Class 10 Assamese Lesson 5 Answer | দৃশ্যান্তৰ | Class 10 Assamese Chapter 5 All Important Question And Answer Solution Assam | Class 10 Assamese Lesson 5 Question And Answer | kjv

Class 10 Assamese Lesson 5 Answer | দৃশ্যান্তৰ | Class 10 Assamese Chapter 5 Question And Answer | Solution Assam | kjv |

দৃশ্যান্তৰ

                                                                                                           চমু উত্তৰ দিয়াঃ

(ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল?

উত্তৰঃ- কবিয়ে পঁচিশ বছৰৰ আগতে মানুহজনক লগ পাইছিল।

(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?

উত্তৰঃ- মানুহজন কুকুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?

উত্তৰঃ- মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰেই নঙলামুখত বিচাৰিছিল।

(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?

উত্তৰঃ- মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাহেঁ নমস্কাৰৰ ভংগীত আছিল।

(ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?

উত্তৰঃ- কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।

২। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰঃ- সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাৰাঘৰ বিচাৰি অহা বুলি ভাবিছিল। সেই বাবে তেওঁ কবিৰ সৈতে সেই সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথাও পাতিছিল। তেওঁৰ ঘৰটোক মানুহজনে কুবেৰৰ মহলাৰ লগত তুলনা কৰিছিল। তেওঁ তাত শান্তিত থাকিব নোৱাৰিব বুলি কৈছিল। সেই ঘৰটোত হেনো স্বাৰ্থপৰ আন্তৰিকতাহীন লোকে হে বাস কৰে। তেওঁলোকে কাৰো সুখ-দুখ হেনো বুজি নাপায়। আনকি কাৰোবাৰ মৃত্যু হ’লে দাহ কৰিবলৈও মানুহ আগবাঢ়ি নাহে।

৩। “দৃশ্যান্তৰ” কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ- কবি হৰেকৃষ্ণ ডেকাৰ “দৃশ্যান্তৰ” কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে। পঁচিশ বছৰ আগৰ এটা গধূলিৰ সময় আছিল। কেঁচা আলি-কেঁকুৰি এটাত ঘৰৰ নঙলা মুখত এজন লোকে নিজৰেই ঘৰৰ পদূলি বিচাৰি আছিল। কেইজোপামান কাকিনী তামোল, নমিত নমস্কাৰৰ ভংগীৰে দাঁতিতে থকা আগলি বাঁহে ঘৰটোৰ পৰিৱেশ সুন্দৰ কৰি তুলিছিল। তাতে আকৌ পূৰ্ণিমাৰ জোনেও গধূলিটো ফটফটীয়া কৰি তুলিছিল। সেই গধূলি সময়ত কবিয়ে লগ পাইছিল, সেই সুন্দৰ ঘৰটোৰ বাসিন্দা জনক। সেই ঘৰটোৰ বাসিন্দা মানুহজন কুকুৰীকণা ৰোগত আক্ৰান্ত আছিল। কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগবঢ়াই দিছিল। মানুহজনে যদিও গধূলি দেখাত কষ্ট পাইছিল তেওঁ কিন্তু মনেৰে সুখী আছিল। সেইবাবে কবিয়ে শান্তিৰে বিৰাজ কৰাৰ কথা ক’বলৈ পাহৰা নাছিল।  

        সময়বোৰ পাৰ হৈ গ’ল। সেউজীয়া প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল, আগলি বাঁহৰ চিন চাব নাইকিয়া হৈ গ’ল। শান্তিৰ পঁজাঘৰৰ ঠাইত হ’ল সাতমহলীয়া অট্টালিকা। ওচৰে পাঁজৰেও আছে আন কেইটামান বৃহৎ অট্টালিকা। পঁচিশ বছৰ আগেয়ে সেই পথটোৰ আশে-পাশে গধূলি এজনো মানুহ নথকা ঠাইত এতিয়া সেই সময়ত বহুতো মানুহ ঘূৰি ফুৰি আছিল। ইমান বছৰ পাৰ হোৱাৰ পিছতো কবিয়ে সেই একেজন মানুহৰ মুখামুখি হ’ল। সেই বৃদ্ধ মানুহজনৰ চকুত এতিয়া চশমা, তেওঁৰ গধূলি নেদেখা সমস্যাটো এতিয়া দূৰ হৈছিল । মানুহজনে কিন্তু চশমা পিন্ধাৰ পিছতো কবিক চিনিব পৰা নাছিলে। মানুহজনে ভাবিছিল কবিয়ে তেওঁৰ তাত ভাৰাঘৰ বিচাৰি আহিছে। কিন্তু মানুহজনে পঁজাঘৰত শান্তিত থকাৰ পিছতো কবিক সাতমহলীয়া ঘৰত ভাৰাতীয়া হৈ থাকিব মানা কৰিলে। মানুহজনে কবিক ক’লে যে জাক-জমকীয়া অট্টালিকাত হেনো মনৰ শান্তি নাথাকে। কোনো মানুহ মৰিলে দাহ কৰিবলৈও তেওঁলোকৰ সময় নাথাকে। বৃদ্ধ মানুহজনৰ ক্ৰোধ নিজৰ মাজতে সামৰি কবি অশান্ত মনেৰে উভতি আহিল।

