Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি | অসমীয়া Class 10 ভাৰতীয় সংস্কৃতি, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 10 Assamese Question Answer Chapter 7
ভাৰতীয় সংস্কৃতি
ADDITIONAL QUESTIONS ANSWER
Short Types Questions Answer
১। ভাৰতীয় সংস্কৃতিৰ সাগৰ কেনেদৰে ৰচিত হৈছে ?
উত্তৰঃ আর্য, অনার্য, মঙ্গোলীয়, দ্রাবিড়ী প্রভৃতি বিভিন্ন তৰহৰ সোঁত-উপসোঁত লগ লাগি ভাৰতীয় সংস্কৃতিৰ সাগৰ ৰচিত হৈছে।
২। ভাৰতীয় সংস্কৃতিৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে ?
উত্তৰঃ পুৰণি ভাৰতৰ বুৰঞ্জী যেনেদৰে অভিযানৰ বুৰঞ্জী, তেনেকৈয়ে সমন্বয়ো বুৰঞ্জী। এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ স্বৰূপ প্ৰকাশ কৰে।
৩। ভাৰতীয় সংস্কৃতি মূলতে কি ?
উত্তৰঃ ভাৰতীয় সংস্কৃতি মূলতে এক বিৰাট সমন্বয়। সমন্বয়ৰ আদৰ্শৰে এই সংস্কৃতি জীয়াই আছে।
৪। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?
উত্তৰঃ ক্ৰমবৰ্দ্ধমান শক্তিয়েই হৈছে প্ৰকৃত শক্তি। এই ক্ৰমবৰ্দ্ধমান শক্তি ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।
৫। সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য আছেনে?
উত্তৰঃ ‘সভ্যতা’ আৰু ‘সংস্কৃতি’ এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি।
৬। সভ্যতা কি ?
উত্তৰঃ সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। ই এটা সমাজ পদ্ধতি।
৭। জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী কি ?
উত্তৰঃ এটা জাতি সুসভ্য হ’ব পাৰে, কিন্তু তেনে কোনো এটা লেখত ল’বলগীয়া সংস্কৃতি নাথাকিব পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাই হৈছে জাতিবিশেষৰ সংস্কৃতিৰ মাপকাঠী।
৮। ভাৰতীয় সংস্কৃতিৰ মূল সম্পদ কি ?
উত্তৰঃ সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ। ইয়াৰ প্ৰবাহ বাধাহীন গতিৰ বোৱঁতী সুঁতি। ই অতীজৰে পৰা একেধাৰে নিৰৱচ্ছিন্নভাৱে বৈ আহিছে।
৯। ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰ্যময় ৰূপত প্ৰকাশ পাইছে ?
উত্তৰঃ ভাৰতীয় ভৌগোলিক জীৱন বৈচিত্র্যময়। এফালে শুকান মৰুভূমি; আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে পর্বতমালাৰ উচ্চ শিখৰ; আনফালে যোজন ব্যাপ্ত সমতল ভূমি। প্রাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতিধাৰাৰ বৈচিত্র্য ইত্যাদিৰ সৃষ্টিয়েই ভাৰতীয় জীৱন।
১০। ‘From Volga to Ganga’ গ্ৰন্থত কিহৰ বৰ্ণনা পোৱা যায় ?
উত্তৰঃ ভাৰতীয় বিশাল ভূমিখণ্ডই একালত বাহিৰৰ ন ন মানৱপুঞ্জৰ সোঁতে দেশ প্লাবিত কৰিছিল। প্ৰত্যেকৰে ব্যক্তিগত প্ৰতিভা অনুসৰি সংস্কৃতি ৰচনাত বৰঙণি যোগাইছিল। পণ্ডিত ৰাহুল সংকৃত্যায়নৰ ‘ফ্রম ভল্গা টু গঙ্গা’ গ্ৰন্থত এই বিষয়ে বৰ্ণনা কৰা হৈছে।
Group – A গদ্যাংশ
১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
উত্তৰঃ ক্রমবদ্ধমান শক্তি।
২। ‘ফ্ৰম ভগা টু গংগা’ কাৰ ৰচনা?
উত্তৰঃ পণ্ডিত ৰাহুল সংস্কৃতায়ন।
৩। সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ৰ কি আখ্যা দিছে?
উত্তৰঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন ‘ৰ আখ্যা দি কৈছে যে ই আর্যই অনাৰ্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য।
৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিৰ পাৰি?
উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।
Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি
৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল?
উত্তৰঃ শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আবিস্কৃত হৈছিল।
৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি?
উত্তৰঃ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হল গঠনৰ সৰলতা আৰু সুক্ষ্মতা।
৭। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি?
উত্তৰঃ অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভারবস্তু দুটা হ’ল—সন্ন্যাস জীৱন আৰু সমূহীয়া জীৱন।
৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে?
উত্তৰঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে।
৯৷ সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছিস্থায়ী বোলা হৈছে?
উত্তৰঃ চিত্রশিল্পক সুকুমাৰ কলাৰ ভিতৰত বেছি স্থায়ী বোলা হৈছে।
১০। সন্ধি ভাঙাঃ
সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত
উত্তৰঃ সংস্কৃতি = সম + কৃতি
সমন্বয় = সম + অন্বয়
ভাৰাক্ৰান্ত = ভাৰ + আক্রান্ত
সন্মত = সম + মত
২২। বিশেষণ আৰু বিশেষ্যলৈ নিয়া।
বৈচিত্র্য, ভৌগোলিক, বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ।
উত্তৰঃ
শব্দ বিশেষণ বিশেষ্য
বৈচিত্র্য বৈচিত্র্যতা বিচিত্র
ভৌগোলিক ভৌগলিকতা ভূগোল
বিস্তৃতি বিস্তাৰিত বিস্তাৰ
নৈৰাশ্য নৈৰাশ্যতা নিৰাশ
বিপ্লৱ বৈপ্লৱিক বিপ্লৱী
ভাব বিষয়ক:
১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি ?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ প্ৰাণ হ’ল- ক্রমবর্ধমান শক্তি
২। ফ্রম ভলগা টু গংগা’ কাৰ ৰচনা ?
উত্তৰঃ ফ্রম ভলগা টু গংগা’ পণ্ডিত ৰাহুল সংস্কৃতায়ন ৰচনা ।
৩। সর্বপল্লী ৰাধাকৃষ্ণনে কালিয়দমন’ৰ কি ব্যাখ্যা দিছে ?
উত্তৰঃসৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে ই অনার্যক , আর্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য ।
৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ?
উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি ।
৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল ?
উত্তৰঃ শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰােত আৱিষ্কাৰ হৈছিল ।
৬। ইছলামীয় ভাষ্কৰ্যৰ মূল সম্পদ কি ?
উত্তৰঃগঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাষ্কৰ্যৰ মূল সম্পদ ।
৭। অজন্তা ছবিবােৰত প্ৰকাশ পােৱা ভাব বস্তু দুটা কি কি ?
উত্তৰঃ অজন্তা ছবিবােৰত প্ৰকাশ পােৱা ভাব বস্তু দুটা প্রকাশ পাইছে । এটা হৈছে । সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন ।
৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে ?
উত্তৰঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে ।
৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বােলা হৈছে ?
উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত চিত্র শিল্পক বেছি স্থায়ী বােলা হৈছে ।
১০। হেম বৰুৱাৰ সাহিত্য চর্চা সম্পর্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া ।
উত্তৰঃ সাম্প্রতিক স্তৰৰ লেখক সকলৰ ভিতৰত হেম বৰুৱা অন্যতম । কবিতা আৰু গদ্যৰচনা উভয় দিশতে তেওঁ বৰঙণি আগবঢ়াইছে । তেওঁৰ ‘বালিচন্দা ’ ( ১৯৬২ ) । আৰু মন – ময়ুবী ‘ ( ১৯৬৭ ) প্রখ্যাত কবিতা সংকলন ।
তেওঁৰ গদ্য সাহিত্যসমূহ হ’ল ‘ আধুনিক সাহিত্য ’ ( ১৯৫০ ) , ‘ সাগৰ দেখিছা ‘ ( ১৯৫৪ ) , সানমিহলী ( ১৯৫৭ ) , ৰঙা কৰবীৰ ফুল ‘ ( ১৯৫৮ ) ‘ কিউপড আৰু চাইকী ‘ ( ১৯৫৯ ) , কন্নকী ‘ ( ১৯৬০ ) ‘ এই গাঁও এই গীত ( ১৯৬২ ) কন্নকী , মেকং নৈ দেখিলাে , ইজৰাইল , স্মৃতিৰ পাপৰি ।
তেওঁৰ ‘ সাগৰ দেখিছা ’ আৰু ৰঙা কৰৱীৰ ফুল ’ — ভ্রমণ বৃত্তান্তমূলক গ্রন্থ । আধুনিক সাহিত্য আৰু সানমিহলি জটিল বিষয়ৰ আলােচনা বিষয়ক পুথি । জনতা ( ১৯৪৬ ) আৰু পছােৱা ( ১৯৪৮-৮৯ ) কাকত সম্পাদন কৰি তেওঁ সাংবাদিকৰ ক্ষেত্ৰখনতো ভৰি দিয়ে ।
১১৷ ভাৰতীয় সংস্কৃতি ’ পাঠটোৰ সাৰাংশ লিখা ।
উত্তৰঃ হেম বৰুৱাই ভাৰতীয় সংস্কৃতি যে , মিলনৰ সংস্কৃতি তাকে ক’ব বিচৰা হৈছে । ভাৰতীয় সংস্কৃতি গঢ় লৈ উঠিছে আর্য , অনার্য , মংগােলীয় , দ্রাবিড় আদি জনগােষ্ঠীৰ লগতে অতীজত ভাৰতলৈ আহি বসবাস কৰিবলৈ লােৱা গ্রীক , শক , হু আদি বিভিন্ন জাতিৰ সমন্বয়ৰ মাজেৰে । আদিৰে পৰা মােগল , ৰাজপুত আজি বংশৰ শাসনকালত ভাৰতীয় সংস্কৃতিৰ ভালেমান নতুন নতুন দিশৰ আগমন ঘটে ।
আর্য – অনার্য দেৱ – দেৱীৰ কথা কোৱাৰ লগতে , উত্তৰ উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় ভাষ্কৰ্য্যৰ আভাসো ইয়াত প্রকাশ পাইছে । ভাৰতীয় সংস্কৃতিৰ ওপৰত বিশেষকৈ ভাস্কৰ্য্য , চিত্র , আদিত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিছে , এই কথাই সংস্কৃতিৰ মিলনকে বুজায় ।
আধ্যাত্মিকতাবাদ , সাহিত্য , চিত্রশিল্প , সংগীত , ভাস্কর্য আদি প্ৰতিটো দিশতেই এটা জাতিৰ প্ৰভাৱ আনটো জাতিৰ ওপৰত পৰিছে । সংস্কৃতিৰ এই তথ্য আগবঢ়াওঁতে লিখকে বুৰঞ্জীৰ বিষয়েও কৈছে ।
মুঠতে ভাৰতীয় সংস্কৃতি পাঠটোৰ সাৰাংশ হ’ল এয়ে যে সংস্কৃতি এদিনতে গঢ়ি উঠা এটা বস্তু নহয় । যুগ যুগ ধৰি বিভিন্ন জাতি – জনজাতিৰ মিলনৰ ফলতে ভাৰতীয় – সংস্কৃতিৰ সৃষ্টি ।
১২। “ ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু”। – এইকথাষাৰ কিমান দূৰযুক্তিপূর্ণ , ভাৰতীয় সংস্কৃতি’পাঠটোৰ আধাৰত বিচাৰ কৰা।
উত্তৰঃ হেম বৰুৱা ৰচিত ‘ ভাৰতীয়া সংস্কৃতি পাঠটোৰ আৰম্ভণিয়ে হৈছে প্ৰশ্নৰ্দ্ধত বাক্যশাৰীৰ মাজেৰে । ভাৰতীয় সংস্কৃতিৰ বিষয়ত এই বাক্যশাৰীৰ যুক্তিপূর্ণ । কিয়নাে , কোনাে এটা জাতি – জনজাতিৰ মাজত পৰম্পৰাগত ভাৱে যিবােৰ ৰীতিনীতি , মাত কথা , গীত – পদচলি আহিছে , তাকে সেই জাতি – জনজাতিৰ সংস্কৃতি বুলি ক’ব পাৰি ।
ভাৰত বৰ্ষখন বিভিন্ন জাতি – জনজাতি লােকৰ মিলনভূমি । আদিকালৰে পৰা ভাৰতবৰ্ষক সময়ে সময়ে বিভিন্ন বংশৰ লােকে শাসন কৰি , তেওঁলােকৰ নিজ নিজ কৃষ্টি – সংস্কৃতি ইয়াত বিলাই দি গৈছে ৷
ভাৰতত আর্য , অনার্য , মংগােলীয় , দ্রাবিড় গােষ্ঠীৰ লােকসকল একেলগে একে ভাৰতীয় হিচাপে বাস কৰি আছে । তদুপৰি অতীজতে গ্রীক , শক , আদি বিভিন্ন । বিদেশী জাতিৰ লােকো আহি ভাৰতত নিগাজিকৈ বাস কৰিবলৈ লয় । সময়ত পৰস্পৰে পৰস্পৰৰ লগত কথা মিলামিছাৰ ফলত নিজ নিজ ভাষা , সামাজিক , ৰাজনৈতিক , আদর্শ , সাহিত্য , শিল্পকলা , দর্শন আদি প্ৰতিটো ক্ষেত্ৰতে এক বিৰাট সমন্বয়ৰ সৃষ্টি হয় ।
সময়ত কোনটো জাতিৰ কি বৈশিষ্ট্য কোনটো জাতিলৈ গৈছে । সেয়া সূক্ষ্মভাৱে বিচাৰ কৰা কঠিন হৈ পৰে । সেয়ে ক’ব পাৰি যে ভাৰতীয় সংস্কৃতি বুলি কোনাে নিজ সংস্কৃতি নাই।ইয়াত বাস , জাতি – জনজাতিৰ সংস্কৃতিৰ মিলনেই ভাৰতীয় সংস্কৃতি ।
উদাহৰণস্বৰূপে দ্রাবিড় সকলৰ মাজত প্ৰচলিত দেৱ – দেৱীৰ ধর্ম পদ্ধতি আর্য সমাজে গ্রহণ কৰিছিল ৷ সেইদৰে আর্য দেৱতা শিৱই কালক্ৰমত আৰ্যৰ বেদীত ঠাই পাইছিল । ছুফিবাদৰ মূল কোৰাণ শাস্ত্র যদিও ছুফিবাদ আৰু উপনিষদৰ দৰ্শনৰ মাজত এক অভুতপূর্ব মিল দেখা যায় । হিন্দু ভাস্কর্য আৰু ইছলামীয় ভাস্কর্য মাজততা সমিল – মিল দেখা যায় ।
সেয়েহে ক’ব পাৰি যে বিভিন্ন জাতি – জনজাতিৰ মিলনভূমি ভাৰতৰ সংস্কৃতি সমন্বয়ৰ সংস্কৃতি।
১৩। সভ্যতা আৰু সংস্কৃতি’শব্দ দুটাৰ মাজৰ পার্থক্য বিচাৰ কৰা ।
উত্তৰঃ সমাজত বহুল ব্যৱহৃত দুটা শব্দ হ’ল — সভ্যতা আৰু সংস্কৃতি । বিশেষ । এখন সমাজৰ সামাজিক বা ৰাজনৈতিক জীৱন পদ্ধতিয়ে সেই সমাজৰ সভ্যতা । আকৌ সংস্কৃতি হ’ল মানৱ সমাজ পদ্ধতিৰ সৈতে জড়িত এটি সামগ্রিক ধাৰণা । সংস্কৃতিয়ে জ্ঞান , বিশ্বাস , কলা , আইন , আচাৰ , আদিৰ যােগেদি মানৱৰ সামগ্রিক জীৱন চর্চাক সামৰি লয় ।
সভ্যতা আৰু সংস্কৃতিশব্দ দুটা এটা আনটোৰ পৰিপূৰক হ’লেও শব্দ দুটাৰ মাজত পার্থক্য আছে । সভ্যতা ইবিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায় । ই এটা সমাজ পদ্ধতি।এনে ধৰণৰ জীৱন পদ্ধতিৰ জৰিয়তে সংস্কৃত জীৱন সম্ভৱপৰ নহয় । সমাজ সভ্য অর্থাৎ সু – শৃংখল নহ’লে কোনাে ব্যক্তি বা অনুষ্ঠানৰ পক্ষে : হাতত লােৱটো সম্ভৱ নহয় ।
আনহাতে , সংস্কৃতি হৈছে কোনাে এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্রতিভা । এটা জাতি সু – সভ্য হৈও ইয়াৰ কোনাে লেখত লৱলগীয়া সাংস্কৃতিক স্তৰ নাথাকিব পাৰে । ভাষা , সাহিত্য , সুকুমাৰ কলা দর্শন আদি ক্ষেত্র প্রকাশ পােৱা প্ৰতিভাই হৈছে জাতি বিশেষৰ সংস্কৃতিৰ মাপকাঠী ।
