Class 10 Elective Geography Ch 1 Assamese Medium

               প্ৰথম খণ্ড

পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। স্থলাকৃতি বুলিলে কি বুজা ?

উত্তৰঃ পৃথিৱী পৃষ্ঠৰ ওপৰত থকা নানান ধৰণৰ ভূ – অৱয়ব যেনে— পাহাৰ , পর্বত , মালভূমি , সমভূমি , নদী – উপত্যকাৰ লগতে সাগৰ মহাসাগৰত তলত থকা ভিন্নাকৃতিৰ উমভূমি , নিম্নভূমি আদিক একেলগে স্থলাকৃতি ( Land form ) বুলি জনা যায় । অর্থাৎ স্থলাকৃতি হৈছে ভূ – পৃষ্ঠত থকা ভিন্ন প্রকাৰৰ ভূ – অৱয়বসমূহ ।

প্রশ্ন ২। ভূ – আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া ।

উত্তৰঃ ভূগােলৰ যিটো শাখাই ভূ – পৃষ্ঠৰ ভিন্ন অৱয়ব বা স্থলাকৃতি বােৰৰ উৎপত্তি ( Origin ) , ক্রমবিকাশ ( Evolution ) , আকাৰ – আকৃতি আৰু বিতৰণ ( Distribution ) সম্বন্ধে অধ্যয়ণ কৰে , সেই শাখাটোক ভূ আকৃতিক বিজ্ঞান ( Geomorphology ) বােলা হয় ।

প্রশ্ন ৩। ভূ – আকৃতিক প্রক্রিয়াৰ অৰ্থ লিখা ।

উত্তৰঃ ভূ – আকৃতিক প্রক্রিয়া ( Geomorphic Process ) হৈছে স্থলাকৃতিৰ সৃষ্টি আৰু বিকাশৰ সৈতে জড়িত প্রক্রিয়া । ভূপৃষ্ঠত থকা স্থলাকতিবােৰৰ সৃষ্টি প্রধানকৈ দুই প্রকাৰৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত । সেয়া হৈছে — বাহ্যিক প্রক্রিয়া ( Exogenic Process ) আৰু আভ্যন্তৰীণ প্রক্রিয়া ( Endogenic Proces ) । এই ভূ – আকৃতিক প্রক্রিয়াবােৰে অহৰহ , কার্য কৰি থকাৰ ফলতে ভূ – পৃষ্ঠৰ ভূ – অৱয়ববােৰৰ পৰিৱর্তন সাধন হয় ।

প্রশ্ন ৪। বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত কি কি পৰে লিখা ।

উত্তৰঃ বাহ্যিক প্রক্রিয়া বা কাৰকৰ ভিতৰত — বতাহ , বৰষুণ , নদ নদী , সাগৰৰ ঢৌ , হিমবাহ আদি পৰে ।

প্রশ্ন ৫৷ অৱনমন বুলিলে কি বুজা ?

উত্তৰঃ বতাহে যি প্ৰক্ৰিয়াৰ জৰিয়তে ভূ – পৃষ্ঠৰ কোন এক অংশৰ পৰা ধূলি – বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তােলে , সেই প্রক্রিয়াক অৱনমন ( Deflation ) বােলা হয় । অৱনমনৰ ফলত ধূলি – বালি আৰু শিলবােৰ অন্য ঠাইলৈ প্রবাহিত হলে অবনমন ঘটা অংশটো ওখােৰা – মােখােৰা শিলাময় ঠাইলৈ পৰিৱর্তিত হ’ব পাৰে ।

প্রশ্ন ৬। ইনছেলবার্গ কি ? ছবি আঁকি দেখুওৱা ।

উত্তৰঃ ইনছেলবার্গ হৈছে মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰ । মৰুভূমিত বতাহে ঘৰ্ষণৰ জৰিয়তে এক অবক্ষয় ঘটায় আৰু এই অপঘর্ষণ প্রক্রিয়াই মৰুভূমিত ইনছেলবার্গ ( Inselberg ) , ইয়াৰদাং আদি অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি কৰে । অর্থাৎ ইনছেলবার্গ হৈছে বিশেষ আকৃতিযুক্ত এক ভূ – অৱয়ব । তলত ইনছেলবার্গৰ চিত্র দেখুওৱা হ’ল –


প্রশ্ন ৭। মৰুদ্যান কাক বােলে ? ইয়াৰ তাৎপর্য কি ?