৪। “বৰ শান্তিত আঁছো

           এই পঁজাটিত। “

      一 কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা।

উত্তৰঃ- উক্ত কথাশাৰী কেঁচা আলি-কেঁকুৰি এটাত পঁচিশ বছৰৰ আগৰ সন্ধিয়া লগ পোৱা কুকুৰীকণা মানুহজনে কৈছিল।       

        কুকুৰীকণা মানুহজনে তেওঁ বাস কৰা পঁজাঘৰটোৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতা ব্যৱস্থা থকা, আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজাঘৰটোত শান্তিত থকা বুলি কৈছে। কাৰণ সেই পঁজাঘৰটোত তেওঁ মানুহৰ সহজ- সৰল, আন্তৰিকতাৰ অনুভৱ কৰে। সেই পঁজাঘৰটোত কোনো কৃত্ৰিমতা নাই। মানুহে মানুহৰ মৰম-চেনেহ বুজি পাই। মানুহবোৰৰ মনবোৰ উদাৰ, সেউজীয়া প্ৰকৃতিৰ কোমল সেউজ বুলি কৈছে।

৫। “হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?” 一 কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।

উত্তৰঃ- উক্ত কথাশাৰী কবিক এগৰাকী বৃদ্ধ মানুহে কৈছিল।      

        এদিনাখন কবিয়ে সন্ধিয়া সময়ত নগৰৰ এটা বাটেৰে গৈ আছিল। যি বাটেৰে কবিয়ে গৈ আছিল সেই বাট পঁচিশ বছৰ আগেয়ে এটা কেঁচা আলিবাট আছিল। য’ত আছিল কেৱল এটা পঁজাঘৰ আৰু সেই পঁজাঘৰটোৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক। সেই বৃদ্ধ লোকজন সহজ-সৰল আন্তৰিকতাৰে কবিক কৈছিল সেই পঁজাটোত তেওঁ শান্তিৰে থকা কথা। কবিয়ে সেই একে ঠাইতে পঁচিশ বছৰৰ পিছত দেখিলে তাত এটা সাতমহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক। কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্য সুধিছিল; যে “হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত?’

৬) “দৃশ্যান্তৰ” কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।

উত্তৰঃ- “দৃশ্যান্তৰ” নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। কবিতাটোত কবিৰ মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা মুকলিমুৰীয়া পৰিৱেশত বাস কৰিছিল। য’ত মুক্ত বতাহ পাইছিল। প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজা ঘৰত থাকিও উশাহ ল’বৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। পঁজা ঘৰত থাকিও মানুহে মৰম-চেনেহ আদিৰ মাজেৰে শান্তিত সময় কটাইছিল। সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱন যেন নগৰীয়া জীৱনলৈ পৰিৱৰ্তিত হৈ পৰিল। পঁচিশ বছৰ আগেয়ে মানুহে পঁজাঘৰত বাস কৰিছিল। কিন্তু কবিৰ মতে, পঁচিশ  বছৰ পিছত পঁজাঘৰৰ ঠাইত সাতমহলীয়া অট্টালিকা হ’ল। গধূলি সময়ত আগতে মানুহৰ ভীৰ নাছিল। এতিয়া সেই সময়ত বাটে-পথে মানুহৰ ভীৰ। কিন্তু পঁচিশ বছৰ পিছত তাত সাতমহলীয়া অট্টালিকা হ’লেও খালী হৈ আছিল মানুহৰ মনবোৰ আৰু অনুভৱ কৰিছিল আত্মীয়তাৰ। অট্টালিকাৰ ভিতৰতো যেন অকণমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল। মানুহে মানুহক সন্দেহৰ চকুৰে চাইছিল। গ্ৰাম্য সৰলতাৰ ঠাই নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতাই।

