Class 10 Assamese Chapter 10 অৰুণিমা সিনহা | অসমীয়া Class 10 অৰুণিমা সিনহা | kjv class 10 Assamese ch 10 | Lesson 10 answers | kjv class 10 Assamese ch 10
অৰুণিমা সিনহা
ADDITIONAL QUESTIONS ANSWER
Short Types Questions Answer
১। চমু প্ৰশ্নৰ উত্তৰ দিয়া:
(i) ‘অৰুণিমা সিন্হা’ প্রবন্ধটিৰ লেখক কোন ?
উত্তৰঃ ড° জয়শ্ৰী গোস্বামী মহন্ত।
(ii) ড° জয়শ্রী গোস্বামী মহন্তৰ এখনি উপন্যাসৰ নাম লিখা।
উত্তৰঃ ‘চাণক্য’।
(iii) ড° জয়শ্রী গোস্বামী মহন্তৰ এখনি গল্প সংকলনৰ নাম লিখা।
উত্তৰঃ ‘অন্য এক ৰত্নাকৰ’।
(iv) ড° জয়শ্রী গোস্বামী মহন্তই ৰচনা কৰা শিশু-কিশোৰৰ উপযোগী দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘বিশ্বৰ শ্ৰেষ্ঠ সাধু’, ‘চেমনীয়াৰ বিশ্ব সাহিত্য’।
(v) ড° জয়শ্রী গোস্বামী মহন্তৰ এখন প্ৰবন্ধ সংকলনৰ নাম লিখা।
উত্তৰঃ ‘অসম আন্দোলন: যুগমীয়া চিন্তাৰ প্ৰতিফলন’।
(vi) ড° জয়শ্রী গোস্বামী মহন্তই কোনখন বাতৰি কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ?
উত্তৰঃ ‘এদিনৰ সংবাদ’ কাকতৰ ৷
(vii) কোন চনত ভাৰত চৰকাৰে ড° জয়শ্ৰী গোস্বামী মহন্তক পদ্মশ্ৰী উপাধিৰে সম্মানিত কৰিছিল ?
উত্তৰঃ ২০১৮ চনত।
(viii) অৰুণিমা সিন্হা দুৰ্ঘটনাত পতিত হোৱা ৰে’লগাড়ীখন ক’ৰ পৰা ক’লৈ গৈ আছিল ?
উত্তৰঃ লক্ষ্ণৌৰ পৰা দিল্লীলৈ গৈ আছিল।
(ix) ৰে’লযাত্ৰাত ডকাইতে অৰুণিমাক বাৰে বাৰে কি দিবলৈ কৈ আছিল ?
উত্তৰঃ অৰুণিমাই পিন্ধি থকা সোণৰ চেইনডাল।
(x) “এয়া মায়ে মোক মৰমেৰে দিয়া আশীৰ্বাদ।”— অৰুণিমাই কিহৰ কথা কৈছে ?
উত্তৰঃ অৰুণিমাই গলত পিন্ধি থকা সোণৰ চেইনডালৰ কথা কৈছে।
Group – A গদ্যাংশ
১। অৰুণিমাৰ সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল?
উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।
২। অৰুণিমা সিনহাৰ ঘৰ ক’ত আছিল?
উত্তৰঃ অৰুণিমা সিন্হাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল।
৩। হস্পিতালত থাকোতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?
উত্তৰঃ হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপোনে তীব্ৰ ৰূপ লৈছিল।
৪। চিকিৎসালয়ৰপৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল?
উত্তৰঃ চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই পৰ্বতাৰোহনৰ প্ৰশিক্ষণৰ বাবে বাচেন্দ্ৰি পালক লগ ধৰিছিল। কিয়নো অৰুণিমাৰ আছিল হিমালয়ৰ শৃংগলৈ উঠাৰ তীব্ৰ হেঁপাহ। তেওঁৰ বিশ্বাস আছিল এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালে তেওঁক সঠিক পথ দেখুৱাই পৰামৰ্শ দিব।
৫। মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?
উত্তৰঃ মাউন্ট এভাৰেষ্টত অৰুণিমাই ২০১৩ চনৰ ২১ মে তাৰিখে আৰোহণ কৰিছিল। তেওঁ তাত ডেৰ ঘণ্টা সময় আছিল।
৬। সন্ধি ভাঙাঃ
সংশয়, পর্বতাৰোহণ, উৎসাহ, হিমালয়, প্রত্যাহ্বান, বিপদাপন্ন।
উত্তৰঃ সংশয় = সম + শয়।
পৰ্বতাৰোহণ = পৰ্বত + আৰোহণ।
উৎসাহ = উৎ + সাহ।
হিমালয় = হিম + আলয়।
প্ৰত্যাহ্বান = প্রতি + আহ্বান।
বিপদাপন্ন = বিপদ + আপান।
৭। তলৰশব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা।
অনুৰাগ, অনুভৱ, অভিনয়, প্রতিফল।
উত্তৰঃ অনুৰাগ = অনু + ৰাগ।
অনুভৱ = অনু + ভৱ।
অভিনয় = অভি + নয়।
প্রতিফল = প্রতি + ফল।
১/ চমুকৈ উত্তৰ লিখা :
(ক) অৰুণিমা সিনহা কোনবিধ খেলত বিশেষ দক্ষতা আছিল ?