উত্তৰঃ মৰুভূমিৰ শুকান বালিময় উপৰিভাগৰ ওপৰত বতাহে বিশেষভাৱে ক্রিয়া কৰে । বতাহে মৰুভূমিৰ উপৰিভাগৰ ধূলি – বালি , শিল আদি বহু দূৰলৈ উৰুৱাই নি মৰুভূমিৰ কোনাে এক অংশ আপেক্ষিকভাৱে দ কৰি তুলিব পাৰে । অৱনমন প্রক্রিয়াৰ ফলত মৰুভূমিৰ একো একোটা অংশৰ উচ্চতা কমি ভূগর্ভস্থ জলপৃষ্ঠৰ ওচৰ পালে , সেই অংশটোক মৰুদ্যান ( Oasis ) বােলা হয় ।

মৰুদ্যানৰ তাৎপর্য এয়ে যে — মৰুদ্যানত কিছু পৰ্মিাণে সৰু সৰু গছ – গছনি আৰু উদ্ভিদ থাকে । মৰুদ্যানত অলপ – অচৰপ খেতি – বাতিও কৰিব পাৰি কাৰণ ইয়াৰ মাটিভাগ জীপাল আৰু আংশিকভাৱে সাৰুৱা হয় ।

প্রশ্ন ৮। বালিয়াৰি কি আৰু ইয়াৰ সৃষ্টি কেনেদৰে হয় লিখা ।


উত্তৰঃ মৰুভূমি অঞ্চলত বতাহৰ কাৰ্যৰ ফলত উৰুৱাই নিয়া ধূলি – বালিবােৰ এঠাইত জমা হে ওখ হয় । এনেদৰে জমা হােৱা ধূলি – বালিবােৰে শেহলৈ পাহাৰ সদৃশ ৰূপ লয় আৰু এনেদৰে সৃষ্টি হােৱা বালিৰ পাহাৰক বালিয়াৰি বােলে ।

অর্থাৎ বালিয়াৰি হৈছে বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হােৱা এক প্ৰকাৰ ভূ – অৱয়ব । সময় আৰু স্থান সাপেক্ষে বালিৰ পাহাৰবােৰৰ আকৃতি পৃথক পৃথক হয় । বতাহ দিশত দীঘলীয়াকৈ গঠিত হােৱা বালিয়াৰিক অনুদৈর্ঘ্য বালিয়াৰি বোলা হয় , আকৌ বতাহৰ দিশত পথালিকৈ গঠিত হােৱা বালিয়াৰিক অনুপ্রস্থ বালিয়াৰি বােলা হয় । বালিয়াৰি মৰু অঞ্চলৰ ভূমিদৃশ্যৰ এক উল্লেখযােগ্য উপাদান ।

প্রশ্ন ৯। অপঘর্ষণ কি ? ইয়াৰ ফলত কি ধৰণৰ অৱয়বৰ সৃষ্টি হয় ?

উত্তৰঃ অপঘর্ষণ হৈছে বতাহে সংঘটিত কৰা একপ্রকাৰ ক্ষয়কার্য । মৰুভূমিত প্রবাহিত হােৱা শক্তিশালী বতাহে কঢ়িওৱা শিল বালিয়ে তাৰ গতিপথত থকা উচ্চ ভূমিত আঘাত কৰি অৱক্ষয় ঘটায় । ঘর্ষণৰ যােগেদি কৰা এই ক্ষয় কার্যকে অপঘর্ষণ ( Abrasion ) বুলি কোৱা হয় ।

অপঘর্ষণৰ ফলত মৰুভূমিত ইনছেলবার্গ ( Inselberg ) , ইয়াৰদাং ( Yardang ) আদি অৱক্ষয়জনিত অৱয়বৰ সৃষ্টি হয় । মৰুভূমিত থকা অকলশৰীয়া চাপৰ পাহাৰবােৰেই হৈছে ইনছেলবার্গ ।

