Class 10 Elective Geography Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা, Elective Geography Class 10 SEBA Question Answer in Assamese.
Class 10 Elective Geography Chapter 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগােলৰ ধাৰণা
দ্বিতীয় খণ্ড
পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ
প্রশ্ন ১। পৰিৱেশ বুলিলে কি বুজা ? পৰিৱেশক কিয় এটা তন্ত্র হিচাপে বিবেচনা কৰা হয় ?
উত্তৰঃ জীৱ বা জীব সম্প্রদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয় । অর্থাৎ যিবােৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে সেই উপাদানবােৰৰ পাৰম্পৰিক সম্পৰ্কৰ যােগেদি জীৱৰ বাবে প্রয়ােজনীয় পৰিৱেশ গঢ়ি তােলে । পৰিৱেশৰ অৰ্থ আৰু পৰিসৰ অতি ব্যাপক আৰু ই বহুতাে উপাদানৰ পাৰম্পৰিক সম্পৰ্কৰ ফল ।
পৰিৱেশক এটা তন্ত্র ( System ) হিচাপে বিবেচনা কৰা হয় । গােলকীয় পর্যায়ত পৰিৱেশে এটা অতি বিশাল আৰু জটিল তন্ত্ৰ হিচাপে কার্য কৰি আছে । তন্ত্র শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পর্ক থকা উপাদানে সৃষ্টি কৰা এটা বিশেষ পৰিস্থিতিক সূচিত কৰে । পৃথিৱীৰ পৰিৱেশ তন্ত্র বহুতো জীৱীয় আৰু অজীৱীয় উপাদানৰ আন্তঃক্রিয়াৰ ফলস্বৰূপে সৃষ্টি হৈছে । বিভিন্ন উপাদানৰ ক্ৰিয়াৰ ফলত পৰিৱেশ সৃষ্টি হােৱা বাবে পৰিৱেশক এটা তন্ত্ৰ বুলি কোৱা হয় ।
প্রশ্ন ২। পৃথিৱীৰ বায়ুমণ্ডল , স্থলমণ্ডল , জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ সম্পর্ক উদাহৰণ দি বুজোৱা ।
স্থল , জল , জীৱ আৰু বায়ু — এই মণ্ডল কেইটাৰ পাৰস্পৰিক সম্পৰ্কৰ ফল পৃথিৱীৰ পৰিৱেশ ( পিটাৰ হেগেট , ১৯৮৩ ) পৃথিৱীৰ আটাইকেইখন মহাদেশ স্থলমণ্ডলৰ অন্তৰ্গত । স্থলমণ্ডলৰ ভিতৰত শিল , মাটি , বালি আদিকে ধৰি পৰ্বত – পাহাৰ , মালভূমি , সমভূমি , মৰুভূমি, নদী – উপত্যকা , উপকূল আদি প্রাকৃতিক অৱয়ববােৰ থাকে ।
পৃথিৱাৰ সাগৰ – মহাসাগৰবােৰ জলমণ্ডলৰ অন্তৰ্গত । স্থলমণ্ডলত থকা নদ – নদী , খাল – বিল , হ্রদ আদি জলাশয়বােৰ জলমণ্ডলৰ ভিতৰত পৰে । জীৱমণ্ডলৰ ভিতৰত পৰে জীৱিত প্রাণী আৰু উদ্ভিদবােৰ , বায়ুমণ্ডলত চৰাই , কীটপতংগ তথা বিভিন্ন অণুজীৱসমূহ আৰু ভূ – পৃষ্ঠৰ পৰা ক্রমে ওপৰলৈ বিয়পি থকা গেছীয় পদাৰ্থৰ ডাঠ তৰপটো হৈছে বায়ুমণ্ডল । অক্সিজেন , নাইট্রজেন , হাইড্রজেন , কার্বন ডাই – অক্সাইড আদি গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত । বায়ুমণ্ডলত থকা বিভিন্ন গেছবােৰৰ সৈতে জীৱমণ্ডলৰ প্রাণীসমূহৰ এক গভীৰ সম্পর্ক আছে ।
