Class 10 Assamese Chapter 3 প্ৰশস্তি | অসমীয়া Class 10 প্ৰশস্তি | Class 10 Assamese Ch 3 Answers | kjv Assamese class 10
প্ৰশস্তি
ADDITIONAL QUESTIONS ANSWER
Short Types Questions Answer
1. চমু উত্তৰ দিয়া-
(ক) ‘প্রশস্তি’ কবিতাটিৰ কবি কোন ?
উত্তৰঃ বিহগী কবি ৰঘুনাথ চৌধাৰী।
(খ) ৰঘুনাথ চৌধাৰীক ‘বিহগী কবি’ কিয় বোলা হয় ?
উত্তৰঃ বিহগ মানে চৰাই। ৰঘুনাথ চৌধাৰীয়ে সাধাৰণতে চৰাইৰ সম্বন্ধে অধিক কবিতা ৰচনা কৰাৰ কাৰণে তেওঁক ‘বিহগী কবি’ বোলা হয়।
(গ) ৰঘুনাথ চৌধাৰীৰ পিতৃৰ নাম কি ?
উত্তৰঃ ভোলানাথ চৌধাৰী।
(ঘ) ৰঘুনাথ চৌধাৰীৰ সম্পাদিত শিশু আলোচনীখনৰ নাম কি ?
উত্তৰঃ ‘মইনা’।
(ঙ) ৰঘুনাথ চৌধাৰীৰ প্ৰথম প্ৰকাশিত কবিতা পুথিখনৰ নাম কি ?
উত্তৰঃ ‘সাদৰী’ (১৯১০)।
(চ) ৰঘুনাথ চৌধাৰীৰ মৃত্যুৰ পিছত তেওঁৰ প্ৰকাশিত গ্ৰন্থ দুখনি কি কি ?
উত্তৰঃ ‘মনাই বৰাগী’ কবিতা আৰু ‘পচতীয়া’ গল্পৰ গ্ৰন্থ।
(ছ) ৰঘুনাথ চৌধাৰীৰ কোন কোন কাকত-আলোচনীত কবিতা প্রকাশ পাইছিল ?
উত্তৰঃ ‘জোনাকী’, ‘আলোচনী’, ‘বাঁহী’ আদি আলোচনীত।
(জ) ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোন চনত ক’ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰিছিল ?
উত্তৰঃ ১৯৩৫চনত তেজপুৰত অনুষ্ঠিত সভাত।
(ঝ) ‘নৱ কিশলয় দলে চামৰ ধুলাই’ কাক সাদৰি আনিলে ?
উত্তৰঃ প্ৰকৃতিক।
(ঞ) “আনন্দত প্ৰাণ টলবল্” — কাৰ ?
উত্তৰঃ চিত্তহাৰী যত ফুল্ল কুসুমৰ’।
Group – A পদ্যাংশ
১। ৰঘুনাথ চৌধাৰীক কবি বুলি জনা যায়?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি নামেৰে জনা যায়।
২। ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰঃ সাদৰি, কেতেকী, দহিকতৰা।
৩। প্রকৃতিক কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে?
উত্তৰঃ প্রকৃতিক নতুন কুঁহিপাতে আদৰি আনিলে বুলি কবিয়ে কৈছে।
৪। মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম পৰিমল যঁচা বুলি কবিয়ে কৈছে।
৫। জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।
৬। মহামহিমৰ গান কিহে গায় বুলি কবিরে কৈছে?