প্রশ্ন ১০। সংনিঘৰ্ষণৰ অৰ্থ লিখা ।


উত্তৰঃ সংনিঘর্ষণ ( Attrition ) হৈছে এক ঘর্ষণজনিত প্রক্রিয়া । মৰুভূমিত বতাহৰ দ্বাৰা পৰিবাহিত হােৱা শিলবালিবােৰৰ মাজত পাৰস্পৰিক সংঘর্ষ হয় । এই সংঘৰ্ষৰ ফলত শিলবােৰ টুকুৰা – টুকুৰ হৈ ভাঙি – ছিঙি সৰু সৰু টুকুৰাত পৰিণত হয় আৰু ক্ষয় হৈ সৰু আকৃতিৰ হৈ পৰে । এনেদৰে পাৰস্পৰিক ঘর্ষণৰ ফলত শিলবােৰ টুকুৰা – টুকুৰ হােৱা প্রক্রিয়াকে সংনিঘর্ষণ বুলি কোৱা হয় ।

প্রশ্ন ১১। হিমবাহ কাক বােলে ? ইয়াৰ গতি অতি ধীৰ হােৱাৰ কাৰণ কি ?

উত্তৰঃ হিমবাহ হৈছে অতি ধীৰ গতিত প্রবাহিত হােৱা বৰফৰ ঘূপ । হিমবাহ বা বৰফৰ স্থূপবোৰ পাহাৰ – পৰ্বতৰ অতি উচ্চাংশত জমা হৈ থাকে , আৰু মাটিৰ তাল অনুসৰি তললৈ নামি আহে । হিমবাহৰ গতি অতি ধৰ , ইয়াৰ প্ৰধান কাৰণ হৈছে বৰফস্তুপৰ প্ৰৱল হেঁচা আৰু মধ্যাকর্ষণ শক্তি । হিমবাহৰ প্ৰৱল হেঁচা আৰু মধ্যাকর্ষণ শক্তিৰ ক্ৰিয়াৰ ফলত ইয়াৰ গতি অতি মন্থৰ হয় । দিনটোৰ ভিতৰত হিমবাহবােৰ মাত্র কেই মিলিমিটাৰ মানৰপৰা কেই মিটাৰ মানহে অতিক্রম কৰে ।

প্রশ্ন ১২। হিমবাহ কেই প্ৰকাৰৰ ? প্রত্যেকৰে বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ বৰফেৰে আবৃত অঞ্চলবােৰৰ পৰিস্থিতি , পৰিৱেশ অনুসৰি হিমবাহক তিনি প্রকাৰত ভাগ কৰিব পাৰি । সেইবােৰ হৈছে—

( i ) মহাদেশীয় হিমবাহ ( Continentel Glacier ).

( ii ) পার্বত্য হিমবাহ বা আল্পীয় হিমবাহ বা উপত্যকা হিমবাহ ( Mountain or Alpine or Valley Glacier ) . আৰু

( iii ) গিৰিপদ বা শৈলপদী হিমবাহ ( Piedmont Glacier ).

মহাদেশীয় হিমবাহবিলাক মেৰু অঞ্চলৰ বৃহৎ অঞ্চল জুৰি বিয়পি আছে । মহাদেশীয় হিমবাহ থকা প্রধান অঞ্চলসমূহ হৈছে — উত্তৰ কানাডা , গ্রীণলেণ্ড , এন্টার্কটিকা , স্কান্দিনেভিয়া আদি । মহাদেশীয় হিমবাহবােৰ অতি ধীৰ গতিৰে ভূ – পৃষ্ঠৰ ঢাল অনুসৰি তললৈ নামি আহে ।

পার্বত্য হিমবাহ উচ্চ পর্বতৰ উচ্চাংশত থাকে । পার্বত্য বা উপতাকা হিমবাহ দুশাৰী পৰ্বতৰ মাজৰ উপত্যকাৰে নিম্নগামী হয় । পার্বত্য হিমবাহ থকা অঞ্চলসমূহ হৈছে প্ৰধানকৈ ইউৰােপৰ আল্পছ , উত্তৰ আমেৰিকাৰ ৰকি পর্বতমালা আৰু এচিয়া মহাদেশৰ হিমালয় পার্বত্য অঞ্চল । পার্বত্য হিমবাহৰ গতিবেগ মহাদেশীয় হিমবাহতকৈ অধিক হয় ।

