Class 10 Elective Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা SEBA Assam
Class 10 Elective Geography Chapter 3 অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা
পাঠভিত্তিক অতি চমু প্রশ্নোত্তৰ
প্রশ্ন ১। অঞ্চল বুলিলে কি বুজা ? ভূগােল অধ্যয়নত অঞ্চলৰ গুৰুত্ব সম্পর্কে ব্যাখ্যা আগবঢ়োৱা ।
উত্তৰঃ অঞ্চল হৈছে আঞ্চলিক ভূগােল অধ্যয়নৰ ভিত্তি আৰু পৃথিৱীৰ উপৰিভাগৰ এক ক্ষুদ্র অংশ বা ঠাই । ভূগােল অধ্যয়নত অঞ্চলৰ অধিক গুৰুত্ব আছে । ভূগােলবিদসকলে নির্দিষ্ট কিছুমান উদ্দেশ্যৰ ভিত্তিত পৃথিৱীৰ উপৰিভাগক অধ্যয়নৰ সুবিধার্থে ভাগ কৰে । ভৌগােলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত আৰু উপাদানবােৰৰ ক্ৰিয়াত্মক সম্পর্কৰ ভিত্তিত এই অঞ্চলবােৰ ভাগ কৰা হয় ।
আঞ্চলিক ভূগােলে পৃথিৱীৰ একোটা অঞ্চল , ঠাই বা দেশ – মহাদেশৰ সামগ্রিক ভৌগােলিক চিত্ৰখন প্রতিফলিত কৰে । আঞ্চলিক ভূগােল অধ্যয়নে সংশ্লিষ্ট অঞ্চলটোৰ অন্তৰ্গত প্রাকৃতিক , সামাজিক , অর্থনৈতিক তথা যাতায়ত , পৰিবহণ আদি ব্যৱস্থাৰ বিতং বিৱৰণ দাঙি ধৰে । পৃথিৱীৰ প্ৰতিটো অঞ্চলৰে বা প্রতিখন ঠাইৰে এক নিজা নিজা অস্তিত্ব আৰু সুকীয়া বৈশিষ্ট্য আছে । ভিন্ন প্রাকৃতিক পৰিৱেশত সম্পদৰ স্থিতি আৰু গুণাগুণ বেলেগ বেলেগ হােৱা বাবে ইয়াৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা আর্থিক বিকাশো ভিন্ন হয় । সামাজিক পটভূমি , ৰীতি-নীতি , ভাৱ ভাষা , পােছাক – পৰিচ্ছেদ , খাদ্যাভ্যাস আদিৰ ক্ষেত্ৰতো পৰিৱেশভেদে পার্থক্য থাকে । সেয়ে পৃথিবীৰ ভৌগােলিক বৈচিত্র্যৰ বিষয়ে সঠিকভাৱে জানিবলৈ হ’লে ভূগােল অধ্যয়নত অঞ্চলৰ প্ৰয়ােজনীয়তা আছে । কেইবাটাও অঞ্চল একেলগে অধ্যয়ন কৰিলে অঞ্চলবােৰৰ মাজত আঞ্চলিক উন্নয়নৰ বুজ ল’ব পাৰি ৷
প্রশ্ন ২। ভূ – পৃষ্ঠত অঞ্চলক কেনেদৰে চিনাক্ত কৰিব পাৰি ?