উত্তৰঃ মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কবিরে কৈছে।
৭। জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।
৮। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰঃ মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কবিয়ে কৈছে।
৯। অর্থ লিখা:
উত্তৰঃ কিশলয় – গছৰ কুঁহিপাত বা গজালি।
চিত্তহাৰী – মন হৰণ কৰিব পৰা।
অন্তৰীক্ষ – ভিতৰ, গৰ্ভ।
তন্দ্রালস – টোপনি যোৱা অৱস্থা, শ্ৰান্ত – ক্লান্ত।
কুসু্ম – ফুল।
কুকুম – প্রসাধন সামগ্রী বিশেষ।
বসুধা – পৃথিৱী।
ঊষা – সূর্য।
তান – ৰাগ।
কীচক – এবিধ বাঁহ।
ঋত্বিক – পুৰোহিত।
চামৰ – চোঁৱৰ, চুঁৱৰী পছৰ নেজৰ মুঠা।
বন-বিহঙ্গ – বনৰ চৰাই।
ক্লেদ – বোকা।
পৰিমল – সুগন্ধ।
পুঞ্জীভূত – সঞ্চিত।
১০। বাক্য ৰচনা কৰা:
দশোদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মোহ
উত্তৰঃ দশোদিশ – পুৱাৰ ৰাঙলী সুৰুযে দশোদিশে উজ্বলাই তুলিছে।
উপেক্ষিত – পৰিয়ালৰ কাৰণে নিজৰ সুখ-সুবিধা ত্যাগ কৰিও তেওঁ আজি পৰিয়ালৰ দ্বাৰাই উপেক্ষিত।
জৰাজীৰ্ণ – মানুহজনৰ জৰাজীৰ্ণ পোছাকেই তেওঁৰ আৰ্থিক অৱস্থাৰ পৰিচয় দিছে।
অমৃত – ল’ৰাজনৰ অমৃত সদৃশ মিঠা মাতষাৰে সকলোকে বিমোহিত কৰে।
মোহ – ঠাইখনৰ প্ৰাকৃতিক সৌন্দর্যৰ মোহত পর্যটক সকল ঘনাই আহিবলৈ বিচাৰে।
১১। সমার্থক শব্দ লিখা।
তৰু, মুক্তি, সুমধুৰ, অভিযান, ধ্যানী।
উত্তৰঃ তৰু – গছ।
মুক্তি – মুকুতি।
সুমধুৰ – শুৱলা।
অভিযান – কোনো এটা উদ্দেশ্যৰ বাবে কৰা যাত্রা।
ধ্যানী – মনযোগী।
১২। প্রশস্তি কবিতাটোৰ কবি কোন?
উত্তৰঃ ৰঘুনাথ চৌধাৰী।
১৩। ৰঘুনাথ চৌধাৰীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰঃ বৰ্তমান নলবাৰী জিলাৰ মুকালমৃৱাৰ ওচৰৰ লাউপাৰা গাঁওত, ১৮৭৯ চনত ৰঘুনাথ চৌধাৰীৰ।
১৪। ৰঘুনাথ চৌধাৰী কোনখন কাকতৰ সহ সম্পাদক আছিল?
উত্তৰঃ গুৱাহাটিৰ পৰা প্ৰকাশিত ‘জোনাকী’ কাকতৰ।
১৫। ৰঘুনাথ চোধাৰীয়ে সম্পাদনা কৰা আলোচনী কেইখনৰ নাম কি?
উত্তৰঃ মইনা, সুৰভি আৰু জয়ন্তী।
১৬। ৰঘুনাথ চৌধাৰীয়ে কোন কাকতৰ জৰিয়তে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল?
উত্তৰঃ জোনাকী কাকতৰ জৰিয়তে।
১৭৷ ৰঘুনাথ চৌধাৰীৰ মৰণোত্তৰ কালত প্ৰকাশ পোৱা কবিতা আৰু গল্পপুথিখনৰ নাম কি?
উত্তৰঃ কবিতা পুথি হ’ল মইনা বৰাগী, আৰু গল্পৰ পুথি হ’ল ‘পচতীয়া’।
১৮। ৰঘুনাথ চৌধাৰীয়ে প্ৰথম স্তৰত লিখা কবিতা সমূহ কোনখন পুথিত প্ৰকাশ পাইছিল?
উত্তৰঃ সাদৰী।
১৯। ৰঘুনাথ চৌধাৰী দেৱৰ সাদৰি কবিতা পুথিখন কোন চনত প্ৰকাশ পাইছিল?
