Class 10 Elective Geography Chapter 4

Class 10 Elective Geography Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল, Elective Geography Class 10 SEBA Question Answer in Assamese.

Class 10 Elective Geography Chapter 4 আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল

                  পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগােলিক বৈশিষ্ট্য চমুকৈ লিখা ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখন উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত । এই দেশখনত উত্তৰ দিশত আছে কানাডা , পূৱ দিশত আছে আটলান্টিক মহাসাগৰ , দক্ষিণ দিশত আছে মেক্সিকো উপসাগৰৰ লগতে মেক্সিকো দেশ আৰু পশ্চিম দিশত প্রশান্ত মহাসাগৰ আছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী হৈছে কলােম্বিয়া জিলাৰ বাশিংটন ডি . চি .।

আমেৰিকা যুক্তৰাষ্ট্ৰ দেশখনৰ মূল ভূখণ্ড ২৫° উত্তৰৰ পৰা ৪৩° উত্তৰ অক্ষাংশ আৰু ৬৬° পশ্চিমৰ পৰা ১২৫° পশ্চিম দ্রাঘিমাংশলৈকে বিস্তৃত । এই দেশখনত নাতিশীতােষ্ণ জলবায়ু বিৰাজ কৰে । আমেৰিকা যুক্তৰাষ্ট্র দেশখনৰ মুঠ মাটিকালি হৈছে ৯৬ লাখ বর্গ কিল’মিটাৰ অর্থাৎ ই পৃথিৱীৰ মাটিকালিৰ ৬.৩৭ শতাংশ । এই দেশখনৰ মুঠ জনসংখ্যা হৈছে প্রায় ৩০২ নিযুত । পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৪৬ শতাংশ লােক আমেৰিকা যুক্তৰাষ্ট্ৰত বসবাস কৰে ।

প্রশ্ন ২। আমেৰিকা যুক্তৰাষ্ট্ৰক প্রাকৃতিক বিভাগত ভাগ কৰা । প্ৰতিটো বিভাগৰে এটি চমু আভাস দিয়া ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰক ভূ – প্রাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানকৈ তিনিটা প্রাকৃতিক বিভাগত ( Physical Division ) ভাগ কৰা হৈছে । সেই ভাগকেইটা হ’ল—

( ক ) আপেলেছিয়ান উচ্চভূমি অঞ্চল , ( Appalachian Highlands )

( খ ) মধ্য সমভূমি অঞ্চল ( Central Plains )

( গ ) ৰকি পার্বত্য অঞ্চল বা কর্ডিলেৰা অঞ্চল ( Rocky Mountains or Cordillera ) i ) ।

তলৰ চিত্ৰত আমেৰিকা যুক্তৰাষ্ট্রৰ প্ৰাকৃতিক বিভাগকেইটা দেখুৱা হ’ল–

আপেলেছিয়ান উচ্চভূমি অঞ্চলটো আমেৰিকা যুক্তৰাষ্ট্রৰ পূৱ অংশত থকা আটলান্টিক উপকূলৰ সমান্তৰালভাৱে বিস্তৃত হৈ আছে । এই উচ্চভূমি অঞ্চলটো উত্তৰে হাডছন উপত্যকা আৰু ইৰি – অন্টাৰিও হ্রদ পৰা দক্ষিণে এলাবামালৈকে বিস্তৃত । এই ভূখণ্ড পর্বত – পাহাৰ , মালভূমি , সমভূমি , উপত্যকা আদিৰে গঠিত । এই অঞ্চলৰ ভিতৰত উল্লেখযোগ্য হৈছে পশ্চিমৰ এলিঘেনি পর্বতশ্রেণী , দক্ষিণ – পশ্চিমৰ কাৰলেণ্ড মালভূমি , পূৱ দিশত থকা আপেলেছিয়ান পর্বতশ্রেণী আৰু উপত্যকা , দক্ষিণৰ বুজি পর্বত আৰু পূৱৰ উপকূলীয় মালভূমি । এই উচ্চভূমি অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰতে সর্বোচ্চ পৰিমাণে বৃষ্টিপাত হয় আৰু ইয়াৰ পৰ্বত – পাহাৰ তথা মালভূমিৰ মাজেৰে অসংখ্য সৰু – বৰ নৈ প্রৱাহিত হৈছে । আপেলেছিয়ান উচ্চভূমি অঞ্চলটো খনিজ সম্পদত চহকী, সেয়ে শিল্প – উদ্যোগৰ পৰিমাণ বেছি আৰু যাতায়ত ব্যৱস্থা উন্নত ।