উত্তৰঃ ভূ – পৃষ্ঠত অঞ্চলক দুই প্রকাৰে চিনাক্ত কৰিব পাৰি । ভৌগােলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত অঞ্চল চিনাক্ত কৰা হয় আৰু ভৌগােলিক উপাদানসমূহৰ ক্ৰিয়াত্মক সম্পর্কৰ ভিত্তিত ভূ – পৃষ্ঠত অঞ্চল চিনাক্ত কৰিব পাৰি । সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰা অঞ্চলক বা কোনাে এক অংশক সমধর্মী অঞ্চল ( Homogenous Region ) বােলা হয় আৰু ভৌগােলিক উপাদানৰ ক্রিয়াত্মক সম্পর্কৰ ভিত্তিত চিনাক্ত কৰা অঞ্চলক ক্রিয়াত্মক অঞ্চল ( Functional Region ) বুলি কোৱা হয় । কিছু পাকৃতিক উপাদান যেনে — মাটি , জলবায়ু , উদ্ভিদ , জনবসতি আদিৰ সাদৃশ্যৰ ওপৰত নিৰ্ভৰ কৰি অঞ্চল চিনাক্ত কৰা হয় ।
প্রশ্ন ৩। সমধর্মী অঞ্চল আৰু ক্রিয়াত্মক অঞ্চলৰ মাজত পার্থক্য দাঙি ধৰা ।
উত্তৰঃ সমধর্মী অঞ্চল আৰু ক্রিয়াত্মক অঞ্চলৰ মাজত পার্থক্য আছে । সমধর্মী অঞ্চল ভৌগােলিক উপাদানৰ সাদৃশ্যৰ ভিত্তিত চিনাক্ত কৰিব পাৰি , আনহাতে ক্রিয়াত্মক অঞ্চল ভৌগােলিক উপাদানবােৰৰ ক্ৰিয়াত্মক সম্পর্কৰ ভিত্তিত চিনাক্ত কৰা হয় ।
সমধর্মী অঞ্চলৰ জৰিয়তে কোনাে এক অঞ্চলৰ অন্তৰ্গত জলবায়ু , মাটি তথা উদ্ভিদ সম্পর্কে জ্ঞান লাভ কৰিব পাৰি আনহাতে ক্রিয়াত্মক অঞ্চলৰ জৰিয়তে অঞ্চলটোৰ আভ্যন্তৰীণ কার্য তথা সকলাে কাম – কাজৰ বিষয়ে বুজ ল’ব পাৰি । সমধর্মী অঞ্চল এক বহল পৰিসৰৰ অধ্যয়ন কিন্তু ক্রিয়াত্মক অঞ্চলৰ পৰিসীমা নিচেই কম হ’ব পাৰে । সাধাৰণতে নগৰ বা বজাৰ কেন্দ্ৰক কেন্দ্ৰ কৰি ক্রিয়াত্মক অঞ্চল চিহ্নিত কৰা হয় ।
প্রশ্ন ৪। পৃথিৱীৰ আঞ্চলিক ভূগোল বুলিলে কি বুজা ? এনে অধ্যয়নৰ তাৎপর্য কি ?
উত্তৰঃ পৃথিৱীৰ আঞ্চলিক ভূগােল হৈছে প্রাকৃতিক পৰিৱেশত উপাদান সমূহৰ আঞ্চলিক অধ্যয়ন । পৃথিৱীৰ উপৰিভাগৰ প্রাকৃতিক উপাদান সমূহৰ কিছু কিছু অঞ্চলভিত্তিক সাদৃশ্য আছে । পৃথিৱীৰ প্ৰতিটো অঞ্চলৰ ভূগােল অধ্যয়নৰ সামগ্ৰিক ৰূপটোৱেই হৈছে পৃথিৱীৰ আঞ্চলিক ভূগােল ।
পৃথিৱীৰ আঞ্চলিক ভূগোল অধ্যয়নৰ তাৎপর্য আৰু গুৰুত্ব অধিক । এখন মহাদেশ , দেশ বা ৰাজ্যৰ সামগ্রিক অৱস্থাৰ বিষয়ে জানিবলৈ হ’লে ইয়াৰ প্ৰাকৃতিক আৰু মানৱ পৰিৱেশৰ প্ৰতিটো উপাদান আৰু সিহঁতৰ মাজত থকা সম্পর্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো দৰকাৰ । অঞ্চল ভিত্তিক অধ্যয়নৰ জৰিয়তে কোনাে এখন দেশ বা একোটা অঞ্চলৰ আর্থ সামাজিক উন্নয়ন আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ বিষয়ে জানিব পাৰি । একো একোটা অঞ্চলৰ প্রাকৃতিক আৰু আর্থ – সামাজিক বৈশিষ্ট্যসমূহৰ ভৌগােলিক অধ্যয়ন কৰিয়েই বিভিন উন্নয়নমূলক আঁচনি যুগুত কৰা হয় । সেয়ে পৃথিৱীৰ কোনাে এক অঞ্চলৰ আঞ্চলিক জ্ঞান লাভ কৰিবলৈ হ’লে পৃথিৱীৰ আঞ্চলিক ভূগােল আধ্যয়ন কৰাটো বিশেষ প্রয়ােজন । সেই কাৰণে পৃথিৱীৰ আঞ্চলিক ভূগােল অধ্যয়নৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে ।