উত্তৰঃ ১৯১০ চনত।
২০। ৰঘুনাথ চৌধাৰীক কিয় ‘বিহুগী’ কৰি বুলি কোৱা হয়?
উত্তৰঃ চৰাইক বিষয়বস্তু হিচাপে লৈ ৰঘুনাথ চৌধাৰীদেৱে বহু কবিতা লিখিছিল বাৰেই তেওঁক বিহগী কবি বুলি কোৱা হয়।
২২। ৰঘুনাথ চৌধাৰী কোনখন অসম সাহিত্য সভাৰ সভাপতি আছিল?
উত্তৰঃ ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি আছিল।
২৩। ৰঘুনাথ চৌধাৰী কিমান শ্ৰেণীলৈকে পঢ়িছিল?
উত্তৰঃ অষ্টম শ্ৰেণীলৈকে।
২৪। ‘প্ৰশস্তি’ শব্দৰ অৰ্থ কি?
উত্তৰঃ আৰাধনা বা গুনাণুকীৰ্ত্তন।
২৫। চৌধাৰী দেৱৰ মৃত্যু কিমান চনত হৈছিল?
উত্তৰঃ ১৯৬৮ চনত।
২৭। ৰঘুনাথ চৌধাৰীৰ একমাত্ৰ গল্প পুথিখনৰ নাম কি?
উত্তৰঃ পচতীয়া।
ভাব বিষয়ক
১। অতি চমু উত্তৰ দিয়াঃ
( ক ) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি’বুলি জনা যায় ।
(খ ) ৰঘুনাথ চৌধাৰীৰ কবিতা – পুথিদুখনৰ নাম লিখা ।
উত্তৰ: ৰঘুনাথ চৌধাৰীৰ কবিতা – পুথিদুখনৰ নাম হ’ল- সাদৰী ’ ( ১৯১০ ) , আৰু কেতেকী ’ ( ১৯১৮ ) ।
( গ ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উত্তৰ: প্রকৃতিক নৱ কিশলয়দলে অর্থাৎ গছৰ কুঁহিপাত , গজালি , কোঁহে সাদৰি আনিলে বুলি কবিয়ে কৈছে ।
( ঘ ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ?
উত্তৰ: মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ।
( ঙ ) জল , স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে ?
উত্তৰঃ জল , স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে ।
( চ ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
উত্তৰঃ মুক্তি পথযাত্রীয়ে মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে ।
২। কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।
উত্তৰ : কবিতাটোত কবিয়ে প্রকৃতিৰ অন্তৰীক্ষ নারী আকাশ ; সূৰ্য্য , জল – মাটি , গছৰ কুঁহিপাত – গজালি – কোহ – ফুল , চৰাই – চিৰিকটি আদিবস্তুৰ কথা উল্লেখ কৰিছে ।
৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে ?