৭। “দৃশ্যান্তৰ” কবিতাটোৰ কবি গৰাকীৰ এটা চমু পৰিচয় দিয়া।

উত্তৰঃ- হৰেকৃষ্ণ ডেকাৰ ১৯৪৩ চনত জন্ম হয়। তেওঁৰ পিতৃৰ নাম নৰেন্দ্ৰ নাথ ডেকা আৰু মাতৃৰ নাম কামিনী ডেকা। তেখেতে তিনিচুকীয়াত শিক্ষা জীৱন আৰম্ভ কৰি তাৰ পৰাই ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ কটন কলেজত পঢ়িবলৈ লয় । ১৯৬৩ চনত কটন কলেজৰ পৰা স্নাতক আৰু ১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ.পাচ কৰে। তেখেতে গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱনৰ পাতনি মেলে যদিও ১৯৬৮ চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰি ২০০৩ চনত আৰক্ষী সঞ্চালক হিচাপে অৱসৰ গ্ৰহন কৰে। তেখেতে “The Sentinel” আৰু “গৰীয়সী” আলোচনীৰ সম্পাদনাৰ দায়িত্বও গ্ৰহণ কৰিছিল। তেওঁৰ একমাত্ৰ উপন্যাসখনৰ নাম হ’ল “আগন্তুক”। তেখেতে “ৰাতিৰ শোভাযাত্ৰা”, “আন এজন”, “Sea-Scare” আদি কবিতাপুথি; “গল্প আৰু কল্প”, “মধুসূদনৰ দলং”, “মৃত্যুদণ্ড” আদি গল্পপুথিৰ ৰচনা কৰাৰ উপৰি কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে। তেখেতে ১৯৮৭ চনত “সাহিত্য অকাডেমী বঁটা”, ১৯৯৬ চনত “কথা-বঁটা” আৰু ২০১০ চনত “আসাম ভেলী লিটাৰীৰ (অসম উপত্যকা সাহিত্য বঁটা)” বঁটা লাভ কৰে।

৮। ব্য়াখ্য়া কৰাঃ

(ক) “মৰিলে দাহ কৰিবলৈও

         এজন মানুহ নাই।”

উত্তৰঃ- প্ৰসংগঃ উক্ত কবিতাশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত “দৃশ্যান্তৰ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

     সংগতিঃ কবিতাশাৰীৰ দ্বাৰা কবিয়ে আধুনিকতাৰ ধামখুমিয়াত উটি-ভাঁহি আন্তৰিকতাহীন, স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ প্ৰকাশ কৰিছে।

        ব্য়াখ্য়াঃ বৰ্তমান সময়ত মানুহবোৰ আভিজাত্য হৈ উঠিছে।মানুহবোৰ যিমানেই শিক্ষিত হৈ উঠিছে মনবোৰ স্বাৰ্থপৰ হৈ পৰিছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে। মানুহবোৰৰ এনে ব্যস্ততাৰ বাবে নিজৰ মানুহৰ ভিতৰতে খবৰ ল’ব সময় যেন নাইকিয়া হৈ পৰিছে। মানুহবোৰ শিক্ষা-দীক্ষা, ব্যস্ততা, আভিজাত্য আদিক লৈ প্ৰতিযোগিতাত নামি নিজৰ মানৱীয় গুণ, আন্তৰিকতা, সৱলতা, মৰম, দয়া আদি সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ নিজক লৈ ব্যস্ত হৈ পৰিছে যে বিপদে-আপদেও কোনো কাৰো সহায় কৰিবলৈও ওলাই নাহে। আনকি মানুহবোৰ ইমানে অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈও কাৰো ওলাই আহিবলৈ সময় নহয়। কবিয়ে মানুহৰ নিদাৰুণ স্থিতিৰ কথা ক’ব বিচাৰিছে উক্ত কবিতাফাঁকিৰ দ্বাৰা।

(খ) “যখৰ পোৱালিহঁতে কাক কোনে চায়”।

উত্তৰঃ- প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত “দৃশ্যান্তৰ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

        সংগতিঃ উক্ত কবিতাফাকিৰ জৰিয়তে কবিয়ে অট্টালিকাত বাস কৰা মানুহৰ মানসিকতাৰ কথা কৈছে।