প্রশ্ন ৩। পৃথিৱীৰ সকলাে অঞ্চলৰ পৰিৱেশ কিয় এক নহয় চমুকৈ লিখা ।
উত্তৰঃ পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ একে নহয় । পৰিৱেশতন্ত্রণ অন্তর্গত কোনাে এটা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশে আন অঞ্চলৰ পৰিৱেশক গভীৰভাৱে প্রভাবিত কৰে । পৃথিৱীৰ সকলাে অঞ্চলৰ পৰিৱেশ একে নােহােৱাৰ কাৰণসমূহ হৈছে — জলবায়ুৰ ভিন্নতা , জলচক্র , বতাহ , সাগৰীয় সোঁত , প্রবাহিত নৈ আদিৰ বাবে । বেলেগ বেলেগ ঠাইৰ পৰিৱেশৰ সৈতে ইখনৰ মাজত আন খনৰ সম্পৰ্ক থকা দেখা যায় । বিভিন্ন ভৌগােলিক কাৰণতে প্ৰতিটো অঞ্চলৰ পৰিৱেশৰ কিছু কিছু সুকীয়া ধর্ম বা বৈশিষ্ট্য থাকে । প্রাকৃতিক উপাদানবােৰৰ গুণাগুণৰ ভিন্নতা , মাটি , পানী , উত্তাপ , জীৱ আদিৰ ভিন্নতাৰ বাবে পৃথিৱীৰ সকলাে অঞ্চলৰ পৰিৱেশ একে নহয় । ভূ – পৃষ্ঠত ঠাইৰ অৱস্থান, ভূ – আকৃতি , সাগৰ – মহাসাগৰৰ পৰা দূৰত্ব , সাগৰ পৃষ্ঠৰপৰা উচ্চতা , জলবায়ু , উদ্ভিদ , বন্যপ্রাণী আদি বিভিন্ন কাৰকে কোনাে ঠাইৰ পৰিৱেশ নিৰূপণ কৰে । অঞ্চলভেদে এই কাৰকসমূহৰ পার্থক্য পৰিলক্ষিত হয় আৰু ইয়ে ভূ – পৃষ্ঠত পৰিৱেশৰ আঞ্চলিক পার্থক্য আনে ।
প্রশ্ন ৪। পৰিৱেশ ভূগােলৰ সংজ্ঞা দিয়া ।
উত্তৰঃ ভূগােলৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সেইবােৰৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্রয়াস কৰে , তাকে পৰিৱেশ ভূগােল বােলা হয় । অর্থাৎ পৰিৱেশ ভূগােল হৈছে পৃথিৱীৰ পৰিৱেশৰ ভৌগােলিক অধ্যয়ন ।
ভৌগােলিক অধ্যয়নৰ উপজীৱ হৈছে ভূ – পৃষ্ঠত বিৰাজ কৰা মানুহ আৰু পৰিৱেশৰ মাজত থকা বিৱৰ্তনশীল সম্পর্ক । ভৌগােলিক অধ্যয়নে মানুহ আৰু পৰিৱেশৰ মাজত থকা অঞ্চলভেদে পার্থক্য আৰু অঞ্চলবােৰৰ মাজত থকা পাৰস্পৰিক নিৰ্ভৰশীলতা স্পষ্টকৈ দাঙি ধৰিবলৈ যত্ন কৰে ।
প্রশ্ন ৫। ভূগােল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগোলৰ গুৰুত্ব আলােচনা কৰা ।