উত্তৰঃ কবিতাটোত কবিয়ে প্রকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি বা আৰাধনা কৰিছে । কিয়নাে প্ৰকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । প্রকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সােমাই আছে
৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিবৰি লিখা ।
উত্তৰঃ প্ৰকৃতিৰৰূপ আৰাধনাৰ আঁৰত কবিৰঘুনাথ চৌধাৰীৰ প্ৰশস্তি’কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সােমাই আছে । প্রকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । কালৰাত্ৰিৰ অন্তত যিদৰে পূৱাৰ সূৰুয়ে ।
পােহৰৰ সম্ভাৰ কঢ়িয়াই আনি সর্বত্রতে বিলাই দিয়ে , জল – স্থল আনকি অন্তৰীক্ষও জিলিকি উঠে । সেইদৰে গছ বন , ফুল – ফলেও যেন আনন্দত আত্মহাৰা হৈ পৰিছে , চৰাই – চিৰিকটি আদিয়েও সকলােতে দেৱতাৰ সন্ধান কৰিছে।
৫। প্রশস্তি কবিতাটোৰ মূলভাব লিখা ।
উত্তৰঃ কবিৰঘুনাথ চৌধাৰীৰ ‘প্রশস্তি’নামৰ কবিতাটোৰ জৰিয়তে প্রকৃতিৰ সৌন্দর্যৰ বর্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা বা গুণানুকীৰ্তন কৰিছে । ঈশ্বৰ ভক্তিৰ স্বৰূপ এক আধ্যাত্মিক সুৰে কবিতাটোক গভীৰ অনুভূতিৰ বাহক কৰি তুলিছে । প্রকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ সােমাই আছে । সৃষ্টিকর্তাৰ সন্ধানে কবিতাটোক ৰহস্যবাদী কৰি তুলিছে ।
পুৱাৰ পূৱাকাশত ৰাঙলী সূৰুযে ভূমুকি মৰাৰ লগে লগে দশােদিশ উজ্জ্বল হৈ পৰে। আকাশে বতাহে , গছ – বনে প্রকৃতি সকলােতেন সাজেৰে সজ্জিত হৈ পৰে । প্ৰকৃতিৰ চৰাই – চিৰিকটি , গছ – লতিকা , ফুল – ফলবােৰৰ আনন্দেৰে ভৰি পৰিছে।চৰাই চিৰিকটিৰ গানে যেন সকলােতে দেৱতাৰহে সন্ধান কৰিছে ।
সদ্যস্নাতা প্ৰকৃতিৰ চৰাই চিৰিকটিয়ে সুমধুৰ সংগীতৰ মূৰ্চনাৰে যেন সকলােতে দেৱতাৰহে সন্ধান কৰিছে । সেইদৰে অমৃত সন্তান মানুহেও আন্ধাৰৰপৰা পােহৰ অভিমুখে বাট বিচাৰি ফুৰিছে । প্ৰকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । সেয়ে কবিয়ে ভক্তসকলক তন্দ্রা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কৈছে ।
৬। উঠা হেঋত্বিক ধ্যানী অমৃতৰ পুত্র ,
উঠাযত মুক্তি পথযাত্রী ।’
― কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।
উত্তৰঃ প্রশস্তি কবিতাটিত কবিয়ে ৰাতিপুৱাৰ এক মনমােহা বর্ণনা দিছে । নিশাৰ অৱসান ঘটাই পূৱ দিশত হেঙুলী আভাৰে সূৰ্য্যদেৱতাই সুকি মৰাৰ লগে লগে গােটেই প্রকৃতি জগততে এক অপৰূপৰূপ সৌন্দৰ্যৰ সৃষ্টি হৈছে ।
কবিৰ দৃষ্টিত এই জগতখনেই যেতিয়া আনন্দসন্ধানী – আলােকসন্ধানী , তেনেক্ষেত্ৰত অমৃতৰ সন্তান মানুহে জীৱশ্রেষ্ঠ হৈও কিয় পােহৰৰ সন্ধান কৰা নাই । প্ৰকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । সেয়ে কবিয়ে । মানুহক ‘ ঋত্বিক ধ্যানী অমৃতৰ পুত্র’বুলি বিশেষণ কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে ।
৭/ সুদৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তকৃদক কিয় আহ্বান জনাইছে বুজাই লিখা।