সভ্যতাই সমাজ সুশৃংখল কৰি সংস্কৃতিৰ সৃষ্টিত আৰুৰূপ দিয়াত সহায় কৰে ।
১৪৷ উত্তৰ ভাৰত , দাক্ষিণাত্য আৰু ইছলামীয় ভাস্কৰ্যৰ বিষয়ে তােমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।
উত্তৰঃ বিভিন্ন সংস্কৃতিৰ মিলনভূমি ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰতো উত্তৰ ভাৰত , দাক্ষিণাত্য , ইছলামীয় সকলৰ ভাস্কৰ্যৰ মাজত কিছুস্বকীয়তা দেখা যায় । যেনে , উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্রাদুর্ভাৱসৰহ । ইসংহতিৰ ভাস্কর্য।ইয়াত বহিৰাগতৰ প্ৰভাৱ পৰা বাবে উত্তৰ ভাৰতৰ ভাস্কর্য নিজস্ব বৈশিষ্ট্য নিচেই কম ।
ইয়াৰ মন্দিৰবােৰত ইছলামীয় ভাস্কর্য ভালেখিনি প্ৰভাৱ পৰিছে । দাক্ষিণাত্যৰভাস্কর্যত কোণ আৰু সৰল ৰেখাৰ প্ৰভাৱ বেছি । গঠনৰ বিশালতা ইয়াৰ আন এটি বৈশিষ্ট্য । ইয়াৰ প্ৰত্যেকটো ভংগীমাই সুকীয়া । এটা আৰ্হিৰ লগত আনটো আৰ্হিৰ মিলনাই । উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰলৈ আঙুলিয়াব পাৰি ।
এই মন্দিৰটোত অন্ততঃ এহেজাৰটা স্তম্ভ আছে । ইয়াৰ এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে । এইবােৰৰ সাজ – সজ্জাৰ জাক – জমকতাই আৰু প্ৰতিকৃতিৰ বিশালতাই অন্তৰ চুই যায় ।
ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হৈছে গঠনৰ সৰলতা আৰু সূক্ষ্মতা । ৰেখাৰ লগত ৰেখাৰ সমন্বয় ইছলামীয় ভাস্কর্যত আছে । জ্যামিতিৰ ছবিবােৰৰ দৰে এইবােৰ সৰল ।
১৫৷ অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া ।
উত্তৰ: ভাৰতীয় চিত্রকলাৰ সর্বশ্রেষ্ঠ পৰিপূৰ্ণ ৰূপ অজন্তা গুহাৰ শিল্পকলাত দেখা যায় । পশ্চিমঘাট পর্বতমালাৰ ইন্দ্রিয়াদি নামৰ অশ্বখুৰাকৃতিৰ পাহাৰৰ গাত অজন্তা গুহা অৱস্থিত । ইয়াৰ শিল্প কলা অনন্তকালৰ বাবে সঞ্জীৱিত হৈ আছে । ইয়াৰ জৰিয়তে ভালেমান গতি – প্রগতিৰ সমন্বয় উজ্জ্বল হৈ আছে ।
ইয়াৰ ছবিবােৰত দুটা ভাৱ বস্তু প্রকাশ পাইছে । এটা হৈছে সন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন । দুয়ােবিধ ভাৱ বস্তু ছবি একেলগে গুহাত অংকিত হৈছে । সমূহীয়া জীৱন প্রকাশক ছবিবােৰত ফুটি উঠিছে শক্তি , খ্যাতি , প্রেম আৰু যৌৱন । সন্যাস জীৱনৰ ছবিবােৰত আছে দয়া , ধ্যান আৰু মৌনতা ।
ভাৱ বস্তুৰ পৰা পৃথক যদিও দুয়ােবিধ ছবিয়ে একেলগে অংকিত হৈছে । জীৱনৰ অ – সামঞ্জস্যক একেলগে গ্ৰহণ কৰিব পৰা শক্তিৰ সম্ভেদ এই শিল্পকলাত আছে । প্রাক্ মুছলিম যুগৰ জীৱন প্ৰাচুৰ্যৰ কথাও এই শিল্পকলাত দেখা যায় । পুরুষ , মহিলা , শিশু বিবিধ ভংগিমাত সকলােবােৰ একে ঠাইতে অংকিত হৈছে ।
জীৱনৰ প্রাচুর্যই যেন শিল্পীক মতলীয়া কৰিছে । ছবিবােৰৰ ভাৱবস্তুৰ অসামঞ্জস্যৰ মাজতাে বাস্তৱৰ অখণ্ডতাৰ কথা বিস্তৃত হােৱানাই । শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় ইয়াত স্থাপিত হৈছে ।
১৬। মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত প্ৰৱেশকৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা ।
উত্তৰঃ মােগল সম্রাট বাবৰৰ আমােলত ভাৰতত চিত্রকলাৰ এটি নতুন ধাৰাৰ প্রৱেশ ঘটে । এই নতুন চিত্র শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবােধ । এনে ধৰণৰ ব্যক্তিবাদী আৰ্টত জনজীৱন বা সমষ্টি জীৱনৰ কোনাে সংবাদ নাছিল ।
ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্ৰকাশ । ইয়াৰ জন্ম হৈছিল টাইমূৰ খাঁ আৰু চেংগীজ খাৰ ৰাজদৰ বাৰত । যুগৰ প্রকৃতি অনুসৰি এই চিত্রকলা ব্যক্তিবাদী আৰু কঠোৰ হ’বলৈ বাধ্য হৈছিল । ইয়াত ভাৱ – প্ৰৱণতাৰ সলনি বিপুল উৎসাহ উদ্দীপনা আৰু প্ৰেৰণাৰ প্রকাশ ঘটিছিল ।
১৭। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে ?
উত্তৰঃ উত্তৰ ভাৰতৰ সংগীতে এটি নতুন বস্তু আমাৰ চকুত পেলায় । সেই নতুন বস্তুটো হৈছে , গাম্ভীর্যৰ লগত ঠায়ে ঠায়ে প্রকাশিত উৰণীয়া ভাৱৰ সংযােগ ।
Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি Question Answers
১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা ।
উত্তৰ: ভাৰতীয় সংস্কৃতি সমিল – মিলৰ সংস্কৃতি । ভাৰতীয় সংস্কৃতিত ভাৰতত বসবাস কৰা বিভিন্ন জাতি , ধর্ম সম্প্রদায়ৰ দৰে ইছলামৰ অৰিহণাও অতি মন কৰিবলগীয়া । বিশেষকৈ ইছলামক ছুফি বাদ আৰু ভাৰতীয় শাস্ত্ৰ উপনিষদৰ মাজত এক অভূতপূর্ব মিল দেখা যায় ।
ইছলামীয় ভাস্কর্যই হিন্দু ভাস্কর্যক এক নতুন কাৰু কার্য প্রদান কৰিছে।তাজমহল ইয়াৰ উৎকৃষ্ট নিদর্শন । ভাৰতৰ প্রচলিত চিত্রশিল্পৰ লগত ইছলামীয় চিত্রশিল্পৰ মিলন ঘটি ভাৰতীয় চিত্রশিল্পক এক বৈচিত্র্য প্রদান কৰিছে । বাজপুত আৰু মােগল সকলৰ আৰ্টত এক বৈচিত্র্য দেখা যায় ।
ইছলামীয় সাহিত্যৰ ভাৱধাৰাও ভাৰতীয় সাহিত্যত একীভূত হৈছে ।
এইদৰেই ভাৰতীয় সংস্কৃতিক ইছলামৰ অৰিহণাই আৰু অধিক জাতিষ্কাৰ কৰি তুলিছে ।
১৯। প্রাক মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা ।
উত্তৰঃ প্রাক্ মুছলিম যুগৰ ভাস্কর্য আৰু শিল্পকলাৰ নিদর্শন উত্তৰ ভাৰতত পােরা যায় । মুছলিম সকলৰ আগমনৰ আগত সমগ্ৰ উত্তৰ ভাৰততে ভাস্কর্য আৰু শিল্পকলা যি ৰূপত আছিল সেই ৰূপৰ মিশ্রিত পৰিবর্তন হয় ঘাইকৈ উত্তৰ ভাৰতত ।