উত্তৰঃ অৰুণিমা সিনহাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল ।
( খ ) অৰুণিমা সিনহাৰ ঘৰ ক’ত ?
উত্তৰঃ অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত ।
( গ ) হস্পিতালত থাকোতে অৰুণিমাৰ মনত কি সপােনে তীব্র ৰূপ লৈছিল ?
উত্তৰঃ হস্পিতালত থাকোতে অৰুণিমাৰ মনত হিমালয় শৃংগলৈ উঠাৰ সপােনে তীব্র ৰূপ লৈছিল ।
( ঘ ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল ?
উত্তৰঃ এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালক লগ ধৰিছিল , এভাৰেষ্ট শৃংগ আৰােহণৰ প্রশিক্ষণ ল’বৰ বাবে ।
( ঙ ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰহণ কৰিছিল ? তেওঁ তাত কিমান সময় আছিল ?
উত্তৰ : ২০১৩ চনৰ ২১ মে ’ তাৰিখে আৰু তাত তেওঁ ডেৰঘণ্টা কাল আছিল ।
প্রশ্ন ২। অৰুণিমা সিনহাই ৰে’লযাত্ৰাৰ সময়ত কি দুর্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল ? এই দুর্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল ?
উত্তৰ : অৰুণিমা সিন্হাই ৰে’লযাত্ৰাৰ সময়ত ৰে’লৰ ডবাৰ ভিতৰত এদল ডকাইতৰ মুখামুখি হ’বলগীয়া হৈছিল । ডকাইতৰ দলে ডবাটোৰ আন যাত্রীসকলৰ পৰা ভয় দেখুৱাই , ডাবি দি টকা – পইচা , সােণৰ আ – অলংকাৰ আদি লুট কৰিছিল । যাত্রীসকলেও প্রাণৰ ভয়ত সিহঁতক বিনা বাক্যে এই সকলাে ডকাইতৰ হাতত অৰ্পণ কৰিছিল ।
কিন্তু সেই ভবাটোতে যাত্ৰীৰূপে যােৱা অৰুণিমা সিনহাই ডকাইতৰ ডাবি ধমকনি আৰু দেখুৱা ভীষণ ভয়কো নকৰি সিহঁতে বাৰে বাৰে খোজা সত্বেও নিজৰ গলৰ চেইনডাল নিদিলে । তেওঁ মাকৰ মৰমৰ উপহাৰ এই চেইনডাল সিহঁতক নিদিওঁ বুলি কোৱাত তেওঁক সিহঁতে দাঙি নি বস্তা দলিওৱাদি ট্রেইনৰ বাহিৰলৈ দলিয়াই দিলে ।
সেই সময় আন এখন ট্রেইন কাষৰ লাইনেৰে আহি আছিল আৰু সেই ট্রেইনখনে তেওঁক ভীষণভাৱে আঘাত কৰি গুচি গ’ল । ৰে’ল যাত্ৰাৰ সময়ত এই দুর্ঘটনাৰ তেওঁ মুখামুখি হৈছিল । এই দুর্ঘটনাত তেওঁ চিৰদিনৰ কাৰণে এখন ভৰি হেৰুৱালে আৰু ইখন ভৰিও চিৰদিনৰ কাৰণে ঘুণীয়া হ’ল ।
প্রশ্ন ৩। অৰুণিমাৰ সপােন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্রি পালে কেনেদৰে সহায় । কৰিছিল ?
উত্তৰঃ কৰুণভাৱে আঘাতপ্রাপ্ত হৈ হস্পিতালৰ বিছনাত শুই থাকোতে অৰুণিমা সিন্হাৰ মনত হিমালয়ৰ শৃংগলৈ উঠাৰ সপােন জাগি উঠিছিল । তেওঁ দুর্ঘটনাত এখন ভৰি চিৰদিনৰ কাৰণে হেৰুৱাই কৃত্রিম ভৰি ল’বলগীয়া হৈছে আৰু আনখন ভৰিত লােৰ ৰড সুমুৱাই তাৰ সহায়ত চলা – ফিৰা কৰাৰ ব্যৱস্থা কৰা হৈছে ।
তথাপি এনে অৱস্থাতাে অৰুণিমাই নিজৰ সপােন পূৰাবলৈ হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়ী বাচেন্দ্রি পালৰ ওচৰ পালেগৈ । বাচেন্দ্রি পালে তেওঁৰ সকলাে কথা সহমর্মিতাৰে শুনিলে । ছােৱালীজনীৰ দুচকুৰ সপােন , প্রত্যাহান আৰু আত্মপ্রত্যয়ৰ ভাবে তেওঁৰ মনতাে বিশ্বাস জগালে যে সঠিক প্রশিক্ষণ আৰু সাহস পালে এইগৰাকী ছােৱালীয়ে নিশ্চয় এদিন তাইৰ সপােন পূৰণ কৰিব পাৰিব ।
তেওঁৰ আকাংক্ষা দেখি বহুজনে এনে কৃত্রিম ভৰিৰে এই দুৰুহ কাম নকৰিবলৈ পৰামর্শ দিছিল যদিও তেওঁ দমি নগ’ল । তেওঁ দুচকুত হেজাৰ সপােন লৈ । বাচেন্দ্রি পালৰ পৰামর্শক্রমে উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যােগদান কৰিলেগৈ । টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনে চলােৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্রি পালৰ তত্ত্বাৱধানত অনুশীলন চলিল ।
প্রায় এবছৰকাল একেলেথাৰিয়ে বাচেন্দ্রি পালৰ তত্ত্বাৱধানত উৎসাহ – উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অৰুণিমাই অনুশীলনত আত্মসমর্পণ কৰিছিল ।
প্রশ্ন ৪। এভাৰেষ্ট বিজয়ৰ সপােন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই কেনেদৰে , অনুশীলন কৰিছিল ?
