Class 9 Social Science Political Lesson 3 অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
অতি চমু উত্তৰৰ প্ৰশ্ন :
প্রশ্ন : – (১) অৰ্থনীতি শব্দটো কোনটো ভাষাৰ শব্দৰ পৰা অনা হৈছে ?
উত্তৰঃ – অৰ্থনীতি শব্দটো গ্ৰীক ভাষাৰ শব্দৰ পৰা অনা হৈছে ।
প্ৰশ্ন : – (২) অৰ্থনীতি শব্দটো কোনটো শব্দৰ পৰা লোৱা হৈছে ?
উত্তৰঃ – অৰ্থনীতি শব্দটো গ্ৰীক শব্দ ‘ Oikonomia ‘ ৰ পৰা লোৱা হৈছে ।
প্ৰশ্ন :- (৩) অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন ?
উত্তৰঃ – এডাম স্মিথক অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হৈছে ।
প্ৰশ্ন : – (৪) অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
উত্তৰঃ- অৰ্থবিজ্ঞানৰ সম্পদ ভিত্তিক সংজ্ঞাটো এডাম স্মিথে আগবঢ়াইছিল ।
প্ৰশ্ন :- (৫) অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
উত্তৰঃ- অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো আলফ্ৰেড মাৰ্ছেলে আগবঢ়াইছিল ।
প্ৰশ্ন :- (৬) অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
উত্তৰঃ – অৰ্থবিজ্ঞানৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞাটো ৰবিন্সে আগবঢ়াইছিল ।
প্ৰশ্ন : – (৭) এডাম স্মিথে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ – এডাম স্মিথে ১৭৭৬ চনত প্ৰকাশিত গ্ৰন্থ An Enquiry into the Nature and Causes of the Wealth of Nations অত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল ।
প্ৰশ্ন : – (৮) আলফ্ৰেড মাৰ্ছেলে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ – আলফ্ৰেড মাৰ্ছেলে ১৮৯০ চনত Principles of Economics গ্ৰন্থত অৰ্থবিজ্ঞানৰ সংজ্ঞাটো আগবঢ়াইছিল ।
প্ৰশ্ন : – (৯) লায়‘নেল ৰবিন্সে কোনখন গ্ৰন্থত আৰু কেতিয়া অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ – অৰ্থনীতিত লায়’নেল ৰবিন্সে ১৯৩২ চনত তেখেতৰ “An Essay on the nature and singificance of Economic science ” গ্ৰন্থত তেখেতৰ অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ।
প্রশ্ন : – (১০) এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কোনে কৈছিল ?
উত্তৰঃ – সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে এডাম স্মিথৰ সংজ্ঞাটোক যক্ষৰ বাণী বুলি কৈছিল ।
প্ৰশ্ন : – (১১) দক্ষতাৰ ওপৰত গুৰুত্ব দি কোনে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ?
উত্তৰঃ – দক্ষতাৰ ওপৰত গুৰুত্ব দি ছেমুৱেল আৰু নৰ্দহাছে অৰ্থনীতিৰ সংজ্ঞা আগবঢ়াইছিল ।
প্ৰশ্ন : – (১২) কোনো বস্তুৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বুলি কোৱা হয় ?
উত্তৰঃ – কোনো বস্তুৱে মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক উপযোগিতা বুলি কোৱা হয় ।
প্রশ্ন : – (১৩) উৎপাদনৰ উৎপাদিত আহিলাক কি বুলি কোৱা হয় ?
উত্তৰঃ- উৎপাদনৰ উৎপাদিত আহিলাক মূলধন বুলি কোৱা হয় ।
প্ৰশ্ন :- (১৪) ‘Micro’ আৰু ‘Macro’ শব্দ দুটা কোন দুটা শব্দৰ পৰা লোৱা হৈছে ?