কাৰণ মুছলিম সকলৰ প্ৰভাৱ তথা ৰাজত্ব উত্তৰ ভাৰতত বিয়পি পৰিছিল আৰু প্রাক মুছলিম যুগত ভাৰতত থকা ভাস্কর্য আৰু শিল্পকলাৰ লগত মুছলিম ভাস্কর্য আৰু শিল্পকলাৰ মিলন ঘটি এক অপূর্ব ৰূপ লয় । সেই কাৰণেই উত্তৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলা এক সমন্বয়ৰ বস্তু । এই ভাস্কর্য আৰু শিল্পকলাক অকল ইছলামীয় বা হিন্দু স্থানী বুলিব নােৱাৰি ।
দাক্ষিণাত্যত মুছলমানৰ প্ৰভাৱ বা শাসন তেনেভাৱে নাছিল কাৰণেই প্রাক্ মুছলমান । যুগৰ ভাস্কর্য আৰু শিল্পকলাৰ লগত মুছলমান যুগৰ ভাস্কর্য আৰু শিল্পকলাৰ সম্পর্ক । স্থাপিত হােৱা নাছিল। ইয়াৰ ভাস্কর্য আৰু শিল্পকলাত প্রাক মুছলমান যুগৰ ৰূপ প্রায় থাকি গ’ল আৰু সেইবােৰত একোটা নিজস্ব বিচাৰ পদ্ধতি দেখিবলৈ পােৱা যায় ।
ই ভাৰতীয় সংস্কৃতিৰ বৈচিত্র্যকে ৰঙীণ কৰি তুলিছে । দাক্ষিণাত্যৰ ভাস্কর্যত কোণ আৰু সৰল ৰেখাৰ প্রাদুর্ভাৱ সৰহ।গঠনৰ বিশালতা হৈছে ইয়াৰ আন এক বৈশিষ্ট্য । প্রত্যেকটো ভংগীমাই সুকীয়া সুকীয়া । উদাহৰণস্বৰূপে কাঞ্জিভৰাম মন্দিৰৰ কথা ক’ব পাৰি । এই মন্দিৰত অন্ততঃ এহেজাৰটা স্তম্ভ আছে ।
ইয়াৰ স্তম্ভৰ আৰ্হি বা ভাস্কর্য ইটোৰ লগত সিটোৰ মিলনাই । এইবােৰৰ সাজ – সজ্জাৰ জাকজমকতা আৰু প্ৰকৃতিৰ বিশালতাই সকলোেকে অভিভূত কৰি তােলে ।
প্রাক্ মুছলিম যুগৰ জীৱনৰ প্ৰাচুৰ্যৰ কথা অজন্তাৰ শিল্পকলা অর্থাৎ চিত্ৰসমূহত প্রকাশ পাইছে । শিশু , পুৰুষ , মহিলা , বিবিধ ভংগিমাত সকলােবােৰ একে ঠাইতে অংকিত হৈছে । জীৱনৰ প্রাচুর্যই যেন শিল্পীক মতলীয়া কৰি তুলিছে । চিত্রসমূহৰ ভাৱ বস্তুৰ সামঞ্জস্যৰ মাজতাে বাস্তৱৰ অখণ্ডতাৰ কথা পাহৰি যােৱা নাই । শিল্পীর শিল্পজগত আৰু বাস্তৱ জীৱনৰ মাজত এক সুন্দৰ সমন্বয় স্থাপিত হৈছে ।
উত্তৰ ভাৰতৰ অর্থাৎ মুছলমান যুগৰ ভাস্কর্য দাক্ষিণাত্যৰ ভাস্কৰ্যৰ লগত নিমিলে । উত্তৰ ভাৰতীয় ভাস্কর্যত বৃত্ত আৰু বক্ৰৰেখাৰ প্রাদুর্ভাৱ বেছি । এই অঞ্চলৰ মন্দিৰবােৰত ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ ভালেখিনি দেখা যায়।ই আচলতে সংহতিৰ ভাস্কর্য । ইয়াৰ শােভা সমন্বয় আৰুগঠনৰ সুক্ষ্মতাৰ জৰিয়তে প্রকাশ পাইছে । দাক্ষিণাত্যৰ দৰে কাৰু কাৰ্যৰ বিশালতাৰ সহায়ত নহয় । গঠনৰ সৰলতা আৰু সূক্ষ্মতা হৈছে ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ ।
মুছলিম যুগৰ চিত্র শিল্পৰ মূলতে আছিল প্রচুৰ ব্যক্তিবােধ । এনে ব্যক্তিবাদী শিল্পকলাত জনজীৱন বা সমাজ জীৱনৰ কোনাে সংবাদ নাছিল । ইয়াৰ লক্ষ্য আছিল ব্যক্তিৰ জীৱন প্রকাশ । গতিকে যুগৰ প্রকৃতি অনুসৰি মুছলিম যুগৰ এই শিল্পকলা ব্যক্তি বাদী আৰু কঠোৰ হ’বলৈ বাধ্য হৈছিল । ইয়াত ভাৱ – প্ৰৱণতাৰ সলনি বিপুল উৎসাহ – উদ্দীপনা , প্রেৰণাৰ প্রকাশ ঘটা দেখা যায় ।
এইদৰে প্ৰাক্ মুছলিম আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কর্য আৰু শিল্পকলা স্বকীয় বৈশিষ্ট্যৰে উজ্জ্বল আছিল ।
২০। ব্যাখ্যা কৰা :
( ক ) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ ।
উত্তৰঃ ব্যাখ্যেয় কথাষাৰ আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট হেম বৰুৱাৰ দ্বাৰা ৰচিত । ‘ভাৰতীয় সংস্কৃতি’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।
ভাৰতীয় সংস্কৃতিৰ সমন্বয়াত্মক বৈশিষ্ট্যৰ বিষয়ে ক’বলৈ গৈ লেখকে এনেদৰে মন্তব্য কৰিছে ।
ভাৰতীয় সংস্কৃতিৰ প্রবাহ অতীতৰ পৰাই অবিচ্ছিন্নভাৱে বৈ আহিছে । একালত ভাৰতবৰ্ষত অতি উচ্চ থলুৱা অনার্যসংস্কৃতিৰ পয়ােভৰ ঘটিছিল । বহিবাগত আৰ্যসকল আহি উচ্চ সংস্কৃতিসম্পন্ন অনাৰ্যসকলৰ ওপৰত ৰাজনৈতিক প্রভুত্ব স্থাপন কৰিছিল । কিন্তু সংস্কৃতিৰ ক্ষেত্ৰত আৰ্যসকলাে থলুৱা সুস্থ – সবল সাংস্কৃতিক জীৱন প্রবাহত পৰিবলৈ বাধ্য হৈছিল ।
আৰ্যসকল আহি ভাৰতবৰ্ষত আর্য সংস্কৃতিৰ বৰঘৰ সাজিছিল । যদিও পূৰ অনার্য সংস্কৃতিকেই তেওঁলােকে মূল ভেটিৰূপে গ্রহণ কৰিছিল । পৰৱর্তী কালতােভাৰতলৈ ভিন ভিন সংস্কৃতিসম্পন্ন নানা জাতি – গােষ্ঠীৰ আগমন ঘটিছিল । প্রত্যেকেই পূৰ্বৰে পৰা চলি অহা ভাৰতীয় সংস্কৃতিৰ নানা উপাদানেৰে এই প্রবাহটোক পৰিপুষ্ট কৰিছিল ।
কোনাে বহিৰাগত জাতি – গােষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাই ভাৰতীয় সংস্কৃতিৰ মূল প্রবাহটোক কেতিয়াও অস্বীকাৰ কৰিব পৰা নাছিল । ভাষা , সাহিত্য , স্থাপত্য , ভাস্কর্য , সংগীত , চিত্রকলা , দর্শন আদি সংস্কৃতিৰ ভিন ভিন উপাদান সমূহ এনেদৰে সমন্বয়াত্মক আদর্শেৰে যুগে যুগে পৰিপুষ্ট হৈ ভাৰতীয় সংস্কৃতিক এক বৈচিত্র্যপূর্ণ আৰু মহীয়ান সংস্কৃতিৰূপে গঢ়ি তুলিছিল ।
( খ ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান – পতন , ভঙা – গঢ়াৰ সবিশেষ বুৰঞ্জী ।
উত্তৰঃ প্রশ্নোত কথাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট হেম বৰুৱাৰ দ্বাৰা ৰচিত ‘ ভাৰতীয় সংস্কৃতি ’ পাঠটোৰ পৰা তুলি দিয়া হৈছে ।
ভাৰতৰ বুৰঞ্জীৰ বিষয়ে এটি ধাৰণা দিবলৈ যােৱাৰ প্ৰাৰম্ভতে লেখকে এই কথাষাৰ অৱতাৰণা কৰিছে ।
ভাৰতীয় সংস্কৃতি বিৰাট এক সমন্বয়ৰ সংস্কৃতি । নানা জাতি – উপজাতি , সভ্যতা , কৃষ্টি আদিৰ অদ্ভুত মিলন ঘটিছে এই ভাৰতভূমিত । সময়ৰ লগে লগে ভাৰতবাসীৰ সামাজিক , ৰাজনৈতিক , অর্থনৈতিক জীৱন যাত্ৰাৰ প্রণালী সলনি হৈছে । এই সকলােবােৰ পৰিৱৰ্তন যুগে যুগে প্রকাশিত হৈ আহিছে যদিও অতীতৰ বহুতাে জ্বলন্ত দৃষ্টান্ত অতি সজাগতাৰে ধৰি ৰাখিছে ভাৰতীয় বুৰঞ্জীয়ে ।
উত্থান – পতন হৈছে মানুহৰ জীৱনৰ নিৰৱচ্ছিন্ন অংশ । ইটোৰ পিছত সিটো মানৱ গােষ্ঠীৰ আগমন বা অভিযান , বিভিন্ন পৰিয়ালৰ শাসনভাৰ গ্ৰহণ আদি ঘটনাৰ ভাৰত বুৰঞ্জী ভাৰাক্রান্ত । ভাৰতীয় সভ্যতাৰ প্রথম চিনাকি হিচাপে সগৌৰৱে হৰপ্পা আৰু মহেঞ্জোদাৰোৰ কথা ক’ব পাৰি । এই সংস্কৃতিয়ে আমাক এটা আর্য পূর্ব যুগৰ ইংগিত দিয়ে ।
সেই সংস্কৃতি , কালৰ গৰাহত নষ্ট হৈছিল যদিও একেবাৰে ধবংস হৈ যােৱা নাছিল আৰু সেই ধবংসপ্রাপ্ত আৰ্হিকে ভেটি কৰি আৰ্যসকলে পাছৰ যুগত এটা নতুন সংস্কৃতিৰ সূচনা কৰিছিল । হয়তাে বর্তমান এনেবােৰ কথা প্রকাশ কৰাই কঠিন হ’লহেঁতেন যদিহে আমাৰ বুৰঞ্জীত এইবােৰ আগতে অন্তর্ভুক্ত কৰি থােৱা নহ’লহেঁতেন । এই ভাৰতৰ বুৰঞ্জীতে লিপিবদ্ধ হােৱা এই কাহিনীৰ কথা ব্যক্ত কৰাৰ প্ৰসংগৰে লিখকে এইদৰে হৈছে ।
( গ ) সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।
উত্তৰঃ প্রশ্নোত কথাফাঁকি আমাৰ পাঠ্যপুথিত অন্তর্গত হেম বৰুৱা বিৰচিত ‘ভাৰতীয় সংস্কৃতি ’ পাঠটোৰ পৰা বুটলি অনা হৈছে ।
কলাশিল্পৰ প্ৰকাৰ , আৰু কলাশিল্পই যে ভাৰতীয় সংস্কৃতিৰ এক বিৰাট অংশ । আগুৰি আছে তাকে ক’বলৈ গৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে ।
সকলাে বস্তু সৃষ্টিৰ আঁৰত একোটা আর্ট বা কলা থাকে । নিখুঁত বস্তুৰ সৃষ্টি হলে । কলা নিখুঁত হয় আৰু অসামঞ্জস্যতাই খামখেয়ালি কলাৰ সৃষ্টি কৰে । সকলাে আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে । এটাৰ উদ্দেশ্য আৰু কার্য জাকজমকতাৰ সৃষ্টি আৰু আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা ।
এটাই বাহ্যিক আড়ম্বৰৰ জৰিয়তে প্রকাশ বিচাৰে আৰু আনটোৱে আমাৰ অন্তৰাত্মক স্পর্শ কৰি অভিভূত কৰে । প্ৰথমটোৱে বিৰাট পটভূমিৰ অৱতাৰণা কৰে আৰু দ্বিতীয়টোৱে নকৰে । এক কথাত ক’বলৈ গ’লে প্ৰথমটোৰ বহির্জাগতিক বিস্তৃতি আছে ; দ্বিতীয়টোৰ নাই । কিন্তু দুয়ােটাৰ সংমিশ্ৰণৰ ফলতহে সমাজৰ প্রতিবিম্ব । প্রতিফলিত হয় ।
২১। ভাৰতীয় সংস্কৃতি ’ পাঠটো পঢ়ি তুমি কি কি ভাল কথা শিকিলা বর্ণনা কৰা ।
উত্তৰঃ হেম বৰুৱাৰ ভাৰতীয় সংস্কৃতি ’ পাঠটোত বিভিন্ন জাতি – জনজাতি মিলন ভূমি ভাৰতবৰ্ষত কিদৰে আদিৰ পৰা বিভিন্ন জাতি , জনগােষ্ঠী , ধর্মীয় লােকে একেলগে । বাস কৰি আহি সংস্কৃতিৰ মিলন ঘটাইছে তাৰে বিষয়ে উল্লেখ আছে ।
পাঠটো পঢ়ি আমি যথেষ্ট ভাল ভাল কথাই শিকিব পাৰিলে । কিয়নাে ভাৰতত আর্য ; অনার্য , মংগােলীয় , দ্রাবিড় আদিৰ লগতে গ্রীক , শক , আদিৰ লােকো যে একেলগে নিগাজীভাৱে বসবাস কৰি আছে , সেই বিষয়ে জানিব পাৰিলাে ।
সভ্যতা আৰু সংস্কৃতি সমাজত অতি ব্যৱহৃত শব্দ দুটাৰ পাৰ্থক্যৰ বিষয়ে জানি , শব্দ দুটাৰ মাজত থকা ভেদখিনি বুজিব পাৰিলাে ।
যুগে যুগে ভাৰতত বিভিন্ন বংশৰ লোেক আহি কিদৰে সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাড়াল আৰু মজবুত কৰিলে সেয়াও জানিব পাৰিলাে ।
ভাৰতীয় বুৰঞ্জীত স্থানীয় আৰু বহিৰাগত সকল মিলি কিদৰে , সাস্কৃতিক সমন্বয়ৰ সৃষ্টি কৰিছে সেয়াও এই পাঠত আছে ।
আর্য – অনার্য , দেৱ – দেৱী সকলৰ পূজা , বৰ্তমানৰ ইয়াৰ প্ৰচলন আদিৰ কথাও ইয়াৰ পৰা জানিলাে ।
সংস্কৃতিৰ বিভিন্ন দিশ , সাহিত্য দর্শন , ভাস্কর্য , শিল্পকলা সংগীত সকলোেবােৰতে যে ভাৰতত বাস কৰা বিভিন্ন সুকীয়া সংস্কৃতিৰ মিলন হৈছে সেয়াও এই পাঠৰ পৰাই অৱগত হলাে । এই সাহিত্য , দর্শন , ভাস্কর্য নিজ নিজ বৈশিষ্ট্যও ইয়াত উল্লেখ কৰিছে।
অজন্তা , মহেঞ্জোদাৰো , হৰপ্পা আদিৰ বিষয়েও এই পাঠৰ পৰাই কিছু জানিলাে । মুঠতে পাঠটোত পঢ়ি আমি সংস্কৃতিৰ লগত জড়িত বহুতাে ভাল ভাল কথা শিকিলোঁ ।
ভাষা বিষয়ক
২২। সন্ধি ভাঙা :
উত্তৰ : সংস্কৃতি = সম্ + কৃতি
সমন্বয় = সম্ + অন্বয়
সম্বন্ধ = সম্ + বন্ধ
ভাৰাক্ৰান্ত = ভাৰ + আক্রান্ত
সন্মত = সম্ + মত
২৩। বিশেষণ আৰু বিশেষ্যলৈ নিয়া ।
উত্তৰ : বৈচিত্র্য – বৈচিত্রময়
ভৌগােলিক – ভূগােল
বিস্তৃতি – বিস্তৃত
নৈৰাশ্য – নিৰাশ
বিপ্লৱ – বৈপ্লৱিক
অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন ১। অতি চমু প্রশ্নোত্তৰ (এটা শব্দ বা বাক্যেৰে উত্তৰ দিয়া) :
১। ভাৰতীয় সংস্কৃতি কিহৰ আদর্শেৰে জীয়াই আছে?
উত্তৰঃ সমন্বয়ৰ আদৰ্শৰে।
২। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
উত্তৰঃ ক্ৰমবৰ্দ্ধমান শক্তি।
৩। “ফ্রম ভল্গা টু গংগা” নামৰ কিতাপখনৰ লিখক কোন?
উত্তৰঃ পণ্ডিত ৰাহুল সংস্কৃত্যায়ন।
৪। আর্য সকলৰ আদিম বাসভূমি ক’ত আছিল?
উত্তৰঃ মধ্য এচিয়াত।
৫। ভাৰতবৰ্ষ আৰু আফগানিস্থান যে সংযুক্ত আছিল ইয়াৰ সাক্ষী কোন চহৰে বহন কৰি আছে?
উত্তৰঃ কান্দাহাৰ চহৰ। পুৰণি নাম গান্ধাৰ।
৬। কান্দাহাৰ কোন্ দেশীয় নাম?
উত্তৰঃ ভাৰতীয় নাম।
৭। কোনে পঞ্জাৱ আৰু আফগানিস্থানক একগোট কৰি লবলৈ চেষ্টা কৰিছিল?
উত্তৰঃ গ্ৰীকসকলে।
৮। কান্দাহাৰ আৰু ভাৰতক এক কৰাৰ প্ৰচেষ্টা কোনে চলাইছিল?
উত্তৰঃ মৌৰ্য্যসকলে।
৯। প্ৰাচীন ভাৰতীয় সংস্কৃতি একালত ক’লৈ বিয়পিছিল?
উত্তৰঃ দক্ষিণ-পূৱ এচিয়ালৈ।
১০। কাৰ ওপৰত ভেঁটি কৰি আৰ্য্যসকলে নতুন সাংস্কৃতিক জীৱন তুলিছিল?
উত্তৰঃ মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতিৰ ওপৰত ভেঁটি কৰি।
১১। ধ্যানস্থ শিৱৰ কল্পনা কোন সংস্কৃতিৰ সম্পদ?
উত্তৰঃ মহেঞ্জোদাৰো সংস্কৃতিৰ।
১২। “কালিয়দমন”ৰ ব্যাখ্যা কোনে দিছিল?
উত্তৰঃ ডঃ সর্বপল্লী ৰাধাকৃষ্ণণে।
১৩। হিন্দু ধৰ্মত প্ৰচলিত লিংগ পূজা কোন্ যুগৰ বস্তু?