উত্তৰঃ এভাৰেষ্ট বিজয়ৰ সপােন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ এভাৰেষ্ট বিজয়িনী বাচেন্দ্রি পালৰ ওচৰ পালেগৈ । অৰুণিমাৰ মনােবল , সাহস আৰু আত্মপ্রত্যয়ৰ কথা জানি এখন ভৰিত কৃত্রিমভাৱে লগােৱা আৰু আনখন লােৰ ৰড় লগােৱা ভৰিৰে এই মানুহজনীক বাচেন্দ্রি পালে সহায় কৰিবলৈ গাত ল’লে ।
তেওঁৰ পৰামর্শমতেই অৰুণিমাই উত্তৰ কাশীত থকা ইকো এভাৰেষ্ট এক্সপেডিচন গ্রুপত যােগদান কৰিলেগৈ । তাত বাচেন্দ্রি পালৰ তত্ত্বাৱধানত তেওঁ অনুশীলন আৰম্ভ কৰিলে ।
শাৰীৰিক , মানসিক দুয়াে দিশতে দৃঢ়তা আৰু অধ্যাৱসায়ৰ জোৰত ভৰিখন হেৰুৱাৰ দুর্ভাগ্যক অৰুণিমাই সৌভাগ্য বুলি লৈ ৰূপান্তৰিত কৰিবলৈ উঠি – পৰি লাগিছিল । তেওঁ প্রায় এবছৰ কাল একেলেথাৰিয়ে উৎসাহ – উদ্যমেৰে অহৰহ চেষ্টা অব্যাহত ৰাখি অনুশীলনত আত্মসমর্পণ কৰিছিল ।
কেতিয়াবা এনেকুৱাও হৈছিল যে আন স্বাভাৱিক মানুহে যিটো খােজ দিওঁতে দুই মিনিটতে শিকিব পাৰে , তেওঁৰ ক্ষেত্ৰত সেয়া তিনি ঘণ্টাও লাগিছিল । তথাপি আশা এৰা দিয়া নাছিল অৰুণিমাই ।
প্রশ্ন ৫। অরুণিমা সিনহাই কিয় লাডাখত থকা মাউন্ট চামছে কাংৰিৰ অভিযান সম্পূর্ণ কৰিব নােৱাৰিলে ?
উত্তৰঃ লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা আছিল ২১,৭৯৮ ফুট । অৰুণিমাক এই অভিযানত সহায় কৰা শ্বেৰপাজনে তেওঁৰ তেজেৰে লুতুৰি পুতুৰি হােৱা ভৰি দুখনৰ অৱস্থা দেখি নিজৰ প্রাণ বচাবলৈ উভতি যাবলৈ পৰামর্শ দিছিল যদিও অৰুণিমাই কোনাে কথা নামানি চেষ্টা অব্যাহত ৰাখিলে ।
বহু কষ্টৰ মূৰত অৱশেষত অৰুণিমাই লাডাখত থকা মাউন্ট চামছেৰ কাংৰিৰ ২১,১০৮ ফুট উচ্চতালৈহে মাত্র আৰােহণ কৰিবলৈ সক্ষম হ’ল । সেই সময়ত বতৰ অত্যন্তভারে প্রতিকূল অৱস্থাত আছিল । বতৰৰ এনে প্রতিকূল অৱস্থাৰ কাৰণেই লাডাখত থকা এই মাউন্ট চামছেৰ কাংৰিৰ অভিযান অৰুণিমাই সম্পূর্ণ কৰিব নােৱাৰিলে ।
প্রশ্ন ৬। অৰুণিমা সিন্হাৰ এভাবেষ্ট অভিযানৰ বর্ণনা দিয়া ।
উত্তৰঃ এভাৰেষ্ট অভিযানৰ আগতে লাড়াখত থকা মাউন্ট চামছেৰ কাংৰি অভিযানত ব্যর্থ হ’লেও অৰুণিমাৰ এভাৰেষ্ট বিজয়ৰ সপােন ভাগি যােৱা নাছিল । এইবাৰ নতুন উদ্যম আৰু মনােবলেৰে মাউন্ট এভাৰেষ্ট বগাবলৈ সাজু হ’ল অৰুণিমা ।
মাউন্ট এভাবেষ্টৰ শৃংগত থিয় হৈ ফটো তােলাৰ , ভিডিঅ’ৰ জৰিয়তে বিশ্ববাসীক নিজৰ বিৰল অভিজ্ঞতাৰ বিষয়ে জনােৱাৰ অভিপ্রায়েৰে দুটাকৈ কেমেৰা লগত লৈ গৈছিল ৷ লৈছিল পানী আৰু অক্সিজেন । চাৰি নং কেম্প পাওঁতে দুয়ােখন ভৰিৰ পৰা তেজ নিগৰি ভয়ংকৰ অৱস্থা হৈছিল । লগত নিয়া অক্সিজেনাে প্রায় শেষ হওঁ হওঁ হৈছিলগৈ । লগত যােৱা শ্বেৰপাজনে অৰুণিমাক বাৰে বাৰে সকীয়াই দিছিল যে যিকোনাে মুহূর্ততে লগত নিয়া অক্সিজেন শেষ হৈ যাব পাৰে । তেতিয়া মৃত্যু নিশ্চিত ।