উত্তৰ: কালৰাত্ৰিৰ আন্ধাৰৰ অন্তত পুৱাৰ পূৱাকাশত ৰাঙলী সূৰুযে ভূমুকি মৰাৰ লগে লগে দশােদিশ উজ্জ্বল হৈ পৰে । আকাশে – বতাহে , গছ – বনে প্রকৃতি সকলােতে ন সাজেৰে সজ্জিত হৈ উঠিল । প্ৰকৃতিৰ চৰাই – চিৰিকটি , গছ – লতিকা , ফুল – ফলবােৰৰ মন আনন্দেৰে ভৰি পৰিল ।
চৰাই – চিৰিকটিৰ গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰি মুক্তিৰ সেন্দুৰীয়া পথৰ অভিযানহে চলালে । তেনে এক পৱিত্ৰ আৰু মহান ক্ষণত ভক্তসকলক অর্থাৎ মানুহকো সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে আহ্বান জনাইছে ।
ব্যাখ্যা কৰা :
( ক ) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ
ছদভৰা সুমধুৰ তান ,
জল স্থল অন্তৰীক্ষ সকলােতে যেন ।
দেৱতাৰ মহা অভিযান ।
উত্তৰ: উদ্ধৃত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱৰ ৰচিত ‘ প্রশস্তি ’ নামৰ কবিতাৰ অন্তর্গত ।
কবিতাফাকিৰ জৰিয়তে কবিয়ে পুৱাৰ ৰাঙলী সূৰুযৰ আভাই জল – থল – আকাশ তথা প্রকৃতি জগতত কিদৰে আনন্দ আৰু উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰিছে তাকে বুজাব বিচাৰিছে ।
পুৱাৰ পূবাকাশৰ সূৰুযে কালৰাত্ৰিৰ অন্ধকাৰ নাশ কৰি প্ৰকৃতিক উজলাই তােলে বনৰ চৰাই – চিৰিকটিৰ গানে গছ – লতিকাৰ শিৰে শিৰে সুমধুৰ গীতৰ ৰাগিনী ঢালি দিছে । মন – প্রাণ হৰি পুলকিত কৰি চৌদিশে ফুলি থকা ফুলবােৰৰ প্ৰাণ আনন্দতে টলম হৈ পৰিছে।সমগ্র পৃথিৱীৰ লগতে জল – থল – আকাশ আদিত সুন্দৰতাৰ জয়গান বাজি উঠিছে ।
কবিৰ কল্পনাত সমগ্র পৃথিৱীয়েই যেন আনন্দত মতলীয়া হৈ নতু সাজেৰে সজ্জিত হৈ এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি কৰিছে । প্ৰকৃতিৰ এই বিনন্দীয় ৰূপে স্বর্গ মর্ত্যৰ প্রভেদ নােহােৱা কৰিলে । সকলােতে যেন দেৱতাৰ কাণে কাণে মুক্তিপথ তথা সুন্দৰতাৰ মহা অভিযানৰ বাতৰিহে যােগালে ।
(খ ) কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহাকালৰাত্রি ,
উঠা হেঋত্বিক ধ্যানী অমৃতৰ পুত্র
উঠা যত মুক্তি পথযাত্রী ।
উত্তৰঃ উদ্ধৃত কাব্যাংশ কবি ৰঘুনাথ চৌধাৰীদেৱৰ ৰচিত কবিতা ‘ প্রশস্তি’ৰ পৰা তুলি দিয়া হৈছে ।
কবিয়ে উক্ত কাব্যাংশৰ জৰিয়তে কালৰাত্ৰিৰ অন্ধকাৰ নাশ কৰি পুৱাৰ সূৰুযে । কঢ়িয়াই অনা সুন্দৰতাৰ অভিযানত অমৃতৰ সন্তান মানুহক জড়িত কৰিবলৈ প্ৰচেষ্টা কৰিছে । নিশা মানেই আন্ধাৰ , এই আন্ধাৰেইহ’ল প্রতীকি অর্থত নানা দুখ – যন্ত্রণাৰে ভৰা ক্ষণ । এনে কালৰাত্ৰিৰ অন্ধকাৰক অৱসান ঘটাই পুৱা পূৱাকাশত হেঙুলী আভাবে ।
সূৰ্য্য দেৱতাই ভুমুকি মৰাৰ লগে লগে গােটেই প্রকৃতি জগততে এক অপরূপ রূপ সৌন্দৰ্যৰ সৃষ্টি হয় । কবিৰ দৃষ্টিত এই জগতখনেই যেতিয়া আনন্দ সন্ধানী আলােক সন্ধানী ; তেনেক্ষেত্ৰত অমৃতৰ সন্তান মানুহে জীৱশ্রেষ্ঠ হৈও কিয় পােহৰৰ সন্ধান কৰিব বিচৰানাই ।
প্ৰকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । সেয়ে কবিয়ে মানুহক ‘ ঋত্বিক ধ্যানী অমৃতৰ পুত্র ’ বুলি বিশেষণ কৰি এলাহ ত্যাগ কৰিবলৈ আহ্বান জনাইছে ।
( গ ) মােহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান ,
মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !
সুন্দৰৰকৰা ৰূপধ্যান ।
উত্তৰঃ উদ্ধৃত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধাৰীদেৱৰ ৰচিত কবিতা ‘ প্রশস্তি’ৰ অন্তর্গত ।
উক্ত কবিতাফকিৰ জৰিয়তে কবিয়ে পুৱাৰ হেঙুলী সূৰুযৰ আভাই বিনন্দীয়া প্রকৃতিৰ অপৰূপ ৰূপ – লাৱণ্য জগাইতুলি কিদৰে সমগ্র বিশ্বকে পুলকিত কৰি তােলে তাকে বুজাবলৈ প্ৰয়াস কৰি মানুহক সুন্দৰৰ সন্ধান কৰিবলৈ আহ্বান জনাইছে ।
পুৱা পূৱাকাশত হেঙুলী আভাৰে সূর্যদেৱতাই ভুমুকি মৰাৰ লগে লগে গােটেই প্রকৃতি জগততে সৃষ্টি হােৱা অপরূপ সৌন্দর্যত গছ – লতা , চৰাই – চিৰিকটিৰ উপৰি জল – থল – আকাশত সুন্দৰতাৰ আলােড়ন উঠিছে ।
কীচক বেণুৱেও বতাহত আনন্দতে নিজে নিজে সুৰ তুলি মহামহিম অর্থাৎ সৃষ্টিকর্তাৰ গান গাইছে । প্রকৃতিৰ সন্মােহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । সেয়ে কবিয়ে ভক্তবৃন্দক তন্দ্রা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে ।
ভাষা – বিষয়ক
১। অর্থ লিখাঃ
কিশলয়, চিত্তহাৰী,অন্তৰীক্ষ , তন্দ্রালস ।
উত্তৰঃ কিশলয় ― কুঁহিপাত
চিত্তহাৰী — মন – প্রাণ হৰি নিয়া
অন্তৰীক্ষ — আকাশ ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় ।
তন্দ্রালস ― শ্রান্ত ক্লান্ত , টোপনি যােৱা অৱস্থা ।
২। বাক্য ৰচনা কৰা
দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।
উত্তৰ :
দশােদিশ :- কুলি – কেতেকীৰ মাতে দশােদিশে বসন্তৰ বতৰা বিলাই দিলে ।
উপেক্ষিত :- উপেক্ষিত ঊর্মিলাইলক্ষ্মণৰ সৈতে বনবাসলৈ যাবলৈ নাপালে
জৰাজীর্ণ :- একমাত্র পুত্ৰৰ অৱহেলাত বুঢ়ীগৰাকীয়ে জৰাজীর্ণ ঘৰটোতেই থাকিবলগীয়া হ’ল ।
অমৃত :- সাগৰ মন্থন কৰােতে ওলােৱা অমৃত খাই দেৱৰ্তাসকলে হেনাে অমৰত্ব পালে ।
মােহ :– সন্তানৰ মােহত আচ্ছন্ন হােৱাটোও অনুচিত ।
৩। সমার্থক শব্দ লিখা
তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী ।
উত্তৰঃ তৰু ― লতা , লতিকা
মুক্তি ― মুকলি , ৰেহাই
সুমধুৰ ― সুমিষ্ট
ধ্যানী — তপস্বী
অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন ১। “প্রশস্তি” কবিতাটি কাৰ ৰচনা?