প্রশ্ন ৫। প্রাকৃতিক অঞ্চল বুলিলে কি বুজা ? সমগ্র পৃথিৱীক কিমানটা প্রাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি ? প্ৰতিটোৰ নাম লিখা আৰু মানচিত্রত দেখুওৱা ।
উত্তৰঃ প্রাকৃতিক অঞ্চল ( Natural Region ) বুলিলে পৃথিৱীৰ উপৰিভাগৰ যিবােৰ অংশৰ ভূ – অৱয়ব , জলবায়ু , প্রাকৃতিক উদ্ভিদ আৰু মাটিৰ গুণাগুণ প্রায় একে ধৰণৰ হয় , সেইবােৰক একেলগে প্রাকৃতিক অঞ্চল বােলা হয় । অর্থাৎ পৃথিৱীৰ যি অংশত একে ধৰণৰ প্রাকৃতিক প্রণালীসমূহৰ প্ৰভাৱ অনুভূত হয় আৰু তাৰ ফলত মানুহৰ কাৰ্যাৱলীও সেইমতে , সেই অংশবােৰক একোটা প্রাকৃতিক অঞ্চল বুলি কোৱা হয় ।
জলবায়ু আৰু প্রাকৃতিক উদ্ভিদৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি সমগ্র পৃথিৱীক এঘাৰটা প্রাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি । সেইবােৰ হৈছে –
( i ) নিৰক্ষীয় অঞ্চল ।
( ii ) মৌচুমী অঞ্চল ।
( iii ) ক্রান্তীয় তৃণভূমি অঞ্চল ।
( iv ) ক্রান্তীয় উষ্ণ মৰু অঞ্চল ।
( v ) ভূমধ্য সাগৰীয় অঞ্চল ।
( vi ) মধ্য অক্ষাংশৰ মৰু অঞ্চল ।
( vii ) মধ্য অক্ষাংশৰ নাতিশীতােষ্ণ অঞ্চল ।
( viii ) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চল ।
( ix ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চল ।
( x ) শীতল মেৰু অঞ্চল । আৰু
প্রশ্ন ৬। প্রাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে কেনেকৈ পৃথিবীৰ আঞ্চলিক ভূগােল সম্পর্কীয় জ্ঞান লাভ কৰিব পাৰি ? চমুকৈ লিখা ।
উত্তৰঃ প্রাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে পৃথিৱীৰ আঞ্চলিক ভূগােল সম্পর্কীয় জ্ঞান লাভ কৰিব পাৰি । প্রাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিয়েই পৃথিৱীৰ কিছুমান অঞ্চল প্রধানকৈ কৃষি আৰু আন কিছুমান অঞ্চল উদ্যোগ অঞ্চল হিচাপে গঢ় লৈ উঠে । এখন মহাদেশ , দেশ বা ৰাজ্যৰ সামগ্রিক অৱস্থাৰ বিষয়ে জানিবলৈ হ’লে প্রাকৃতিক আৰু মানৱ পৰিৱেশৰ প্ৰতিটো উপাদান আৰু সিহঁতৰ মাজত থকা সম্পর্ক গুৰুত্ব সহকাৰে অধ্যয়ন কৰাটো জৰুৰী ।