পিছে কোনাে সকীয়নিকে মন নকৰি তেওঁ আগুৱাই গৈ থাকিল । বাটত যাওঁতে তেওঁ আঁঠু দুটাৰ পৰা নিগৰি অহা তেজবােৰ ৰুমালেৰে মচি গৈ থাকোঁতে বহুতে অভিযাত্রীৰ মৃতদেহ দেখা পাইছিল । কিন্তু একোৱে তেওঁক নিৰস্ত কৰিব পৰা নাছিল । প্রচণ্ড পৰিশ্রম , অদম্য মনােবল আৰু কষ্ট সহিষ্ণুতাৰ ফল অৱশেষত ফলিল । যাত্রা কৰাৰ দিনৰ অন্তত নিশা প্রায় ৮ বজাত অৰুণিমাই ৮৮৪৮ মিটাৰ উচ্চতাত অবস্থিত মাউন্ট এভাৰেষ্ট শৃংগত পদার্পণ কৰিবলৈ সমৰ্থ হ’ল ।
তেওঁৰ অক্সিজেন শেষ হ’বলগীয়া হৈছিল । লগত যােৱা শ্বেৰপাজনক মাউন্ট এভাৰেষ্টৰ শিখৰত থিয় হৈ থকা অৱস্থাত তেওঁৰ ফটো আৰু ভিডিঅ’ ল’বলৈ অনুৰােধ কৰিলে । সপােন পূৰ হােৱাৰ আনন্দত তেওঁ সেই শিখৰত প্রায় ডেৰঘণ্টা সময় আছিল । তাৰিখটো আছিল ২০১৩ চনৰ ২১ মে ।
প্রশ্ন ৭। “ একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে ।”
—কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা ।
উত্তৰঃ ভিন ভিন সময় আৰু ভিন ভিন পৰিৱেশত একোগৰাকী ব্যক্তিয়ে নিজৰ প্রতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে ; এই কথা অসীম সাহস , ধৈর্য , কষ্ট সহিষ্ণু , প্রত্যাহ্বান আৰু আত্মপ্রত্যয়ৰ প্রতীক অৰুণিমাৰ বিস্ময়কৰ কৰ্মজীৱনে সঁচা প্রমাণিত কৰিছে ।
ইতিমধ্যে নিজৰ কঠোৰ শ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে ভলীবলৰ এগৰাকী ৰাষ্ট্ৰীয় পর্যায়ৰ সুদক্ষ খেলুৱৈ হিচাপে সুনাম অর্জন কৰি ভাৰতৰ লক্ষগৰাকী নাৰীৰ অন্তৰত প্ৰেৰণা যােগাইছে যে নাৰীয়ে সকলাে খেলতে চেষ্টা কৰিলে একোটা আদর্শ হৈ পৰিব পাৰে । পিছত এটা ৰে’লযাত্ৰাত এক ভয়ংকৰ পৰিস্থিতিত পৰি দুৰ্ঘটনাত এইগৰাকী প্রতিভাবান নাৰীয়ে নিজৰ এখন ভৰি চিৰকালৰ কাৰণে হেৰুৱাবলগীয়া হয় ।
আনখন ভৰিতাে লোৰ ৰড লগােৱা হৈছিল । এখন ভৰিত কৃত্রিম ভৰি লগােৱা আনখনাে বাৰুকৈয়ে ঘুণীয়া হােৱা অৱস্থাতে অৰুণিমা সিন্হাই এক অবিশ্বাস্য সপােন দেখিছিল — হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰাৰ । বহুতৰ হাক বচন আৰু এনে ভৰিৰে পৰ্বত বগােৱাটো অসম্ভৱ বুলি কৰা মন্তব্যই অৰুণিমাৰ মন দমাব নােৱাৰিলে । আনকি এভাবেষ্ট বিজয়িনী বাচেন্দ্রি পালেও এভাৰেষ্ট অভিযান কিমান দুৰুহ অভিযান এই কথা তেওঁক বুজায়াে অৰুণিমাক টলাব নােৱাৰিলে ।
অৱশেষত তেওঁৰ সাহস , আত্মপ্রত্যয় আৰু মনােবল দেখি বাচেন্দ্রি পালে অনুশীলনত সহযােগ কৰিলে — প্রশিক্ষণ দিলে আৰু অৱশেষত এভাৰেষ্ট যাত্ৰাত হােৱা নানান কষ্ট , অসুবিধা , দুয়ােখন ভৰিৰে তেজ নিগৰি ওলােৱা অৱস্থাতে বাৱন্ন দিনৰ অন্তত অৰুণিমাই এভাৰেষ্টৰ শিখৰত মূৰ দাঙি থিয় দি বিজয় নিচান উৰুৱাত গােটেই বিশ্ববাসী আচৰিত হােৱাৰ লগতে অসীম প্রেৰণা লাভ কৰিলে ।