মধ্য সমভূমি অঞ্চলটো আপেলেছিয়ান উচ্চভূমি আৰু ৰকি পর্বত শ্ৰেণীৰ মাজত উত্তৰ – দক্ষিণা আৰু পূৱা – পশ্চিমাকৈ বিস্তৃত । এই অঞ্চলটো উত্তৰে বৃহৎ সৰবৰ অঞ্চলৰ পৰা দক্ষিণে মেক্সিকো উপকূললৈ বিস্তৃত । এই অঞ্চলৰ মাজেৰে বৈ যােৱা দুখন প্রধান নদী মিছিছিপি আৰু মিছৌৰিব লগতে ইয়াৰ উপনৈসমূহে গােটেই অঞ্চলটোক পলসুৱা আৰু সাৰুৱা কৰিছে । মধ্য সমভূমি অঞ্চলটোক পুনৰ চাৰিভাগত ভাগ কৰা হয় — উচ্চ সমভূমি , বৃহৎ সবােবৰ অঞ্চল ( Great Lake Region ), মিছিছিপি সমভূমি আৰু মেক্সিকো উপকূলীয় সমভূমি । মধ্যসমভূমি , অঞ্চলত কেইবাখনাে উল্লেখযােগ্য মহানগৰ আছে ।

ৰকি পর্বত বা কর্ডিলেৰা অঞ্চলটো পূৱে উচ্চসমভূমি আৰু পশ্চিমে প্রশান্ত উপকূলৰ মাজেৰে পৰ্বত – পাহাৰ , মালভূমি , উপত্যকা , হ্রদ আদিৰে গঠিত আৰু অঞ্চলটো উত্তৰ – দক্ষিণাকৈ বিস্তৃত । অঞ্চলটোৰ একেবাৰে পূৱত উত্তৰ – দক্ষিণাকৈ উচ্চ ৰকি পর্বতশ্রেণী অৱস্থিত । এই পৰ্বতৰ শৃংগবােৰৰ উচ্চতা প্রায় ৪২০০ মিটাৰ । কর্ভিলেৰা অঞ্চলটোৰ পূৱ আৰু পশ্চিম প্রান্তৰ সমান্তৰালভাৱে পৰ্বত দুশাৰীৰ মাজত কেইবাটাও মালভূমি আছে আৰু এই মালভূমি অঞ্চলটো প্রশান্ত উপকূলীয় পর্বতমালাৰ বৃষ্টিচ্ছায়া অঞ্চলত অৱস্থিত । ইয়াত কেইবাটাও লুনীয়া পানীৰ হ্রদ আছে আৰু এই অঞ্চলৰ পৰা কেইবাটাও সৰু – বৰ নদীৰ সৃষ্টি হৈ প্রবাহিত হৈছে । কর্ডিলেৰা অঞ্চলটোৰ পশ্চিম অংশত থকা পর্বত শ্রেণীৰ মাজত কেইবাটাও সাৰুৱা উপত্যকা আছে । এই অঞ্চলটো বিভিন্ন খনিজ সম্পদ কয়লা , পেট্রলিয়াম , সােণ , ৰূপ , তাম আদিত চহকী । এই অঞ্চলত ভূমধ্যসাগৰীয় জলবায়ু বিৰাজ কৰে আৰু সেয়ে শীতকালি বৰষুণ হয় । কর্ভিলেৰা অঞ্চলৰ কেইখনমান উল্লেখযােগ্য মহানগৰ হৈছে ছিয়াটন , পাের্টলেণ্ড , ছানফ্রান্সিস্কো , লাছ ভেগাছ , লছ এঞ্জেলছ আদি ।