উত্তৰঃ অনাৰ্য্য যুগৰ।
১৪। হিন্দুৰ শ্ৰাদ্ধবিধি কোন্ যুগৰ অৱদান?
উত্তৰঃ অনাৰ্য্য যুগৰ।
১৫। কোন্ সমাজত আজিও মৃতকৰ উপাসনা চলে?
উত্তৰঃ অনাৰ্য্য সমাজত।
১৬। শিৱ কি দেৱতা, আৰ্য নে অনাৰ্য্য?
উত্তৰঃ অনাৰ্য্য।
১৭। পার্বতী আর্য্য নে অনাৰ্য্য জীয়ৰী ?
উত্তৰঃ আৰ্য্য জীয়ৰী।
১৮। কামাখ্যা আৰ্য নে আনাৰ্য্য দেৱী?
উত্তৰঃ অনাৰ্য্য দেৱী।
১৯। ব্ৰাহ্মণ পুৰোহিত সমাজৰ আগেয়ে কামাখ্যা মন্দিৰত পূজাৰী কোন আছিল?
উত্তৰঃ গাৰো সমাজৰ মানুহ।
২০। গ্ৰীক সকলৰ হাতত কোন জাতি পৰাজিত হৈছিল?
উত্তৰঃ মাইকেনিয়ান জাতি।
২১। কোন যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰৰ যুগ বুলিব পাৰি?
উত্তৰঃ বৌদ্ধ ধৰ্ম প্ৰচাৰৰ যুগক।
২২। “চামন্ অন্ ডি মাউণ্ট”ৰ গুৰিত কিহৰ প্ৰভাৱ বিয়পি আছে?
উত্তৰঃ বৌদ্ধ সাহিত্যৰ।
২৩। ছুফিবাদৰ মূল কি?
উত্তৰঃ কোৰাণ শাস্ত্র।
২৪। দাক্ষিণাত্যৰ ভাস্কৰ্য্যতে কিহৰ প্ৰাদুৰ্ভাৱ বেছি?
উত্তৰঃ কোণ আৰু সৰলৰেখাৰ ।
২৫। দাক্ষিণাত্যৰ কোন মন্দিৰৰ কমেও এহেজাৰটা স্তম্ভ আছে?
উত্তৰঃ কাঞ্জিভৰামৰ মন্দিৰত।
২৬। উত্তৰ ভাৰতৰ ভাস্কৰ্য্যত কিহৰ প্ৰাদুৰ্ভাৱ সবহ?
উত্তৰঃ বৃত্ত আৰু বক্ৰৰেখাৰ।
২৭। উত্তৰ ভাৰতৰ মন্দিৰৰ ভাস্কৰ্য্যত কোন ভাস্কৰ্য্যৰ প্ৰভাৱ পৰিছে?
উত্তৰঃ ইছলামীয় ভাস্কৰ্য্যৰ।
২৮। “গ্ৰেছিয়ান আর্ন” কবিতাটিৰ ৰচক কোন?
উত্তৰঃ জন কীটছ্।
২৯। হিন্দু ভাস্কৰ্য্যৰ কি কি বস্তু মুছলমান বাদছাহ্ সকলৰ সমাধিত ব্যৱহাৰ হোৱাৰ প্ৰমাণ আছে?
উত্তৰঃ কলহ আৰু পদুমফুল।
৩০। অজন্তাৰ চিত্ৰকলাই কোন যুগৰ কথা সোঁৱৰায়?
উত্তৰঃ বৌদ্ধযুগৰ।
৩১। হিন্দুৰ মনত কিহে পোনতে বিপ্লৱৰ সৃষ্টি কৰিছিল?
উত্তৰঃ মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘৰ্ষই।
৩২। “লাখ লাখ যুগ হিয়ঁ হিয়ঁ ৰাখনু”ৰ ৰচক কোন?
উত্তৰঃ বিদ্যাপতি।
৩৩। পুৰণি ভাৰতীয় সাহিত্য কিহেৰে সমৃদ্ধশালী ?
উত্তৰঃ আধ্যাত্মিক চিন্তা ধাৰাৰে।
৩৪। ‘কীর্তন’ কাৰ ৰচনা?
উত্তৰঃ শংকৰদেৱৰ।
৩৫। “নামঘোষা” কাৰ ৰচনা?
উত্তৰঃ মাধৱদেৱৰ।
৩৬। কোন কলাই সমাজ সৌন্দৰ্য্যবোধৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ ভাস্কৰ্য্য কলাই।
৩৭। কোনে ‘নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হব লগে বুলি মত প্ৰকাশ কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীজীয়ে।
৩৮। ব্যক্তিৰ মুক্তিবাণীয়ে কোন ধৰ্মৰ প্ৰচাৰ দ্ৰুত কৰি তুলিছিল?
উত্তৰঃ ইছলাম ধৰ্মৰ।
৩৯। মোগল আৰু ৰাজপুত আৰ্টৰ প্ৰধান লক্ষণ কি?
উত্তৰঃ অনুভূতিৰ প্ৰসাৰ।
৪০। কোন ভাস্কৰ্য্য হিন্দু আৰু মুছলিমৰ সমন্বয়ৰ অপূর্ব সৃষ্টি?
উত্তৰঃ তাজমহলৰ ভাস্কৰ্য্য।
৪১। হেম বৰুৱাৰ তিনিখন ভ্ৰমণ কাহিনীৰ কিতাপৰ নাম লিখা।
উত্তৰঃ (১) ৰঙা কৰবীৰ ফুল।
(২) সাগৰ দেখিছো।
(৩) মেকং নৈ দেখিলো।
৪২। আৰ্য আৰু অনাৰ্য বুলিলে কি বুজা?
উত্তৰঃ যি সকল আৰ্য নহয় তেওঁলোকে অনার্য। আর্য সকলে যে অনাৰ্যতকৈ উন্নত আছিল তেনে নহয়। বহুত অনার্য, আৰ্যতকৈ বহুত গুণত শ্রেষ্ঠ আছিল। আর্যসকলে পোনতে খেতি কৰা নাছিল। মহেঞ্জোদাৰোত আহি তেওঁলোকে ঘৰ বান্ধি বাস কৰা আৰু খেতি কাম শিকিছিল।
চমু আৰু পোনপটীয়া উত্তৰ লিখা :
প্রশ্ন ১। আৰ্টৰ বিপৰীত পন্থা দুটাৰ উদ্দেশ্য কি কি?
উত্তৰঃ সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰে। এটাৰ উদ্দেশ্য কাৰুকাৰ্য্য আৰু জাকজমকতাৰ সৃষ্টি কৰা আৰু আনটোৰ উদ্দেশ্য সংযম আৰু আড়ম্বৰহীনতা। প্ৰথমটোৱে বাহ্যিক আৰু আড়ম্বৰৰ জৰিয়তে প্ৰকাশ বিচাৰে, আনটোৱে আমাৰ অন্তৰাত্মা স্পৰ্শ কৰি অভিভূত কৰে। প্ৰথমটোৱে বিৰাট পটভূমিৰ সৃষ্টি কৰে, দ্বিতীয়টোৱে নকৰে।
প্রশ্ন ২। ভাৰতত ইছলামৰ খৰতকীয়া প্ৰচাৰৰ কাৰণ কি?
উত্তৰঃ ইছলামৰ সংঘাটে ভাৰতীয় আধ্যাত্মিকতাৰ ধমনী কঁপাই তুলিছিল।
ইছলামে সামাজিক গণতন্ত্ৰৰ জন্ম দিছিল। পার্থিব আৰু অপার্থিব দুয়োটাৰ ওপৰতে ইছলামৰ আস্থা সমান। ই অনিশ্চিত ভৱিষ্যতৰ বস্তু নহয়। এনে চিন্তাধাৰাই সামাজিক বান্ধোন ছিঙি পেলাইছিল। সমাজৰ দলিত আৰু দৰিদ্ৰ জনতাই ইয়াৰ জৰিয়তে মুক্তিৰ সন্ধান পাইছিল বাবে ভাৰত ভূমিত ইছলামৰ প্ৰচাৰ খৰতকীয়া হৈছিল।
প্রশ্ন ৩। জাতি এটাৰ সংস্কৃতি কিহেৰে বুজিব পাৰি?
উত্তৰঃ ভাষা, সাহিত্য, সুকুমাৰ কলা, দর্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভাৰ জৰিয়তে এটা জাতিৰ সংস্কৃতি জুখিব পাৰি।
প্রশ্ন ৪। ভাৰতৰ ভৌগোলিক বৈচিত্র্যই কিদৰে সংস্কৃতিৰ ওপৰত প্ৰভাব পেলাইছে?