পংগু হৈয়াে যে মনােবল , সাহস , আত্মপ্রত্যয় , কঠোৰ শ্ৰম কৰাৰ মানসিকতা থাকিলে পৃথিৱীত কৰিব নােৱাৰা কোনাে কাম নাথাকে ―এই কথা অৰুণিমাই প্রমাণ কৰিলে― যিদৰে বিশেষ সক্ষম ব্যক্তি হৈয়াে স্টিফেন হকিঙে এগৰাকী বিখ্যাত বিজ্ঞানী হিচাপে পৃথিৱীবাসীক চমৎকৃত কৰিছে । অৰুণিমা সিনহা , ষ্টিফেন হকিং আদিৰ দৰে ব্যক্তিয়ে নিজৰ প্রতিভাৰে যুগে যুগে সকলােকে এনেদৰে প্রেৰণা দি আহিছে ।
প্রশ্ন ৮। ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল ?
উত্তৰঃ পংগু অৱস্থাতাে অৰুণিমা সিনহাৰ এভাবেষ্ট জয় কৰাৰ আকাংক্ষা তীব্রতৰ হৈ উঠা কালছােৱাত তেওঁৰ মনােবল বঢ়াই লক্ষ্যত উপনীত হােৱাৰ বাবে আগবাঢ়ি যােৱাত প্রখ্যাত ক্রিকেটাৰ যুৱৰাজ সিঙেও অৰুণিমাক অনুপ্রাণিত কৰিছিল । কৰ্কট ৰােগত আক্রান্ত যুৱৰাজ সিঙে নিজৰ অদম্য মানসিক শক্তিৰে সেই বেমাৰৰ পৰা আৰােগ্য লাভ কৰি নিজৰ লক্ষ্য পূৰণৰ বাটত আগুৱাই যাবলৈ সক্ষম হােৱাটো অৰুণিমাই দেখিবলৈ পাইছিল ।
যুৱৰাজে দেখুৱাই দিছিল — মনৰ বল আৰু আত্মবিশ্বাস থাকিলে শাৰীৰিক বাধাই কোনাে প্রতিৰােধৰ সৃষ্টি কৰিব নােৱাৰে আৰু জীৱনৰ উত্তৰণৰ বাটতো ই হেঙাৰ হ’ব নােৱাৰে । ক্রিকেটাৰ যুৱৰাজ সিঙৰ এই কথাই অৰুণিমাক ভীষণভাৱে অনুপ্রাণিত কৰিছিল ।
প্রশ্ন ৯। চমু টোকা লিখা ?
বাচেন্দ্রি পাল : ভাৰতৰ নকুৰী নামৰ ঠাইত ১৯৫৪ চনৰ ২৪ মে’ তাৰিখে বাচেন্দ্রি পালৰ জন্ম হৈছিল । এওঁ হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউন্ট এভাৰেষ্ট বিজয়িনী । ১৯৮৪ চনত এওঁ মাউন্ট এভাৰেষ্ট শৃংগ আৰােহণ কৰিছিল । বর্তমান এওঁ টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত পর্বত আৰােহণ অনুশীলন কেম্পৰ এগৰাকী প্রশিক্ষক তথা নির্দেশক ।
টেনজিং নৰগে : এইজন ভাৰতীয় নেপালী লােকৰ জন্ম হয় ১৯১৪ চনৰ ২৯ মে’ তাৰিখে । তেওঁ সাধাৰণতে চেৰপা টেনজিং নামেৰেই , জনাজাত আছিল । ইংৰাজ পর্বতাৰােহণকাৰী এডমাণ্ড হিলাৰীৰ সৈতে তেওঁ ১৯৫৩ চনৰ ২৯ মে’ তাৰিখে হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগ জয় কৰে । তেৱেই প্রথমগৰাকী ভাৰতীয় মাউন্ট এভাৰেষ্ট শৃংগ আৰােহণকাৰী । ইয়াৰ বাবে তেওঁ ভাৰত চৰকাৰ আৰু বিশ্ববাসীৰ পৰা বহুতাে আদৰ সন্মান পায় । ১৯৮৬ চনৰ ৯ মে’ তাৰিখে দার্জিলিঙত টেনজিং নৰগেৰ দেহাৱসান ঘটে ।
ষ্টিফেন হকিং : ১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলণ্ডেত জন্মগ্রহণ কৰা ষ্টিফেন হকিং এগৰাকী বিশেষ সক্ষম পৃথিৱী বিখ্যাত বিজ্ঞানী । অতি মেধাশক্তিসম্পন্ন পদার্থ বিজ্ঞানীজনে গােটেই জীৱন ধৰি এটা অসহনীয় পংগু জীৱন কটাবলগীয়া হৈছিল যদিও তেনেকৈয়ে তেওঁ গৱেষণাৰ কামত অহৰহ ব্যস্ত আছিল । চকা লগােৱা আসনতেই পৃথিৱীৰ বিভিন্ন ঠাইলৈ গৈ তেওঁ বিজ্ঞান ভিক্তিত আলোচনা আদিত যোগদান কৰিছিল । ২০১৮ চনৰ ২৪ মাৰ্চ তাৰিখে এইজনা বিজ্ঞানীৰ দেহাৱসান ঘটে ।