উত্তৰঃ ভূগােল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগােলৰ গুৰুত্ব অধিক । পৃথিৱীৰ বিভিন্ন ঠাইৰ পাৰিৱেশিক সমস্যা বৃদ্ধি পাই অহাৰ লগে লগে পৰিৱেশ ভূগােলৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে । পৰিৱেশ বিজ্ঞান বিজ্ঞানৰ প্ৰায় প্ৰতিটো শাখাই কম – বেছি পৰিমাণে জড়িত হৈ আছে বাবে ইয়াক বিজ্ঞানৰ এক সমন্বিত অধ্যয়ন বুলিও ক’ব পাৰি । পৰিৱেশ ভূগােলে মানুহ আৰু মানুহৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি অঞ্চলভেদে পৰিৱেশৰ স্থিতি , স্বৰূপ আৰু পৰিৱৰ্তন অধ্যয়ন কৰে । পৰিৱেশ ভূগােলত আলােচিত বিষয়সমূহ হৈছে — কোনাে এটা অঞ্চলত সংঘটিত বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিমাণ , বানপানী , গৰাখহনীয়া , ভূমিস্থলন আদি প্রাকৃতিক দুর্যোগ সংঘটিত হোৱা স্থান আৰু কাৰণ , প্ৰদূষণে কেনেদৰে পৰিৱেশ বিনষ্ট কৰে আদি সকলোবােৰ বিষয় । প্রাকৃতিক সম্পদৰ পৰিৱেশ – অনকূল ব্যৱহাৰ , পৰিৱেশৰ পৰিচালনা , বহনক্ষম উন্নয়ন আদি সকলােবােৰ পৰিৱেশ ভূগােল অধ্যয়নৰ বিষয়বস্তু ।
পৰিৱেশ ভূগােলে বিশেষকৈ উন্নয়ন যে পৰিৱেশ , সমাজ আৰু আর্থিক বিকাশৰ অনুকূলে পৰিচালিত হ’ব লাগে সেই কথাৰ ওপৰত মনযােগ দিয়ে । পৰিৱেশ ভূগোল অধ্যয়নৰ প্রধান উদ্দেশ্য হৈছে পৰিৱেশৰ ঐতিহাসিক বিকাশ , জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশৰ লগত ইয়াৰ সম্পর্ক , প্রাকৃতিক দুর্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা , অর্থনীতি আৰু সংস্কৃতিৰ সৈতে পৰিৱেশৰ সম্পর্ক আদি । এনেবােৰ বিষয় অধ্যয়ন কৰাৰ বাবে সাম্প্রতিক কালত পৰিৱেশ ভূগােলৰ গুৰুত্ব অধিক । ভৌগলিক বই
প্রশ্ন ৬৷ পৰিৱেশ ভূগােলৰ উদ্দেশ্য আৰু অধ্যয়ন পৰিসৰৰ এটি আভাস দিয়া ।
উত্তৰঃ পৰিৱেশ ভূগোল বিষয়টো অধ্যয়ন কৰাৰ মুখ্য উদ্দেশ্য হৈছে প্ৰাকৃতিক সম্পদৰ পৰিৱেশ – অনুকূল ব্যৱহাৰ তথা পৰিৱেশৰ ব্যৱহাৰ জৰিয়তে বহনক্ষম উন্নয়ন সম্ভৱপৰ কৰি তােলা । সাম্প্রতিক সময়ছোৱাত দ্রুতগতিত বৃদ্ধি পােৱা জনসংখ্যা , নগৰীকৰণ কৰু উদ্যোগীকৰণৰ প্রসাৰ আদিয়ে পৰিৱেশৰ ওপৰত এক হেঁচাৰ সৃষ্টি কৰিছে । যাতায়ত আৰু পৰিবহণৰ অভূতপূর্ব প্রসাৰ , অত্যাধিক সম্পদ আহৰণৰ প্রচেষ্টা , যানবাহনত মাত্রাধিক খনিজ ইন্ধনৰ ব্যৱহাৰে নানা ধৰণৰ পৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে । মানুহৰ এনে অপৰিকল্পিত কার্যকলাপৰ ফলত হাবি – বননি ধ্বংস হৈছে , জৈৱ – বৈচিত্ৰৰ সংকোচন ঘটিছে , গােলকীয় উত্তাপ বৃদ্ধিৰ লগতে বিভিন্ন ধৰণৰ প্ৰদূষণৰ সমস্যাই গা কৰি উঠিছে । ভূগােলবিদসকলে পৰিৱেশ ভূগােল বিষয়টোৰ জৰিয়তে এই ধৰণৰ পাৰিৱেশিক সমস্যাবােৰৰ এক প্ৰণালীবদ্ধ বিজ্ঞানভিত্তিক অধ্যয়ন কৰি তাৰ সমাধানৰ উপায় উলিয়াবলৈ প্ৰয়াস কৰিছে ।
পৰিৱেশ ভূগােলে মানুহ আৰু মানুহৰ কাম – কাজক কেন্দ্ৰ কৰি ঠাই ভেদে পৰিৱেশৰ স্থিতি স্বৰূপ আৰু পৰিৱৰ্তন অধ্যয়ন কৰে । পৰিৱেশ ভূগােলৰ উদ্দেশ্য হৈছে –পৰিৱেশৰ ঐতিহাসিক বিকাশ , জনসংখ্যা বৃদ্ধিৰ সৈতে পৰিৱেশৰ সম্বন্ধ , প্রাকৃতিক দুর্যোগৰ ব্যৱস্থাপনা , অর্থনীতি আৰু সংস্কৃতিৰ সৈতে পৰিৱেশৰ সম্বন্ধ আদি অধ্যয়ন কৰা আৰু এক সুস্থিৰ সিদ্ধান্তত উপনীত হােৱা । ভৌগলিক বই
প্রশ্ন ৭৷ পৰিৱেশৰ উপাদান বুলিলে কি বুজা ? জীৱীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা ।
উত্তৰঃ পৰিৱেশৰ উপাদান বুলিলে সেইবােৰ উপাদানকে ধৰা হয় যিবােৰে পাৰস্পৰিক সম্পৰ্কৰ যােগেদি জীৱৰ বাবে প্রয়ােজনীয় পৰিৱেশ গঢ়ি তােলে । যিবােৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে সেই সকলােবােৰেই পৰিৱেশৰ উপাদান । পৰিৱেশৰ উপাদানবােৰক প্ৰধানকৈ দুটা মৌলিক ভাগত ভাগ কৰা হয় । সেয়া হৈছে —
( ক ) জীৱীয় উপাদান ( Biotic Element ) আৰু
( খ ) অজীৱীয় উপাদান ( Abiotic Element ) ।
জীৱীয় উপাদানসমূহ জীৱমণ্ডলৰ অন্তৰ্গত । জীৱীয় উপাদানৰ ভিতৰত নানা প্রজাতিৰ উদ্ভিদ , অণুজীৱ আৰু বৃহৎ আকাৰৰ প্রাণীসমূহ পৰে । আনহাতে জীৱহীন বা প্রাণহীন সকলাে উপাদান অজীৱীয় উপাদানৰ অন্তর্গত । অর্থাৎ স্থলমণ্ডল , জলমণ্ডল , বায়ুমণ্ডল তথা জীবমণ্ডলৰ সকলাে প্রাণহীন বস্তুৱেই অজীৱীয় উপাদান ।
প্রশ্ন ৮। তলত উল্লেখ কৰা উপাদানবােৰ জীৱীয় আৰু অজীৱীয়— এই দুই ভাগত বিভক্ত কৰি লগত দিয়া তালিকাখন পুৰােৱা–
উপাদানঃ বালি , মণিক , বেক্টেৰিয়া , উদ্ভিদ প্লৱক ( Phytoplankton) , ঘাঁহ , বৰষুণ , আর্দ্রতা , মাটি , পানী , অৰণ্য , কীটপতংগ , ভাইৰাছ , কয়লা , খনিজ তেল , মেনগ্রভ , সৌৰ শক্তি ।
উত্তৰঃ
প্রশ্ন ৯। পাৰিৱেশিক সমস্যা মানে কি ?