        ব্য়াখ্য়াঃ সময় নৈৰ সোঁতৰ দৰে আগবাঢ়ি গৈছে। পঁচিশ বছৰ আগতে এজন মানুহে গাঁৱৰ এটা পঁজাত বাস কৰিছিল। মানুহজনে গধূলি কমকৈ দেখিলেও আত্মীয়তাবোধ আৰু মৰমৰ মাজেৰে সুন্দৰ, শান্তিৰ মাজেৰে সেই সৰু পঁজাঘৰটোত বাস কৰিছিল। কিন্তু এতিয়া কবিয়ে পঁচিশ বছৰ পিছত যেতিয়া সেই ঠাইলৈ গ’ল তাত তেওঁ দেখিলে সাতমহলীয়া অট্টালিকা। গাওঁৰ সেই পৰিৱেশ নাই। গাঁওখন এতিয়া নগৰ লৈ পৰিণত হৈ পৰিছিল। মানুহবোৰ বাঢ়িছে কিন্তু মানুহবোৰৰ মাজত আত্মীয়তা নাইকিয়া হৈ গৈছে। সেই সাতমহলীয়া অট্টালিকাত থকা মানুহবোৰে ইজনে আনজনক সন্দেহৰ চকুৰে চাই। যিদৰে কৃপন মানুহৰ ধন কোনো কামত নাহে, নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো কোনো মূল্য নাই। সাতমহলীয়া অট্টালিকাত বাস কৰা লোকসকলে ধন-সোণ উপাৰ্জন কৰি যখৰ দৰে ৰাখি থৈছিল। তেওঁলোকে কাৰোবাৰ বিপদ হ’লে সহায় কৰা দূৰৰে কথা আনকি মানুহ এজন মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি অহা নাছিল। কবিতাফাকিৰ জৰিয়তে কবিয়ে নিসংগতা জীৱনৰ কথা কৈছে।

(গ) “এই কংক্ৰীটৰ হাবিখনত তেওঁক

         বিচাৰি নাপালো আৰু।”

উত্তৰঃ- প্ৰসংগঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত “দৃশ্যান্তৰ” নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।

        সংগতিঃ উক্ত কবিতাফাকিৰ দ্বাৰা কবিয়ে ক’ব বিচাৰিছে যে সেউজীয়া গছ-গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে সেই ঠাইত ঘৰ-দুৱাৰ সাজিছে। মানুহে কিদৰে সেউজীয়া অৰণ্যবোৰ কংক্ৰীটৰ ভাৱে হাবিলৈ পৰিণত কৰিবলৈ ধৰিছে তাকে ক’ব বিচাৰিছে।

        ব্য়াখ্য়াঃ সময়বোৰ যিদৰে সলনি হয়, সেই সময়ৰ লগে লগে প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আদিও সলনি হয়। এটা সময়ত সেউজীয়া পৰিৱেশত থাকি ভাল পোৱা মানুহবোৰে সময়ৰ লগে লগে শিল, বালি, ইটা আদিৰে বৃহৎ বৃহৎ অট্টালিকা গঢ়ি তোলে। সেই চহৰ বুলি কংক্ৰীটেৰে গঢ়ি উঠাৰ দৰে মানুহৰ মনবোৰো কংক্ৰীটেৰে গঢ়ি উঠে। মানুহৰ মনবোৰ সহজ-সৰল, কোমল ৰূপৰ সলনি শিলৰ দৰে কঠিন আৰু কঠোৰ হৈ পৰিল। ভালদৰে এটা মূহুৰ্তৰ বাবেও সময় উলিয়াই মানুহৰ মনৰ বতৰা ল’বৰ বাবে কোনো কাৰো সময় নোহোৱা হৈ পৰিল। যিদৰে অৰণ্যত জীৱ-জন্তু লুকালে বিচাৰি পোৱা সহজ নহয়, ঠিক একেদৰে মানুহৰ মনবোৰো যদি কংক্ৰীটৰ দৰে কঠিন হৈ পৰে তাক আৰু পুনৰ বিচাৰি পোৱা নাযায়। সেইবাবে হয়তো কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি সোধা মানুহজনক এটা সময়ৰ পিছত পুনৰ বিচাৰি নাপালে। মানুহৰ মনত মানৱীয়তা, আন্তৰিকতা আদি নাথাকে তেন্তে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে। সেয়েহে কবিয়ে কৈছে কংক্ৰীটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰৰ মানৱীয়তা হেৰাই পশু সদৃশ হৈ উঠিছে।

 ১) চমু উত্তৰ দিয়াঃ
 
                                                                                                             Short Answers

১। কবিরে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল?

উত্তৰঃ পঁচিশ বছৰৰ পাছত।

২। মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?

উত্তৰঃ মানুহজন কুকুৰীকণা আছিল; সেয়ে পূর্ণ চন্দ্ৰৰ পোহৰতো তেওঁ নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

৩। মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?