উত্তৰঃ ভৌগোলিক ফালৰ পৰা ভাৰতত বৈচিত্র্যতা লক্ষ্য কৰা যায়। ভাৰতবৰ্ষৰ এফালে শুকান মৰুভূমি আনফালে মৌচুমীৰ তাণ্ডব নৃত্য। এফালে সুউচ্চ পর্বতমালা আনফালে বিশাল সমভূমি। এই বৈচিত্ৰ্যৰ মাজেৰেই ভাৰতীয়ৰ জীৱনধাৰা প্ৰবাহিত। প্রাকৃতিক বৈসাদৃশ্যই ভাৰতীয় জাতীয় জীৱনৰ ওপৰত প্রভাব পেলালেও প্রবাহিত সাংস্কৃতিক ধাৰাক একো হানি কৰিব পৰা নাই।
প্রশ্ন ৫। ভাৰতীয় সংস্কৃতি দেশৰ বাহিৰত কিদৰে কেনেকৈ ক’ত প্ৰসাৰ লাভ কৰিছিল?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ প্ৰৱল সোঁত মধ্য এচিয়াৰ পৰা আৰম্ভ কৰি দক্ষিণ-পূব এচিয়ালৈকে প্ৰৱাহিত হৈছিল। সংস্কৃতিৰ এই বহির্গমন জলপথ আৰু স্থল-পথেৰেই সাধিত হৈছিল। দক্ষিণ-পূব এচিয়াৰ ব্ৰহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেছিয়া আদি দেশত ভাৰতীয় প্ৰব্ৰজনকাৰী ৰূপত থিতাপি লৈছিল। আজিও এই অঞ্চলত বাৰশ বছৰ জুৰি থকা হিন্দু ৰাষ্ট্ৰবোৰে ইয়াৰ প্ৰমাণ দাঙি ধৰিছে।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
প্রশ্ন ১। ভাৰতীয় সংস্কৃতিত কিদৰে দ্ৰাবিড় আৰু আৰ্য্য সংস্কৃতিৰ সমন্বয় ঘটিছে আলোচনা কৰা।
উত্তৰঃ আৰ্য্য সকল ভাৰতলৈ অহাৰ আগতে দ্রাবিড় সকলে পঞ্জাৱ অঞ্চলত বাস কৰি আছিল। আৰ্য্য সকল অহাৰ পিছত দ্ৰাবিড় সকল দাক্ষিণাত্যলৈ গুচি গ’ল। উত্তৰ ভাৰতৰ বিশাল এলেকাত আৰ্য্য বসতি বিয়পি পৰিল। পিছত আৰ্য্য অনাৰ্য্য সংস্কৃতিৰ সমন্বয় ঘটিছিল। দ্রাবিড় সমাজত প্ৰচলিত দেৱ-দেৱীক আদি কৰি ধৰ্ম পদ্ধতি কিছুমানো আৰ্য্য সমাজে গ্ৰহণ কৰিলে। দ্ৰাবিড় পুৰোহিত সমাজকো আৰ্য্য সকলে ব্ৰাহ্মণৰ মৰ্য্যাদা প্ৰদান কৰিছিল। আৰ্য্যৰ বেদত দেৱী পূজাৰ কোনে উল্লেখ নাই। হিন্দু ধৰ্মত প্ৰচলিত লিংগ পূজা অনাৰ্য্যৰ বস্তু। হিন্দুৰ শ্ৰাদ্ধবিধিও অনাৰ্য্যৰেই অৱদান। মৰিশালীত মৃতকক খাদ্য সম্ভাৰকে আদি কৰি আন আন ব্যৱহাৰ্য্য বস্তু আৰ্য্য সমাজত আজিও উছৰ্গা কৰা হয়।আৰ্য্য আৰু অনাৰ্য্যৰ সমন্বয় এটা ক্ৰমবৰ্ধমান গতি পদ্ধতিৰ জৰিয়তে সম্ভৱপৰ হৈছিল।ই আকস্মিক নহয়।শিৱক দক্ষযজ্ঞত অৱহেলা কৰাতো অৰ্থব্যঞ্জক।
পাৰ্বতী আৰ্য্য সমাজৰ জীয়ৰী, আনহাতে শিৱ অনাৰ্য্য দেৱতা। তেতিয়াও অনাৰ্য্য শিৱক আৰ্য্যই সম্পূৰ্ণৰূপে গ্ৰহণ কৰা নাছিল। গতিকে তেওঁৰ প্ৰতি এই নিষ্ঠুৰ অৱহেলা। কালক্ৰমত শিৱই আৰ্য্য বেদীত ঠাই পাইছিল। অসমৰ কামাখ্যা দেৱী আদিতে অনাৰ্য্য দেৱী। পিছতহে আৰ্য্য সকলে কালী বা দুৰ্গাৰ ৰূপান্তৰ হিচাবে ইয়াক গ্ৰহণ কৰিছিল।
গতিকে দেখা যায় যে ভাৰতীয় সংস্কৃতিত দ্ৰাবিড় আৰু আৰ্য্য সংস্কৃতিৰ এক সুন্দৰ সমন্বয় সাধিত হৈছে।
প্রশ্ন ২। “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটো পঢ়ি তুমি কি কি ভাল কথা শিকিলা বৰ্ণনা কৰা।
উত্তৰঃ “ভাৰতীয় সংস্কৃতি” নামৰ পাঠটি পঢ়ি বহুতো মূল্যবান কথা শিকিব পাৰি। সেইবোৰ হ’ল—
(১) প্রথম কথা ভাৰতীয় সংস্কৃতি সমন্বয়ৰ সংস্কৃতি। ইয়াৰ ভেঁটি সুদৃঢ়। বিভিন্ন জাতি উপজাতিৰ সংস্কৃতিক ই আপোন কৰি লব পাৰিছে বাবে ই উদাৰ। আনহাতে বহিৰাগত সংস্কৃতিয়ে ভাৰতীয় সংস্কৃতিক গ্ৰাস কৰিব পৰা নাই বৰঞ্চ ভাৰতীয় সংস্কৃতি ভাৰতৰ ভৌগোলিক সীমাৰেখা চেৰাই গৈ বিদেশতো থিতাপি লৈছে।
(২) দ্বিতীয়তে পাঠটি পঢ়ি ভাৰতীয় ভাস্কৰ্য্য সম্পৰ্কে সম্যক ধাৰণা এটা পাব পাৰি।
(৩) তৃতীয়তে প্রচলিত হিন্দু ধৰ্মৰ কিছু ৰীতি নীতি আৰু ইছলামীয় ধৰ্মৰ ভাৰতত প্ৰসাৰ সম্পৰ্কেও এটি ধাৰণা পাব পাৰি।
(৪) চতুৰ্থতে প্ৰাচীন কালৰ বিখ্যাত অজন্তা গুহা চিত্র সম্পর্কে এটা বিশদ ধাৰণা লব পাৰি এই পাঠটি পঢ়ি।
(৫) পঞ্চমতে ভাৰতীয় হিন্দু ধর্ম আধ্যাত্মিকতা আৰু অতীন্দ্ৰিয়বাদৰ ওপৰত বিশ্বাসী সেই কথাৰো আভাস পোৱা যায়।
মুঠতে ভাৰতীয় সংস্কৃতি নামৰ পাঠটি পঢ়ি আজিৰ ভাৰতীয় সংস্কৃতিৰ বৰ পথাৰখন কেনেদৰে সুজলা সুফলা শস্য শ্যামলা হ’ল তাৰ সুন্দৰ জ্ঞান পাব পাৰি।
প্রশ্ন ৩। চমু টোকা লিখা।
উত্তৰঃ (১) কীটছ্ : জন কীটছ্ প্ৰসিদ্ধ ইংৰাজ ৰোমান্তিক কবি। মাত্র চাঁব্বিছ বছৰ জীয়াই থাকি যিবোৰ কবিতা তেওঁ লিখিছিল সেইবোৰ বিশ্ববাসীক আজিও আনন্দ প্ৰদান কৰি আছে। লর্ড টেনিচনৰ মতে ওৱৰ্ডছওৱৰ্থ, কোলৰিজ, বায়ৰণ, শ্যেলীৰ নিচিনা কবিসকলতকৈ কীটছ্ ৰ কাব্য প্রতিভা বহু উচ্চস্তৰৰ।
(২) পণ্ডিত ৰাহুল সংস্কৃত্যায়ন : এওঁৰ আচল নাম কেদাৰ নাথ পান্ডে। উত্তৰ প্ৰদেশৰ আজমগড়ৰ এই জনা পণ্ডিতে সিংহললৈ গৈ বৌদ্ধধর্ম গ্ৰহণ কৰে। এওঁ এগৰাকী প্ৰসিদ্ধ ভাষাতত্ত্ববিদ আৰু ইতিহাসবিদ। তেওঁ ৰুছ দেশৰ লেনিনগ্রেড বিশ্ববিদ্যালয়ত সংস্কৃতৰ অধ্যাপক আছিল। “মধ্য এচিয়াকা ইতিহাস লিখি এওঁ সাহিত্য অকাডেমীৰ বঁটা পাইছিল।
(৩) সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ : আন্তর্জাতিক খ্যাতিসম্পন্ন এগৰাকী ভাৰতী দার্শনিক পণ্ডিত। এখেতে কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ পিছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হৈছিল। তেওঁ ৰুছ দেশত ৰাষ্ট্ৰদূত হিচাপেও কাৰ্য্য নিৰ্বাহ কৰিছিল। পিছত ভাৰতৰ উপৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতিৰ পদো অলংকৃত কৰিছিল। এই জনা পণ্ডিতৰ জন্মদিন সমগ্ৰ ভাৰতবাসীয়ে শিক্ষক দিবস হিচাপে পালন কৰে।