গিৰিপদ হিমবাহ পৰ্বতৰ পাদদেশত থাকে । কেইবাটাও উপত্যকা হিমবাহ পার্বত্য অঞ্চলৰ পৰা নামি আহি পৰ্বতৰ পাদদেশত মিলিত হৈ পৰ্বতৰ দাঁতিকাষৰীয়া নিম্নভূমিত সিঁচৰিত হৈ পৰে । উত্তৰ আমেৰিকাৰ আলাস্কাত গিৰিপদ বা শৈলপদী হিমবাহ দেখিবলৈ পােৱা যায় ।

প্রশ্ন ১৩। হিমবাহ উপত্যকাৰ আকৃতি ছবি আঁকি দেখুওৱা ।

উত্তৰঃ হিমবাহ উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা একপ্রকাৰ ক্ষয়জনিত অৱয়ব । তলৰ চিত্ৰত হিমবাহ উপত্যকাৰ ছবি অংকন কৰা হ’ল –প্রশ্ন ১৪। ওলােমা উপত্যকা কি লিখা ।

উত্তৰঃ ওলােমা উপত্যকা হৈছে হিমবাহে সৃষ্টি কৰা এক ক্ষয়জনিত অৱয়ব । মূল হিমবাহলৈ কিছুমান উপহিমবাহ প্রবাহিত হয় আৰু মূল হিমবাহৰ উপত্যকা তুলনামূলকভাৱে দ আৰু ডাঙৰ হয় । উপহিমবাহ বােৰ যি ঠাহত আহি মূল হিমবাহৰ সৈতে লগ লাগে সেই ঠাইত উপহিমবাহবােৰ মূল উপত্যকাৰ সৈতে ওলমি থকা যেন দেখা যায় । সেইবাবে উপহিমবাহৰ উপত্যকাটোক ওলােমা উপত্যকা ( Hanging Valley ) বুলি কোৱা হয় ।

প্রশ্ন ১৫। গ্ৰাৱ কি ? ই কেই প্রকাৰৰ ? চিত্র আঁকি গ্ৰাৱৰ অৱস্থান দেখুওৱা ।

উত্তৰঃ গ্ৰাৱ হৈছে হিমবাহে সৃষ্টি কৰা এক অৱক্ষেপনজনিত ভূ – অৱয়ব । কোনাে উপত্যকাৰে হিমবাহ এটা নামি আহোতে বাহিৰে আন কিছুমান পদার্থ কঢ়িয়াই আনে । এই পদার্থবােৰকে গ্ৰাৱ বুলি ফোৱা হয় ।

গ্ৰাৱ চাৰি প্ৰকাৰৰ । সেইবােৰ হৈছে –

( i ) পার্শ্ব গ্ৰাৱ ( Lateral Moraine ).

( ii ) ভূমি গ্ৰাৱ ( Ground Moraine ).

( iii ) মধ্য গ্ৰাৱ ( Medial Moraine ) আৰু

( iv ) প্ৰান্ত গ্ৰাৱ বা অন্তিম গ্রাৱ ( Terminal or End Moraine )


( i ) পার্শ্ব গ্ৰাৱ ( Lateral Moraine ) :- উপত্যকাৰ দাঁতিয়েদি উটি অহা গ্রৱক পার্শ্ব গ্ৰাৱ বােলা হয় ।

( ii ) ভূমি গ্ৰাৱ ( Ground Moraine ) :-উপত্যকাৰ তলিয়েদি বাগৰি অহা গ্রাৱবােৰ হৈছে ভূমি গ্রাৱ ।

( iii ) মধ্য গ্ৰাৱ ( Medial Moraine ) :-হিমবাহৰ মাজ ভাগেদি উটি ভাহি অহা গ্রাৱক মধ্য গ্রাৱ বােলা হয় । আৰু

( iv ) প্ৰান্ত গ্ৰাৱ বা অন্তিম গ্রাৱ ( Terminal or End Moraine ) :- হিমবাহ এটাৰ প্ৰান্তত বা শেষ সীমাত জমা হোৱা গ্ৰাৱক অন্তিম গ্ৰাৱ বােলা হয় । সিপিঠৰ চিত্ৰত বিভিন্ন গ্রাৱৰ অৱস্থানসমূহ দেখুওৱা হ’ল ।

 

× Ask Any question