উত্তৰঃ- ‘Micro’ আৰু ‘Macro’ শব্দ দুটা গ্ৰীক শব্দ Mikros আৰু Makros ৰ পৰা লোৱা হৈছে ।
চমু উত্তৰৰ প্ৰশ্ন :
প্ৰশ্ন :- (১) এডাম স্মিথৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ- অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ স্মিথৰ সংজ্ঞা অনুসৰি অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান । এই সংজ্ঞাটোক সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা হয় ।
প্ৰশ্ন :- (২) মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ- মাৰ্ছেলৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি । ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ণ কৰে , যিটো অংশ পাৰ্থিক কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰত সৈতে ঘনিষ্ঠভাৱে জড়িত ।
প্ৰশ্ন :- (৩) ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ- লায়’নেল ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – যি বিজ্ঞানে মানুহৰ আচৰণৰ মানুহৰ অপৰিসীম আশা (লক্ষ্য) আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ (উপায়) মাজৰ সম্পৰ্ক হিচাপে অধ্যয়ন কৰে সিয়েই অৰ্থনীতি ।
প্ৰশ্ন :- (৪) ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা ।
উত্তৰঃ- ছেমুৱেলছন আৰু নৰ্দহাছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো হ’ল – দুপ্ৰাপ্যতাৰ বাস্তৱিকতা স্বিকাৰ কৰি লৈ সম্পদ ৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱেই হ’ল অৰ্থনীতিৰ মূল বিষয় ।
প্ৰশ্ন :- (৫) ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা কেইটা কি কি ?
উত্তৰঃ- ৰবিন্সৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটোৰ মৌলিক ধাৰণা তিনিটা হৈছে –
(১) মানুহৰ অভাৱ অসীম ।
(২) অভাৱ পুৰণৰ উপায় বা আহিলাসমূহ সীমিত ।
(৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য ।
প্ৰশ্ন :- (৬) ব্যষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে ?
উত্তৰঃ- অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত ব্যক্তি বা ব্যক্তিগত প্ৰতিষ্ঠানৰ অৰ্থনৈতিক আচৰণসমূহ গাইগোটিয়াকৈ আলোচনা কৰা হয় সেই পদ্ধতিকে ব্যষ্টিবাদী অৰ্থবিজ্ঞান বোলে ।
প্ৰশ্ন :- (৭) সমষ্টিবাদী অৰ্থবিজ্ঞান কাক বোলে ?
উত্তৰঃ- অৰ্থবিজ্ঞানৰ যিটো পদ্ধতিত এখন দেশৰ অৰ্থনৈতিক সামগ্ৰীক আচৰণ অৰ্থাৎ সকলোবোৰ ভোক্তা , উপভোক্তা আদিৰ ক্ষেত্ৰত বিস্তৃতভাৱে আলোচনা কৰে সেই পদ্ধতিকে সমষ্টিবাদী অৰ্থবিজ্ঞান বোলে ।
প্ৰশ্ন :- (৮) আৰ্থিক বস্তু আৰু অনাআৰ্থিক বস্তুৰ পাৰ্থক্য লিখা ।
উত্তৰঃ- আৰ্থিক বস্তু আৰু অনাআৰ্থিক বস্তুৰ পাৰ্থক্য হ‘ল –
(১) আৰ্থিক বস্তুৰ যোগান চাহিদাতকৈ সীমিত আনহাতে অনাআৰ্থিক বস্তু যোগান চাহিদাতকৈ বেছি ।
(২) আৰ্থিক বস্তুবোৰ প্ৰকৃতিৰ মুক্ত দান নহয় আনহাতে অনাআৰ্থিক বস্তুবিলাক প্ৰকৃতিৰ মুক্তদান ।
(৩) আৰ্থিক বস্তুৰ দৰ বা দাম থাকে কিন্তু অনাআৰ্থিক বস্তুৰ দৰ বা দাম নাথাকে ।
প্ৰশ্ন :- (৯) ৰাষ্ট্ৰীয় আয় কাক বোলে ?
উত্তৰঃ- এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষত যি প্ৰস্তুত দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰা মূল্যই হৈছে ৰাষ্ট্ৰীয় আয় ।
প্ৰশ্ন :- (১০) জনমুৰি আয়ৰ সূত্ৰটো লিখা ।
উত্তৰঃ- এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ যায় তাকে দেশখনৰ জনমুৰি আয় বুলি কোৱা হয় । জনমূৰী আয় = ৰাষ্ট্ৰীয় আয় / দেশৰ মুঠ জনসংখ্যা ।
প্ৰশ্ন :- (১) অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা উদাহৰণ সহ ব্যাখ্যা কৰা ।
উত্তৰঃ- বহুকেইটা কাৰণত অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে । তাৰে কেইটামান তলত উল্লেখ কৰা হ‘ল –
(১) বস্তু বা সামগ্ৰী : সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অপৰিহাৰ্য । এগৰাকী কাৰদাতাই নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে আৰু কিদৰে ব্যয় কৰে । ব্যয় কৰোতে কি নীতি মানি চলা হয় সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি । এগৰাকী সংগঠকে গভীৰভাৱে দেশৰ দৰিদ্ৰতাৰ কাৰনসমূহৰ ফঁহিয়াই চাব বিচাৰিব । এই ক্ষেত্ৰত তেখেতে বুজি পাব যে সমস্যাটোৰ বহুতো কাৰণ অৰ্থনৈতিক । সচেতন গ্ৰাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সা – সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কৰণবোৰ কি ? বিশ্বায়ন বা গোলকীকৰণ কি ? ইয়াৰ সুফল আৰু কুফলবোৰ কি কি ? অৰ্থনৈতিক বিকাশ কি ?