প্রশ্ন ৪। “ভাৰতৰ স্থানীয় সংস্কৃতিৰ লগত বহিৰাগত সংস্কৃতিৰ যুগে যুগে মিলন ঘটি অহা বাবে ভাৰতীয় সংস্কৃতিয়ে এক মোহিয়ান ৰূপ লোৱা।” — বুলি কোৱা কথাষাৰ কিমান দূৰ সঁচা “ভাৰতীয় সংস্কৃতি” পাঠৰ সহায়ত বিচাৰ কৰা।
উত্তৰঃ চিৰ প্ৰবহমান কালৰ পৰা ভাৰতীয় সংস্কৃতি এক নিজস্ব ধাৰাৰে ধাবিত হৈ আছিল। বুৰঞ্জীত বিভিন্ন সময়ত এচিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা বহিৰাগত সকল ভাৰতলৈ আহিবলৈ ধৰাত ভাৰতীয় সংস্কৃতি ৰূপ সলাবলৈ ধৰে। এই বহিৰাগত সংস্কৃতিবান লোক সকলৰ সংস্কৃতি ভাৰতীয় সংস্কৃতিৰ লগত সমন্বয় সাধিত হবলৈ ধৰিলে।
আৰ্য্য সকলৰ ভাৰতলৈ অহাৰ আগেয়ে মহেঞ্জোদাৰো আৰু হৰপ্পা সভ্যতা ধ্বংস হৈছিল। কিন্তু আৰ্য্যসভ্যতাই ভালেখিনি সাংস্কৃতিক সম্ভাৰ ইয়াৰ পৰা বুটলি লৈছিল। উদাহৰণ স্বৰূপে ভাৰতীয় সংস্কৃতিৰ ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰো সংস্কৃতিৰ অৱদান। দ্রাবিড় সমাজত প্ৰচলিত কিছুমান দেৱ-দেৱীকে আৰম্ভ কৰি ধৰ্ম পদ্ধতিও আর্য্য সমাজ গ্ৰহণ কৰিছিল। বর্তমানে হিন্দু ধর্মত প্রচলিত দেৱী পূজা, শক্তিৰ প্ৰতিকৃতি, লিংগ পূজা, হিন্দুৰ শ্ৰাদ্ধবিধি অনাৰ্য্য যুগৰ অৱদান। সাংস্কৃতিক ক্ষেত্ৰত অনাৰ্য্যৰ কৃষ্টি সমলে আৰ্য্যৰ ভঁৰাল বহুখিনি চহকী কৰি তুলিছিল।
ইছলাম সকল ভাৰতলৈ অহাৰ পিছত ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ ভাৰতীয় সংস্কৃতিৰ ওপৰত পৰিল। ইছলামীয় ভাস্কৰ্য্যৰ প্ৰভাৱ উত্তৰ ভাৰতৰ মন্দিৰ বোৰত ভালেখিনি পৰিল। উত্তৰ ভাৰতৰ ভাস্কৰ্য্যত প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদৰ্শৰ সমন্বয় ঘটি এক নতুন ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। ইছলামীয় ভাস্কৰ্য্যই হিন্দু ভাস্কৰ্য্যক কাৰুকাৰ্য্য প্ৰদান কৰিছে।
বাবৰৰ আমোলত বাহিৰৰ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত ভাৰতীয় চিত্ৰধাৰাৰ মিলন ঘটিছিল। ফলত এটি নতুন চিত্রাংকন পদ্ধতিৰ উদ্ভৱ হৈছিল। ভাৰতীয় প্ৰচলিত ধৰ্মীয় ভাবধাৰাৰ ওপৰতো বহিৰাগত ইছলাম ধৰ্মই প্ৰভাৱ পেলাইছিল। ই কিছু পৰিমাণে প্ৰচলিত হিন্দু ধর্মত সামাজিক গণতন্ত্ৰৰ জন্ম দিছিল।
বৃটিছ সকল ভাৰতলৈ অহাৰ পিছত পাশ্চাত্য সাহিত্যই ভাৰতীয় সাহিত্যৰ ওপৰত প্ৰভাব পেলাইছিল। সাহিত্য বিশ্বাত্মিকাৰ পৰশত পূৰঠ সৌষ্ঠৱপূৰ্ণ হৈ উঠিছিল।
গতিকে দেখা যায় যে বহিৰাগত সংস্কৃতিৰ লগত যুগে যুগে ভাৰতীয় সংস্কৃতিৰ মিলন ঘটা বাবে ভাৰতীয় সংস্কৃতি বর্তমানে এক মহীয়ান ৰূপ গ্ৰহণ কৰিছে।
প্রশ্ন ৫। ব্যাখ্যা কৰা :
(ক) ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু।
উত্তৰঃ ব্যাখ্যেয় কথাষাৰ সুসাহিত্যিক, সুসাংসদ, সুবক্তা হেম বৰুৱা দেৱৰ দ্বাৰা বিৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ প্ৰৱন্ধটিৰ পৰা উৎকলিত কৰা হৈছে। ভাৰতীয় বিশাল সংস্কৃতি যে এক বিশাল সম্প্ৰীতিৰ সংস্কৃতি তাকে কবলৈ গৈ উক্ত কথাষাৰেৰে প্রবন্ধটিৰ পাতনি মেলিছে বৰুৱাদেৱে।
ভাৰতীয় সংস্কৃতিৰ ধাৰাটো এককভাবে সৃষ্টি হোৱা সাংস্কৃতিক ধাৰা নহয় সুদূৰ অতীতৰ পৰা ভাৰতত বাস কৰা আর্য্য, অনার্য্য, দ্রাবিড়, মঙ্গোলীয় আদি জাতিৰ সংস্কৃতিৰ সমন্বয়ত ভাৰতৰ সংস্কৃতি মহাসাগৰখনৰ জন্ম হৈছে। ইয়াৰোপৰি বিভিন্ন সময়ত বিভিন্ন মানৱ গোষ্ঠী বিভিন্ন কাৰণত ভাৰতবৰ্ষলৈ আহি ইয়াত স্থায়ীভাবে বসতি কৰিবলৈ লৈছিল।
এই জাতি সমূহৰ নিজস্ব সংস্কৃতিৰ প্ৰভাৱত ভাৰতীয় সংস্কৃতিৰ বৰ পথাৰখন অধিক ৰসাল হৈ উঠিছে। পুৰণি ভাৰত বুৰঞ্জী যিদৰে অভিযানৰ বুৰঞ্জী, তেনেকৈ সমন্বয়ৰো বুৰঞ্জী। ভাষাতত্ত্ব, সামাজিক, ৰাজনৈতিক আদর্শ, সাহিত্য শিল্পকলা, দর্শন আদি ক্ষেত্ৰত এক বিৰাট সমন্বয় সৃষ্টি হৈছিল। এই সমন্বয়ে ভাৰতীয় সংস্কৃতিৰ গাম্ভীৰ্য্যতা প্ৰদান কৰিছে।
(খ) ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলী সু-সংগঠিত আৰু টনকিয়াল বিধৰ আছিল।
উত্তৰঃ ব্যাখ্যেয় কথাষাৰ প্ৰথিতযশা সাহিত্যিক হেম বৰুৱা দেৱৰ দ্বাৰা বিৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ প্ৰৱন্ধটিৰ পৰা উৎকলিত কৰা হৈছে। ইয়াত প্ৰৱন্ধকাৰ হেম বৰুৱাদেৱে ভাৰতীয় সংস্কৃতিৰ শক্তিশালী ভেঁটিৰ কথাকে যুক্তি সহকাৰে কব বিচাৰিছে।
সুপ্রাচীন কালৰে পৰা নিজস্ব ধাৰা-বৈশিষ্ট্যৰে গঢ় লোৱা ভাৰতীয় সংস্কৃতি এক মহান সংস্কৃতি। ইয়াৰ মৰ্মস্থলী সুসংগঠিত আৰু শক্তিশালী। সেয়েছে বহিৰাগত সকলো অভিযানেই ভাৰতীয় সংস্কৃতিক বশ কৰিব নোৱাৰিলে। তাৰ বিপৰীতে সেই সংস্কৃতি সমূহৰ প্ৰায় বেছি ভাগেই ভাৰতীয় সংস্কৃতিৰ গৰ্ভত বিলীন হ’ল।
মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতিৰ ভেটিতে ভাৰতীয় সংস্কৃতি স্থিতি লৈ গতিশীলতা লাভ কৰিছিল। সেয়েহে ইয়াৰ মৰ্মস্থলী সু-সংগঠিত আৰু টনকিয়াল।