প্রশ্ন ৩। মানচিত্র আঁকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা ।

উত্তৰঃ তলৰ মানচিত্রত আমেৰিকা যুক্তৰাষ্ট্রৰ প্ৰাকৃতিক বিভাগ সমূহ দেখুওৱা হ’ল—

প্রশ্ন ৪। আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ সম্পর্কে মানচিত্ৰৰ সহায়ত আলােচনা কৰা ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্র ১৭৭৬ চনত গঠিত হােৱাৰ সময়ত দেশখনৰ মুঠ জনসংখ্যা আছিল তিনি নিযুত । কিন্তু দেশখনে স্বাধীনতা পােৱাৰ পাছৰেপৰা ইউৰোপীয় দেশসমূহৰ পৰা হােৱা প্ৰব্ৰজনৰ লগতে আন আন সময়ত অন্যান্য ৩৭ খন ৰাজ্য যুক্তৰাষ্ট্ৰৰ সৈতে লগ লগাত দেশখনৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পায় । সম্প্রতি ২০০৭ চনৰ এক আনুমানিক তথ্যমতে আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যা হৈছে ৩০২ নিযুত । তলৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যা বৃদ্ধি দেখুওৱা হ’ল–

বর্তমান জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধি আৰু প্ৰব্ৰজন হ্রাস পােৱাৰ ফলত আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যা বৃদ্ধিৰ হাব নিম্নগামী হৈছে । ২০০৭ চনৰ এক তথ্যমতে সমগ্র পৃথিৱীৰ জনসংখ্যাৰ প্রাকৃতিক বৃদ্ধিৰ বার্ষিক গড় হাৰ হৈছে ১.২০ শতাংশ আৰু ইয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা বৃদ্ধিৰ বার্ষিক হাৰ হৈছে ০.৬০ শতাংশ ।

আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যাৰ বিতৰণ সুষম নহয় । ইয়াৰ প্রধান কাৰণ হৈছে প্রাকৃতিক অৱস্থা , যোগাযােগ তথা পৰিবহণ ব্যৱস্থা আৰু উন্নয়ন প্রক্রিয়াৰ পার্থক্য । দেশখনৰ পূবত থকা আপেলেছিয়ান উচ্চভূমি আৰু আটলান্টিক উপকূলীয় অঞ্চলৰ জনবসতি ঘন আৰু পশ্চিম দিশত থকা মধ্যভাগৰ সমভূমি আৰু কর্ডিলেৰা অঞ্চলত জনবসতি অতি পাতল । আকৌ পশ্চিম প্রান্তত থকা উপকূলীয় অঞ্চল ঘন জনবসতিপূর্ণ । মিচিগান ৰাজ্যৰ দক্ষিণ আৰু পূৱ অংশত দেশখনৰ প্রায় দুই – তৃতীয়াংশ লােক বসবাস কৰে । তলৰ মানচিত্রত আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যাৰ বিতৰণ দেখুওৱা হ’ল–

আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যাৰ বিতৰণ

আমেৰিকা যুক্তৰাষ্ট্রৰ জনসংখ্যা ঘনত্ব প্রতি বর্গকিল’মিটাৰত ৩২ জন । আনহাতে মাছাছুছেটছ , নিউজাৰ্ছি আৰু ৰড আইলেণ্ড ৰাজ্যত জনসংখ্যা ঘনত্ব ৩০০ ৰো অধিক । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী বাশিংটন ডি . চি . থকা কলাম্বিয়া জিলাৰ জনসংখ্যা ঘনত্ব প্রতি বর্গকিল’মিটাৰত প্রায় ৩৬০০ জন , ইয়াৰ বিপৰীতে পশ্চিমত থকা মধ্য সমভূমি আৰু কর্ডিলেৰা অঞ্চলত জনসংখ্যা ঘনত্ব ১৫ জন । সমগ্র পশ্চিম অঞ্চলটো ওখােৰা – মােখােৰা পার্বত্য ভূমি আৰু বৰষুণৰ অভাৱৰ বাবে জনবসতি আৰু আর্থিক প্রগতিৰ বাবে অনুপযােগী । সম্প্রতি খনিজ সম্পদক কেন্দ্র কৰি পার্বত্য অঞ্চলত কিছুমান ঠাইত জনবসতি গঢ়ি উঠিছে যদিও সি সন্তোষজনক নহয় । আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানকৈ উদ্যোগিক উন্নয়নৰ বাবে মুঠ জনসংখ্যাৰ তিনি – চতুর্থাংশতকৈ বেছি নগৰত বাস কৰে । দেশখনৰ অধিকাংশ লােক নগৰবােৰত বসবাস কৰে ।