উত্তৰঃ “প্রশস্তি” কবিতাটি কবি ৰঘুনাথ চৌধাৰীৰ ৰচনা।
প্রশ্ন ২। ৰঘুনাথ চৌধাৰীক কি নামেৰে জনা যায়?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক “বিহগী কবি” নামেৰে জনা যায়।
প্রশ্ন ৩। ৰঘুনাথ চৌধাৰীৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ জন্ম ১৮৭৯ চনত নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত হৈছিল। অৱশ্যে সেই লাউপাৰা গাঁও বৰ্ত্তমান ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।
প্রশ্ন ৪। তেওঁৰ পিতৃ-মাতৃৰ নাম কি আছিল?
উত্তৰঃ তেওঁৰ পিতৃৰ নাম আছিল ভোলানাথ চৌধাৰী আৰু মাতৃ দয়ালতা চৌধাৰী।
প্রশ্ন ৫। ৰঘুনাথ চৌধাৰীৰ প্ৰথম কবিতাপুথিখনৰ নাম কি?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ প্ৰথম কবিতাপুথিখনৰ নাম “সাদৰী”।
প্রশ্ন ৬। ৰঘুনাথ চৌধাৰীৰ কবিতাপুথি তিনিখনৰ নাম লিখা।
উত্তৰঃ “কেতেকী”, “কাৰবালা” আৰু “দহিকতৰা”।
প্রশ্ন ৭। ৰঘুনাথ চৌধাৰী অসমীয়া সাহিত্যৰ কোনযুগৰ কবি?
উত্তৰঃ ৰঘুনাথ চৌধাৰী অসমীয়া সাহিত্যৰ ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল।
প্রশ্ন ৮। ‘প্রশস্তি’ কবিতাটোত কবিয়ে কাৰ গুণানুকীৰ্তন কৰিছে?
উত্তৰঃ ‘প্ৰশস্তি’ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ লগতে ঈশ্বৰৰ গুণানুকীৰ্তন কৰিছে।
প্রশ্ন ৯। প্ৰশক্তিৰ অর্থ কি?
উত্তৰঃ আৰাধনা বা গুণানুকীৰ্তন কৰা।
প্রশ্ন ১০। বন-বিহঙ্গৰ গানে কাৰ প্ৰশস্তি কৰিছে?
উত্তৰঃ দেৱতাৰ প্ৰশস্তি কৰিছে।
প্রশ্ন ১১। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে কাৰ অস্তিত্ব দেখিবলৈ পাইছে?
উত্তৰঃ প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে ঈশ্বৰৰ অস্তিত্ব দেখিবলৈ পাইছে।
প্রশ্ন ১২। অমৃতৰ সন্তান বুলি কবি কাৰ কথা কৈছে?
উত্তৰঃ অমৃতৰ সন্তান বুলি কবি মানুহৰ কথা কৈছে।
প্রশ্ন ১৩। কীচক বেণুৱে কাৰ গান গাইছে?
উত্তৰঃ কীচক বেণুৱে মহামহিমৰ গান গাইছে।
প্রশ্ন ১৪। কবি ৰঘুনাথ চৌধাৰীৰ প্ৰথম কবিতা ক’ত প্ৰকাশ পাইছিল?
উত্তৰঃ ‘জোনাকী’ কাকতত প্ৰথমে কবি ৰঘুনাথ চৌধাৰীৰ কবিতা প্ৰকাশ পাইছিল।
প্রশ্ন ১৫। তেওঁ কোনখন সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল?
উত্তৰঃ তেওঁ ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতি আছিল।
প্রশ্ন ১৬। মৰণোত্তৰ কালত প্ৰকাশ পোৱা চৌধাৰীৰ গ্ৰন্থ দুখন কি কি?
উত্তৰঃ ‘মনাই বৰাগী’ (কবিতা), ‘পচতীয়া’ (গল্পপুথি)।
প্রশ্ন ১৭। কবি ৰঘুনাথ চৌধাৰীয়ে বিশেষকৈ কি বিষয়বস্তুক লৈ কবিতা লিখিছিল?
উত্তৰঃ চৰাই তথা প্রকৃতি তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু আছিল।
প্রশ্ন ১৮। ৰঘুনাথ চৌধাৰী কোন যুগৰ কবি?