উত্তৰঃ প্রাকৃতিক পৰিৱেশ আৰু তাত থকা বিভিন্ন উপাদানৰ লগতে বাসিন্দাসকলে সন্মুখীন হােৱা সমস্যাবােৰেই পাৰিৱেশিক সমস্যা । পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰা পৰিৱেশ সম্পৰ্কীয় সকলাে সমস্যাই পাৰিৱেশ সমস্যাৰ অন্তৰ্গত । বিভিন্ন প্রকাৰৰ পাৰিৱেশিক সমস্যা হৈচ্ছে — নির্বনীকৰণ ( Deforestation ) , জনসংখ্যা বৃদ্ধিৰ ফলত হোৱা বায়ু প্ৰদূষণ , পানী প্রদূষণ , মাটি প্ৰদূষণ ; গােলকীয় উত্তাপ বৃদ্ধি আদি । সাম্প্রতিক কালত জনসংখ্যাৰ দ্রুত বৃদ্ধি , ব্যাপক হাৰত সম্পদ আহৰণ, উৎপাদন ব্যৱস্থাত প্রযুক্তি ব্যাপক প্রয়ােগ , যানবাহনৰ পৰিমাণ বৃদ্ধি , নগৰ – মহানগৰৰ সম্প্ৰসাৰণ আদিৰ ফলত পৰিৱেশৰ ওপৰত গভীৰ হেঁচাৰ সৃষ্টি কৰিছে আৰু ইয়ে বিভিন্ন পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে ।
প্রশ্ন ১০। পৃথিৱীৰ পাৰিৱেশিক সমস্যা ক্রমে বৃদ্ধি পাই অহাৰ কাৰণবােৰ উল্লেখ কৰা ।
উত্তৰঃ পৃথিৱীৰ পাৰিৱেশিক সমস্যাসমূহ ক্রমে বৃদ্ধি পাই অহাৰ কাৰণসমূহ হৈছে — সভ্যতাৰ অগ্রগতি আৰু জনসংখ্যা বিস্ফোৰণৰ ফলস্বৰূপে মানুহে পৰিৱেশক নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে । উদ্যোগীকৰণ , নগৰীকৰণ , শিল্প উদ্যোগৰ পৰিমাণ বৃদ্ধি আৰু বিভিন্ন ধৰণৰ আণৱিক পৰীক্ষাৰ ফলত পৰিৱেশ প্ৰদূষিত হৈছে । নগৰীকৰণ তথা নগৰীয়া জনসংখ্যা বৃদ্ধি পােৱাৰ ফলত প্রাকৃতিক সম্পদৰ ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি পাইছে , অত্যাধুনিক যন্ত্রপাতিৰ প্রয়ােগ বাঢ়িছে , যানবাহন , আচবাব , অনুষ্ঠান – প্রতিষ্ঠান বৃদ্ধিৰ লগতে বননি ধংস হৈছে আৰু পৰিৱেশৰ প্রতি ভাবুকিৰ সৃষ্টি হৈছে । উদ্যোগ ক্ষেত্ৰৰ অভূতপূর্ব বিকাশে প্রাকৃতিক সম্পদৰ মাত্ৰাধিক বাৱহাৰ হৈছে আৰু উদ্যোগৰপৰা নিৰ্গত ধোঁৱা , ছাই আদিয়ে বিভিন্ন পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে । অর্থাৎ সম্প্রতি পৃথিৱীৰ বৰ্দ্ধিত জনসংখ্যাৰ অতিৰিক্ত চাহিদা পূৰণ কৰিবলৈকে পৰিৱেশৰ ওপৰত এক হেঁচা পৰিছে আৰু ইয়ে নতুন নতুন পাৰিৱেশক সমস্যাৰ সৃষ্টি কৰিছে । বননি ধংসৰ ফলত বায়ুমণ্ডলত কার্বন ডাই – অক্সাইড পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়ে অন্যান্য সেউজ গৃহ – গেছবােৰৰ সৈতে মিলিত হৈ গােলকীয় উত্তাপ বৃদ্ধি কৰিছে ।
প্রশ্ন ১১। পৰিৱেশৰ ভাৰসাম্য অবস্থা বুলিলে কি বুজা ?