উত্তৰঃ মানুহজনে নঙলামূখতে নিজৰ ঘৰৰ পদূলি বিচাৰিছিল।

৪। মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগী কৰিছিল?

উত্তৰঃ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰৰ ভংগী কৰিছিল।

৫। কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?

উত্তৰঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।

১। বিপৰীত শব্দ লিখা:

কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ।

উত্তৰঃ কেঁচা – পকা।

গধূলি – পুৱা।

পোহৰ – আন্ধাৰ।

শান্তি – অশান্তি।

ৰূপ – কুৰূপ।

১০। এটাকৈ সমার্থক শব্দ লিখা।

জোন, ঘৰ, দাহ, উভতি

উত্তৰঃ জোন – চন্দ্ৰ।

ঘৰ – আলয়।

দাহ – জ্বলা।

উভতি – ঘূৰি।

১১। নঞার্থক শব্দ গঠন কৰা।

শান্তি, চিনাকি, সহায়।

উত্তৰঃ শান্তি – অশান্তি।

চিনাকি – অচিনাকি।

সহায় – অসহায়।

১২। ‘নমস্কাৰ’শব্দটো সন্ধি ভাঙিলে এনে হব –  নমঃ + কাৰ। —এইদৰে আন চাৰিটা শব্দ লিখি সন্ধি কৰা।

উত্তৰঃ সম + কাৰ = সংস্কাৰ।

পুৰঃ + কাৰ = পুৰস্কাৰ।

পৰি: + কাৰ = পৰিস্কাৰ

আবি: + কাৰ = আৱিস্কাৰ।

১৩। হৰেকৃষ্ণ ডেকাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ জন্ম ১৯৪৩ চনত হৈছিল।

১৪। হৰেকৃষ্ণ ডেকা কোনখন আলোচনীক সম্পাদক আছিল?

উত্তৰঃ হৰেকৃষ্ণ ডেকা গৰিয়সী আলোচনীৰ সম্পাদক আছিল।

১৫। হৰেকৃষ্ণ ডেকাই কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰঃ হৰেকৃষ্ণ ডেকা “The Sentinal” কাকত খনৰ সম্পাদক আছিল।

১৭। হৰেকৃষ্ণ ডেকাৰ একমাত্র উপন্যাস খনৰ নাম কি?

উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখন হ’ল “আগন্তক”।

১৮। ২০১০ চনত অসম উপত্যকা সাহিত্য বঁটা’ কোনে লাভ কৰিছিল?

উত্তৰঃ হৰেকৃষ্ণ ডেকাই ২০১০ চনত অসম উপতাকা সাহিত্য বঁটা লাভ কৰিছিল।

১৯। হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

২০। ‘মধুচুদনৰ দলং কাৰ ৰচনা?

উত্তৰঃ ‘মধুচুদনৰ দলং’ হৰেকৃষ্ণ ডেকাৰ ৰচনা।

২১। হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দুখন গল্পৰ পুথিৰ নাম লিখা।

উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দুখন গল্পৰ পুথি হল ‘বন্দীয়াৰ’ আৰু মৃত্যুদণ্ড।

২২। ন্যুব্জ শব্দৰ অৰ্থ কি?

উত্তৰঃ কুঁজা।

২৩। হৰেকৃষ্ণ ডেকাই ৰচনা কৰা কৰিতা পুথি দুখনৰ নাম লিখা।

উত্তৰঃ ৰাতিৰ শোভাযাত্ৰা আৰু আন এখন।

২৪। ‘গল্প আৰু কল্পকাৰ ৰচনা?

উত্তৰঃ ‘গল্প আৰু কল্প’ ৰচক হ’ল হৰেকৃষ্ণ ডেকা।

২৫। দৃশ্যান্তৰ কবিতাটোত কি প্রতিফলিত হৈছে?

উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্তৰ কবিতাটিৰ সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে।

karaiuni jatiya vidyalaya logo
Enamul Hoque Kamal Assam

1 thought on “Class 10 Assamese Lesson 5 Answer | দৃশ্যান্তৰ | Class 10 Assamese Chapter 5 All Important Question And Answer Solution Assam | Class 10 Assamese Lesson 5 Question And Answer | kjv”

  1. Pingback: SEBA Class 10 Assamese Question Answers | Solutions Class 10 SEBA | Assamese all chapters question answers | kjv Assamese answers – KARAIUNI JATIYA VIDYALAYA

Leave a Comment

Your email address will not be published. Required fields are marked *

× Ask Any question