উত্তৰঃ ৰঘুনাথ চৌধাৰী ৰোমাণ্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল।
প্রশ্ন ১৯। ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা শিশু আলোচনী তিনিখনৰ নাম লিখা।
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে সম্পাদনা কৰা শিশু আলোচনী তিনিখনৰ নাম। হ’ল ‘মইনা’, ‘জয়ন্তী’ আৰু ‘সুৰভি’।
প্রশ্ন ২০। কবিতাটিত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে কাৰ আৰাধনা কৰিছে?
উত্তৰঃ কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে ঈশ্বৰৰ আৰাধনা কৰিছে।
প্রশ্ন ২১। কবিতাটিত কবিয়ে মানুহক কাৰ সন্তান বুলি কৈছে?
উত্তৰঃ কবিতাটিত কবিয়ে মানুহক অমৃতৰ সন্তান বুলি কৈছে।
প্রশ্ন ২২। কবিতাটিত কেনেধৰণৰ সুৰ অন্তৰ্নিহিত হৈ আছে?
উত্তৰঃ কবিতাটিত আধ্যাত্মিক সুৰ অন্তর্নিহিত হৈ আছে।
প্রশ্ন ২৩। “প্রশক্তি” কবিতাটিত কবিয়ে প্রকৃতিৰ কেনেধৰণৰ সৌন্দৰ্যৰ বৰ্ণনা কৰিছে বুজাই লিখা।
উত্তৰঃ ‘প্রশস্তি’ কবিতাটিৰ জৰিয়তে কবিয়ে প্রকৃতির এক মনোৰম বর্ণনা দাঙি ধৰিছে। “ঊষাৰ কুক্কুম ৰাগে ৰঞ্জিলে বসুধা”— পুৱাৰ এক মনোৰম প্ৰাকৃতিক পৰিবেশ এই উক্তিৰ মাজেৰে কবিয়ে আমাৰ সন্মুখত দাঙি ধৰিছে। বেলিৰ ৰক্তিম আভাই প্ৰকৃতিৰ দশোদিশ যেন পোহৰাই তুলিলে। ন’কে অংকুৰিত গছ-পাতে যেন প্রকৃতিক সাদৰি আনিলে। পুৱাৰ সূৰুযৰ ৰক্তিম আভাৰ পৰশত গছ-বিৰিখৰ লগতে ফুলি থকা ফুলবোৰেও যেন আনন্দত মতলীয়া হৈছে। মন-প্ৰাণ হৰি নিয়া ফুল্ল কুসুমৰ সৌন্দৰ্যত কবি বিভোৰ। মন্দিৰত উপেক্ষিত হৈও ৰবাব ফুলে প্ৰেমৰ সৌৰভ বিলাইছে।
পক্ষীৰ কল-কাকলিৰ মাজত কবিয়ে ছন্দোময় সুৰ শুনিবলৈ পাইছে। গছ-বিৰিখৰ লগতে চৰাই-চিৰিকটিয়েও জল, স্থল, অন্তৰীক্ষ সকলোতে দেবতাৰহে সন্ধান কৰিছে। কালৰাত্ৰিৰ শেষত মানুহৰ পুঞ্জীভূত সকলো ক্লেদ আঁতৰাই মুক্তিৰ বাট বিচাৰিবলৈ কবিয়ে আহ্বান জনাইছে। সকলোৰে সমান্তৰালকৈ কীচক বেণুৱেও বতাহত স্ৰষ্টাৰ গান গাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰ অনন্য ৰূপ-আৰাধনাৰ আঁৰত কবিৰ ঈশ্বৰভক্তি প্রকাশ পাইছে। সৃষ্টিকৰ্তাৰ প্ৰতি কবিৰ আন্তৰিক ভক্তি প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে প্ৰকাশ পাইছে।
এনেদৰে ‘প্ৰশস্তি’ কবিতাটিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ বৰ্ণনা কৰিছে।