প্রশ্ন ১০। সন্ধি ভাঙা :
উত্তৰঃ সংশয় = সম + শয় ।
পর্বতাৰােহণ = পর্বত + আৰােহণ ।
হিমালয় = হিম + আলয় ।
প্রত্যাহ্বান = প্রতি + আহ্বান ।
বিপদাপন্ন = বিপদ + আপন্ন ।
প্রশ্ন ১১ । উপসর্গ ভাঙি দেখুওৱা
উত্তৰঃ অনুৰাগ = অনু + ৰাগ ।
অনুভৱ = অনু + ভৱ ৷
অভিনয় = অভি + নয় ।
প্রতিফল = প্রতি + ফল ।
অতিৰিক্ত প্রশ্নোত্তৰ
প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :
(ক) অৰুণিমা সিন্হা যাত্রী হিচাপে থকা ৰেলগাড়ীখনৰ ডবাত কি ঘটনা ঘটিছিল?
উত্তৰঃ অৰুণিমা সিন্হা যাত্ৰী হিচাপে থকা ৰেলগাড়ীখনৰ ডবাত এদল ডকাইতে যাত্ৰীসকলৰ টকা-পইচা, আ-অলংকাৰ লুণ্ঠন বা ডকাইতি কৰাৰ ঘটনা ঘটিছিল।
(খ) অৰুণিমা সিন্হা কোন?
উত্তৰঃ অৰুণিমা সিন্হা উত্তৰপ্ৰদেশৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভলীবল খেলুৱৈ আছিল।
(গ) ডকাইতে অৰুণিমাৰ পৰা কি বস্তু বিচাছিল?
উত্তৰঃডকাইতে অৰুণিমাৰ পৰা তেওঁৰ লগত থকা সোণৰ চেইনডাল বিচাৰিছিল।
(ঘ) অৰুণিমাই ডকাইতক চেইনডাইল দিব নুখুজি কি বুলি কৈছিল?
উত্তৰঃ ‘মই দিব নোৱাৰো’ বুলি কৈ সেইডাল তেওঁৰ মাকে দিয়া আশীৰ্বাদ বুলি কৈছিল।
(ঙ) অৰুণিমা সিন্হাক ডকাইতে কিদৰে চলন্ত ৰেলগাড়ীৰ পৰা পেলাই দিছিল?
উত্তৰঃ দুজন ডকাইতে অৰুণিমা সিন্হাক ডাংকোলাকৈ তুলি নি চলন্ত ৰেলগাড়ীৰ পৰা দুৱাৰেৰে বাহিৰৰ আন্ধাৰলৈ দলিয়াই দিছিল।
(চ) ৰেলগাড়ীৰ পৰা পেলাই দিয়াৰ পিছত ৰাতিপুৱা অৰুণিমা সিন্হাক কি অৱস্থাত পোৱা হৈছিল?
উত্তৰঃ অৰুণিমা সিন্হা লক্ষ্ণৌ-দিল্লীগামী ৰেলপথৰ দাঁতিত আহত অৱস্থাত পৰি আছিল৷
(ছ) বাচেন্দ্রি পাল কোন?
উত্তৰঃ বাচেন্দ্ৰি পাল এগৰাকী দুৰন্ত সাহসী মহিলা — যি গৰাকী মহিলাই মাউণ্ট এভাৰেষ্টত আৰোহণ কৰি জগতবিয়পা সুখ্যাতি আৰ্জিছিল।
(জ) অৰুণিমা সিন্হাই কাৰ ওচৰত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লৈছিল?
উত্তৰঃ অৰুণিমা সিন্হাই টাটা এডভেঞ্চাৰ ফাউণ্ডেচনে চলোৱা অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্রি পালৰ তত্ত্বাৱধানত পৰ্বতাৰোহণন প্রশিক্ষণ লৈছিল।
(ঝ) অৰুণিমা সিন্হাই কিমান দিন অনুশীলন চলাইছিল?
উত্তৰঃ অৰুণিমা সিন্হাই প্ৰায় এ বছৰ একেলেথাৰিয়ে অনুশীলন চলাইছিল।
(ঞ) চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা কিমান আছিল?
উত্তৰঃ চামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ উচ্চতা ২১,৭৯৮ ফুট আছিল।
(ট) অৰুণিমা সিন্হাই চামছেৰ কাংৰিৰ উচ্চতম শিখৰ আৰোহণ কৰিবলৈ গৈ কিমান ফুট ওপৰলৈ আৰোহণ কৰিছিল?