(২) উপযোগিতা : উপযোগীতা হৈছে কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা । বস্তুৰ উপযোগিতা নিৰ্ধাৰণত অৰ্থ বিজ্ঞানে সহায় কৰে ।
(৩) সম্পদ : অৰ্থনীতিত কোনো বস্তু সম্পদ বুলি ধৰা হয় যেতিয়া সেই বস্তুৰ উপযোগিতা , অপ্ৰাচুৰতা বা দুৰ্লভতা , হস্তান্তৰযোগ্যতা আৰু বাহ্যিকতা – এই চাৰিটা বৈশিষ্ট্য বা গুণ থাকে ।
(৪)চাহিদা : এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয় । এই ক্ষেত্ৰত উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা ভোক্তাজনৰ থাকিব লাগে । চাহিদা নিৰ্ধাৰণ অৰ্থ বিজ্ঞানৰ অংগ ।(৫) বজাৰ : অৰ্থবিজ্ঞানত বজাৰ বুলি ক’লে এনে এটা ব্যৱস্থাক বুজায় য’ত এক নিৰ্দিষ্ট দৰত কোনো এটা বস্তুৰ গ্ৰাহক ( ক্ৰেতা ) আৰু বিক্রেতাৰ মাজত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কিনা – বেচা হয় । যেনে – গুৱাহাটীৰ ফাচী , বজাৰ , শ্বপিং মল , ষ্টক বজাৰ , অনলাইন বজাৰ আদি ।
(৬) মূলধৰ : উৎপাদনৰ উপায় বা আহিলাকে মূলধন বুলি কোৱা হয় ।উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয় যিবোৰ পুনৰ উৎপাদন কামত ব্যৱহাৰ কৰিব পাৰি । যেনে – খাদ্যশস্য উৎপাদনৰ বাবে এডৰা মাটি মূলধন ।
(৭) সঞ্চয় : আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাকে সঞ্চয় বুলি কোৱা হয় । সঞ্চয় হৈছে মূলধনৰ আহিলা ।
(৮) বিনিয়োগ : কোনো মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলে । মূলধন হৈছে এক মজুত ধাৰণা আৰু বিনিয়োগ হ’ল এক প্ৰবাহ ধাৰণা । ওপৰত সকলোবোৰ বিষয় অৰ্থ বিজ্ঞানৰ অন্তৰ্গত ।
প্ৰশ্ন : – (২) অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ বেছি গ্রহণযোগ্য আৰু কিয় ! ব্যাখ্যা কৰা ।
উত্তৰঃ – অৰ্থবিজ্ঞানৰ আটাইতকৈ বেছি গ্ৰহণযোগ্য সংজ্ঞাটো হ’ল লায়’নেল ৰবিন্সৰ সংজ্ঞা ।
(১) মানুহৰ অভাৱ অসীম ।
(২) অভাৱ পূৰণৰ উপায় বা আহিলাসমূহ সীমিত ।
(৩) সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য । এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যাৰ সৃষ্টি হয় । বিকল্পভাৱে ব্যৱহাৰযোগী সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণত অধিক গুৰুত্ব দিব সিয়ে অৰ্থনৈতিক সমস্যা বা পছন্দৰ সমস্যা সৃষ্টি কৰে । ৰবিন্সৰ সংজ্ঞাক নাটনি সংজ্ঞা বুলিও কোৱা হয় ।
ৰবিন্সৰ সংজ্ঞাটো সমালোচনাৰ ঊৰ্ধত নহয় । সমালোচনা সকলৰ মতে পছন্দৰ সমস্যাতকৈ বৰ্তমান কালৰ অর্থনৈতিক উন্নয়নৰ সমস্যাহে অধিক গুৰুত্বপূৰ্ণ । ৰবিন্সৰ সংজ্ঞা এই ক্ষেত্ৰত নিমাত যদিও এই সংজ্ঞাই অধিক গ্রহণযোগ্য কিয়নো পছন্দৰ সমস্যাই বৰ্তমানেও অৰ্থনৈতিক প্ৰধান গুৰুত্ব পাই আছে ।