উত্তৰঃ পৰিৱেশৰ ভাৰসাম্য মানে পৰিৱেশৰ এক স্থিতাৱস্থা বা সুস্থিৰ অৱস্থা । যি কার্যকলাপে পৰিৱেশৰ ওপুৰত কোনাে বাধাৰ সৃষ্টি নকৰে বা পৰিৱেশক কোনাে ক্ষেত্রতে অসুবিধা নকৰে , তেনে এক সুস্থিৰ অৱস্থাকেই পৰিৱেশৰ ভাৰসাম্য অৱস্থা বুলি ক’ব পাৰি । কোনাে এখন ঠাইৰ বা অঞ্চলৰ মুঠ মাটিকালিৰ এক – তৃতীয়াংশ বা ৩৩ শতাংশ উদ্ভিদৰ আৱৰণ থাকিলে প্রাকৃতিক ভাৰসাম্য ৰক্ষা হয় । সেউজীয়া গছ – গছনিয়ে বায়ুমণ্ডলত অক্সিজেন গেছ যােগান ধৰাৰ লগতে কার্বন ডাই – অক্সাইড গেছ শােষণ কৰি বায়ু নির্মল কৰে আৰু প্ৰাণীসমূহৰ খাদ্যৰ উৎস হিচাপে কাম কৰে । পৰিৱেশৰ ভাৰসাম্য অটুত ৰাখিবলৈকে অধিক পৰিমাণৰ বৃক্ষৰােপণৰ প্রয়ােজন , কিয়নাে ই ভূমিকয় , ভূমিৰ অভাৱ , পানীৰ অভাৱ নােহােৱা কৰাৰ লগতে সকলাে ধৰণৰ সাম্ভাৱ পাৰিৱেশিক সমস্যা উদ্ভৱত বাধা দিয়ে ।
প্ৰশ্ন ১২। ‘নির্বনীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল’— উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা ।
উত্তৰঃ নির্বনীকৰণ ( Deforestation ) বা বননি ধ্বংস সম্প্রতি বহু সমস্যাৰ কাৰণৰূপে চিহ্নিত হৈছে । নির্বনীকৰণৰ ফলত আজি বায়ুমণ্ডলত কার্বন ডাই – অক্সাইড আৰু অন্যান্য সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়ে গােলকীয় উত্তাপ বৃদ্ধি কৰিছে । গােলকীয় উত্তাপ বৃদ্ধি পােৱাৰ মুখ্য কাৰণ হৈছে সেউজীয়া গছ – গছনিৰ অভাৱ । নির্বনীকৰণে বায়ুমণ্ডল দূষিত কৰাৰ লগতে জীৱ – জন্তু আৰু আন জীৱিত প্রাণীসমূহৰ অসুবিধাৰ সৃষ্টি কৰিছে । বননি ধ্বংসৰ ফলত ভূমিক্ষয় আৰু ভূমিস্খলনৰ পৰিমাণ বৃদ্ধি পাইছে । বৰষুণ , পানীৰ অভাৱ জাতীয় পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে ।
আনহাতে উদ্যোগিক বিকাশৰ লগতে মানুহৰ জীৱন প্ৰণালীৰ দ্রুত উন্নয়নেই হৈছে বননি ধ্বংসৰ মূল কাৰণ । দ্রুত উদ্যোগিক বিকাশৰ বাবে অপৰিকল্পিতভাৱে বননি ধ্বংস কৰা হৈছে আৰু বাসস্থানৰ লগতে উদ্যোগৰ পৰিসৰ বৃদ্ধিৰ বাবেও হাবি – বননি মুকলি কৰা হৈছে । অৰণ্যৰ পৰা বনজ সম্পদ ব্যৱহাৰ কৰি অর্থনৈতিক উন্নয়ন সম্ভৱ হৈছে, কিন্তু ই পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰিছে আৰু ন ন’ পাৰিৱেশিক সমস্যাৰ জন্ম দিছে । সেয়ে কোৱা হয় নির্বনীকৰণ বহুতো সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল ।