প্রাকৃতিক পৰিৱেশৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি পৃথিৱীত কেইবাটাও প্রাকৃতিক অঞ্চল চিনাক্ত কৰা হয় আৰু একো – একোটা প্রাকৃতিক অঞ্চলৰ প্ৰাকৃতিক আৰু আর্থ সামাজিক বৈশিষ্ট্যসমূহৰ ভৌগােলিক অধ্যয়নৰ জৰিয়তে বিভিন্ন উন্নয়নমূলক আঁচনি প্রস্তুত কৰা হয় । প্ৰতিটো প্রাকৃতিক অঞ্চলে ভিন্ন ভৌগােলিক উপাদানেৰে ভৰি থাকে আৰু পৃথিৱীৰ আঞ্চলিক ভূগােল সম্পর্কীয় জ্ঞান লাভ কৰিবলৈ হ’লে প্রাকৃতিক অঞ্চল অধ্যয়নৰ অধিক গুৰুত্ব আছে । ভিন্ন প্রাকৃতিক অঞ্চলৰ জলবায়ু , উষ্ণতা , বৃষ্টিপাত , তুষাৰপাত আদিৰ তাৰতম্য দেখা যায় । প্রাকৃতিক অঞ্চল অধ্যয়নৰ জৰিয়তে , অঞ্চলভেদে থকা উপাদানসমূহৰ তাৰতম্যৰ কথা সহজে গম পাব পাৰি আৰু এটা সিদ্ধান্তত উপনীত হ’ব পাৰি ।
প্রশ্ন ৭। পৃথিৱীৰ প্ৰতিটো প্রাকৃতিক অঞ্চলৰ ভূ – প্রাকৃতিক পৰিৱেশ সম্পর্কে লিখা ।
উত্তৰঃ পৃথিৱীৰ প্ৰতিটো প্রাকৃতিক অঞ্চলৰ ভূ – প্রাকৃতিক পৰিৱেশ সম্পর্কে তলত আলােচনা কৰা হ’ল-
( ক ) নিৰক্ষীয় প্রাকৃতিক অঞ্চলৰ জলবায়ু উষ্ণ আৰু আর্দ্র । এই অঞ্চলটোত সূর্যৰ ৰশ্মি লম্বভাৱে পৰে বাবে গ্রীষ্ম – শীতকালৰ তাৰতম্য নিচেই কম হয় । এই অঞ্চলত গড় উত্তাপৰ পৰিমাণ ২৭° ছেলছিয়াচ আৰু বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ২০০ ছেণ্টিমিটাৰ । অঞ্চলটো চিৰসেউজীয়া ডাঠ অৰণ্য আৰু সৰু সৰু জোপােহা বনৰে পৰিপূর্ণ ।
( খ ) মৌচুমী অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হৈছে ঋতু পৰিৱৰ্তন , অর্থাৎ উষ্ণ আৰু আর্দ্র গ্রীষ্মকাল আৰু ঠাণ্ডা তথা শুকান শীতকাল । গ্রীষ্মকাল আৰু শীতকালৰ মাজত উত্তাপৰ পার্থক্য ১৫° ছেলছিয়াচ আৰু বছৰ বৃষ্টিপাতৰ পৰিমাণ গড়ে ২০০ ছেণ্টিমিটাৰ । এই অঞ্চলত ঋতু পৰিৱর্তনৰ লগে লগে বৰষুণৰ তাৰতম্য ঘটে , সেয়ে এনে অঞ্চলত অধিক পৰিমাণে পর্ণপাতী উদ্ভিদ দেখা যায় ।
( গ ) ক্রান্তীয় তৃণভূমি অঞ্চলৰ জলবায়ুৰ প্রধান বৈশিষ্ট্য হৈছে উষ্ণ আৰু চুটি গ্রীষ্মকাল আৰু শুকান তথা দীঘল শীতকাল । এনে অঞ্চলত দৈনিক আৰু ঋতুভেদে উষ্ণতাৰ তাৰতম্য অধিক হয় । এই অঞ্চলত বছৰি বৰষুণৰ পৰিমাণ মধ্যমীয়া , অর্থাৎ ২৫ ৰ পৰা ১০০ ছেণ্টিমিটাৰ পর্যন্ত, আৰু ইয়াত ওখ ঘাঁহ জাতীয় উদ্ভিদ দেখা যায় ।
( ঘ ) ক্রান্তয়ী উষ্ণ মৰু অঞ্চলৰ জলবায়ু সদায়েই উষ্ণ আৰু শুকান হয় । আৰু তাত দিন আৰু ৰাতিৰ উষ্ণতাৰ তাৰতম্য বেছি । গ্রীষ্মকালত দিনৰ ভাগত উত্তাপ ৪৫° ছেলছিয়াচলৈ বৃদ্ধি পায় । এই অঞ্চলত বছৰি গড় বৰষুণৰ পৰিমাণ ২০-২৫ ছেণ্টিমিটাৰ । মৰু অঞ্চলত বৰষুণৰ অভাৱত কেৱল চুটি ঘাঁহ আৰু কাঁইটীয়া উদ্ভিদ জন্মে ।
