলিকতা , দিল্লী আৰু চেন্নাই । ২০০১ চনৰ লােকপিয়ল মতে ভাৰতৰ সকলাে ৰাজ্যৰ ভিতৰত দিল্লীত জনংখ্যাৰ ঘনত্ব অধিক আৰু অৰুণাচল প্রদেশত জনসংখ্যাৰ ঘনত্ব সর্বনিম্ন । দিল্লীত প্রতি বর্গ কিল’মিটাৰত গড়ে ৬৩৫২ জন লােক বসবাস কৰে আৰু তাৰ বিপৰীতে অৰুণাচল প্রদেশত প্রতি বর্গ কিল’মিটাৰত গড়ে ১৩ জন লোক বসবাস কৰে ।

kjv logo
Enamul Hoque Kamal Assam
× Ask Any question