উত্তৰঃ অৰুণিমা সিন্হাই ছামছেৰ কাংৰিৰ উচ্চতম শিখৰৰ আৰোহণ কৰিবলৈ গৈ ২১,১০৮ ফুট ওপৰলৈ আৰোহণ কৰিছিল।
(ঠ) অৰুণিমা সিন্হা ছামছেৰ কাংৰিৰ শিখৰত আৰোহণ কৰিব নোৱাৰাৰ কাৰণ কি আছিল?
উত্তৰঃ প্ৰতিকূল বতৰৰ বাবেই অৰুণিমা সিন্হাই ছামছেৰ কাংৰিৰ শিখৰত আৰোহণ কৰিব নোৱাৰি তললৈ নামি আহিব লগাত পৰিছিল।
(ড) অৰুণিমা সিনহাই মাউণ্ট এভাৰেষ্ট শৃংগত কোন তাৰিখত পদাৰ্পন কৰিছিল?
উত্তৰঃ অৰুণিমা সিন্হাই ২০১৩ চনৰ ২১ মে’ৰ দিনাখন এভাৰেষ্ট শৃংগত পদার্পণ কৰিবলৈ সক্ষম হৈছিল।
(ণ) মাউণ্ট এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান মিটাৰ আছিল?
উত্তৰঃ মাউন্ট এভাৰেষ্ট শৃংগৰ উচ্চতা ৮৮৪৮ মিটাৰ আছিল।
প্রশ্ন ২। চমু উত্তৰ দিয়া :
(ক) ৰেলৰ ডবাটোত ডকাইতে লুট-পাত চলোৱা সময়ত যাত্ৰীসকলৰ ভূমিকা কি ধৰণৰ আছিল?
উত্তৰঃ চলন্ত লক্ষ্ণৌৰ পৰা দিল্লী অভিমুখী ৰেলখনত ডকাইতে লুট-পাত চলোৱা ডবাটোত বহুতো যাত্রী আছিল। ডকাইতে লুট-পাত চলোৱা সময়ত যাত্ৰীসকলৰ মুখবোৰ ভয়তে শুকাই গৈছিল। প্রত্যেক গৰাকী যাত্ৰী ভয়ত আতুৰ হৈ পৰিছিল আৰু কোনেও কাকো সহায় কৰিবলৈ মনোবল গোটাব নোৱাৰি ডকাইতে বিচৰামতে নিজৰ হাতৰ-কাণৰ অলংকাৰকে ধৰি টকা-পইচা বিনা প্রতিবাদে ডকাইতৰ হাতত অৰ্পণ কৰিছিল।
(খ) ডকাইৰ দাবী মতে বিচৰা বস্তু গতাই নিদিয়া ৰেলযাত্ৰী গৰাকী কোন আছিল? তেওঁৰ পৰা ডকাইতে কি বস্তু বিচাৰিছিল?
উত্তৰঃ ডকাইতৰ দাবী মতে বিচৰা বস্তু ডকাইতৰ হাতত অৰ্পণ নকৰা ব্যতিক্রমী যাত্ৰীগৰাকী আছিল প্ৰসিদ্ধ মহিলা ভলীবল খেলুৱৈ তথা ২৬ বছৰীয়া যুৱতী অৰুণিমা সিনহা।
তেওঁ ডিঙিত পিন্ধি থাকা ডকাইতে চেইনডাল সোণৰ সিহঁতৰ হাতত গতাই দিবলৈ অৰুণিমা সিনহাক ডাবি-ধমকি দিছিল কিন্তু অৰুণিমা সিনহাক সন্মত কৰাব পৰা নাছিল।
(গ) ডবাটোৰ যাত্ৰীসকলে চকুৰ ইংগিতেৰে অৰুণিমা সিনহাক কি সংকেত দিছিল?
উত্তৰঃ ডবাটোৰ যাত্ৰীসকলে ডকাইতৰ ভয়ত আতুৰ হৈ ডকাইতহঁতৰ হাতত নিজৰ আ-অলংকাৰ, টাকা-পইচা অৰ্পণ কৰিছিল আৰু অৰুণিমাকো নিজৰ প্ৰাণ ডকাইতৰ হাতৰপৰা ৰক্ষা কৰিবলৈ তেওঁৰ ডিঙিত থকা চেইনডাল ডকাইতহঁতক শোধাই দিবলৈ চকুৰে ইংগিত দিছিল। সাহসী অৰুণিমাই যাত্ৰীসকলৰ সংকেত বুজি পাইছিল যদিও ডকাইতৰ ওচৰত শিৰ নত নকৰি চেইনডাল শোধাই দিয়া নাছিল।
(ঘ) সোণৰ চেইনডাল ডকাইতহঁতক অৰ্পণ নকৰাৰ পৰিণতি কি হৈছিল?