( ঙ ) ভূমধ্য সাগৰীয় অঞ্চলৰ ভূ – প্রাকৃতিক পৰিৱেশ এয়ে যে ইয়াত গ্রীষ্মকাল উষ্ণ আৰু শুকান , আৰু শীতকাল ঠাণ্ডা আৰু সেমেকা । এই অঞ্চলত শীতকালত বৰষুণ হয় , গােটেই বছৰটোৰ গড় উচ্চতা ৮ ৰ পৰা ২৫° ছেলছিয়াচৰ ভিতৰত থাকে আৰু বছৰি বৰষুণৰ পৰিমাণ ২৫-৭৫ ছেণ্টিমিটাৰ । এই অঞ্চলত চিৰসেউজীয়া চুটি গছ – গছনি আৰু জোপােহা বননি দেখা যায় ।
( চ ) মধ্য অক্ষাংশৰ মৰু অঞ্চলৰ চাৰিওফালে উচ্চ পর্বতে আগুৰি আছে । এই অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম আৰু মহাদেশীয় অৱস্থানৰ বাবে ইয়াত গ্রীষ্মকাল আৰু শীতকালৰ মাজত উষ্ণতাৰ পার্থক্য অধিক হয় । এই অঞ্চলত শীতকালি কিছু পৰিমাণে তুষাৰপাত হয় ।
( ছ ) মধ্য অক্ষাংশৰ নাতিশীতােষ্ণ অঞ্চলত ঠাণ্ডা – গৰমৰ প্রকোপ কম । ইয়াত গ্রীষ্মকালৰ উত্তাপ গড়ে ১৫° ছেলছিয়াচ আৰু শীতকালত ৫° ৰ পৰা ১০° ছেলছিয়াচ । বছৰি গড় বৃষ্টিপাতৰ পৰিমাণ ৭৫ ৰ পৰা ১৫০ ছেণ্টিমিটাৰৰ ভিতৰত থাকে । এই অঞ্চলৰ শীতকাল অতি শুকান হয় । বৃষ্টিপাতৰ তাৰতম্য অনুসৰি ইয়াত ভিন্ন প্ৰকাৰৰ প্রাকৃতিক উদ্ভিদ দেখা যায় ।
( জ ) মধ্য অক্ষাংশৰ তৃণভূমি অঞ্চলত গ্রীষ্মকাল আৰু শীতকালৰ মাজত পার্থক্য অধিক আৰু এই অঞ্চলত গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয় । বৰষুণৰ অভাৱ আৰু শীতৰ প্রকোপৰ বাবে এই অঞ্চলত গছ – গছনিৰ সংখ্যা নিচেই কম । জৈৱ পদাৰ্থৰ প্রাচুর্যতাৰ বাবে এই অঞ্চলৰ মাটি ভাগ সাৰুৱা ।
( ঝ ) শীতল সৰলবর্গীয় অৰণ্য অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা । এই অঞ্চলত গ্রীষ্মকালত উত্তাপ গড়ে ১৫° ছেলছিয়াচলৈ বৃদ্ধি পায় আৰু শীতকালত উষ্ণতা হ্রাস পােৱাৰ ফলত বৰফ পৰে । এই অঞ্চলত গ্রীষ্মকালত কিছু পৰিমাণে বৰষুণ হয় আৰু শীতল তথা শুকান জলবায়ুৰ বাবে ইয়াত চিৰসেউজীয়া সৰলবর্গীয় অৰণ্য পােৱা যায় ।
( ঞ ) শীতল মেৰু অঞ্চলৰ জলবায়ুৰ বৈশিষ্ট্য হৈছে অতিপাত ঠাণ্ডা জলবায়ু । এই অঞ্চলৰ গ্রীষ্মকাল চুটি আৰু শীতকাল দীঘলীয়া আৰু গ্রীষ্মকালত দিনৰ ভাগৰ উষ্ণতা ০-১০° ছেলছিয়াচৰ ভিতৰত থাকে আৰু শীতকালত উষ্ণতা –১৮° ছেলছিয়াচলৈ হ্রাস পায় । এই অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম আৰু শীতকালত প্ৰচুৰ তুষাৰপাত হয় ।
( ট ) উচ্চ পর্বত্য অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ পৰ্বতৰ ঢাল ভেদে ভিন্ন হয় । অধিক উচ্চতাত থকা শৃংগবােৰ উষ্ণতা কম হােৱা বাবে সদায়ে বৰফেৰে ঢাক খাই থাকে । এই অঞ্চলত উচ্চতা আৰু ঢালৰ পৰিৱর্তনৰ বাবে অতি কম দূৰত্বৰ ভিতৰত বেলেগ বেলেগ জলবায়ু পৰিলক্ষিত হয় ।