প্রশ্ন ৫। আমেৰিকা যুক্তৰাষ্ট্রৰ অৰ্থনীতিত কৃষিৰ ভূমিকা কেনে চমুকৈ লিখা ।

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্রৰ অৰ্থনীতিত কৃষি উৎপাদনৰ এক উল্লেখযােগ্য স্থান আছে । দেশখনে মাকৈ , কপাহ আৰু ধপাত উৎপাদনত পৃথিৱীৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰিছে আৰু বার্লি , ঘেঁহু উৎপাদনত বিশ্বৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাকে আৰু ঘেঁহু উৎপাদনৰ পৰিমাণ ক্রমে পৃথিৱীৰ মুঠ উৎপাদনৰ ৪৬ শতাংশ আৰু ১৮ শতাংশ । দেশৰ মুঠ আয়ৰ কৃষিয়ে দুই শতাংশ যােগান ধৰে আৰু ইয়াৰ বিপৰীতে উদ্যোগ খণ্ডই যােগান ধৰে ৩০ শতাংশ আৰু বাকী ৬৮ শতাংশ বাণিজ্য , যােগাযােগ , পৰিবহণৰ লগতে অন্যান্য সেৱা বােৰে যােগান ধৰে । দেশৰ মুঠ মাটিকালিৰ প্রায় এক – চতুর্থাংশ স্থায়ীভাৱে কৃষিৰ অন্তৰ্গত আৰু দেশৰ মুঠ জনসংখ্যা মাত্র পাঁচ শতাংশইহে কৃষিৰ সৈতে জড়িত । অর্থাৎ দেশৰ অধিকাংশ লােকে অনাকৃষি খণ্ডৰ সৈতে জড়িত । দেশখনৰ যদিও এক নগণ্য সংখ্যক লােকে কৃষিৰ ওপৰত নিৰ্ভৰশীল , তেওঁলােকৰ গড় জনমূৰি উৎপাদিকাৰ পৰিমাণ অধিক । যদিও গুৰুত্ব নুই কৰিব নােৱাৰি ।

প্রশ্ন ৬। কৃষি বলয় বুলিলে কি বুজা ? আমেৰিকা যুক্তৰাষ্ট্ৰত কিমানটা আৰু কি কি কৃষি বলয় চিনাক্ত কৰা হৈছে । মানচিত্রত দেখুওৱা আৰু প্রতিটো বলয়ৰ বিষয়ে চমু বর্ণনা দিয়া ।

উত্তৰঃ কৃষি বলয় ( Agricultural Belt ) হৈছে ঠাইভেদে বা অঞ্চলভেদে উৎপাদন হােৱা বিশেষ কৃষি উৎপাদন । কৃষি বলয় চিহ্নিত কৰা হয় ভূ- প্রকৃতি , জলবায়ু , মাটিৰ গুণাগুণ আদিৰ ওপৰত নিৰ্ভৰ কৰি । যিবােৰ ঠাইত বিশেষ এবিধ শস্য অধিক পৰিমাণে উৎপাদন হয় , সেই ঠাই বা অঞ্চলুটোক একোটা কৃষি বলয় হিচাপে ভাগ বা নামাকৰণ কৰা হয় ।

আমেৰিকা যুক্তৰাষ্ট্ৰত মূঠ নটা কৃষি বলয় চিনাক্ত কৰা হৈছে । সেই বলয়কেইটা হৈছে—

( ক ) ধান আৰু কুঁহিয়াৰ বলয় ।

( খ ) কপাহ বলয় ।

( গ ) শীতকালীন গম আৰু ধপাত বলয় ।

( ঘ ) মাকৈ বলয় ।

( ঙ ) বসন্তকালীন গম বলয় ।

( চ ) উত্তৰ – পূৱ প্রান্তীয় মিত্র কৃষি বলয় ।

( ছ ) শুকান কৃষি আৰু পশুপালন বলয় ।

( জ ) ভূমধ্যসাগৰীয় কৃষি বলয় ।

( ঝ ) উত্তৰ – পশ্চিম প্রান্তীয় মিশ্র কৃষি বলয় ।

তলত মানচিত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়সমূহ দেখুওৱা হ’ল–


আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বলয়

kjv logo
Enamul Hoque Kamal Assam
× Ask Any question