উত্তৰঃ সোণৰ চেইনডাল ডকাইতহঁতক অৰ্পণ নকৰাৰ পৰিণতি হিচাপে দুজন ডকাইতে অৰুণিমা সিন্হাক ডাংকোলাকৈ তুলি নি নিশাৰ আন্ধাৰত চলন্ত ৰেলগাড়ীৰ ডবাৰ পৰা বাহিৰৰ আন্ধাৰত পেলাই দিছিল আৰু ৰাতিপুৱা
লক্ষ্ণৌ-দিল্লীগামী ৰেললাইনৰ দাঁতিত মানুহে আহত অৱস্থাত পৰি থকা অৰুণিমা সিন্হাক দেখা পাইছিল।
(ঙ) আহত অৰুণিমা সিন্হাক ক’ত ক’ত চিকিৎসা কৰা হৈছিল?
উত্তৰঃ আহত অৰুণিমা সিন্হাক প্ৰথমতে বেৰিলী হস্পিতালত চিকিৎসাৰ ব্যৱস্থা কৰি পৰৱৰ্তী পৰ্যায়ত নতুন দিল্লীৰ অল ইণ্ডিয়া ইন্সটিটিউট অব্ মেডিকেল চায়েঞ্চত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল।
প্রশ্ন ৩। উত্তৰ দিয়া :
(ক) অৰুণিমা সিন্হাক আহত অৱস্থাত ৰেললাইনৰ দাঁতিত পৰি থকা অৱস্থাত দেখি মানুহবোৰে কি কোৱা-কুই কৰিছিল?
উত্তৰঃ অৰুণিমা সিন্হাক আহত অৱস্থাত ৰেললাইনৰ দাঁতিত পৰি থকা দেখি মানুহবোৰে তেওঁৰ বিষয়ে নানা মত দাঙি ধৰিছিল। কোনো কোনোৰ মতে অৰুণিমাই টিকট নকটাকৈ ৰেলগাড়ীত ভ্ৰমণ কৰিছিল আৰু ৰেলৰ কণ্ডাক্টৰে টিকট বিচৰাত তেওঁ ৰেলগাড়ীৰ পৰা জাপ মাৰি দিয়াৰ ফলতে এনে দুৰ্ঘটনাত পতিত হ’ব লগা হৈছিল। আন কিছুমানে তেওঁ আত্মহত্যা কৰিবলৈ ৰেলগাড়ীৰ ওচৰলৈ যোৱাৰ ফলতে এনে ধৰণৰ দুৰ্ভগীয়া ঘটনাটো সংঘটিত হৈছিল বুলি কৈছিল। এনেদৰে কোৱা নানা ধৰণৰ মতামত অৰুণিমা সিন্হাৰ কাণতো পৰিছিল।। কিন্তু তেওঁ এই বোৰলৈ কাণ নিদি জীৱনটোক নতুনকৈ গঢ় দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল।
(খ) অৰুণিমা সিন্হাৰ বিষয়ে এটি টোকা যুগুত কৰা।
উত্তৰঃ অৰুণিমা সিন্হা এগৰাকী দৃঢ় মনৰ সাহসী ২৬ বছৰীয়া যুৱতী আছিল। তেওঁৰ ঘৰ আছিল উত্তৰপ্ৰদেশত। তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃতী ভলীবল খেলুৱৈ হিচাপে পৰিচিতি লাভ কৰিছিল। তেওঁ অত্যন্ত সাহসী, দৃঢ় মনৰ যুৱতী আছিল। তেওঁ সকলো ধৰণৰ প্ৰতিকূল পৰিস্থিতিক প্রত্যাহ্বান জনাব পৰা মনোবলৰ অধিকাৰী আছিল। সেয়ে দুৰ্ঘটনাত এখন ভৰি হেৰুৱাই আনখন ভৰিতো লোৰ ৰড লগাই চলা-ফিৰা কৰিবলগা অৱস্থাতো কৃত্ৰিম ভৰি লগাই লৈ পর্বতাৰোহণৰ স্বপ্ন দেখি সেই স্বপ্ন দিঠগত পৰিণত কৰিবলৈ আহত অৱস্থাত হস্পিতালৰ চিকিৎসা শেষ কৰিয়ে ঘৰলৈ নগৈ পৰ্বতাৰোহণৰ পৰামৰ্শ বিচাৰি এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ ওচৰ চাপিছিল।
তাৰ পিছত বাচেন্দ্রি পালৰ তত্ত্বাবধানত এবছৰ পৰ্বতাৰোহণৰ অনুশীলন চলাই অৱশেষত মাউন্ট এভাৰেষ্ট শৃংগত অৰোহণ কৰি যুগমীয়া কীৰ্তি স্থাপন কৰিবলৈ সক্ষম হৈছিল। এই সাফল্যৰ বাবে তেওঁ ৰাষ্ট্ৰীৰ দ্বাৰা পদ্মশ্ৰী সন্মানেৰে বিভূষিত হৈছিল। এইবোৰৰ মূলতে আছিল অৰুণিমা সিন্হাৰ জীৱনত হাৰ মানিব নোখোজো অদ্যম সাহস, ইচ্ছাশক্তি আৰু মনৰ দৃঢ়তা — যিবোৰ তেওঁক উন্নতিৰ শিখৰত বগাবলৈ সততে উদ্বুদ্ধ কৰিছিল।